গল্পঃ বনৰীয়া ৰাজহাঁহ/ এলিচ মুনৰ'


বনৰীয়া ৰাজহাঁহ
গল্পকাৰ: এলিচ মুনৰ' (Alice Munro)
ইংৰাজী অনুবাদ : ৱাইল্ড স্বান (Wild Swan)

অসমীয়া অনুবাদ : বিদ্যুত বিকাশ চিৰিং


ফ্ল'ই কৈছিল হোৱাইট শ্লেভাৰছ্ বোৰৰ পৰা সাৱধানে থাকিবলৈ । তাই কৈছিল, সিহঁতৰ কাম কৰাৰ পদ্ধতি এনেকুৱা: এগৰাকী বুঢ়ী মানুহ, দেখাত মা বা আইতাৰ লেখীয়া, বাছ বা ট্ৰেইনত তোমাৰ কাষত বহি যাওঁতে তোমাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিলে । তেওঁ তোমাক কেণ্ডি যাঁচিলে যিবোৰ আছিল নিচাযুক্ত । অতি সোনকালেই তুমি হালি পৰিবলৈ ধৰিলা আৰু মুখেৰে বিৰবিৰাবলৈ ধৰিলা; তোমাৰ নিজৰ হৈ কিবা এষাৰ ক'ব পৰা অৱস্থাতো তুমি নাথাকিলা । 'সহায় কৰক প্লিজ', বুঢ়ীজনীয়ে কয়, 'মোৰ ছোৱালীজনী (নাতিনীজনী) বেমাৰী, তাইক বাহিৰলৈ নিয়াত কোনোবাই সহায় কৰক যাতে তাই মুকলি বতাহ পাই ভাল পাব পাৰে।' এজন ভদ্ৰলোক আহিল বুঢ়ীক সহায় কৰিবলৈ, যাৰ সৈতে বুঢ়ীৰ দেখাত কোনো চিনাকি থকা যেন নালাগে । দুয়ো লগ হৈ পিছৰ ষ্টপেজত তোমাক চোঁচৰাই নমালে, আৰু সেয়াই হ'ব বাহিৰৰ সাধাৰণ পৃথিৱীখনে তোমাক দিয়া শেষ বিদায় । সিহঁতে তোমাক ক্ৰীতদাসীৰ পোতাশালত তেতিয়ালৈকে বন্দী কৰি ৰাখিলে যেতিয়ালৈকে তুমি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ নোযোৱা, হতাশাত ভাগি নপৰা, মদাহীয়ে তোমাৰ নিম্নাংগ নেফানেফ নকৰে আৰু লেতেৰা বীজাণু সিঁচি নিদিয়ে, ড্ৰাগছে তোমাৰ মন ভাঙি নেপেলায় আৰু তোমাৰ চুলি আৰু দাঁত সৰি নপৰে । এই অৱস্থা পাবলৈ তোমাক তিনি বছৰ মান লাগে । তাৰ পাছত আৰু তোমাৰ ঘৰলৈ উভতি যোৱাৰ ইচ্ছা নাথাকে, হয়তো তুমি ঘৰনো কি মনত পেলাবকে নোৱাৰিলা, আৰু মনত পৰিলেও তুমি বাট বিচাৰি নোপোৱা । গতিকে সিহঁতে তোমাক ৰাষ্টাত এৰি দিলে ।
ফ্ল'ই দহ ডলাৰ উলিয়াই ৰ'জৰ পেটিকোটৰ ৰছিত ওলমি থকা কাপোৰৰ সৰু মোনাটোত ভৰাই দিছিল । সেই মোনাটো ৰ'জৰ পেটিকোটত তায়ে চিলাই দিছিল কাৰণ তাই ভাবিছিল যে বাটত ৰ'জৰ মানিবেগ চুৰি হ'ব‌ও পাৰে ।
ফ্ল'ই ৰ'জক আকৌ সকিয়াইছিল, "পুৰোহিতৰ বেশত থকা মানুহৰ পৰাও সাৱধানে থাকিবা ।সিহঁতবোৰ আটাইতকৈ বেয়া । এই বেশটো সাধাৰণতে হোৱাইট শ্লেভাৰছ্সকলে ধৰে, লগতে তোমাৰ নগদ ধনৰ পিছত পৰাবোৰেও ।"
'জে কৈছিল যে কোনেনো ছদ্মবেশ ধৰি আছে তাই কেনেকৈ জানিব ।
ফ্ল'ই এসময়ত টৰণ্টোত কাম কৰিছিল । ইউনিয়ন ষ্টেচনৰ কফি দোকান এখনৰ তাই আছিল পৰিচাৰিকা । তাই যিখিনি জানিছিল সেইবাবেই জানিছিল । বন্ধ দিনৰ বাহিৰে আন দিনত তাই ৰ'দো দেখা নাপাইছিল । কিন্তু তাই যিখিনি দেখিছিল সেয়া পৰ্যাপ্ত আছিল । তাই দেখিছিল যে এজন মানুহে অন্য এজন মানুহৰ পেটটো কটাৰীৰে কাটি পেলাইছিল; কাটোঁতাই সিজন মানুহৰ চোলাটো টান মাৰি খুলি পেলাইছিল আৰু পেটটোত চিকুণ ৰেপ এটা মাৰিছিল, যেনিবা সেইটো পেট নহয় এটা তৰ্মুজহে । পেটটোৰ গৰাকীয়ে তললৈ চাই মাথো বহি পৰিছিল, প্ৰতিবাদ কৰিবলৈ কোনো সময় পোৱা নাছিল তেওঁ । ফ্ল'ই বুজাব খুজিছিল যে টৰণ্টোত সেইয়া একো কথাই নহয় । এবাৰ তাই দেখিছিল দুজনী বেয়া তিৰোতাই (ফ্ল'ই বেশ্যাক বেয়া তিৰোতা বুলিছিল) কাজিয়া লাগিছিল, বাকী মানুহবোৰে তাত ৰৈ গৈছিল আৰু হাঁহিছিল আৰু সিহঁতক উচটাইছিল, আৰু তিৰোতা দুজনীৰ হাতৰ মুঠি ইজনীৰ চুলি সিজনীৰে ভৰ্তি হৈ পৰিছিল । অৱশেষত পুলিচ আহি সিহঁত দুজনীক উঠাই লৈ গৈছিল, আৰু যাওঁতেও সিহঁত দুজনীয়ে ৰাউচি জুৰি চিঞৰি-বাখৰি গৈছিল ।
এটি শিশু মূৰ্ছা গৈ মৰি যোৱা তাই দেখা পাইছিল । শিশুটিৰ মুখখন চিঞাহিৰ দৰে ক'লা হৈ পৰিছিল ।
'ঠিক আছে, মই ভয় নকৰোঁ', 'জে উত্তেজিত হৈ কৈছিল, 'যিয়েই কি নহ‌ওক, তাত পুলিচ থাকিব'
'' সিহঁত ! তোমাক প্ৰথমে হাত লগোৱা মানুহ সেইকেইটাই হ'বগৈ ।'
যৌনতা বিষয়ত ফ্ল'ই যিবোৰ কথা কৈছিল সেইবোৰৰ এটাও তাই বিশ্বাস কৰা নাছিল । উদাহৰণ স্বৰূপে, মৃতদেহ সৎকাৰ কৰা আণ্ডাৰটেকাৰজনৰ কথাকে ধৰা যাওক ।
মানুহজন সৰুফুটীয়া, তপা । সাজপাৰত অতি পৰিষ্কাৰ-পৰিচ্ছন্ন । মাজে-সময়ে ফ্ল'ৰ দোকানলৈ আহিছিল আৰু শান্তভাৱে তাইৰ সৈতে কথা পাতিছিল ।
"মোক মাত্ৰ এপেকেট কেণ্ডি লাগে । আৰু পাৰিলে কেইপেকেটমান চুইংগাম । আৰু এটা বা দুটা চকলেটৰ টুকুৰাও দিবা । বস্তু কেইপদ মেৰিয়াই দিয়াৰ কষ্টকণ কৰিব পাৰিবানে ?"
