আলবে’ৰ কেম্যুৰ সাক্ষাৎকাৰ

আলবেৰ কেম্যুৰ সাক্ষাৎকাৰ

অনুবাদ  : মীনাক্ষী বৰপাত্ৰগোহাঁই

 

আলবেৰ কেমুৰ জন্ম হৈছিল ১৯১৩ চনত আলজেৰিয়াত ৷ বিশ্বৰ বিখ্যাত লেখকসকলৰ অন্যতম কেম্যুৱে জীৱন প্ৰকৃততে কি, এই সন্দৰ্ভত বহুতো ব্যাখ্যা আগ বঢ়োৱাৰ  লগতে  নিৰৰ্থকতাক  তেওঁ আঙুলিয়াই দেখুৱাইছিল ৷ তেওঁৰ সাহিত্যকৃতিৰ ভিতৰত 'দ্য আউটচাইডাৰ', 'দ্য প্লেগ', 'দ্য ফল' আদি উল্লেখযোগ্য উপন্যাস ৷ 'দ্য মিথ অব সিসিফাস’, 'দ্য ৰিবেলআদি দাৰ্শনিক তত্ত্বমূলক গ্ৰন্থৰ লগতে বহু সমাদৃত নাটক 'ক্যালিগুলা’, 'ক্ৰস পাৰপাস্’, 'দ্য পজেজসড'  আদি উল্লেখযোগ্য ৷ প্ৰবন্ধমূলক ৰচনাৰাজিৰ ভিতৰত 'নোটবুকচ  অন্যতম ৷


১৯৩৫ চনৰ পৰা ১৯৫৯ চনৰ ভিতৰৰ সময়ছোৱাতে কেম্যুৱে তেওঁৰ  গুৰুত্বপূৰ্ণ লেখাসমূহ লিখি উলিয়াইছিল ৷ ১৯৫৭ চনত  নোবেল পুৰস্কাৰ লাভ কৰা কেম্যুৰ ১৯৬০ চনত এটি পথ দুৰ্ঘটনাত মৃত্যু ঘটে ৷  ১৯৫৯ চনত তেওঁৰ মৃত্যুৰ এবছৰ পূৰ্বে   লেখক জে.সি. ব্ৰিসভেলে সাক্ষাৎকাৰটি গ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত   সাক্ষাৎকাৰটোৰ লগতে মুঠ তিনিটা সাক্ষাৎকাৰ অন্তৰ্ভুক্ত হয়  কেম্যুৰ 'লিৰিকেল এণ্ড ক্ৰিটিকেল এসেজনামৰ গ্ৰন্থখনত ৷ গ্ৰন্থখনৰ লেখাসমূহ  অনুবাদ আৰু সম্পাদনা কৰিছিল ফিলিপ থডি আৰু এলেন ক্যানোৰি  কেনেডিয়ে ৷ নিউয়ৰ্কৰ ভিনটেজ বুকসৰ দ্বাৰা ১৯৭০ চনত  গ্ৰন্থখন প্ৰকাশিত হৈছিল ৷

 

সাক্ষাৎগ্ৰহণকাৰী  :  লেখক হব বুলি  কেতিয়া সিদ্ধান্ত  লৈছিল  ?

আলবেৰ কেম্যু  : লেখক হবৰ বাবে প্ৰয়োজনীয়  প্ৰেৰণা, আগ্ৰহ  বা লেখা-মেলাকে পেছা হিচাপে গ্ৰহণ কৰা - এই  কথা কেইটা ঠিক মোৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল, কাৰণ মই সেই সোতৰ বছৰ বয়সতে লেখক হব বিচাৰিছিলোঁ ৷ সেই সময়ত খুব স্পষ্টভাবে নহলেও বুজি পাইছিলোঁ যে মই আচলতে লেখক হোৱাৰ  পথতেই খোজ দিছোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : তেতিয়া লেখক হোৱাৰ সমান্তৰালকৈ  অন্য কোনো পেছা গ্ৰহণ কৰাৰ কথা ভবা নাছিল নে ?

