গল্পঃ দেউতাৰ সহায়/ আৰ কে.নাৰায়ণৰ গল্প


দেউতাৰ সহায়


মূলঃ Father's Help
মূল গল্পকাৰঃ আৰ.কে.নাৰায়ন
অসমীয়া অনুবাদঃ মিণ্টুল হাজৰিকা



বিচনাত শুই শুই ছোয়ামীয়ে  হঠাৎ গম পালে যে আজি সোমবাৰ৷ যদিও অলপ আগতে তাৰ  মনত ধাৰণা হৈছিল যে শুক্ৰবাৰৰ শেষ প্ৰহৰটি চলি আছে৷ কিন্তু ইতিমধ্যে সোমবাৰ আহি হাজিৰ৷ সি ভাবিলে এইমাত্ৰ এটা ভূমিকম্প আহি স্কুলৰ অট্টালিকাটো ধূলিসাৎ কৰি পেলায়৷কিন্তু আলবাৰ্ট মিছনেৰী স্কুলৰ সেই মজবুত আট্টালিকাটো  এনেকুৱা প্ৰাৰ্থনা উপেক্ষা কৰি প্ৰায় একৈছ বছৰৰ পৰা মূৰ দাঙি থিয় হৈ আছে৷

নটা বজা দেখি ছোয়ামীনাথনে আৰ্তনাদ কৰি উঠিল, "মোৰ মূৰৰ বিষ৷" তাইৰ মাকে ক’লে, ঘোঁৰা গাড়ীত উঠি গুচি যাবা ?"

"ৰাষ্টাৰ সেই মূৰত গৈ মই মৰো আৰু ন?" তুমি জানা নে ঘোঁৰা গাড়ীত ঠেকেঁচা খাই কেনে লাগে?"

" তোমাৰ বাৰু আজি কিবা জৰুৰী পঢ়িব লগা আছে?"
"বিশেষ জৰুৰী নাই! ভূগোলৰ ছাৰে এক বছৰৰ পৰাই একেবোৰকেই পঢ়াই আছে৷ আৰু অংকৰ ক্লাছ আছে,তাৰ মানে সম্পূৰ্ণ পিৰিয়ডটোতে ছাৰৰ চেকনিৰ কোব খাব লাগিব৷...জৰুৰী পঢ়া!"

আৰু তেতিয়া মাকে উদাৰ হৈ ছোয়ামীক স্কুললৈ নোযোৱাৰ পৰামৰ্শ দিলে৷

ছাৰে ন বজাত, যিসময়ত ছোয়ামীয়ে স্কুলৰ ফিল্ডত চিঞৰ বাখৰ কৰাৰ প্ৰয়োজন আছিল সেইসময়ত সি তাৰ মাকৰ বিছনাত শুই আছে৷

তাৰ দেউতাকে সুধিলে," "স্কুল নাই আজি?"

"মূৰৰ বিষ৷" ছোয়ামীয়ে উত্তৰ দিলে৷
" মিছা কথা! ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱা৷''
"মূৰৰ বিষ৷"
" সেইকাৰণে ৰবিবাৰে ইফালে সিফালে অলপ কমকৈ ফুৰা চকা কৰিলেই সোমবাৰে মূৰৰ বিষৰ অজুহাতৰ প্ৰয়োজন নহয়৷"

ছোয়ামীয়ে জানে যে তাৰ দেউতাকে তাৰ কৌশলটোকে বৰবাদ কৰি পেলালে৷ "মই ইমান পলমকৈ স্কুললৈ যাব নোৱাৰোঁ৷"

"স্কুললৈতো তুমি যাবই লাগিব সোণ কাৰণ,এইটো তোমাৰ নিজৰেই দোষ৷ নোযোৱা বুলি ভবাৰ আগতে তুমি মোক এবাৰ সুধিব লাগিছিল৷"

"কিন্তু মই ইমান পলমকৈ গ’লে ছাৰে কি ভাবিব?"

