কিমান নাৱত কিমানবাৰ
মূল : সচ্চিদানন্দ ব্যাত্স্যায়ন
অনু : ৰাজেন্দ্ৰনাথ বৰদলৈ
কিমান দূৰ-দূৰণিৰ পৰা কিমানবাৰ
কিমান টুলুঙা নাৱত বহি
মই তোমাৰ উদ্দেশ্যে আহি আছোঁ
হে মোৰ ক্ষণ-প্ৰভ জ্যোতি !
কুঁৱলিৰ আৱৰণে মাজে মাজে
মোৰ দৃষ্টি তোমাৰ পৰা আচ্ছন্ন কৰি ৰাখিছিল
তথাপি কুঁৱলিৰ দৰে কোমল
তোমাৰ ৰূপাল দ্যুতিয়ে
তোমাৰ সৈতে ঘটাইছিল মোৰ নিবিড় পৰিচয়
|
কিমানবাৰ মই
ধীৰ, আশ্বস্ত, অক্লান্ত
হে মোৰ অজ্ঞাত সত্য ! কিমানবাৰ..
আৰু কিমানবাৰ কিমান চিকিমিকি জাহাজে
মোক কঢ়িয়াই লৈ যায় দূৰ- দূৰণিলৈ,
দুঃসহ বতাহৰ সোঁতে
মোক লৈ যায় অচিনাকি দূৰ দেশলৈ
য'ত নগ্ন আন্ধাৰ
আৰু নগ্নতৰ হয়
এক উলংগ, তীক্ষ্ণ, নিৰ্মম প্ৰকাশ--
য'ত পোহৰৰ কোনো দ্যুতিয়েই নাই
কেৱল আছে কিছুমান স্তুপাকাৰ
তথ্যৰ অস্তিত্ব--
সত্য নাই, অন্তহীন বাস্তৱতাৰ....
কিমানবাৰ মই
ক্ষুণ্ণ, বিকল, সন্ত্ৰস্ত
কিমানবাৰ !
(প্ৰকাশ আলোচনীৰ মে' 1983 সংখ্যাৰ পৰা সংগৃহীত)
0 Comments