মহ
মূল গল্পকাৰ ঃ প্রেমেন্দ্ৰ
মিত্ৰ
অনুবাদ ঃ অংকিনী বৰা
গল্পটোৰ আগতে কম নে গল্পটো যাৰ মুখেৰে শুনিছিলোঁ তেওঁৰ কথা আগতে কম একেবাৰে
ঠিক কৰিব পৰা নাই। কিন্তু গল্পটোৰ লগত ঘনশ্যামদা চমুকৈ ঘনদা ইমান বেছিকৈ জড়িত যে
তেওঁৰ পৰিচয় নিদিলে গল্পটোৰ ৰস আধামান কমি যাব। সেয়ে বোধকৰোঁ ঘনদাৰ পৰিচয়ৰে আৰম্ভ
কৰা বেছি ভাল হব।
ঘনদাৰ শুকান উবান ,
বাঁহৰ জেং যেন দেহাটো চাই তেওঁৰ বয়স
অনুমান কৰাটো একেবাৰেই অসম্ভৱ। পঁইত্ৰিশ পৰা পঞ্চাছৰ ভিতৰত যিকোনো বয়সেই হব পাৰে। ঘনদাক সুধিলেও তেওঁৰ সেই
হাঁহিটো মাৰি কয় বোলে দুনীয়াভৰ তাহলদাৰি কৰি ঘুৰি ফুৰোতে
বয়সৰ হিচাপ ৰখাই সময় নহল। এইবুলি কৈ তেওঁ যি গল্প আৰম্ভ কৰে সেইটোও আকৌ চিপাহী
বিদ্ৰোহ বা ৰুছ জাপানৰ প্ৰথম যুদ্ধৰ সময়ৰ। সেইকাৰণে আমি আজিকালি ঘন দাৰ বয়সৰ
অনুমান কৰা বাদেই দিছো। মাত্ৰ এইটো মানি লৈছো যে যোৱা দুশ বছৰত পৃথিৱীত এনে কোনো
ঘটনা হোৱা নাই যাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বা এনে কোনো ঠাই নাই যলৈ তেওঁ যোৱা
নাই।
কেইবা বছৰো হল,
তেওঁ কি কৃপা কৰি আমাৰ গলিটোৰ সৰু
মেছটোত আহি থাকিবলৈ লৈছে সেইটো ঠিক কব নোৱাৰি। আমাৰ আড্ডাত যে তেওঁ আহি বহে সেইটোও
তেওঁৰ অসীম কৰুণা বুলিয়েই কব পাৰি। অৱশ্যে মাজে মাজে,
তেওঁ ভয় দেখুৱাই যে তেওঁ ইয়াৰ পৰা বস্তু-বাহানী লৈ একেবাৰে
গুচি যাবগৈ, পাছে সেইয়াও মাহৰ শেষত মেছৰ খৰছৰ হিচাব কৰাৰ সময়তহে। বুজি-বাজি, আৰু হতাশ হৈয়ে আজিকালি আমি তেওঁক খৰছৰ
কথা কবলৈ বাদেই দিছো। ঘনদা আমাৰ আড্ডাত চিগাৰেট হুপি হুপি আটাইতকৈ আৰামদায়ক
ঠাইখিনি ধ্যানস্থ মুনিৰ দৰে বহি থাকে আৰু হঠাৎ কৰি আমাৰ কোনো কথাত উচ্চস্বৰে
হাঁহিবলৈ ধৰে।
অপ্ৰস্তুত হৈ যেতিয়া আমি তেওঁৰ ফালে চাওঁ
, তেওঁ
অলপ লৰি-চৰি চিগাৰেটত এটা দীঘল
হোপা দি ঈষৎ বিদ্রুপেৰে সোধে -" কি কথা পাতি থকা হৈছে বানপানীৰ?"
আমিও লাজ লাজকৈ স্বীকাৰ কৰো যে দামোদৰৰ
বানৰ কথা অলপ আলোচনা হৈছিল। কিন্তু ঘনদাই আমাৰ ফালে এনে কৰুণা মিশ্ৰিত দৃষ্টিৰে চাই যে,
আমাৰ ভাব হয় যেন দামোদৰৰ বানত উটি যোৱাই
হলে ভাল আছিল চাগৈ। তাৰ পাছত আমাক আৰু লাজত পেলাই আমাক সোধে,
"টাইডেল ৱেভ কাক
কয় জান’ ?
দেখিছ সমুদ্ৰৰ জলচ্ছাস বোলা সেই প্ৰলয়ৰ
ঢৌ কেতিয়াবা ?"
আমিও সংকুচিত ভাবে স্বীকাৰ কৰোঁ যে নামটো শুনিলেও বস্তুটোৰ সম্পৰ্কে আমাৰ কোনো
বাস্তৱ অভিজ্ঞতা নাই।
তাৰ পাছত ঘনদায়ে তেওঁৰ ৰহস্যময় হাঁহিটো মাৰি আৰম্ভ কৰে "কেনেকৈ থাকিব!