"তেওঁক ক’বা যে তোমাৰ মূৰ বিষাই আছিলে সেইবাবে পলম হ’ল৷

" এই কথা ক’লে তেওঁ মোক ধৰি পিটিব৷"

"হয় নেকি? চাওঁ,তেওঁৰ নামটো কি?"

"চেমুৱেল৷"

"তেওঁ ল’ৰাবোৰক মাৰে?"

" তেওঁ বৰ হিংস্ৰ ,বিশেষকৈ পলমকৈ অহা ল’ৰাবোৰৰ প্ৰতি৷ কিছুদিন আগতে এজন ল’ৰাই পলমকৈ অহাত সি গোটেই পিৰিয়াডটোতে কাণত ধৰি তলমূৰকৈ থাকিব লগা হৈছিল৷ মই চেমুৱেলৰ ক্লাছত পলমকৈ যাব নিবিচাৰোঁ৷"

" তেওঁ যদি ইমানেই হিংস্ৰ হয়,তেনেহ’লে তোমালোকে এই বিষয়ে হেডমাষ্টৰক কিয় কোৱা নাই?"

"সকলোৱে কয় যে হেডমাষ্টৰেও চেমুৱেলকক ভয় কৰে৷তেওঁ ইমানেই হিংস্ৰ৷"

তাৰ পিছত ছোয়ামীয়ে চেমুৱেলৰ এটা ভয়ংকৰ বৰ্ণনা দিলে৷ কেনেদৰে তেওঁ এবাৰ কাৰোবাক পিটিবলৈ আৰম্ভ কৰিলে তাৰ হাতত তেজ নেদেখালৈকে নেৰে;তাৰপিছত ল’ৰাটোক তেওঁ তেজৰ ফোঁট কঁপালত আঁকি ল’বলৈ বাধ্য কৰে৷

ছোয়ামীয়ে আশা কৰিলে যে তাৰ দেউতাকে হয়তো বুজি পাব যে সি পলমকৈ স্কুললৈ যাব নোৱাৰিব৷ কিন্তু তাৰ দেউতাকৰ ব্যৱহাৰত অপ্ৰত্যাশিতভাৱে পৰিৱৰ্তন আহিল৷তেওঁ উত্তেজিত হৈ পৰিল৷
"তেওঁলোকে আমাৰ ল’ৰাহঁতক পিটি কি বুজাবলৈ বিছাৰে? তেওঁলোকক চাকৰীৰ পৰা বৰ্খাস্ত কৰা উচিত৷মই চাই ল’ম...৷"

পৰিণতি এনে হ’ল যে , তেওঁ ছোয়ামীক স্কুললৈ পঠোৱাটোকে চ্যালেঞ্জ হিচাপে ল’লে৷ তেওঁ ছোয়ামীৰ হাত প্ৰধান শিক্ষকলৈ এখন চিঠি দি পঠাব বুলি ঠিৰাং কৰিলে৷ছোয়ামীৰ হেজাৰ আপত্তিও কাম নিদিলে৷ তাৰ স্কুললৈ যাব লগা হ’লেই৷

ছোয়ামীয়ে স্কুললৈ যোৱাৰ বাবে সাজু হৈ থাকোঁতেই তাৰ দেউতাকে চিঠি এখন লিখি খামত ভৰাই মোহৰ মাৰি দিলে৷

" তুমি ইয়াতে কি লিখিছা দেউতা?" ছোয়ামীয়ে শংকিত হৈ প্ৰশ্ন কৰিলে৷

"তোমাৰ বাবে একো নাই৷ এইটো হেডমাষ্টৰক দি তুমি ক্লাছলৈ যাবা৷"

" তুমি আমাৰ চেমুৱেল ছাৰৰ বিষয়ে কিবা লিখিছা?"

