গল্পঃ অযোনি / ভল্গা (তামিল)

অযোনি


মূল : ভল্গা

অনুবাদ : ননী চহৰীয়া বৰা

 

 

আজি মই লিখিবলৈ আৰম্ভ কৰা কাহিনীটোৰ উদ্দেশ্য এই কাহিনীটো কোৱা। মই কাহিনী ভাল পাওঁ। মোৰ আইতাৰ ওচৰত বহি মুকলি আকাশৰ তলত জোনটোলৈ চাই চাই সাধুকথা শুনি টোপনি গৈছিলো। বৰ্ষণমুখৰ ৰাতি কিনকিনিয়া বৰষুণৰ টুপুৰ টাপাৰ শব্দৰ মাজত আইতাৰ ওচৰত বহি কম্বল এখনেৰে গাটো মেৰিয়াই লৈছিলো। কম্বলখন যথেষ্ট নহ’লে আইতাৰ কোলাত কুচি-মুচি সোমাই গৈছিলো। সাধুকথাত মজি থাকোঁতেই জাৰকালিৰ দীঘল ৰাতিবোৰ পাৰ হৈ গৈছিল। তেওঁৰ সাধুৰ বাবে জহকালিৰ ৰাতি বোৰ কেতিয়াও দীঘল নহৈছিল। লিখিব পঢ়িব জনা হোৱাৰ পিছত মই প্ৰথম গল্পটো লিখিছিলো। কি লিখিছিলো এতিয়া মনত নাই। কিছুদিন পিছত ককাই মৰমেৰে মোৰ বাবে “চন্দামামা” এখন কিনি আনিছিল। দূবছৰ আলোচনীখন পঢ়াৰ পিছত নবছৰ বয়সত মই এটা গল্প লিখিছিলো আৰু আলোচনীখনলৈ পঠাই দিছিলো। প্ৰকাশ হোৱা নাছিল। কোনেও গম নাপালে। মই কাকো কোৱা নাছিলো। মা, দেউতা, আইতা আনকি মোৰ বান্ধৱী ৰাধাৰানীকো কোৱা নাছিলো। গল্পটো প্ৰকাশ হ’ব বুলি ছয়মাহ মান বৰ আশাৰে ৰৈ আছিলো। তাৰ পিছত সেই কথাটো পাহৰি গৈছিলো। তাৰ তিনি বছৰ পাছত আজি যেতিয়া গল্প এটা লিখাৰ কথা ভাবিলো তেতিয়াই চন্দামামাৰ বাবে মই লিখা প্ৰথম গল্পটোৰ কথা মনত পৰিল। অৱশ্যে মই লিখিবলৈ ওলোৱা গল্পটোৰ লগত সেই গল্পটোৰ কোনো সামঞ্জস্য নাই।

 

কি ভাললগা কাহিনী আছিল সেইটো। কি ভাল আছিল তাত থকা মানুহবোৰ। সৰগৰ পৰা নামি অহা ধুনীয়া বগা বগা পাখি থকা ৰাজকুমাৰী জনীৰ তেওঁলোকে কিমান যে যত্ন লৈছিল। তাই যি বিচাৰে তাকে তেওঁলোকে তাইক দিছিল। য’ৰ পৰা তাই আহিছিল, সেইখন ঠাইৰ আশ্চৰ্যকৰ কাহিনী বোৰ তেওঁলোকে মন দি শুনিছিল। পক্ষী শিশুটিৰ কোমল বগা পাখি কেইখন, সৰল উজ্জ্বল চকুযুৰি, কোমল ভৰি দুখন, কোমল হাত দুখন তেওঁলোকে বৰ ভাল পাইছিল। তাইৰ বাবে তেওঁলোকে কোমল বিছনা পাতি দিছিল, পাৰিজাত ফুলৰ মালাৰে তাইক সজাইছিল, তাইৰ বাবে মিঠা পায়স ৰান্ধিছিল। তৎসত্তেও তাইৰ মাক-দেউতাকে লৈ মনত পৰিছিল আৰু নিজৰ জগত খনলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। সেয়ে দুখ মনেৰে তেওঁলোকে তাইক ঘূৰাই পঠিয়াইছিল। পাখিলগা শিশুটিয়ে ডেউকা দুখন মেলি ধৰিছিল আৰু লাহে লাহে ডেউকা কোবাই আকাশলৈ উৰা মাৰিছিল।

 