তেতিয়াহলে শুন , সেইসময়ত মুক্তাৰ ব্যৱসায় কৰিবৰ বাবে মই তাহিতি দ্বীপত গৈ
আছিলো ..."
ঘনদাৰ সেই সুদীৰ্ঘ গল্পৰ পৰা জনা যায় যে কেনেকৈ এনেকুৱা এটা টাইদৰ মাজেৰে তেওঁ
এক বেলাতে তাহিতি দ্বীপৰ পৰা ফিজি দ্বীপ গৈ পাইছিলগৈ।
এই গল্প শুনাৰ পাছত আমাৰ কি অৱস্থা হয় সেইয়া কোৱাই বাহুল্য। যেন দিন দুপৰতে
সূৰ্যৰ সমুখৰ টিপ চাকিহে ।
সেয়ে ঘনদাৰ ভয়ত আমি খুব সাৱধানেৰে কথা বতৰা কওঁ। কিন্তু যিমানেই সাৱধান হৈ কথা নাপাতো কিয় ,
ঘনদাৰ হাতত আমাৰ নিস্তাৰ নাই। প্ৰতিটো
কথাতে তেওঁ টেক্কা মাৰি যায়। হয়তো কোনোবাই কথাই কথাই কলে,
আজিকালি অনেকৰে চকুত চশমা,
সকলোৰে চকু বেয়া হৈ গৈছে। ঘনদাই তেওঁৰ
মাৰ্কা মৰা হাঁহিটোৰে একেকোবেই উঠেগৈ এণ্ডিজ পৰ্বতৰ চূড়াত,
পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইৰ কণ্ডৰ শগুণৰ
বাহ বিচাৰি।
"হা,
চকুৰ জোৰ দেখিছিলো সেই সময়ত! এণ্ডিজ
পৰ্বতৰ ওপৰত বাট হেৰুৱাই পেলাইছো, ঠাণ্ডাত শৰীৰ প্ৰায় গোট মৰা যেন অৱস্থা,
লগত এজন আৰ্জেন্টাইন চিকাৰী আৰু বোৰোৰু
জাতিৰ চাৰে ছয় ফুট ওখ এজন ৰেড ইণ্ডিয়ান গাইড। সন্ধ্যা হও হও,
আৰু অলপ সময়ৰ ভিতৰত বাট বিচাৰি নাপালে
ৰাতি পৰ্বতৰ ওপৰতে বৰফত পোত গৈ মৰিব লাগিব। এনে সময়তে আমাৰ সন্মুখৰ চূড়াৰ আগত থকা
মেঘ খিনি অলপ ফাঁক হৈ গল,কিন্তু বাৰ হাজাৰ ফুট ওপৰৰ পৰা সেই ফাঁকেৰে কি দেখা যাব!!
বোৰোৰু জাতিৰ তীক্ষ্ণ চকুৰ কথাটো আৰু তেতিয়া জনা নাছিলো। পাছে মেঘ খিনি অলপ আঁতৰি
যোৱাত হাত দুটা দূৰবীনৰ দৰে কৰি চকুৰ আগত ৰাখি সেই ফাঁকটোৰে অলপ সময় চাই ৰেড
ইণ্ডিয়ান গাইদটোৱে কলে, বাচ এতিয়া আৰু ভয় নাই। অবাক হৈয়ে সুধিলোঁ,
বোলো ভয় টো নায়েই ,
পাছে তুমি কি দেখা পালা ?
সি হাঁহি কলে ‘‘কিয় তলত চিকাৰীৰ তম্বু দেখা গৈছে ,
বৰ ডাঙৰ এটা কুকুৰ লৈ ৰঙা কোট পিন্ধা এজন
চিকাৰী এইমাত্ৰ তম্বুত সোমাল।'শুনি মইতো অবাক।”
ঘনদাৰ কথা শুনি আমি তাতোকৈও অবাক হৈ কলো, "বাৰ হাজাৰ ফুট ওপৰৰ পৰা ৰঙা ৰঙৰ কোটটো
কেনেকৈ দেখা পালে !!!"
"আৰে , সেইটো নহলে চকুৰ জোৰ আকৌ কিহৰ! শগুণৰ চকু
কেনেকুৱা জান ? শগুণে দুই মাইল ওপৰৰ পৰা মৰা শ দেখা পাই। এই বোৰোৰু চিকাৰীৰ
চকু তেনেকুৱাই।"
ইমানখিনিলৈকে শুনিয়েই আমি ইতিমধ্যে নিৰ্বাক হৈ গৈছিলোয়েই।
আজিকালি প্ৰায়ে নিৰ্বাক হৈয়ে থকা যায়। কিন্তু সেইদিনা কি কাৰণে জানো ম'হৰ প্ৰসংগ উঠিছিল !! ঘনদাও বোধ হৈ আহি
পোৱা নাছিল তেতিয়ালৈকে, সেয়ে আমাৰ ইমান সাহস। তাৰোপৰি ভাবিছিলো,
সামান্য মহৰ বাবে ঘনদায়ে নিজৰ কামান
নাডাঙিব চাগে।
কিন্ত আমাৰ ভুল ভাঙোতে বেছি দেৰি নালাগিল। বিপিনে তেতিয়া তাঁহাতৰ গাৱত কি ধৰণে মহ মৰাৰ ব্যৱস্থা হৈছে ,তাৰ বিষয়ে কৈ আছিল। হঠাৎ দৰ্জাৰ মুখত ঘনদা।
"কি কথা হৈছে হে ?