আলবেৰ কেম্যু  : হয়, ভাবিছিলোঁ ৷ তেতিয়া শিক্ষকতাক পেছা হিচাপে গ্ৰহণ কৰাৰ কথা ভাবিছিলোঁ ৷ লেখক হিচাপে স্বাধীনভাৱে কাম কৰিবৰ বাবে, লেখক জীৱনটোক নিশ্চয়তা প্ৰদানৰ  উদ্দেশ্যে দ্বিতীয় পেছা হিচাপে শিক্ষকতা কৰাৰ কথা জীৱনৰ প্ৰতি ক্ষণতে মই গুৰুত্ব সহকাৰে  ভাবিছিলোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : তেতিয়া আপুনি ভৱিষ্যৎ লেখক জীৱনৰ ভাল বেয়া দিশটোৰ কথা ভাবি চিন্তা কৰিছিল নেকি ? লেখক হিচাপে অনাগত দিনবোৰ কেনে হ? শেষ পৰ্যন্ত লেখক হিচাপে বৰ্তি থাকিব পাৰিব নে নাই ? লেখক জীৱনৰ  অসহনীয় চাপ আদিৰ বিষয়ে  কিবা ধাৰণা কৰিব পাৰিছিল নে ?

আলবেৰ কেম্যু  : লেখক জীৱনৰ ভাল আৰু বেয়া দিশ দুটাৰ কথা চিন্তা কৰি মনত সন্দেহ হৈছিল ৷ মনৰ ভিতৰত দ্বন্দ্বৰ সৃষ্টি হৈছিল ৷ এসময়ত লেখামেলা এৰি দিয়াৰ কথাও ভাবিছিলোঁ ৷ সেইসময়তে হঠাৎ এদিন জীৱন সম্পৰ্কে আচ্ছন্ন কৰি দিয়াৰ দৰে, অভিভূত কৰি দিয়াৰ দৰে এক দৃষ্টিভংগী যেন মোৰ  ভিতৰৰ পৰা প্ৰকাশৰ বাবে উন্মুখ হৈ উঠিল ৷ সেই ভাবনাবিলাককে একত্ৰিত কৰি এখন গদ্যৰ কিতাপ লিখি পেলালোঁ ৷ যিখন 'নোসেসনামেৰে গ্ৰন্থৰ ৰূপত প্ৰকাশ হল ৷

সাক্ষাৎগ্ৰহণকাৰী  : লেখক হিচাপে, সমাজত বিদ্যমান  কিছুমান বিধি-বিধানৰ লগত নিজৰ চিন্তা ভাবনাৰ সামঞ্জস্য ৰাখিবলৈ যাওঁতে কেতিয়াবা কোনো বিৰূপ অভিজ্ঞতাৰ সন্মুখীন  ব লগা হৈছিল নেকি? প্ৰচলিত বিধিবিধান মানিবলৈ বাধ্য হৈছিল নে? এইবিলাক আপোনাৰ ওচৰত গুৰুতৰ সমস্যা হিচাপে গণ্য হৈছিল নেকি ?

আলবেৰ কেম্যু  : নিশ্চয় ৷ কিন্তু আমাৰ এই শতিকা এই পৰ্যায়লৈকে উন্নীত  ব পাৰিছে, 'সামাজিক চিন্তাবিষ্টতাকহাস্যকৰ ভাৱে অৱজ্ঞা কৰিব পাৰে  ৷ উপহাস কৰাৰ দৰে কিছু মুখে ,প্ৰচলিত বিধিবিধানক  দলিয়াই  এখন স্বাধীনচিতীয়া ক্ষেত্ৰ  গঢ়ি তোলাৰ ক্ষেত্ৰত আমাক সহায় কৰিছে ৷ এনে হয় , যেতিয়া লেখামেলা কৰি থকা হয়,  অন্য লেখকৰ মুখ  তেতিয়া বন্ধ কৰি দিয়া হয় নাইবা কাৰাৰুদ্ধ কৰা হয় , হয়তো এনেদৰেই লেখকসকলক দমন কৰা যাব ৷ তেতিয়া  আমি বিভিন্ন দিশ সম্পৰ্কে  ভাবিব লগা হয়, মনলৈ ভাব আহে যে লেখকে তেওঁৰ লেখামেলা লৈয়ে বৰ্তি থাকিব   আৰু স্বাধীন ভাবে প্ৰকাশ কৰিবৰ বাবে যুদ্ধ কৰিব ৷

সাক্ষাৎগ্ৰহণকাৰী  : লেখক হিচাপে আপোনাৰ যি পৰিচয়  গঢ়ি উঠিছে তাক আপুনি কেনেদৰে গ্ৰহণ কৰিছে ?

