অসমীয়া অনূদিত প্ৰবন্ধঃ গান কৰি ভাল পোৱা মানুহজন


অসমীয়া অনূদিত প্ৰবন্ধঃ নাচ গান কৰি ভাল পোৱা মানুহজন


মূলঃ সুহৃদ শংকৰ  চট্টোপাধ্যায়
উৎসঃ ফ্রণ্টলাইনআলোচনী, ১১ নৱেম্ব, ২০১৬ সংখ্যা
অনুবাদঃ ময়ূ চেতিয়া

১৯৬৫ চনৰ এটা সাক্ষাৎকাৰত মানুহজনক  সোধা হৈছিল তেওঁ নিজকে এজন কবি বুলি ভাবে নে গায়ক বুলি ভাবে। উত্তৰত মানুহজনে কৈছিল – “মই নিজকে এজন নাচ গান কৰি ভাল পোৱা মানুহ বুলিহে ভাবো
bob dylan

এই সাক্ষাৎকাৰৰ সুদীর্ঘ ৫১ বছৰৰ পাছত মানুহজনক সাহিত্যৰ নবেল বঁটা প্রদান কৰা হল। কোৱা হল আমেৰিকান সংগীত পৰম্পৰাৰ জগতখনত অভিন কাব্যিক প্রকাশভংগী সৃষ্টি কৰাৰ বাবে তেওঁক এই বঁটা প্রদান কৰা হৈছেকথাষাৰ মিছা নহয়। এই পাঁচোটা দশকত তেওঁ জনপ্রিয় সংগীতৰ সমস্ত ধাৰাটোকেই সলনি কৰি পেলালে, গীত ৰনাৰ কলাটিক তেওঁ নতুনকৈ সংজ্ঞায়িত কৰিলে, তাক তেওঁ কবিতাৰ স্তৰলৈ লৈ গল। তেওঁ যে আধুনিক যুগৰ এজন অন্যতম সাংস্কৃতিক পুৰোধা ব্যক্তি এই বিষয়ে কোনো সন্দেহ নাই।

আজিৰ যুগৰ সামগ্রিক সাংস্কৃতিক জগতখনৰ বিষয়ে ভাবক আৰু কল্পনা কৰক যে বব ডিলান বোলা ব্যক্তিজন কেতিয়াও নাছিলেই। কথাষাৰ অদ্ভুত নালাগিবনে? এইবুলি কলে হয়তো বেছি কোৱা নহব যে তেওঁৰ অবিহনে এই পৃথিবীখন বহুখিনি বেলেগ হলহেতেঁন। বিগত পঞ্চাছ বছৰ ধৰি ডিলানে তেওঁৰ গীতসমূহৰ জৰিয়তে মানুহক বৈকল্পিকভাৱে চিন্তা কৰিবলৈ শিকাই আহিছে। জীন আৰু সমাজৰ বিষয়ে তেওঁ এক বৈকল্পিক দৃষ্টিভংগী প্রদান কৰিছে আৰু পূর্বাগ্রহ, সংঘাত আৰু লোভেৰে পৰিপূর্ণ এই জগতখনত তেওঁ অনিচ্ছা স্বত্তেও যেন এক বিবেকৰ ভূমিকা পালন কৰি আহিছে।
 “Hey, hey, Woody Guthrie, I wrote you a song
’Bout a funny ol’ world that’s a-comin’ along
Seems sick an’ it’s hungry, it’s tired an’ it’s torn
It looks like it’s a-dyin’ an’ it’s hardly been born” (Bob Dylan, 1962).

কিন্তু একেসময়তে ডিলান প্রেম আৰু সৌন্দর্যৰো কবি, সুখ আৰু যন্ত্রণাৰ ক্ষণভঙ্গুৰ মুহূর্তবোৰো তেওঁৰ কবিতাত জীন্ত হৈ উঠে, তেওঁ আমাক গৰিমা আৰু মূঢ়তাৰে পৰিপূর্ণ জীনৰ কাহিনী শুনায়। তেওঁ প্রতিবাদৰ চিৰমুখৰ কণ্ঠ, শোষিতজনৰ কবি, চিৰসেউজ বিদ্রোহী গানৰ ৰচয়িতা, শব্দৰ খনিকৰ তেওঁ কলাক তাৰ সংকীর্ণ বিভাজনবোৰৰ পৰা উলিয়াই আনি মুক্ত কৰে, সৃষ্টিৰ চূড়ান্ত সীমালৈকে তেওঁ তাক লৈ যায়। কিন্তু এই সমস্ত কৃতিত্বৰ পাছতো তেওঁ ৰাইজৰ সমুখত, মঞ্চত গীত গাবলৈ এৰা নাই তেওঁ যে নাচ গান কৰি ভাল পোৱা মানুহ!