"
আমিও অত্যন্ত সংকুচিত হৈ কলো, "না, এনেকুৱা একো নাই,
এই মহ মৰাৰ কথা পাতি আছিলো "
বিপিনে লৰালৰি কৰি আৰামি চকি খন ঘনদাৰ কাৰণে এৰি দিলে। ঘনদা তাত আৰামেৰে বহি,
শিশিৰৰ পৰা চিগাৰেট এটা লৈ আৰম্ভ কৰিলে
..."ও , মহ"
আমিও অলপ আশ্বস্ত হলো, হওকতেও ঘনদাক মহে বৰকৈ আকৃষ্ট কৰিব পৰা নাই । কিন্তু পাছ মুহূৰ্ততে
বোমা ফুটিল- যেই সেই বোমা নহয়, একেবাৰে আণৱিক!
" ও, মাৰিছিলো এবাৰ এটা মহ। "
আমি স্তম্ভিত! ঘনদায়ে মহকো এৰি নিদিয়াৰ বাবে নহয়,
আমি স্তম্ভিত তেওঁৰ এই বিনয়ৰ বাবেহে।
মহেই যদি মাৰিব লাগে , তেতিয়া হলে ঘনদাই মাত্ৰ এটা মহ মাৰিব ,
এইটো কল্পনাৰো অতীত!!
শিশিৰে সাহস কৰি সুধিয়েই পেলালে " মাত্ৰ এটা মহ মাৰিছিল !!"
" অ' , জীৱনত মাত্ৰ এটা মহেই মাৰিছো। আমাক হতবাক
কৰি ঘনদাই কবলৈ আৰম্ভ কৰিলে , "মাৰিছোও ১৯৩৯ চনৰ ৫ আগষ্টত,
চাখালীন দ্বীপত!!"
আমি ফেল ফেল কৰি তেওঁৰ ফালে চাই থকা দেখি অকণমান সময় মনে মনে থাকি আকৌ কবলৈ
ধৰিলে, "সখালীন দ্বীপৰ নাম নাই শুনা ? দ্বীপটো জাপানৰ উত্তৰত উত্তৰা দক্ষিণনাকৈ দীঘলে আছে। দক্ষিণ
দিশত আছে জাপান আৰু উত্তৰ দিশত আছে ৰাছিয়া। সেই দ্বীপতে আম্বাৰ সংগ্ৰহ কৰা
কোম্পানী এটাত মই কাম কৰি আছিলো। এনে পাণ্ডৱ বৰ্জিত ঠাই আন ঠাইত আছে বুলি সন্দেহ
আছে। বছৰৰ আধা মুষলধাৰে বৰষুণ হৈ আজি বাকী খিনি সময় বৰফেৰে পোতগৈ থাকে। কোনোৰকমে
অলপ মান দামী আম্বাৰ সংগ্ৰহ কৰাৰ পাছত দ্বিতীয়বাৰ সেইফালে মুৰ কৰাৰ মন নাছিল।
কিন্তু বিধিৰ বিপাকত আমাৰ কোম্পানীৰ তানলিন নামৰ চীনা মজদুৰ এটা ৰাতিপুৱা হঠাৎ
নিৰুদ্দেশ হল আৰু তাৰ লগত এই পৰ্যন্ত যিমান সংগ্ৰহ কৰা সকলো আম্বাৰ।
সখালীন দ্বীপটো বৰ সৰু সুৰা নহয়, বেছি ভাগ ঠাই দুৰ্গম জংঘল আৰু পাহাৰে
আৱৰা। এই অগম্য দ্বীপটোত কাৰোবাক বিচাৰি উলিওৱা সহজ নহয়। অৱশ্যে এটা আশাৰ কথা আছিল
যে, এই
মূল্যবান আম্বেৰ লৈ দ্বীপটোত লুকাই থাকি কাৰোৰে একো লাভ নহয়। সেইবোৰ বেচিবৰ বাবে যিকোনো
সভ্য দেশলৈ যাব লাগিবই আৰু এপ্ৰিলৰ পৰা অক্টোবৰৰ মাজভাগলৈকে সাখালীন দ্বীপৰ পৰা
কৰবালৈ যাবলৈ হলে আলেকজ্যানদ্ৰোভছক পৰা ব্লাডিভছলৈ ষ্টীমাৰেদি যোৱাৰ বাহিৰে আন
কোনো উপায় নাই। অক্টোবৰৰ পৰা অৱশ্যে সমুদ্র গোট মাৰি বৰফ হোৱাৰ পাছত কুকুৰে টনা