 ইমান ভাললগা কাহিনী এটা লিখাৰ পিছত, মোৰ নতুন কাহিনীটোৱে মোক অশান্তি দিছে। মই হতাশ হৈছো। সেই গল্পটো মোৰ সপোন আছিল - এইটো মোৰ নিজৰ কাহিনী। নবছৰ বয়সত যাৰ ইমান ধুনীয়া সপোন আছিল,  মাথোঁ তিনি বছৰ পিছত কেনেকৈ সলনি হ’ল - মোৰ জীৱন কেনেকৈ এক দু: স্বপ্ন হ’ল? আজি মই কি, সেয়া সকলোকে ক’ব বিচাৰো। এই কাহিনীটো কৈ মই প্ৰমাণ কৰিব বিচাৰো যে মোৰ আশে-পাশে থকা মানুহবোৰে মোৰ বিষয়ে যেনেকৈ ভাৱে, মই তেনে নহয়; বৰং মই সেইজনী ছোৱালী যিয়ে চন্দা মামাৰ বাবে কাহিনী লিখিছিল। সেয়া মোৰ আকাংক্ষা। মই বৰ যন্ত্ৰণা পাইছো আৰু সেইকথা লিখিবলৈকে এই শেষৰ বছৰটোত জীয়াই আছো। এইখিনি লিখাৰ পিছত মই মৰিম।

 

কাহিনীটোৰ বাবে বিচাৰি থকা উপযুক্ত শব্দটো যদি মই পালোহেতেন, যদি জানিলোহেতেন, যোৱা বছৰতে কাহিনীটো লিখি মই মৰি গলোহেতেন। কাহিনীটো কেনেকৈ লিখিব লাগিব, সেই বিষয়ে নিশ্চিত হ’ব পৰা নাছিলো আৰু ঠিক তেতিয়াই মই প্ৰকৃত শব্দটো পাই গ’লো। ভাগ্য বাইদেউ আৰু মই মজিয়াত শুই কথা পাতি আছিলো। তেতিয়াই ৰেডিঅ’ত এটা ঘোষণা শুনিলো - “এতিয়া আপোনালোকে “লৱ-কুশ” চিনেমাৰ গীত এটা শুনক “

 

যোৱা দুটা বছৰ মই গান শুনা নাই। গান শুনি বৰ ভাল লাগে। গানত সদায় ভাল কিবাকিবি থাকে। কিন্তু গান শুনাৰ জোখাৰে মই উপযুক্ত, পৱিত্ৰ বা ভাল নহয় যেন ভাৱ হয়। যোৱা দুবছৰৰ পৰা মই গান শুনা বন্ধ কৰিছো। সেইবোৰৰ পৰা বহু দূৰ আঁতৰি গৈছো। আগতে “লৱ-কুশ” চিনেমা খনৰ গানবোৰ মই বৰ ভাল পাইছিলো। চাৰি পাঁচ বাৰ চিনেমাখন চাইছিলোও। আনকি তাৰ কেইটামান গান মই গাইছিলো। এতিয়া সেই সকলোবোৰ পাহৰি গলো।

 

“ শ্ৰী ৰামচন্দ্ৰৰ কাহিনী কৈ শুনাম। মহীয়সী নাৰী সতী সীতাৰ কাহিনী শুনক -”এইদৰে গানৰ কথাবোৰ ৰেডিঅ’ত বাজি আছিল। ভাগ্য বাইদেৱে মোক চিনেমাখন আৰু গানটোৰ বিষয়ে কৈ আছিল।

পত্নী আহি ওচৰ পোৱাত, ৰঘূপতিয়ে তেওঁক সতীত্বৰ প্ৰমাণ দিবলৈ কলে, “চকু পানীৰে ওপচাই ভাগ্য বাইদেৱে ৰামক গালি পাৰিলে - “এটা নিৰ্বোধ জধামুৰ্খ। অযোনিজা নাৰী এগৰাকীক সন্দেহ কৰে। ধৰ্মৰ মূৰ্ত প্ৰকাশ, ৰামচন্দ্ৰৰ পত্নীৰ বাবে কিয় এই পৰীক্ষা?”

 

 “অযোনিজা মানে কিনো?” - মই সুধিলো।

 

 “মই কও শুনা। সীতাৰ জন্ম অন্য মানুহৰ দৰে হোৱা নাছিল। তেওঁৰ জন্ম হৈছিল নাঙলৰ ফালৰ মুখত। সেইবাবে তেওঁক অযোনিজা বোলা হয়।”

 

 “আন মানুহবোৰ কেনেকৈ ওপজে?”

