উলংগ ৰজা
মূল(বাংলা) : নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
অসমীয়া ভাষান্তৰ : নিবেদিতা ফুকন৷
সকলোৱে দেখিছে ৰজা উলংগ,
তথাপিও সকলোৱে হাততালিৰে
আটাহ পাৰিছে; চাব্বাছ, চাব্বাছ!
কাৰোবাৰ মনত সংস্কাৰ, কোনোৰ আক’ ভয়;
কোনোৱে আক’ নিজৰ বুদ্ধিকে অন্যৰ কাষত বন্ধকত ৰাখিছে;
কোনোবা হয়তো পৰান্নভোজী, কোনো কৃপাপ্ৰাৰ্থী,
কোনোবা কৰ্মপ্ৰাৰ্থী, প্ৰৱঞ্চক
কোনোজনে ভাবিছে, ৰাজবস্ত্ৰ সচাঁকৈয়ে অতি সুক্ষ্ম,
চকুৰে দেখা পোৱা নাই,
তথাপিও আছে নিশ্চয়,
অন্ততঃ থকাটো একো অসম্ভৱ নহয়৷
কাহিনীটো সকলোৰে জ্ঞাত৷
কিন্তু সেই কাহিনীৰ মাজত কেৱল
আপাদমস্তক ভীৰু,কেইজনমান তোষামোদকাৰী,
ধূৰ্ত অথবা নিৰ্বোধ স্তাৱকেই নাছিল৷
এটা শিশুও আছিল৷
সৰল, সাহসী, সত্যবাদী এটা শিশু৷
কাহিনীৰ ৰজা এতিয়া বাস্তৱত, প্ৰকাশ্যে পথত৷
হাততালিৰে পুনৰ উত্তাল এতিয়া ৰাজপথ৷
স্তাৱকবৃন্দৰ ভিৰত মুখৰ৷
ভিৰৰ মাজত ক’তো দেখা নাই৷
ক’লৈ গ’ল শিশুটি? কোনোবাই তাক বাৰু
পাহাৰৰ কোনো গোপন গুহাত
লুকুৱাই ৰাখিছে নেকি?
নে সি ঘাঁহ-মাটি-শিলৰ লগত খেলি খেলি
লালকাল দিলে; সুদূৰৰ কোনো নিৰ্জন নদীৰ পাৰত;
নতুবা কোনো প্ৰান্তৰৰ গছৰ ছাঁত?
যোৱাঁ,যেনেকৈয়ে হওক তাক বিচাৰি আনা৷
সিয়েই আহি এবাৰ উলংগ ৰজাৰ সন্মুখত
নিৰ্ভয়ে থিয় হওক৷
স্তাৱকৰ হাততালিৰ ঊৰ্ধত কণ্ঠৰ নিনাদেৰে
সিয়েই আহি প্ৰশ্ন কৰক:
ৰজা,তোৰ কাপোৰ ক’ত?
0 Comments