কঠোৰ শ্রম আৰু অনুশাসন

বব ডিলানক কেল এজন ৰক ষ্টাৰ, গায়ক-গীতিকাৰ বা কবি হিচাপে সীমাদ্ধ কৰি চাব পৰা নাযায়; তেনে সংকীর্ণ বিভাজনবোৰ তেওঁ কেতিয়াবাই চেৰাই গৈছে। হাইস্কুলত পঢ়ি থাকোতে ৰক এণ্ড ৰোল পৰম্পৰাৰ অন্যতম পিয়ানো বাদক লিটল ৰিচার্ডৰ সতে একেলগে গীটাৰ বজাবলৈ ইচ্ছা কৰা এই লৰাজন আজি এক সাংস্কৃতিক প্রতীকলৈ, সাম্প্রতিক ইতিহাসৰ চৰিত্রলৈ পৰিণত হৈছে। যিসকল শুচিবায়ুগ্রস্ত লোকে গান লিখা মানুহ এজনকনো কিয় সাহিত্যৰ নবেল বটা দিব লাগে বুলি অভিযোগ কৰিছে, তেওঁলোকে ৰবীন্দ্রনাথৰ এষাৰ উক্তিলৈ মন উচিতঃ ৰবীন্দ্রনাথে কৈছিল বহু যুগৰ পাছত কেল তেওঁৰ গীতবোৰেই জীন্ত হৈ থাকিব আৰু সঁচাকৈয়ে সেয়া হৈছেও। পঞ্চাছ বছৰ পূর্বেই ৰছনা কৰা ডিলানৰ গীতবোৰো ঠিক তেনেকৈয়ে আজিও প্রাসংগিক হৈ আছে। আজিও বিশ্বৰ বিভিন্ন কোণত এই গীতবোৰ গোৱা হয়- যেনেদৰে পঞ্চাছ বছৰ পূর্বে সিবিলাক গোৱা হৈছিল। অনাগত সময়তো যে এই গীতবোৰ মানুহে গাই যাব এই বিষয়ে কোনো সন্দেহ নাই।

বব ডিলানৰ জন্ম হৈছিল ১৯৪১ চনৰ ২৪ মেত, মিনেচটাৰ এটা ইহুদী পৰিয়ালত। জন্মতে তেওঁৰ নাম থোৱা হৈছিল ৰবার্ট এলেন জিমাৰমেন। কঠোৰ শ্রম আৰু অনুশাসনৰ মাজত লৰাটি ডাঙৰ দীঘল হৈছিল। মই আচলতে যত থাকিব লাগিছিল, তাৰ পৰা বহু দূৰৈত মোৰ জন্ম হৈছিল” - পাছত তেওঁ মন্তব্য কৰিছিল। দহ বছৰ বয়সতে ডিলানে গীটাৰ বজাবলৈ শিকিছিল আৰু অন্যান্য লৰা-ছোৱালীৰ দৰেই অতি সোনকালেই তেওঁ ৰক এণ্ড ৰোল মিউজিকৰ প্রতি আকর্ষিত হৈছিল।
১৯৫৯ চনত তেওঁ মিনেপলিচলৈ আহে আৰু মিচেনটা বিশ্ববিদ্যালয়ত নাম ভর্তি কৰে কিন্তু বিশ্ববিদ্যালয়ত তেওঁৰ কোনো বিশেষ পঢ়া-শুনা নহলেই। ডিংকি টাউনৰ লোকসংগীতৰ জগতখনে ইতিমধ্যেই তেওঁক টানি নিছিল আৰু এইখিনি সময়তে তেওঁ নিজৰ নামটোও বব ডিলানলৈ সলনি কৰি পেলাইছিল। ১৯৬১ চনত তেওঁ নিউয়র্কলৈ আহিল। সেই সময়ত চহৰখনত উপস্থিত যিমানবোৰ সংগীতৰ পৰম্পৰা আৰু ষ্টাইল আছিল, আটাইবোৰ তেওঁ গোগ্রাসে হজম কৰি লৈছিল; ইয়াৰ পৰাই তেওঁৰ নিজৰ বিশিষ্ট ষ্টাইলৰো জন্ম হৈছিল। কিন্তু তেওঁক বিশেষভাৱে প্রভাৱিত কৰিছিল ৱুডি গুথ্রিয়ে - যি নিজৰ গীটাৰখনত “This Machine Kills Fascists” বুলি লিখি লৈছিল। তেওঁৰ গানবোৰ শুনি শুনি আপুনি জীনটো কেনেকৈ যাপন কৰা উচিত - তাৰ শিক্ষা লব পাৰে ৱুডিৰ বিষয়ে ডিলানে পাছলৈ এইদৰে কৈছিল। হাণ্টিংটন ৰোগত শয্যাশায়ী ৱুডিৰ হস্পিটালৰ বিচনাখনৰ কাষত বহি ডিলানে তেওঁক  চিগাৰেটৰ যোগান ধৰিছিল আৰু গীটাৰখন বজাই এটাৰ পাছত এটাকৈ তেওঁৰ প্রিয় গানবোৰ শুনাইছিল।

