ঝুম্পা লাহিৰীৰ সৈতে ফ্ৰেঞ্চকা পেল্লাচৰ এটি সাক্ষাৎকাৰ

“হোৱাট এম আই ট্ৰায়িং টু লীভ বিহাইণ্ড”


 (সাক্ষাৎকাৰ গ্ৰহণকাৰী - ফ্ৰেঞ্চকা পেল্লাচ, ৩১আগষ্ট, ২০১৭)


 অসমীয়া অনুবাদ-  কিন্নৰী ডেকা।

 

ঝুম্পা লাহিৰী

(জীৱন এটি অনাকাংক্ষিত ক্ষণৰ ভঁড়াল! ই অপ্ৰত্যাশিত মুহূৰ্ত আৰু চমৎকাৰৰ এটা জোলোঙা। আজিলৈকে দেখা ৰোমাঞ্চকৰ সপোনবোৰতো নিজকে ঝুম্পা লাহিৰীৰ পাকঘৰত তেওঁক ইটালিয়ান মকা মেচিন এটাৰ পৰা মোৰ বাবে কফি তৈয়াৰ কৰা চাই থকা অৱস্থাত মই নিজকে বিচাৰি চাব পৰা নাছিলোঁ। এইদৰেই ইয়াৰ পৰাই আৰম্ভ হোৱা আমাৰ কেইবামাহ দীঘলীয়া কথা-বাৰ্তাৰ অন্ত পৰিছিল ৰোমৰ ট্ৰেষ্টেভত একাপ এক্সপ্ৰেছ’ৰ সৈতে।

   এই কেইমাহত মই তেওঁৰ ভাষা, নিৰ্বাসন, তেওঁৰ অপমান, তেওঁৰ সুখৰ মুহূৰ্ত ইত্যাদিৰ বিষয়ে জানিব পাৰিছিলো। মোৰ বাবে তাতোকৈ বিশেষ অনুভৱ আছিল এটা মহান প্ৰেম কাহিনীৰ বিষয়ে জানিব পৰাটো। আপুনি আপোনাৰ প্ৰেম কাহিনীৰ বৰ্ণনা কিদৰে দিব বাৰু? হয়তো প্ৰেমত পৰিলে এজন ব্যক্তিৰ ব্যৱহাৰত যিবোৰ পৰিৱৰ্তন হয় সেইবোৰৰ বৰ্ণনা দিব নহয় জানো, এই ধৰক ধৈৰ্য্য ধৰিবলৈ শিকা, সুখৰ অনুভৱ কৰা আৰু আনকি বিভিন্ন ধৰণৰ কষ্ট, সংঘৰ্ষ ভোগা ইত্যাদি। ঠিক ১৯৩৫ চনতে ইটালিয়ান কবি এণ্টনিয়া পজিয়ে লিখাৰ দৰেই - “ নিজৰ সমস্ত উজাৰি দিয়াৰ হেঁপাহ।”

   প্ৰেমত মতলীয়া হোৱা ঝুম্পা লাহিৰীয়ে বুজি উঠিছিল, তেওঁৰ হৃদয়, চকু-মুখ, ভাৱ, দৈনন্দিন জীৱনৰ কাম-কাজ সকলোতে যি ভাষা বিৰাজমান সেয়া মাথোঁ ইটালিয়ান ভাষা, যি চহৰ সেয়া মাথোঁ ৰোম। তেওঁ সমস্ত ভক্তিৰে সৈতে নিজৰ সৰ্বস্ব ইটালিয়ান ভাষাৰ ওচৰত সমৰ্পণ কৰিছিল। বিজয়ী ক্ষণৰ সুখ, ভুলৰ পাছৰ দুখ সকলো ইটালিয়ান ভাষাৰ নামত উছৰ্গা কৰিছিল।

তেওঁ মোলৈ চাই কৈছিল-” যেতিয়া আমি প্ৰেমত পৰো তেতিয়া আমাৰ চিৰজীৱন জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ জন্মে।” “আৰু মই মৰিবলৈ ভয় কৰোঁ। কিয়নো মোৰ মৃত্যুয়ে ভাষাটোৰ আৱিষ্কাৰৰ ক্ষেত্ৰত যতি পেলাব।”

ফ্ৰেঞ্চিকা পেল্লাচ

ঝুম্পা লাহিৰীৰ জন্ম হৈছিল লণ্ডন চহৰত। তেওঁৰ পিতৃ-মাতৃ আছিল বঙালী। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত ডাঙৰ দীঘল হৈছিল। পুলিত্জাৰ (Pulitzer prize) বঁটা লাভ [তেওঁৰ প্ৰথম কিতাপ” দ্য কালেকচন অব ছৰ্ট ষ্টৰীজ দ্য ইণ্টাৰপ্ৰেটাৰ অব মালাডিজ, ১৯৯৯ (the collection of short stories The Interpreter of Maladies, 1999)] আৰু তিনিখন কিতাপ [দ্য নেমছেক ( The Namesake) আনএকাষ্টমড আৰ্থ (Unccustomed Earth) আৰু ল’ লেণ্ড (Lowland)] প্ৰকাশৰ পিছত তেওঁ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়া বহুতৰ বাবে আছিল এক প্ৰকাৰৰ বলিয়ামি: তেওঁ ৰোমলৈ  স্থনান্তৰ হৈ তেওঁৰ ৰচনাসমূহ ইটালিয়ান ভাষাত ৰচিবলৈ বিচাৰিছিল। ই প্ৰথমেই এক অভ্যাসগত কাম আছিল আৰু পিছলৈ তেওঁক নিজকে নতুন জগত এখনৰ লগত চিনাকি কৰোৱা, নতুন এগৰাকী ঝুম্পাৰ আৱিষ্কাৰ আৰু এনে কিছুমান বস্তু যিয়ে “ এজন ব্যক্তিৰ জগতখনৰ পৰিৱৰ্তন আনিব পাৰে” যি সদায় “ব্যক্তি এজনৰ পৰা বহিৰ্ভূত” ইত্যাদিৰ সন্ধানত নামি পৰাৰ বাবে ইয়েই এক এৰাব নোৱাৰা প্ৰয়োজনলৈ পৰিৱৰ্তন হৈছিল। এই প্ৰয়োজনৰ পৰাই জন্ম হৈছিল ৰোমৰ জেয়িচ ঘেটোৰ (Jewish Ghetto Library) লাইব্ৰেৰীত জন্ম হৈছিল এখন কিতাপৰ। ইয়াৰ শিৰোনাম আছিল “এ চাবটল ৱৰ্ডপ্লে: ইন অল্ট্ৰে পেৰল” (A subtle wordplay: In altre parole)। কিতাপখনৰ অনুবাদ কৰিছিল “দ্য নিউয়ৰ্ক”ৰ সম্পাদক আৰু এলেনা ফেৰাণ্টেৰ অনুবাদক এন্ গল্ডষ্টেইনে।)

 

ফ্ৰেঞ্চকা পেল্লাচ: - “ ডেয়াৰ ৱাজ এ ৱমেন হু ৱাণ্টেড টু বি এনাডাৰ পাৰ্ছন।” এই বাক্যটো আছিল ইটালিয়ান ভাষাত ৰচিত আপোনাৰ এটি ছুটি গল্প “দ্য এক্সেঞ্জ” ৰ প্ৰথম শাৰী, যিটো আপুনি পিছলৈ আপোনাৰ “এন অল্ট্ৰে পেৰল” কিতাপখনত সংযোজন কৰিছে। ইয়েই আপোনাৰ ৰূপান্তৰৰ আৰম্ভণিও আছিল। আপোনাৰ মতে ব্যক্তি এজনক পৰিৱৰ্তনৰ বাবে কেনে ধৰণৰ কথাই অনুপ্ৰেৰণা যোগায়?

 

ঝুম্পা লাহিৰী: - অসন্তুষ্টি আৰু হতাশাৰ তীব্ৰ ভাৱনাই। মই সদায়েই এটা সবল, গ্ৰহণযোগ্য আৰু মোৰ নিজৰ বুলি ক’ব পৰা পৰিচয় বিচাৰি ফুৰিছিলোঁ। কিন্তু এটা মাত্ৰ নিৰ্দিষ্ট পৰিচয়ৰ ধাৰণাটো বৰ্তমান জটিল যেন দেখো। মই বৰ্তমান এক বহুগুণযুক্ত, বহুত নাম যুক্ত পৰিচয় বিচাৰোঁ: এটা ইটালিয়ান, এটা ব্ৰুকলিনৰ আৰু এটা ভাৰতীয় পৰিচয়। পৰিচয় বস্তুটো হৈছে এটা নিতান্তই তৰল বস্তু, আৰু ৰূপান্তৰৰ ধাৰণাটোৰ মাজতো এই কথাটোৱেই নিহিত হৈ থাকে। অভিডেও (Ovid) এই তৰল ধৰ্মৰ কথা কৈছিল। আৰু মই অভিডৰ ৰচনাসমূহৰ পৰা যথেষ্ট প্ৰেৰণা লাভ কৰি আহিছোঁ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি লিখিছিল মেটামৰফচেচ ( Metamorohoses by Ovid) কিতাপখন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

 