শ্লেজ ব্যৱহাৰ কৰিব পাৰি। সেয়ে প্ৰধান ষ্টীমাৰ ঘাটত কাঢ়া নজৰ ৰাখিলে অক্টোবৰৰ আগতে
চোৰ সাখালীন দ্বীপৰ পৰা পলাই সাৰিব নোৱাৰে আৰু আমিও তাক বিচাৰিবলৈ বাবে
অক্টোবৰলৈকে সময় পাই যাম।
ৰেডিঅ'ত
আলেকজ্যানদ্ৰোভছৰ পুলিচক সকলো জনাই মই আৰু কেম্পৰ ডাক্টৰ মি. মাৰ্টিনৰ লগত দুজন
কুলি লৈ তানলিনক বিচাৰি বাহিৰ হলো। পৰ্বতে কান্দৰে ঘূৰি ফুৰি প্ৰায় হতাশ হোৱাৰ
সময়তে ভাগ্যক্ৰমে এটা ইঙ্গিত পাই গলো।
টীয়াৰা পাহাৰৰ কাষত সন্ধিয়া আমি তম্বু তাৰিছিলো। সেইদিনাই সাখালীন দ্বীপত থকা
আদিম গিলিয়াক জাতিৰ এক চিকাৰীৰ ৰাতিপুৱা এটা খবৰ পাইছিলো যে এজন চীনালোকক সেইখণ্ডত
দেখা পোৱা গৈছে।কিন্তু সেই সময়লৈকে সেই কথাত বিশ্বাস কৰিব পৰাকৈ কোনো প্ৰমাণ পোৱা
নাছিলো।
ৰাতি তম্বুত শুৱাটোও একৰকমে অসম্ভৱ। সাখালীন দ্বীপত ডাঙৰ হিংস্ৰ জন্তুৰ ভিতৰত
ভালুকৰ বাদে আন একো নাই আৰু এই ভালুকেও সাধাৰণতে মানুহক আক্ৰমণ নকৰে। কিন্তু ইয়াত
থকা মহ আৰু মাখিয়ে যিকোনো হিংস্ৰ জন্তুকো চেৰ পেলাব পাৰে। মহৰ প্ৰকোপত শুব নোৱাৰি
মই আৰু মাৰ্টিনে কথা পাতি থাকোতেই মোৰ চকুত এটা আচৰিত বস্তু পৰিল। মাৰ্টিনলৈ চাই
দেখিলো তেৱো একমনে সেইফালে চাই আছে। দূৰত এটা উজ্জ্বল পোহৰ। মাৰ্টিনে অবাক হৈ
সুধিলে, ' জনশূন্য
ঠাইত ইমান পোহৰ আহিল কৰ পৰা , কিবা ভূতৰ কাৰবাৰ নিকি !!'
মই অলপমান লক্ষ্য কৰি কলো,
ওহোঁ, ভূতৰ কাৰবাৰটো হব নালাগে। হয়তো দূৰৰ
পাহাৰৰ ফালে এটা ঘৰ আছে আৰু পোহাৰটো তাৰ পৰাই আহিছে। কিন্তু আচৰিত কথাটো এই যে
ইয়াত চখ কৰি ঘৰ সাজিবলৈ আহিব কোন !! গিলিয়াক ,ওৰুক বা টুংচুক জাতিৰ অসভ্য চিকাৰীক বাদ
দি ইয়ালৈ কোনো নাহে।
পোহৰটোৰ সম্পৰ্কে কৌতূহল যিমানেই নহওক কিয় আমি ৰাতিপুৱাৰ পৰ্যন্ত অপেক্ষা কৰাৰ
সিদ্ধান্তই লৈছিলো। কিন্তু সেই মুহূৰ্ততে হঠাৎ এটা চিঞৰে ৰাতিৰ নিস্তব্ধতা ভাঙি
দিলে। মাৰ্টিন আৰু মই এবাৰ ইজনে সিজনৰ মুখলৈ চালো আৰু এটাও শব্দ উচ্চাৰণ নকৰাকৈ
হাতত টৰ্চলৈ পোহৰ আৰু শব্দটোক অনুসৰণ কৰি বাহিৰ হলো, অৱশ্যে দুয়োজনেই কঁকালত পিষ্টল বান্ধি
লবলৈ পাহৰা নাছিলো।
সেই যে পাহাৰৰ টিলাটোৰ সিফালৰ পৰা পোহৰ অহা দেখা গৈছিল,
সেইয়া বেছি দূৰত নাছিল মাত্ৰ তিনিশ গজ
মান যোৱাৰ পাছতেই এটা ঘৰৰ খিড়িকিৰে উজ্জ্বল পোহৰ ওলোৱা দেখা গল।
