ভাল নেপাওঁ কিয়নো তুমি এখনি লুণীয়া হৃদয়ৰ ফুলনিৰ গোলাপ,
![]() |
Pablo Neruda |
তুমি কথাটো জনাতো বিচাৰোঁ
অসমীয়া ভাঙনিঃ আৰহান ইনামুল
অনুবাদকৰ টোকাঃ চিলিৰ পৰা যেতিয়া নিৰ্বাসিত
হৈ আছিল তেতিয়া এই প্ৰেমৰ কবিতাটো লিখিছিল, পাবলো নেৰুদা'ই । এই সময়খিনিত তেওঁ মাটিল্ডে নামৰ এগৰাকী
ৰমণীৰ সৈতে তেওঁ প্ৰেমত হাবু-ডুবু খাই আছিল । এই কবিতাটোৰ জড়িয়তে নেৰুদা'ই এজন প্ৰেমিকৰ সেই অসহায় অৱস্থা প্ৰকাশ কৰিছে যেতিয়া তেওঁৰ চৌপাশৰ সকলবোৰ
সত্বাক ভালপোৱাই , প্ৰেমিকাৰ প্ৰতি থকা অনুৰাগে গো-গ্ৰাসে গিলি
লয় । লাগিলে সেয়া প্ৰেমিকৰ মনৰ যিকোনো চিন্তাই হওক, ভাৱনাই হওঁক , নাকত লগা যিকোনো গোন্ধই হওঁক অথবা ওচৰত পৰি
ৰোৱা এটা শুকান পাতেই হওক !! লগতে এইটো অনুভৱো প্ৰকাশ পাইছে যে ভালপোৱাৰ
সম্পৰ্কবোৰ তেতিয়া হে জীয়াই থাকে যেতিয়া ভালপোৱা কাৰোবাৰ যতন হয় , অৱহেলা হৈ নপৰে । যেতিয়াই সম্পৰ্কটোৰ এগৰাকীয়ে সম্পৰ্কৰ এই মৌলিক বাৰ্তা
পাহৰি যায় সম্পৰ্কটোওঁ তাৰ সমানেই মৰহি যায় । কবিতাটো ভাল লগা বাবে অবিকল শাৰী
শাৰীকৈ অনুবাদ নকৰি অনুভৱখিনি একেই ৰাখি অসমীয়ালৈ অনুবাদ কৰিলোঁ । আশাকৰোঁ
নেৰুদাৰ প্ৰেমৰ দৰ্শন অসমীয়াতো একেই ৰূপত প্ৰকাশ পাইছে ।
বিশ্বাসঘাটক (The Traitor)
ইংৰাজী অনুবাদ: Jack Schmitt (উৎস/কবিতা সংকলন: CANTO GENERAL)
অসমীয়া ভাঙনিঃ কিশোৰ দাস
এই সকলো ধ্বংসৰ চূড়াত থাকে হাঁহিমুখীয়া এক ভণ্ড শাসক
যিয়ে থু পেলাই দিয়ে লাঞ্ছিত শ্ৰমিকৰ আশাত।
প্ৰতিখন দেশৰেই নিজাববীয়া দুখ থাকে,
থাকে প্ৰতিটো বিপ্লৱৰে শাৰিৰীক মানসিক কষ্ট,
কিন্তু আহা আৰু মোক কোৱা তেজ শোহাসকলৰ কথা, সহ্যৰ সীমা নেওচা দিয়া, ঘৃণাৰ মুকুট পিন্ধা, শাস্তি দিবলৈ সেউজীয়া দণ্ড লৈ থকা শাসক আছেনে অইন দেশতো?
তেওঁৰ হাঁহি আৰু আশ্বাস, লেতেৰা শোষণৰ
দণ্ড,
দুখীয়াৰ মূৰত ওপৰত কৰা নৃত্য, দুখৰ ভেঙুচালি!!