ঝুম্পা লাহিৰী: - নিশ্চিতভাবে। ই মোৰ বাবে এক মৌলিক প্ৰয়োজন আৰু প্ৰতিদিনে ইয়াৰ গুৰুত্ব দুগুণ বৃদ্ধি হয়। ই মোক সকলো সমাধান দিয়ে। অনুবাদকৰণৰ ক্ষেত্ৰতো, ই ৰূপান্তৰৰে অন্য এটা ৰূপ। মই এখন কিতাপৰ অনুবাদ কৰিছিলোঁ ডমেনিক’ ষ্টাৰননৰ দ্বাৰা ৰচিত ইউৰোপা ইডিচনৰ দ্বাৰা US ত প্ৰকাশিত টাইজ (Ties by Domenico Starnone)। মই প্ৰিঞ্চেটনত অনুবাদৰ প্ৰশিক্ষণ দিওঁ। তাত মোৰ বিষয়বস্তু সদায় একেটাই থাকে: পৰিৱৰ্তন, ৰূপান্তৰ। যেতিয়া কোনো এটা বস্তু বা তাৰ অস্তিত্ব আন এটালৈ পৰিৱৰ্তিত হয়।

 

ফ্ৰেঞ্চকা পেল্লাচ: - দুজন লেখক: এজন ইংৰাজী ভাষাত অভিজ্ঞ, পাৰ্গত আৰু আনজন যি এতিয়াওঁ ইটালিয়ান ভাষা আয়ত্তৰ প্ৰচেষ্টাত আছে। দৈনন্দিন জীৱনত এই দুয়োজন এজন ব্যক্তিৰ মাজতেই কেনেদৰে থাকে?

 

ঝুম্পা লাহিৰী: - মই দুৰ্বল আৰু অস্বস্তি অনুভৱ কৰোঁ আৰু এয়া স্বাভাৱিক। এজন কলাকাৰে এনেধৰণৰ অনুভূতি অনুভৱ কৰিবলগীয়া হয়েই। কোনোবা এটা ক্ষণত মই এগৰাকী সফল লেখক হ’ব পাৰিলোঁ, আৰু তাৰ বাবে মই অতি সুখী, কিন্তু যেতিয়াই মই লিখোঁ, যেতিয়াই মই লিখিবলৈ চেষ্টা কৰোঁ মই এতিয়াওঁ অস্বস্তি অনুভৱ কৰোঁ। “ইউ নীড টু ডিগ হোৱেৰ ইউ ডণ্ট ফীল আনকমফৰটেবল” ( You need to dig where you don’t feel uncomfortable) এইখন কিতাপত মই নিজকে প্ৰশ্ন কৰিছিলোঁ, “মই আচলতে ক’ৰ পৰা পলাই ফুৰিছোঁ, কিয় এই ৰূপান্তৰ, কিহৰ বাবে এই পলায়ন, কি লাভ কৰিবলৈ গৈ আছো, আচলতে মই মোৰ পিছত, অতীতত কি এৰি আহিবলৈ চেষ্টা কৰিছোঁ?

 

মোৰ বিশ্বাস ইয়াৰ উত্তৰ এয়াই যে মই, মোৰ যি লিখাৰ ইচ্ছা, যি ভাষাত লিখাৰ ইচ্ছা, যিমান দীঘলীয়া কৰোঁ সেয়া মোৰ নিজৰ মনে বিচৰা ধৰণেৰে লিখি যোৱাৰ স্বাধীনতাখিনি কোনোধৰণৰ হেঁচাঁ বা চাপ অবিহনে গ্ৰহণ কৰিছোঁ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - চাপ বুলি কওঁতে আপুনি কি ধৰণৰ চাপ বা হেঁচাঁৰ কথা ক’ব বিচাৰিছে?

 

ঝুম্পা লাহিৰী: - উদাহৰণস্বৰূপে ক’বলৈ গ’লে, যিহেতু মই ইয়াত অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰতো অন্য ভাষাত কিতাপ প্ৰকাশ কৰোঁ, মানুহে ভাবে - “ এইগৰাকী লেখকে একেবাৰে নাভূত নাশ্ৰুত কাম কৰি পেলালে, তেওঁ ইটালিয়ান ভাষাত কিতাপ লিখিবলৈ লৈছে।” বহুতে মোক প্ৰশ্ন কৰিছিল-” ইটালিয়ান ভাষাত ৰচিত এই কিতাপখন ব্যতিক্ৰম, নহয়নে বাৰু? ইটালিয়ান ভাষা আপোনাৰ ৰচনাৰ দীঘলীয়া যাত্ৰাৰ অংগ নহয়তো?  আপুনি মোৰ বিষয়ে, মোৰ পৰিয়াল, মোৰ অভিজ্ঞতাৰ কথা আৰু কেতিয়াওঁ নিলিখিবই নেকি? “ ইত্যাদি।

   মানুহৰ মোৰ পৰা এনেকুৱা কিছুমান আশা, প্ৰত্যাশা আচলতে মোৰ বাবে একো একোটা গধূৰ বোজা, এইবোৰে মোৰ লিখি যোৱাৰ যি এক ক্ষুধা আছে সেয়াই কাঢ়ি লৈ যায়। তাতকৈ মই কিবা বেলেগ কামত নিজকে নিয়োগ কৰিবলৈ ভাল পাম। কিয়নো মোৰ বাবে, কিবা এটা লিখি যোৱাৰ অৰ্থই হৈছে মোৰ স্বাধীনতা, সেয়েহে যেতিয়াই মই এনেধৰণৰ প্ৰত্যাশাৰ পিঞ্জৰাত নিজকে বন্দী হিচাপে পাওঁ, বা জালত পৰা যেন অনুভৱ কৰোঁ নাইবা এনে কিছুমান মানুহৰ সন্মুখত পৰো যিয়ে মোক উপদেশ দিব বিচাৰে যে-” নহয়, তুমি এইটোহে লিখিব লাগিব, এইটো ভাষাতহে, এইটো বিষয়েহে এইবোৰ চৰ্তমতেহে লিখিব লাগিব।” “মই বৰ অসন্তুষ্টি অনুভৱ কৰোঁ। বিৰক্তি পাওঁ। হয়, মানুহে জীৱনত প্ৰতি মুহূৰ্ততে সমালোচনাৰ বাবে সাজু থাকিবই লাগিব, কিন্তু কিছুমান সমালোচনা অতি ক্ষতিকাৰক।

 

ফ্ৰেঞ্চকা পেল্লাচ: - কেনেধৰণৰ সমালোচনাই অধিক কষ্ট দিয়ে?


ঝুম্পা লাহিৰী: - এই ধৰক- “তুমি এটা নিৰ্দিষ্ট পথ অনুকৰণ কৰিব লাগিব, তাক সন্মান কৰিব লাগিব। তুমি আনৰ কাৰণে লিখি যাব লাগিব ইত্যাদি।” মইতো তেনেকৈ নাভাবো। মই জানো যে লিখনি বা সাহিত্য হৈছে কোনো এজন ব্যক্তিৰ আত্মপ্ৰকাশৰ মাধ্যম। আন এগৰাকী মানুহৰ ভাবৰ সৈতে যোগাযোগৰ মাধ্যম, কিন্তু ই কেৱল পঢ়ুৱৈ বা পাঠকৰ কাৰণে লিখা নহয়। এয়া সত্য যে প্ৰতিটো লিখনিৰ বাবে এজন পাঠক ক’ৰবাত নিশ্চয় থাকিবই কিন্তু যেতিয়া মই লিখিবলৈ লওঁ তেতিয়া মই সেই কাল্পনিক ব্যক্তিজনৰ কথা কেতিয়াওঁ মনলৈ নানো।

   মই ভাবো যে বহু সফল লেখকে লিখনি এটাৰ আৰম্ভণিৰে পৰাই কাল্পনিক পাঠক এজনৰ কথা মনত ৰাখি লিখিবলৈ চেষ্টা কৰে। ই বৰ ভয়ানক কথা। কেইবছৰমান আগতে যেতিয়া মই পোন প্ৰথমবাৰৰ বাবে মোৰ এই প্ৰকল্পটোৰ কথা মানুহৰ আগত ক’বলৈ আৰম্ভ কৰিছিলো, বহুতে মোক কৈছিল - “এইটো নকৰিবা। ইমান ডাঙৰ ভুল পদক্ষেপ এটা তুমি নললেও হ’ব। এইটো ভুল একেবাৰে নকৰিবা” ইত্যাদি ইত্যাদি। মই ইয়াত ইটালিয়ান লেখকসকলৰ কথা কোৱা নাই, মোক এইধৰণৰ কথা কোৱা সকলৰ বেছি সংখ্যকেই আমেৰিকান।  মই তেওঁলোকক সুধিছিলোঁ - “ কিয়? মই কিয় নোৱাৰো? এইধৰণৰ পূৰ্বানুমানৰ কাৰণ কি মই বুজা নাই।” তেতিয়া তেওঁলোকে মোক কৈছিল-” পাঠকে তোমাৰ এইধৰণৰ পৰীক্ষা নিৰীক্ষাবোৰ নিবিচাৰিব।”  ভাল বাৰু! কিন্তু ইয়াত মই সন্মত নহয়। কাৰণ মই ভাবো ৰচনাবোৰ নিজৰ স্বাৰ্থজড়িত হোৱা উচিত।  এখন কিতাপ হয়তো কেতিয়াবা কোনোবা মুহূৰ্তত কাৰোবাৰ ওচৰত গৈ পাব বা হয়তো কেতিয়াওঁ ই কাৰো হাতত গৈ নপৰিব। কিন্তু লিখাৰ আগমুহূৰ্তত এইটোৰ কথা চিন্তা কৰি লিখিবলৈ লোৱাটো মোৰ কাম নহয়। এইদৰে লিখা সম্ভৱ নহয়। লিখনি কলাটো হৈছে এই সকলোবোৰৰ ওপৰত, ই হৈছে ব্যক্তিৰ নিজ অন্তৰাত্মাৰ সৈতে কথোপকথন।

 

ফ্ৰেঞ্চকা পেল্লাচ: - অন্যথাই আপুনি পাঠক সমাজক কেতিয়াওঁ সঁচা অৰ্থত বিশ্বসনীয় ৰচনা দিব নোৱাৰিলেহেঁতেন?

