গল্পঃ কণ-চেপেনা


কণ-চেপেনা



মূলঃ চাদাত হাসান মান্টো
অনুবাদঃ সৃষ্টি শ্রেয়ম



তাইৰ নাম আছিল মায়া। চুটি-চাপৰকৈ মহিলা এগৰাকী। গোটেই মুখখন নোমেৰে ভৰাভোবোকাওপৰ ওঁঠৰ কাষে কাষেতো নোমবোৰ ইমান বেছিকৈ আছিল যে দেখিলে ভাব হৈছিল সেয়া নোম নহয়, আপোনাৰ-মোৰ দৰে মোচ একোছাহে! মূৰটো আছিল ঠিয়কৈ; সেইটোও এসোপা চুলিৰে ভৰাএই কাৰণেই তাই এটা সময়ত কণ-চেপেনাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল।
ৰাৱালপিণ্ডিৰ এটা সাধাৰণ পৰিয়ালত মায়াৰ জন্ম। যাৰ সতে তাই এটা যুগৰ আগতেই সম্পর্ক চিঙি আহিছিল। সেইঠাইৰ বিষয়ে মাত্র ইমানেই জনা যায় যে তাত থাকোঁতেই মায়াৰ বিয়া হৈ গৈছিল। তেতিয়া তাইৰ বয়স ষোলৰ ওচৰা ওচৰিকিন্তু বিয়াৰ দুবছৰ হওঁতে মায়াৰ স্বামীয়ে লাহে লাহে আৱিষ্কাৰ কৰিলে যে তাইৰ চাল-চলন বৰ সুবিধাজনক নহয়। চুবুৰিটোত তাই এজন নহয়, একে সময়তে তিনিজনকৈ মানুহৰ লগত প্রেমৰ সম্পর্ক ৰাখি চলিছিল।
আনহাতে এই দুর্বাৰ প্রেমৰ কালছোৱাত মায়াই উপলব্ধি কৰিলে যে  তাইৰ মূৰটো অস্বাভাৱিকভাৱে ওখ। তাই এয়াও গম পালে যে তাইৰ ওপৰৰ ওঁঠ আৰু থুতৰিত যিবোৰ নোম আছে সি তাইক বৰ কুৎসিত কৰি তোলে। সেয়ে তাই এডাল কণ-চেপেনা কিনি ল’লে আৰু এই অদৰকাৰী নোমবোৰ উঠাই পৰিষ্কাৰ কৰি পেলোৱাৰ অভিযানত নামি পৰিলকিন্তু এইখিনিতে এটা সমস্যাই দেখা দিলে। মায়াই ভাবিছিল যে এবাৰ গুৰিৰ পৰা উঘালিলেই নোমবোৰৰ পৰা তাই চিৰদিনলৈ অব্যাহতি পাব। সেই আশাৰে কণ-চেপেনাডালেৰে মূৰ, ওঁঠ আৰু থুতৰিৰ নোম উঠাবলৈ বেচেৰীয়ে বেচ কিছু পৰিশ্রম কৰিবলৈ ধৰিলেএডাল এডালকৈ খূটি খূটি নির্দিষ্ট চুলিডালক কণ-চেপেনাত তুলি লোৱা আৰু একে টানতে তাক উঘালি পেলোৱাটো সিমান সহজ কথা নাছিল। মায়াই কিন্তু  খুউব আথে-বেথে, খুউব ছন্দোময়তাৰে কামটো কৰি গৈছিল নিজে কৰিলেও, অজস্র কেঁচা নোম উভালাৰ যন্ত্রণাটোতো একেই! তাই ঠেৰেঙা লাগিছিল। অৱশেষত, বহু সময়ৰ মূৰত তাই স্বস্তিৰ নিশ্বাস এৰিলে- মুখৰ পৰা গোটেইখিনি নোম উঠোৱা হৈ গৈছিল পিচে তাইতো জনা নাছিল এইবোৰে যে দ্বিতীয় দিনাই সজোৰে মূৰ ডাঙি উঠিব! যেতিয়া পৰিষ্কাৰ মুখখনৰ কণমাণি চিদ্রৰে ইহঁতে আকৌ মূৰ ডাঙি উঠিলে, তাই মূৰে-কপালে হাত দি বহি পৰিল। এতিয়া প্রতি তৃতীয়, চতুর্থ দিনৰ অন্তৰে অন্তৰে এই অপ্রয়োজনীয় নোমবোৰ পৰিষ্কাৰ কৰাৰ বাহিৰে মায়াৰ হাতত অন্য উপায় নাছিললাহে লাহে কণ-চেপেনা ডাল মায়াৰ জীনৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰিল। তাই য’লৈকে গৈছিল, কণ-চেপেনাডালো লগত নিবলৈ ধৰিলে। অন্য কাৰোবাৰ ঘৰত এই কণ-চেপেনাডাল ব্যৱহাৰ কৰিবলৈ অৱশ্যে তাই খুউব সংকোচ বোধ কৰিছিল। নিজৰ ঘৰতো তাই সকলোৰে পৰা লুকাই লুকাই অকলশৰীয়া চুক এটাত সোমাইহে নোম উভালা কামটো কৰিছিল। সেই সময়ত তাই ইমান সাৱধান হৈ কাণ উনাই ৰৈছিল যে পাত এখনে খৰখৰাই উঠিলেও তাই চক খাই উঠিলহেতেনযেন গোপনে কিবা এটা অপৰাধ কৰাতহে মগন হৈ আছিল তাই!