ফ্ল'ই তাইৰ ব্যঙ্গভৰা সম্ভ্ৰমেৰে কৈছিল যে তাই পাৰিব । ডাঠ কাগজেৰে তাই সেইবোৰ মেৰিয়াই বান্ধিছিল, দেখাত যাতে কিবা উপহাৰৰ দৰে হয় । বস্তুকেইপদ বাছি ল‌ওঁতে মানুহজনে সময় লৈছিল, গুণগুণাই থাকিছিল আৰু ইটো-সিটো কথা কৈ থাকিছিল, আৰু তেনেতে খন্তেক ৰৈ লৈছিল । তেওঁ সুধিছিল ফ্ল'ৰ কেনেকুৱা অনুভৱ হৈছে । আৰু ৰ'জৰ কেনে তাকো সুধিলহেতেন, যদিহে তাই তাত থাকিলহেতেন ।
"তোমাক শেঁতা দেখাইছে । উঠন ছোৱালীক নিৰ্মল বতাহৰ প্ৰয়োজন ।" ফ্ল'ক তেওঁ কৈছিল । "তুমি বৰ কষ্ট কৰা । ওৰেটো জীৱন তুমি বৰ কষ্ট কৰিছা ।"
"পাপীৰ কোনো আহৰি নাই", সমৰ্থনসূচক ভাৱে ফ্ল'ই কৈছিল ।
তেওঁ যেতিয়া ওলাই গৈছিল তাই খৰধৰকৈ খিৰিকী মুখলৈ গৈছিল । সৌ তাতেই আছিল-বেগুণীয়া পৰ্দাৰে পুৰণি ক'লা শৱযানখন ।
"তেওঁ আজি সিহঁতৰ পিছ ল'ব!" এক মসৃণ গতিৰে, প্ৰায় শৱযাত্ৰাৰ গতিৰে শৱযানখনে চলিবলৈ লোৱাৰ লগে লগে ফ্ল'ই কৈ উঠিছিল । সৰুফুটীয়া মানুহজন আছিল এজন আণ্ডাৰটেকাৰ, কিন্তু এতিয়া অৱসৰপ্ৰাপ্ত ।
শৱযানখনেও অৱসৰ পাইছিল । তেওঁৰ পুত্ৰকেইটাই শৱ-সৎকাৰ কৰা কামটো তেওঁৰ পৰা ল'লে আৰু নতুন বাহন এখনো কিনিলে ।
পুৰণি শৱযানখন তেওঁ গোটেই গাঁওখন ঘূৰাই ফুৰিছিল, মাইকী মানুহ বিচাৰি । ফ্ল'ই তেনেকৈয়ে কৈছিল । ৰ'জে এইয়া বিশ্বাস কৰিব পৰা নাছিল । ফ্ল'ই কৈছিল যে মহিলাবোৰক তেওঁ চুইংগাম আৰু কেণ্ডিবোৰ দিছিল । ৰ'জে কৈছিল যে সেইবোৰ সম্ভৱ তেওঁ নিজে খাইছিল । ফ্ল'ই কৈছিল যে তেওঁক দেখোঁতাই দেখিছে, শুনোঁতাই শুনিছে । শান্ত বতৰত তেওঁ খিৰিকী নমাই নিজৰ মাজতে বা পাৰ হৈ যোৱা কোনো লোকে শুনাকৈ গীত গাই গাই গাড়ীখন চলাই লৈ গৈছিল ।
"চেলাউৰি তাইৰ তুষাৰ প্ৰবাহ যেন
ডিঙিটি তাইৰ যেন ৰাজহংসৰ...."
তেওঁ গোৱাখিনিক ফ্ল'ই সিঁয়াৰি দিছিল । ৰাষ্টাত খোজকাঢ়ি থকা বা গাঁৱৰ আলিবাটৰ সন্ধিস্থলবোৰত ৰৈ থকা মহিলাবোৰৰ কাষেদি তেওঁ নম্ৰভাৱে পাৰ হৈ গৈছিল । তেওঁ মহিলাসকলক সৰ্বতোপ্ৰকাৰৰ অভিবাদন আৰু সন্মান জনাইছিল, চকলেট যাঁচিছিল, গাড়ীত উঠোৱাৰ প্ৰস্তাৱ ৰাখিছিল । অৱশ্যে তেনে প্ৰস্তাৱ পোৱা প্ৰতিগৰাকী মহিলাই তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বুলি জনাইছিল । জোৰ-জুলুম কৰি তেওঁ কাকো বিৰক্ত কৰা নাছিল, নম্ৰভাৱেই গাড়ী চলাই নিছিল । তেওঁ মানুহৰ ঘৰলৈকো গৈছিল আৰু ঘৰত গিৰিহঁত থাকিলে তেওঁ যেন কেৱল বহি আৰু কথা পাতিহে ভাল পায় তেনে দেখাইছিল । গৃহিনীবোৰে কৈছিল যে অন্য সময়ত গ'লেও তেওঁ মাত্ৰ তাকেই কৰিছিল কিন্তু ফ্ল'ই সেয়া বিশ্বাস কৰা নাছিল ।
"কিছুমান মহিলাক ভিতৰত সোমোৱাই নিয়ে", তাই কৈছিল । "বহুতক নিয়ে"। শৱযানখনৰ ভিতৰভাগ কেনে হ'ব পাৰে তাকে কল্পনা কৰি তাই ভাল পাইছিল । বিলাসী । বিলাস ওলমি আছিল বেৰত, মূধচত আৰু লাগি আছিল মজিয়াখনত । পৰ্দাবোৰ কোমল বেগুণীয়া ।
সকলো বাজে কথা, 'জে ভাবিছিল । কোনে বিশ্বাস কৰিব পাৰে, এনে বয়সৰ এজন মানুহৰ বিষয়ে এনেবোৰ কথা ?
