গল্পঃ বৰদিনৰ উপহাৰ / অ’ হেনৰী

বৰদিনৰ উপহাৰ (The gift of the Magi)

মূল :হেনৰী৷

অনুবাদ : অৱনী বুঢ়াগোহাঁই

 

হিচাপ কৰি চালে ডেলাই৷ পূৰা এশ বিশ টকা৷ তাৰে ভিতৰত কেইখনমান পাঁচটকীয়া৷

এবাৰত এখন, অতিবেছি দুখন নোট সাঁচিবলৈ যাওঁতে কিয়েইবা নকৰিছিল তাই! গেলামালৰ দোকানীক, মাংসবেচা কচাইটোক, শাক পাচলিৰ বেপাৰীটোক কিমান যে ডিঙি চেঁপিবলগীয়া হৈছিল তাইৰ! আৰু তাইৰ দৰদামৰ উৎপাত সহি সহি সিহঁতে তাইক ৰামকৃপণ বুলি তাইৰ অলক্ষিতে মাতিছিল৷

 

টকাখিনি সৰ্বমুঠ তিনিবাৰকৈ গণিলে ডেলাই৷ ঠিকেই এশ বিশ টকা; আৰু কালিলৈ খ্ৰিষ্টমাছ৷

 

এতিয়া কৰিবলগা তেনেকৈ আৰু একোৱেই নাই৷ কেৱল পুৰণি বেতৰ চকীখনত সোমাই পৰাৰ বাহিৰে৷ উৰাই-ঘূৰাই কন্দাৰ বাহিৰে৷ আৰু ডেলাই তাকেই কৰিলে অৱশেষত৷ যিটোৱে বুজাই দিলে যে জীৱনটো হল কান্দোন, উচুপনি আৰু হাঁহিৰে ভৰা যদিও উচুপনিয়েই লয় সৰহভাগ সময়৷

 

যেতিয়া এই গৃহৰ গৃহিনীয়েও প্ৰথম বিধৰ পৰা বাগৰি আহি দ্বিতীয় পৰ্য্যায় পালেহি, অত: আমিও ঘৰখনৰ ভিতৰত এভূমুকি মৰা ভাল হব৷

 

আইজল চহৰৰ জাৰকাৱাট অঞ্চলৰ এটি ভাড়াঘৰ মাহিলী ৩৫০০ টকাত৷ তেওঁলোকৰ অৱস্থা অতি ভয়াবহ নহলেও দৰিদ্ৰ সীমাৰেখাৰ বহু ওপৰত বুলি কব নোৱাৰি৷ তলৰ বাৰাণ্ডাৰ পৰা ওপৰলৈ অহা চিৰিৰ ওচৰত এটা লেটাৰ বক্সদেখা যায়, ৰপৰা কোনো চিঠিয়ে বিলি নহয়৷ এটা বিজুলীচালিত বুটাম দেখা গৈছে যত বাজি উঠিবৰ বাবে আঙুলিৰ হেঁচাৰ বৰ অভাৱ৷ সম্পৰ্কহীন ভাবে লগোৱা আছে, বেৰত এখন ডাঠ কাগজ যত লিপিবদ্ধ হৈ দেখা দিছে এটি নামে …… “জেমচ ৰিনাওমা ৰাল্টে৷ যেতিয়া ঘৰটোত সচ্ছলতাৰ বতাহ বলিছিল, মাজৰ শব্দটো কিছুদিন বতাহত উৰি আছিল কাৰণ ঘৰৰ কৰ্তাই সেইসময়ত মাহে ৭২০০টকা হিচাপে ঘৰলৈ আনিব পাৰিছিল৷ কিন্তু যেতিয়া অৰ্থাগম ৪৮০০লৈ নামিল, মাজৰ অস্পষ্ট শব্দটোক যেন এক সম্ভ্ৰমৰ মাজেদি এটা আখৰতে পুন: প্ৰতিষ্ঠা কৰাত ব্ৰতী হল৷ এতিয়া যিসময়তে জেমচ আৰ. ৰাল্টে আহি ঘৰ সোমাইহি, তেওঁৰ পত্নীয়ে জিমবুলি চিঞৰি আহি বুকুত সাৱটি ধৰে৷ ডেলা লালথ্লা ৰাল্টেক পূৰ্বে আপোনালোকৰ সতে চিনাকি কৰি দিলোৱেই৷ এইক্ষেত্ৰত সকলোবোৰ ঠিকঠাক৷