 

ঝুম্পা লাহিৰী: - একেবাৰেই সত্য।  লিখনিৰ ক্ষেত্ৰত এইটোৱেই মোৰ দৃষ্টিকোণ, মোৰ ক্ষেত্ৰত সদায় এইটোৱেই হৈ আহিছে। আনকি যেতিয়া মোৰ প্ৰথম কিতাপখন লিখিছিলোঁ, যেতিয়া মই ইংৰাজীত ৰচনা কৰিছিলোঁ তেতিয়াওঁ। ইটালিয়ান ভাষাত লিখিবলৈ লোৱাটো মোৰ বাবে এটা জটিল পথ, একান্তই ব্যক্তিগত। য’ত মই সদায়েই অনুভৱ কৰোঁ যে বাস্তৱত আচলতে মই সুৰক্ষিত নহয়। আৰু আচলতে এয়াই হোৱা উচিত।

এই সংবেদনশীলতা মোৰ বাবে ভালেই আৰু মই এই পথত গতি কৰি গৈ থাকিবলৈ ই অতি গুৰুত্বপূৰ্ণ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি কয় যে আপোনাৰ মাতৃভাষা বঙালীয়েই নিশ্চিত অৰ্থত আপোনাৰ বাবে প্ৰথম বিদেশী ভাষা। বঙালী পিতৃ-মাতৃৰ সন্তান ৰূপে ইংলেণ্ডত জন্মলাভ কৰা আৰু তাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰত ডাঙৰ দীঘল হোৱা আপুনি লিখিছিল যে, আপুনি “নিৰ্বাসনৰ পৰিভাষাৰ পৰাওঁ নিৰ্বাসিত।” দুটা বেলেগ বেলেগ ভাষাৰ মাজত ডাঙৰ হোৱা আৰু এটাওঁ নিজৰ আপোন যেন অনুভৱ নকৰা......... আচলতে আপুনি তৃতীয় ভাষা এটাৰ পিনে গতি কৰাৰ ক্ষেত্ৰত এই কথাটোৰ অৰ্হতা কি?

 

ঝুম্পা লাহিৰী: - কোনো সন্দিহান নথকাকৈ মোৰ অন্য ভাষাক জানিবলৈ থকা তীব্ৰ হেঁপাহৰ আহ্বানতেই মই এই পথত নামি পৰিছিলো। ইটালিয়ান ভাষাৰ সৈতে মোৰ এটা অতি আত্মীয় সম্বন্ধ আছে, অনন্ত প্ৰেম আছে। যেতিয়া মই এজনী সৰু ছোৱালী আছিলো তেতিয়াই মই অন্য এটা ভাষাত নিজৰ আধিপত্য ৰাখিব বিছাৰিছিলো আৰু ইয়াৰ জৰিয়তে এটা স্পষ্ট, সঠিক পৰিচয়, এক সংস্কৃতি, এখন দেশ আৰু এখন গৃহ চহৰৰ সন্ধান কৰিব খুজিছিলোঁ। কিন্তু বৰ্তমান সময়ত আধিপত্যৰ কথাটোৱে মোক অন্যধৰণে আক্ৰমণ কৰি শলঠেকত পেলাব খোজে আৰু মই ভাবো মোৰ জীৱনৰ প্ৰিয় ভাষাটোৰ লগত মোৰ এটা অদ্ভুত ধৰণৰ সম্বন্ধ থকাটো একো অনুচিত কথা নহয়। তদুপৰি ইটালিয়ান আৰু মোৰ মাজত থকা ন্যূনতম বিৰহখিনি যদিও যথেষ্ট কষ্টদায়ক তথাপি সহনীয়! আপুনি মনে বিচৰা ভাষা এটাৰ লগত থকা আপোনাৰ সকলো সম্পৰ্ক আৰু প্ৰেমেই হৈছে স্বয়ং এটা আৰোহণৰ পথ। আশ্চৰ্য্য, উদ্দীপনা আৰু বহু উত্থান-পতনৰ মিশ্ৰিত ই হৈছে জীৱনৰ মাৰ্গ।

  মোৰ মনে বিচৰা ভাষা ইটালিয়ান হৈছে এনে এটা ভাষা যাক মই ‘বিদেশী’ বুলি ক’ব নোৱাৰো। কিয়নো যেতিয়া মই ইটালিয়ান ভাষাৰ ৰচনা পঢ়ো, ইটালিয়ান ভাষা কওঁ তেতিয়া এনে লাগে যেন মই মোৰ আপোন ঘৰখনত আছো।  মই আত্মীয়তা ভাৱৰ অতি তীব্ৰ এটা অনুভূতি পাওঁ যদিওঁবা বাস্তৱত ই সত্য নহয় কাৰণ মই প্ৰকৃততে এগৰাকী ইটালিয়ান ব্যক্তি নহয়। ইটালিয়ান সম্পূৰ্ণভাবে মোৰ আপোন নোহোৱাকৈয়ো ই মোৰ অতি আপোন কিয়নো এইটো এনে এটা সম্পৰ্ক যাক মই সদায় বিচাৰিছিলোঁ, আৰু ইয়াক নিজ মনেৰে বাচি লৈছিলোঁ। ইংৰাজী আৰু বঙালী ভাষাৰ ক্ষেত্ৰত এটাই আপত্তি আছিল যে এই দুয়োটা ভাষা মোৰ ওপৰত জাপি দিয়া গৈছিল য’ত ইটালিয়ান ভাষা আছিল পৃথক, অনাকাংক্ষিত আৰু ই কেৱল মোৰ পৰা মোলৈ আছিল। ইংৰাজী ভাষাটো মই যুক্তৰাষ্ট্ৰত ডাঙৰ দীঘল হোৱা বাবে প্ৰকৃতিগতভাৱে লাভ কৰিছিলোঁ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - ঠিক আপুনি আপোনাৰ কিতাপত কোৱা দৰেই য’ত আপুনি নিজৰ বাবে প্ৰেম আত্মীয়তা অনুভৱ কৰিব পাৰিছিল সেয়া ইংৰাজী ভাষা নাছিল। নহয় জানো?

 

ঝুম্পা লাহিৰী: - নিশ্চিতভাৱে। সমান্তৰালকৈ বঙালী ভাষাটোৰ সৈতেও মোৰ সম্পৰ্ক দূৰ দূৰণিৰ পৰাই অপৰিপক্ব, ই অস্বাভাৱিক আছিল আৰু মোৰ ওপৰত জাপি দিয়া হৈছিল। ই বৰ্তমান মোৰ অভিভাৱকৰ পৰিচয়ৰহে মাধ্যম, কিয়নো মই মাত্ৰ মোৰ মা-দেউতাৰ সৈতেহে এই ভাষাত কথা পাতো। হয়, মই কলিকতালৈ পূৰ্বতে বহুবাৰ গৈছোঁ আৰু এতিয়াওঁ প্ৰায়ে যাওঁ, তাত মোৰ যথেষ্ট সংখ্যক সম্বন্ধীয় মানুহ আছে আৰু ইয়াত অৰ্থাৎ আমেৰিকাতো মোৰ অভিভাৱকৰ বহুল সংখ্যক ঘনিষ্ঠ সম্পৰ্ক আছে গতিকে এইদৰেই এই ভাষাটোৰ অস্তিত্ব মোৰ মাজত আছে বা ই জীয়াই আছে। কিন্তু ই সদায় মোৰ অভিভাৱকৰ মাধ্যমৰেহে গতি কৰিছিল। এক কথাত তেওঁলোক আছিল মোৰ ক্ষেত্ৰত বঙালী ভাষাৰ বাহক। বঙালী ভাষাত মোৰ নিজস্ব কোনো স্বাধীনতা নাই, ইয়াৰ লগত মই সদায় এজনী সৰু ছোৱালী, এজনী বঙালী জীয়ৰী হোৱাটোহে অনুভৱ কৰোঁ। কিন্তু যোৱা ডিচেম্বৰ মাহত মই পোনপ্ৰথমবাৰৰ বাবে কলিকতাত অকলে আছিলোঁ আৰু নিশ্চিতভাৱে তাত মই মোৰ মা-দেউতাৰ উপস্থিতি আৰু সহায় অবিহনে অকলেই বঙালী ক’ব লগীয়া হৈছিল।

 

ফ্ৰেঞ্চকা পেল্লাচ: - এই অভিজ্ঞতা কেনে আছিল?

