প্ৰেমৰ চিঠি / জিমি হেণ্ডৰিক্সে অনামি প্ৰেমিকালৈ লিখা চিঠি


জিমি হেণ্ডৰিক্সে অনামি প্ৰেমিকালৈ লিখা চিঠি -

অনুবাদঃ লিজা বৰা



কণমানি ছোৱালী

সুখবোৰ তোমাৰ নিজৰ ভিতৰতেই আছে...সেয়ে অন্তৰৰ পৰা শিকলিবোৰ ভাঙি পেলোৱা আৰু নিজকে বাঢ়িবলৈ দিয়া-

তুমি এপাহি সুবাসিত ফুলৰ দৰে...

মই জানো উত্তৰটো-
তোমাৰ ডেউকা দুখন ব্যাপ্ত কৰি দিয়া আৰু নিজকে স্বাধীন কৰি তোলা৷

সদায়েই ভাল পাওঁ তোমাক


জিমি হেণ্ডৰিক্স




টোকাঃ জিমি হেণ্ডৰিক্স আছিল বিংশ শতিকাৰ আমেৰিকাৰ প্ৰখ্যাত গিটাৰিষ্ট৷ গিটাৰ বাদনৰ উপৰিও তেওঁ আছিল একাধাৰে এগৰাকী গায়ক,সুৰকাৰ, লেখক৷ খুউব কম সময়ৰ বাবেহে তেওঁ সংগীত জগতৰ সৈতে জড়িত আছিল যদিও সংগীতপ্ৰেমীয়ে আজিও তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে৷
তেওঁৰ জন্ম ১৯৪২ চনৰ ২৭ নৱেম্বৰত৷
মৃত্যু ১৯৭০ চনৰ ১৮ ছেপ্তেম্বৰত লণ্ডন ।

Post a Comment

1 Comments