 

ডেলাৰ ইতিমধ্যে কান্দোন কাটোন শেষ হৈছিল আৰু সেয়ে গালদুখনত পাউদাৰ পাফটো বুলাই দিলে৷ তাই খিৰিকিখনৰ ওচৰত ৰল আৰু উদাস দৃষ্টিৰে এফালে চাই পঠিয়ালে৷ তাই দেখিলে এটা ধোঁৱাবৰণীয়া মেকুৰীয়ে এখন ধোঁৱাবৰণীয়া জেওৰাৰ কাষেদি গৈ এখন ধোঁৱাবৰণীয়া পাচচোতালত প্ৰবেশ কৰিছে৷ দূৰলৈ চাই জাৰকাৱাট গোল চক্কৰত দেখা পালে মানুহবোৰৰ অপৰিসীম ব্যস্ততা৷ সমগ্ৰ আইজল চহৰখনেই যেন আনন্দত বুৰ গৈ উত্ৰাৱল হৈ পৰিছে৷

 

কালিলৈ খ্ৰিষ্টমাছ আৰু আজি তাইৰ হাতত আছে ১২০ টকা৷ ইয়াৰে তাই জিমৰ বাবে উপহাৰ কিনিব লাগিব৷ মাহৰ পাচত মাহ জুৰি পাঁচ দহ টকাকৈ তাই সাঁচি আহিছে প্ৰত্যেকটো টকা৷ ১৮০০ টকাৰে কেনেদৰে মাহটো জোৰায়, তাইহে জানে৷ চাওঁতে চাওঁতে ভবাতকৈ বস্তুবোৰৰ দাম বহুত বাঢ়ি গল৷ সদায় বাঢ়েহে, নকমে৷ মাত্ৰ ১২০ টকাৰে জিমৰ বাবে খ্ৰিষ্টমাছৰ এটা উপহাৰ! তাইৰ জিম

 

এই উপহাৰৰ সপোনতেই কিমান ধৰণৰ সুখৰ কল্পনাই যে তাই নকৰিছিল! তাইৰ মন গৈছিল ……কিবা এটা অতীব ধুনীয়া, সতকাই বিচাৰি নোপোৱা, সৰ্বোত্তম কিবা এটা৷ সৰ্বোত্তম নহলেও, তাৰ ওচৰে পাজৰে৷ যাতে জিমে বস্তুটোৰ ওপৰত গৌৰৱবোধ কৰে৷

 

কোঠাটোৰ খিৰিকি দুখনৰ মাজভাগতে এখন আইনা আছিল৷ হয়তো সস্তীয়া ভাড়াঘৰবোৰত থকা আইনা বহুতেই দেখিছে৷ এজন অত্যন্ত পাতল অথচ চটফটীয়া লোকে দীঘলে দীঘলে দ্ৰুততাৰে নিজৰ প্ৰতিবিম্বক সেই আইনাত প্ৰতিফলিত দেখিলে নিজৰ চেহেৰা সম্পৰ্কে এটা মোটামুটি ধাৰণা লব পাৰে৷ ডেলাৰ চেহেৰাটো পাতল হোৱাৰ বাবে তাই সহজে কৌশলটো আয়ত্ত কৰিছে৷

 

হঠাতে তাই খিৰিকি মুখৰ পৰা ঘূৰিল আৰু আইনাখনৰ সমুখত থিয় হল৷ তাইৰ চকুজুৰি চিকমিকাই আছিল কিন্তু তাইৰ মুখমণ্ডল কিছু বিবৰ্ণ হৈ পৰিছিল, প্ৰায় কুৰি চেকেণ্ডমান সময়ৰ বাবে৷

 