আলবেৰ কেম্যু  : আচলতে একান্ত ব্যক্তিগত জীৱনত লেখক পৰিচয় লৈ মোৰ কোনো সমস্যা হোৱা নাই , যেন প্ৰথমে এইটো কোনো পৰিচয়ে নহয় কিন্তু বাহিৰৰ জগতখনত  মোৰ যি এটা বিশেষ পৰিচয়, মই যেন এজন লেখক, এই কথাটোকে যে কোনো প্ৰকাৰে  মানি লব নোৱাৰোঁ ৷ পৰিচয়টো দিনে দিনে যি হাৰত বাঢ়ি গৈছে, মোৰ বাবে অসহনীয় হৈ পৰিছে ৷

সাক্ষাৎগ্ৰহণকাৰী  : যদি লেখামেলা এৰি দিব লগা হয়, কোনো সময়ত এনেদৰে ভাবি চাইছেনে তেতিয়া কি দৰে জীয়াই থাকিব? লিখিবলৈ এৰি দিলে সুখী হব পাৰিবনে ? সেই যে আপোনাৰ নাটকৰ ক্যালিগুলা, মাটি আৰু মানুহৰ  অভ্যন্তৰৰ চুক্তিৰ বাবে যি গৰজি উঠিছিল, তেওঁৰ সেই কথাবোৰ কি নিজকে চূড়ান্তভাবে প্ৰকাশ কৰাৰ অপৰাধ ?

আলবেৰ কেম্যু  : লৰালিকালত কোনো ধৰণৰ  লেখা-মেলা নকৰাকৈয়ে কিমান যে সুখী আছিলো ,  আজিও মোৰ মনৰ ভিতৰখন সেই ব্যক্ত কৰিব নোৱাৰা এক  আনন্দেৰে ভৰি আছে, মোৰ জীৱনে সেই  আনন্দক জীৱনৰ পৰা লাভ কৰা এক উপহাৰ হিচাপে গ্ৰহণ কৰিছে ৷ যি বুলিয়ে কোৱা নহওক কিয়, জীৱনচৰ্যাক আজীৱন ধ্যান হিচাপে গ্ৰহণ কৰিছোঁ বাবেই এতিয়া বুজি উঠিছোঁ - মই মোৰ শিল্পক বাদ দি সম্ভৱতঃ এদিনো জীয়াই থাকিব নোৱাৰিম ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপুনি  এনেকৈ ভাবেনে  যে  ইতিমধ্যে  আপুনি আপোনাৰ শ্ৰেষ্ঠ লেখাবিলাক লিখি উলিয়ালে ?

আলবেৰ কেম্যু  : মোৰ বয়স এতিয়া ৪৫ ৰ ঘৰত আৰু মই ভীষণ আমনিদায়ক এক জীৱনী শক্তি পাইছিলোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ লেখা যেনেদৰে আগবাঢ়ে সেইয়া পূৰ্ব পৰিকল্পনা মতে আগ বাঢ়ে নে ?  লিখোঁতে লিখোঁতেই পৰিকল্পনাটো আৱিষ্কাৰ কৰে ?

আলবেৰ কেম্যু  : দুয়োটাই ৷ কেতিয়াবা পৰিস্থিতি এনেধৰণৰ  হয় যে লেখকে তেতিয়া সেই পৰিস্থিতিৰ মুখামুখি হব লগা হয় ৷ এনেকুৱা  এখন  নক্সা থাকে, যি এফালে চলমান ঘটনাপ্ৰবাহ, অন্যফালে আমাৰ কিতাপ লেখাৰ প্ৰকৃত শৈলীক পৰিৱৰ্তন কৰিব পাৰে ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ লেখাৰ পদ্ধতিসমূহ কি কি ?