" তেওঁৰ বিষয়ে বহু কথাই লিখিছোঁ৷ তোমাৰ হেডমাষ্টৰে যেতিয়া পঢ়িব তেতিয়া তেওঁ সম্ভৱত চেমুৱেলক বৰ্খাস্ত কৰিব আৰু পুলিচক গটাই দিব৷"

"সেয়া দেউতাই কি কৰিলে?"

" তেওঁ যি যি কৰিছে তাৰ সমস্ত কথাৰ বিৱৰণ ইয়াত আছে৷ তুমি তোমাৰ হেডমাষ্টৰক দি ক্লাছলৈ যাবা৷ তেওঁৰ মতামত লৈহে আবেলি তুমি ঘৰলৈ উভতিবা৷"

স্কুললৈ গৈ থাকোঁতে ছোয়ামীয়ে ভাবিলে যে সি পৃথিৱীৰ সকলোতকৈ বেয়া মিছলীয়া৷ তাৰ নৈতিকতাবোধে তাক মনোকষ্ট দিবলৈ ধৰিলে৷সি নাজানে যে চেমুৱেল সম্পৰ্কে তাৰ দিয়া সমস্ত বৰ্ণনা এটাও সঠিক নাছিল৷ তাৰ কোৱা কথাৰ কিমানখিনি বাস্তৱ আৰু কিমানখিনি কল্পিত আছিল সেই সম্বন্ধে সি নিশ্চিত হ’ব পৰা নাছিল৷

চেমুৱেল সম্পৰ্কে তাৰ ধাৰণাবিলাক স্থিৰ কৰাৰ বাবে সি ৰাষ্টাৰ কাষত কিছুসময়ৰ কাৰণে থিয় হৈ ৰ’ল৷ তেওঁ মানুহ হিচাপে সিমান বেয়া নহয়৷ ব্যক্তি হিচাপে তেওঁ আনতকৈ অমায়িক৷ মাজে মাজে তেওঁ ছোয়ামীৰ এলেহুৱা ভাৱটোক কেন্দ্ৰ কৰি  দুই এবাৰ ঠাট্টা কৰিছে আৰু ছোয়ামীয়ে সেইটোকে তাৰ প্ৰতি চেমুয়েলৰ ব্যক্তিগত বিবেচনা হিচাপে ভাবে৷কিন্তু ইয়াত কোনো সন্দেহ নাই যে চেমুৱেল মানুহৰ লগত বেয়া ব্যৱহাৰ কৰে বা তেওঁৰ চেকনিয়ে মানুহৰ হাতৰ ছাল চেলাই দিয়ে৷

ছোয়ামীয়ে এনেবোৰ ঘটনাৰ উদাহৰণ মনত পেলোৱাৰ চেষ্টা কৰিবলৈ ধৰিলে৷ কিন্তু সি জনাত এনে কোনো ঘটনাৰ দৃষ্টান্ত নাই৷

বহু বছৰ আগতে প্ৰথম শ্ৰেণীৰ এজন ল’ৰাৰ আঙুলিৰ  গাঁঠিৰ ছাল এৰুৱাই পেলোৱাৰ কাহিনী বিখ্যাত হৈছিল৷ প্ৰকৃতপক্ষত এই ঘটনা কোনেও দেখা নাছিল৷কিন্তু বছৰ বছৰ ধৰি গল্পটো  ছাত্ৰসকলৰ মাজত প্ৰচলিত আছিল৷

চেমুৱেলৰ চৰিত্ৰ প্ৰকৃততে ভাল নে বেয়া, তেওঁ প্ৰকৃততে চিঠিত লিখা অভিযোগবিলাকৰ বাবে যোগ্য হয় নে নহয়-- এই বিভ্ৰান্তিতে ছোয়ামীৰ মূৰ ঘুৰাবলৈ ধৰিলে৷ তাৰ মন গ’ল সি যেন ঘৰলৈ দৌৰি গৈ দেউতাকক চিঠিখন ঘূৰাই নিবলৈ অনুৰোধ কৰিব৷ কিন্তু তাৰ দেউতাক আছিল একেবাৰে আকোঁৰগোজ ধৰণৰ৷