ডিলানে গ্রীনৱিচ ভিলেজৰ বহেমিয়ান পৰিবেশত গীত গাই ফুৰোতে কিংবদন্তীস্বৰূপ ৰেকর্ড প্রযোজক জন হেমণ্ডে তেওঁক আৱিষ্কাৰ কৰিলে; তেঁৱেই ১৯৬২ চনত ডিলানৰ প্রথমটো এলবাম ৰেকর্ড কৰিলে। কিন্তু ১৯৬৩ চনত The Freewheelin’ Bob Dylan এলবামটো ওলোৱাৰ পাছতহে ডিলান সকলোতে জনাজাত হৈ পৰিল। “Blowin’ in the Wind”, “Masters of War”, “A Hard Rain’s A-Gonna Fall”— এই তিনিটা চিৰসেউজ গান এই এলবামটোতে আছিল। অতি সোনকালেই বিভিন্ন বুদ্ধিজীৱি মহলসমূহে তেওঁক আকোঁৱালি ললে; কলা-সাহিত্যৰ পুৰণা ঋষি-মহর্ষিসকলেও সসন্মানে নতুন অতাৰজনক শিৰ নত কৰি বাট এৰি দিলে। বীট জেনেৰেছনৰ কিংবদন্তীস্বৰূপ কবি আৰু গায়ক এলেন জিঞ্চবার্গে স্মৃতিৰোমন্থন কৰি কৈছে - কেনেদৰে “A Hard Rain’s A-Gonna Fall” গানটো প্রথমবাৰ শুনাৰ পাছত তেওঁ নীৰৱে চকুলো টুকিছিল। জিঞ্চবার্গৰ নিজৰে ভাষাত, “মোৰ এনে লাগিছিল যেন পূর্বৰ বহেমিয়ান বা বীট জেনেৰেছনৰ স্ব-সবলীকৰণ পৰম্পৰাৰ পৰা পোহৰৰ চাঁকিটো আগুৱাই লৈ যাবলৈ এটা নতুন প্রজন্মৰ আৱির্ভা হৈছে...গানটোৰ কথা আৰু সুৰে মোক বাকৰুদ্ধ কৰি পেলাইছিল


প্রতিবাদৰ কণ্ঠ

ডিলানৰ যেতিয়া উদয় হল মানুহবোৰ তেওঁৰ দ্বাৰা ততালিকে মোহাচ্ছন্ন হৈ পৰিল। ক্ষীণ কায়, অপৰিচ্ছন্ন যেন চেহেৰা, গাঢ় নীলা এযুৰি চকু, ৰুক্ষ আৰু নাকী উচ্চাৰণৰ কণ্ঠ, হাতত এখন একওষ্টিক গীটাৰ আৰু লগত হার্মনিকা ডিলানৰ প্রতিটো শব্দই যেন শ্রোতাৰ আত্মাৰ অভ্যন্তৰলৈ প্রবেশ কৰিবলৈ ধৰিলে এনেকুৱা গান মানুহে আগতে কেতিয়াও শুনি পোৱা নাছিল।
কিছুবছৰৰ ভিতৰতে একেলেথাৰিয়ে ডিলানৰ আন আন এলবামবোৰ ওলাবলৈ ধৰিলে। The Times They are A-Changin’ (1964), Another Side of Bob Dylan (1964), Bringing it all Back Home (1965) এই এলবামকেইটাই ডিলানক প্রতিবাদৰ আটাইতকৈ দৃঢ় আৰু কলাত্মক কণ্ঠ হিচাপে প্রতিষ্ঠা কৰিলে।  “Times they are A-Changin’”, “With God on our Side”, “The Lonesome Death of Hattie Carroll”, “Chimes of Freedom”, “It Ain’t Me Babe” আদি গানবোৰে অন্যায়ৰ বিৰুদ্ধে এক সজোৰ প্রতিবাদ মুখৰ কৰি তুলিলে, সিবিলাকে নতুন প্রজন্ম আৰু নতুন সময়ছোৱাৰ আত্মা, ক্রোধ আৰু উদ্বেগবোৰক সুন্দৰকৈ প্রকাশ কৰিলে। তেওঁ আশে পাশে ঘটি থকা সমস্ত ঘটনা আৰু প্রতিবাদৰ কথাবোৰ ডিলানে একেৰাহে গাই গল আৰু সত্যৰ পৰা তেওঁ অকণো বিচলিত নহল।


 “Oh, but you who philosophise disgrace and criticise all fears
Bury the rag deep in your face
For now’s the time for your tears.”

লোকসংগীত আৰু ব্লুজ পৰম্পৰাৰ প্রেৰণাৰে ডিলানে এক নিজস্ব ষ্টাইল বিকশিত কৰিলে আৰু সুৰৰ এক বিশিষ্ট ৰূপো সৃষ্টি কৰিবলৈ ধৰিলে। উদাহৰণস্বৰূপে, বিখ্যাত আমেৰিকান লোকগায়ক জন জেকব নাইলছে ১৯০৮ চনতে এটা প্রেম গীত লিখিছিলঃ

“Go ’way from my window
Go ’way from my door
Go ’way, way way from my bedside
And bother me no more
And bother me no more.”

১৯৬৪ চনত ডিলানে গানটোক এক সম্পূর্ণ নতুন অর্থ প্রদান কৰিলে এইবাৰ ই ভিয়েটনাম যুদ্ধবিৰোধী সংগ্রামৰ অন্যতম গীত হিচাপে পৰিচিত হল - “It Ain’t Me Babe”: 

 “Go ’way from my window
Leave at your own chosen speed
I’m not the one you want, babe
I’m not the one you need.”

