গল্পঃ ডালিম / কাৱাবাটা য়াচুনাৰি (জাপান)


ডালিম (The Pomegranate)

মূল গল্পকাৰ : কাৱাবাটা য়াচুনাৰি (Kawabata Yasunari)
অনুবাদঃ অবন্তিকা পৰাশৰ

Kawabata Yasunari


যোৱা নিশা মাকৰ ঘৰলৈ বুলি ঢাপলি মেলা বৰদৈচিলা জাকে ডালিমজোপা একেবাৰে লঠঙা কৰি থৈ গ’ল । সৰা পাতবোৰ এতিয়া আলই আথনি হৈ গছজোপাৰ গুৰিতে পৰি আছে ।

পুৱা শোৱাপাটি এৰাৰ পাছতে গছজোপাৰ লঠঙা ৰূপটো দেখি কিমিকো চক খাই উঠাৰ দৰে হ'ল। সৰা  পাতবোৰৰ নিজৰ মাজতে থকা মৰম দেখি তাই তবধ মানিলে। এনেহেন বতাহে আলফুলিয়া পাতবোৰ 
তচ-নছ কৰি পেলাব বুলিয়েই তাই ধৰি লৈছিল ।

গছজোপাত এতিয়া মুঠেই এটা ডালিমহে বাকি ৰৈছেগৈ। এটা সজীৱ,  ৰসাল  ডালিম।  হ'ব'  পাৰে  অকলশৰীয়া,  কিন্তু পকি ৰসেৰে  চপচপিয়া হৈ আছে ।

“মা বাহিৰলৈ আহি এবাৰ চাই যা চোন” কিমিকোই মাকক চিঞৰিলে ।

“এৰাতোন, মই পাহৰিয়েই গৈছিলো " ক'ব লাগে কাৰণে কিবা এষাৰ কৈ মাক পাকঘৰলৈ উভটি গ'ল ।

কথাটোৱে কিমিকোক সিহঁতৰ অকলশৰীয়া অৱস্থাটোৰ কথা আকৌ এবাৰ মনত পেলাই দিলে। বাৰাণ্ডাখনৰ এইখিনিৰ পৰা ডালিমটোক কিমান মৰম আকুলৱা অথচ অকলশৰীয়া যেন লাগিছে ।

দুসপ্তাহ মান আগতে তাইৰ সাত বছৰীয়া ভতিজাকটো ফুৰিবলৈ আহিছিল। অকলশৰীয়া ডাল এটাত ওলমি থকা এই ডালিমটোত পোনেই চকু গ'ল তাৰ (তেতিয়া অৱশ্যে সেইটো পাতৰ আঁৰত মুখ গুজি লুকাই আছিল)। সময় নষ্ট নকৰি সি গছডাল বগাবলৈ ধৰিলে। কিমিকোৰ এনে লাগিল যেন তাই হঠাতে জীৱন্ত হ'বলৈ আৰম্ভ কৰিছে ।

"সৌৱা, অলপ ওপৰলৈ । তাত ডাঙৰ এটা ডালিম আছে " তাই বাৰাণ্ডাৰ পৰাই চিঞৰিলে ।

"সেইটো থাকিলে মই নামি আহিম কেনেকৈ ?"

কথাটো মিছা নহয়। ডালিমভৰ্ত্তি হাতেৰে বগুৱা বাই নামি অহাটো তাৰ দৰে অকমাণিটোৰ বাবে দুৰুহ কাম। কিমিকোই হাঁহিলে । কেনে মৰমলগা সি, তাইৰ হিয়াৰ আমঠু ।

সি অহাৰ আগলৈকে কোনেও ডালিমটোৰ কথা ভবাই নাছিল। আৰু এতিয়া সি যোৱাৰ পাছত ডালিমৰ প্ৰসঙ্গটো পুনৰ অলাগতিয়াল হৈ পৰিল ।

মৰম পাবলৈ টান, পোৱা মৰম পাহৰাটো দুৰূহ। 

হয়তো সেয়ে অভিমানতে ডালিমটো পাতৰ আৰত মুখ গুজি লুকাই আছিল কিন্তু এতিয়া লাজৰ ওৰণি ফালি পকা ৰসাল ডালিমটোৱে উজ্জ্ৱল আকাশখনৰ বিপৰীতে মিচিকিয়াব ধৰিছে।

ডালিমটোৰ জোৰ দেখি কিমিকোই তবধ মানিলে। চুকতে থকা বাঁহৰ ডাৰিডাল লৈ তাই ওলাই গ'ল আৰু ডালিমটোক খামুছি ধৰি থকা লেহুকা ঠানিটোৰ 
গুৰিতে খুঁচি দিলে

