“ কোমল গান্ধাৰ “ ৰ প্ৰসংগত


             কোমল গান্ধাৰৰ প্ৰসংগত
                 ঋত্বিক কুমাৰ ঘটক
                                                     

অনুবাদ: ইন্দ্ৰনীল গায়ন



" কোমল গান্ধাৰ" ৰ নিমাৰ্ণৰ সময়চোৱাত কোনো সুনিৰ্দিষ্ট তত্বক অনুসৰণ কৰা হোৱা নাছিল৷ বিশেষভাৱে বাস্তৱ ৰূপত সুসংবদ্ধভাৱে চলচ্চিত্ৰখনক মূল্যায়ন কৰাৰ চেষ্টা কৰা হৈছিল৷ তত্ব সদায় বাস্তৱতকৈ কম নিৰ্ভৰযোগ্য৷ কোনো পূৰ্বনিৰ্ধাৰিত তত্বৰ আক্ষৰিক অনুসৰণ সৃষ্টিশীলতাৰ পক্ষে বিশেষ অনুকূল নহয় তদুপৰি শৈল্পিক সমস্যাই সৃষ্টিশীলতাত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ একোটা শিল্পৰীতি কাৰ্যকাৰী কৰিবলৈ জীৱন আৰু বাস্তৱ পৃথিৱীখনৰ সৈতে সম্পৰ্ক সদায় নিবিড় আৰু দৃঢ় হ'ব লাগিব৷

  চলচ্চিত্ৰত বিষয় আৰু বক্তব্য উপস্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিবলগীয়া হয়৷ যদি কোনো কাৰণত বিষয় বা বক্তব্য উপস্থাপনত খেলিমেলিৰ সৃষ্টি হয় তেতিয়া দৃশ্যগত চিত্ৰায়ত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷

সহজ অৰ্থত ক'বলৈ গ'লে " বক্তব্য " হৈছে সাহিত্য গন্ধী আৰু ৰূপকীয়৷ আধুনিক কাব্য আৰু নাট্য শিল্পত এই বিশেষ ধাৰাৰ প্ৰভাৱ তথা প্ৰয়োগ স্পষ্ট৷ চলচ্চিত্ৰ শিল্পত তথাকথিত " সাহিত্যিক " সকলক অবলম্বন হিচাপে লোৱাত অসুবিধাৰ সৃষ্টি হয়৷ কিয়নো চলচ্চিত্ৰত সাহিত্য তত্বৰ ব্যৱহাৰ অযৌক্তিকৰ৷

" কোমল গান্ধাৰ " ত সমসাময়িক বংগ দেশৰ দেশ বিভাজনৰ ক্ষত বিক্ষত অনিশ্চিত স্বাধীনতাৰ দ্বন্দ্ব, ৰাষ্ট্ৰীয় ঐক্যৰ আৰ্দশ বিনা বিবেচনা আৰু বিনা প্ৰতিবাদেই গ্ৰহণ কৰাৰ ফলস্বৰূপে দেশৰ চৰম দুৰ্গতি, মূল্যহীনতা আৰু আশ্ৰয়হীনতাৰ চিত্ৰায়ণ প্ৰতিফলিত হৈছিল৷


 বিভিন্ন স্তৰৰ মানুহৰ জীৱনৰ ৰাজনৈতিক দ্বন্দ্ব, সংঘৰ্ষ, বাস্তবানুগ চিত্ৰায়ন ও তাৰ সমান্তৰালভাৱে কৌতুক সম্বলিত প্ৰেম আখ্যান আছিল সুপৰিকল্পিত আৰু সুসন্নিবেশিত৷ বহু বিষয় সম্বলিত জটিল দৃশ্যগত  নক্সা  আছিল অভিপ্ৰেত৷ এই সকলোবোৰ অধিক বাস্তৱ ৰূপত " কোমল গান্ধাৰ" ত দেখিবলৈ পোৱা গৈছিল৷

  শব্দ ব্যৱহাৰত বিশেষভাৱে বছৰ বছৰ ধৰি চলি অহা পুৰণি লোকগাথা ও আনুষ্ঠানিক সংগীতৰ প্ৰয়োগ কৰাৰ উদ্দেশ্য আছিল বাস্তৱ পৃথিৱীৰ সৈতে সংযোগ ঘটোৱা তদুপৰি চলচ্চিত্ৰত সামগ্ৰিক ধাৰাণাটোৱেই আছিল কৌতুহলোদ্দীপক ঘটনাৰ সৈতে বাস্তৱৰ প্ৰতিফলনৰ চিত্ৰায়ণ৷ মূলতঃ এই চলচ্চিত্ৰখনৰ উপভোগৰ সময়চোৱাত কোনো পূৰ্বনিৰ্ধাৰিত আশা পোষণ নকৰি মুকলি মনৰে চাব পাৰিলে চলচ্চিত্ৰখন চাই সন্তুষ্ট হ'ব পাৰিব বুলি ভাৱ হয় যদিও প্ৰতিজন দৰ্শকৰ দৃষ্টিভংগী ভিন্ন হ'ব কিয়নো দৰ্শকৰ ৰুচি অনুযায়ী দৃষ্টিভংগী ভিন্ন হোৱাটো স্বাভাৱিক৷

উৎস:  চিত্ৰভাষ,  ঋত্বিক ঘটক ও কোমল গান্ধাৰ বিশেষ সংখ্যা, কলকতা
                     


Post a Comment

0 Comments