পাছে আশ্চৰ্যৰ কথা এইটোৱেই যে, যি দিক বিদিক চূৰ্ণ কৰা চিঞৰক অনুসৰণ কৰি
আমি গৈছিলো সেইটো আৰু দ্বিতীয় বাৰৰ বাবে শুনা নগল। চাৰিওদিশ ইমানেই নিস্তব্ধ আছিল
যে, দুয়োজনে
একেলগে নুশুনা হলে আমি কাণেৰে কিবা ভুল শুনা বুলিহে ভাবিলোহেঁতেন ।
ফোঁপাই জোপাই ঘৰটোৰ কাষ পোৱাৰ পাছত হে আমাৰ চিন্তা হল,
এতিয়া কৰা যায় কি !! অপৰিচিত ঠাই খনত
হঠাৎ ঘৰটোত সোমোৱাটো মুঠেই সুবিধাজনক নহয় আৰু ইমান দূৰ আহি ঘূৰি যোৱাটোও সম্ভৱ
নহয়। সাত পাছ গুণি পোহৰ অহা খিৰিকীখনেৰে এবাৰ জুপি চালো,
মস্ত ডাঙৰ এটা কোঠা ,
মিউজিয়াম বোৰ দেখাত যেনে ,
তেনে। কোঠাটোৰ প্ৰায় মাজভাগত এখন কাচেৰে
ঘেৰা টেবুল। টেবুলত কি আছে সেইয়াও দেখা নাযায়। মানুহ দুনুহও নাই। তাৰ পৰা আহি দৰ্জা খন খুলি চাওঁ বুলি ঠিক
হাত দিছোঁহে, তেনেতে পিছফালৰ পৰা এটা সৰু অথচ তীক্ষ্ণ মাতে ইংৰাজীতে এটা
আদেশ দিলে, 'মৰাৰ
মন নাই যদি হাত দাং।'
উচপ খাই উভটি চাই দেখোঁ , এজন লোকে হাতত উদ্যত পিষ্টল লৈ আমাৰ ফালে চাই থিয় হৈ আছে।
তেওঁৰ পাছ ফালে যমদূত হেন চেহেৰাৰ আন এজন প্ৰহৰি, তেওঁৰ হাততটো পিষ্টল।
পৰিস্থিতি প্ৰায় নাটকৰ দৰে জমি উঠিছিলেই , পাছত পৰস্পৰে পৰস্পৰৰ পৰিচয় পাই সকলো ঠিক
হৈ গল।জানিব পাৰিলোঁ, যিজন লোকে আমাক পিষ্টল দেখুৱাই হাত তোলাৰ আদেশ দিছিল,
তেওঁ জাপানী কীটতত্ত্ববিদ নিশিমাৰা ।
তেওঁ সাখালীন দ্বীপত কিটপতঙ্গৰ বিষয়ে গৱেষণা কৰাৰ বাবে ঘাটি পাতি বহিছেহি। আমি কি
কামৰ বাবে তেওঁৰ ঘৰৰ কাষলৈ আহিছিলো জানিব পাৰি তেওঁ আমাৰ ওচৰত তেওঁৰ ব্যৱহাৰৰ বাবে
ক্ষমা খুজি তেওঁৰ কাম কাজ চাই যাবৰ বাবে অনুৰোধ কৰিলে। লগতে এইটোও আশ্বাস দিলে যে,
এইখণ্ড প্ৰায় তেওঁৰ হাতৰ মুঠিত আৰু তেওঁৰ
চীনা মানুহজনক ধৰাত আমাক সহায় কৰি দিব।
তেওঁৰ কথা খিনি যে সঁচা সেইয়া একদিন পাৰ নহওতেই আমি বুজি উঠিলো। পাছ দিনা
ৰাতিপুৱা নিশিমাৰাই তেওঁৰ গৱেষণাগাৰটোত আমাক অনেক কিছুই দেখুৱালে। সাধাৰণ কীট-পতঙ্গৰ গৱেষণা যে তেওঁ কৰা নাই সেইয়া তেওঁৰ গৱেষণাগাৰ দেখিলেই বুজা যায়। অকল
পৰ্যবেক্ষণ নহয়, পতঙ্গৰ লালন পালন আৰু পৰিবৰ্ধন কৰাৰ বাবেও বিভিন্ন ৰাসায়নিক
আৰু বৈদ্যুতিক উপকৰণো তেওঁৰ বিশাল লেবৰেটৰিত আছে।
সকলোবোৰ সুৰ পাছত এটা সময়ত মাৰ্টিনে তেওঁক সুধিলে,
'পোক মকৰাৰ ভিতৰত বোধহয় মহেই আপোনাৰ