মাটিত পৰাৰ লগে লগে পূৰঠ ডালিমটো সামান্য ফাটি গুটি দুটামান চিটিকি পৰিল। ৰসেৰে টুপটুপিয়া 
কণমানি গুটি কেইটা তেনেকৈ পৰি থকা দেখি কিবা এটা অনামী অনুভৱত কিমিকো সামান্য জিকাৰ খাই 
উঠিলহয়তো মনে  মনে দোষী অনুভৱ কৰিলে তাই
দিনৰ প্ৰায় দহমান বাজিছে ওপৰৰ কোঠাত বহি চিলাই কৰি আছিল তাই

তেনেতে কেইকিচিৰ মাত তাইৰ  কাণত পৰিল। মাতটো বাগিছাৰ ফালৰ পৰা আহিছে কি বা কথাদুৱাৰখোলা থকা সত্বেও সি ভিতৰলৈ সোমাই  অহা নাই, মাততো জড়তাৰ ৰেষ 
"কিমিকো , আইজনী " মাকে মাতিলে তাইক "এয়া চাহি কেইকিচি আহিছে "

মনৰ ভিতৰৰ উখল-মাখল বোৰ মনৰ মাজতে থুপাই থৈ কিমিকোই বেজীৰ পৰা সূতাডাল আতৰালে আৰু 
চিলাই বাকচটোৰ এঠাইত গোজা মাৰি থৈ তেনেকৈয়ে বহি ৰ'লডেউকা মেলি উৰিব খোজা তাইৰ মনটোক কিবা এটাই যেন মূহূৰ্তৰ ভিতৰতে জপটিয়াই ধৰিলে

কেইকিচি যুদ্ধলৈ যাবলৈ ওলাইছে"তুমি গুছি যোৱাৰ আগতে এবাৰ হ'লেও দেখা কৰিবলৈ কিমিকোই 
বৰকৈ ইচ্ছা কৰি আছিল।” 
মাকে কৈ থকা কথাবোৰ তাই ভালদৰে শুনিলে "পাছে আগতিয়া অনুমতি নহ'লে আমি যাব নোৱাৰোইমানদিনতো তোমালৈ ৰৈ থাকোতেই গ'ল আজি আহিছা, ভাল কৰিছা "

মাকে তাক তাতেই দুপৰীয়াৰ ভাতসাজ খাই যাবলৈ ক'লে । পাছে সি নোৱাৰে, বৰ ল'ৰাল'ৰি

“তেনেহ'লে ডালিম এটাকে খোৱা ঘৰৰে ডালিম" এইবুলি তাৰ হাতত পুৱা চিঙা ডালিমটো গুজি দি তেওঁ আকৌ জীয়েকক মাতিলে

ধীৰ খোজেৰে তললৈ নামি অহা কিমিকোলৈ কেইকিচিয়ে পলক নেপেলোৱাকৈ চাই ৰ'ল, মুখেৰে একো 
নেমাতিলেতাৰ শান্ত্ব চকুজুৰিত অলেখ ভাৱৰ থৌকি-বাথৌ খেলা,তাৰে কিছুমানে আহি ক'ব নোৱা্ৰাকৈ তাইকো খুণ্ডা মাৰি থৈ গ'লকিবা এক আৱেগে কিমিক'ক  জুৰুলি জুপুৰি কৰি পেলালে- চিৰিটোৰ কাষতে এঠা লাগি ৰ'ল তাই

উমাল হৈ সেমেকি উঠা এয়া তাৰেই চকু নে! কিবা এটা হ'ল কেইকিচিৰ, জিকাৰ মাৰি উঠিল সি আৰু লগে লগে হাতত লৈ থকা ডালিমটোও টুপুককৈ সৰি পৰিল

দুয়োৱে দুয়োলৈ চাই হাঁহিলে কোমল, মিঠা হাঁহি লাজতে কিমিকোৰ গাল দুখন পুৰঠ ডালিমগুটিৰ দৰে ৰঙচুৱা হৈ পৰিল
" ভালকৈ থাকিবা  নিজৰ খায়াল ৰাখিবা "

"তুমিও ৰাখিবা"

তাৰ পিছত সি গুছি গ'ল

নেদেখা হোৱাৰ পাছতো কেইকিচি যোৱা বাটটোলৈ তাই নিমিষ নকাঢ়াকৈ চাই ৰ'ল

"এনেকৈ বাৰু গুছি যাব লাগেনে ল'ৰাটো" মাকে ভোৰভোৰালে," ভালৰো ভাল ডালিমটো তাক দিছিলো "

ডালিমটো বাৰাণ্ডাত তেনেকৈয়েই পৰি আছে

ধূলি-বালিৰে লেটি-পেটি হোৱা ডালিমটো ভালদৰে ধূই আনি মাকে তাইক খাবলৈ ক'লে

কিন্তু খাও বুলি ডালিমটো বখলিয়াবলৈ লওতেই কিমিকো সামান্য দোমোজাত পৰিল

কেইকিচিয়ে যোৱাৰ আগমুহূৰ্তত ডালিমটোৰ গুটি দুটামান হাতৰ টিপতে লৈ গৈছে নেকি বাৰু!