এয়া প্ৰথমবাৰ ৰ'জে নিজে টৰণ্টোলৈ যাবলৈ ওলাইছিল । আগতেও এবাৰ তাই গৈছিল, কিন্তু সেয়া আছিল ফ্ল'ৰ লগত, তাইৰ দেউতাক ঢুকোৱাৰ বহুদিনৰ আগতে । সিহঁতে নিজৰ চেণ্ডুইছ নিজেই লৈ গৈছিল আৰু ট্ৰেইনত বেপাৰীৰ পৰা গাখীৰ কিনি লৈছিল । গাখীৰখিনি টেঙা আছিল । টেঙা চকলেট গাখীৰ । ৰ'জে গাখীৰখিনিত অকণ অকণকৈ শোহা মাৰি থাকিছিল, মানি ল'বলৈ টান পাইছিল যে অত হেঁপাহেৰে লোৱা বস্তুটো তাইৰ ওচৰত ব্যৰ্থ হৈছে । ফ্ল'ই গাখীৰখিনি শুঙি চাইছিল, তাৰ পিছত ট্ৰেইনৰ তলে-ওপৰে তাইৰ চিকাৰী নজৰ তেতিয়ালৈকে নিৱদ্ধ ৰাখিলে যেতিয়ালৈকে ৰঙা জেকেটেৰে সৈতে ডিঙিত ট্ৰে এখন ওলোমাই লৈ ফুৰা দাঁতসোলা বুঢ়াটোক বিচাৰি নাপালে । তাই বুঢ়াটোক মাতি গাখীৰখিনি চেলেকি চাবলৈ দিছিল । কাষৰ মানুহকো মাতি গাখীৰখিনি তাই শুঙি চাবলৈ কৈছিল । বুঢ়াটোৱে ফ্ল'ক বিনামূল্যে আদাৰ পানীয় অকণ খাবলৈ দিলে । এইখিনি কিছু তাজা আছিল ।
"মই তাক শিকনি দিলোঁ", বুঢ়াজন যোৱাৰ পিছত চৌপাশে এবাৰ চকু ফুৰাই ফ্ল'ই কৈছিল । "আপোনালোকেও সিহঁতবোৰক শিকনি দিব ।"
এগৰাকী মহিলাই তাইৰ কথাত হয়ভৰ দিলে কিন্তু বেছিভাগ মানুহেই খিৰিকীৰে বাহিৰলৈ চাই থাকিল । ৰ'জে আদাৰ পানীয় খাইছিল । সেইখিনি খোৱাৰ বাবে, নতুবা বেপাৰীটোৰ সৈতে হোৱা দৃশ্যটোৰ বাবে, নতুবা ফ্ল' আৰু তাইৰ কথাত হয়ভৰ দিয়া মানুহজনীৰ মাজত হোৱা কথা-বতৰা যেনে-তেওঁলোক ক'ৰপৰা আহিছে, টৰণ্টোৰ কোন ঠাইলৈ যাব ইত্যাদিৰ বাবে, নতুবা ৰাতিপুৱা ৰ'জৰ শৌচ খোলোচা নোহোৱাৰ বাবে যাৰ ফলত তাইক শেঁতা দেখা গৈছিল, নতুবা তাইৰ পেটত পৰা টেঙা গাখীৰকণৰ বাবে, ট্ৰেইনৰ শৌচালয়তে ৰ'জৰ বমি ওলাই আহিল । টৰণ্টোৰ মানুহে তাইৰ কোটটোত বমিৰ গোন্ধ পাব বুলি ওৰেটো দিন তাই ভয় খাই আছিল ।
এইবাৰৰ যাত্ৰাটোৰ আৰম্ভণিতে ফ্ল'ই ট্ৰেইনৰ কণ্ডাক্টৰজনক কৈছিল,"এইৰ ওপৰত অলপ নজৰ দিব, তাই আগতে কেতিয়াও ঘৰৰ বাহিৰ হোৱা নাছিল", তাৰ পিছত তাই কেউফালে চাইছিল আৰু হাঁহিছিল, বুজাব খুজিছিল যে সেয়া কৌতুকহে । তাৰ পিছত তাই নামিব লগা হ'ল । এনে লাগিছিল যেন ৰ'জক লৈ হোৱা কৌতুকতকৈ অধিক বেছি কৌতুক কণ্ডাক্টৰজনক প্ৰয়োজন নাছিল আৰু কাৰোবাৰ ওপৰত নজৰ ৰখাৰো তেওঁৰ অভিপ্ৰায় নাছিল । টিকটটো বিচৰাৰ বাদে তেওঁ ৰ'জৰ লগত আন এষাৰো কথা নাপাতিলে । তাই খিৰিকীৰ কাষৰ চিট পাইছিল আৰু সাংঘাতিকভাৱে সুখী হৈছিল ।
তাই অনুভৱ কৰিছিল-ফ্ল'ই উভতি গুছি গৈছে, ৱেষ্ট হানৰাট্টিখন তাইৰ পৰা উৰি উৰি আঁতৰি গৈছে, তাইৰ ক্লান্তি যেন নিজে নিজে বিলোপ হৈ পৰিছে । চহৰবোৰ যিমানে অজানা হয় সিমানে তাইৰ ভাল লাগে । কালৈকো ভ্ৰূক্ষেপ নকৰি এগৰাকী মহিলাই নাইটগাউন এটা পিন্ধি দুৱাৰত আউজি ঠিয় দি আছিল । তুষাৰামালা এৰি সিহঁত দক্ষিণলৈ গতি কৰিছিল, 'ত আগতীয়াকৈ বসন্ত আহে, এক মধুময় ভূবলয় । মানুহে পাছবাৰীত জামুগছ ডাঙৰ কৰিব পাৰিছিল ।
'জে মনত পেলাই গৈছিল টৰণ্টোত বিচাৰিবলগীয়া বস্তুসমূহ । প্ৰথমে, ফ্ল'ৰ বস্তুবোৰ । তাইৰ উখহি উঠা সিৰাৰ বাবে বিশেষ মোজা । বাচনৰ হেণ্ডেল যোৰা দিব পৰা বিশেষ ধৰণৰ চিমেণ্ট । আৰু ডমিন' খেলৰ এটা সম্পূৰ্ণ ছেট ।
নিজৰ বাবে ৰ'জে কিনিব খুজিছিল বাহু আৰু ভৰিত লগোৱা হেয়াৰ-ৰিম'ভাৰ, আৰু সম্ভৱ হ'লে উৰু আৰু নিতম্ব কমাই বুলি ভবা বায়ু ভৰোৱা কুচন । ৰ'জে ভাবি গৈছিল যে হানৰাট্টিৰ ড্ৰাগষ্ট'ৰখনতো হেয়াৰ-ৰিম'ভাৰ আছে, কিন্তু তাত থকা মহিলা গৰাকী ফ্ল'ৰ বান্ধৱী আৰু তাই ফ্ল'ক সকলো কৈ দিছিল । তাই ফ্ল'ক কৈছিল কোনে চুলিৰ ৰং কিনিছিল, কোনে খীণ হোৱা ঔষধ কিনিছিল আৰু কোনে কণ্ডম কিনিছিল । কুচনবোৰ ডাকৰ জৰিয়তে পঠাব পাৰিলেহেতেন কিন্তু ডাকঘৰত কিবা এটা মন্তব্য শুনিবলৈ পোৱাটো খাটাং, আৰু ফ্ল'ই তাৰ মানুহবোৰকো ভালকৈ চিনি পাইছিল । ৰ'জে কেইপাটমান খাৰু আৰু নোমাল ছুৱেটাৰ এটাও কিনাৰ পৰিকল্পনা কৰিছিল । তাইৰ বৰ আশা আছিল ৰূপালী খাৰু আৰু নীলা ছুৱেটাৰ এটা লোৱাৰ । তাই ভাবিছিল যে এইবোৰে তাইৰ ৰূপ সলাই পেলাব, দেখাত তাইক অচঞ্চল আৰু তন্বী কৰি তুলিব, চুলিৰ কেকোঁৰা-কেকুঁৰিখিনি গুচাই পেলাব, কাষলতিকেইটা শুকান কৰি ৰাখিব আৰু তাইক মুকুতাবৰণীয়া কৰি তুলিব ।