আলবেৰ কেম্যু  : নোট, কাগজৰ টুকুৰা আৰু ধ্যানমগ্নতা... বছৰৰ শেষত এইবিলাকে বিশাল আকাৰ ধাৰণ কৰে ৷ তাৰপৰা লাহে লাহে এইবিলাক আইডিয়া, কনচেপ্ট, লিখি ৰখা কাগজৰ টুকুৰাটুকুৰ, ভঙা-ছিগা  সংযোগ কৰাৰ এক দীঘলীয়া আৰু যন্ত্ৰণাদায়ক কাম আৰম্ভ হয়- এটা যুক্তিক শৃংখলাবদ্ধভাৱে সজোৱাৰ বাবে ৷ আমাৰ ভাবনাৰ বিশৃংখল অৱস্থাক এক অৰ্থপূৰ্ণ ৰূপ দিয়াৰ উদ্দেশ্যে কৰা এই প্ৰক্ৰিয়াটো দীঘলীয়া আৰু ক্লান্তিদায়ক ৷

সাক্ষাৎগ্ৰহণকাৰী  : ধৰাহল আপুনি এটা লেখা এটা লিখিবলৈ আৰম্ভ কৰিছে , লিখি থকাৰ সময়ছোৱাত লেখাৰ বিষয়বস্তু সম্পৰ্কে কাৰোবাৰ লগত আলোচনা কৰাৰ প্ৰয়োজন বোধ কৰে নেকি?

আলবেৰ কেম্যু  : সাধাৰণতে এনে নহয় ৷ কিন্তু যেতিয়া নিজৰ ওপৰত থকা বিশ্বাস হেৰাই যায় তেতিয়া কাৰোবাৰ লগত আলোচনা কৰিব বিচাৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : লেখা এটা লিখি সম্পূৰ্ণ হোৱাৰ পাছত বন্ধুৰ মতামত জানিব বিচাৰেনে ? নে লেখাটি নিজেই চালিজাৰি চাই, বিশ্লেষণ কৰি চায় ?

আলবেৰ কেম্যু  : হয়, এনে কেবাজনো বন্ধু আছে, যিকেইজনক মই পাণ্ডুলিপি পঢ়িবলৈ দিওঁ , তেওঁলোকৰ কথা শুনি, তেওঁলোকে কত কি সমস্যা পাইছে সেইয়া নোট কৰি ৰাখোঁ, দহবাৰৰ ভিতৰত নবাৰেই তেওঁলোকে সঠিক কথা কয় ৷ তাৰপাছত মই লেখাটোৰ সংশোধন কৰিবলৈ লওঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : লেখাৰ বাবে কোনটো বিষয়ত আটাইতকৈ বেছি গুৰুত্ব দিয়ে - ধাৰণা, থূলমূল ৰূপৰেখা, নে ইতিমধ্যে যিমানখিনি লিখি হ, সেইয়া ?

আলবেৰ কেম্যু  : ধাৰণাৰ মুহূৰ্তটোৱেই গুৰুত্বপূৰ্ণ ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপুনি  বহুত নিয়ম মানি নিয়মীয়াকৈ লেখামেলা কৰে নেকি ?

আলবেৰ কেম্যু  : নিয়মীয়াকৈ লিখাৰ চেষ্টা কৰোঁ ৷ যেতিয়া সকলোবিলাক ঠিকে থাকে, তেতিয়া দিনে চাৰিৰ পৰা পাঁচঘণ্টা অবিৰাম লিখিব পাৰোঁ ৷ আৰু যেতিয়া ছন্দপতন ঘটে, তাল মিলাব নোৱাৰোঁ তেতিয়া সকলোফালে বাধা আহে, মনটোও অৱশ হৈ পৰে ৷

সাক্ষাৎগ্ৰহণকাৰী  : এটা লেখা যেতিয়া অসমাপ্ত হৈ থাকে, পাছদিনা লেখাটো সম্পূৰ্ণ কৰিম বুলি ভাবিছে, এনেক্ষেত্ৰত সেই লেখাৰ মাজত কিবা ভুল বা দুৰ্বলতা ধৰা পৰে নেকি ?

