তিব্বতৰ সাধু : জ্ঞানী মহিলা


তিব্বতৰ সাধু : জ্ঞানী মহিলা

অনুবাদ : কিন্নৰী ডেকা



 (জ্ঞানীৰ সংগ পৰিত্যাগ কৰাজনে জীৱনৰ বাটত বাৰেপতি উজুটি খায়তিব্বতৰ প্ৰবচন )

বহু হাজাৰ বছৰ আগৰ কথা। কালৰ পাকচক্ৰত পৰি হেৰাই যোৱাৰ বহুপূৰ্বে এসময়ত  তিব্বতৰ পৰ্বতৰ বুকুত অৱস্থিত বোকাময় গাওঁ এখনত এটি জনজাতীয়ে বসবাস কৰিছিল।
গাওখনৰ বোকা মাটিৰ তলেৰে ওলোৱা এটা সৰু চাফা পানীৰ ফোৱাৰাই গাঁওবাসীৰ প্ৰয়োজনীয় পানীৰ যোগান ধৰি আহিছিল। গাওঁবাসীৰ একাংশৰ বিশ্বাস মতে এই পানীৰ ফোৱাৰাটো এটা যাদুকৰী ঘোঁৰাৰ মূৰৰ পৰা ওলাইছিল আৰু  কোনো কোনোৰ মতে ঘোঁৰা নহয় বৰঞ্চ এটা যাদুকৰী গৰুৰ মূৰৰ পৰাহে এই ফোৱাৰাটো ওলাইছিল আৰু সেইদিন ধৰি কেতিয়াওঁ বন্ধ নহ'ল আৰু সেইবাবেই ফোৱাৰাটো কেতিয়াওঁ শুকাই যোৱা নাছিল।
            গাওঁখনত এজন শাসনকৰ্তা আছিল। তেওঁ এক কথাত গাওঁখনৰ ৰজাই আছিল। গাওঁবাসীয়ে তেওঁক মহাজন দেউতা বুলি মাতিছিল। এই মানুহজনে গাওঁবাসীৰ সৰু ডাঙৰ প্ৰায় সকলো সমস্যাৰ সমাধান কৰি দিছিল। অপৰাধীবোৰক কঠোৰ শাস্তি বিহিছিল। একপ্ৰকাৰ ক'বলৈ গ'লে তেওঁৰ কথা শিলৰ ৰেখা আছিল। কেতিয়াবা তেওঁ শাস্তি স্বৰূপে মৃত্যুদণ্ডও দিছিল।
     এই মহাজনৰ এজন খুউব সুন্দৰ-সুঠাম পুত্ৰ আছিল। পুতেকজনৰ তেতিয়ালৈ বিয়া হোৱা নাছিল। মহাজনে ল'ৰাৰ বাবে ছোৱালী বিচাৰিবলৈ মানুহ লগালে। এবাৰ এজন ঘটকে দুয়োপক্ষৰ সন্মতিমৰ্মে ওচৰৰে ৰাজকুমাৰ এজনৰ কন্যাৰ লগত মহাজনৰ পুতেকৰ বিয়া ঠিক কৰিলে। এই ৰাজকুমাজনে শাসন কৰা এলেকাটো মোটামুটিভাৱেহে ডাঙৰ আছিল ।
       বিবাহৰ দিন ঠিক হোৱাৰ কিছুদিন পিছত কমেও এশজন মানুহ, নৰ্তকী, বাদ্যযন্ত্ৰী, গায়ক তদুপৰি কইনাৰ পৰিয়ালৰ বাবে বিভিন্ন উপহাৰ, কইনাৰ মাতৃৰ বাবে অলপ টকা আৰু কইনাৰ বাবে গহণা-গাঁঠৰি  লৈ মহাজনৰ পুতেকে কইনা আনিবলৈ বুলি দৰা সাঁজি যাবলৈ ওলাল।  মহাজনে বৰভোজৰ আয়োজন কৰিলে আৰু কমেওঁ তিনিদিন পৰ্যন্ত দুয়োপক্ষৰ মাজত উপহাৰ আদান প্ৰদানৰ পৰ্ব চলিল। অৱশেষত বিবাহৰ পৰ্বৰ শেষত দৰাপক্ষই কইনা লৈ যাবলৈ ওলাল।