 

  ভাগ্য বাইদেৱে হাঁহি ৰখাব নোৱাৰিলে। - “এইদৰে হয়।” তেওঁ মোৰ পেটত হাতখন ৰাখিছিল আৰু সন্তান জন্ম হোৱা তলৰ ঠাইখিনি লৈ পিচলাই নিছিল।

 

 “ছি: ” - অবিশ্বাসেৰে মই চিঞৰি উঠিছিলো।

 “ তুমি কিয় ছি: বুলি কৈছা?  সচাকৈ সন্তানৰ জন্ম তেনেকৈ য়ে হয়। কমলাৰ সন্তান জন্ম হওঁতে মই দেখিছিলো। তাক যোনি বোলা হয়। সীতাৰ জন্ম যোনিৰে হোৱা নাছিল। সেয়ে তেওঁ এগৰাকী অযোনিজা। আমি সকলো যোনিজা। সীতা এগৰাকী অযোনিজা।” - ভাগ্য বাইদেৱে আকৌ হাঁহিছিল।

 

 যোনি, যোনিজা, অযোনিজা - মোৰ কিবা এটা হ’ল। হঠাৎ মূৰৰ ভিতৰত এক তীব্ৰ যন্ত্ৰণা অনুভৱ কৰিলো।

 

সীতা এজনী অযোনিজা। তেনেকৈ হোৱা জন্মৰ বিষয়ে মই একো নাজানো। কিন্তু ইমান দিনে মই লিখিব বিচৰা কথাখিনি এতিয়া লিখিব পাৰিম। যোনি নোহোৱাকৈ মোৰ জন্ম হোৱা হ’লে কিমান যে ভাল হলহেতন। অযোনি শব্দটো মই কিয় ভাল পালো! আপোনাৰ বাৰু খং উঠিছে নেকি? আমনি লাগিছে? কিন্তু মোৰ খং আৰু তীব্ৰ ঘৃণাৰ বিষয়ে আপুনি একোৱেই নাজানে। যদি জানিলেহেতন, আপুনিও মোৰ মনোবাঞ্ছা পূৰণ হোৱাটোৱেই বিচাৰিলেহেতন। আপোনালোক প্ৰত্যেক জনীয়ে ভাল মাতৃ, --নহয়নে বাৰু?

 

এতিয়া আপোনালোকক মোৰ কাহিনী ক’ম। মোৰ ভাল দিনৰ শেষৰ দিনটো ভালদৰেই মনত আছে। অইন বহুতো ভাল দিনৰ কথা মই ইতিমধ্যে পাহৰি গৈছো, কিন্তু সেই দিনটোৰ কথা এটা বিন্দুৰ দৰে মই মনত ৰাখিছো। সেই দিনটো মই মনত পেলাই থাকো -ভয় লাগে কিজানিবা পাহৰি যাওঁ - জানুৱাৰীৰ চাৰি তাৰিখ আছিল সিদিনা। পৰীক্ষা শেষ হৈছিল আৰু সংক্ৰান্তিৰ বন্ধ ঘোষনা কৰিছিল। সংক্ৰান্তিৰ সময়ত সদায় মই খুব ৰাতিপুৱাই শুই উঠো। আলপনা আঁকিবলৈ বৰ ভাল পাওঁ। আলপনাটো ডাঙৰকৈয়ে আকিছিলো। তাৰ ওপৰত হালধি, কুমকুম আৰু ফুলৰ পাহি ছটিয়াই দিছিলোঁ। শুনিছিলো আইতাহতে গোবৰতো আলপনা আকিছিল। মই কিন্তু কেতিয়াও সেয়া ব্যৱহাৰ কৰি পোৱা নাছিলো। গোবৰ বিচাৰি পোৱাও নাছিলো। সেইদিনা সৰ্প আকৃতিৰ আলপনা এটা সাজিছিলো। এযোৰ সাপ। বিশাল আকৃতিৰ, দীঘল কুণ্ডলী পকাই থকা এযোৰ সাপ। আলপনাটো সজা শেষ হোৱাত, মই নিজে ই ভয় খাই গৈছিলো। এনে লাগিছিল যেন সাপ দুদাল জীৱন্ত হৈ মোক মেৰিয়াই ধৰিব। ভয়তে দৌৰি মই ঘৰৰ ভিতৰ সোমাইছিলো।