 

ঝুম্পা লাহিৰী: - আমোদজনক, ধুনীয়া, অতি জৰুৰীও।

 

ফ্ৰেঞ্চকা পেল্লাচ: - কিতাপখনত এটা আমোদজনক দফা আছে য’ ত আপুনি লিখিছে যে মানুহে প্ৰায়ে ধৰি লয় যে আপুনি যিটো ভাষা কয় বাস্তৱত আচলতে সেইটো ভাষা নকয়েই।


ঝুম্পা লাহিৰী: - এই কথাটোৱে মোৰ মনত প্ৰায়ে খুন্দিয়াই থাকে। ইটালীত সকলোৱে মোৰ সৈতে ইংৰাজীত কথা পাতে, সকলোবোৰ... অহ, ক্ষমা কৰিব, ব্ৰুকলিনত এইটো সাধাৰণতে খুউব কমেইহে হয় কাৰণ ব্ৰুকলিন ঠাইখনেই বিশেষ। কিন্তু ইয়াতো কেতিয়াবা কিছুমানে মোক প্ৰশ্ন নকৰা নহয় যে-”তুমি ইংৰাজী ক’ব জানা? মই কি কৈ আছো তুমি বুজি পোৱা?” আৰু ভাৰততো, তাতো মানুহে মোক বিদেশী বুলিয়েই ভাবে, তেওঁলোকে ভাবে মই নিৰ্দিষ্ট আৰু প্ৰকৃত মাতৃভাষা নথকা এটা হাইব্ৰীড প্ৰাণী!

 

ফ্ৰেঞ্চকা পেল্লাচ: - কিতাপখনত আপুনি এই সংবেদনশীলতাৰ এক সূত্ৰ লৈ আহিছে, আপুনি ইয়াক “ দ্য ভইদ অব মাই অৰিজিন” বুলি কৈছে। কিন্তু আপোনাৰ উৎপত্তি, আৰম্ভণি বহুমুখী আৰু ই সেইবাবেই অতি সমৃদ্ধিশালী নহয় জানো ? ই আচলতে নিশ্চিতভাৱে শূন্যতাৰ পৰিৱৰ্তে পৰিপূৰ্ণতাৰে পৰিপূৰ্ণহে নহব জানো?

 

ঝুম্পা লাহিৰী: - হয়, নিশ্চয়। কিন্তু এজন ব্যক্তিয়ে এই কথাবোৰ বুজি পাব লাগিব আৰু মোৰ বাবে সেয়াই বৰ জটিল আছিল। উদাহৰণস্বৰূপে ক’বলৈ গ’লে মোৰ মাৰ বাবে পৰিচয় মানে আছিল হয়টো বা কৃষ্ণাংগ নহ’লে শ্বেতাংগ। হয় তুমি এগৰাকী ভাৰতীয় নহ'লে আন কোনোবা। যেতিয়া মই সৰু আছিলো তেতিয়া মানুহবোৰে মোক প্ৰায়ে সুধিছিল-”পিছে ঝুম্পা, তুমি ভাৰতীয় ল’ৰা নে আমেৰিকান ল’ৰাৰ লগত বিয়া হ’বা?” সেই প্ৰশ্নটো বহু বছৰলৈকে মোৰ বাবে ভয়ংকৰ সপোনৰ দৰে হৈ পৰিছিল। আৰু, প্ৰতিবাৰেই সেই দুটাই কথা, আন তৃতীয় বিকল্প নাই। এজন ভাৰতীয় বা এজন আমেৰিকান, যেন অন্য বেলেগ একো বিকল্পৰ সম্ভাৱনা নায়েই। কিন্তু মই চিন্তা কৰিছিলো যে এই দেশ দুখনৰ মাজতো আৰু বহু দেশ আছে, হয়তো মই এজন ৰাছিয়ানৰ সৈতে বিয়া হ’ব পাৰো! হয়তো মই এজন গ্ৰীক পুৰুষৰ সৈতে বিয়া হ’ব পাৰো!  আৰু আচৰিত যে সঁচাকৈয়ে মই এজন গ্ৰীক পুৰুষৰ সৈতেই বিয়া হ’লো!

 

ফ্ৰেঞ্চকা পেল্লাচ: - এই মহান প্ৰেম কাহিনীৰ পাতনি কেনেদৰে ঘটিছিল?

 

ঝুম্পা লাহিৰী: - ভাষাটোৰ লগতেই সকলোবোৰৰ আৰম্ভণি ঘটিছিল। আপুনি যিখন ছোফাত বহি আছে, এইখন সেইখনেই ছোফা য’ত মোৰ ইটালিয়ান ভাষা শিক্ষাৰ প্ৰথমদিনা ইটালিয়ানৰ শিক্ষকজন বহিছিল। আৰু এনেদৰেই ভাষাটোৰ জৰিয়তেই ৰোমৰ সৈতে এটা অতি অসাধাৰণ আৰু অজস্ৰ ভালপোৱাৰ সম্পৰ্ক গঢ়ি উঠিছিল। ভাষাটোৱে সকলো সলনি কৰি পেলাইছিল: ই মোক অন্য এক জীৱন উপহাৰ দিছিল। ই মোৰ বয়সৰ ওপৰতো যথেষ্ট আৱেগিক প্ৰভাৱ পেলাইছিল, মই আকৌ নিজকে যুৱতী যেন অনুভৱ কৰিছিলোঁ, প্ৰেমত পৰা ব্যক্তিৰ দৰে অনুভৱ কৰিছিলোঁ আৰু কোনো ব্যক্তি নহয় বৰঞ্চ এটা ভাষাৰ প্ৰতি এনেধৰণৰ অনুভৱ কৰিব লোৱাটো অবিশ্বাস্য আছিল, অদ্যাপি ই আছিল ৰোমাঞ্চকৰ। ই আছিল এটা উৎসাহ, যিয়ে মোক মোৰ সন্তানকো এটা পৃথক জীৱন আৰু নতুন ভাষাৰ সৈতে চিনাকি কৰাবলৈ সাহস দিব। আৰু কেইসপ্তাহমানৰ পিছতেই আমি ৰোমলৈ ঘূৰি যাম, য’ত আমাৰ এখন নিজৰ ঘৰ আছে, বন্ধুবৰ্গ আৰু কিছুমান ৰীতি নিয়ম আছে। ইটালিয়ান ভাষাই মোক বহুত কিবা কিবি দিছে, বহুত কিবাকিবি, বহুত! আৰু এনেকুৱা এটা পৰিস্থিতিত এতিয়া মোৰ বাবে আমেৰিকাত থকাটো বৰ কঠিন। মোৰ ৰোমলৈ বৰকৈ মনত পৰি থাকে।

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি ইটালীত নথকা সময়বোৰত আপোনাৰ মনৰ স্থিতি কেনে থাকে?

 

ঝুম্পা লাহিৰী: - মোৰ বাবে এয়া এক সাধাৰণ কথা নহয়, ইয়াত আহিলেই জীৱনৰ ধৰণ অন্য হৈ পৰে। এই দূৰত্ব আৰু ভাষাটোৰ পৰা পৃথক হ’বলগীয়া সময়খিনি দুয়োটাই মোৰ বাবে বৰ পীড়াদায়ক। সৌভাগ্যক্ৰমে মই নিউয়ৰ্ক আৰু প্ৰিঞ্চেটন দুয়ো‌ ঠাইতে মোৰ আশে পাশে বহু ইটালিয়ান মানুহ আৰু বন্ধু লগ পাবলৈ বা গোটাবলৈ সক্ষম হৈছো। কিন্তু তথাপি ইটালীৰ পৰা আঁতৰি আহিব লগীয়া হোৱা অতি ক্ষুদ্ৰ কথাবোৰো মোৰ বাবে পীড়াদায়ক। এইক্ষেত্ৰত কিতাপ পঢ়া কথাটোৱে বৰ সহায় কৰে। মই আজিকালি প্ৰায়ে আৰু কেৱল ইটালিয়ান ভাষাৰ কিতাপহে পঢ়ো আৰু চেষ্টা কৰোঁ যে দিনটোত অন্তত এবাৰ যাতে মই ইটালিত কথা ক’ব পাৰো। উদাহৰণস্বৰূপে আজি ৰাতিপুৱাৰ কথাকে কওঁ, আজি ৰাতিপুৱা মই সাৰ পায়েই যথেষ্ট সুখী অনুভৱ কৰিছিলোঁ কিয়নো মই জানিছিলোঁ যে আপুনি আজি এই সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আহিব। আৰু মই নিজকে নিজেই কৈছিলোঁ - “চিন্তা নকৰিবি ঝুম্পা! আজি তই কেইঘণ্টামানৰ বাবে ভালকৈ ইটালিয়ান ভাষাত কথা ক’বলৈ সুযোগ পাবি।”

কিন্তু তথাপি কিতাপ পঢ়াটো হৈছে মোৰ মৌলিক কৰ্ম। ই এটা জীৱনৰক্ষী কৱচৰ লেখীয়া।

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি কেতিয়াবা এই মহান আৰু অবৰ্ণনীয় প্ৰেমৰ আঁৰত কোনো গহীন কাৰণ বিচাৰি চাইছেনে? আপুনি কেতিয়াবা নিজকে সোধেনে যে- “ কি হ’ব যদি ই মই ভবা কাৰণবোৰতকৈও কিবা অধিক হৈ দেখা দিয়ে?”