“মান্টো চাহাব, মই এতিয়া ভাবোঁ--- তাই ছাগে এনেকুৱা কি পাপ কৰিছিল যাৰ শাস্তি হিচাপে আল্লাই তাইৰ মুখত সেই মোচ আৰু দাঢ়িবোৰ দিলে। আৰু তাইৰ মূৰটোও এনে ওখকৈ বনালে যে তাইৰ তালুখন গৈ সমুখৰ ফালে কপালৰ লগ লাগিছিল। তাইৰ গোটেই গাটোতে চুলি আছিল! নাজানো কিয়! বৰ আচৰিত লাগে; একেবাৰে সঁচা-সঁচি চুলি---দীঘল। নোমো নহয়! আপুনি নিশ্চয় সুধিব যে তেতিয়া হ’লেনো তাইৰ মাজত এনেকুৱা কি আছিল যে তাইৰ পিচত মই ইমানদিন বলিয়া হৈ থাকিলো......উস! ক’ব নোৱারোঁ...সেই কাৰণেই মোৰ ভাৱ হয় যে আচলতে মই তাইৰ বিষয়ে একোৱে নাজানো।”
শাকিলৰ ফালে চাই মই হাঁহিলো,
“আপুনি ইমান ডাঙৰ কবি; তাই কাষত থাকোঁতে আপুনি যিমান ধুনীয়া ধুনীয়া গান আৰু কবিতা লিখিলে- তাৰ প্রতিটো শব্দতে আমি মায়াক দেখা পাওঁআনকি তাই গুচি যোৱাৰ পিচতো আপুনি যিবোৰ বিষাক্ত, বিষাদ পূর্ণ কবিতা ৰচিলে তাতো মায়াৰ ছৱি স্পষ্টএতিয়া যদি আপুনি কি কাৰণে তাইক ভাল পাইছিল নাজানো বুলি কয়, মই বাৰু কিয় আচৰিত নহ’ম!”
শাকিলে কপালত ফুটি উঠা ঘামবোৰ পেঞ্চিল এডালেৰে একাষৰীয়াকৈ আঁতৰাই আনিলে।
“মায়া মায়াই! আল্লাৰ শপত, তাইনো কি আছিল, মই সঁচাকৈ কোনোদিনেই গম নাপালো। মোৰ কবিতাক আচলতে আপুনি তিৰস্কাৰহে কৰিব লাগে, কিয়নো সেয়া নিতান্তই আবেগিক। তাতো ছাগে মায়াৰ সেই বিশেষ আকর্ষণেই আছিল য’ত মই বিনা কাৰণত বলিয়া হৈ গৈছিলো। কিন্তু এটা কথা......”, শাকিল ক্ষন্তেক ৰ’ল তাৰ পাচত মোলৈ নোচোৱাকৈয়ে লাহেকৈ ক’লে , “...বিচনাত তাই বেচ ভাল আছিল!”