তাই খৰগতিৰে তাইৰ চুলিকোছা বান্ধিৰখা গাঁঠিটো মোকলাই দিলে৷ আৰু সমগ্ৰ চুলিকোছা তললৈ বৈ যাবলৈ এৰি দিলে৷

 

কবলৈ গলে দুটা বিশেষ বস্তুৰ বাবে দুয়ো ৰাল্টে পতি-পত্নী অতিশয় গৌৰৱান্বিত হৈ থাকে৷ তাৰে এটা হল জিমৰ সোণৰ ঘড়ীটো৷ তাৰ ককাদেউতাকৰ হাতৰ পৰা হস্তান্তৰ হৈ আহি যথাক্ৰমে তাৰ দেউতাক আৰু তাৰ হাত পাইছিলহি৷

 

আৰু আনটো হল ডেলাৰ চুলিখিনি!

যদিহে কেনেবাকৈ কুইন অব শ্বেবাই সিহঁতৰ সমুখৰ ঘৰটো ভাড়া লৈ থাকিলহেতেন, ডেলাই ইচ্ছাকৃতভাবে তাইৰ চুলিখিনি শুকাবৰ বাবে ঘৰটোৰ সমুখত মেলি ধৰিলেহেতেন, কেৱল ৰাণীয়ে জ্বলি পুৰি হিংসাত মৰিবৰ বাবেই! সোণ, ৰূপ, মণি মুক্তাৰে ঠাহ খাই থকা ভাড়াঘৰৰ পৰা ৰাণীয়ে কেৱল চায়েই থাকিলহেতেন!

 

যদিহে ৰজা চলোমনএই ভাড়াঘৰ কেইটাৰ সমুখৰ চকীদাৰ হলহেতেন, আৰু তেওঁ তলৰ মহলাৰ বেছমেণ্টতে তেওঁৰ আকৰৰ সমগ্ৰ ধন সোণ ঠাহ খুৱালেহেতেন, কিন্তু জিমে সেইফালে প্ৰতিবাৰ পাৰ হওঁতে তাৰ ঘড়ীটোহে দেখুৱাই অপেক্ষা কৰিলেহেতেঁন, ঘড়ীৰ হিংসাত চলোমনে নিজৰ দাঢ়িবোৰ এডাল দুডালকৈ চিঙিছেনে নাই!

 

ডেলাৰ মুকলি চুলিখিনি, লহৰ তুলি তুলি তললৈ নামি গৈছে আৰু এনেহে লাগিছে যেন বাদামী ৰঙৰ জলপ্ৰপাত এসোঁতা অহৰহ নামি গৈছে, তাইৰ আঁঠুৰ তললৈ৷ যেন এটা দীঘল পোছাকেৰে আবৃত হৈ আছে তাইৰ নিম্নাংশ৷ এবাৰ কেইটামান মুহূৰ্তৰ বাবে তাই যেন হঠাৎ বিহ্বল হৈ পৰিছিল আৰু তেনেকৈয়ে চকুজুৰিৰ পৰা দুই এফোটা চকুলো তললৈ নামি গৈ উৱলি যোৱা ৰঙা কাৰ্পেটখনত পৰিছিল৷

 

তাইৰ পুৰণি বাদামী ৰঙৰ জেকেটটো তাইৰ গালৈ উঠি আহিল৷ উঠি আহিল সেই একেই পুৰণি বাদামী ৰঙৰ টুপিটো তাইৰ মুৰৰ ওপৰলৈ৷ এটা পাক ঘূৰি, তাইৰ স্কাৰ্টটো উৰুৱাই, চকুৰ মণিত উজ্জ্বলতাৰ আভা সানি তাই ঘৰৰ বাহিৰ হৈ তলৰ ৰাষ্টালৈ নামি জিয়ন ষ্ট্ৰীটেদি মূল বজাৰৰ ফালে আগবাঢ়ি গল৷

 

আবেলি সময়৷ দূৰৰ পশ্ছিমত লাইপুইতলাং পাহাৰত বেলি ডুবিবলৈ এতিয়াও বাকী৷

 