 

ঝুম্পা লাহিৰী: - মই মাত্ৰ এটাই কথা ভালকৈ জানো যে, মই সুখৰ সন্ধানত আছিলোঁ আৰু ইটালিয়ান ভাষাৰ মাজত এই সুখ বিচাৰি পাইছিলোঁ। প্ৰথমবাৰৰ বাবে যেতিয়া মই ৰোমখন দেখিছিলোঁ, কেইঘণ্টামানৰ পিছতেই মই মোৰ জীৱন সংগী, মোৰ মানুহজনক কৈছিলোঁ -” মই এইখন চহৰত বাস কৰিবই লাগিব।” কিয়? মই সেইটোত গুৰুত্ব দিয়া নাছিলো। মোৰ ভিতৰৰ পৰা এটা অনুভূতি জাগিছিল, এখন ঠাইত থকা আৰু এই ঠাইখনৰ সৈতে মধুৰ সম্পৰ্ক স্থাপনৰ বাবে এক তীব্ৰ হেঁপাহৰ জন্ম লৈছিল। ঠিক ফ্ল‌ৰেঞ্চ হোৱাৰ দৰেই। বিছ বছৰমান পূৰ্বে যেতিয়া মই প্ৰথমবাৰ ইটালিয়ান ভাষা শুনিছিলো, মই ভাবিছিলোঁ যে এই ভাষাটোৰ সৈতে মোৰ এটা সম্পৰ্ক গঢ়ি উঠিবই লাগিব। নহ’লে চিৰ দিনৰ বাবে মোৰ মাজৰ পৰা কিবা এটা যেন হেৰাই থাকিব।

 

ফ্ৰেঞ্চকা পেল্লাচ: - এইটো এনেধৰণৰ কথা যেন আপুনি নিজৰ ঘৰখনলৈ উভতি আহিছে, অথচ এই ঠাইখন পূৰ্বে কেতিয়াওঁ দেখাই নাছিল। মোৰ ক্ষেত্ৰত মই ইংৰাজী ভাষাৰ লগত এনেধৰণৰ অনুভূতি অনুভৱ কৰিছিলোঁ আৰু পিছলৈ নিউয়ৰ্ক চহৰৰ সৈতেওঁ।

 

ঝুম্পা লাহিৰী’: - হয় হয়। এইটো একেবাৰেই এনেকুৱাই।  ই অদ্ভুত আৰু অতি আমোদজনক। ই প্ৰেমত পৰাৰ দৰে কথা, একমাত্ৰ এইদৰেহে এই অনুভৱটো বৰ্ণাব পৰা যায়। মই ভাবো কিছুমান ক্ষেত্ৰত যিবোৰ মানুহৰ খুউব কমেইহে এটা নিৰ্দিষ্ট পৰিচয় আছে সেই কিছুমান মানুহৰ বাবে এখন বেলেগ ঠাই বা এটা বেলেগ ভাষাৰ প্ৰতি ধাৱমান হোৱাটো এটা অতি সাধাৰণ কথা। উদাহৰণস্বৰূপে মোৰ দেউতা ভাৰতৰ পৰা গুচি আহিব বিচাৰিছিল, তাৰ পিছত আকৌ কেইবছৰমান পিছতেই নিউয়ৰ্কৰ পৰা আমেৰিকালৈ লৈ আহিব বিচাৰিছিল। তেওঁৰ বাবে আমেৰিকখনেই তেওঁৰ ৰোম। বৰ্তমান তেওঁ ৮৬ বছৰীয়া আৰু এই ঠাইখনত থাকি, ইয়াত নিজস্ব পৰিচয় এটা গঢ়ি আৰু এটা দীঘলীয়া জীৱন যাপনৰ পিছত এতিয়া তেওঁ যথেষ্ট সুখী। মই প্ৰায়েই চিন্তা কৰোঁ - “কিয় ৰোম? কিয় ইটালিয়ান ভাষা? কিয় অন্য কোনো ঠাই, অইন কোনো ভাষা নহয়?” কিন্তু মই ‘কিয়’ ৰ ওপৰত বেছি আগ্ৰহী নহয়, মই ‘কেনেকৈ’ ৰ ওপৰত অধিক আগ্ৰহী। কেনেকৈ ইটালিয়ানৰ লগত অধিক আপোন সম্পৰ্ক এটা গঢ়িব পাৰি, কেনেকৈ ৰোমত অধিকতৰ সময় কটাব পাৰি।

মই ভাবো প্ৰেমে কোনোধৰণৰ প্ৰশ্ন নকৰে। তাত কোনো কিয় নাথাকে। আপুনি কেৱল ভাল পাই যায় আৰু ইয়াত ভালপোৱাটোৱেই হৈছে যথেষ্ট, সকলো।


ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি মোক পূৰ্বে কৈছিল যে ইটালী আৰু ভাৰতৰ মাজত যথেষ্টখিনি সাদৃশ্য আছে।

 

ঝুম্পা লাহিৰী: - নিশ্চয়কৈ। দুটা অতি প্ৰাচীন সংস্কৃতি, পৰিয়াল আৰু শিপাৰ গুৰুত্ব।  বিভিন্ন ভাষাৰ সমাহাৰ, খাদ্যাভাসৰ কেন্দ্ৰীয় ভূমিকা। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ একেবাৰে এখন বেলেগ দেশ। অতি ক্ষুদ্ৰ। কোনো কোনো ক্ষেত্ৰত মোৰ বাবে ই বহিৰ্গ্ৰহ হে যেন। ইটালীত, ৰোমত মই খুউব কমেহে নিজকে অন্যমনস্ক বা হেৰাই যোৱা যেন অনুভৱ কৰোঁ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - এই তিনিওটা ভাষা কওঁতে আপুনি কেতিয়াবা আপোনাৰ ব্যক্তিত্বত সামান্যতম হলেও পৰিবৰ্তন দেখে নেকি? ধৰি লওক যেন তিনিগৰাকী বেলেগ বেলেগ ঝুম্পাহে।

 

ঝুম্পা লাহিৰী: - হয়, মোৰ মাজত তিনিগৰাকী ঝুম্পা আছে। ইটালীত প্ৰতিদিনৰ প্ৰতিমুহূৰ্তৰ নিৰন্তৰ চেষ্টা আৰু কষ্টৰ মাজতো মই যথেষ্ট সুখী হৈ থাকো, পাতল হৈ পৰোঁ। মানুহে কয় যে মই খুউব হাঁহি থাকো। আৰু ইয়াত মই যথেষ্ট সক্ৰিয়, ই আচলতে এক নিৰন্তৰ সন্ধান, জীৱনৰ এক প্ৰকল্প। যেতিয়া মই গম পাওঁ যে মই দেখোন কিবা এটা শব্দৰ অৰ্থ নাজানো তেতিয়া মই লগে লগেই সক্ৰিয় হৈ পৰোঁ।  মই সদায় টোকাবহীতেই হওক বা মোৰ মগজুতেই হওক কিছুমান বস্তু টুকি ৰাখো আৰু সেইবোৰ সদায় লগত ৰাখোঁ। ইয়াত মই মানসিকভাৱে সদায় শুদ্ধ আৰু উপস্থিত হৈ থাকো।

ইংৰাজীত মই অৱশ্যে অধিক স্বস্তি অনুভৱ কৰোঁ সঁচা। এই ভাষাতেই মই প্ৰথম লিখিবলৈ শিকিছিলোঁ, এই ভাষাতেই মই অধ্যয়নৰ পাতনি মেলিছিলোঁ সেইবাবে এই ভাষাটোৰ সৈতে মোৰ সম্পৰ্ক অতি মজবুত। সেইকাৰণে মই অধিক স্বস্তি অনুভৱ কৰোঁ আৰু একেটা সময়তেই মই অধিক সতৰ্কও হ’বলগীয়া হৈ পৰে। কাৰণ জন্মৰে পৰাই মোৰ বাবে ইংৰাজী আছিল আনৰ ভাষা, এটা ভাষা যিটো মই কেৱল ঘৰৰ বাহিৰতহে কৈছিলোঁ, এনে এটা ভাষা যিটোৰ প্ৰতি মোৰ মাতৃৰ সামান্যতম ভয় ভাৱ আছিল। 

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি লিখিছে যে “ আমাৰ জীৱনৰ গতিপথ সলনি কৰা কাৰকবোৰ সদায় আনাৰ পৰা বহিৰ্ভূত।” ইটালিয়ান ভাষাৰ সৈতে মুখামুখি হোৱাৰ পৰা আপোনাৰ জীৱনত কি কি সলনি হৈছে এই বিষয়ে চিন্তা কৰিলে প্ৰথমতে কোনটো কথা আপোনাৰ মগজুত খেলায়?

 

ঝুম্পা লাহিৰী: - বন্ধু! মুখ্য কথা এইটোৱেই। ইটালীত নতুন বন্ধু গোটোৱা কামটো মুখ্য বুলিব পাৰি। এতিয়া মোৰ বহু ইটালিয়ান বন্ধু আছে। তেওঁলোকৰ সৈতে থকা মোৰ সম্পৰ্কবোৰো বৰ মধুৰ আৰু বিশেষ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - এইসকল বন্ধুৰ সৈতে থকা সম্পৰ্কটো কিয় বিশেষ বুলি ভাবে?