যিমানদূৰ মই অনুভৱ কৰোঁ, শাকিলৰ শেষৰ স্বীকাৰোক্তিটোত যথেষ্ট সত্যতা আছিল। দেখাত মায়া আছিল এজনী ছাল চেলোৱা মুৰ্গীৰ দৰেতাইৰ তুলনাত শাকিলৰ বিবাহিতা পত্নীয়ে আছিল চৌখিন আদৱ-কায়দাৰে পাঠানী সৌন্দর্যৰ এক অনুপম উদাহৰণহয়তো সেইকাৰণেই তেওঁ শাকিলৰ সন্তানৰ মাতৃ হোৱাৰ মর্যাদা লাভ কৰিছিল। পিচে হয়তো সঙ্গী হিচাপে বিচনাত তেওঁ যথেষ্ট ভাল নাছিল!
মায়া আছিল ইতিমধ্যেই বিবাহিতা। নিঃসন্তান। ৰাৱালপিণ্ডিতো তাইৰ অজস্র ‘ঘটনা’ ঘটিছিল অৱশ্যে ক’তো তাইৰ ল’ৰা-ছোৱালী হোৱা নাছিল। সময়ৰ লগে লগে মায়াৰ মূৰ, ওপৰৰ ওঁঠ আৰু থুতৰিত অতিৰিক্ত নোমবোৰ বাঢ়ি যাব ধৰিলেসমান্তৰালভাৱে কণ-চেপেনাডালৰ সৈতে তাইৰ যোগসূত্রও বাঢ়ি আহিল। ৰাৱালপিণ্ডিত যেতিয়া মায়াই তাইৰ ‘খেল’ আৰম্ভ কৰি দিলে উপায়ন্তৰ হৈ তাইৰ ভদ্র, মধ্যবিত্তীয় ব্যৱসায়ী স্বামীয়ে এদিন মায়াক ঘৰৰ বাহিৰ কৰি দিলেমায়ায়ো কোনো কাজিয়া-পেচাল বা প্রতিবাদ নকৰি চুপ-চাপ সেই সিদ্ধান্ত মানি লৈছিলমাত্র পৰৱর্তী দিনা তাই মাকৰ ঘৰৰ পৰা গিৰিয়েকলৈ এখন চিঠি পঠাইছিল। কণ-চেপেনাডাল বিচাৰি
মায়াৰ গিৰিয়েক গুণ্ডা সিঙে বৰ কষ্ট কৰি ঘৰটো চলাথ কৰা অন্তত কণ-চেপেনাডাল বিচাৰি পালে আৰু এখন আইনাৰে সৈতে মায়ালৈ সেইডাল পঠাই দিলে। মায়াৰ যি গহনা গাঁথৰি আছিল, সকলোবোৰ গিৰিয়েকৰ ঘৰতে থাকি আহিল। কিন্তু মায়াই কোনোদিনে কাৰো ওচৰত সেই বিষয়ে উল্লেখ নকৰিলে।
মায়াৰ অনুৰক্ত পুৰুষৰ অভাৱ নাছিল। সেয়ে স্বামী পৰিত্যক্তা হোৱাৰ দুদিন পিচতে তাই মুছলমান ঘড়ী মেকানিক এজনৰ লগত থাকিবলে গুচি গ’ল। মানুহটো তাইৰ কাৰণে প্রাণ দিবলৈও প্রস্তুত আছিল। এবছৰৰ ভিতৰতে সি তাইক আ-অলংকাৰেৰে পুতি পেলালে। এদিন তাৰ দোকানত ভাল কৰিবলৈ দিয়া অপূর্ব সুন্দৰ, দামী ঘড়ী এটা আনি সি মায়াক দি দিলে। পিচত ঘড়ীৰ আচল গ্রাহক আহি যেতিয়া বস্তু বিচাৰিলে, সি একে আষাৰে নাকচ কৰি ক’লে, “আপোনাৰ হয়তো ভুল হৈছে, এয়া চাহাবুদ্দিনৰ দোকান- ইয়াত কেতিয়াও একো খেলি মেলি নহয়”। ঘড়ীৰ মালিক এগৰাকী সম্ভ্রান্ত, ভদ্র মহিলা আছিল। তেওঁ তর্ক নকৰি নীৰৱে উভতি গ’ল। ইফালে চাহাবুদ্দিনে তাৰ বিবেকৰ খোঁচা-বিন্ধাক আওকান কৰি সুখী হৈ থকাৰ চেষ্টা কৰিলেকিন্তু দোকান বন্ধ কৰি যেতিয়া সি ঘৰ পালেগৈ, চাহাবুদ্দিনে