প্ৰথম লোকচান (First - loss )
মূল - ৱন গ্যেটে
অনুবাদ - দাৰ্মী
উস ! বাৰু কৰিব নে প্ৰত্যাৰ্পণ কোনোবাই
কেতিয়াবা সেই দিনবোৰ
প্ৰথম প্ৰেমৰ সেই উজ্জ্বল দিনবোৰ
কোনেনো কৰিব স্বীকাৰ প্ৰথম পলবোৰ
যি সময়ত স্নেহাৰ্দ্ৰভাবে লালিত হৈছিল !
নীৰৱতাৰে পৰিপুষ্ট কৰোঁ মোৰ জখম ,
আৰু মোৰ চিৰ হাহাকাৰৰ সৈতে
বিষাদবোৰ মোৰ আনন্দত
এতিয়া ধ্বংস হৈ গ'ল
উস ! বাৰু কৰিব নে প্ৰত্যাৰ্পণ কোনোবাই
কেতিয়াবা সেই দিনবোৰ
যি সময়ত স্নেহাৰ্দ্ৰভাবে লালিত হৈছিল !
1 Comments
ভাল পালোঁ পঢ়ি।
ReplyDelete