তিব্বতৰ সাধু - তিনি চিকাৰীৰ সাধু

তিনি চিকাৰীৰ সাধু


                       অনুবাদ : শমিষ্ঠা গোস্বামী

 


"কামটো ভালেই হওক বা বেয়াই হওক, ইয়াৰ বিষয়ে কি ক'ব পৰা যায় সেইটোও আমি ক'ব নোৱাৰোঁ, অথবা ইয়াৰ ফলাফল নো কিমান দূৰলৈ বিয়পিব পাৰে সেয়াও আমাৰ জ্ঞাত নহয়।" -  তিব্বতীয় প্ৰবাদ

 


এসময়ত যেতিয়া পৃথিৱী ভৰযৌৱনা আছিল আৰু মানুহে ঠিক আজিৰ দৰেই ভাল আৰু বেয়া পাইছিল, তেনে সময়তে এখন পাহাৰীয়া গাঁৱত তিনি ককাই-ভাইয়ে বাস কৰিছিল আৰু তেওঁলোক তিনিও আছিল চিকাৰী। তিনিও ভাই ইতিমধ্যেই বিবাহিত আছিল আৰু তেওঁলোকৰ একমাত্ৰ ভনীয়েকো তেওঁলোকৰ সৈতেই বাস কৰিছিল। এদিনৰ কথা, তিনিও চিকাৰলৈ গৈ এটা হৰিণা মাৰি আনিলে। যেতিয়া তিনি সহোদৰেৱমনৰ জোখাৰে উদৰ পূৰাই খাই আজৰি হ'ল, ভনীয়েকে খাবলৈ বুলি ভৰিৰ ফালৰ হাড় এটুকুৰা  দিলে, হাড়টুকুৰা ভাঙি মজ্জাটো উলিয়াই খাইয়ো চালে যাতে সেইয়া খাবলৈ সোৱাদ লগা বিধৰ হয়। যেতিয়া ভনীয়েকে সেই সুমিষ্ট মজ্জা খাবলৈ বহিল, দুয়ো ডাঙৰ ককায়েকৰ দুয়োজনী পত্নীৰ টিকচি-বিকচি খং উঠিল, যদিওবা কি কথাতনো ইমান খঙ উঠিল জানিব পৰা নগ'ল। দুয়ো বৌৱেকৰ ইমানেই খঙ উঠিল যে তেওঁলোকে কেনেকৈ ভনীয়েকক প্ৰাণে মাৰিব পাৰে তাৰ আঁচনি পাঙিবলৈ লাগিল। তেওঁলোকে নিজৰ মাজতে আলচিলে, "তিনিও ককায়েকৰ তাইলৈ ইমানেই চেনেহ যে আমিও যে আছো সেই কথা মনতেই নপৰে, সেয়ে আমি তাইক বাটৰ পৰা আঁতৰ কৰিবই লাগিব।"

  তেনেতে আকৌ এদিন তিনি ভাই ওলাল চিকাৰলৈ বুলি, এইফালে দুই বৌৱেকে পাঙিলে যে আজিয়েই সুযোগ। পিছে সৰু ভায়েকৰ পত্নীৰ এই আঁচনিৰ লগত একো লেনদেন নাছিল আৰু দুই ডাঙৰ জা-কক এনে কৰিলে বৰ বেয়া কথা হ'ব বুলিহে ক'লে, কাৰণ তাই নিজৰ ভাগত পৰা মাংসখিনিহে খাইছিল। তথাপিও দুই ডাঙৰ বৌৱেকে পূৰ্বৰ সিদ্ধান্তত অটল থাকি যিকোনো প্ৰকাৰে তাইক মাৰিহে এৰিম বুলি প্ৰতিজ্ঞাৱদ্ধ হ'ল। যেতিয়া তিনি ভাই চিকাৰৰ পৰা ঘূৰিছিল, বাটতে বৰকৈ ভাগৰ লগাত বাটৰ কাষতে খন্তেক জিৰাও বুলি বহোঁতেই শুনিলে এটা নিচেই অকণমান চৰায়ে গছ এজোপাত বহি একেটা সুৰকে বাৰে বাৰে গাই আছে। অৱশেষত এজনে ক'লে, "চৰাইটোৱে চাগে আমাক কিবা এটা ক'বলৈ বিচাৰিছে, মই চাই আহোচোন কিবা কয়েইবা, কিয় জানো চৰাইটোৰ মাতটো দেখোন আমাৰ ভনীৰ দৰেই লাগিছে।" সেইমতেই তেওঁ চৰাইটো বহি থকা গছজোপা বগাই গৈ চৰাইটোক ক'লে, "তুমি যদি আমাৰ ভনী হোৱা, তেনে মোৰ হাতখনতে বহা।" চৰাইটো আহি হাতত বহাৰ লগে লগেই তিনিও কান্দিবলৈ ধৰিলে, তেওঁলোকে বুজিলে যে ইতিমধ্যে তেওঁলোকৰ ভনীয়েকৰ মৃত্যু হৈছে। তিনিও ঘৰলৈ উভতি গৈ তিনিওগৰাকী পত্নীক ঘৰতে পালে, কিন্তু ভনীয়েকক হে হ'লে ক'তো বিচাৰি নাপালে। কোনো এগৰাকীয়েও ভনীয়েক ঘৰৰ পৰা নোহোৱা হোৱাক লৈ একো নক'লে, কিন্তু অলপ পৰ পাছত আটাইতকৈ নুমলীয়া গৰাকীক তেওঁলোকে কান্দি থকাত পালেগৈ আৰু অনেকবাৰ সোধাৰ পাছতো কন্দাৰ কাৰণ হ'লে তাই নক'লে। তেতিয়া তিনিও ভাইয়ে তাইক ক'লে যে তাই কন্দাৰ কাৰণ তেওঁলোকে জানে, এয়াও ক'লে যে কেনেকৈ চৰাই ৰূপী ভনীয়েকক বাটত লগ পাই আহিছে। তেতিয়া তাই তিনিওকে সকলো বিৱৰি ক'লে, আৰু তিনিও ভাই খঙত একো নাই হৈ দুই ডাঙৰ পত্নীক হত্যা কৰিলে আৰু নুমলীয়া গৰাকীক তেওঁলোকৰ সহচৰী কৰি বাকীছোৱা কাল সুখে-সন্তোষে থাকিল।

 

 

উৎস - তিব্বতীয় লোকসাধু, এ. এল. শেল্টন (১৯২৫)


Post a Comment

0 Comments