গৱেষণাৰ প্ৰধান বিষয়। '
নিশিমাৰাই অলপ হাঁহি কলে, 'তাত আচৰিত হব লগা কি আছে, মানুহৰ কাৰণে মহেই আটাইতকৈ ডাঙৰ শত্ৰু।
এই সাখালীন দ্বীপৰ পৰা আৰম্ভ কৰি পুৰা পৃথিৱীতে প্ৰতিদিনে মেলেৰিয়া বিয়পাই মহে
কিমান ক্ষতি কৰিছে ডাক্তৰ হিচাপে নিশ্চয় আপোনাৰ অজানা নহয়। '
মাৰ্টিনে কলে, 'কিন্তু আপোনাৰ গৱেষণাগাৰটো দেখি লাগিছে যেন মহক লালন পালন
কৰাই আপোনাৰ আচল কাম।এনেদৰে মেলেৰীয়া কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি বুজি নাপালো। '
নিশিমাৰাই আকৌ হাঁহি কলে, ' অকল মহ মাৰি নহয়, মহে যাতে মেলেৰীয়াৰ বীজাণু বহন কৰিব
নোৱাৰে সেইটো কৰিব খুজিছো , যাতে মেলেৰীয়াৰ সমস্যাটো অলপ বেলেগ ধৰণে সমাধান কৰিব পাৰো।'
আমাক অলপ অবাক হোৱা দেখি তেওঁ কলে,
' মহে কেনেদৰে
বেমাৰৰ বীজাণু বিয়পাই আপোনালোকে নিশ্চয় জানেই । তাৰ মুখ খন ডাক্তৰৰ যন্ত্ৰৰ বক্স
বুলিয়েই কব পাৰি। গাৰ ওপৰত বহি প্ৰথমতে এটা যন্ত্ৰৰে গাৰ ছাল ফুটা কৰে,
তাৰ পাছত আন এটা যন্ত্ৰই তাত লালতি লগাই
আমাৰ তেজৰ চাপ যাতে বাঢ়ি নাযায় তাৰ ব্যৱস্থা কৰে। ইয়াৰ পাছত তৃতীয় যন্ত্ৰই নলীৰে
আমাৰ তেজ শুহি লয়। আমাৰ শৰীৰত যে বেমাৰৰ বীজাণু সোমাই সেইয়া তাৰ লালতিৰ পৰা। মোহৰ
জন্মৰ পাছত যদি কেনেবাকৈ তাৰ লালতিত ৰাসায়নিক পৰিৱৰ্তন কৰি দিব পাৰি যাতে বিষাক্ত
মেলেৰীয়াৰ বীজাণু তাৰ দেহত বাচিবই নোৱাৰে, তেতিয়াহলে হাজাৰ মহে কামুৰিলেও আমাৰ ভয়
নাই। মই মোৰ গৱেষণাত মোহৰ লালতিৰ পৰিবৰ্তনতে সেই কাম কৰিবলৈ চাই আছো।'
বিশ্বাস কৰা নকৰাটো পাছৰ কথা , কিন্তু আমি নিশিমাৰাৰ কথাৰ প্ৰতিবাদ
নকৰিলো। তেওঁ গোটেই গৱেষণাগাৰটো তেতিয়াও ৰহস্যময় যেন বোধ হৈয়েই আছিল। আগৰ নিশাৰ
সেই চিৎকাৰৰ কথা পাহৰিব পৰা নাছিলো। নিশিমাৰাক সোধোতেও তেওঁ কোনো বনৰীয়া জন্তুৰ
চিঞৰ বুলি কথাটো উৰাই দিছিল, কিন্তু মোৰ লাগিছিল যেন তেওঁ কিবা এটা গোপন কৰিছিল।
সেই গোপন ৰহস্যটো কি সেই দিনা নিশাই অৱশ্যে গম পালো। নিশিমাৰাই আমাৰ
যত্ন-আতিথ্যৰ কোনো ক্ৰুটি কৰা নাছিল। ৰাতিৰ খোৱা বোৱা কৰাৰ পাছত আমাৰ দিয়া কোঠাটোত
শুই থাকোতে হঠাৎ মাৰ্টিনে কৈ উঠিল, 'শুই থাকি কি হব! বলক অলপ মান ফুৰি আহো।'
তেওঁৰ কথাত ৰাজী হৈ বাহিৰ হও বুলি আহি
দেখোঁ , আমাৰ
কোঠাৰ দৰ্জা বাহিৰৰ পৰা বন্ধ !!