ঠিক তেনেকৈয়ে আন এটা পুৰণা গান আছিল “Lord Randall”  এই স্কটিছ গানটোত কিছু প্রশ্ন আৰু উত্তৰৰ জৰিয়তে এটা হত্যাকাণ্ডৰ বর্ণনা কৰা হৈছেঃ

“Oh where ha’e ye been, Lord Randall my son?
O where ha’e ye been, my handsome young man?
I ha’e been to the wild wood: mother, make my bed soon,
For I’m weary wi’ hunting, and fain wald lie down.”

এই গানটোৰ আলমত ডিলানে আন এটা কালজয়ী গান ৰছনা কৰিলে “A Hard Rain’s A-Gonna Fall”:

“And what did you hear, my blue-eyed son?
And what did you hear, my darling young one?
I heard the sound of a thunder, it roared out a warnin’
Heard the roar of a wave that could drown the whole world.”

এয়া পৰিবর্তনৰ সময় আছিল আৰু ডিলানক সঠিকভাৱেই যুগটোৰ যুগাতাৰ বুলি ঘোষণা কৰা হৈছিল। তেওঁ ভৱিষ্যতবাণী কৰিলেঃ“The line it is drawn / The curse it is cast / The slow one now/ Will later be fast /” আৰু মানুহবোৰেও তেওঁৰ কথা স্বীকাৰ কৰিলে।

কিন্তু নিজৰ এই যুগাতাৰৰ ৰূপটোৰ সতে ডিলানে সহজবোধ কৰা নাছিল। মই আচলতে কেতিয়াও এজন লোকসংগীতকাৰতকৈ অধিক একো নাছিলো। মই হৈছো এনে এজন সংগীতকাৰ যি অশ্রুসিক্ত নয়নেৰে কজলা আকাশখনৰ ফালে চাইছিল আৰু যাৰ গানবোৰে আলোকময় প্রহেলিকাৰ বুকুত উটি-ভাঁহি ফুৰিছিল”- পাছলৈ তেওঁ এইদৰে লিখিছিল। নিজৰ গানবোৰক কোনো এটা বিশেষ কেটেগৰীৰ অধীনত ৰখা কথাটোৰ প্রতি তেওঁ দুর্ঘোৰ আপত্তি কৰিছিল আৰু সেয়েহে তেওঁৰ পঞ্চমটো এলবাম Bringing it All Back Homeত পুণৰ কিছু নতুন সম্পৰীক্ষা দেখিবলৈ পোৱা গৈছিল। তেওঁ লেখনীবোৰত ন ন ষ্টাইলৰ সতে পৰীক্ষণ কৰা আৰম্ভ কৰিছিল আৰু গানবোৰতো তেওঁ এইবাৰ ইলেকট্রনিক গীটাৰৰ আৱির্ভা ঘটাইছিল। “Tambourine Man”, “Subterranean Homesick Blues”, “Its Alright Ma (I’m Only Bleeding)”, “She Belongs to Me”, “Gates of Eden” আদি গানবোৰত তেওঁ নতুন চিত্রকল্প আৰু নতুন ফর্মৰ সূত্রপাত কৰিছিল।


প্রচলিত ৰীতিনীতি বিৰুদ্ধে বিদ্রোহ

ডিলানে জনপ্রিয় কলাৰ পৃথিবীখনত এটা নতুন যুগৰ আমদানি কৰিছিল। তেওঁ তাল আৰু মিটাৰৰ এটা নতুন লজিক বিকশিত কৰিছিল, কাহিনী কৈছিল, ছবি আঁকিছিল, নতুন পৃথিবী নির্মাণ কৰিছিল। তেওঁ সুৰ, কথা, শব্দেৰে  সকলো প্রচলিত ৰীতিনীতিৰ সীমা চেৰাই গৈছিল। তেওঁৰ একোটাহঁত বাক্যই প্রভুত্ববান যুক্তিবোৰ নিৰস্ত্র কৰি পেলাইছিল আৰু সকলো  পবিত্র-যেন জ্ঞাত বস্তু ধুলিৎসাত কৰি পেলাইছিল।   

 “Disillusioned words like bullets bark
As human gods aim for their mark
Make everything from toy guns that spark
To flesh-coloured Christs that glow in the dark
It’s easy to see without looking too far
That not much is really sacred” (It’s Alright Ma).


বীটলছৰ সতে সাক্ষাৎ

এইখিনি সময়তে সাগৰৰ ইটো পাৰত, ইউৰোপত আন এটা শক্তিয়ে সংস্কৃতিৰ জগতখনত তোলপাৰ লগাই আছিল। এই শক্তিটোৰ নাম আছিল বীটলছ। ১৯৬৪ চনত এই দুয়ো শক্তিৰে সাক্ষাৎ হয় আৰু ইয়াক সংস্কৃতিৰ ইতিহাসৰ এক বিৰাট ঘটনা বুলি কব পাৰি প্রবাদ আছে যে ডিলানে হেনো বীটলছৰ চাৰিওজনকে মাৰিজুৱানা আৰু সস্তীয়া ৱাইনৰ সতে পৰিচিত কৰাই দিছিল আৰু পপ ভাবোচ্ছাসৰ সংকীর্ণতাৰ পৰা তেওঁলোকৰ মনোদিগন্ত মুকলি কৰি দিছিল। আনহাতে বীটলছেও ডিলানৰ মিউজিকসমূহ অধিক কার্যকুশলী হোৱাত সহায় কৰিছিল।