গম পালে যে মায়া-যাক সি ‘সুগৰা’ নাম থৈ নিজৰ কৰি লৈছিল, তাই গৈ লম্পট প্রতিবেশীটোৰ ঘৰত সোমাই আছেগৈ এনেকৈ চাহাবুদ্দিন ঘড়ী মেকানিকৰ ঘৰৰ পৰাও মায়াই খেদা খালে। তায়ো সহজভাৱে প্রতিবেশী আমিনৰ ঘৰলৈ গুচি গ’ল। সামান্য কাজিয়া এখন হৈছিল। তাইৰ সব কাপোৰ-কাণি তাতে পৰি থাকিল; কিন্তু কণ-চেপেনাডাল নিবলৈ তাই নাপাহৰিলে।
কাপোৰত ৰং কৰা ব্যৱসায়ী আমিন এটা খাৰাংখাচ মানুহ আছিল। সি প্রথমেই মায়াক স্পষ্টভাবে ক’লে যে তাই যদি তাৰ লগতো আগৰ দৰে গণ্ডগোলবোৰ কৰে, সি কিন্তু তাইৰ ডিঙিত চুৰি বহোৱাইহে এৰিব। সি এনেও প্রতি মুহূৰ্ততে তাৰ জেপত এখন বৃহৎ চুৰি লৈ ফুৰিছিল। পিচে মায়াই তালৈ কেৰেপ কৰিলেহে! আমিনৰ এজন ল’ৰা মহাবিদ্যালয়ৰ ছাত্র আছিল। কম দিনতে মায়াই তাকো নিজৰ প্রতি আকৃষ্ট কৰি ল’লে। যেতিয়াই আমিন কামলৈ বুলি ঘৰৰ বাহিৰ ওলায়, তেতিয়াই এই ল’ৰাই কলেজৰ শ্রেণী এৰি ঘৰ সোমাবলৈ ধৰিলে। পিচে এদিনতো ধৰা পৰিব লগা আছিলেই! পিতা-পুত্রৰ মাজত ভয়ংকৰ কাজিয়া আৰম্ভ হ’ল। আমিনে পুতেকৰ পেটত চুৰি ভৰোৱাৰ উপক্রম হ’লত মায়াই বৰ সময়োপযোগী বুদ্ধিৰে দুয়োৰ মাজত মিটমাট কৰাই দিলে। অৱশ্যে তাৰ পিচত তায়ো পিন্ধি থকা কাপোৰ সাজেৰেই সেই স্থান ত্যাগ কৰিলে।
মই শুনা মতে মায়া গুচি যোৱাৰ পাচত বহুদিনলৈ আমিন উদা্স হৈ আছিল। বন্ধুবোৰৰ মাজতো সি মাথোঁ তাইৰে কথা পাতিছিল। হয়তো সেইসময়ত মায়াৰ সতে ঘপহকৈ সাক্ষাৎ হৈ যোৱা হ’লে সি তাইক কেতিয়াও এৰি নিদিলেহেতেনবেচেৰাই কাপোৰত ৰং কৰিবলৈ এৰি দিনৰ দিনটো শোকৰ নানা গান শুনি কটাবলৈ ধৰিলে। সদ্যহতে মায়াৰ বিষয়ে মই ইমানখিনিয়ে শুনিছিলো। তাৰ পিচতনো তাই ক’লৈ গ’ল, কি কৰিলে ইত্যাদি জানিবলৈ প্রৱল কৌতূহল অনুভৱ কৰিবলৈ ধৰিলো। শাকিলক সুধিলো,
“আমিনৰ পিচত মায়া কাৰ ওচৰলৈ গ’ল?”
শাকিলে খঙৰ মাজেৰেই হাঁহি এটা মাৰিলে।
“হুঁহ! কাৰ মানে? হাজাৰটাৰ ওচৰলে গ’ল। ট্রাক ড্রাইভাৰ হৰবংশ সিঙৰ ওচৰলে গ’ল, চিনেমা অপাৰেটাৰ মুকুন্দ লালৰ ওচৰলে গ’ল, স্টাৰ বেকাৰীৰ মালিক হুচেইন বক্স, অতিৰিক্ত যোগান ধৰোঁতা গুলাম মহম্মদৰ ওচৰলে গ’ল, দয়াল সিং কলেজৰ অধ্যাপক এটাৰ ওচৰলে গ’ল- এবছৰৰ ভিতৰতে এই গোটেইবোৰৰ ওচৰলে গ’ল তাইহাৰে- এটা বছৰতো আচলতে এই মহান নাৰীৰ কাৰণে বেছিহে আছিল!”
