প্ৰবন্ধঃ ভিয়েটনামে কেনেকৈ সক্ষম হৈছে?


ভিয়েটনামে কেনেকৈ সক্ষম হৈছে ?

মূল - স্বতী চক্ৰৱৰ্তী, কোয়াং গাই , ভিয়েটনাম
অনুবাদ – সংগীতা দাস

যোৱা মঙ্গলবাৰ পৰ্যন্ত ভিয়েটনামত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই। ভিয়েটনামত কোৰোনাত আক্ৰান্ত হৈছে ২৫৯ জন লোক,ইয়াৰ ভিতৰত সুস্থ হৈ উঠিছে ১২৮ জন। চীন,দক্ষিণ কোৰিয়া, জাপানৰ তুলনাত ভিয়েটনামে এতিয়া পৰ্যন্ত কোৰোনা ভাইৰাছ মোকাবিলা কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া বিশ্বৰ সকলোৰে বাবে অনুকৰণীয়। ভিয়েটনামে কেৱল সংক্ৰমণকে স্তব্ধ কৰি ৰখা নাই, আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰও শূন্যৰ ঘৰত স্তিমিত কৰি ৰাখিবলৈ সক্ষম হৈছে। যোৱা তিনিবছৰ ধৰি  মোৰ স্বামীৰ কৰ্মজীৱনৰ বাবে আমি ভিয়েটনামৰ কোয়াং গাই প্ৰভিন্স বা ৰাজ্যত থাঁকো। বিশ্বৰ বহু উন্নত ধনতান্ত্রিক শাৰীৰ দেশসমূহে য'ত কোৰোনা ৰোধ কৰাৰ ক্ষেত্ৰত থোকাসৰকা অৱস্থাত পৰিছে,তেনে এক সময়ত এখন যুদ্ধবিধ্বস্ত উন্নয়নশীল দেশ ভিয়েটনামৰ এই সাফল্যৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। গণমাধ্যমসমূহৰ  বাতৰি সমূহত গম পোৱা গৈছে যে কোভিড-১৯ বিশ্বৰ বিভিন্ন ঠাইত বিয়পাৰ আগতেই ভিয়েটনামত লকডাউন ঘোষণা কৰা হৈছিল। তাৰ লগে লগে স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে। সেয়েহে বহু পৰিমাণে এই ভাইৰাছক নিয়ন্ত্ৰণ কৰি ৰখাত সহজ হৈছে। দেশৰ স্বাস্থ্যকৰ্মী সকলে চৰকাৰী নিৰ্দেশত সন্দেহজনক সকলোকে বিচাৰি পৰীক্ষা কৰিছে। এতিয়াও প্ৰতিদিনে কৰি আছে। কেৱল সেয়াই নহয় ভিয়েটনামত কম খৰছৰ পৰীক্ষা কিট ও তৈয়াৰ কৰা হৈছে। পৰীক্ষাৰ বাবে ভিয়েটনামৰ এই সহজ আৰু কম খৰছৰ কিট এতিয়া ইউৰোপ,আমেৰিকাৰ বহু দেখে ক্ৰয় কৰা আৰম্ভ কৰিছে। নিশ্চিতভাৱে ই এক চমৎকাৰ উদ্ভাৱন। ক'ৰনা সম্পৰ্কে বিশেষ তথ্য নথকা স্বত্তেও সতৰ্কতাৰে ভিয়েটনামে এই সমস্যাক মোকাবিলা কৰাৰ চেষ্টা কৰিছে। যোৱা জানুৱাৰী মাহত আমি কিছুদিনৰ বাবে কলিকতালৈ গৈছিলোঁ। ২১ জানুৱাৰীৰ দিনা হো চি মিন চহৰ হৈ যেতিয়া কলিকতাৰ দিশে ৰাওনা হৈছিলোঁ,তেতিয়া বিমান বন্দৰত অপেক্ষা কৰা মহলাত থকা প্ৰদৰ্শন(Display)ত দেখিলোঁ যে চীনৰ উহান চহৰত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ কিছু মানুহ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে  বুলি  ঘোষণা কৰা হৈছে আৰু সকলোকে সতৰ্ক কৰি দিয়া হৈছে। এই বাতৰি প্ৰকাশৰ পিছতেই চীন আৰু ভিয়েটনামৰ চৰকাৰে নিজৰ মাজৰ সীমান্ত বন্ধ কৰি দিলে। কাৰণ এই দুই দেশৰ মাজত ব্যাপক হাৰত আমদানী-ৰপ্তানি হয়। ইমিগ্ৰেছনত গৈ দেখিলোঁ অফিচাৰ সকলৰ মুখত মাস্ক। কিছু যাত্ৰীও মাস্ক পিন্ধিছে। আমি এনেধৰণৰ সতৰ্কতা দেখি অলপ আচৰিত হলোঁ।