'ইয়াৰ অৰ্থ ?' মি মাৰ্টিনে অত্যন্ত চিন্তিত ভাবে মোলৈ
চাই সুধিলে।
সঠিককে ধৰিব নোৱাৰিলে এই কথাৰ অন্তৰালত
যে কোনো চয়তানী মতলাব আছে তাৰ আৰু কোনো সন্দেহ নাই।
কিন্তু ইমান সহজে জানো আমি হাৰ মানিম! চাদৰ
কাষত এটা সৰু ভেণ্টিলেটৰ আছিল। কোনোৰকমে তাৰ পাল্লা ভাঙি আমি দুয়োজনে সেইফালেৰে
বাহিৰ ওলালো।
ঘোপমৰা আন্ধাৰ ৰাতি। মাত্ৰ নিশিমাৰাৰ গৱেষণাগাৰৰ পৰা পোহৰ ওলোৱা দেখা গৈছে।
সন্তপৰ্ণে সেই ঘৰটোৰ পাছফালে গৈ খিৰিকী এখনৰ ওচৰ পাওঁতেই আকৌ কালিৰ ৰাতি শুনাৰ দৰে
এটা চিঞৰ শুনা পালো। সেই চিঞৰ শুনাৰ লগে লগে আমি খিৰিকীৰে কোঠাটোৰ ভিতৰত সোমাই
পৰিলো। কিন্তু এইটো কি কথা !!! যাৰ সন্ধানত আমি বাহিৰ হৈছিলো,
সেই তানলিনে এখন মেজৰ ওপৰত বাগৰি বাগৰি
যন্ত্ৰণাত চটফটাইছে। তাৰ একাষে কালি দেখা যমদুতৰ দৰে চেহেৰাৰ প্ৰহৰীজন আৰু আন ফালে
এটা কাচৰ নলীৰ দৰে বস্তু হাতত লৈ স্বয়ং নিশিমাৰা।
'কথাটো কি নিশিমাৰা ? ' বেছ উত্তেজিত হৈয়েই সুধিলো। আমাক দেখি খং
ৰাগ বিস্ময় ৰ কোবত অলপ পৰ নিশিমাৰাৰ মুখেৰে একো শব্দই ওলোৱা নাছিল। তাৰ পাছত বহুত
কষ্ট কৰি নিজকে চম্ভালি তেওঁ কলে, 'আমাৰ আতিথেয়তাৰ অলপ বেছিয়েই সুবিধা লৈছে নিকি আপোনালোকে !
এই কোঠাটোলৈ আহিবলৈ আপোনাক কোনে অনুমতি দিলে ?
'কোনেও দিয়া নাই, এতিয়া কওক ইয়াত হৈছে কি?
'
নিশিমাৰাই অদ্ভুত ভাবে হাঁহি কলে, যি হৈছে হয়তো দেখা পাইছেই । এই লোকজনক
সাপে কামুৰিছে আৰু তাৰে চিকিৎসা কৰিছো।
মাৰ্টিনে তানলিনক পৰীক্ষা কৰি কঠিন স্বৰে সুধিলে,
'এই মানুহজন টো মৰি গৈছে,
আৰু এওক কামোৰা নাই। কওক কি কৰিছে এওঁক ?
'
'কি কৰিছো জানিবৰ মন আছে ? ' নিশিমাৰাই কেতিয়া যে পিষ্টল এটা উলিয়াই
হাতত মোলৈ গমেই পোৱা নাছিলো। সেইটো আমাক লক্ষ্য কৰি উঠাই তেওঁ কলে,
' ঠিক আছে তেনেহলে,
সেইটো কথাই কওঁ তেতিয়া হলে,
শুনক। পৃথিৱীৰ সকলোতকৈ আচৰিত আবিষ্কাৰৰ
কথা শুনি মৰাৰ সৌভাগ্য আপোনালোকৰে হওক। আপোনালোকৰ তানলিন কোনো সাপৰ কামোৰত মৰা
নাই। মাৰিছে মহৰ কামোৰত .. সামান্য এটা মহৰ কামোৰত।
তীক্ষ্ণ আৰু উচ্চ অট্টহাস্যৰে আমাক আচৰিত কৰি নিশিমাৰাই আকৌ কবলৈ আৰম্ভ কৰিলে,
'বিশ্বাস কৰিব পৰা নাই নহয় কথাটো,
ৰব এতিয়াই হাতে হাতে প্ৰমাণ দি আছো।
কিন্তু তাৰ আগতে বেলেগ এটা কথা শুনক। মহৰ লালতিৰ ৰাসায়নিক পৰিবৰ্তনৰ কথা কৈছিলো যে
, মনত
নিশ্চয় আছে ? সেই পৰিৱৰ্তন মই সচাকৈয়ে কৰিছো। কণীৰ পৰা ওলোৱাৰ পাছত
যেতিয়া মহ বোৰ পানীৰ পোকৰ নিচিনা হৈ থাকে, তেতিয়াৰ পৰাই বিভিন্ন প্ৰক্ৰিয়াৰে মহৰ
লালতিৰ এনেকুৱা পৰিৱৰ্তন কৰিছো যে মহৰ লেলাৱটি সাপৰ বিষতকৈও মাৰাত্মক হৈ উঠিছে।
কালি ৰাতি যে এটা চিঞৰ শুনিছিল , সেইয়াও আন এজনৰ ওপৰত এই মহৰ কামোৰৰ পৰীক্ষা কৰাৰে ফল।
তানলিনৰ অৱস্থাটো নিজ চকুৰে দেখিছেই.. এইবাৰ আপোনালোকৰ পাল।'
ইতিমধ্যে নিশিমাৰাৰ ইঙ্গিততে সেই যমদুতে মি মাৰ্টিনক ধৰি পেলাইছে। তেওঁৰ ফালে
আগুৱাই গৈ নিশিমাৰাই মাৰ্টিনক কলে, 'এই কাচৰ নলীটো দেখিছে ?