স্কুলৰ হালধীয়া ৰং কৰা অট্টালিকাটোৰ ওচৰলৈ আহি মনতে ভাবিলে সি যেন নিজকে মিছা কথা কৈছে আৰু তাৰ শিক্ষাগুৰুৰ ক্ষতি কৰিছে৷ হেডমাষ্টৰে সম্ভৱত চেমুৱেলক বৰ্খাস্ত কৰিব আৰু তাৰপিছত পুলিচে তেওঁক জেলত ভৰাই থ’ব৷তেওঁৰ এই অসন্মান ,অপমান আৰু দুৰ্দশাৰ কাৰণে কোনে দায়ী হ’ব? ছোয়ামীৰ গা কঁপি উঠিল৷যিমানে সি চেমুৱেলৰ কথা চিন্তা কৰিবলৈ ধৰিলে সিমানে সি মনোকষ্ট পাবলৈ ধৰিলে৷ তাৰ ক’লা পৰি যাব ধৰা চেহেৰা , সৰু হৈ পৰা ৰঙা চকুহাল, সূক্ষ্ম গোঁফৰ ৰেখা, কমনীয় গাল আৰু থুতুৰি,হালধীয়া বৰণৰ কোট এইসকলো চিন্তাই ছোয়ামীক চিন্তিত কৰি তুলিলে৷ যেতিয়াই সি তাৰ পকেটৰ ভিতৰত খামটোৰ অস্তিত্ব অনুভৱ কৰিছিল,তেতিয়াই তাৰ মনত পৰিছিল সি এজন জল্লাদ৷ এক মূহুৰ্তৰ কাৰণে সি নিজৰ দেউতাকৰ ওপৰত খং খাই উঠিল আৰু ভাবিলে এনেকুৱা যুক্তিহীন আৰু জেদী এজন মানুহৰ চিঠি সি ছিঙি পেলোৱা নাই কিয়৷

সি যেতিয়া স্কুলৰ গেটৰ ভিতৰত সোমাল,তাৰ মূৰত এটা বুদ্ধি খেলালে ৷ সি এতিয়াই হেডমাষ্টৰক চিঠিখন নিদিয়ে৷ দেউতাকৰ অবাধ্য হৈ আৰু নিজৰ স্বাধীনতাৰ প্ৰয়োগ কৰি দিনৰ শেষত চিঠিখন দিব৷ এনে কৰিলে বিশেষ একো নহয় আৰু দেউতাকেও গম নাপায়৷  তদুপৰি সি যদি দিনৰ শেষত চিঠিখন দিয়ে তেতিয়াহ’লে চেমুৱেলে এনেকুৱা কিবা কাম কৰি পেলাব পাৰে যাতে চিঠিৰ সত্যতা প্ৰমাণিত কৰাৰ সুযোগটো আহে৷

ছোয়ামীয়ে ক্লাছৰ দুৱাৰমুখত থিয় দি থাকিল৷চেমুৱেলে তেতিয়া গণিত শিকাই আছিল৷ তেওঁ কিছুসময় ছোয়ামীৰ পিনে চাই থাকিল৷ ছোয়ামীয়ে ভাবিছিল চেমুৱেলে তাৰ ওপৰত জঁপিয়াই পৰিব আৰু তাৰ ছাল এৰুৱাই দিব৷ কিন্তু তেওঁ কেৱলমাত্ৰ সুধিলে,"তুমি এতিয়া ক্লাছলৈ আহিলা যে?"