 

প্ৰায় মোৰ কল্পনাত প্ৰাণ পোৱা সাপ দুদালৰ দৰেই সেইদিনা সিহঁত আহিছিল আৰু মোক ধৰি লৈ গৈছিল।  কেনে ধৰণৰ সাপ আছিল সিহঁত? ক’লা, ডাঙৰ মূৰৰ, বাৰে বাৰে পিক পেলাই থকা বিষাক্ত সাপ। সিহঁত গাড়ীৰে আহিছিল। সেই সময়ত গাড়ীখনৰ কাষেৰে মই খোজ কাঢ়ি আহি আছিলো। যিহেতু কে শীতকাল আছিল, ছয় বজাতে আন্ধাৰ হৈছিল। মই আনন্দ মনেৰে খোজকাঢ়ি আহি আছিলো, কাৰণ পৰীক্ষা শেষ হৈছিল। ইপিনে ৰাধাৰাণীৰ ঘৰত কেৰম খেলত হৰা বাবে অলপ খঙো ঊঠি আছিল। পলম হোৱা বাবে মায়ে গালি পাৰিব বুলি অলপ ভয়ো লাগিছিল। ক’লা গাড়ীখন চিকচিকাই আছিল। গাড়ীৰ আয়নাত প্ৰতিফলিত হোৱা মোক চাই চাই পাৰ হ’ব খোজোতেই দুডাল সাপে মেৰিয়াই ধৰি মোক গাড়ীৰ ভিতৰলৈ টানি লৈ গৈছিল। সিহঁতে মোৰ শৰীৰত বিষ ঢালিছিল।

 

মৰি যোৱা যেন লাগছিল মোৰ। মৰি যোৱা হ’লে কিমান ভাল হ’লহেতেঁন! কিন্তু মই নমৰিলো। সেই ফেঁটীসাপ কেইটাই মোক ইয়ালৈ লৈ আহিল। এয়া এখন নৰক। প্ৰথম বাৰৰ বাবে মই ভোক, ভয় আৰু অন্ধকাৰৰ ভয়ংকৰ অৰ্থ বুজি পাইছিলো। ইয়াৰ আগলৈকে জানিছিলো যে যদি মোৰ ভোক লাগে, মই সোৱাদ লগা খাদ্য খাবলৈ পাম, যদি ভয় লাগে, মা নাইবা আইতাৰ কোলাত সোমাই সুৰক্ষা পাম। যদি অলপ আন্ধাৰ হয়, জানিছিলো অলপ পিছতে পোহৰ আহিব, তৰা-জোনেৰে আকাশ ভৰিব। ভোক লাগিলে খাবলৈ নোপোৱাৰ ভয়, খাবলৈ নাপাই কান্দোতে অন্ধকাৰ কোঠালী এটাত ভৰাই থওঁতে লগা মোৰ ভয়ৰ কথা মই কেনেকৈ বৰ্ণনা কৰো? ভোকৰ পৰি পৰিত্ৰাণ পাবলৈ, অন্ধকাৰৰ পৰা মুক্ত হবলৈ, সিহঁতে যি বিচাৰে তাকে কৰিবলগীয়াত পৰিছিলো। এটা মস্ত ষাড়গৰুৰ দৰে মানুহ মোৰ ওপৰত বহি মোৰ যোনি ফালি চিৰি পেলাইছিল।

 

বহুত ৰক্তক্ষৰণ হৈছিল আৰু মই অজ্ঞান হৈ গৈছিলো। কিন্তু মই খাবলৈ পাইছিলো। এনে এটা অৱস্থাত আছিলো যে মই ৰক্তপান কৰিছিলোঁ নে খাদ্য খাইছো, বুজি পোৱা নাছিলো।

 