মাকৰ কাঢ়া দৄষ্টিৰ আগত তাই গুটি দুটামান মুখত দিব লগীয়া হ'লটেঙা মিঠা সোৱাদ এটাই মূহূৰ্ততে তাইক  আবৰি পেলালেদুখে তাইক ঘেৰি পেলাইছে হয়, পাছে তাৰ মাজতে যেন এধানিমান আনন্দ আৰু আশাই  উকমুকাব ধৰিছে  তাইৰ মনৰ মাজৰ ধুমুহাখনৰ উমাম কোনেনো পাব !

তাইক তেনেকৈয়েই এৰি মাক মুখ চোৱা আইনাখনৰ কাষ পালেগৈ আৰু ক'লে,"চাচোন মোৰ চুলিখিনিফণিয়াবলৈও সময়  নহ'ল  এনে জাধলীজনী হৈ মই বাৰু ল'ৰাটোৰ আগত ওলাব লাগেনে !"

 দীঘল চুলিকোছা ফণিয়াওতে হোৱা মিহি খচখচনিবোৰে তাইক মাকৰ পুৰণা দিনবোৰৰ কথা সোৱৰাই 
দিলে

" দেউতাৰে ঢুকুওৱাৰ পাছত চুলি চুবলৈয়েই সাহস কৰিব পৰা নাছিলো মই", মাকে আপোনমনে কৈ গ'ল,"চুলিকোছা চুলেই মই নিজৰ মাজত নোহোৱা হৈ গৈছিলো।
দেউতাৰে তেতিয়া এইখিনিতে ৰৈ মই মোৰ মাজৰ পৰা ওলাই অহালৈ অপেক্ষা  কৰিছিল "

দেউতাকৰ পাতত ৰৈ যোৱা খিনি  মাকে চুজি-মাজি খোৱাৰ পুৰণা অভ্যাসটোৰ কথা তাইৰ মনত পৰিল
এক অনামি আনন্দত অকস্মাতে তাইৰ চকুজুৰি সজল হৈ পৰিল

পেলাই দিয়াতকৈ খাই থোৱাই ভাল বুলি মাকে তাইক ডালিমটো দিছিল  তাৰ বাহিৰে আন কোনো কাৰণ হ'বই নোৱাৰে  পতানলৈকে কামত লগোৱাটো তাইৰ মাকৰ অভ্যাস 

ভালপোৱাৰ আৱেগত থৌকি-বাথৌ কিমিকোৰ মাকৰ আগত ঠিয় হ'বলয়ো লাজ লাগি গ'ল

জানি শুনি বা ক'ব নোৱাৰাকৈ যিয়েই নহওক কিয়,কিমান সুন্দৰকৈ কেইকিচিয়ে তাইৰ পৰা বিদায় ল'লেএতিয়াতো তাই বিনা দ্বিধাই সি উভটি অহালৈ অপেক্ষা কৰিব

কিমিক'ই মাকলৈ চালে । দুৱাৰৰ কাষত মাকে বহা ঠাইখিনি ৰ'দে ঢৌৱাই পেলাইছে

কোচত পেলাই থোৱা ডালিমটোত আৰু একামোৰ বহুৱাবলৈ ভয় লাগিল তাইৰ


গল্পকাৰৰ পৰিচয় : জন্ম – ১৮৯৯ চনত। এই গৰাকী জাপানী গল্পকাৰ তথা উপন্যাসিকে গদ্য সাহিত্যৰ বাবে ১৯৬৪ চনত নবেল বঁটা লাভ কৰিছিল। The Dancing Girl of Izu, The Scarlet Gang of Asakusa, Snow Country, Snow Country আদি তেখেতৰ উৎকৃষ্ট সংকলন । ১৯৭২ চনত তেওঁ আত্মহত্যা কৰে।


অনুবাদকৰ কৰ্মৰাজী : ৰেলপথৰ অকণিহঁত, এডইথ নেছবিট ।
ৰজা চ’ল’মনৰ খনি, এইচ ৰাইজৰ হেগাউ ।
মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ আত্মজীৱনী ।
ফিনিক্স আৰু যাদুকৰী দলিছা, এথিউ নেছবিট ।




Post a Comment

0 Comments