"হয় ছাৰ৷"

"ঠিক আছে, বহা৷"

ছোয়ামীয়ে বহিলে আৰু ভাবিবলৈ ধৰিলে চেমুৱেলৰ হৈছে কি৷ ক্লাছ শেষ হৈ গ’ল আৰু ছোয়ামীয়ে বৰ নিৰানন্দ বোধ কৰিবলৈ ধৰিলে৷

সেইদিনা শেষৰ ক্লাছটো আকৌ চেমুৱেলে ল’লে৷ ক্লাছ ৩:৪৫ বজাত আৰম্ভ হ’ল আৰু ৪:৩০ বজাত শেষ হোৱাৰ কথা আছিল৷ তেওঁ এইবাৰ 'ভাৰতীয় ইতিহাস' পঢ়াবলৈ আৰম্ভ কৰিলে৷

ইয়াৰ আগৰ পিৰিয়ডবোৰত ছোয়ামীয়ে গভীৰ চিন্তাত মগ্ন আছিল৷ কিন্তু চেমুৱেলক খং তোলাৰ বা উত্তেজিত কৰাৰ কোনো পৰিকল্পনাই সি কৰিব পৰা নাছিল৷ ঘড়ীত চাৰি বজাৰৰ লগে লগে ছোয়ামীয়ে হয় মৰিম নহয় মাৰিম ভাবেৰে সাজু হ’ল৷ আৰু মাত্ৰ আধাঘণ্টা সময় আছে৷ চেমুৱেলে এখন কিতাপ পঢ়ি আছিলে য’ত ভাস্কো ডা গামাই ভাৰতলৈ অহাৰ কথা বৰ্ণনা আছে৷ ছাত্ৰসকলে মন দি শুনি আছিল৷ ছোয়ামীয়ে চিঞৰি ক’লে,"কিয় কলম্বাছে ভাৰতলৈ অহা নাই নেকি ছাৰ?"

" তেওঁ বাট হেৰুৱাই পেলাইছিল৷"

" মই বিশ্বাস কৰিব পৰা নাই,এইটো মিছা কথা ছাৰ৷"

"কিয়?"

" ইমান মহান মানুহ;তেওঁ কি ৰাষ্টা চিনি নাপায়?"

" চিঞৰি নাথাকিবা মই তোমাৰ কথা ভালদৰেই শুনিবলৈ পাইছোঁ৷"

"মই চিঞৰা নাই,ছাৰ, এইটো মোৰ স্বাভাৱিক মাত যিটো ভগবানৰ দান৷মইনো কি কৰিব পাৰিম?"

" তুমি চুপ হৈ বহি থাকা৷''

ছোয়ামীনাথনে বহিল৷ নিজৰ সাফল্যতাত সি কিছুপৰিমানে আনন্দিত হ’ল৷

শিক্ষকজনে কিছুসময় তধা তথা সন্দেহভাবেৰে তাৰ পিনে চালে আৰু পুনৰ পঢ়াবলৈ আৰম্ভ কৰিলে৷

ইয়াৰ পিছত সুযোগ আহিল যেতিয়া প্ৰথম বেঞ্চত বহা শংকৰে সুধিলে," ছাৰ, ভাস্কো-ডা-গামা ভাৰতলৈ অহা প্ৰথমজন ব্যক্তি আছিল নে?"

শিক্ষকে উত্তৰ দিয়াৰ আগতে পিছফালৰ বেঞ্চৰ পৰা ছোয়ামীয়ে চিঞৰি উঠিল,"সকলোৱেতো তাকেই কয়৷"

শিক্ষক আৰু আটাইবোৰ ল’ৰাই তাৰ পিনে চালে৷ ছোয়ামীৰ আজিৰ অবাঞ্ছিত ব্যৱহাৰত চেমুৱেল অবাক হৈ পৰিছিল৷" ছোয়ামীনাথন,আকৌ চিঞৰিছা তুমি?"