ত তাই ৰলগৈ, তাৰ কাষৰ নামফলকত লেখা আছিল: চাম চিয়াম্না: - কেশসজ্জাৰ সকলোধৰণৰ সামগ্ৰী পোৱা যায়৷

ডেলাই দৌৰি দৌৰি ওপৰমহলা পালেগৈ৷ ফোঁপনি ধৰিছিল তাইৰ সেয়ে কিছুপৰ ৰৈ দীঘল দীঘল উশাহ ললে৷

 

এগৰাকী শকত আৱত, অতিপাত বগা, উদাসীন চেহেৰাৰ মহিলা বহি আছিল তাত৷

আপুনি মোৰ চুলিকোছা কিনিবনে? “ ডেলাই জানিব বিচাৰিলে৷

মই চুলি কিনো৷ মহিলাগৰাকীয়ে কলে৷ আপোনাৰ টুপিটো খুলি পেলাওকচোন৷ আপোনাৰ চুলিটাৰি চাবলৈ দিয়ক৷

বাদামী ৰঙৰ জলপ্ৰপাত চুলিৰ ঢৌবোৰৰ সতে পুনৰ তললৈ নামি আহিল৷ ব্যৱসায়ী হাতেৰে ঠিক সোঁমাজত কোছাটো ধৰি মহিলাগৰাকীয়ে কলে,

বাৰশ টকা

টকাখিনি কিন্তু সোনকালে লাগে মোক৷ ডেলাই কলে৷

 

আ: , পাচৰ ঘণ্টা দুটা যেন গুলপীয়া পাখি মাৰি উৰি উৰি গুচি গল৷

 

জিমৰ বাবে এটা সঠিক উপহাৰ বিচাৰি কিমান দোকানেইযে তাই তছনচ নকৰিলে! অৱশেষত তাই বিচৰা বস্তুটো পালেগৈ৷ এইটো যেন কেৱল জিমৰ বাবেই সজা হৈছিল, অন্য কাৰো বাবে নহয়৷ সকলোবোৰ দোকান বিচাৰি চলাথ কৰিছিল, কতো পোৱা নাছিল৷ এডাল প্লেটিনামৰ ঘড়ীৰ চেইন, দেখাত সাধাৰণ ষ্টাইলৰ কিন্তু ৰুচিবোধ থকা, বাহ্যিক চাক-চিক বা অলঙ্কৰণত নহয়৷ প্ৰকৃত বস্তু দেখিয়েই তাৰ দাম বুজা যায়৷

 

যেনে ঘড়ীটো ঠিক তেনেধৰণৰেই চেইনডাল৷ দেখাৰ পাচত ডেলাৰ এনে লাগিল যেন জিমক এইডালৰ বহু প্ৰয়োজন৷ এইডাল যেন জিমৰ দৰেই: শান্ত অথচ মূল্যবান৷ ১২৬০টকাত ইয়াৰ দাম দৰ ঠিক হল৷ বাকীথকা টকা ষাঠিটা লৈ তাই ঘৰলৈ ঘূৰিল৷ ঘড়ীটোত চেইনডাল লগাই ললেই জিমে বাৰে বাৰে চাবলৈ উদ্ গ্ৰীব হব তাৰ জেপৰ ভিতৰত থকা ঘড়ীটোক৷ ঘড়ীটো খুব সুন্দৰ বাবেই এডাল পুৰণি চামৰাৰ ফিতা লগোৱাত তাক বাৰে বাৰে উলিওৱাৰ লাজে আমনি কৰিছিল৷

 

ঘৰলৈ ঘূৰি আহি আনন্দৰ উন্মাদনাত উৰা ডেলাই কিছু বিচক্ষণতাৰে নিজৰ মনটোক শান্ত কৰাত লাগিল৷ হেয়াৰ কাৰ্লিং মেচিনটো উলিয়াই গেছটো জ্বলাই ললে৷ উদাৰতা আৰু ভালপোৱাৰ সানমিহলিৰ প্ৰভাবত তাইৰ চুলিৰ ধ্বংস সাধিত হোৱা অংশবোৰ ঠিক কৰিবলৈ লাগি গল৷ কামটো কিন্তু উলামুলা বিধৰ নহয়, …… যথেষ্ট কঠিন৷

