গল্পঃ দ্য কপ এণ্ড দ্য এন্থেম / অ’ হেন্ ৰী


দ্য কপ এণ্ড দ্য এন্থেম ( The cop and the Anthem)
মূল : ' হেন্ ৰী
অনুবাদ : স্বপ্না দত্ত ভৰালী
                       O HENRY

শ্বপিয়ে মেডিচন স্কোয়াৰৰ বেঞ্চিখনতে বহি আছে ৷ কিছু অস্থিৰতাৰে ৷ শীতে লাহেকৈ আহি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ এইকেইটা দিন ঘৈণীয়েকহঁত নিজৰ গিৰিহঁতৰ আগত অলপ নৰম হৈ থাকে ৷ নতুন গৰমচোলাৰ আশাত ৷ আৰু শ্বপিয়ে অস্থিৰতাৰে পাৰ্কৰ বেঞ্চিত বহি আছে ৷ এনেকুৱা ধৰণৰ চিনবোৰেই বুজাই দিয়ে, জাৰকালি যে নিচেই কাষত ৷
গছজোপাৰ পৰা শ্বপিৰ ভৰিৰ ওচৰত পাত এখিলা সৰি পৰিল ৷ মৃত ৷ এইটো জাৰকালিয়ে দিয়া বিশেষ চিন ৷ মেডিচন স্কোয়াৰত থকাসকলৰ বাবে নিজকে সাজু কৰাৰ ৷ শ্বপিয়ে গম পালে ৷ নিজৰ বাবে চিন্তা কৰাৰ সময় আহিল ৷ সেয়ে সি ইমান অস্থিৰ হৈ আছে ৷
জাৰক লৈ শ্বপিৰ আশা বৰ এটা ঢুকি নোপোৱা বিধৰ নহয় ৷ বিলাসী জাহাজত ফুৰা বা সমুদ্ৰৰ তীৰলৈ যোৱাৰ কথা সি কেতিয়াও নাভাবে ৷ তিনিমাহৰ কাৰাদণ্ড মাত্ৰ৷ হয় ৷ সি মাত্ৰ ব্লেকৱেল আইলেণ্ডৰ কাৰাগাৰত তিনিটা মাহৰ কাৰাদণ্ডহে বিচাৰে ৷ তিনিটা মাহ খোৱা আৰু শোৱাৰ চিন্তা নাই ৷ চেঁচা বতাহ আৰু পুলিচৰ চিন্তা নাই ৷ এই মূহূৰ্তত শ্বপিৰ এইটোৰ বাদে আন হাবিয়াস নাই৷
বছৰ বছৰ ধৰি জেলখানাই তাৰ জাৰকালিৰ আলয় হৈ আহিছে ৷ ধনী ধনী মানুহবোৰে জাৰৰ দিনত দূৰ দূৰণিলৈ যাবলৈ পৰিকল্পনা কৰে ৷ শ্বপিয়ে মাত্ৰ এই সৰু আইলেণ্ডটোলৈ যাবলৈহে সৰুকৈ পৰিকল্পনা এটা কৰি আছে ৷ খবৰ কাগজেৰে নিজকে আবৃত কৰিটো আৰু হাড়কঁপোৱা জাৰক খেদাব নোৱাৰি !
ৰবাত কৰবাত গৈ সি খোৱা শোৱাৰ বাবে খাতিৰ কৰিব পাৰে ৷ এঠাইৰ পৰা আনঠাইলৈ গৈ নিজৰ প্ৰয়োজন পূৰাব পাৰে ৷ কিন্তু শ্বপিৰ সেইটো কৰিবৰ মন নাই ৷ যদি যায়ো , হয় সি তাৰ বাবদ পইচা দিব লাগিব, নহয় পইচা নুখুজিলেও তাক গা পা ধুই পৰিস্কাৰ হবলৈ কব ৷ আৰু তাৰ জীৱনৰ বিষয়ে তেওঁলোকৰ কৌতূহলী প্ৰশ্নৰ উত্তৰ দিব লাগিব ৷
নাই , তাতকৈ জেলখানাই ভাল ৷ হয়, তাত কিছু নীতি নিয়ম পালন কৰিব লাগে ৷ কিন্তু জেলৰ জীৱন তাৰ নিজৰ জীৱন ৷
ভাবি ভাবি শ্বপিয়ে তাৰ ইচ্ছাপূৰণৰ বাবে অগ্ৰসৰ হল ৷
উপায় বহুত আছে ৷ সহজো ৷ আটাইতকৈ ভাল উপায় হল তুমি এখন হোটেললৈ যোৱা , পেট পূৰাই খোৱা আৰু বিল বিচাৰিলে পয়চা নাই বুলি কৈ দিয়া ৷ লগে লগে পুলিচ মাতিবই ৷ আৰু পুলিচে ধৰি নি জাজৰ ওচৰ পোৱাবগৈ ৷ বাকীখিনি জাজৰহে কাম ৷
শ্বপি এইবাৰ ৰাস্তালৈ ওলাই গল ৷ গৈ এখন অভিজাত ৰেস্তোঁৰাৰ সন্মুখত ৰলগৈ ৷ চহৰৰ ভাল ভাল মানুহবোৰ ভাল ভাল কাপোৰ পিন্ধি ইয়ালৈ আহে ৷ ইয়াৰ খাদ্যও আনবোৰ ৰেস্তোঁৰাতকৈ ভাল৷
শ্বপিৰ নিজকে ভাল যেনেই লাগিল ৷ মুখখন ধুইছিলেই ৷ পিন্ধি থকা চোলাটোও মোটামুটি ভালেই ৷ মাত্ৰ টেবুল এখনত বহি লব পাৰিলেই তাৰ কাম সিদ্ধি হব ৷ টেবুলৰ ওপৰত ওলাই থকাখিনি ভাল দেখিলেই হব ৷ টেবুলৰ তলৰ অংশখিনি কোনে চাব ? বহিলে পৰিচাৰকে কি লাগে আনি দিবই নহয় ৷
কি খাব সি মনতে ভাবিলে ৷ বেছি দামী বস্তু নাখায় ৷ ৰেস্তোঁৰাৰ মানুহবোৰকো বৰ খং উঠাব নোৱাৰে ৷ হলেওঁ নিশাৰ সাজ খাই গলে সি তাৰ শীতকালৰ ঘৰখনলৈ আনন্দমনেৰে যাব পাৰিব ৷
পিছে শ্বপি সোমাই যাওঁতেই তাৰ বিবৰ্ণ জোতা আৰু পেন্টৰ তলছোৱা প্ৰধান পৰিচাৰকজনৰ চকুত পৰিল ৷ তাক ৰেস্তোঁৰাত সোমাবলৈ দিয়া নহল ৷
এইভাৱে নহব ৷ আন উপায় চিন্তিব লাগিব ৷ সি ভাবিলে ৷
এইবাৰ সি গৈ সুন্দৰ, জকমকীয়া দোকান এখনৰ আগত ৰলগৈ আৰু ৰাস্তাৰ পৰা শিলগুটি এটা বুটলি চিঁচাৰে আবৃত দোকানখনলৈ বুলি মাৰি পথিয়ালে ৷ মানুহবোৰ দৌৰি আহিল ৷ আগে আগে এজন পুলিচ ৷ পুলিচজনক দেখি শ্বপিৰ মুখত হাঁহি বিৰিঙিল ৷