কথাষাৰ কৈ শাকিলে মোৰ ফালে বৰ গম্ভীৰ, মর্মভেদী চাৱনি এটা নিক্ষেপ কৰিলে।
“আপুনি জানেনে- প্রতিবাৰ, নতুন মানুহটোৰ ওচৰৰ পৰা আঁতৰি যাওঁতে প্রতিবাৰ তাই মানুহটোৰ নামত মাত্র এটা সৰু টোকা এৰি থৈ গৈছিল; যাতে সি তাইৰ কণ-চেপেনাডাল পঠাই দিয়ে
কণ-চেপেনা?!! শাকিলৰ কথা শুনি মই স্তম্ভিত হৈ গ’লো। চেপেনাডালত এনেকুৱা কি বিশেষত্ব আছিল যে মায়াই আন একো নিবিচাৰি বাৰে বাৰে মাত্র সেইডালকে ঘূৰাই দিবলে অনুৰোধ কৰিছিল! অৱধাৰিতভাবেই তেওঁক সুধিলো, চেপেনাডাল কেনেবাকৈ সোণৰ বা তাই বিয়াত অনা বিশেষ এডাল নাছিলতো? মোৰ প্রশ্ন শুনি শাকিলে মিচিকিয়াই হাঁহিলে। ক’লে,
“নহয়, এনেই সাধাৰণ কণ-চেপেনা এডাল; লোহাৰখুউব বেছি চাৰি অনা মান ল’ব ছাগে। কিন্তু চিৰদিনৰ কাৰণে সেইডাল মায়াৰ বন্ধুৰ নিচিনা হৈ পৰিল। মহাশয়াই কোনো পুৰুষক কেতিয়াও স্থায়ী সঙ্গী কৰিব নোৱাৰিলে, এডাল কণ-চেপেনাক জীৱন সঙ্গী বনাই ল’লে!”
শাকিলে ক’লে যে মায়াই আমিনৰ ওচৰলেও চেপেনাডাল বিচাৰি ল’ৰা এটাৰ হাতত চিঠি এখন দি পঠাইছিলআমিনে কণ-চেপেনাডাল ক’ত আছিল জানিছিল কিন্তু তাই বিচৰা কাৰণেই তেতিয়া তাৰ সেইডাল হেৰালে বুলি কৈ পঠাবলে মন গ’ল। এপাকত সি ভাবিলে যে চিঠি অনা ল’ৰাটোৰ মূৰটোকে খুৰাই কৈ পঠাব, চেপেনাডালে ইমান বেছি কাম কৰিলে যে এতিয়া আৰু সি কামৰ হৈ থকা নাই। কিন্তু অৱশেষত সি এইবোৰ একো নকৰিলে। ভিতৰৰৰ পৰা কণ-চেপেনাডাল আনি তাত লাগি থকা মায়াৰ সৰু সৰু চুলি দুডালমান আঁতৰাই আমিন ল’ৰাটোৰ ওচৰলে গ’লচেপেনাডাল হাতত লৈয়ে খঙাল মানুহটো মমৰ নিচিনাকে গলি গ’ল আৰু বাৰ্তাবাহক ল’ৰাটোৰ ওপৰত নানা ধৰণে খং জৰাৰ চিন্তাও পাহৰি থাকিলশাকিলৰ কথাবোৰ মই কৌতূহলেৰ শুনি থাকিলো। তাৰ পিচত মায়াৰ কি হ’ল, ক’ত থাকিবলে ল’লে সুধিব খুঁজোতেই শাকিলে নিজে আৰম্ভ কৰিলে-
“বুইছে মান্টো চাহাব, তাই মাত্র এজন পুৰুষৰ নাৰী নাছিলেই। অৱশ্যে এনেকে কোৱাটো বৰ অশোভনীয়ও হয়...তাই আচলতে স্টেশনে স্টেশনে ৰৈ কয়লা-পানী বিচৰা যাযাবৰীৰ নিচিনা আছিল। আমিনৰ পাচত তাই এচিস্টেন্ট ডাইৰেক্টৰ হৰবংশ ৰায়ৰ ওচৰত তিনিমাহ থাকিল। তাৰ পাচত চাউণ্ড ৰেকর্ডিস্ট পি এন আহুজাৰ লগত এমাহ আৰু কেইটামান দিন; তাৰ পাচত......”