এইখিনি হৈছে ডিলানৰ আটাইতকৈ সৃষ্টিশীল সময়। ১৯৬৫ চনত তেওঁৰ Highway 61 Revisited এলবামটো ওলাল। ইয়াতেই তেওঁৰ যুগান্তৰকাৰী “Like a Rolling Stone” গানটো আছিল যত ডিলানৰ সর্বোত্তম প্রতিভা তথা সমস্ত বিদ্রূপ প্রকাশ্যমান হলঃ

 “You never turned around to see the frowns on the jugglers and the clowns
When they all come down and did tricks for you
You never understood that it ain’t no good
You shouldn’t let other people get your kicks for you.”

এটা অনন্যসুন্দৰ তথা ব্যংগপূর্ণ ধ্রুকৰ সতে - “How does it feel / How does it feel / To be without a home / Like a complete unknown / Like a rolling stone?” এই গানটো বিশ্বৰ অন্যতম শ্রেষ্ঠ ৰক গীত হিচাপে পৰিচিত হল।

এইখিনি সময়লৈকে ডিলানে তেওঁৰ পূর্বৰ লোকসংগীতকাৰৰ ৰূপটো এৰি  ফেণ্ডাৰ-ষ্ট্রেটোকেষ্টাৰ বজোৱা এজন পূর্ণাংগ ৰকষ্টাৰলৈ পৰিণত হৈছিল; তেওঁ লেডাৰৰ জেকেট পিন্ধিবলৈ লৈছিল। কিন্তু তেওঁৰ এই পৰিবর্তন সকলো অনুগামীয়ে ভাল পোৱা নাছিল। ১৯৬৫ চনৰ নিউপর্ট ফক ফেষ্টিভেলত ইলেকট্রিক গীটাৰ লৈ সংগীত পৰিবেশন কৰিবলৈ যাওঁতে দর্শকে তেওঁক টিটকাৰি মাৰিছিল। ১৯৬৬ চনত মানচেষ্টাৰৰ ফ্রী ট্রেড হলত প্রথমে একওষ্টিক গীটাৰখনেৰে গীত পৰিবেশন কৰোঁতে দর্শকে তেওঁক উষ্ণ স্বাগতম জনাইছিল কিন্তু কিছুসময়ৰ পাছতে তেওঁ ইলেকট্রিক গীটাৰ তথা বেণ্ডৰ সতে দ্বিতীয়বাৰলৈ গীত পৰিবেশন কৰিবলৈ লওঁতে একেখিনি দর্শকেই তেওঁক বু বু কৈ ইতিকিং কৰিছিল। এজন অনুগামীয়ে দর্শকৰ শাৰীৰ পৰা চিঞৰি দিছিল – “Judas! আন এজনে চিঞৰিছিল – “তোমাক আৰু এতিয়া আমি বিশ্বাস নকৰোঁ! তুমি এজন মিছলীয়া!লাইভ পাৰফর্মেঞ্চৰ ইতিহাসত এয়া এক অভূতপূর্ব ঘটনা আছিল। পিছে ডিলানো ক্ষান্ত হৈ নাথাকিল। তেওঁ সংগীতেৰেই ইয়াৰ উত্তৰ দিলে। নতুনকৈ ৰছনা কৰা “Like a Rolling Stone” গীতটো তেওঁ বজাবলৈ ধৰিলে। একেটা বছৰতে তেওঁৰ  “Blonde on Blonde” এলবামটোও বজাৰলৈ আহিল। এইটো এলবামত আছিল “I want you”, “Visions of Johanna”, “Just Like a Woman”, “Sad-eyed Lady of the Lowlands”, “Absolutely Sweet Marie” আদি বিখ্যাত গীতবোৰ সিবিলাকে সংগীতৰ জগতখনত ডিলানক নতুন উচ্চতালৈ লৈ গল।


নতুন নতুন ষ্টাইল

১৯৬৬ চনত এটা মটৰ চাইকেল দুর্ঘটনাৰ ফলত ডিলান ভালেখিনি সময় শয্যাশায়ী হৈ থাকিব লগা হল। এবছৰ মৌন হৈ থকাৰ পাছত ১৯৬৭ চনত তেওঁৰ পুণৰ আৱির্ভা ঘটিল John Wesley Harding এলবামটোৰ জৰিয়তে। তেওঁৰ পূর্বৰ গীতবোৰত যেনেধৰণৰ চাইকেডেলিক ছবি দেখা পোৱা গৈছিল, এই নতুন এইবামটোত তাৰ চিন চাব নাছিল। এইবাৰৰ গীতখিনি আছিল সম্পূর্ণ নতুন ধৰণৰ, পূর্বতকৈ চমূ, সীমিত চিত্রকল্প তথা বিভিন্ন প্রতীকাত্মক ইংগিতেৰে ভৰপূৰ   সুৰত যদিও অল্ড কাণ্ট্রি তথা ব্লুজ পৰম্পৰাৰ ৰেশ এতিয়াও আছিল, গানখিনিত বাইবেলৰ বিভিন্ন প্রসংগ আনকি ভাৰতীয় বাউল পৰম্পৰাৰো প্রবেশ ঘটিছিল। এনে লাগিছিল গানখিনিত যেন একেখন কিতাপৰে বিভিন্ন কাহিনী পয়োভৰ ঘটিছিল, উদ্দেশ্য আৰু ষ্টাইলৰ এক নতুন ঐক্য স্থাপিত হৈছিল।