কোনে কৰিলে এই কামটো?” - পুলিচজনে সুধিলে ৷ ময়োতো কৰিব পাৰোঁ ৷ নহয়নে?” - শ্বপিৰ মনত আনন্দ ৷ কিন্তু পুলিচজনৰ মনে শ্বপিক দোষী বুলি নকলে ৷ দোষ কৰি কোনোবা পুলিচ অহালৈ ৰৈ থাকিবনে? পলায়হে যাব ৷ পুলিচজনে দৌৰি গৈ ৰাস্তাত চালেগৈ ৷ শ্বপিও তেওঁৰ পিছে পিছে দৌৰিছিল যদিও ৰৈ দিলে ৷ দুবাৰ সি অকৃতকাৰ্য্য হল ৷

এইবাৰ সি গৈ আন এখন ৰেস্তোঁৰাত সোমালগৈ ৷ এইখন আনখন ৰেস্তোঁৰাতকৈ তুলনামূলকভাৱে কম অভিজাত ৷ ইয়ালৈ সি বিবৰ্ণ জোতা আৰু পেন্টেৰে সৈতে সোমাই আহোঁতেও কোনেও বাধা নিদিলে ৷ ইয়াত সি পেট পূৰাই খালে আৰু শেষত পইচা নাই বুলি কলে ৷

যোৱা , পুলিচ মাতি আনা ৷তাৰ কথাত গুৰুত্ব নিদি পৰিচাৰকজনে লগৰ এজন মাতি তাক ৰেস্তোঁৰাৰ বাহিৰত পেলাই দিলে ৷ শ্বপিয়ে পৰাৰ পৰা উঠি গাৰ ধুলি মাকতিবোৰ জোকাৰি ললে ৷ জেললৈ যোৱাটো সপোন হৈয়েই থাকিব নেকি বাৰু? তাক চাই পুলিচ এজন হাঁহি হাঁহি গুচি গল ৷

