অসমীয়া অনুবাদ কবিতাঃ গুই লি ছুইৰ দুটি কবিতা
মূলঃ ইংৰাজী
অসমীয়া ভাঙনিঃ ড০ কমল কুমাৰ তাঁতী
তেওঁৰ ভালপোৱাৰ ধাৰণা
আৰু তাইৰ ভালপোৱাৰ ধাৰণা,
ৰক্তাক্ত লাঠিবোৰ লৈ দুয়ো
দুয়োকে
চিকাৰ কৰিবলৈ খেদি ফুৰিছে।
খেলটোৰ নাম হৈছে ভাষা।
মাতৃৰ কোচত আবদ্ধ হৈ থাকোঁতে
যেতিয়া তেওঁলোকক টোপনিয়ে
হেঁচা মাৰি ধৰিছিল,
তেতিয়াই তেওঁলোক দুয়োৱে এদিনতে
সেয়া শিকি পেলাইছিল।
খেলখনৰ নিয়মবোৰৰ এতিয়া গুৰুত্ব নাই –
বহুবছৰ ধৰি এইবোৰে গুৰুত্ব লাভ কৰাও নাই –
কিয়নো মাতৃসকলৰ ঠাই লৈছে
লাঠিবোৰে
আৰু তেওঁলোকৰ ভালপোৱাৰ ঠাই
লৈছে
ভালপোৱাৰ প্ৰতি থকা তেওঁলোকৰ
ধাৰণাবোৰে।
(প্ৰাচীন গ্ৰীক ধৰ্মৰ মতে,
নেমেছিছ হৈছে ঐশ্বৰিক শাস্তি আৰু প্রতিহিংসাৰ দেৱী)
ৰাতিপুৱাৰ বাতৰি
তাই মোক হত্যা কৰিব
আৰু তাইৰ চকুযুৰিৰ মাজত
মোৰ আত্মাটোক ওলোমাই থব,
য’ত মই এবাৰ
এটা তাজা ছালৰ জেঠী ধৰিছিলোঁ
আৰু তাৰপৰা চোচৰাই আনি
দেৱালখনত খুউব জোৰেৰে
থেঁতালি দিছিলোঁ।
এতিয়া মোৰ ভাৱ হৈছে,
মই ডুৱ গৈছোঁ
এক সাৰ নোপোৱা সপোনৰ মাজত
য’ত ৰঙবোৰে জীৱনটোক
ৰাতিটোৰ দৰে ৰঙীন কৰি তোলে।
তাই এতিয়াও মোক কাহিনী শুনায়,
মোক ছবিবোৰ দেখুৱায়
আৰু দেখুৱায় ভয়লগা ৰঙবোৰ।
কবি পৰিচয়: গুই লি ছুই (১৯৭০) ছিংগাপুৰ-নিবাসী এগৰাকী সুখ্যাত কবি,
গ্ৰাফিক শিল্পী, সাহিত্য-সমালোচক আৰু ইংৰাজী সাহিত্যৰ অধ্যাপক। ১৯৯৩ চনত ছিংগাপুৰৰ প্ৰথমখন গ্ৰাফিক উপন্যাস ‘Myth of the Stone’-ৰ জৰিয়তে সাহিত্য জগতত আত্মপ্ৰকাশ কৰা গুই লি ছুইয়ে পৰৱৰ্তী সময়ত ছিংগাপুৰৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ কবি হিচাপে প্ৰতিষ্ঠা
লাভ কৰে। তেখেতৰ এতিয়ালৈকে প্ৰকাশিত কাব্য-সংকলনসমূহ
হৈছে – ‘Who Wants to Buy a
Book of Poems?’ (১৯৯৮), ‘One Thousand and One Nights’ (২০১৪), ‘Who Wants to Buy
an Expanded Edition of a Book of Poems?’ (২০১৫), ‘The Other Merlion and Friends’
(২০১৫), ‘Haikuku’ (২০১৭) আৰু ‘Death Wish’ (২০১৭)। এগৰাকী তাত্ত্বিক-সমালোচক হিচাপেও প্ৰসিদ্ধি লাভ কৰা গুইৰ
সমালোচনাত্মক গ্ৰন্থসমূহ হৈছে – ‘Fear No Poetry!: An Essential
Guide to Close Reading’ (২০০৪), ‘Spiaking Singlish: A Companion to How Singaporeans
Communicate’ (২০১৭) আৰু ‘Mein Kampf Re-Examined’ (১৯৯৬)।
ইয়াৰ উপৰিও গুই লি ছুইয়ে বহুকেইখন সাহিত্য আৰু সাহিত্য-সমালোচনামূলক গ্ৰন্থ
সম্পাদনা কৰিছে।
0 Comments