              কইনা যোৱাৰ পৰত কইনাৰ মাক বিদায় দিবলৈ মূল দুৱাৰলৈ আহিল। বিদায় পৰত মাকে জীয়েকক ক'লে -"  দুখ নকৰিবি আই। আজি ঘৰখন এৰি গ'লেও আকৌ এমাহৰ ভিতৰতে আমাক চাবলৈ আহিব পাৰিবি।"
             কইনাৰ পিতাক আৰু সৰু ভাই-ভনীয়ে একেলগে ক'লে -"দুখৰ কোনো কাৰণ নাই। এতিয়া তুমি এজন ডাঙৰ কোঁৱৰৰ পত্নী। তুমি এতিয়া আগতকৈ বেছি ভাল আৰু বেলেগ ধৰণৰ  খাদ্য খাবলৈ পাবা। আগতকৈ বেছি ধুনীয়া দামী কাপোৰ পিন্ধিবলৈ পাবা। " কিন্তু তাইৰ মাকে ক'লে-" আই তই নিজকে স্বচ্ছ কৰি ৰাখিব লাগিব। প্ৰতিটো সময়তে তই নিজকে আইনাত চাই আছ বুলি ভাবিব লাগিব। তই তোৰ চাকৰ-নাকৰৰ প্ৰতি নম্ৰ হ'ব লাগিব আৰু তোৰ গিৰিয়েৰৰ পিতৃ-মাতৃৰ প্ৰতি  শ্ৰদ্ধাশীল হ'ব লাগিব। দুখীয়াৰ প্ৰতি সহায়ৰ হাত আগ বঢ়াবলৈ তই কেতিয়াওঁ কুণ্ঠাবোধ নকৰিবি। কেতিয়াওঁ কাকো টান কথা নক'বি। যদি এনে কৰ তেন্তে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰেই তই নিজৰ সন্মান নিজে হেৰুৱাবি।
               এইদৰেই উচুপি থকা ছোৱালীজনীক সান্তনা দি দি সুখে-সন্তোষেৰে থাকিবলৈ কৈ তেওঁলোকে তাইক বিদায় দিলে।
             এটা সময়ত দৰাঘৰীয়া বিশাল দলটোৰ এটা  ডাঙৰ গোট ইতিমধ্যে বহুদূৰ আগবাঢ়িল। এতিয়া পিছৰ ফালে বাকী ৰৈ গ'ল মাত্ৰ কেইগৰাকীমান লিগিৰী আৰু ন কইনা।  আগৰ মানুহবোৰ আৰু আগবাঢ়ি গৈ থাকিল আৰু  -কইনা আৰু লিগিৰীহঁত সেইখিনি পায় মানে ৰাতি হৈ আহিল আৰু সিহঁত এটা সৰু উপত্যকাত উপস্থিত হ'ল। ৰাতি হোৱাৰ বাবে তাতেই তম্বু লগাই ৰাতিটো কটোৱাৰ বাবে লিগিৰীহঁতে যো-জা কৰিবলৈ ল'লে।
          এনেতে ন-কইনা সিহঁতৰ ওচৰত আহিল আৰু ক'লে -" মই ভাবো এই ঠাইখিনিত ৰাতিটো কটোৱা উচিত নহ'ব। তোমালোকে তম্বুবোৰ লগাব নালাগে। এই ঠাইত যদিহে ডাঙৰ বৰষুণ আহে  তেন্তে বয় - বস্তুৰ লগতে আমাকো বৰষুণৰ পানীয়ে ধুই লৈ যাব।"
                 তাই অলপদূৰ আগবাঢ়ি গ'ল আৰু এটুকুৰা ঠাই থিক কৰি লিগিৰীবোৰক তালৈ আহিবলৈ ক'লে। লিগিৰীবোৰে ইতিমধ্যেই ৰাতিটো কটাবলৈ বুলি য়াকৰ পিঠিৰ পৰা বয় বস্তুবোৰ নমাইছিল, এতিয়া এইখিনিৰ পৰা অলপ মাত্ৰ দূৰ যাবলৈ আকৌ য়াকৰ পিঠিত বস্তু উঠাব লগা হোৱাত সিহঁতৰ অতিপাত খং উঠিল।