এইখিনি বস্তুৰ বাবে, লগতে এই ভ্ৰমণটোৰ বাবেও ৰ'জে প্ৰয়োজনীয় ধনখিনি পাইছিল 'কাইলৈৰ পৃথিৱীত কলা আৰু বিজ্ঞান' শীৰ্ষক এখন ৰচনা লিখি পোৱা পুৰস্কাৰৰ জৰিয়তে । তাইক আচৰিত কৰি ফ্ল'ই সুধিছিল যে ৰচনাখন তাই পঢ়িব পাৰিবনে, আৰু যেতিয়া তাই পঢ়িছিল, তেতিয়া তাই মন্তব্য দিছিল যে ৰ'জে অভিধানখন গিলি পেলোৱাৰ বাবেহে সিহঁতে তাইক পুৰস্কাৰ দিছে । তাৰ পিছত তাই লাজ লাজকৈ কৈছিল, "ৰচনাখন অতি সুন্দৰ হৈছে ।"
ৰাতিটো তাই চেলা মেক্কিনিৰ ঘৰতে কটাব লগা হ'ব । চেলা মেক্কিনি তাইৰ দেউতাকৰ সম্পৰ্কীয় ভনীয়েক । তাই এজন হোটেল মেনেজাৰৰ লগত বিয়া হৈছিল আৰু ভাবিছিল যে পৃথিৱীত তাই বহু ওপৰলৈ উঠি গ'ল । কিন্তু এদিনাখন মেনেজাৰজন সিহঁতৰ ঘৰলৈ আহিল আৰু ডাইনিং ৰুমৰ মজিয়াত দুখন চকীৰ মাজত বহি লৈ ক'লে,"মই আৰু কেতিয়াও এইঘৰ এৰি নাযাওঁ ।" অস্বাভাৱিক একো নঘটিল, সি মাত্ৰ ঘৰৰ পৰা ওলাই নাযায় বুলি সিদ্ধান্ত লৈছিল আৰু নমৰালৈকে নোলালে । সেই কথাই চেলা মেক্কিনীক অপ্ৰকৃতিস্থ আৰু বিচলিত কৰি তুলিছিল । আঠ বজাতে তাই দুৱাৰত তলা মাৰিছিল । তাই বৰ চিপচো আছিল । ৰাতিৰ আহাৰ বুলিবলৈ কিচমিচ দিয়া ওটমিলৰ লুথুৰী । তাইৰ ঘৰটো আন্ধাৰ আৰু ঠেক আৰু বেংকৰ দৰে গোন্ধাইছিল ।
ট্ৰেইনখন মানুহেৰে ভৰি পৰিছিল । ব্ৰেণ্টফৰ্ডত এজন মানুহে ৰ'জক সুধিলে তাইৰ কাষত বহিলে বেয়া পাব নেকি ।
"ভবাতকৈ বাহিৰত বেছি ঠাণ্ডা", মানুহজনে কৈছিল । তেওঁ তাইক বাতৰি কাগজৰ কিয়দাংশ যাঁচিছিল, তাই প্ৰত্যাখ্যান কৰিলে ।
তাৰ পিছত, তাইক অভদ্ৰ বুলি নাভাবক বুলিয়ে ৰ'জে কৈছিল যে বাহিৰত সঁচাকৈয়ে ঠাণ্ডা । বসন্তৰ পুৱাটো তাই খিৰিকীৰে চাই চাই গৈ থাকিল । এই নিম্নভূমিভাগত বৰফৰ অৱশিষ্ট ৰৈ যোৱা নাছিল । গছ আৰু ডালৰ বাকলিবোৰ যেন ঘৰত থকাবোৰতকৈ অনুজ্বল । ৰ'দৰ পোহৰখিনিও আনকি বেলেগ লাগিছিল । ভূমধ্য সাগৰৰ উপকূল বা কেলিফৰ্ণিয়া উপত্যকা যিদৰে পৃথক, ঠিক একেদৰে ঘৰৰ পৰাও এইখিনি পৃথক ।
"লেতেৰা খিৰিকীবোৰ, সিহঁতে অধিক যত্ন ল'ব লাগে বুলি ভাবিব পাৰা", মানুহজনে কৈছিল । "তুমি খুউব বেছি ট্ৰেইনেৰে ভ্ৰমণ কৰা নেকি ?"
তাই উত্তৰ দিছিল নকৰে ।
পথাৰখন পানীৰে উপচি আছিল । মানুহজনে তাৰে শলাগ লৈছিল আৰু কৈছিল যে এইবছৰ যথেষ্ট পানী হৈছে ।
"গধুৰ বৰফবোৰ ।"
মানুহজনে "বৰফবোৰ" বুলি ক‌ওঁতে তাই লক্ষ্য কৰিছিল, যেন এক কাব্যিক ব্যঞ্জনাযুক্ত শব্দ । অলসভাৱে কোনোবাই কোৱা হ'লে "বৰফ" বুলি কৈ থলেহেঁতেন ।
"সিদিনাখন মোৰ এক অসাধাৰণ অভিজ্ঞতা হ'ল । গাড়ী লৈ মই গাঁৱৰ ফালে ওলাই গৈছিলোঁ । আচলতে, এগৰাকী ধৰ্ম-যাজিকাক মই দেখা কৰিবলৈ গৈ আছিলোঁ, এগৰাকী হৃদৰোগী মহিলা-- ।"
তৎক্ষণাত ৰ'জে মানুহজনৰ গলবন্ধালৈ লক্ষ্য কৰিলে । তেওঁ এটা সাধাৰণ ছাৰ্ট, এডাল টাই আৰু এযোৰ ডাঠ-নীলা ছ্যুট পিন্ধি আছিল ।
"', হয়" তেওঁ কৈছিল, "মই ইউনাইটেড চাৰ্চৰ এগৰাকী পুৰোহিত । কিন্তু মই সদায় ইউনিফৰ্ম নিপিন্ধো । চাৰ্চৰ ভিতৰত প্ৰাৰ্থনা কৰিবলৈহে পিন্ধো । আজি মোৰ ডিউটি নাই ।"
"বাৰু । মই কৈছিলোঁ যে মই গাঁৱৰ মাজেৰে গাড়ী চলাই গৈ আছিলোঁ আৰু এটা পুখুৰীত কিছুমান কানাডিয়ান হাঁহ দেখিছিলোঁ, আৰু মই আন এবাৰ চালোঁ, আৰু দেখিলোঁ যে কিছুমান ৰাজহাঁহো সিহঁতৰ সৈতে নামি পৰিছে । এদল ৰাজহাঁহৰ জাক । কি যে মৰমলগা দৃশ্য আছিল সেয়া ! সম্ভৱ সিহঁতে বসন্তকালীন প্ৰবজন কৰিছে, উত্তৰলৈ । কি যে নয়নাভিৰাম দৃশ্য । এনেকুৱা দৃশ্য আগতে মই কেতিয়াও দেখা নাছিলোঁ ।"
হা‍ঁহবোৰৰ কথাত শলাগ ল'বলৈ ৰ'জ অপাৰগ আছিল কাৰণ তাইৰ ভাৱ হৈছিল যে প্ৰতিজন পুৰোহিতে কৰাৰ দৰে এইজনেও কথাৰ প্ৰসংগ হাঁহৰ পৰা প্ৰকৃতিলৈ আৰু প্ৰকৃতিৰ পৰা ঈশ্বৰলৈ লৈ যাব । কিন্তু মানুহজনে সেয়া নকৰিলে, তেওঁ হাঁহতে ৰ'ল ।
