ইংৰাজী: চেস্বোৱাফ মিলোজ
লিঅ'নাৰ্ড নাথান
অসমীয়া ভাষান্তৰ: দ্বিজেন কুমাৰ দাস
এক:
যিদৰে গছৰ আছে বতাহৰ প্ৰতি
সাগৰৰ প্ৰতি শঙ্খৰ
যিদৰে জীৱনৰ আছে যন্ত্ৰণাৰ প্ৰতি
মৃত্যুৰ প্ৰতি সময়ৰ
-- দুৰ্নিবাৰ ভালপোৱা
তেনে ভালপোৱাৰেই মই পূৰ্ণ এতিয়া৷
দুই:
সেউজীয়াৰ মাজতে
আমাৰ ভালপোৱাৰ বাহ সাজিছা
মোহাৰি পেলোৱা ফুলবোৰলৈ
মন জানো কৰিছা?
তিনি:
মই সাঁতুৰিলোঁ মোৰ পৰা
নামাতিবা
তাতকৈ আহা সাঁতুৰি
তোমাৰ পৰা
আহা
দুয়ো একেলগে সাঁতোৰোঁ-- শৰীৰ এৰি
দুয়োৰে পৰা
আমাৰ শৰীৰ দুটা
হৈ ৰওঁক এযোৰ চেণ্ডেল
সাগৰ পাৰত পৰি থকা!
চাৰি:
মোৰ লগত দুটা আলু
তাকে দেখি আগবাঢ়ি আহিল
এজনী তিৰোতা
কিনিব বিচাৰিলে মোৰ পৰা
ঘৰত তেওঁৰ ছোৱালী- ল'ৰা
লুকাই থ'লো আলু দুটা
নিদিলো তেওঁক
ঘৰত মোৰ মা!
কবি পৰিচয় :
পোলেণ্ডৰ কবি আন্না শ্বিৰৰ প্ৰকৃত নাম আন্না
শ্বিৰছজাইনস্কা৷ ১৯০৯ চনত প'লেণ্ডৰ ৱাৰশ্ব'ত জন্ম, মৃত্যু ১৯৮৪ চনত৷ পলমকৈ গুৰুত্ব লাভ কৰা এইগৰাকী কবিৰ কবিতাত দ্বিতীয় বিশ্বযুদ্ধ, মাতৃভূমি, নাৰীমন, আদি বিষয়ক ঘাই
উপজীৱ্যৰূপে দেখা পোৱা যায়৷
উল্লেখযোগ্য গ্ৰন্থ:
বিল্ডিং দ্য বেৰিকেড, টকিং টু মাই বডি, হেপী এজ ডগছ টেইল ইত্যাদি
0 Comments