আলবেৰ কেম্যু  : হয়, অসমাপ্ত লেখা এটাৰ বাবে নিজকে অপৰাধী যেন লাগে, সেই কথা অনুভৱ কৰি ভাবি থাকোঁ - কেনেকৈ এই কথাবিলাক লিখিব পাৰিলোঁ আৰু তেতিয়াই নিজকে  অচিনাকি যেন লাগিবলৈ ধৰে ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ চৰিত্ৰবিলাকৰ মাজৰ নিৰ্দিষ্ট কোনো চৰিত্ৰৰ প্ৰতি আপোনাৰ দুৰ্বলতা আছে নেকি?

আলবেৰ কেম্যু  : আছে ৷ সেইয়া  ল - মেৰি, ডোৰা আৰু ক্যালেস্তে ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ চৰিত্ৰবিলাকৰ মাজত দুই শ্ৰেণীৰ মানুহ দেখা যায়, যেনেকৈ ক্যালিগুলাত দেখা যায়, যিসকল  'ব্যক্তিশক্তি আৰু ক্ষমতাৰ দ্বাৰা সমাজত বৰ্তি থাকে আৰু বাকীসকল যি অৱশ্যে আগন্তুকৰ  মাজত উপস্থাপন   কৰা হয় ৷ তেওঁলোকে আত্ম ধ্বংসৰ প্ৰলোভনৰ লগত নিজকে জড়িত কৰে ৷ আপুনি কিদৰে আপোনাৰ চৰিত্ৰবিলাকৰ মাজত এই দ্বৈত ৰূপবিলাক চিনাক্ত কৰে ?

আলবেৰ কেম্যু  : হয়, মই শক্তি, উদ্যম আৰু বিজয়ক পচন্দ কৰোঁ কিন্তু বৰ সোনকালেই কি পাইছোঁ, কি কৰিব পাৰিছোঁ, এইবিলাক কথা লৈ হতাশাতো ভুগোঁ ; আগ্ৰহ হেৰাই যায়, ক্লান্ত হৈ পৰোঁ আৰু এইটোৱে মোৰ অাটাইতকৈ ডাঙৰ দুৰ্বলতা ৷ তাৰপাছত, মই অজ্ঞাত  নাইবা অস্পষ্ট কিবা বা জীৱনৰ দুৰ্বোধ্যতাক পচন্দ কৰি  আত্মবিলোপ নাইবা আত্ম ধ্বংসৰ বাবে এনেকুৱা হলে কি হ,  ভাবোঁ , কিন্তু জীৱনৰ প্ৰতি সুতীব্ৰ টানো মোৰ আছে , লগতে তাড়না আছে, আকাংক্ষা আছে, সেই আকাংক্ষাৰ কাৰণেই মই বাৰেবাৰে জী উঠোঁ, ভাঙি নপৰোঁ, সন্মুখলৈ খোজ আগবঢ়াই দিওঁ ৷ এক কথাত কবলৈ হলে - মই কোনো প্ৰকাৰে এই দ্বন্দ্বৰ, এই উভয় সংকটৰ সমাধান কৰিব নোৱাৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : কথা সাহিত্য (ফিকশ্যন), থিয়েটাৰ বা ক্ৰিটিকেল গদ্য,  কোনটো মাধ্যমে আপোনাক বেছি আনন্দ দিয়ে ?

আলবেৰ কেম্যু  : এটা লেখাৰ কেইবাটাও কৌশল যেতিয়া জোঁট বান্ধে, ঠিক তেতিয়া এটা লেখা লিখিব পাৰি আনন্দ লাভ কৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : বিভিন্ন লেখাত আপোনাক দেখিছোঁ  'থিয়েটাৰ শিল্প সাধনাৰ উপযুক্ত স্থানবুলি কৈছে ৷ কথাটোত আপুনি মোৰ সতে একমত নে ?