"এটি অতিশয় মনোৰম দৃশ্য । তুমি সেয়া উপভোগ কৰিব পাৰিলাহেঁতেন ।"
তেওঁ পঞ্চাশৰ পৰা ষাঠি বছৰ বয়সীয়া হ', 'জে ভাবিছিল । তেওঁ চুটি-চাপৰ আৰু দেখাত শক্তিশালী, তেওঁৰ চতুষ্কোণীয় মুখখন তেজোময় আৰু ঢৌ খেলা উজ্জ্বল ৰূপালী চুলিখিনি কপালৰ পৰা চিধাকৈ ফণিয়াই লোৱা । যেতিয়া ৰ'জে উপলব্ধি কৰিছিল যে তেওঁ ঈশ্বৰৰ কথা নুলিয়ায়, তাই অনুভৱ কৰিছিল যে তেওঁক কৃতজ্ঞতা প্ৰকাশ কৰা উচিত হ'ব ।
তাই কৈছিল যে হাঁহবোৰ নিশ্চয় ধুনীয়া আছিল ।
"এইটো সচৰাচৰ ধৰণৰ পুখুৰীও নাছিল, এয়া মাথো পথাৰত জমা হোৱা কিছু পানী আছিল । এইয়া মাথোন সৌভাগ্যহে আছিল যে তাত কিছু পানী জমা হৈছিল আৰু হাঁহবোৰ তাত নামি গৈছিল আৰু সঠিক সময়তে মই গাড়ী চলাই গৈ আছিলোঁ । সৌভাগ্য মাথোন । মই ভাবোঁ সিহঁতজাক ঈৰি হ্ৰদৰ পূব প্ৰান্তৰৰ পৰা আহিছিল । কিন্তু পূৰ্বতে দেখা পাবলৈ মোৰ সৌভাগ্য যথেষ্ট হোৱা নাছিল ।"
তাই লাহেকৈ খিৰিকীৰ ফাললৈ ঘূৰিলে আৰু তেওঁ বাতৰি-কাগজৰ মাজলৈ ঘূৰি গ'ল । তাই কিঞ্চিৎ হাঁহিমুৱাকৈ থাকিল যাতে তাইক ৰূঢ় যেন নেদেখায়, কথা-বাৰ্তা একেবাৰে বন্ধ কৰা যেন যাতে নালাগে । পুৱাটো সঁচাকৈয়ে ঠাণ্ডা আছিল আৰু তাই হুকৰ পৰা কোটটো নমাই ল'লে, 'ত কোটটো ট্ৰেইনত উঠিয়েই তাই ওলোমাই থৈছিল; সেইটো নিজৰ গাৰ ওপৰত এটা দীঘল গাউনৰ দৰে মেলি ল'লে । পুৰোহিজন বহাৰ সময়ত তেওঁ বহিবৰ সুবিধা হ'বৰ বাবে তাই বেগটো ছিটৰ পৰা নমাই মজিয়াত থৈছিল । তেওঁ বাতৰি কাগজখন ধীৰে ধীৰে, আনে দেখাকৈ জোকাৰি, খচমচাই তাৰ অংশবোৰ ভাগ ভাগ কৰিলে । তাইৰ এনে লাগিল এইজনে যি কৰে আনক দেখুৱাইহে কৰে । এয়া পুৰোহিতৰ ধৰণ । সেই মুহূৰ্তত প্ৰয়োজন নোহোৱা অংশবোৰ তেওঁ আঁতৰাই ৰাখিছিল । বাতৰি-কাগজৰ চুক এটাই কোটটোৰ ঠিক দাঁতিতে তাইৰ ভৰিত স্পৰ্শ কৰিছিল ।
কিছুপৰলৈ ভাবি আছিল এয়া বাতৰি-কাগজ । তাৰ পিছত তাই নিজকে ক'লে, যদিহে এইখন হাত হয় ? এনেধৰণৰ কথা তাই কল্পনা কৰিব পাৰিছিল । তাই কেতিয়াবা পুৰুষৰ হাতবোৰত নজৰ দিছিল, হাতৰ নোমবোৰত, সিবোৰৰ ঘনীভূত নক্সাবোৰত । হাতবোৰে কৰিব পৰা প্ৰতিটো কামৰ বিষয়ে তাই ভাবিছিল । আনকি মুৰ্খ কামবোৰৰো । উদাহৰণস্বৰূপে, ফ্ল'ৰ দোকানলৈ ব্ৰেড অনা ড্ৰাইভাৰ-ছেলছমেনজন । নৈপুণ্য আৰু আস্থাৰ, সহজ আৰু সতৰ্কতাৰ স্থিৰ মিশ্ৰণেৰে ব্ৰেডৰ ট্ৰাকখন চম্ভালাৰ ধৰণটো । পেটীডালৰ ওপৰেৰে পূৰঠ পেটটোৰ ভাঁজ এটা ওলমি অহাটোৱে তাইক অসুখী নকৰিছিল । আন এবাৰ তাই স্কুলৰ ফৰাচী শিক্ষকজনৰ ওপৰত চকু দিছিল । দৰাচলতে তেওঁ কোনোমতেই ফৰাচী নাছিল, নাম আছিল মেকলাৰেন, কিন্তু ফ্ল'ই ভাবিছিল ফৰাচী শিক্ষাদানে তেওঁৰ ওপৰত এটা চামনি পেলাইছিল, আৰু তেওঁক ফৰাচী যেন লগা কৰি পেলাইছিল । তীক্ষ্ণ আৰু শেঁতাবৰণীয়া; জোঙা কান্ধ, সামান্য বেঁকা নাক আৰু সকৰুণ নয়ন । তাই দেখিছিল যে তেওঁ ভাঁজ লগাই, অকাই-পকাই, ধীৰ আনন্দেৰে বাট বুলিছিল, আপোনতাত পূৰ্ণ মগন হৈ । কোনোবাজনৰ খেলৰ সামগ্ৰী হ'বলৈ তাইৰ বৰ হেঁপাহ আছিল । চূৰ্ণাকৃত, আনন্দমত্ত, সংকুচিত, পৰিশ্ৰান্ত ।
কিন্তু এইখন যদি হাতেই হয় ? যদি সঁচাকৈয়ে এয়া হাতেই হয় ? তাই সামান্য লৰচৰ কৰিছিল আৰু যিমান পাৰি সিমান খিৰিকীৰ কাষ চাপি গৈছিল । এনে লাগিছিল যেন তাইৰ কল্পনাই এই বাস্তৱটোৰ জন্ম দিলে, এনে এক বাস্তৱ যাৰ বাবে তাই কোনোমতেই প্ৰস্তুত নাছিল । তাই গম পাইছিল যে এয়া বিপদজনক । তাই মনোযোগ দিলে ভৰিটোৰ ওপৰত, মোজাই আৱৰি ৰখা সেই ছাল টুকুৰাৰ ওপৰত । কিন্তু তাই নিজে ঘূৰি চাব পৰা নাছিল । তাত হেঁচা পৰিছিল নেকি, নে পৰা নাছিল ? তাই পুনৰ লৰচৰ কৰিছিল । তাইৰ ভৰি দুখন সজোৰে চেপি লৈছিল, আৰু চেপি ৰাখিছিল । হয় । এইখন হাতেই আছিল । এয়া হাতেৰে দিয়া হেঁচাই হয় ।