           সিহঁতে ইজনীয়ে আনজনীক উদ্দেশ্যি ক'লে -" এইজনী একেবাৰে অসহনীয় তিৰোতা। এখন সৰু ঠাইৰ পৰা আহি ইমান ডাঙৰ কোঁৱৰলৈ বিয়া হৈ আহি তাইৰ এদিনতে অহংকাৰ বাঢ়িছে। তাই ভাবিছে এতিয়াটো তাই আমাক যি ক'ব আমি তাকেই কৰিম।" এইদৰে বিৰক্তি আৰু খঙেৰে সৈতে সিহঁতে আকৌ বস্তু বাহানিবোৰ সামৰি নতুনকৈ ঠিক কৰা ঠাইডোখৰত ৰাতিটো কটাবলৈ যো-জা কৰিলে।  সেইদিনা ৰাতিয়েই অতি আচৰিতভাৱে সচাই এজাক ডাঙৰ বৰষুণ আহিল আৰু বাঢ়নী পানীয়ে উপত্যকাটোৰ সেই ঠাইখিনিৰ পৰা সকলো বস্তু উটুৱাই লৈ গ'ল।  যেতিয়া লিগিৰীহঁতে এই দৃশ্য দেখিলে তেতিয়া সিহঁতে আকৌ আলোচনা কৰিলে - "যদি আমি সেই ঠাইত ৰখিলোহেঁতেন তেন্তে সঁচাই আমাৰ বয়-বস্তুবোৰ ক' ৰবাত হেৰাই গ'লহেতেন। আনকি আমাৰ মৃত্যুও হ'লহেতেঁন। এই তিৰোতাজনী নিশ্চয় ভৱিষ্যতজ্ঞানী আৰু নিশ্চয় তাই সকলো কথা জানে। আজিৰ পৰা আমি আমাৰ জীৱনবোৰ তেওঁৰ ওচৰতে অৰ্পণ কৰিলোঁ ।"
               পিছদিনা সিহঁতে আকৌ যাত্ৰা আৰম্ভ কৰিলে আৰু দৰাঘৰত উপস্থিত হ'ল। তাত আকৌ তিনিদিনৰ বাবে ভোজৰ আয়োজন কৰা হৈছিল। এইদৰে এতিয়া কইনাৰ দেউতাকে তাইৰ লগত পঠিওৱা লিগিৰীবোৰৰ উভতি যোৱাৰ সময় উপস্থিত হ'ল। তাই লিগিৰীবোৰক বিভিন্ন উপহাৰ দি পিতৃগৃহলৈ বুলি বিদায় দিলে।
           এনেতে তাইৰ গিৰিয়েকৰ ফালৰ লিগিৰা কেইজনমানে বিদায়ৰ পৰত তাইৰ  মাকে তাইক সদায় আইনাত নিজকে চাই থকা বুলি ভাবি চলিবলৈ কোৱা কথাটো শুনি তাৰ অৰ্থ সুধিবলৈ তাইৰ গিৰিয়েকৰ ওচৰলৈ গ'ল। সিহঁতৰ কোনেও কথাটোৰ একো অৰ্থ উলিয়াব পৰা নাছিল।
পিছদিনা পুৱা উঠিয়েই ন কইনাই প্ৰথমে ঘৰ চাফা কৰিলে, নিজৰ চুলি ফণিয়ালে আৰু অৱশেষত নিজে কিবা খোৱাৰ আগত আন সকলোৰে খাবলৈ পৰ্যাপ্ত বস্তু আছেনে নাই তাৰ তদাৰক কৰিলে।
           এদিন তাইক তাইৰ গিৰিয়েকে সুধিলে - "তোমাৰ মায়ে সেই কথাটোৰে কি অৰ্থ বুজাইছিল?"
তাই ক'লে - " মায়ে এই কথাটোৰে ইয়াকে বুজাব বিচাৰিছিল যে মই আপোনপেটীয়া হোৱা অনুচিত। নিজে আগে খাবলৈ বিচৰাতকৈ যদি মই আনে খোৱা হোৱালৈ অপেক্ষা কৰোঁ তেতিয়া মোৰ বেছি ভোক লাগিব আৰু বস্তুবোৰৰ সোৱাদো অধিক ভাল অনুভৱ কৰিম। প্ৰতি মূহূৰ্ততে দাপোনত নিজকে চাই থকা কথাটোৰে তেওঁ বুজাব বিচাৰিছিল যে মই নিজৰ ঘৰখন, নিজকে আৰু নিজৰ মনটোক চাফাকৈ ৰাখিব লাগিব। যাতে কেতিয়াওঁ মই এইক্ষেত্ৰত লাজ পাবলগীয়া নহয়"।