মই চিঞৰা নাই ছাৰ৷ ভগবানে দিয়া কণ্ঠ মইনো কি কৰিব পাৰোঁ?" স্কুলৰ ঘঁড়ীটোৱে সোঁৱৰাই দিলে যে এক ঘণ্টা শেষ হ’ল; আৰু পোন্ধৰ মিনিট৷ ছোয়ামীয়ে ভাবিলে যে এই পোন্ধৰ মিনিটতে তাৰ সাংঘাতিক কিবা এটা কৰিব লাগিব৷ চেমুৱেলে কেইবাবাৰো তাচ্ছিল্য আৰু তিৰস্কাৰো কৰিলে কিন্তু এইখিনিয়েই যথেষ্ট নহয়৷ছোয়ামীয়ে ভাবিলে যে আৰু অলপ চেষ্টা কৰিলেই চেমুৱেলক বৰ্খাস্ত আৰু কাৰাৰুদ্ধ কৰিব পৰা যাব পাৰে৷ চেমুৱেলে  কিতাপৰ এটা অংশ শেষ কৰি ৰৈ গ’ল৷ তেওঁ ক’লে যে তেওঁ বাকী সময়খিনি ছাত্ৰসকলক প্ৰশ্ন সুধিব৷

তেওঁ ক্লাছৰ সকলোকে কিতাপ আঁতৰাই ৰাখিবলৈ নিৰ্দেশ দিলে আৰু দ্বিতীয় শাৰীত বহা এজনক সুধিলে,"ভাস্কো ডা গামাই ভাৰতলৈ অহাৰ তাৰিখ কিমান?"

ছোয়ামীয়ে হঠাৎ কৰ্কশ মাতেৰে ক’লে,"১৬৪৮,ডিচেম্বৰ ২০৷"

" তুমি চিঞৰাৰ প্ৰয়োজন নাই," চেমুৱেলে ক’লে৷

তেওঁ সুধিলে ," তোমাৰ মূৰৰ বিষে তোমাৰ মূৰটোকে বেয়া কৰি দিছে?"

"মোৰ এতিয়া মূৰৰ বিষ নাই ছাৰ৷", সি বজ্ৰধ্বনিৰ দৰে উত্তৰ দিলে৷

"বহা,মূৰ্খ ক’ৰবাৰ৷" ছোয়ামীক মূৰ্খ বুলি কোৱাত সি ৰোমাঞ্চিত হৈ পৰিল৷

"আকৌ যদি তুমি থিয় হোৱা তেতিয়াহ’লে তোমাক চেকনিৰে কোবাম৷" শিক্ষকে ক’লে৷ ছোয়ামীয়ে এই প্ৰতিশ্ৰুতিৰ কথা শুনি আনন্দ মনেৰে বহিল৷


শিক্ষকজনে তেতিয়া ক’লে," মই মোগলৰ সময় সম্পৰ্কে কিছু প্ৰশ্ন কৰিম৷ মোগল ৰজাসকলৰ ভিতৰত কোনজনক তোমালোকে সকলোতকৈ মহান,কোনজনক সকলোতকৈ শক্তিশালী আৰু কাক সকলোতকৈ ধৰ্মপৰায়ণ বুলি ক’বা?"

ছোয়ামীয়ে থিয় হ’ল৷ তাক দেখা মাত্ৰকে শিক্ষকজনে ধমক দি ক’লে,"বহা"৷

" মই উত্তৰ দিব বিচাৰোঁ ছাৰ৷"

" বহা৷"
" নহয়,ছাৰ,মই উত্তৰ দিব বিচাৰোঁ৷"

" তুমি আকৌ উঠিলে মই কি কৰিম বুলি কৈছিলোঁ?"

" আপুনি কৈছিলে যে আপুনি মোক চেকনিৰে কোবাব আৰু মোৰ আঙুলিৰ ছাল এৰুৱাই দিব আৰু সেইটো মোৰ কঁপালত লগাবলৈ বাধ্য কৰাব৷"

" ঠিক আছে,এইফালে আহা৷"

ছোয়ামীনাথনে আনন্দ মনেৰে বহা ঠাইৰ পৰা উঠি সন্মুখত গৈ থিয় হ’ল৷ চেমুৱেলে ড্ৰয়াৰৰ পৰা চেকনি উলিয়াই খঙত অগ্নিশৰ্মা হৈ চিঞৰি উঠিল, "হাত দিয়া,বদমাছ ক’ৰবাৰ৷"