“তাৰ পাচত?” মই সুধিলো।
“তাৰ পাচত-”, শাকিলে লাজ লাজকৈ ক’লে,
“তাৰ পাচত এই শাকিলৰ ওচৰত!...... হাজাৰবাৰ গৰিহণা দিও তাইক!! হুঁহ!”
“পিচে সেই গৰিহণাযোগ্যাৰ ওচৰত আপুনিনো কেনেকৈ বন্দী হৈ গ’ল?”
“মান্টো চাহাব, তাই এনেকুৱা এটা ফান্দ যে তাত বন্দী নোহোৱাকৈ কোনো বাচি যাব নোৱাৰেআপুনি নিজকে খুউব লৌহ মানৱ যেন দেখুৱায় নহয়, মই ডাঠি ক’ব পাৰো যে তাইক দেখা হ’লে আপুনিও নিজৰ সমস্ত কাহিনী-কলাকাৰী পাহৰি গ’লহেতেন। ন’হলেও, অন্তত কাহিনী লিখিবলে বহোঁতে যে আপুনি কলমৰ ঠাইত কণ-চেপেনা ল’বলে ল’লেহেতেন সেইটো ঠিক! এনেকে ক’লেও ছাগে ভুল নহ’ব যে আপুনি তাইৰ মূৰৰ চুলি উভালোতেই নিজৰ জীৱন উছৰ্গা কৰি দিলেহেতেন!”, শাকিলে বেছ আত্মবিশ্বাসেৰে ক’লে।
হ’ব পাৰে!...... হয়তো এনেকুৱাই হ’লহেতেন ময়োতো আমিন, শাকিল বা গুণ্ডা সিঙৰ দৰে সাধাৰণ মানুহ এটাই আছিলো! কিন্তু বাকী সকলো ৰহস্যৰ ঊর্ধ্বত মই এই কথাটোক লৈ খুবেই বেছি কৌতুহলী হৈ উঠিছিলো যে কণ-চেপেনাডালত প্রকৃততে আছিল কি! কি কাৰণত সি মায়াৰ জীৱনৰ লগত এনেকৈ সাঙুৰ খাই যাব পাৰিলে? মই শাকিলক সুধিলো,
“আপোনাৰ সতে তাইৰ সম্বন্ধ কিমান দিনলে থাকিল?”
কঁপা কঁপা আঙুলিৰে চিগাৰেট জ্বলাই শাকিলে লাহেকৈ উত্তৰ দিলে,
“প্রায় দুবছৰৰু মান্টো চাহাব, বিশ্বাস কৰক- এই দুবছৰত মই গোটেই পৃথিৱীখন পাহৰি পেলালোঁ”
তেওঁৰ মুখখন গহীন হৈ পৰিল।
“কিয়?” মই সুধিলো।
“নাজানো! হয়তো তাইৰ মুখৰ দাঢ়িবোৰৰ কাৰণে...চেপেনা ব্যৱহাৰ কৰি তুলি থকাৰ ফলত যিবোৰ বৰ ডাঠ আৰু ঠৰঙা হৈ গৈছিল- জানেনে সেইবোৰে অদ্ভুত শিহৰণ জগাইছিল। আৰু তাইৰ গোটেই দেহাটোতেই চুলি ভৰি আছিল! মান্টো চাহাব, মই কবি মানুহ। স্বভাৱতে সৌন্দর্য প্রিয়। মই সদায়ে মিহি, চিকুণ, পৰিষ্কাৰ শৰীৰৰ গুণ-গান কৰি আহিছোঁ য’ত মানুহ পিচলি যায়। কিন্তু মায়াৰ কাষলে যোৱাৰ পাচতহে গম পালো যে আচল মজা পিচলি পিচলি যোৱাত নহয়, ৰৈ ৰৈ লাগি লাগি ধৰাতহে। বচ, মই সিমানেই জানো।”
মই ভাবিবলে বাধ্য হ’লো। এই পিচলি পিচলি যোৱা আৰু লাগি লাগি ধৰাৰ মাজত নিশ্চিতভাবে এটা বিৰাট মানসিক ব্যৱধান আছে! মোৰ বোধেৰে আপুনি কথাটো নিজেই অনুমান কৰিব পাৰিছেৰু যদি পৰা নাই যেন লাগিছে, সেই বিষয়ে বেছিকৈ ভাবি মিছাতে সমস্যাত নপৰিব।
শাকিল চাহাবৰ প্রকাশ ভঙ্গী আৰু আও-ভাওৰ পৰা মোৰ ভাৱ হ’ল যে তেঁও আচলতে মায়াক প্রায় পাহৰিয়ে পেলাইছে মাথোঁ ইচ্ছাকৃতভাৱে তাইৰ স্মৃতিৰ সজীৱতাখিনি এৰি দিব খোজা নাই। মই তেওঁক ক’লো,
“শাকিল চাহাব, দুবছৰ মায়া আৰু আপুনি ......”