ইয়াৰ পৰৱৰ্তী দিনা আমি ৰাতিপুৱাই কলিকতা গৈ পালোঁ। তেতিয়া এটা কথা দৃষ্টিগোচৰ হল যে ছোচিয়েল মিডিয়াত চীনক লৈ বিভিন্ন ধৰণৰ ব্যংগ-বিদ্ৰুপ চলি আছে। আমি কলিকতাত থকাৰ সময়তেই মোৰ স্বামীৰ ভিয়েটনাম অফিচৰ সহকৰ্মীৰ পৰা বিভিন্ন ধৰণৰ মেছেজ আহে যেনে "আপুনি ভিয়েটনাম উভতাৰ পূৰ্বে ডাক্তৰৰ পৰামৰ্শ ল'ব। মাস্ক আৰু গ্লোবছ পিন্ধি আহিব।" কাৰণ তেতিয়ালৈ ভিয়েটনামত কোৰোনা সংক্ৰমণ আৰম্ভ হৈছিল। তেতিয়াই ভিয়েটনামত বাহিৰৰ মানুহ বিমান বন্দৰত উপস্থিত হলে তেওঁলোকৰ শৰীৰৰ তাপমাত্ৰা নিৰীক্ষণ কৰে,তেওঁলোকৰ সবিশেষ সংগ্ৰহ কৰে আৰু স্থানীয় কৰ্তৃপক্ষক জনাই দিয়া হৈছিল। মোৰ স্বামী যেতিয়া ২ তাৰিখে হো চি মিন চহৰ পালে, তেওঁক বিমান বন্দৰত এই সমূহ প্ৰক্ৰিয়াৰ অন্ততহে যাবলৈ দিছিল। মই কিছুদিনৰ পিছত, ১৭ ফেব্ৰুৱাৰী তাৰিখে কলিকতাৰ পৰা ৰাওনা হওঁ। যাত্ৰাৰ পূৰ্বে মোৰ স্বামীয়ে ফোনযোগে কৈছিল যাতে সকলোধৰণৰ সুৰক্ষা লৈহে মই বিমান বন্দৰ লৈ আহোঁ। ১৮ তাৰিখে ভিয়েটনামৰ দা নাঙ বীমানবন্দৰ গৈ দেখিলোঁ যে  কোৰিয়া, জাপান,চীনৰ পৰা অহা বিমান বন্দৰ সমূহৰ ইমিগ্ৰেছন বেলেগকৈ কৰা হৈছে আৰু ভিয়েটনামত থকা সকলৰ বেলেগকৈ। এই ব্যৱস্থা এইবাবে কাৰণ এই দেশসমূহত কোৰোনা সংক্ৰমণৰ ঘটনা ঘটিছে। বিমান বন্দৰৰ পৰা ওলাই দেখিলোঁ মিঃ চক্ৰৱৰ্তী (মানে মোৰ স্বামী) আৰু কোম্পানীৰ গাড়ীৰ চালকে মাস্ক,গ্লোভছ পিন্ধি ৰৈ আছে। গাড়ীত উঠাৰ পূৰ্বে চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰি ধোৱাৰ পিছত মিঃ চক্ৰৱৰ্তীয়ে মোক এখন নতুন মাস্ক পিন্ধিবলৈ দিলে,মই ব্যৱহাৰ কৰা পুৰণা মাস্ক নিৰ্দিষ্ট ঠাইত পেলাই আহিলোঁ।
গৈ থাকোঁতে দেখিলোঁ ৰাস্তা সম্পূৰ্ণ উৰুঙা। কেৱল খোলা আছে ঔষধৰ দোকান,শ্বপিং মল আৰু কিছু প্ৰয়োজনীয় সামগ্ৰীৰ দোকান। শুনিলোঁ যে সকলো ধৰণৰ পাৰ্টি ,উৎসৱ,সামাজিক অনুষ্ঠান চৰকাৰৰ পক্ষৰ পৰা বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।  