আৰু যেতিয়া দুৰ্ভগীয়া আৰু হতভগাসকলৰ ক'লা চকুবোৰ অনৈতিকভাবে জেইলত থূপ খাই থাকে, তেওঁ জাক-জমক
সাজ-সজ্জাৰে নৃত্য কৰে।
কিন্তু ক'লা চকুবোৰে তেতিয়াও ক'লা আন্ধাৰত ৰ' লাগি চাই থাকে।
তুমি কি কৰিছা? তোমাৰ শব্দবোৰ
কেতিয়াবা ওলাইছেনে বাৰু শ্ৰমিক ভাতৃসকলৰ বাবে?
লাঞ্ছিতসকলৰ হকে?
নিজৰ মানুহখিনিৰ বাবে আৰু তেওঁলোকৰ ৰক্ষাৰ বাবে?
তুমি লাহে লাহে নিঃশেষ হ’বলৈ আৰম্ভ কৰিছা (You Start Dying Slowly)
অসমীয়া ভাঙনিঃ জীৱন গোস্বামী
তুমি লাহে লাহে নিঃশেষ হ’বলৈ আৰম্ভ কৰিছা।
নিত্য নতুন ঠাই চোৱাৰ হাবিয়াস যদি তোমাৰ এতিয়া নাই,
নতুন কিতাপে যদি তোমাক আমেজ নিদিয়ে,
জীৱনৰ বিচিত্ৰ ধ্বনিবোৰ যদি তোমাৰ কাণত নপৰে,
বা, নিজকে
যদি তুমি কদৰ কৰিবলৈ এৰিছা,
জানিবা, তুমি
ক্ৰমাৎ নিঃশেষ হ’বলৈ
আৰম্ভ কৰিছা।
আত্মাভিমানক তুমি যেতিয়া বিসৰ্জন দিয়া,
বা, আনৰ
সহায় বিচাৰোতে তোমাক সঙ্কোচে বাধে
জানিবা, তুমি
লাহে লাহে মৰিবলৈ আৰম্ভ কৰিছা।
অভ্যাসৰ গোলাম হৈ পৰি
তুমি যদি সদায় একেবোৰ ৰাস্তাৰে গৈহে শান্তি পাবলৈ ধৰিছা,
সচৰাচৰৰ পৰা সামান্যতমো হেৰফেৰ হ’লেই অস্বস্তি পাবলৈ লৈছা,
ভিন ভিন ৰঙৰ কাপোৰ পিন্ধাৰ চখ যদি তোমাৰ নাইকিয়া হৈছে,
অচিনাকি মানুহৰ লগত দুষাৰ কথা পাতিবলৈ যাওঁতে
সঙ্কোচে তোমাক ঘেৰি ধৰিবলৈ আৰম্ভ কৰিছে,
জানিবা, তুমি
লাহে লাহে নিঃশেষ হ’বলৈ
আৰম্ভ কৰিছা।
অনুৰাগৰ তীব্ৰতাই যদি তোমাক উন্মাদ নকৰে,
তলবল আৱেগৰ উচ্ছ্বাসে তোমাৰ চকু সেমেকাই নোতোলে,
বা, তোমাৰ
কলিজাৰ স্পন্দনে চেঁকুৰ নলগায়,
জানিবা, তুমি
লাহে লাহে নিঃশেষ হ’বলৈ
ধৰিছা।
নিজৰ কামক লৈ তুমি যদি আজি অসুখী,
প্ৰেমাস্পদেও তোমাক সুখী কৰিবলৈ এৰিছে,
তথাপি তুমি যদি একেটা জীৱনকে আঁকোৱালি লৈ থাকা,
তাক সলনি কৰি নতুন ৰূপ দিব নোখোঁজা,
অনিশ্চয়তাৰ মাজলৈ যাবলৈ দ্বিধা কৰি
নিৰাপত্তাৰ বেষ্টনীৰ মাজতে সোমাই ৰোৱা,
সপোনৰ পিছত দৌৰিবলৈ এৰি দিয়া,
আৰু,
জীৱনটোত এবাৰলৈ হ’লেও
যুক্তিৰ শক্তিক উলাই কৰাৰ আমেজ নোলোৱা,
জানিবা, তুমি
লাহে লাহে নিঃশেষ হৈ আছা।
0 Comments