প্লিজ নকৰিব । ইয়াকে ক'বলৈ তাই চেষ্টা কৰিছিল । মনতে তাই শব্দকেইটা সজাই লৈছিল, উলিয়াই আনিবলৈ চেষ্টা কৰিছিল, তাৰ পিছতো তাইৰ ওঁঠৰ বাহিৰ হ'বলৈ দিব নোৱাৰিলে । কিয় ? এয়া লজ্জাই আছিলনে, নে মানুহে শুনি পোৱাৰ ভয় ? তেওঁলোকৰ চৌকাষে মানুহ আছিল, ছিটবোৰ আছিল ভৰ্তি ।
এয়া কেৱল সিমানেই নাছিল ।
তাই কৌশলেৰে তেওঁলৈ চাইছিল, মূৰটো নোতোলাকৈ কিন্তু সাৱধানেৰে ঘূৰাই লৈ ।
ছিটটো পিছলৈ হাওলাই তেওঁ বহিছিল আৰু চকুহাল মুদি আছিল । তেওঁৰ গাঢ় নীলা চোলাটোৰ আস্তিন বাতৰি-কাগজৰ তলত লুকাই আছিল । কাগজখন তেওঁ এনেদৰে সজাই থৈছিল যাতে ই ৰ'জৰ কোটটোৰ ওপৰত সমাবৃত হৈ থাকে । তাৰ তলতে আছিল তেওঁৰ হাতখন, জিৰণি লৈছিল , যেন টোপনিত লাংখাই পৰিছিল ।
এইখিনি সময়তে ৰ'জে কাগজখন সিফালে কৰি নিজৰ কোটটো আঁতৰাই আনিব পাৰিলেহেঁতেন । তেওঁ যদি টোপনিত নাছিল, হাতখন চপাই নিবলৈ বাধ্য হ'লহেঁতেন । যদি তেওঁ টোপনিত আছিল, হাতখন যদি চপাই নিনিয়ে, তাই লাহেকৈ 'এক্সকিউজ মি' বুলি ক'ব পাৰিলেহেঁতেন আৰু হাতখন সজোৰে তেওঁৰ আঁঠুত থৈ দিব পাৰিলেহেঁতেন । এই সমাধানটো, ইমান সৰল আৰু নিৰ্ভুল, তাকে তাইৰ মনলৈ অহা নাছিল । তাই বিস্মিত হৈছিল, নহ'ব‌ইবা কিয় ? পুৰোহিতজনৰ হাতখন তাইৰ বাবে আদৰণীয় নাছিল, এতিয়াও নহয় । ইয়ে তাইক অস্বস্তি, উগ্ৰ, কিঞ্চিত বিতৃষ্ণা, ফান্দত পৰা,উচপ খোৱা যেন অনুভৱ আনি দিছিল । কিন্তু ইয়াক প্ৰত্যাখ্যান কৰিবলৈ তাই একো কৰিব পৰা নাছিল । তাই দৃঢ়তাৰে ক'ব পৰা নাছিল যে হাতখন তাতে আছিল, যিহেতু মানুহজনেও এনে ভাৱত আছিল যেন হাতখন তাত নায়েই । তাই তেওঁক কেনেকৈ জগৰীয়া কৰিব, যেতিয়া তেওঁ ইমান নিৰীহভাৱে আৰু আস্থাৰে শুই আছিল, যিয়ে নিজকে জিৰণি দিছিল এটা ব্যস্তময় দিনৰ আগতে, এখনি পৰিতৃপ্ত আৰু স্বাস্থ্যবান বদনেৰে সৈতে ? এজন মানুহ, যি তাইৰ দেউতাকতকৈ ডাঙৰ হ'লহেঁতেন যদিহে তাইৰ দেউতাক জীয়াই থাকিলহেতেন, এজন শ্ৰদ্ধালু ব্যক্তি, প্ৰকৃতি বন্দনাকাৰী, বনৰীয়া ৰাজহাঁহত আনন্দ পোৱা লোক । যদি তাই ক'লেওহেঁতেন 'প্লিজ নকৰিব', তাই নিশ্চিত আছিল যে তেওঁ সেয়া আওকাণ কৰিলহেঁতেন, অগ্ৰাহ্য কৰিলহেঁতেন যেন সেয়া তাইৰ মূঢ়তা বা অভদ্ৰামিহে । তাই জানিছিল যে কথাষাৰ কোৱাৰ লগে লগে তায়ো আশা কৰিলহেঁতেন যাতে তেওঁ সেয়া শুনা নাপায় ।
কিন্তু সেইখিনিত তাতোকৈও কিবা এটা বেছি আছিল । উৎসুকতা । ই যিকোনো বাসনাতকৈও অধিক অবিচল, বেছি উগ্ৰ । ই নিজে এক বাসনা যিয়ে হোঁহোকি থাকিবলৈ আৰু ৰৈ থাকিবলৈ, বহু দেৰি ৰৈ থাকিবলৈ, প্ৰায় সকলো ৰিস্ক উঠাবলৈ বাধ্য কৰায়, কিনো হয় তাকে চাবলৈ । কিনো হয় তাকে চাবলৈ ।
পিছৰ কেইবামাইল ৰাষ্টা ধৰি হাতখনে আৰম্ভ কৰিছিল আটাইতকৈ কোমল, আটাইতকৈ ভীতিবিহ্বল, হেঁচা দিয়া আৰু অনুসন্ধান কৰা কামটো । তেওঁ টোপনি যোৱা নাছিল । যদি তেওঁ টোপনি গৈছিল, তেওঁৰ হাতখনে যোৱা নাছিল । তাই বৰকৈ বিৰক্তি অনুভৱ কৰিছিল । তাই এক দুৰ্বল, আহোঁ-নাহোঁ কৰি থকা বমিৰ ভাৱ অনুভৱ কৰিছিল । তাই ভাবিছিল মানৱ দেহৰ কথা: মাংসৰ লদাবোৰ, গোলপীয়া নাকবোৰ, মোটা মোটা জিভাবোৰ, ভোটা ভোটা আঙুলিবোৰ- জপিয়াই জপিয়াই, বগাই বগাই, লিকলিকাই লিকলিকাই, ঘঁহনিয়াই ঘঁহনিয়াই নিজ নিজ সুখৰ সন্ধানৰত আটাইবোৰ । তাই ভাবিছিল প্ৰখৰ গৰমত সীমাৰ জেওৰাত গা ঘঁহাই ঘঁহাই ডেডাউৰি পাৰি থকা মেকুৰীবোৰৰ কথা । এই উচপিচনি, ঠেকাঠেকি আৰু নিষ্পেষণ ঘৃণ্য আৰু ল'ৰামতীয়া । মদোন্মত্ত কলাবোৰ, জ্বলন্ত ছালখন, বিধ্বস্ত স্নায়ুপ্ৰান্তৰ, লজ্জাজনক গোন্ধ; মৰ্যাদা হানিকাৰক ।
সকলোবোৰৰ সূত্ৰপাত ঘটিছিল । তেওঁৰ সেই হাতখন, যিখন তাই কোনোকালে ধৰিবলৈ নিবিচাৰিলেহেঁতেন, যিখনত তাই কোনোদিনে ওলোটাই চিকুটিব নুখুজিলেহেঁতেন, তৎস্বত্বেও তেওঁৰ সেই অবাধ্য হাতখনে তাইৰ পৰ্ণ-কুঞ্জত খচমচাই দিবলৈ আৰু জুৰিটি বোৱাই আনিবলৈ, এক চেপা ইন্দ্ৰিয়সুখ জাগ্ৰত কৰিবলৈ সক্ষম হৈছিল ।
