‘বেণ্ডিট কুইন’ খ্যাত ফুলন দেৱীয়ে ২০০১ চনত ডুবাইৰ এখন সভাত প্ৰদান কৰা বক্তৃতা
মূল- হিন্দী
অনুবাদঃ লিজা বৰা
আজি সংস্থাৰ তৰফৰ পৰা উপস্থিত মাননীয় আব্বু হাচমি ,আদিম ভাই, শ্বায়েৰ ভাই আৰু উপস্থিত
ভাই -ভনী সকল; মই কেৱল হিন্দী ভাষাহে জানো৷ আনবোৰ ভাষা
ভালকৈ নাজানো৷ মোক দিল্লীৰ পৰা আমন্ত্ৰণ কৰি, সংস্থাৰ তৰফৰ পৰা ইমানখিনি সন্মান দিয়াৰ বাবে ধন্যবাদ৷
আমাৰ আব্বু হাচমি চাহাবৰ পিতৃয়ে দুখীয়া,শোষিত সকলৰ হকে
যথেষ্ট কাম কৰিছিল আৰু আজি তেওঁৰ নামতেই এক ট্ৰাষ্ট গঠন কৰা হৈছে৷ যেনেদৰে নিয়াদ আহমদজীয়ে দুখীয়া সকলক সহায় কৰিছিল, তেনেকৈয়ে তেওঁৰ পুত্ৰ আব্বু হাচমিয়ে তেওঁৰ নামত এক ট্ৰাষ্ট গঠন কৰি তেওঁৰ পথ অনুসৰণ কৰাৰ সংকল্প লৈছে৷ আৰু বাস্তৱিকতেই
তেওঁলোকক সহায় কৰিছে৷ মই প্ৰায়ে বোম্বেলৈ অহা-যোৱা কৰি থাকো আৰু তাৰ লোকসকলৰ সহায়ৰ
বাবেও মই আব্বু হাচমিলৈ চিঠি লিখোঁ৷ মানুহ তেওঁৰ ওচৰলৈ কান্দি কান্দি আহে আৰু হাঁহি
হাঁহি উভতি যায়৷ আজি গুজৰাটত ধুমুহা, ভূমিকম্পত যি সকলৰ মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়ালৰ সহায়ৰ বাবে ইয়ালৈ আপোনালোকক আমন্ত্ৰণ কৰি বহুত ডাঙৰ কাম কৰিছে৷
আনকি তালৈ নিজেই গৈওঁ তেওঁ যি পাৰে সহায় কৰিব৷ মোৰ দৰে নাৰীক আজি ইয়াত উপস্থিত থাকিবলৈ
সুযোগ দিয়াৰ বাবে মই আব্বু হাচমি ভাইক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ৷
ভাই -ভনী সকল, মোৰো এটা ইতিহাস আছে৷
মই কওঁনে?
মই এই যুগৰ সমস্যা সমূহে সৃষ্টি কৰা এগৰাকী মহিলা৷ মই জনা নাছিলো
যে মোৰ নাম ফুলন দেৱী যদিও মানুহে মোক বেন্দিত কুইন বুলি কয়৷ মই জনা নাছিলোঁ যে ইমান
সংঘৰ্ষ কৰাৰ পিছতো মই জীয়াই থাকিম, আপোনালোকৰ মাজত উপস্থিত থকাৰ সুযোগ পাম, ইমান মান -সন্মান পাম৷ চাৰি বছৰ মই জংঘলত কটালোঁ৷ আপোনালোকে নিশ্চয় জানে যে আমাৰ
ভাৰতবৰ্ষত (কোৱা অনুচিত যদিও এই সুযোগতে মোৰ ক্ষেত্ৰত কি হৈছিল ক’বলৈ বিচাৰিম) জমিদাৰ সকল, চহকী লোক সকল আৰু বিশেষকৈ উচ্চ জাতিৰ লোক সকলে (জাতৰ কথা ক’লে ক’ব ডুবাইত গৈ জাতত ধৰি
গালি দিছে) আমাৰ দৰে দুখীয়া, দলিত, বঞ্চিত, শোষিত সকলক সামান্য
কীট -পতঙ্গৰ দৰে ব্যৱহাৰ কৰে৷ মানুহ বুলি গণ্য নকৰে৷ আৰু সেয়ে মই তেওঁলোকক স্পষ্ট কৰি
দিলোঁ যে , আমিও মানুহ ৷ আমাক যদি তোমালোকে মাৰা
তেন্তে আমিও নিশ্চুপ হৈ ৰৈ নাথাকোঁ৷
বহু সময়ত ময়ো আত্মহত্যা কৰিম বুলি সিদ্ধান্ত লৈ পেলাইছিলোঁ। অৱশেষত উপলব্ধি কৰিলোঁ যে দৈনিক হাজাৰ হাজাৰ নাৰীৰ মৃত্যু হৈ আছে ৷ পৰিৱৰ্তন
কিন্তু একো হোৱা নাই৷ মানুহে কয় ফুলন দেৱী ডকাইত৷ ডকাইত ফুলন দেৱী৷ মই কি আপোনালোকতৈ
বেলেগ নেকি? মোৰ হাত চাৰিখন নেকি? মোক “চম্বল ঘাটিৰ” বুলিৰ কয়৷ কিন্তু চম্বল ঘাটি মোৰ পিতৃ-মাতৃ নেকি? মোকো মা -দেউতায়েই জন্ম দিছে৷ কিন্তু মোৰ দোষ এয়াই যে মই জুপুৰিত
জন্ম হ’লোঁ, দুখীয়াৰ সমাজত জন্ম
হ’লো৷ সেয়ে মোৰ কি জীয়াই থকাৰ অধিকাৰ নাই?