ডিলানক নিশ্চিতভাৱে সংগীতৰ জগতখনৰ সর্বশ্রেষ্ট কাহিনীকাৰ বুলি কব পাৰি অনন্য ৰূপক, চিত্রকল্প, তাল আৰু সুৰেৰে তেওঁ এনে এখন জগত সৃষ্টি কৰিছে যি আধা শতিকাৰ পাছতো আজিও দর্শকত মোহিত তথা বিস্ময়াভিভুত কৰি ৰাখিছে। এনে এখন পৃথিবী য “They are selling postcards of the hanging”;  “motorcycle black Madonna / Two-wheeled gypsy queen / And her silver-studded phantom cause /The gray flannel dwarf to scream”;  “Through the mad mystic hammering of the wild ripping hail / The sky cracked its poems in naked wonder”;  “The ghost of ’lectricity howls in the bones of her face” ৰু “inside the museums infinity goes up on trial”;  “Just a table stands empty / By the edge of the sea”;  “to dance beneath the diamond sky with one hand waving free”;  “beyond here lies nothin”.

এয়া হৈছে এনে এখন পৃথিবী যত অন্ধকাৰ আৰু পেৰানয়াৰ সতে অপৰূপ সৌন্দর্যৰ সহাস্থান ঘটে। তিমিৰত অশুভ শক্তিবোৰে চোপ লৈ থাকে, দুষ্টহঁতে অহৰহ অভীষ্ট পৃথিবীখন ধ্বংস কৰাৰ ধাণ্ডাত থাকে। এয়া হৈছে এনে এখন পৃথিবী,  “wicked birds of prey”হঁতে সিহঁতৰ “breadcrumb sins”বোৰ ভক্ষণ কৰি জীয়াই থাকে; ত আপোনাৰ হৃদয়খন “the man in the long black coat”ক সমর্পিত কৰি হেৰুওৱাৰ আশংকা থাকে;  “she just sit there as the night grows still / She say who gonna take away his license to kill?”;  “something is happening but you don’t know what it is”. চুৰেল আৰু চিনেমাটিক, মর্মভেদী আৰু তীক্ষ্ণ, ৰসাল কিন্তু ভয়াবহ ডিলানে সৃষ্টি কৰা এই জগতখনত সকলো উপাদানৰে পয়োভৰ ঘটিছে। ডিলানৰে ভাষাত - গান হৈছে একোটাহঁত সপোনৰ দৰে আৰু আপুনি তাক জীন্ত কৰিবলৈ চেষ্টা কৰে সিবিলাক যেন একোখন অচীন দেশৰ দৰে যত আপুনি প্রবেশ কৰিব খোজে।

ৰং আৰু প্রতীকৰ এই পয়োভৰৰ মাজত, কেতিয়াবা কৌতুকপূর্ণ, কেতিয়াবা গভীৰ অর্থময় তথা কেতিয়া অদ্ভুত ইংগিতৰ মাজত এই মহাপ্রতিভাৱান শিল্পীজনৰ অসীম সৃষ্টিশীলতা, গভীৰ আবেগিক সততা তথা নতুনক সৃষ্টি কৰাৰ তাড়নাৰ প্রমাণ পোৱা যায়; তেওঁ নতুনৰ সৃষ্টি নকৰাকৈ ক্ষান্ত হৈ থাকিব নোৱাৰে মইতো সদায়েই প্রতিবাদেই কৰি আহিছোঁ” – সাংবাদিকে তেওঁক আজিকালি প্রতিবাদী সংগীত কিয় সৃষ্টি নকৰে বুলি প্রশ্ন কৰাত ব্যতিব্যস্ত হৈ তেওঁ এনেদৰে উত্তৰ দিছিল। ষাঠিৰ দশকৰ মাজভাগৰ পৰাই তেওঁ প্রত্যক্ষ্য প্রতিবাদী সংগীত ৰছনাৰ পৰা আঁতৰি আহিছিল আৰু তাৰ বাবে সমালোচকসকলৰ সমালোচনাও শুনিব লগা হৈছিল কিন্তু সূক্ষ্মভাৱে চালে দেখা যায় প্রতিবাদী সংগীত তেওঁ ত্যাগ কৰা নাই; বৰং সিবিলাকৰ ৰূপবোৰহে অধিক গভীৰ তথা কলাত্মক হৈ পৰিছে। বিৰক্ত হৈ তেওঁ এইবাৰ এইবুলি গালে “It’s never been my duty to remake the world at large / Nor is it my intention to sound a battle charge,” (“Wedding song”, এলবাম - Planet Waves, 1976) এটা নতুন কণ্ঠৰ উদয় হল এক কাঢ়া, উদ্দীপ্ত ব্যক্তিত্বৰ কণ্ঠ। ই এনে এক কণ্ঠ আছিল যি নিজৰে পূর্বৰ কিংবদন্তীবোৰৰ সীমা চেৰাই গৈছিল আৰু পৃথিবীখনে অঁকা তেওঁৰ পৰিচিত ছবিখন সলনি কৰি পেলাইছিল। এই ব্যক্তিত্বই ১৯৭৫ চনৰ Blood on the Tracks এলবামটোত তাৰ পূর্ণ প্রকাশ লাভ কৰিলে। ই সুৰ আৰু চিত্রকল্পৰ এক মাষ্টাৰপীছ আছিল, ত কবিতাৰ দৰে ব্যক্তিৰ যন্ত্রণাবোৰ ফুটি উঠিছিলঃ “I can’t feel you anymore, I can’t even touch the books you’ve read / Every time I crawl past your door, I been wishin’ I was somebody else instead / Down the highway, down the tracks, down the road to ecstasy / I followed you beneath the stars, hounded by your memory / And all your ragin’ glory,” (“Idiot Wind”)