 

ঝুম্পা লাহিৰী: - এইটো মই আচলতে সঠিককৈ নাজানো। এনে লাগে যেন এই সম্পৰ্কৰ বন্ধনটো বিশেষ, ইয়াৰ মাজত অধিক উদাৰতা, অধিক অন্তৰংগতা আছে। মোৰ অনুভৱ হয় যেন আমি চিৰকালৰ পৰাই বন্ধু আছিলোঁ। ইটালিয়ান ভাষাত যদি কওঁ “আমিচি পাৰ লা পেলে” (নলে গলে লগা বন্ধু)। তেওঁলোক মোৰ পৰিয়ালৰ দৰেই।

 

ফ্ৰেঞ্চকা পেল্লাচ: - ৰোমত প্ৰথমটো বৰ্ষত আপোনাৰ আটাইতকৈ মিঠা স্মৃতি কি আছিল?

 

ঝুম্পা লাহিৰী: - এয়া ফাৰ্মাচী এখনৰ এটা স্মৃতি। আমি ৰোমলৈ অহাৰ পিছত প্ৰথমটো মাহত মোৰ ছোৱালী নুৰে কাণ ফুটাবলৈ বিচাৰিছিল আৰু পিছত তাইৰ অলপ ইণ্ফেক্চন হৈ গৈছিল। এইটো এটা সাধাৰণ কথা।

 আমি তাইক লৈ এখন ফাৰ্মাচীলৈ গ’লো আৰু তাত ফাৰ্মাচীষ্ট গৰাকীয়ে বৰ মৰমেৰে চাই সকলোখিনি ঠিক কৰি দিলে।  সেই মুহূৰ্ততে মই অনুভৱ কৰিলোঁ যে ৰোম এখন অতি দয়ালু চহৰ আৰু তাত মই নিজৰ ঘৰখনত থকাৰ দৰে অনুভৱ কৰিছিলোঁ। ফাৰ্মাচীষ্টগৰাকী অতি উজ্জ্বলমুখৰ, মৰমিয়াল আছিল। নুৰে প্ৰথমে বিষত কান্দি আছিল পিছলৈ তাই অলপ মিচিকিয়াই হাঁহিবলৈ ল’লে তাৰ পিছলৈ তাই হাঁহিত বাগৰিয়েই পৰিছিল। আৰু এই সকলোবোৰ মাত্ৰ এটা মুহূৰ্তৰ ভিতৰত হৈছিল আৰু মই এই সকলোবোৰ হৈ থকা সময়ত তাতেই উপস্থিত আছিলোঁ। এই সকলোখিনি দেখি শুনি এগৰাকী মাক হিচাপে মই বৰ বিশ্বসনীয় আনন্দৰ অনুভৱ কৰিছিলোঁ। এই স্মৃতিটো মোৰ মনত গভীৰ ভাৱে বহি থাকিল, ই সচাকৈ বৰ বিশেষ স্মৃতি।

 

ফ্ৰেঞ্চকা পেল্লাচ: -এই ভাষাটো শিকি থকাৰ সময়ত সাহস ভাঙি যোৱাৰ মুহূৰ্তৰ এনে কোনো ডাঙৰ স্মৃতি আছে নেকি?

 

ঝুম্পা লাহিৰী: - ৰোমলৈ যোৱাৰ আগমুহূৰ্তৰ এটা ভ্ৰমণ। ২০০৮ চনত মই মোৰ “আনএকাষ্টমড আৰ্থ” কিতাপখনৰ প্ৰকাশৰ বাবে মিলানলৈ গৈছিলোঁ। আৰু নিউয়ৰ্কলৈ যোৱাৰ আগেয়ে মই সদায় এইখন ছোফা য’ত আপুনি বহি আছে তাতেই ইয়াৰ বাবে সদায় প্ৰস্তুতি চলাইছিলোঁ। মই সদায়েই ইটালিয়ান ভাষাত এটা দীঘলীয়া, বিতং ভাষণ দিব বিছাৰিছিলোঁ। সেয়া লাগিলে কমসংখ্যক শ্ৰোতাৰ সন্মুখতেই নহওক কিয়, হয়তোবা ৰাতিৰ প্ৰীতি আহাৰৰ সময়তেই...... আপুনি জানেনে যেতিয়াই কোনো লেখক ইটালীলৈ আহে, সেইদিনাৰ কাৰ্যসূচীৰ শেষত প্ৰায় ২০ জনমান মানুহৰ বাবে ৰাতিৰ আহাৰৰ যো জা কৰা হয় আৰু তাত কোনো এটা ক্ষেত্ৰত আপুনি দুআষাৰ কৈ নিজৰ মত ৰাখিবলগীয়া হয়। মোৰ এতিয়াওঁ মনত আছে সেইদিনাৰ সেই ভ্ৰমণৰ কথা। সেই সময়ত মই বৰ অস্বস্তি অনুভৱ কৰিছিলোঁ কিয়নো ইটালিয়ান ভাষাত কথা কোৱাটো মোৰ বাবে সহজ নাছিল, কিন্তু মই ইটালিয়ান ভাষাতেই কথা ক’বলৈ বৰকৈ বিচাৰিছিলোঁ। মই সেইদিনাৰ সাক্ষাৎকাৰ আৰু কথোপকথনৰ মুহূৰ্তত সকলো উত্তৰ যাতে ইটালিয়ান ভাষাতেই দিব পাৰো মনে প্ৰাণে তাকেই বিচাৰিছিলোঁ।

   কিন্তু যেতিয়া মই কথা ক’বলৈ আৰম্ভ কৰিছিলোঁ মই আধাতে ৰৈ গৈছিলোঁ আৰু ঠিক তেতিয়াই নে অলপ পিছতেই কোনোবাই ইংৰাজীত হস্তক্ষেপ কৰিবলগীয়া হৈছিল। মিলান ভ্ৰমণৰ সেই দিনটো আছিল মোৰ বাবে নিৰাশাজনক আছিল। কিন্তু ই মোক পিছলৈ ইটালিয়ান ভাষাৰ চৰ্চা কৰি যাবলৈ আৰু আত্মোন্নতি ঘটোৱাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ আৰু হেঁচা দিছিল।


ফ্ৰেঞ্চকা পেল্লাচ: - এতিয়া আপোনাৰ সফলতাৰ মুহূৰ্ত এটাৰ বিষয়ে জানিবলৈ ভাল পাম।

 

ঝুম্পা লাহিৰী: - ৰোমত সেইদিনা নিশাৰ আহাৰত মই কথা কোৱাৰ আগতেই ক’বলগীয়া গোটেই কথাখিনি প্ৰথমৰ পৰা শেষলৈ কেনেকৈ কম তাক মনতে সজাই পৰাই পাগুলি আছিলোঁ আৰু তাৰ পিছতহে কৈছিলোঁ। সেইদিনা ৰাতি হঠাৎ মই এইটো কৰিবলৈ বাদ দিলো, ইয়েই আছিল মোৰ এটা মহত্ত্বপূৰ্ণ পদক্ষেপ, ইয়াৰ অৰ্থ এয়াই আছিল যে অৱশেষত আপুনি নতুন ভাষাটোৰ মাজত ডুবিবলৈ সক্ষম হৈছে,  আপুনি ইটালীতেই ভাবিবলৈ লৈছে তাকো নিজে অনুভৱ নকৰাকৈয়ে। সেই মুহূৰ্তৰ পৰাই লক্ষণীয় কিছুমান পৰিৱৰ্তন দেখিছিলোঁ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - ‘ঝুম্পা’ আপোনাৰ ঘৰত মতা নাম। এই নামটোৰে আপুনি কেৱল আপোনাৰ পৰিয়ালৰ লোকসকলৰ মাজত আৰু আপোনাৰ স্কুলীয়া বন্ধুসকলৰ মাজতহে পৰিচিত আছিল। কাৰণ আপোনাৰ ভাল নাম “নীলাঞ্জনা সুদেস্না” উচ্চাৰণ কৰিবলৈ তেওঁলোৰে টান পাইছিল। এনে এটা একান্ত ব্যক্তিগত নামেৰে এতিয়া আপোনাক সমগ্ৰ বিশ্বই সম্বোধন কৰা কথাটোত আপোনাৰ কেনে অনুভৱ হয়? ব্যক্তি এজনৰ এইবোৰ কথা অভ্যাস হৈ যায় নেকি?

 

ঝুম্পা লাহিৰী: - হয় বৰ্তমান মোৰ অভ্যাস হৈ গৈছে কাৰণ মোৰ কোনো উপায়ো নাই। ইটালিয়ান সকলে মোৰ নামটো ভালদৰেই উচ্চাৰণ কৰে, কিন্তু আমেৰিকানসকলে ইয়াত A এটা লগাই “ঝাম্পা” বুলি উচ্চাৰণ কৰে কেতিয়া মোৰ বিৰক্তিত কান্দি দিব মন নাই। “ঝুম্পা”টো ইটালিয়ান নাম নহয় বৰঞ্চ তেওঁলোকে বৰ ধুনীয়াকৈ উচ্ছাৰণ কৰিব পাৰে। আৰু, এইটোও এটা কাৰণ আছিল যিয়ে মোক ভাবিবলৈ বাধ্য কৰাইছিল যে কিজানি মই সঁচাকৈয়ে ইয়াৰেই। এই ঠাইখন, ইয়াৰ মানুহবোৰৰ বাবেই।

 

ফ্ৰেঞ্চকা পেল্লাচ: - এই কিতাপখন লিখাৰ আগেয়ে আপুনি দুখন চুটি গল্পৰ সমগ্ৰ আৰু দুখন উপন্যাস লিখিছে। চুটি গল্প আৰু উপন্যাস লিখা দুয়োটাই বেলেগ বেলেগ কৌশলৰ কাম। মই ভাবো যে চুটি গল্পৰ লিখকসকল এটা অন্য বিশেষ শাৰীৰ লেখক। তেওঁলোক শব্দৰ যাদুকৰ। চুটি গল্প লিখোঁতে আপুনি কোনবোৰ কথাক অগ্ৰাধিকাৰ দিবলৈ বেছি ভাল পায়?