 

চল্লিশ মিনিট সময় পাৰ হৈ গ, তাইৰ মুৰত সৰু সৰুকৈ ঘন কেকোঁৰা চুলি ভৰি পৰিল৷ দেখাত এনে লাগিল যেন তাই স্কুলৰ পৰা পলোৱা এটা উদণ্ড লৰাহে৷

সুদীৰ্ঘ সময় আইনাৰ সমুখত ৰৈ, সূক্ষ্ম আৰু সতৰ্ক দৃষ্টিৰে নিজৰ প্ৰতিবিম্বক তাই চাবলৈ লৈ ভাবিলে, “ যদি এইবোৰ দেখে, মোক নামাৰিলেহে ৰক্ষা৷ নিজক নিজে তাই কলে আকৌ এবাৰ মোক ঘূৰি চোৱাৰ আগতে হয়তো মোক ক, মই এজনী কোৰাচ গোৱা ছোৱালীৰ দৰেহে দেখাইছো৷ মইনো কি কৰো বাৰু? কি কৰিব পাৰো কেৱল টকা ১২০টাৰে? “

 

সাত বাজিলত কফি বনোৱাৰ যো-জা কৰা হল৷ কেৰাহীখন জুইৰ ওপৰত তুলি ৰখা আছিল চপ বনাবৰ বাবে৷ জিমে কেতিয়াও অহাত পলম নকৰে৷ ডেলাই লৈ থকা চেইনডাল হাতৰ মুঠিৰ ভিতৰতে ভাঁজ কৰি ললে আৰু দুৱাৰখনৰ ওচৰত থকা টেবুলখনত কোণীয়াকৈ বহি থাকিল৷ এইখন দুৱাৰেদিয়ে জিম সদায় সোমাই আহে৷ ডেলাই শুনিবলৈ পালে তলৰ মহলাৰ চিৰিত পদশব্দ৷ তাইৰ এনে লাগিল যেন তাইৰ গালৰ সমস্ত তেজ ক্ষন্তেকলৈ কোনোবাই শুহি লৈ গল৷ তাইৰ দৈনন্দিন কামৰ মাজে মাজে প্ৰাৰ্থনা কৰা অভ্যাস৷ সেয়ে মনে মনে তাই আওৰালে, ’হে মোৰ প্ৰভু, তেওঁ যেন এতিয়াও মোক ধুনীয়া বুলিয়েই ভাবি থাকক৷

 

দুৱাৰখন খোল খালে৷ জিম সোমাই আহি দৰজাখন বন্ধ কৰিলে৷ তাক কিছু ক্ষীণ যেন দেখাইছিল৷ গম্ভীৰো৷ বেচেৰাটোকিমানেইবা বয়স হৈছে তাৰ৷ ২২বছৰ, আৰু এতিয়াই এখন সংসাৰৰ বোজা বব লগা হৈছে৷ তাৰ এটা অভাৰকোটৰ প্ৰয়োজন আছিল৷ তাৰ হাতমোজাও নাছিল৷

 

বন্ধ দুৱাৰখনৰ ওচৰত জিম কিছুপৰ ৰল৷ থৰ হৈ এনেদৰে ৰল যিদৰে এটা চিকাৰী কুকুৰ এটা বনৰীয়া চৰাইৰ ওচৰত লৰচৰ নকৰাকৈ থৰ হৈ ৰৈ থাকে৷

 

ডেলাৰ ওপৰত তাৰ দৃষ্টি যেতিয়া নিবদ্ধ হ, তাৰ চকুকেইটাই যেন কিবা কব বিচাৰিলে, যিটোৰ ভাষা তাই পঢ়িব পৰা নাছিল৷ তাই কিছু ভীত হৈ পৰিল৷ সেই দৃষ্টিত কোনো খঙ নাছিল, আশ্চৰ্য্য নাছিল, অসমৰ্থন নাছিল, আতংক নাছিল নাইবা এনে কোনো অনুভূতিৰ প্ৰকাশ নাছিল যাৰ বাবে তাই সাজু আছিল৷ সি মাত্ৰ একেথৰে তাইলৈ চাই আছিল আৰু তাৰ মুখমণ্ডলত এক বুজাব নোৱাৰা অনুভূতিয়ে খেলা কৰিছিল৷