সপ্তাহৰ তিনিটা দিনত একেই কাম। মোৰ যোনি বীভৎস হৈ পৰিছে। শিশুকালত মা আৰু আইতাই বৰ যত্নৰে মোৰ গুপ্তাংগ লুকুৱাই ৰাখিছিল। আনকি ময়ো গা ধোওতেহে দেখা পাইছিলো। তাৰ বিষয়ে মই একো নাজানিছিলো। কোনেও মোক একো কোৱাও নাছিল। মা আৰু আইতাই মাজে মাজে কৈছিল ----- মই সেয়া চুব নালাগে, আনকো চুব দিব নালাগে। মই কেৱল জানিছিলো-----সেয়া ‘লাজ’ ‘লাজ’, পিছে মই সেয়া ভাল পাইছিলো। বিশেষকৈ যেতিয়া মই নঙঠা ল’ৰা বোৰক দেখিছিলো, সিহঁতঁৰ দৰে মোৰো দুই ভৰিৰ মাজত আপচু নেজডাল ওলমি নথকা বাবে বৰ শান্তি পাইছিলো। এনে লাগিছিল যেন মই এক ডাঙৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিছো। সিহঁতলৈ মোৰ পুতৌ জাগিছিল। ইয়াৰ বাহিৰে সেই অঙ্গবোৰৰ বিষয়ে মই একোৱেই নাজানিছিলোঁ। মই তাৰ নামটোও নাজানিছিলোঁ। এবাৰ ৰাধাৰাণীয়ে কৈছিল, তাই নামবোৰ জানে আৰু মোক ক’ব। কিন্তু কিবা কাৰণত তাইৰো কোৱা নহ’ল।

 

ইয়ালৈ অহাৰ পিছত পুৰুষক দয়াৰ চকুৰে চোৱাটো বাদ দিলোঁ। যেতিয়া জানিলো, সেই নেজডালে বিষাক্ত চুৰী আৰু গড়ৰ খড়গৰ ৰূপ লব পাৰে, মই প্ৰচণ্ড ভাৱে আতঙ্কিত হলো।

 

মই দহ বছৰীয়া হৈছিলো। সপ্তাহত তিনি দিন পুৰুষবোৰ আহে। সিহঁতৰ কিছুমান বেমাৰ আছিল। মোৰ যোনিত সিহঁতৰ বেমৰবোৰ নিৰাময় হৈছিল। সিহঁত কোঠালীত সোমালেই মোৰ চিঞৰি কান্দোন ওলাব খোজে। কিন্তু মই কান্দিবও নোৱাৰো। কান্দিলেই সিহঁতে মোক অন্ধকাৰ কোঠালীত সুমুৱাই থব আৰু খাবলৈ নিদিব। নাকান্দো বুলি চকু বন্ধ কৰি থবলৈও পুৰুষজনে নিদিয়ে। সি মোক চাবলৈ কয় আৰু মই চাই থাকো।

 

সেইখিনি সময়ত মই একেবাৰে সৰু ছোৱালী নহয়, মানুহো নহয়। সম্ভৱত জীৱিত প্ৰাণীও নহয় - কেৱল এটা যোনি। সেইটোৱেই কথা, একমাত্ৰ কথা। এটা সৰু ফুটা। ইয়ালৈ অহা সকলোৱে কেৱল সেই ফুটাটোৱেই বিচাৰে - তাত তেওঁলোকৰ বেমাৰবোৰ সমাধিস্থ কৰে আৰু গুছি যায়। পিছে মই ! মই কোন? মই কি? খাদ্য সানি খোৱা হাতখন নেকি ? খাদ্য খোৱা মুখখন মই নেকি? - নে খাদ্য খোৱাৰ লগে লগে পূৰ্ণ হোৱা পেটতো? নে মই কেৱল যোনি, যিয়ে মোক খাবলৈ দিয়ে?

 

সকলোৱে মোক কেৱল এখন যোনি বুলিয়েই ভাৱে। এইবোৰে মোৰ বিকৰ্ষণ বঢ়াইছে। মই কেৱল যোনি নহয়---তাৰ বাহিৰেও মোৰ আন কিবা আছে। অনুগ্ৰহ কৰি মোৰ লগত কথা পাতকচোন। মোকো মানুহৰ দৰে, এজনী সৰু ছোৱালীৰ দৰে ব্যৱহাৰ কৰকচোন। ইয়াত মোৰ কথা শুনিবলৈ কোন আছে? মোৰ মা, দেউতা, আইতাহত ক’ত?