 

ঝুম্পা লাহিৰী: - প্ৰতিটো শব্দৰ ক্ষেত্ৰত পূৰ্ণতা গুৰুত্ব আৰু প্ৰক্ষেপণৰ ওপৰত মনযোগিতা। চুটি গল্পবোৰ বেছি উৎসুকজনক, এইবোৰ চুটি অথচ গুৰুত্বপূৰ্ণ, গধূৰ। আপোনাৰ মূৰত আগৰ পৰাই এটা শেষ শাৰীয়ে ক্ৰিয়া কৰি থাকে। মই মোৰ ছাত্ৰসকলক কওঁ যে চুটি গল্পত প্ৰতিটো শব্দ, প্ৰতিটো বাক্য, প্ৰতিটো দফাই গুৰুত্ব বহন কৰিব লাগিব আৰু এনে নহ’লে ইয়াৰ কোনো অৰ্থই নাই।  যেতিয়া মই মোৰ দ্বিতীয় সংগ্ৰহ “আনএকাষ্টমড আৰ্থ(Unccustomed Earth) “ ৰ ৰচনা কৰি আছিলোঁ তেতিয়া মই এলাইচ মুনৰো (Alice Munro),  মেভিচ গেলেণ্ট (Mavis Gallant) এইসকল ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ গল্পবোৰ অলপ দীঘলীয়া, বিস্তাৰিত কৰিব বিচাৰিছিলোঁ, সেইবাবেই এইখনত থকা গল্পবোৰ অলপ দীঘলীয়া। প্ৰথমখন সংগ্ৰহ গাৰ্চিয়া মাৰ্কাজ (Garcia Marquez), ছেকভ (Chekhov) আদিৰ

সংক্ষিপ্ত, আৱশ্যকীয় লিখনিবোৰৰ পৰা অনুপ্ৰেৰিত আছিল। এতিয়া মোৰ ইটালীৰ ৰচনাসমূহো এনেধৰণৰে অধিক বুনিয়াদী হৈ উঠিছে।

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি কিয় আৰু কেতিয়া অনুভৱ কৰিছিল যে আপুনি এগৰাকী লেখিকা হ’ব বিচাৰে? 

 

ঝুম্পা লাহিৰী: - এগৰাকী লেখক হ’বলৈ বিচৰা বা লিখিবলৈ চেষ্টা কৰা মুহূৰ্তটোত উপনীত হ’বলৈ মোৰ বহু দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। মই তেতিয়া ৩০ বছৰীয়া আছিলোঁ। আৰু এতিয়া যিহেতু মই কলেজত পঢ়ুৱাওঁ, তাত মোৰ ছাত্ৰসকলক দেখি মই আচৰিত হওঁ, কেনেকৈ সিহঁতে এতিয়াই জানি উঠিব পাৰিলে যে সিহঁতে কি হ’ব বিচাৰে? এইটো আশ্চৰ্য্যজনক কথা। মইতো তেওঁলোকৰ বয়সীয়া থাকোঁতে বৰ বেছিয়েই দোমোজাত আছিলোঁ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - তাৰমানে আপুনি সেইসকল শিশুৰ মাজত নপৰে যিয়ে সৰুৰ পৰাই এগৰাকী লেখক হোৱাৰ সপোন ৰচে?

 

ঝুম্পা লাহিৰী: - নাই। ই মোৰ বাবে এটা কেতিয়াওঁ ঢুকি পাব নোৱাৰা লক্ষ্য আছিল, বৰ ডাঙৰ কথা আছিল ই। এটা শিশু আৰু এজনী কিশোৰী হিচাপে মই বৰ অসুৰক্ষিত অনুভৱ কৰি থাকিছিলো, লাজুক আৰু অন্যমনস্কভাৱে থাকিছিলোঁ। কিন্তু লাজুক ভাৱে প্ৰায়েই সৃষ্টিশীলতাৰ পুষ্পবৃষ্টি কৰে। উদাহৰণস্বৰূপে অভিনেতাবোৰৰ প্ৰায়সংখ্যকেই লাজকুৰীয়া স্বভাৱৰ, প্ৰায়সংখ্যক লেখকো তেনেকুৱা। কাৰণ এইসকলেই সেইসকল ব্যক্তি যিয়ে তেওঁলোকৰ শৈশৱ বা কৈশোৰত অকলশৰে, নীৰৱে থাকিছিল। বিভিন্ন ধৰণৰ ৰচনা পঢ়িছিল।  আৰু একান্ত মুহূৰ্তবোৰেই হৈছে এজন লেখকৰ অতি আৱশ্যকীয় সম্পদ।

 

    মোৰ বাবে, মোৰ ৩০ বছৰ বয়সতহে এই পথটো স্বচ্ছ হৈ পৰিছিল। মই বটছনত মোৰ PhD শিক্ষা সাং কৰি উঠি অলপ হেঁচাৰ মাজত সোমাই পৰিছিলোঁ। কাৰণ মোৰ পিতৃ-মাতৃয়ে মই কলেজত শিক্ষকতা কৰাৰ দৰে এটা অধিক বাস্তৱধৰ্মী চাকৰি কৰাটো বিচাৰিছিল। আৰু এয়া তেওঁলোকে একেবাৰে মনে - প্ৰাণে বিচাৰিছিল।  PhD শেষ হোৱাৰ পিছত কোনো এটা মুহূৰ্তত মই বিশ্ববিদ্যালয়ত চাকৰি কৰিবলৈ নোযোৱাটোহে ঠিৰাং কৰি পেলাইছিলোঁ আৰু মই তেনেকৈয়ে আঁতৰি আহিলোঁ।  মই Fine Art Works Center of Provincetown, Cape Cod ত অধ্যাপনা কৰাৰ সুযোগ লাভ কৰিছিলোঁ। য’ত প্ৰতিবছৰে কলাকাৰ, চিত্ৰকৰ আৰু লেখকৰ এটা গোটক একান্তকৈ থাকিব পৰাকৈ ধন প্ৰদান কৰা হয়। জাৰৰ দিনত এইখন ঠাইত থাকিব পৰাকৈ ই এক বঢ়িয়া সুযোগ আছিল। ইয়াত আপোনাৰ চৌদিশে প্ৰকৃতি আৰু হাতত থাকিব অফুৰন্ত সময় আৰু এইদৰে চাকৰিৰ পৰা পিছ হোহঁকা কথাটোৱেই “seven months in Cape Cod feel almost like an entire life .” ৰ ৰচনা কৰিবলৈ এটা বৰ ধুনীয়া সুযোগ আনি দিছিল। তাৰ পৰাই মই আৰম্ভ কৰিছিলোঁ,  তাতেই মোৰ নিষ্ঠা আৰু সমৰ্পনৰ এই যাত্ৰাৰ আৰম্ভণি ঘটিছিল।


ফ্ৰেঞ্চকা পেল্লাচ: - প্ৰিঞ্চেটনত আপুনি আপোনাৰ ছাত্ৰসকলক প্ৰধানকৈ কেনেধৰণৰ বিষয়বস্তু শিকোৱাত অধিক গুৰুত্ব দিয়ে?

 

ঝুম্পা লাহিৰী: - পঠনৰ গুৰুত্ব আৰু মহত্ত্বৰ কথাবোৰ। মই তেওঁলোকক প্ৰায়ে কওঁ যে তোমালোকে কেৱল, কেৱল আৰু কেৱল মাথোঁ পঢ়ি গৈ থাকিব লাগিব। এইবছৰ মই দুজনমানক বাদ দি বাকী কেৱল ইটালিয়ান লেখকসকলকহে শিক্ষা প্ৰদান কৰি আছোঁ। মই শেষৰ ষাণ্মাসিকটো টুৰিনৰ লেখকসকলৰ বাবে অৰ্পণ কৰিছোঁ। আমি  চেজৰে পাভীজ (Cesare Pavese)ৰ দুখন উপন্যাস আৰু তাৰ পিছত ক্ৰমে নাটালিয়া গিন্সবাৰ্গ (Natalia Ginzburg), প্ৰিম’ লেভী (Primo Levi), আৰু ইটালো কেলভিন’ (Italo Calvino) ৰ উপন্যাস পঢ়িছিলোঁ। প্ৰকাশন ঘৰ এনাউডীৰ সেই গোটেই শ্ৰেণীটোৰ বিষয় এটাই আছিল। তাৰ পৰিৱেশ মন কৰিবলগীয়া হৈছিল আৰু ময়ো খুউব আমোদ পাইছিলো। মই যেতিয়া তেওঁলোকক সুধিছিলোঁ - “ তোমালোকে কেতিয়াবা চেজৰে পাভীজ( Cesare Pavese) ৰ নাম শুনিছানে?” সকলোবোৰ মৌন হৈ গৈছিল। মোৰ বাবে পাভীজ হৈছে অনুপ্ৰেৰণাৰ অক্ষুণ্ণ ভঁৰাল। - “নাটালিয়া গিন্সবাৰ্গ ( Natalia Ginzburg) ৰ নাম একা?”  পুনৰ একেই, সকলোবোৰ মৌন। আজি কালি মোৰ বাবে এইসকল লেখকৰ পৰিচয় কৰোৱাটো অত্যাৱশ্যকীয় কাম হৈ পৰিছে, ই সঁচাকৈয়ে বৰ ভাল কথা। দুৰ্ভাগ্যৰ কথা যে শ্ৰেণীটো ইংৰাজী ভাষাত ল’বলগীয়া হোৱা বাবে প্ৰায় সকলোবোৰ কথা অনুবাদ কৰিবলগীয়া হৈছিল। কিন্তু, তথাপি মই আশা কৰোঁ যে মোৰ তৰফৰ পৰা ই এটা ক্ষুদ্ৰ অনুদান আছিল।