 

ডেলা টেবুলখনৰ ওচৰৰ পৰা আহি তাৰ কাষ পালেহি৷ তাই কন্দনামুৱা হৈ থাকি কলে, “ জিম, তেনেদৰে মোলৈ চাই নাথাকিবা সোণ৷ মই চুলিখিনি কাটিলো আৰু বেচি দিলো৷ কাৰণ এই খ্ৰিষ্টমাছত তোমাক একো উপহাৰ নিদিয়াকৈ মই কেনেদৰে উৎসৱ উদ্ যাপন কৰিম৷ এই চুলিবোৰ পুনৰ গজিব…… তুমি অকণো দুখ নকৰিবা৷ মই কোনো উপায় নেদেখিহে এইবোৰ কৰিলো৷ মোৰ চুলিবোৰ জানা, বৰ সোনকালে বাঢ়ে৷ জিম, “মেৰী খ্ৰিষ্টমাছবুলি কোৱানা মোক জিম৷ কিযে সুন্দৰ উপহাৰ মই তোমাৰ কাৰণে গোটাই থৈছো, কেৱল তোমাৰ বাবেই জিম৷

 

তুমি চুলিখিনি কাটি পেলালা? “ জিমে সুধিলে৷ বহু কষ্টেৰে যেন এতিয়াও বুজি উঠিবলৈ অসমৰ্থ হৈছে আচল সত্যটো, বহু মানসিক পৰিশ্ৰমৰ অন্তত৷

 

কাটি পেলালো আৰু বিক্ৰী কৰি দিলো৷ তাই কলে, “কিয় তোমাৰ মোক এনেদৰে ভাল লগা নাইনেকি? মই দেখোন ময়েই হৈ আছো মাত্ৰ চুলিখিনিহে নাই!

 

কৌতূহলি দৃষ্টিৰে জিমে কোঠাটোৰ চাৰিওফালে চকু ঘূৰালে৷ তুমি কৈছা তোমাৰ চুলিখিনি গ? “

 

কোঠাৰ মাজত বিচাৰি লাভ নাই“, ডেলাই কলে, “ বেচি দিয়া হৈ গ, মই তোমাক কলোৱেই, বেচা হৈ গ, লৈ গুচি গল৷ আজি খ্ৰিষ্টমাছৰ উৰুকা, সোণটো৷ মোক বেয়া নাভাবিবা৷ তোমাৰ বাবেই এইবোৰ কৰিলো৷ হয়তো মোৰ চুলিখিনি এডাল এডালকৈ লেখিব পৰা গলহেতেন “ …খুব সহৃদয়তা আৰু আন্তৰিকতা সানি তাই কৈ গ, “ কিন্তু তোমাৰ বাবে থকা মোৰ মৰম কোনোৱে লেখি হিচাপ কৰিব নোৱাৰে৷ …… জিম, চপকেইটা তৈয়াৰ কৰাত লাগোনে? “

 

সমাধিস্থ অৱস্থাৰ পৰা জিম যেন সোনকালেই উভতি আহিল৷ সি ডেলাক বাহুৰ মাজত ভৰাই ললে৷

 

কেইটামান মুহূৰ্তৰ বাবে সতৰ্ক তদন্ত হিচাপে কিছুমান পাৰাপাৰহীন অন্য কিছু কথা চিন্তা কৰো আহক৷

মাহত ২০০০ টকা অথবা বছেৰেকত দহ লাখ টকা পোৱাৰ পাৰ্থক্য কি হব পাৰে? এজন গণিতজ্ঞ বা পণ্ডিতে আপোনাক ভুল উত্তৰেই দিব৷

মেইজি সকলে মূল্যবান উপহাৰ আনিছিল, কিন্তু তেওঁলোকৰ নিজৰ বাবে নহয়৷ আন্ধাৰত থকা এই বিৱৰণ প্ৰকাশলৈ আহিব কিছু পৰৰ পিচত৷