যিয়েই কি নহওক, এয়া তাই হ'বলৈ নিদিয়ে । অৱশ্যেই তাই হ'বলৈ নিদিয়ে । প্লিজ আঁতৰাই নিয়া, খিৰিকীৰ বাহিৰখনক তাই কৈ উঠিল । এইবোৰ বন্ধ কৰা প্লিজ, গছৰ মূঢ়া আৰু গুদাম ঘৰবোৰক তাই কৈছিল । হাতখন উজাই আহি মোজাৰ ওপৰভাগ পাৰ হৈ ভৰিৰ ছালৰ অনাবৃত অংশ পাইছিলগৈ, তাৰো ওপৰলৈ গৈ অন্তৰ্বাস পাইছিলগৈ আৰু ৰবৰডালৰ তলেৰে গৈ তলপেটত স্পৰ্শ কৰিছিলগৈ । ভৰিদুটা তাই তেতিয়াও ক্ৰছ কৰি জোৰেৰে টেপা মাৰি থৈছিল । ভৰি দুটা ক্ৰছ হৈ থকালৈকে নিজকে তাই নিৰ্দোষী বুলি, সৈমান হোৱা নাছিল বুলি দাবী কৰিব পাৰিব । তাইৰ তেতিয়াও বিশ্বাস আছিল যে এক মিনিটতে এইবোৰ বন্ধ কৰিব পাৰিব । একো হ'বলৈ যোৱা নাই, একো বেছি নহয় । তাইৰ দুভৰি কেতিয়াও মেল নাখায় ।
কিন্তু খাইছিল । তাইৰ দুভৰি মেল খাইছিল । ট্ৰেইনখন যেতিয়া ডানডাচ্ চহৰৰ উচ্চাংশত থকা নায়েগ্ৰাৰ থিয় পাহাৰখন পাৰ হৈছিল, যেতিয়া সিহঁতে প্ৰাক-তুষাৰ কালৰ উপত্যকাখন, ৰূপালী গছেৰে ভৰা ভঙা পাথৰৰ সৰু সৰু সৰু পাহাৰবোৰলৈ তলমুৱা হৈ চাই গৈছিল, যেতিয়া সিহঁত অণ্টাৰিঅ' হ্ৰদৰ পাৰলৈ মসৃণভাৱে নামি গৈছিল, তেতিয়াই তাই সেই ধীৰ আৰু নীৰৱ আৰু স্পষ্ট ঘোষণা কৰিছিল, বোধহয় তাইৰ বাবে সেয়া সিমানেই হতাশাজনক যিমান সন্তুষ্টিদায়ক হাতখনৰ গৰাকীৰ বাবে । তেওঁ চকুৰ পতা উঠোৱা নাছিল, মুখৰ ভংগীমাও সলনি হোৱা নাছিল, তেওঁৰ আঙুলিবোৰে দ্বিধাবোধ কৰা নাছিল আৰু শক্তিশালীভাৱে আৰু ধাৰাবাহিকভাৱে কামত লাগি গৈছিল । আক্ৰমণ, আৰু সম্ভাষণ, আৰু হ্ৰদৰ জলৰাশিত দূৰ দূৰলৈ সূৰ্যকান্তিৰ চিকমিকনি; বাৰ্লিংটনৰ চৌদিশত বিস্তীৰ্ণ উকা উদ্যানৰ খলকনি ।
এয়া লজ্জাজনক, এয়া এক নি:স্বতা । কিন্তু ইয়াতনো ক্ষতি কি, এনে সময়ত নিজকে আমি এনেদৰেই ক‌ওঁ, যি হ'লেও ক্ষতি কি, যিমানে বেয়া হয় সিমানে ভাল হয় যেতিয়া আমি লালসাৰ শীতল তৰংগত আৰোহণ কৰোঁ । এজন অপৰিচিতৰ হাত, বা পাচলিৰ মূল বা পাকঘৰৰ নিমাখিত বাচনবোৰ যাৰ বিষয়ে মানুহে গাজাখুৰি কৰে; এনেকুৱা নিৰ্দোষী যেন লগা, নিজকে পিছল আৰু বাধিত ৰূপে ঘোষণা কৰিবলৈ উদ্যত বস্তুবোৰৰ সৈতেই পৃথিৱীখন খহি পৰিছে বাৰে বাৰে । তাই উশাহ ল‌ওঁতে সাৱধান হৈছিল । এয়া তাই বিশ্বাস কৰিব পৰা নাছিল । গ্লাছক'ৰ জাম আৰু আচাৰৰ কাৰখানা পাৰ হৈ, তেল শোধনাগাৰৰ অহৰহ ধপধপাই চলি থকা পাইপবোৰ পাৰ হৈ, তাই অপকৰ্মৰ বলি আৰু সংগী হৈ পৰিছিল । লাহে লাহে সিহঁত চহৰৰ উপকণ্ঠলৈ নামি গৈছিল, 'ত বিচনা চাদৰ আৰু অন্তৰংগ মুহুৰ্তৰ দাগ মচা কাপোৰবোৰ কাপোৰ-মেলা ৰচিবোৰত অশ্লীলভাৱে নাচি আছিল, 'ত আনকি শিশুবোৰেও যেন স্কুল-চৌহদত কামনাভৰা ধেমালি কৰি আছিল, আৰু ৰে'লৱে ক্ৰছিঙত ৰৈ থকা ট্ৰাক ড্ৰাইভাৰবোৰে আনন্দতে কুঞ্চিত হাতৰ মুঠিত বুঢ়া আঙুলিটো হেঁচা মাৰি ধৰিছিল । এনেকুৱা দুষ্টালিভৰা, এনেকুৱা জনপ্ৰিয় দৃশ্য এতিয়া প্ৰাচীন । তেনেতে প্ৰদৰ্শনী থলীৰ গেট আৰু টাৱাৰবোৰ দৃশ্যমান হ', আৰু তাইৰ চকুৰ পতাৰ গোলাপী আকাশখনৰ বিপৰীতে বিস্ময়কৰভাৱে ওলমি আছিল ৰং কৰা চূড়া আৰু স্তম্ভবোৰ । ঠিক তেতিয়াই উদযাপনৰ আনন্দত সকলোবোৰ উফৰি পৰিল । এনে এক চৰাইৰ জাক আপোনাৰো থাকিব পাৰে, এজাক বনৰীয়া ৰাজহাঁহ, এটা প্ৰকাণ্ড চূড়াৰ তলত সাৰ পোৱা, তাৰ পৰাই বিস্তাৰিত হোৱা, আকাশলৈ উৰি যোৱা ।
তাই জিভাৰ আগটো কামোৰ মাৰিলে । তেনেতে কণ্ডাক্টৰজন আহি ট্ৰেইনৰ মাজেদি পাৰ হৈ গ', যাত্ৰীসকলক জগাই থৈ গ'ল নিজ নিজ পৃথিৱীলৈ ঘূৰি আহিবলৈ ।