ডিলানৰ প্রতিবাদী গীতবোৰ হৈছে চূড়ান্ত পর্যায়ৰ এয়া হৈছে এজন বিৰাট ব্যক্তিৰ প্রতিবাদ যি প্রচলিত ব্যস্থাটো মানি লব নোখোজে, যি তেওঁৰ গীতকো  শ্রেণীদ্ধকৰণৰ কৰিব খোজে। আনে তেওঁৰ বিষয়ে অঁকা ছবি একোখনৰ মাজত তেওঁ কেতিয়াও সীমাদ্ধ হৈ থাকিব নোখোজে। ডিলানৰ ভাষাতেই -

“Gentlemen, he said
I don’t need your organisation, I’ve shined your shoes
I’ve moved your mountains and marked your cards
But Eden is burning, either brace yourself for elimination
Or else your hearts must have the courage for the changing of the guards” (“Changing of the guards”, Album Street-legal, 1978).

কিন্তু তথাপিও, এই আপাত চূড়ান্ত ব্যক্তিবাদৰ মাজতো অন্যায়ৰ বিৰুদ্ধে সংগ্রামৰ প্রতি  তেওঁৰ এক অবিচল নিষ্ঠা লুকাই আছে; অন্যায় আৰু পূর্বাগ্রহৰ বিৰুদ্ধে শব্দই হৈছে তেওঁৰ অস্ত্র। তেওঁ বিখ্যাত কৃষ্ণাংগ বক্সাৰ ৰুবিন হাৰিকেনকার্টাৰৰ বাবে গীত গাইছে যাক অন্যায়পূর্ণভাৱে ১৯৬৬ চনত তিনিটা হত্যাকাণ্ডৰ বাবে অভিযুক্ত কৰা হৈছিল। Desire (1976) এলবামটোৰ হাৰিকেনগানটোত তেওঁ সমাজৰ বর্ণবাদী পূর্বাগ্রহৰ প্রকৃত ছবিখন উন্মোচন কৰিছে আৰু দেখুৱাইছে কেনেদৰে প্রচলিত আইনে একোজন নিৰপৰাধ ব্যক্তিকো কাৰাগাৰৰ অন্ধকুপলৈ ঠেলি পঠাইছেঃ  

“Now all the criminals in their coats and their ties
Are free to drink martinis and watch the sun rise
While Rubin sits like Buddha in a ten-foot cell
An innocent man in a living hell.”

কিন্তু ডিলানৰ গানবোৰ কেল সামাজিক চিন্তন তথা বৃহত্তৰ বিষয়বোৰতে সীমাদ্ধ হৈ ৰোৱা নাই। তেওঁৰ মাজত লুকাই থকা কবিজন সৰু সৰু মানুহৰ সৰু-সুৰা ট্রেজেদীবোৰৰ প্রতিও সমানেই সংবেদনশীল। হোটেলৰ এলিভেটৰত লগ পোৱা এগৰাকী ভাগৰুৱা বেশ্যাৰ জীন কাহিনীৰ পৰা তেওঁ লিখি উলিয়াইছে “Dark Eyes” (Empire Burlesque, 1985)ৰ দৰে হিয়া কঁপাই তোলা অতীব সুন্দৰ গীতঃ

“They tell me to be discreet for all intended purposes,
They tell me revenge is sweet and from where they stand, I’m sure it is.
But I feel nothing for their game where beauty goes unrecognized,
All I feel is heat and flame and all I see are dark eyes.”