 

জিমে তাৰ অভাৰকোটৰ পকেটৰ পৰা এটা পেকেট উলিয়াই টেবুলখনৰ ওপৰত পৰাকৈ দলি মাৰি থৈ দিলে৷

ডেলা, মোৰ বিষয়ত তুমি একো ভুল ভাবি নলবা, “ সি কলে৷ মই নাভাবো যে চুলি কটা, দাঢ়ি কটা, বা শ্যেম্পু কৰা আদি কামবোৰ কৰিলে মই ভালপোৱা ছোৱালীজনীৰ প্ৰেমত বাধা আহিব বা তাইৰ পৰা দূৰ হৈ যাম৷  কিন্তু যদিহে তুমি সৌ পেকেটটো খোলা, তুমি দেখা পাব পাৰা কিহে মোক প্ৰথমতে হতভম্ব কৰি তুলিছিল৷

 

বগা আঙুলি কেইটাই ক্ষিপ্ৰতাৰে পেকেটটোৰ ৰচী আৰু কাগজবোৰ ছিঙাত লাগিছিল৷ আৰু তেতিয়াই, আনন্দৰ এটা উত্তেজনাপূৰ্ণ চিঞৰ; আৰু পিচমুহূৰ্তত এক নাৰীৰ হিষ্টিৰিয়াগ্ৰস্ত আৰ্তনাদ আৰু চকুপানীয়ে খদমদম লগাই দিলে আৰু ঘৰখনৰ মূল লোকজনক অতি ব্যগ্ৰতাৰে জাউৰিয়ে জাউৰিয়ে শান্ত্বনাবাণী শুনাবৰ বাবে ব্যস্ত কৰিলে৷

 

অদূৰত পৰি আছে ফণীৰ খোলা পেকেটটো, কাষত আৰু পাচফালে ফণিয়াব পৰা বিধে বিধে বিভিন্নৰঙী ফণীবোৰ, যিটো ডেলাই জিয়ন মাৰ্কেটৰ সবাতকৈ ডাঙৰ ষ্টৰ খনত

দেখি আহি পাবৰ বাবে বহুদিন প্ৰাৰ্থনা কৰিছিল৷  ধুনীয়া আছিল সেই ফণীবোৰ, সাগৰীয় কাছৰ খোলাৰ পৰা নিৰ্মিত, ফণীবোৰৰ বেৰটো সৰু সৰু মণি মুক্তা খচিত,  চুলিৰ লগত মিলখোৱা,  যিকোচা সুন্দৰ চুলি এতিয়া অন্তৰ্ধান হৈ গৈছে৷  এই ফণীবোৰ আছিল বহু বেছি দামী, সেয়া তাই জানিছিল, যদিও তাইৰ অন্তৰখনে পাবলৈ হেঁপাহ কৰিছিল, কিন্তু পোৱা প্ৰায় অসম্ভব বুলি বুজিছিল৷ কিন্তু এতিয়া, এই সকলোবোৰ তাইৰ আগত পৰি আছে, কিন্তু সেই চুলিটাৰি যাৰ ওপৰেদি এই ফণীবোৰৰ আলফুল পৰশ পাৰ হৈ গলহেতেন সেই চুলিটাৰিয়েই নাই৷

 

তথাপিও তাই গোটেইখিনিকে তাই বুকুৰ মাজত সুমোৱাই ললে আৰু অৱশেষত চকুপানীৰে সিক্ত তাই আধামুদা দৃষ্টিৰে তাৰ ফালে চাই ক্ষীণ হাঁহিৰে কলে,

মোৰ চুলি খুব সোনকালে বাঢ়ে, জিম৷

আৰু তাৰ পাচ মুহূৰ্ততেই জুই অঙঠাই পোৰা মেকুৰী এজনীৰ দৰে জঁপিয়াই উ: উ: বুলি চিঞৰি উঠিল৷

 