ইয়াৰ ভিতৰত এটা মাত্ৰ বিষাক্ত মহ সোমাই
আছে। কিন্তু এই এটা মহেই আপোনালোকৰ দৰে কেইবাজনক মৰাৰ বাবে যথেষ্ট। আপুনিটো
বিজ্ঞানৰ পীঠস্থান, সভ্য মার্কিন দেশৰ মানুহ, সেইকাৰণে আপোনালোক দুই বন্ধুৰ ভিতৰত
বিজ্ঞানৰ বাবে প্ৰাণ দি গৌৰৱান্বিত হোৱাৰ প্ৰথম সুবিধা আপোনাকে দিয়া যাওক। বেছি
একো কৰিব নালাগে পাছে, এই নলীটো এনেধৰণে তৈয়াৰী কৰা হৈছে যে,
নলীটোৰ মুখ খনেৰে কাৰোবাৰ গাত হেঁচা মাৰি
ধৰিলেই সন্মুখৰ ঢাকনি খন নিজে নিজে খোল খাই যায় আৰু ভিতৰত থকা হিংস্ৰ মহটোৱেও উৰি
আহি কামুৰি দিয়াত পলম নকৰে...'
সমস্ত মোৰ এনেদৰে ৰিমঝিম কৰিছিল , এনে লাগিছিল যেন থিয় হৈ থকাৰ শক্তি আৰু
নাই। কিন্তু তাৰ মাজতে চকুৰ পচাৰতে ঘূৰি নিশিমাৰাৰ মুখত এনে এটা ঘোঁচা সোধালো যে
নিশিমাৰা মেজৰ ওপৰত চিটিকি পৰিল আৰু লগে লগে তেওঁৰ হাতত থকা কাচৰ নালীটোও ভাঙি
চুৰমাৰ হৈ গল।
তাৰ পাছত যি ঘটনা ঘটিল সেইয়া বৰ্ণনা কৰা কঠিন। কল্পনা কৰ এটা বিষাক্ত মহ কাঁচৰ
নলীটোৰ পৰা ওলাই কোঠাতোৰ ভিতৰত ঘূৰি ফুৰিছে আৰু চাৰিজন মানুহ তাৰ কামোৰৰ পৰা বাচি
কোঠাটোৰ পৰা পলাবলৈ দৌৰি ফুৰিছে.. আৰু কোঠাটোৰ মাজৰ তানলিনৰ মৃতদেহ।
কোনোৰকম দৰ্জাৰ ওচৰ পাই দৰ্জাৰ খিলিটো খুলিব খোজোতেই সেই প্ৰহৰিটো প্ৰায় মোৰ
গাতে পৰিলহি।
বুজিলো আৰু আশা নাই। মহটো ঠিক মোৰ নাকৰ কাষৰ পৰা এবাৰ ঘূৰি গল। তাৰ পাছত হঠাতে
সেই বিশাল কাফ্ৰীটো পাঁচটা মান ৰেল ইঞ্জিনৰ দৰে শব্দ কৰি বাগৰি পৰিল। বুজিলো,
মহৰ দংশনৰ জ্বালা।
কিছু ভবাৰ আৰু সময় নাই। আকৌ উঠি পলাব খুজি উভতি চাই দেখোঁ,
নিশিমাৰাই মি. মাৰ্টিনক হেঁচা মাৰি পেলাই
দিছে আৰু মহটো তেওঁৰ মূৰৰ কাষত উৰি আছে। তাকে দেখি মই এটা টান মাৰি মি. মাৰ্টিনক
তাৰপৰা অলপ আঁতৰাই দিলোঁ। লগে লগে নিশিমাৰাৰ আৰ্তনাদ শুনা গল। মহটো ঠিক তেওঁৰ গালৰ
ওপৰত আহি বহিছেহি।
এইবাৰ আৰু একমুহূৰ্তও দেৰি নহল। মোৰ হাতৰ এটা প্ৰকাণ্ড থাপৰ পৰিল নিশিমাৰাৰ
গালত। মহ আৰু নিশিমাৰাৰ ইহলীলা একেলগেই শেষ হৈ গল। "
মহ মৰাৰ পৰিশ্ৰমৰ সকলো ভাগৰ এটা দীঘলীয়া নিশ্বাসত এৰি
ঘনাদাই কলে, " তাৰপাছত জীৱনত আৰু মহ মাৰিবলৈ মন যোৱা নাই।"
0 Comments