কবিতাঃ নিযুতজনৰ কদমত কবিতা / মায়া এঞ্জ্যেলো

নিযুতজনৰ কদমত কবিতা (Million Man March Poem)


মূলঃ মায়া এঞ্জ্যেলো
অসমীয়া ভাঙনিঃ অপৰাজিতা গগৈ

Maya Angelou



ৰাতিটো সুদীৰ্ঘ
আঘাত গুৰুতৰ
অন্ধকাৰে আৱৰা খাল
দেৱালখনো আওগৰীয়া

দূৰ সাগৰৰ পাৰত
এখন মৃত আকাশৰ তলত
মোক চুলিকোচাত ধৰি চোচোঁৰাই নিছে
তুমি ঢুকি নোপোৱা
তোমাৰ হাত বন্ধা, মুখত সোপা
মোক কেনেকৈ মাতিবা ?
আমি দুয়ো অসহায়
কিন্তু দুৰ্ভাগ্য !
ইতিহাসত তুমি লাজৰ চিন হৈ পৰিছা !

মই কৈছোঁ ৰাতিটো দীঘল
আঘাত গুৰুতৰ
খালটো অন্ধকাৰ
আৰু দেৱালখনো আওগৰীয়া

আজি পৃৰ্বজ শক্তিয়ে
আমাক গভীৰভাৱে ভাৱিবলৈ কৈছে
বছৰ আৰু দশক অতিক্ৰমি
সাগৰ-মহাসাগৰ পাৰহৈ
তেওঁলোকে আমাক কাষ চাপিবলৈ কয়
তুমি দূৰ-সুদূৰত থাকিলেও সফল হ'বাই
আমাৰ অগ্ৰজে দাসত্বৰ শৃংখলৰ কথা সোঁৱৰায়
মুকুতিৰ বাবে দিয়ে সাহস !

ৰাতিটো নাযায় নুপুৱাই
খালটো দ
এই অন্ধকাৰ ৰাতি !
দেৱালখনো থিয়

আমি নৰকত বাস কৰিছিলোঁ
এতিয়াও নৰকতে আছোঁ
আমাৰ চেতনাক ধাৰাল কৰিছোঁ
ইচ্ছাক দৃঢ় কৰিছোঁ
এই পুৱাটো
তোমাৰ যাতনাৰ মাজেদিয়ে প্ৰত্যক্ষ কৰিছোঁ
জুমি চাইছো তোমাৰ আত্মাৰ মাজেদি
মই জানোঁ যে ইজনে সিজনৰ স'তে
আমাৰ সৰ্বস্ব গঢ়িব পাৰোঁ
অতীত হওক ছদ্মবেশ
তোমাৰ বহল বাদামী চকুৰে
আপোনজনৰ প্ৰতি ভালপোৱা দেখিছোঁ

মই কওঁ হাততালি মাৰা
আঁহা আমি একেলগে
এই মিলনত ভাগ লওঁ
মই কওঁ হাততালি মাৰা
আৰু উদাসীনতাৰ পৰা মুক্ত হওঁ
হাততালি মাৰা আঁহা আমাৰ হৃদয়
উন্মুক্ত কৰোঁ
আঁহা একেলগে আমাৰ শক্তি পুনৰুত্থান কৰোঁ
আঁহা একেলগে আমাৰ আত্মা শুদ্ধি কৰোঁ
হাততালি মাৰা আঁহা মিছা ভেম ত্যাগ কৰোঁ
হাততালি মাৰা আমাক ইতিহাসে হেয় কৰা বন্ধ কৰোঁ
হাততালি মাৰা আমাৰ কথোপকথনৰ উছাহ উদযাপন কৰোঁ

আঁহা ঘূৰাই আনো শোৱনি কোঠাৰ ভব্যতা
পাকঘৰৰ সুস্থিৰতা
শিশুহঁতৰ আপডাল

পূৰ্বপুৰুষে আমাক সোঁৱৰায়
যাতনাৰ ইতিহাস স্বত্বেও
আমি জাগৃত জনগণ
যি পুনঃ পুনঃ মূৰ তুলি থিয় হওঁ

আৰু এতিয়াও জাগ্ৰত হৈ আছোঁ ।

Post a Comment

0 Comments