জিমে এতিয়ালৈকে তাৰ ধুনীয়া উপহাৰটো দেখা নাছিল৷ তাই হাতৰ মুঠিটো মুকলি কৰি আগ্ৰহেৰে তাৰ চকুৰ সমুখত বস্তুটো দাঙি ধৰিলে৷ জিলিকনি নথকা এই মূল্যবান ধাতুৰ গহনাটো তাইৰ উজ্জ্বল আৰু উমলগা হেঁপাহৰ পোহৰত জিলিকি উঠিল৷

কি ষ্টাইলিছ লাগিছে, নহয়নে জিম? মই গোটেই বজাৰবোৰ চলাথ কৰাৰ শেষতহে পালোগৈ৷ এতিয়াৰ পৰা তুমি দিনৰ দিনটো বাৰে বাৰে উলিয়াই চাব পাৰিবা৷ চাওঁ, ঘড়ীটো দিয়া৷ মই চাব খুজিছো এইডাল লগোৱাৰ পাচত ঘড়ীটো কেনেকুৱা লাগিব৷

 

তাইৰ কথাত মন নিদি জিমে চোফাখনত বাগৰ মাৰি মুৰৰ শিতানত হাত দুখন সুমুৱাই হাঁহি এটা মাৰি পৰি ৰল৷

 

ডেলা, কিছুপৰৰ বাবে খ্ৰিষ্টমাছৰ উপহাৰৰ কথা বাদ দি থোৱাচোন অলপ৷ উপহাৰ হিচাপে তেনে উপহাৰ সচৰাচৰ অনন্য৷ মই মোৰ ঘড়ীটো, তোমাৰ বাবে ফণীৰ চেটটো কিনিবলৈ বেচি দিলো৷ এতিয়া তুমি, মোৰ বোধেৰে চপ ভাজিবলৈ লগাই ভাল হব৷

 

কথিত আছে, প্ৰভু যিশু গোহালীৰ দানা পাত্ৰত যেতিয়া কেঁচুৱা হৈ পৰি আছিল, আশ্চৰ্যজনক জ্ঞানীলোক কেইজনমানে এই দানা পাত্ৰৰ কেঁচুৱালৈ উপহাৰ আনিছিল৷

এওঁলোকক জনা যায় মেইজি বুলি৷ তেওঁলোকেই খ্ৰিষ্টমাছত উপহাৰ দিয়া প্ৰথাৰ প্ৰথম প্ৰচলন কৰে৷ যিহেতু তেওঁলোক জ্ঞানী আছিল, তেওঁলোকৰ উপহাৰো আছিল তেওঁলোকৰ জ্ঞানৰ জোখাৰে, একেধৰণৰ উপহাৰ দিয়াৰ ক্ষেত্ৰত সলনাসলনিৰ সুবিধা আছিল৷

ইয়াতো মোৰ অক্ষমতা স্বত্বেও এই কাহিনীত বৰ্ণনা কৰিছো এক বৈচিত্ৰ্য্যহীন কাহিনী, কেনেকৈ ভাড়াঘৰত থকা দুটা অজলা লৰা ছোৱালীয়ে দুয়ো দুয়োটাৰ বাবে অজ্ঞানতাৰে বলিদান দিছে ঘৰটোৰ আটাইতকৈ মূল্যবান সম্পদ৷

আজিৰ দিনৰ জ্ঞানীসকলৰ বাবে এটা শেষ কথা কওঁ, সকলো মানুহেই যেয়ে যি উপহাৰেই নিদিয়ক কিয়, এইটো কব পাৰি যে ইহঁত দুটাৰ উপহাৰেই আছিল সবাতোকৈ জ্ঞানসমৃদ্ধ৷ সকলো মানুহ যেয়ে উপহাৰ দিয়ে আৰু গ্ৰহণ কৰে, তাৰ ভিতৰত সিহঁতৰ দৰেই মানুহবোৰ শ্ৰেষ্ঠজ্ঞানী৷ সকলো ঠাইতে সিহঁতবোৰ সবাতোকৈ জ্ঞানী৷ কাৰণ এওঁলোকেই হৈছে মেইজি৷

 


Post a Comment

0 Comments