আলবেৰ কেম্যু  : এই বিষয়ে কবলৈ হলে বহু কথাই কব লাগিব ৷ মই মাজে মাজে অনুভৱ কৰোঁ যে মই যদি আন একো নহৈ কেৱল অভিনেতা  লোঁহেঁতেন, তেতিয়া হয়তো এই পেছাতে জীৱনটো পাৰ কৰি দিব পাৰিলোঁহেঁতেন ৷

সাক্ষাৎগ্ৰহণকাৰী  : শিল্পত এটা কামৰ মূল্য কিমান , বিশেষকৈ সাহিত্যকৰ্মক আমি যেতিয়া শিল্প হিচাপে ধৰি লওঁ, তেতিয়া সাহিত্য  শিল্পলৈ ৰূপান্তৰিত হয়, সেই শিল্প উপাদানৰ ভিতৰত, তেতিয়া তাৰ মূল্য কিমান হয় ? শিল্পৰ কোনটো দিশৰ প্ৰতি আপুনি সবাতোকৈ বেছি সংবেদনশীল ৷

আলবেৰ কেম্যু  : সত্য ৷ সত্য প্ৰকাশ কৰাৰ ক্ষমতা আৰু শিল্পৰ যিবিলাক উপাদানে সত্যক প্ৰকাশ কৰাৰ বাট দেখুৱায় , প্ৰকাশ কৰাত সহায় কৰে, সেই আশ্চৰ্যকৰ গুণবিলাকৰ প্ৰতি মই সংবেদনশীল ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ সৃষ্টিৰ মাজত এনেকুৱা এটা বিশেষ থিম যি হয়তো আপোনাৰ ওচৰত অত্যন্ত গুৰুত্বপূৰ্ণ  কিন্তু আপোনাৰ বিশ্লেষকসকলৰ  দৃষ্টিত এই  থিমটি দৃষ্টিগোচৰ নোহোৱাকৈ থাকি গৈছে ?

আলবেৰ কেম্যু  : হিউমাৰ ( হাস্যৰস)

সাক্ষাৎগ্ৰহণকাৰী  : এই পৰ্যন্ত যিমান লিখিছে, সেই লেখাসমূহক আপুনি নিজে কেনে ধৰণেৰে  চায় ?

আলবেৰ কেম্যু  : মই কেতিয়াও সেই লিখাবিলাক পঢ়া নাই কাৰণ তেতিয়া লেখাবিলাক মোৰ  কাষত মৃত ৷ মই সকলো সময়তে এনেকুৱা কিবা এটা লিখিবলৈ চাওঁ যিবিলাক কথা মই লিখিব বিচাৰিছিলোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : কেনেদৰে কোনো ব্যক্তিক লেখক বুলি চিহ্নিত কৰিব ?

আলবেৰ কেম্যু  : নিজকে পুনৰ্নিৰ্মাণ কৰিব পৰা ক্ষমতাৰ মাজেদিয়েই লেখক এজনক স্পষ্টভাবে চিহ্নিত কৰিব পৰা যায় ৷ লেখকে অনবৰতে নিজকে ভাঙিব, গঢ়িব, ভঙাগঢ়াৰ নিৰন্তৰ এক প্ৰক্ৰিয়াৰ মাজেদি তেওঁ আগ বাঢ়ি যাব ৷ তেওঁ হয়তো ক্ৰমান্বয়ে একে কথাই লিখিছে, জগতৰ সমস্ত লেখকেতো একে কথাই  লিখে, তেওঁও লিখিব, তাত আমাৰ কোনো সন্দেহ নাই, কিন্তু চাব লাগিব লেখকে যি কৈছে বা লিখিছে তেতিয়া তেওঁৰ ফৰ্মটোক বাৰে বাৰে পুনৰ্নিৰ্মাণ কৰিছে ৷ প্ৰচলিত ফৰ্মৰ প্ৰতি তেওঁৰ শংকা থাকে, আৰু সেয়ে লেখকে তেওঁৰ নিজস্ব ছন্দক আঘাত কৰি ভাঙে ৷

সাক্ষাৎগ্ৰহণকাৰী  : কোন কোন লেখকে আপোনাক লেখক হোৱাৰ পথেৰে অাগুৱাই নিলে, যি কব বিচাৰিছিল সেই বিষয়ত আপোনাক  তেওঁলোকে সচেতন কৰি তুলিলে ?