ষ্টেচনৰ আন্ধাৰখিনিত ইউনাইটেড চাৰ্চৰ সতেজ পুৰোহিতজনে চকুহাল মেলিছিল আৰু কাগজখন জাপি লৈছিল, আৰু তাইক সুধিছিল কোটটো জাপি দিয়াত সহায় কৰিব লাগিব নেকি । তেওঁৰ প্ৰণয়লীলা আত্মসন্তুষ্টিৰে ভৰা, যেন একোৱেই হোৱা নাছিল । আঘাতপ্ৰাপ্ত জিভাৰেই ৰ'জে 'না' বুলি কৈছিল । তেওঁ খৰধৰকৈ তাইতকৈ আগেয়ে ট্ৰেইনৰ পৰা নামি গৈছিল । তাই তেওঁক ষ্টেচনত দেখা নাপালে । জীৱনত আৰু তেওঁক তাই দেখা নাপালে । কিন্তু ক'ব পাৰি যে তেওঁ থাকি গ'ল যেতিয়াই বিচৰা যায় তেতিয়াই পাব পৰাকৈ, বছৰ বছৰ ধৰি, গুৰুত্বপূৰ্ণ মুহূৰ্তত যি পিছলি পৰিবলৈ সাজু, কোনো লাজ-মান নোহোৱাকৈ, স্বামী বা প্ৰেমিকৰূপে । কিহে তেওঁক উপযোগী কৰি তুলিছিল ? তাই কেতিয়াও বুজিব পৰা নাছিল । তেওঁৰ সৰলতা, দাম্ভিকতা, তেওঁৰ বিকৃতভাৱে আকৰ্ষণীয় সৌন্দৰ্যহীনতা, নে সাধাৰণভাৱে পূৰঠ হোৱা তেওঁৰ পুৰুষত্ব‌ই ? যেতিয়া তেওঁ থিয় দিছিল তেতিয়া তাই দেখিছিল যে তাই ভবাতকৈও তেওঁ চাপৰ, তেওঁৰ মুখখন গোলাপী আৰু উজ্জ্বল, আৰু তেওঁৰ মাজত কিবা এক নিষ্ঠুৰতা, জোৰ-জুলুম কৰা, 'ৰামতীয়া স্বভাৱ বিদ্যমান ।
তেওঁ সঁচাকৈয়ে পুৰোহিত আছিলনে, নে সেয়া কেৱল তেওঁ কোৱা কথাহে ? পুৰোহিতৰ সাজেৰে পুৰোহিত হৈ থকা মানুহৰ বিষয়ে ফ্ল'ই কৈছিল, যিবোৰ আচলতে পুৰোহিত নহয় । আচল পুৰোহিতে এনে সাজ নিপিন্ধে যিয়ে তেওঁক পুৰোহিত যেন নেদেখায় । নতুবা, অপৰিচিত হৈ থকালৈকে, যিবোৰ লোক আচলতে পুৰোহিত নহয় তেওঁলোকে আচল পুৰোহিতৰ ভাও ধৰে কিন্তু সাজপাৰ এনেকৈ পিন্ধে যেন সিহঁত পুৰোহিত নহয় । কিন্তু তাই যে যিমান সম্ভৱ সিমান কাষ চাপিলে, যিমানখিনিত যিকোনো কথাই হ'ব পাৰিলেহেঁতেন, সেয়া আদৰণীয় নাছিল । ৰ'জে ইউনিয়ন ষ্টেচনেৰে খোজ লৈছিল, অনুভৱত লাগি আছিল দহ ডলাৰ থকা মোনাটোৱে দিয়া ঘৰ্ষণখিনি, তাই জানিছিল এই অনুভৱটো ওৰে দিন লাগি থাকিব, ছালৰ সিপাৰে থকা স্মৃতিত ঘঁহি ঘঁহি ।
সেইখিনি স্বত্বেও তাই ফ্ল'ৰ কথাবোৰ মনলৈ ননাকৈ থাকিব নোৱাৰিলে । ইউনিয়ন ষ্টেচনত
থকাৰ বাবে তাইৰ মনত পৰিল যে ফ্ল'ই কফিৰ দোকানত কাম কৰাৰ সময়তে মাভিচ নামৰ এজনী ছোৱালীয়ে তাৰে উপহাৰৰ দোকান এখনত কাম কৰিছিল । মাভিচৰ চকুৰ পতাত সৰু সৰু টেমুনা কিছুমান হৈছিল যিবোৰ পিছলৈ আজিনাইৰ ৰূপ ল'ব বুলি ভবা হৈছিল, কিন্তু নল'লে, আ‍ঁতৰি গৈছিল । সেইবোৰ তাই আঁতৰাই পেলাইছিল যদিও ফ্ল'ই সোধা নাছিল । সেইবোৰ আঁতৰোৱাত মাভিচক অতিপাত সুন্দৰী লগা হৈছিল । সেই সময়ত এগৰাকী প্ৰখ্যাত অভিনেত্ৰী আছিল আৰু মাভিচক তাইৰ দৰেই দেখা গৈছিল । অভিনেত্ৰী গৰাকীৰ নাম আছিল ফ্ৰান্সেছ ফাৰ্মাৰ ।
ফ্ৰান্সেছ ফাৰ্মাৰ । এওঁৰ বিষয়ে ৰ'জে এবাৰো শুনা নাছিল ।
নামটো সেয়াই আছিল । আৰু মাভিচ ওলাই গৈছিল আৰু নিজৰ বাবে চকু এটা ঢাক খুৱাই ৰাখিব পৰা এটা ডাঙৰ টুপি আৰু সম্পূৰ্ণ লেছেৰে তৈয়াৰী এযোৰ ড্ৰেছ কিনি আনিছিল । উইক-এণ্ড কটাবলৈ তাই জৰ্জিয়ান উপসাগৰলৈ গৈছিল, তাৰে এটা ৰিজৰ্ট লৈছিল থাকিবলৈ । তাই নিজকে ফ্লোৰেন্স ফাৰ্মাৰ নাম দি সেইটো বুক কৰিছিল । তাই যে আচলতে সিগৰাকী অৰ্থাৎ ফ্ৰান্সেছ ফাৰ্মাৰেই হয়, সেই ধাৰণা দিবলৈ মানুহক কৈছিল যে তাই ফ্লোৰেন্স নাম লৈ আছে কাৰণ তাই বন্ধৰ দিন কটাবলৈ আহিছে আৰু মানুহে তাইক চিনি পোৱাটো বিচৰা নাই । তাইৰ ক'লা আৰু মুকুতা বৰণীয়া এডাল সৰু চিগাৰেট খোৱা নলিচা আছিল । ফ্ল'ই কৈছিল যে তাইৰ দু:সাহসৰ বাবে তাইক গ্ৰেপ্তাৰ কৰিব পৰা গ'লহেঁতেন ।
'জে সেই উপহাৰৰ দোকানখনত প্ৰায় পাইছিলগৈ, মাভিচ এতিয়াও তাত আছেনে নাই তাকে চাবলৈ আৰু তাইক চিনি পাবনে নাই তাকে জানিবলৈ । তাই ভাবিছিল যে ৰূপান্তৰৰ এনে এক প্ৰক্ৰিয়াক এইদৰে পৰিচালনা কৰাটো বিশেষ সুন্দৰ কথা হ'ব । এই সাহস কৰিবলৈ, ইয়াৰ পৰা মুক্ত হ'বলৈ, নিজৰেই এক অসঙ্গত অভিযানত নামি পৰিবলৈ, কিন্তু নাম দিয়া হৈছে নতুনকৈ, ছাল ।

গল্পকাৰৰ পৰিচয়: এলিচ মুনৰ' (Alice Munro) এগৰাকী কানাডিয়ান চুটিগল্প লেখিকা। ২০১৩ চনৰ সাহিত্যৰ নবেল বঁটা প্ৰাপক । সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ গতানুগতিকতাৰ মাজতে চলি থকা তেওঁলোকৰ দুখ, প্ৰতিজ্ঞা, প্ৰেম,ভয় আদিৰ অভিজ্ঞতাক সাৱলীল বৰ্ণনাৰে সেই সাধাৰণ মানুহবোৰকো অসাধাৰণ আৰু পাহৰিব নোৱাৰা কৰি তুলিছে মুনৰ'ৱে ।

উৎসঃ গল্পটো মুনৰ'Selected Storiesৰ পৰা লোৱা হৈছে ।


Post a Comment

0 Comments