সামাজিক দূৰত্ব অনুসৰণ কৰি বাছ চলাচল হৈ আছে । বাছৰ প্ৰত্যেক আসনত কেৱল এজন যাত্ৰী হে বহিব পাৰিব। প্ৰথমৰ পৰাই ভিয়েটনামত বেংক আৰু ডাক ঘৰৰ লগতে সকলো ধৰণৰ অফিচ খোলা আছে  তেতিয়া লোকডাউন আৰম্ভ হোৱা নাছিল। এতিয়াতো লোকডাউন আৰম্ভ হৈছে। মই ইয়াত অহাৰ পিছত বেংকলৈ গৈছিলোঁ। বেংকত সোমোৱাৰ দৰ্জাৰ ওপৰত  শৰীৰৰ তাপমাত্ৰা জোখা স্বনিয়ন্ত্রিত(automatic) যন্ত্ৰ ফিট কৰি ৰখা হৈছে। তাত মোৰ তাপমাত্ৰা স্বাভাৱিক(normal) দেখাৰ পিছতহে ভিতৰলৈ সোমাবলৈ দিলে। ভিতৰত সোমোৱা মাত্ৰকে সকলো গ্ৰাহকৰ ওপৰত চেনিটাইজাৰ স্প্ৰে কৰা হ'ল। এটিএমৰ সন্মুখতো এই প্ৰক্ৰিয়া মজুত আছে। বেংক বা যিকোনো শ্বপিং মলত পাঁচ জনতকৈ অধিক ব্যক্তি  সোমোৱাত নিষেধাজ্ঞা আছে। এই ঠাই সমূহত থাকিব পৰা সময়সীমাও নিৰ্ধাৰণ কৰা হৈছে। যিসমূহ ঠাইত কোৰোনা পজিটিভ কেছ ধৰা পৰিছে, সেই সমূহ ঠাই  সম্পূৰ্ণ লোকডাউন কৰি দিয়া হৈছে। এই ঠাইসমূহত চৰকাৰৰ পক্ষৰ পৰা স্বাস্থ্য  পৰীক্ষা আৰু খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিটো কাৰ্য্যালয়ৰ লোকক কোম্পানীৰ দায়িত্বত সপ্তাহত এদিন স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। যিহেতু ভিয়েটনামত সকলো কোম্পানীয়ে চৰকাৰী সেয়েহে এই দায়িত্ব আচলতে চৰকাৰে গ্ৰহণ কৰিছে। ইয়াৰোপৰি চৰকাৰৰ দ্বাৰা পৰিচালিত ডাঙৰ চুপাৰ মাৰ্কেট বন্ধ কৰি গাঁৱ-ভিত্তিক মোবাইল মাৰ্কেটৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে গ্ৰামাঞ্চলৰ কমিউনসমূহে 'মোবাইল চেক-আপ ভেন'ৰ ব্যৱস্থা কৰিছে। তাত স্বাস্থ্য কৰ্মী সকলে গাঁৱে গাঁৱে প্ৰত্যেকৰ ঘৰতেই স্বাস্থ্য পৰীক্ষা কৰিছে। তেওঁলোকক মাস্ক,গ্লোবছ আৰু চেনিটাইজাৰ দি আছে।
বিভিন্ন দোকান পৰ্যটনকৰ্মী, ফেক্টৰীত কাম কৰা শ্ৰমিক, যাৰ কোৰোনাৰ বাবে এতিয়া চাকৰি নাই, তেওঁলোকৰ দৈনন্দিন জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰাৰ দায়িত্ব বৰ্তমানে তিনি মাহৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে। বিভিন্ন ঠাইত ২৪ ঘণ্টা " ৰাইছ এটিএম" তৈয়াৰ কৰা হৈছে। তাত গৈ তেওঁলোকে প্ৰতিদিনে ডেৰ কিলো চাউল বিনামূলীয়াকৈ ক্ৰয় কৰিব পাৰে। তাৰ লগে লগে অন্য সামগ্ৰীতো দিয়া হৈছে। সামগ্ৰিকভাৱে ভিয়েটনামত কোৰোনা মোকাবিলাৰ ক্ষেত্ৰত জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰা হৈছে।

Post a Comment

1 Comments