কবিতাঃ গজালি (আক্লিম) / অন টেৰণ (কাৰ্বি)

গজালি (আক্লিম)

মূল- অন টেৰণ

অসমীয়া ভাঙনি – জৰসিং ইংতি

 

পাহাৰীয়া নিজৰাৰ ছিটিকনি পৰিলে

স্বচ্ছতাহৈ সাৰ পাই উঠিম

এন্ধাৰৰ দেওলগা চৰাই পৃথিৱী

স্নিগ্ধ জোনৰ পোহৰ আনি দিলে

ন বাট বুলিব পাৰিম !

 

মোৰ গা- গছ, কোমল কুঁহিপাত

তোমালোকৰ ফুলেৰে জ্যোতিষ্কাৰৰ ফুলনিত

বাঢ়ি বৈ যাব দিয়াত,তোমালোকৰ শিপাইয়ে

মোকো মেৰাই ধৰিলে ৷ তোমালোকৰে সোনালী

উশাহবোৰ সাঁচি থম

 

আঙঠাৰ খাৱৈ, দলদলীয়া বাট !

আমি আগুৱাই নাযাওঁ প্ৰাণ বায়ু থকালৈকে খোজবোৰ

তোমালোকে পেলোৱাৰ আগতে, সন্তপৰ্ণে চতুৰতাৰে যি বাট বুলিবলৈ হ'লে

সেই সূতাৰ আঁত ময়ো বান্ধি থৈ যাম

ভৱিষ্যতৰ প্ৰজন্মৰ বাবে

 

সুস্থিৰ চিন্তা আৰু স্থিৰতা

'ব লাগে তোমালোকো

গা-গছ কোমল আমাকো লৈ যোৱা

জোন, সুগন্ধি চিন্তু ফুল, পৰম পিতাৰ কাষলৈ

সেয়ে যদি চিৰ নমস্য তোমালোকৰ চৰণ কমলত ৷

 

কবি পৰিচিতিঃ অন টেৰণ, কাৰবি আংলঙৰ নৱপ্ৰজন্মৰ এজন প্ৰতিশ্ৰুতিসম্পন কবি৷ তেওঁৰ উল্লেখযোগ্য কবিতাপুথি হ'ল -নাং হিংচং কেমান(তুমি নীহাৰিকা হ'লা হেনো) বৰ্তমান তেওঁ জে. এল.এফ. ৰ সদস্য তথা কাৰবি সাহিত্যৰ উন্নতিৰ হকে  আগৰণুৱা এজন কবি৷


Post a Comment

0 Comments