দুয়োখন হাততে তিনিবাৰকৈ কোবালে৷ছোয়ামী সংকুচিত নহৈ কোববোৰ গ্ৰহণ কৰিলে৷

আধা ডজন কোবোৱাৰ পিছত তেওঁ সুধিলে,"ইমানখিনিয়ে যথেষ্ট নে আৰু লাগিব?" ছোয়ামীয়ে আকৌ হাতখন আগবঢ়াই দিলে আৰু দুকোব খালে; সেইসময়তে ঘণ্টাৰ ধ্বনি শুনা গ’ল৷

ছোয়ামীয়ে বেজাৰ মনেৰে তাৰ পৰা জঁপিয়াই নামিলে,তথাপিও তাৰ হাতত সি হুল ফুটাৰ দৰে দুখ অনুভৱ কৰিলে৷সি নিজৰ কিতাপবোৰ ল’লে, পকেটৰ পৰা চিঠিখন উলিয়ালে আৰু হেডমাষ্টৰৰ কোঠাৰ পিনে দৌৰিলে৷সি পিয়নজনক সুধিলে," হেডমাষ্টৰ কোনফালে?"

" তেওঁক তোমাৰ কিয় দৰকাৰ?"

" আমাৰ দেউতাই তেওঁৰ বাবে এখন চিঠি দিছে৷"

তেওঁচোন আজি দুপৰীয়াই ছুটি লৈছে,আগন্তুক দুসপ্তাহ তেওঁ আৰু নাহে৷ তুমি এছিচটেণ্ট হেডমাষ্টৰক চিঠিখন দিব পাৰা৷"

" তেওঁ কোন ?"

" তোমালোকৰ ছাৰ চেমুৱেল৷ কেই চেকেণ্ডমান পিছতে তেওঁ আহিব৷"

" ছোয়ামীনাথন তাৰ পৰা গুছি গ’ল৷ চিঠিসহ সি যেতিয়া ঘৰ সোমাল তাৰ দেউতাকে মন্তব্য কৰিলে," মই জানো তুমি চিঠিখন দিব নোৱাৰিলা, ভয়াতুৰ ক’ৰবাৰ৷"

"মই শপত খাইছোঁ,আমাৰ হেডমাষ্টৰ ছুটিত আছে৷" ছোয়ামীয়ে আৰম্ভ কৰিলে৷

দেউতাকে ক’লে,"তোমাৰ ভীৰুতাক ঢাকিবলৈ মিছা কোৱাৰ প্ৰয়োজন নাই৷"

ছোয়ামীয়ে খামটো দেখুৱাই ক’লে," হেডমাষ্টৰ উভতি আহিলে মই এইটো তেওঁক দিম৷"

দেউতাকে তাৰ হাতৰ পৰা চিঠিখন কাঢ়ি নি ছিঙি পেলালে আৰু টেবুলৰ তলত থোৱা ডাচবিনটোত পেলাই দিলে৷ তেওঁ বিৰবিৰাই ক’লে," ইয়াৰ পিছত চেমুৱেলে তোমাৰ ডিঙি চেপি ধৰিলেও মোৰ ওচৰত নাহিবা৷ তুমি তোমাৰ চেমুৱেলৰেই যোগ্য৷"


গল্পকাৰৰ পৰিচয়ঃ ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণ
ৰ জন্ম ১৯০৬ চনত মাদ্ৰাজত (বৰ্তমান চেন্নাই) ৷ তেওঁৰ প্ৰথম উপন্যাস swami and friends ১৯৩৫ চনত প্ৰকাশ হৈছিল ৷ “দ্যা গাইড” নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছে ৷ ভাৰতৰ তৃতীয় আৰু দ্বিতীয় সর্বোচ্চ অসামৰিক সন্মান যথাক্রমে পদ্মভূষণ আৰু পদ্মবিভূষণ লাভ কৰিছে ৷

Post a Comment

1 Comments