মোক কথাৰ মাজতে ৰখাই তেঁও ক’লে,
“ওঁ- দুবছৰমায়াক নিজৰ কৰি ল’বলৈ মই মোৰ পত্নীক এৰি দিলো, সন্তানৰ পৰা আঁতৰি আহিলো আৰু শেষত......হুঁহ! দুবছৰৰ পিচতহে মই গম পালো যে সেইজনী এজনী বিশ্বাসঘাতক, প্রতাৰক”
“আপুনি জানিলে কেনেকৈ?”
“আৰে চাহাব, তাই ইতিমধ্যে মোৰ প্রতিবেশী, চৰকাৰী কন্ট্রেক্টৰ শেইখ ইছমাইল চাহাবৰ লগতো তাইৰ নতুন খেল আৰম্ভ কৰি দিছিল। মোৰ অন্য কথাত সিমান খং উঠা নাছিল মান্টো চাহাব; কিন্তু সি চাল্লা পঞ্চাশ বছৰীয়া এটা বুঢ়া-সাতজনী গাভৰু ছোৱালীৰ বাপেক, আগৰে পৰা তাৰ দুজনী ঘৈনিয়েক আছেই। তাৰ লগত? মই সঁচাকে আচৰিত হৈছিলো যে সেইজনীয়ে কি ভাবি তাৰ লগতো......”
শাকিলে তেওঁৰ হাতৰ চিগাৰেটটো জ্বলাবলে চেষ্টা কৰি আছিল। কিন্তু বেচেৰাৰ হাতখন ইমান বেয়াকৈ কঁপি আছিল যে তেওঁ চিগাৰেটটোত স্থিৰকৈ অগ্নি সংযোগ কৰিব পৰা নাছিল। তেওঁৰ হাতৰ পৰা লৈ মই চিগাৰেটটো  জ্বলাই দিলো।
“তাৰ পাচত? তাই গুচি গ’ল?”
“হুঁ! মই তাইক গতা মাৰি ঘৰৰ বাহিৰলে উলিয়াই দিলো”, শাকিলে জোৰেৰে এটা নিশ্বাস এৰি কঁপা কঁপা আঙুলিৰে পেঞ্চিলডাল তুলি ল’লে। তেঁও এটা নতুন কবিতা আৰম্ভ কৰিবলে চেষ্টা কৰিলে, নিশ্চয়ে মায়াৰ বিষয়ে!
“-ওঁ, তাই গুচি গৈছিল। কিন্তু তাইৰ চেপেনাডাল থাকি গ’ল”
“ঘূৰাই নিবিচাৰিলে?” মই সুধিলো।
শাকিলে আকৌ এটা নিশাহ এৰিলে।
“এবাৰ নহয়, হাজাৰ হাজাৰ বাৰকিন্তু মই ঘূৰাই নিদিলোঁ... মান্টো চাহাব, তাইৰ আৰু মোৰ মাজত মাত্র এই সৰু বস্তুটোৱে ৰৈ গ’ল। যেতিয়ালৈকে এই কণ-চেপেনাডাল মোৰ ওচৰত থাকিব, তেতিয়ালৈকে অন্তত তাই মোক চিঠি-আবেদনৰ মাজেৰে এনেকৈ মনততো পেলাই থাকিব।”


Post a Comment

0 Comments