   মই মোৰ ছাত্ৰসকলক কওঁ যে মই তেওঁলোকক একোৱেই শিকাব নোৱাৰোঁ কাৰণ প্ৰকৃত শিক্ষকবোৰ কিতাপৰ আলমাৰীটোতহে থাকে। মই তেওঁলোকক কওঁ যে-” তোমালোকক এই শ্ৰেণীত মই কি শিকাওঁ সেইখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিবা কিন্তু শ্ৰেণীৰ শেষত তোমালোক পুথিভঁৰাললৈ যাবা। কাৰণ তাতহে প্ৰকৃতাৰ্থত লিখনি, বিভিন্ন ৰচনাসমূহ আছে।

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি ডমেনিক ষ্টাৰনন (Domenico Starnone) ৰ Ties কিতাপ খনৰ অনুবাদ কৰিছিল। আপুনি আৰু ষ্টাৰনন দুয়োগৰাকী খুউব আত্মীয়। আপুনি প্ৰিয় বন্ধু এজনৰ কামৰ অনুবাদ কৰিছে, এইক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা আছিল?

 

ঝুম্পা লাহিৰী: - ই আমাৰ মাজত আৰু অধিক আত্মীয়তাবোধ জগাইছিল, আমাৰ বন্ধুত্ব গাঢ় হৈছিল। এজন ইমান শক্তিশালী লেখকৰ কিতাপ ইংৰাজীলৈ অনুবাদ কৰাটো মোৰ বাবে অতি অসাধাৰণ চেলেঞ্জ আৰু লগে লগে ই এক বিশেষাধিকাৰো আছিল। তেওঁৰ ৰচনাৰ অনুবাদ কৰাটো বিপদজনক আছিল কাৰণ এগৰাকী লেখক আৰু তেওঁৰ অনুবাদকৰ মাজৰ সম্পৰ্কটো সাধাৰণতে দুৰ্বল হয় আৰু যিহেতু ডমেনিক’ই ইংৰাজী পঢ়িব জানে গতিকে তেওঁ মোৰ অনুবাদৰ মূল্যাংকন কৰিব পৰাৰ সম্ভাৱনা থাকিছিল।  কিন্তু তেওঁ মোক বিশ্বাস কৰিছিল আৰু ইয়ে মোক যথেষ্ট আশ্বাস দিছিল। মই অলপতে ২০১৬ চনত এনাউডী প্ৰকাশনৰ দ্বাৰা ইটালীত প্ৰকাশিত তেওঁৰ আন এখন উপন্যাস স্কেৰজেট’ (Scherzetto) ৰ অনুবাদৰ কাম সম্পন্ন কৰিছোঁ, সেইখন ইউৰোপা ইডিচনৰ দ্বাৰা ২০১৮ ৰ মাৰ্চ মাহত আমেৰিকাত প্ৰকাশ পাব। অৰ্থাৎ মই ষ্টাৰননৰ জগতখনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিলোঁ। সেই জগতখনত কেইবামাহলৈ সোমাই থকাৰ সুযোগ লাভ কৰা, তেওঁৰ শব্দবোৰক কূটিবলৈ দিনটোত সময় অকণ উলিওৱা ই এটা অসাধাৰণ যাত্ৰা আছিল যিটোৰ অভাৱ মই বৰ্তমান খুউব অনুভৱ কৰোঁ। মই যেতিয়া প্ৰিঞ্চেটনত পঢ়ুৱাই আছিলো সেই সময়ত তেওঁৰ কথা, তেওঁৰ মাতটোৱেই মোৰ প্ৰধান লগৰী হৈ পৰিছিল। মাজে মাজে হোৱাটচ্ এপত কথা বতৰাও চলিছিল। দৰকাৰ হ’লেই মাজে মাজে হোৱাটচ্ এপত মই তেওঁৰ সোধো - “তুমি এইটো দফাত এইটো শব্দৰে আচলতে কি বুজাইছা?”

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপুনি অলপতে ইটালীৰ সৰ্বশ্ৰেষ্ঠ সন্মান Knight in the Order of Merit of the Italian Republic ৰে বিভূষিত হৈছে। মই জানো যে আপোনাৰ জীৱনত ইটালীৰ মহত্ত্ব কি। এই সন্মান লাভ কৰা কথাটোত আপুনি কেনে অনুভৱ কৰিছিল? মই ডাঠি ক’ব পাৰো যে ই আপোনাৰ বাবে নিশ্চয় অশ্ৰু আনন্দ মিলিত আৱেগিক ক্ষণ আছিল।

 

ঝুম্পা লাহিৰী: - অশ্ৰু আনন্দৰ বৰ ডাঙৰ আৱেগিক ক্ষণ আছিল। এই কথাটোৱে মোক চুই গৈছিল। মই তেতিয়াই ইটালীৰ খোলা দুবাহুৰ মাজতেই আবদ্ধ হৈ পৰিছিলোঁ যিদিনা মই অনুভৱ কৰিব পাৰিছিলো যে ইটালীয়ে মোক সুন্দৰ স্বাগতম জনাইছে। কিন্তু এই সন্মানটো মই বৰ অনাকাংক্ষিত ভাৱে লাভ কৰিছিলোঁ আৰু ই মোৰ জীৱনৰ আটাইতকৈ বিশেষ উপলব্ধি আছিল। মই ভাবো জীৱনৰ এই পাঁচ বছৰ মই ইটালিয়ান ভাষাৰ নামত উছৰ্গা কৰিলোঁ, আৰু এই যাত্ৰাত মই গ্ৰহণ কৰা মোৰ প্ৰতিটো পদক্ষেপক লৈ মই সুখী। এই পথটো মই মোৰ জীৱনৰ বাবে নিজে বাচি লোৱা পথ।

 

ফ্ৰেঞ্চকা পেল্লাচ: - আপোনালৈ অন্তিমটো প্ৰশ্ন আগবঢ়াইছো। আপুনি লিখিছিল যে - “মানুহৰ হতাশা আৰু আশাৰ পৰাই কিবা এটা লিখাৰ বাবে তীব্ৰ ইচ্ছাৰ জন্ম হয়।” আপোনাৰ ক্ষেত্ৰত কোনবোৰ হতাশা আৰু কোনবোৰ কথা আশা আছিল?

 

ঝুম্পা লাহিৰী: - মই হতাশ আৰু নিৰাশাবাদী আছিলো কাৰণ মই অন্য এটা নিৰাপদ পথ বাচি ল’বলৈ মুঠেই ৰাজী নাছিলোঁ। বৰঞ্চ মই এটা সংকটপূৰ্ণ পথ বাচি লৈছিলোঁ, কিন্তু সদৌ শেষত ই মোৰ বাবে এটা শুদ্ধ আৰু সুখী পথ হৈ উঠিছিল। ই মোক সুখী কৰাৰ লগতে পূৰ্ণৰূপত এগৰাকী আত্ম-অনুভৱী মহিলা, এগৰাকী ব্যক্তি কৰি গঢ়ি তুলিছে। আৰু এতিয়া মই কেৱল সফলতাবোৰৰ কথা কৈ থকা নাই। মই ক’ব বিচাৰিছো যে নিজে যি ভাল পাওঁ সেই কামটো কৰি তাৰ বাবে, তাৰ সতে জীয়াই থকাটোৱেই হৈছে মোৰ বাবে আশাৰ সংজ্ঞা।

 


সম্পাদকীয় টোকাঃ  এই সাক্ষাৎকাৰটি লেখক-সাংবাদিক ফ্ৰেঞ্চিকা পেল্লাচে ইটালীৰ এখন আলোচনীৰ বাবে লৈছিল । পিছত তেওঁ সাক্ষাৎকাৰটি ইংৰাজীৰ অনুবাদ ‘লিটাৰেৰী হাব’ নামৰ আলোচনীত প্ৰকাশ কৰিছিল। এই সাক্ষাৎকাৰটিৰ উৎস ‘লিটাৰেৰী হাব’ৰ ইংৰাজী সাক্ষাৎকাৰটো। ফ্ৰেঞ্চিকা পেল্লাচৰ অনুমতি সাপেক্ষে সাক্ষাৎকাৰটি অনুবাদ কৰা হৈছে।

Post a Comment

0 Comments