            এইদৰে বহুদিন পাৰ হৈ গ'ল। এদিন এটা বিৰাটকায় বগলীয়ে খাদ্যৰ বাবে সমুদ্ৰৰ পাৰৰ পৰা অলপ ধানৰ কঢ়িয়াই লৈ গৈ আছিল। যেতিয়া বগলীটোৱে মহাজনৰ মহলৰ ওপৰেৰে উৰি গৈ আছিল তেতিয়া ধানখিনিৰ পৰা অলপ  ধান আহি মাটিত পৰিল। তাকে দেখি লিগিৰা লিগিৰীহঁতে ধানখিনি গোট খুৱাই সিহঁতৰ ঘৰৰ মালিকনী সেই তিৰোতাজনীৰ ওচৰলৈ লৈ গ'ল। ধানখিনি চাই তাই ক'লে -" আমি এইখিনিৰ খেতি কৰাটো উচিত আৰু ভালদৰে যত্ন লোৱা উচিত। মই ভাবো ইয়াৰ ঔষধি গুণ আছে। ইয়াৰ পৰা আমি বেমাৰৰ ঔষধ তৈয়াৰ কৰিব পাৰিম। 
          কথামতে লগুৱাবোৰে শষ্যখিনি বিভিন্ন পৰিয়ালৰ মাজত বিলাই দিলে। সিহঁতে এইবোৰ নিজৰ নিজৰ ঘৰলৈ লৈ গ'ল আৰু খেতি কৰিবলৈ ধৰিলে।
           কিছুদিন পিছত এজন ৰজাৰ পত্নী টান নৰিয়াত পৰিল। ৰজাই ততালিকে ওচৰ পাজৰৰ গাওঁসমূহৰ মুখীয়াবোৰকে ধৰি বহুকেইজন লামাকো মাতি আনিলে। তেওঁলোকৰ পৰা ৰজাই জানিব পাৰিলে যে সাগৰৰ পাৰৰ সেই ধানৰ চাফলেহে ৰাণীৰ বেমাৰ ভাল কৰিব পাৰিব। যদি ৰাণীয়ে সেই চাউল সঠিক সময়ত খাব নোৱাৰে তেন্তে তেওঁৰ মৃত্যু হৈ যাব।  ৰজাই সকলো দিশে এই চাউলৰ সন্ধান বিচাৰি মানুহ পঠিয়ালে কিন্তু প্ৰত্যেকেই তেওঁক নিৰাশ কৰিলে।  এদিন হঠাৎ ৰজাই মহাজনৰ কোঁৱৰৰ পত্নীৰ কথা জানিব পাৰিলে আৰু ততালিকে ৰজা তেওঁৰ ওচৰলৈ গ'ল। তেওঁ মানুহজনীক সাগৰৰ পাৰৰ সেই বিশেষ চাউল তেওঁৰ ওচৰত আছে নেকি সুধিলে। তেতিয়া তাই ক'লে-" নিশ্চয়। মোৰ ওচৰত কেৱল মহাৰাণীৰ বাবেই নহয় বৰং দেশৰ  সকলো ৰুগীয়া মানুহৰ বাবে পৰ্যাপ্ত হোৱাকৈ চাউল আছে"।
       এইদৰে কৈ তাই ৰাণীৰ বাবে কিছু চাউল পঠিয়াই দিলে। লগকে দেশৰ আন ৰোগীৰ বাবেওঁ চাউল পঠিওৱাৰ ব্যৱস্থা কৰিলে।  চাউল গ্ৰহণ কৰি সকলোবোৰ সুস্থ হৈ উঠিল। তেতিয়াৰ পৰা সকলো মানুহে সেই জ্ঞানী তিৰোতাজনীৰ পূজা কৰিবলৈ ল'লে আৰু বিপদৰ সময়ত তেওঁৰ পৰামৰ্শ লৈ কাম কৰিবলৈ ধৰিলে।

উৎসঃ Tibetan Folk Tales by A.L. Shelton [1925]

Post a Comment

0 Comments