 

সকলোৰে বাবে মই এখন যোনি। যেতিয়া পুৰুষহঁত মোৰ কাষলৈ আগবাঢ়ি আহে, ভয়তে মোৰ মুখখন শুকাই যায়। যেতিয়া সিহঁতৰ খঙাল পুৰুষ কণ্ঠ শুনো অথবা উচ্চস্বৰৰ হাঁহি শুনিবলৈ পাও, কাণ দুখন মোৰ ফাটি যোৱা যেন লাগে। অন্তৰাত্মা কোচ খাই যায়। মই গুছি যাব বিচাৰো। কিন্তু একো কৰিব নোৱাৰো। সিহঁতৰ দৃষ্টিৰ পৰা মই পলাব নোৱাৰো। সিহঁতৰ চকুৰ পৰা আঁতৰি লুকাই থাকিবলৈ এতিয়ালৈকে ঠাই এখন বিচাৰি পোৱা নাই।

 

মোৰ শিশুকালত লুকাচুৰি খেলি থাকোঁতে এদিন ঘৰৰ পিছফালে কয়লাৰ বস্তা এটাৰ আৰত লুকাইছিলো আৰু কোনেও মোক বিচাৰি পোৱা নাছিল। কোনোবাই বিচাৰি উলিয়াব বুলি আশা কৰি আছিলো যদিও কোনেও মোক বিচাৰি পোৱা নাছিল। শেষত মোৰ ভয় লাগিছিল আৰু নিজে ওলাই আহিছিলো। সেই সময়ত অকলশৰীয়া হ’ব লৈ মোৰ ভয় লাগিছিল, কিন্তু এতিয়া তেনেকুৱা ঠাই এখন পাবলৈ কেনেকৈ আশা কৰো, য’ত কোনেও মোক বিচাৰি নাপাব।

 

ইয়াত বয়সস্থ বহুতো আছে। কোনোবাই কয় সিহঁতে বৰ আনন্দেৰ, তৃপ্তিৰে ৰাত্ৰি যাপন কৰে। ভাগ্য বাইদেৱে কয় - সেইবোৰ একো নাই, কোনো আনন্দ নাই, কেৱল পেটৰ ক্ষুধাৰ বাবে।

 

মোৰ যাতনাৰ কথা ভাগ্য বাইদেৱে জানে।

 

 তেওঁ কয়------”তুমি যেতিয়া ডাঙৰ হ’বা, তুমিও এইবোৰত অভ্যস্ত হ’বা। তেতিয়া কোনো যাতনা নাথাকিব।”

 

বছৰ বাগৰিল। ডাঙৰ হোৱাৰ লগে লগে মোৰ আকাংক্ষা তীব্ৰ হ’ল - মোৰ এই অংগটো যদি নাথাকিলহেঁতেন।

 

 ভাগ্য বাইদেউক কথাটো কোৱাত জোৰে জোৰে হাঁহি কলে-------”তাত সেইটো নাথাকিলে, পৃথিৱীখনেই নাথাকিলহেতেঁন। কেৱল যন্ত্ৰণাৰে পৃথিৱীৰ স্থিতি থাকিলহয়নে? নে তীব্ৰ হিংসাৰে পৃথিৱী থাকিলহেতেঁন?

 

 “ এই দুখ যন্ত্ৰণা কেৱল আমাৰ দৰে মানুহৰ বাবে। পৃথিৱীৰ বেছিভাগ মানুহেই সুখী নহয়নে?  পিতৃ-মাতৃৰ লগত থাকি ডাঙৰ হোৱা শিশুৰ এই যন্ত্ৰণা নাই। আছে নেকি?” -----ভাগ্য বাইদেৱে মোক সুধিলে।

 

 “মই নাজানো - সিহঁতৰ যোনি নাই নেকি।”

 

 সিহঁতৰ দুখ যন্ত্ৰণা নাই বুলি জানি মই আচৰিত হৈছিলো। কিন্তু ভাগ্যৱান সকলৰ কথা মোক কৈ কি হ’ব? মই সেইবোৰ নাজানো। মোক সিহঁতে কেৱল এটা বিদ্ৰোহী লেতেৰা গাত আৰু বেমাৰৰ বাহত পৰিণত কৰিছে। সকলো প্ৰকাৰৰ বেমাৰ সিহঁতে মোৰ শৰীৰত জাপি দিছে। বাহিৰত কেতিয়াবা সৰু শিশুসকলক দেখিলেও মই শঙ্কিত হও।

 

 সিহঁত কাৰোবাৰ মোৰ দৰে দশা হ’ব নেকি কেতিয়াবা? এনেকুৱা নৰক আৰু কিমান আছে বাৰু? মোৰ দৰে কিমান শিশোৱে মৃত্যুৰ কথা ভাবিছে? আৰু কিমানৰ মোৰ দৰে অৱস্থা হ’ব?  এইবোৰ বন্ধ কৰিবলৈ হলে কি কৰিব লাগিব?