শ্বপিয়ে আধামাইলমান খোজ কাঢ়িলে ৷ এইবাৰ সি পাৰিবই লাগিব ৷ সুন্দৰী এগৰাকী দোকান এখনৰ বাহিৰ ফালে ৰৈ দোকানৰ খিৰিকিয়েদি ভিতৰৰ বস্তুবোৰ চাই আছে ৷ নাতিদূৰৈত এজন পুলিচ ৷
শ্বপিয়ে ভাবিলে, সুন্দৰী গৰাকীৰ লগত কথা পাতিব সি ৷ ইমান ধুনীয়া মানুহজনীয়ে তাৰদৰে এটাৰ লগত কেতিয়াও কথা নাপাতে ৷ তাই নিশ্চয় পুলিচজনৰ সহায় বিচাৰিব ৷ তাৰপাছত আৰু কথা নাই ৷ তাৰ উদ্দেশ্য সিদ্ধি হবই ৷
সি তাইৰ ওচৰলৈ গল ৷ পুলিচজনে তাক চায় থকা সি গম পালে ৷ সুন্দৰী অলপ আঁতৰি গল ৷ সি তাইৰ ওচৰ চাপি কলেগৈ, “ গুড ইভিনিং বেদেলিয়া; মোৰ লগত যাবানে?” পুলিচজনে চায়েই আছিল ৷ সুন্দৰীৰ মাত্ৰ এটা ইচাৰাত পুলিচজনে তাক ধৰি নিব ৷ কিন্তু সুন্দৰীয়ে তাৰ ফালে চাই আনন্দেৰে কলে, “নিশ্চয় মাইক ৷ যদিহে তুমি মোক সুৰা কিনি দিয়া ৷ মই তোমাৰ লগত কথা পাতিলোহেঁতেনেই ৷ পুলিচ আছিল বুলিহে ৷সুন্দৰীৰ লগত বাহুত ধৰাধৰিকৈ শ্বপিয়ে পুলিচজনক পাৰ কৰি আহিল ৷ মনটো দুখেৰে ভৰি পৰিল তাৰ ৷ সি কি এনেকৈ মুকলিকৈয়ে থাকিব নেকি?
অলপ দূৰলৈ গৈ সি তাইক এৰি দৌৰিবলৈ ধৰিলে ৷ দৌৰি দৌৰি গৈ সি যত ৰলগৈ, থিয়েটাৰবোৰ তাতেই হয় ৷ ঠাইডোখৰ আনন্দমুখৰ ৷ মানুহবোৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ঘুৰি ফুৰিছে ৷
হঠাতে তাৰ মনলৈ ভাৱ আহিল ৷ পুলিচে বাৰু তাক নধৰিবই নেকি? আন এখন থিয়েটাৰৰ সন্মুখত এজন পুলিচ ৷ শ্বপিয়ে এইবাৰ বেলেগ এটা কথা ভাবিলে ৷ মদ খোৱা মানুহৰ দৰে ডাঙৰ ডাঙৰকৈ চিঞৰি গান গায় নাচিবলৈ ধৰিলে সি ৷ পুলিচজনে ঘুৰি চালে আৰু ওচৰৰ মানুহক কলে, “কলেজীয়া লৰা ৷ কাকো একো দিগদাৰ নকৰে ৷ চিঞৰিলেও চিঞৰি থাকক ৷
শ্বপি মনে মনে থাকিল ৷ কি হব এতিয়া ? জেল নহয় যেনিবা স্বৰ্গলৈহে যাবলৈ বিছাৰিছে সি ৷ পাতল গৰম চোলাটো টানি ললে সি ৷ বতাহো বৰ চেঁচা ৷
এজন মানুহে খবৰ কাগজ কিনিছে ৷ কাষত এটা ছাতি ৷ শ্বপিয়ে লাহেকৈ ছাতিটো লৈ খোজ ললে ৷ মানুহজন তাৰ পাছে পাছে গল ৷ মোৰ ছাতি৷তেওঁ কলে ৷ অস্ , হয়নেকি? তেনেহলে পুলিচ মাতক ৷মানুহজনৰ খোজ ধীৰ হল ৷ শ্বপিৰো ৷ সি গম পালে ৷ সি এইবাৰো অকৃতকাৰ্য্য হল ৷ এজন পুলিচে সিহঁত দুয়োলৈকে চালে ৷ কেতিয়াবা এনেকুৱা হৈ যায় ৷ মই আচলতে ছাতিটো ৰাতিপুৱা এখন ৰেস্তোঁৰাতহে পাইছিলো ৷ এইটো যদি তোমাৰ , তেন্তে ঠিক আছে ৷মানুহজনে খোনাই খোনাই কলে ৷ এইটো মোৰ ৷শ্বপিয়ে খঙত কলে ৷