আলবেৰ কেম্যু  : বহুতো আছে... আধুনিকসকলৰ মাজত আছে - গ্ৰেণাৰ, ম্যালৰোক্স, মন্তেল্যাণ্ট ; আৰু ধ্ৰুপদী লেখক, যিসকলে মোক নিৰন্তৰ পথ দেখুৱাই আহিছে, সেইসকল হল - পাস্কেল,মলিয়েৰ;  ঊনৈশ শতিকাৰ ৰুছ সাহিত্য, আৰু হিস্পানী লেখকসকল ৷

সাক্ষাৎগ্ৰহণকাৰী  : শিল্পকলাৰ ক্ষেত্ৰত ৰূপকাৰ আৰ্টক আপুনি কিমান গুৰুত্ব দিয়ে ?

আলবেৰ কেম্যু  : মই সকলো সময়তে ভাস্কৰ হব বিচাৰিছিলোঁ ৷ মোৰ মতে ভাস্কৰ্য হল শিল্পকলাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৷

সাক্ষাৎগ্ৰহণকাৰী  : আৰু সংগীত ?

আলবেৰ কেম্যু  : ডেকা কালত কেৱল সংগীত শুনিয়েই দিনে ৰাতিয়ে বিভোৰ হৈ আছিলোঁ ৷ এতিয়া বয়স বাঢ়িছে আৰু খুব কম সংগীতজ্ঞইহে মোক  আকৰ্ষণ কৰিব পাৰে কিন্তু সেই এজনেই আছে, ভোল্‌ফগাঙ এমাদিয়ুস মোৎসাৰ্টযিজনে 
এতিয়াও মোক উন্মাদ কৰি তোলে ৷

সাক্ষাৎগ্ৰহণকাৰী  : চিনেমা সম্পৰ্কে কি ভাবে ?

আলবেৰ কেম্যু  : আপোনাৰ মতামত কি ?

সাক্ষাৎগ্ৰহণকাৰী  : ইয়াত শিল্পীসকলক যিধৰণে প্ৰশংসা কৰা হয় তাকে লৈ বহু সময়ত ভুল বুজাবুজিৰ সৃষ্টি হয় ৷ প্ৰশংসাৰ কোনটো দিশক আপোনাৰ বিৰক্তিকৰ বুলি মনে ধৰে ?

আলবেৰ কেম্যু  : আপুনি ভালদৰেই জানে যে - সৎ, বোধসম্পন্ন, মানৱিক - এই  শব্দ কেইটা  ল আধুনিক মাউথৱাশ্ব, কুলকুলি কৰাৰ দৰে এইকেইটা শব্দকে ব্যৱহাৰ কৰা হয় ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ চৰিত্ৰৰ সবাতোকৈ উল্লেখযোগ্য বৈশিষ্ট্য কোনবোৰ ?

আলবেৰ কেম্যু  : আচলতে চকুত পৰা  কথাবোৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে, তথাপি, যি কথা কম, সেইটো হল -  এক ধৰণৰ অন্ধ আৰু চূড়ান্ত জেদী  চৰিত্ৰৰ মানুহ মই ৷

সাক্ষাৎগ্ৰহণকাৰী  : মানৱ চৰিত্ৰৰ কোনটো দিশক আপুনি আটাইতকৈ বেছি গুৰুত্ব দিয়ে ?

আলবেৰ কেম্যু  : মানুহৰ চৰিত্ৰত যেতিয়া বুদ্ধিমত্তা আৰু আত্মবিশ্বাসৰ সংমিশ্ৰণ দেখা পোৱা যায় - যি প্ৰকৃততে বিৰল - তাকেই সবাতোকৈ বেছি পচন্দ কৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপুনি এবাৰ লিখিছিল - এই বিশ্ব জগতৰ সবাতোকৈ গূঢ় কথা হল আত্মাৰ অবিনশ্বৰতা বাদে ঈশ্বৰৰ কল্পনা ৷ আপুনি আৰু স্পষ্টকৈ কব নেকি ? কথাষাৰৰ যোগেদি আপুনি ঠিক কি বুজাব বিচাৰিছিল ?

আলবেৰ কেম্যু  : ঈশ্বৰ সম্বন্ধে মোৰ বিশ্বাস আছে ৷ কিন্তু মই পুনৰ জন্মত বিশ্বাসী নহয় ৷ এইটোৱে ৷ আৰু একো বুজাব নিবিচাৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : ধন্যবাদ


Post a Comment

0 Comments