ডিলানৰ বাবে মানুহৰ নিৰবিচ্ছিন্ন আগ্রহৰ কাৰণ হয়তো তেওঁৰ ব্যক্তিত্বৰ ৰহস্যময়তাৰ মাজতেই লুকাই আছে। সাংস্কৃতিক ইতিহাসত গায়ক এজনৰ বাবে এনে দীর্ঘদিনীয়া আগ্রহ খুউব কমেই দেখা পোৱা যায়। তেওঁৰ গানসমূহৰ জৰিয়তে ডিলানে বহুতো উপাখ্যান সৃষ্টি কৰিছে, পৰীৰ সাধুকথাবোৰক যেন তেওঁ সঁচা কৰি তুলিছে। তেওঁ নিজৰ নাম সলনি কৰিছে, নিজৰে ইতিহাস তথা পৰিচয় ওলোটাই পেলাইছে, পুণৰ নতুন স্ব-পৰিচয় নির্মাণ কৰিছে আৰু এইদৰেই তেওঁ নিজৰ বিষয়ে অগণন উপাখ্যান সৃষ্টি কৰিছে। ইটোৰ পাছত ইটোকৈ বিভিন্ন প্রজন্মক তেওঁ গীতেৰেই সন্মোহিত তথা বিস্ময়াভিভূত কৰি ৰাখিছে। তেওঁৰ ৰছনাবোৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমতো অন্তর্ভুক্ত কৰা হৈছে আৰু অগণন গৱেষকে তেওঁৰ সৃষ্টিকর্মৰ ন ন বিশ্লেষণ দাঙি ধৰিছে। কিন্তু তথাপিও যেন ডিলানৰ ৰহস্যৰ এতিয়াও উৰ পৰা নাই। তেওঁৰ বিষয়ে অগণন কিতাপ লিখা হৈছে, আনকি এখন চিনেমাও নির্মাণ কৰা হৈছে (I’m Not There, 2007), ত ছজন অভিনেতাই ডিলানৰ চৰিত্রত অভিনয় কৰিছে আৰু তেওঁৰ ৰাজহুৱা ব্যক্তিত্বৰ ছটা ভিন ভিন দিশ সম্পর্কে আলোকপাত কৰিছে। কিন্তু তথাপিও প্রকৃত ডিলান কোনজন সেয়া যেন এতিয়াও ৰহস্যৰ আর্তৰ মাজতেই সোমাই আছে।

প্রায়েই লেখক একোজনৰ ব্যক্তিত্ব তেওঁৰ লেখনীৰ জৰিয়তেই ফুটি উঠে। কিন্তু এইক্ষেত্রতো ডিলানে নতুন নতুন সাঁথৰহে সৃষ্টি কৰিছে। তেওঁ নিজৰ গানবোৰৰ প্রকৃত অর্থ কি সেয়া কেতিয়াও স্পষ্ট কৰা নাই। এজন চিত্রকৰৰ দৰেই তেওঁ শব্দ আৰু প্রতীকেৰে একোখন ছবি আঁকিছে আৰু তাক নিজাববীয়াকৈ বিশ্লেষন কৰিবলৈ মানুহৰ আগত আগবঢ়াই দিছে।  সম্পূর্ণ মনোগত স্তৰতহে তেওঁৰ বহুতো গীতৰ অর্থৰোদ্ধাৰ কৰাটো সম্ভপৰ হৈছে কেতিয়াবা তেওঁ তাক একোটাহঁত ধেমালি বুলিয়েই গ্রহণ কৰিছে যেন মানুহে ডিলান নামৰ ৰহস্যটিৰ অর্থ বিচাৰি হাবাথুৰি খাব আৰু তাকে চাই তেওঁ আমোদ লাভ কৰিব। তেওঁৰ আত্মজীনী Chronicles: Volume Oneত নিজৰ এটা এলবামৰ বিষয়ে তেওঁ এইদৰে লিখিছেঃ শেষত গৈ মই একোটাহঁত সম্পূর্ণ এলবাম কেল চেখভৰ চুটি গল্পৰ ভিত্তিতেই নির্মাণ কৰোঁ; সমালোচকসকলে ভাৱে - সেয়া আচলতে মোৰ আত্মজীনী ময়ো একো আপত্তি নকৰোঁ!সাধাৰণতেই তেওঁ নিজৰ এলবামসমূহৰ কোনো নামাকৰণ নকৰে বহুতেই ভাবে এইটোৰ নাম হয়তো Blood on the Tracks হব, কিন্তু নিশ্চিতকৈ কোনেও কব নোৱাৰে! তেওঁ নবেল বটা পোৱাৰ খবৰটো শুনি বিশ্বৰ বিভিন্ন প্রান্তৰ অনুগামীসকল আনন্দত মতলীয়া হৈ পৰিছে। কলেজৰ লৰা-ছোৱালীবোৰে গীটাৰত তেওঁৰ গানবোৰ বজাইছে আৰু আনন্দ কৰিছে। প্রত্যেকেই এইবিষয়ে কিবা নহয় কিবা কৈছে। মাত্র এজন মানুহ মৌন হৈ আছে, সেয়া হৈছে স্বয়ং বব ডিলান! বঁটা ঘোষণাৰ ইমান দিন পাৰ হৈ যোৱাৰ পাছতো সংগীতকাৰজনৰ কোনো খবৰ নাই। হয়তো “Frankie Lee and Judas Priest” গানটোৰ সৰু লৰাটোৰ দৰেই যি অকলে খোজ কাঢ়িছিল আৰু যাৰ his guilt so well concealed”, ডিলানেও হয়তো কৰবাত অকলে বহি এই মুহূর্তত গুণগুণাই আছেঃ “nothing is revealed!


টোকাঃ উক্ত লেখাটো অনুমতি সাপেক্ষে অনুবাদকৰ ব্লগৰ পৰা লোৱা হৈছে।
ব্লগটোৰ ঠিকনা- https://bauponthibotora.blogspot.com/2017/01/blog-post.html?m=1

Post a Comment

0 Comments