 

 মোৰ কথা কবলৈ হ’লে - মই এগৰাকী অযোনি হব বিচাৰো - যাৰ যোনি নাই। যদি আপুনি ভাৱে, মোৰ ইচ্ছা ঘৃণনীয়, এই নিষ্ঠুৰতা বন্ধ কৰক। যোনিৰ বাবেই সৰু সৰু শিশুকন্যা হতক উঠাই অনা ফেঁটীসাপ বোৰক হানি-খুচি হত্যা কৰক! এই ব্যৱসায় বন্ধ কৰক। যদি সেয়া কৰিবলৈ আপুনি অসমৰ্থ, মোৰ প্ৰতি তীব্ৰ ঘৃণা প্ৰদৰ্শন কৰক। কওক, মো ৰ কাহিনী তীব্ৰভাৱে ঘৃণনীয়।

 

কিন্তু আপুনি জানেনে, চন্দা মামাৰ বাবে কাহিনী লিখোঁতে পক্ষীজগতৰ পৰা অহা সেই পাখিলগা শিশুটিৰ যোনি আছেনে নাই, উল্লেখ কৰা নাছিলো। শিশুটিয়ে কথা বতৰা পাতোতেও, তাই যোনিজা নে অযোনি, সেইবিষয়ে কথা পতা নাছিল। শিশুটি অতীৱ সুন্দৰ আছিল! তাই ইয়ালৈ অহাৰ সময়ত পৃথিৱীখন কি যে আশ্চৰ্যকৰ ধুনীয়া; আছিল।

 

 তেনেকুৱা এখন পৃথিৱী এতিয়াও থকা হ’লে, মোৰো কিজানি এনে এটা ইচ্ছা নাজগিলহেতেঁন।

সেই কাহিনীটো যদি মই এতিয়া লিখিলোহেতেঁন, মই লিখিলোহেতেন নেকি, পুৰুষবোৰে তাইৰ পাখিকেইখনত কাঁইটীয়া তাৰেৰে আঘাত কৰিছিল? লিখিলোহেতঁন নেকি সিহঁতে তাইৰ সৰল চকুযুৰিত জলকীয়া গুড়ি ছটিয়াই দিছিল? মই লিখিলোহেতেন নেকি তাইৰ ফূলৰ দৰে নাকটো সিহঁতে ভাঙি দিছিল? লিখিলোহেতেন নেকি পাখিলগা শিশুটিয়ে যন্ত্ৰণা আৰু চকুলোৰ বাবে উৰিব পৰা নাছিল আৰু অৱশেষত তাইৰ মৃত্যু হৈছিল।


মই নিজেই নাজানো কি লিখিলোহেতেঁন।

কিন্তু বৰ্তমান মই এই কুৎসিত কাহিনীটোহে লিখিব পাৰো, সেই সুন্দৰ কাহিনীটো নহয়।

এতিয়া এইটো লিখা হ’ল আৰু মই মৰিম।

চন্দামামালৈ পঠিওৱা কাহিনীটো প্ৰকাশ হব বুলি ছয়-সাতমাহমান অপেক্ষা কৰিছিলো।

এই কাহিনীটো যিহেতু কতো প্ৰকাশ হ’বলগীয়া নাই, মোৰ অপেক্ষা কৰিবলগীয়াও নাই।

এতিয়া মই মৰিব পাৰো। মই মৰিলো।

 

 

লেখিকাৰ ভাষ্য - হায়দৰাবাদত যৌন নিৰ্যাতনৰ বলি হোৱা শিশু শ্বেতা আৰু সমগ্ৰ বিশ্বত এনে নিৰ্যাতনৰ বলি হোৱা অসংখ্য শিশুৰ নামত উৎসৰ্গিত।

 

লেখিকাৰ পৰিচয় - ভল্গা ছদ্মনামেৰে লেখা মেলা কৰা পি, ললিতা কুমাৰী হায়দৰাবাদ নাৰীৰ বাবে থকা Asmita Resourch Centre সম্পাদক আৰু তেলেগু ভাষাৰ এগৰাকী আগশাৰীৰ নাৰীবাদী লেখিকা


Post a Comment

1 Comments

  1. বাইদেউ, যোনিৰ ভিতৰত ধৰাল দাঁত এপাৰি থাকিব লাগিছিল। Folded.

    ReplyDelete