ভাই-ভনী সকল, মই একো বেয়া কাম কৰা
নাই৷ যি সকলে মোৰ অপকাৰ কৰিছিল, সমাজত ভালদৰে জীয়াই
থাকিবলৈ দিয়া নাছিল মই সেই সকলৰহে বিৰুদ্ধে৷ ভাল বেয়া যিবোৰ হৈ গ’ল এই সকলোবোৰে এটাই শিক্ষা দিয়ে যে মোৰ দৰে বাই -ভনী,বোৱাৰী সকলক অত্যাচাৰ কৰিলে যিকোনো মহিলাই নিজৰ ঘৰৰ পৰা ওলাই
আহি নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ ময়দানত থিয় দিব৷
ভাই -ভনী সকল, মোক ডকাইত ঘোষণা কৰা
হ’ল৷ আৰু মই যেতিয়া নিৰ্বাচনত অংশ ল’লোঁ তেতিয়া সকলোৱে ভাষণত মাত্ৰ এটা কথাই যে মই ডকাইত৷ কওঁকচোন
, মই বাৰু দেখিবলৈ ডকাইতৰ দৰে নেকি? ডকাইত মানে কি? তোমালোকে মোক অত্যাচাৰ কৰিলা ,মোক লুন্ঠন কৰিলা৷ আচলতে ডকাইত সেইসকল যি আমাৰ দৰে মহিলাক শোষণ ,অত্যাচাৰ কৰে৷ ভাই -ভনী সকল, চাৰি বছৰ মই জংঘলতে থাকিলোঁ ৷ এঘাৰ বছৰ মই জেইলত থাকিলোঁ৷ জেইলত মোক মানসিক বিকাৰগ্ৰস্ত
মহিলা সকলৰ সৈতে থাকিবলৈ দিয়া হৈছিল৷ এঘাৰ বছৰ জেইলত থকাৰ অন্তত ন্যায়ালয়ত হাজিৰ হ’বলৈ দিয়া হোৱা নাছিল৷ আৰু যেতিয়া মোক জেইলৰ পৰা মুকলি কৰি দিয়া
হৈছিল তেতিয়া সকলো আতংকিত হৈছিল এইবুলি, “ইমান ডাঙৰ ডকাইতক এৰি দিলে৷ বহুত অন্যায় হ’ল !”
কেৱল আপোনালোকৰ মৰম আৰ্শীবাদ আছিল মোলৈ৷ অলপ উপৰৱালাৰো দোৱা আছিল৷ সেইবাবেই আজি আপোনালোকৰ মাজত থিয় হৈ থাকিবলৈ
সক্ষম হৈছোঁ৷ আৰু বেছি একো নকওঁ ৷ ইয়াত আজি একগোট হৈ বহি থকা সকললৈও মোৰ ভক্তি যাঁচিলোঁ৷
আমাৰ আব্বু ভায়েয়ো বহুত কাম কৰিছে৷ আপোনালোকলৈ এয়ে নিবেদন যে আমাৰ ভাই আব্বুজীক সম্পূৰ্ণ সহযোগিতা কৰক যাতে তেওঁ আৰু আগবাঢ়িব পাৰে
৷ মোৰ দৰে দুখীয়া ,অবলা নাৰীক সহায় কৰিব
পাৰে৷
মোৰ ভাই-ভনী সকল আপোনালোকলৈ মই ধন্যবাদ যাঁচিলোঁ ৷লগতে আব্বুজীকো ধন্যবাদ যাঁচিলোঁ
মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে, সন্মান দিয়াৰ বাবে৷
ফুলন দেৱীৰ চমু পৰিচয়ঃ সততে নাৰী প্ৰগতি, নাৰী সুৰক্ষাৰ কথা কওঁতে ফুলন দেৱীৰ উদাহৰণ দিয়া হয়। তেওঁ আছিল এগৰাকী শক্তিশালী নাৰীৰ উৎকৃষ্ট উদাহৰণ৷ ফুলন দেৱীৰ
জন্ম হৈছিল ১৯৬৩ চনত উত্তৰ প্ৰদেশৰ এটা অতিকৈ দুখীয়া পৰিয়ালত৷ ফুলন দেৱী বাল্য বিবাহৰ বলি হৈছিল আৰু তেওঁৰ বৈবাহিক জীৱনো আছিল যথেষ্ট কন্টকময়৷
বহুবাৰ তেওঁ গণ ধৰ্ষণৰ চিকাৰ হৈছিল৷ কম বয়সতে তেওঁৰ এটা ডকাইতৰ দলত যোগ দান কৰিছিল।
ডকাইতৰ দলত যোগ কৰাৰ পিছত তেওঁআৰু এঘাৰ বছৰ কাৰাবাসৰ অন্তত ভাৰতীয় ৰাজনীতিত
খোজ পেলাইছিল৷ তেওঁ এগৰাকী ভাৰতীয় সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল৷ ৰাজনীতিবিদ হিচাপে তেওঁ যথেষ্ট সুখ্যাতি লাভ
কৰিছিল ৷ আৰু অৱশেষত, ২০০১ চনত আততায়ীৰ হাতত
প্ৰাণ হেৰুৱাইছিল ।
সংযোগঃ ১৯৯৪ চনত পৰিচালক শেখৰ কাপোৰে ফুলন দেৱীৰ
সংগ্ৰামী জীৱনক লৈ ‘Bandit Queen’ নামৰ এখন চিনেমা নিৰ্মান কৰিছিল
।এই চিনেমা খনে কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে।
1 Comments
লিজা ধুনীয়াকৈ অনুবাদ কৰিছা, ভাল লাগিল।
ReplyDelete