কবিতাঃ পাঠকৰ প্ৰতি / চাৰ্লছ বুক’স্কি

পাঠকৰ প্ৰতি (Dear Reader)

মূল ঃ চাৰ্লছ বুক’স্কি [Charles Bukowski (1920-1994)]

অসমীয়া ভাঙনি ঃ উদয় বৰুৱা

বিজ্ঞাপন

আপুনি APSCৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? যদি হয় ক্লিক কৰক



কবিতা এটা সৃষ্টিৰ মানসেৰে
আজি নিশা ইয়ালৈ অহাৰ পূৰ্বে
মই তলৰ মহলাত আছিলো আৰু
টেলিভিশ্বনত এখন তথ্যচিত্ৰ আৰম্ভ হৈছিল।

ঘোষকজনে কৈছিল -
শ্ৰীযুত কেনকেচিয়ে
প্ৰথম খন উপন্যাস লিখাৰ পাচত
২৫ বছৰ পৰ্য্যন্ত দ্বিতীয় খন আৰম্ভ
কৰা নাছিল।

তাৰ পাচতে স্বয়ং কেনকেচি
ৰূপালী পৰ্দাত ভুমুকি মাৰিকৈছিল
"
মই জীৱনৰ বিষয়ে লিখি সময় কটোৱাতকৈ ইয়াক উপভোগ কৰিবহে খোজো"

তাৰ ঠিক পাচতে মই এইয়া ,
ওপৰ মহলাত বহিলোহি আৰু
ইলেকট্ৰিক আই বি এমটোত এখিলা কাগজ
সমুৱাই শ্ৰীযুত কেনকেচিৰ কথাকেইষাৰ
পুনৰ পাগুলিবলৈ ধৰিলো --
"
মই জীৱনৰ বিষয়ে লিখি সময় কটোৱাতকৈ ইয়াক উপভোগ কৰিবহে খোজো"

নিশ্চিত ভাৱে প্ৰতিজন মানুহৰে নিজা
পচণ্ড-অপচণ্ড নিৰ্ণয় কৰাৰ অধিকাৰ আছে
কিন্তু মোৰ অভিৰুচিৰ বিষয়ে যদি
সোধা হয়- মই সমান্তৰাল ভাৱে দুয়োটাকে
বিচাৰো বুলি ক'
কাৰণ মোৰ মতে জীৱনটো উপভোগ কৰা
আৰু তাৰ লিখিত প্ৰকাশ দুয়োটা অবিচ্ছেদ্য।

টোকাঃ চাৰ্লচ বুক'স্কি জাৰ্মান-আমেৰিকান কবি,ঔপন্যাসিক। তেওঁৰ লেখাত সমাজৰ অৱহেলিত সকল আৰু নাগৰিক জীৱনগাথা প্ৰতিফলিত হয়।

 


Post a Comment

0 Comments