মানুহজন গুচি গল ৷ পুলিচজনেও কোনোবা এগৰাকীক ৰাস্তা পাৰ হোৱাত সহায় কৰি দিলেগৈ ৷ শ্বপিয়ে এইবাৰ পূবফালে পোনালে ৷ ছাতিটো যিমান পাৰে দূৰলৈ গাৰ জোৰেৰে দলিমাৰি দিলে শ্বপিয়ে ৷ সি জেলখানালৈ যাবলৈ বিছাৰিছিল ৷ কিন্তু পুলিচে তাক এনে দৃষ্টিৰে চাইছে যেন সি এজন ৰজাহে, যিজনে একোৱেই ভুল কৰিব নোৱাৰে ৷
খোজ কাঢ়ি কাঢ়ি শ্বপিয়ে এইবাৰ ঘৰলৈ অহাৰ বাট ললে ৷ ঘৰ মানে মেডিচন স্কোয়াৰ ৷ ঘৰ মানে এখন বেঞ্চি ৷ পাৰ্কৰ ৷
আহি থাকোঁতে পুৰণি গীৰ্জাঘৰটোৰ ওচৰত শ্বপিয়ে ৰৈ দিলে ৷ শ্বপিৰ কাণত সুমধুৰ সংগীতৰ সুৰ এটি কাণত পৰিলহি ৷ ইমান ধুনীয়া সুৰে শ্বপিক আগলৈ যাব নোৱাৰাকৈ তাতেই বান্ধি ৰাখিলে ৷
আকাশত শান্ত জোনটো ৷ ৰাস্তাত মানুহ দুই এটা মাত্ৰ ঘুৰি ফুৰিছে ৷ গীৰ্জাৰ পৰা অহা সংগীতৰ সুৰে শ্বপিক দূৰ অতীতলৈ ঘুৰাই লৈ গল ৷ সেই অতীতটোত মাক আছিল, ফুল আৰু আশা আছিল, বন্ধু বান্ধৱ আৰু পৰিস্কাৰ কাপোৰৰ লগতে চিন্তাবোৰো পৰিছন্ন আছিল ৷
সি সঠিক সময়তে গীৰ্জাৰ ওচৰ পাইছিলহি ৷ তাৰ আত্মালৈ হঠাত এটা পৰিবৰ্তন আহিল ৷ তাৰ মনত ভাঁহি আহিল তাৰ মূল্যহীন দিনবোৰ, তাৰ অনুচিত আকাংক্ষাবোৰ, তাৰ মৃত আশাবোৰ, হেৰুৱাই পেলোৱা তাৰ মনৰ শক্তিবোৰ ৷
সেইটো মূহূৰ্ততে তাৰ হৃদয়খনে পণ ললে, জীৱনটো সলাবলৈ সি সংগ্ৰাম কৰিব ৷ গেলা বোকাৰপৰা নিজকে তুলি ধৰিব ৷ নিজকে পুনৰ মানুহ কৰিব সি ৷
জীৱনৰ অৰ্থ পুনৰ বিচাৰি পালে সি ৷ মধুৰ সংগীতে সলনি কৰি পেলালে তাক ৷ সি ঠিক কৰিলে , পাছদিনাৰে পৰা কামত ধৰিব সি ৷ মানুহ এজনে তাক কাম এটা দিছিলেই ৷ সি সেই মানুহজনক বিচাৰি উলিয়াব ৷ সি......
তাৰ বাহুত কাৰোবাৰ স্পৰ্শ অনুভৱ কৰিলে ৷ এজন পুলিচ ৷

"কি কৰি আছ ইয়াত?' - পুলিচজনে সুধিলে৷

একো নাই৷
তোক কিয় বিশ্বাস কৰিম মই?” পুলিচজনে পুনৰ কলে ৷
নতুনকৈ পোৱা মনৰ শক্তিৰে শ্বপিয়ে পুলিচজনৰ লগত তৰ্ক কৰিবলৈ লাগিল ৷ পুলিচৰ লগতটো আৰু তৰ্ক কৰি লাভ নাই !

তিনিমাহৰ জেইল” - পাছদিনা ৰাতিপুৱা জাজে শ্বপিক ৰায় দিলে ৷


অনুবাদৰ টোকা : আমেৰিকান গল্প লিখক উইলিয়াম চিড্ নী পৰ্টাৰ (১৮৬২-১৯১০)অহেনৰী নামেৰেহে বেছি বিখ্যাত আছিল ৷ তেওঁৰ গল্পবোৰৰ সমাপ্তি মানুহক আচৰিত কৰি দিব পৰা বিধৰ ৷


Post a Comment

0 Comments