যুদ্ধ
কবিঃ লুই চিম্পছন
অসমীয়া ভাঙনিঃ ডালিম দাস
মস্তকাৱৰণ আৰু ৰাইফল , লাম-লাকটু আৰু
হলৌ চোলা
হাবি ফালি গৈ আছিল । ওপৰত ক'ৰবাত বন্দুকে গৰজিলে । গলৰ নলীমুখ হেন ৰাতিৰ চৌপাশ
জুইহেন লাল হৈ উঠিছিল ।
হাবি ফালি গৈ আছিল । ওপৰত ক'ৰবাত বন্দুকে গৰজিলে । গলৰ নলীমুখ হেন ৰাতিৰ চৌপাশ
জুইহেন লাল হৈ উঠিছিল ।
সিহঁতে থমকিল আৰু চোপ ল'লে । ছালৰ এটি টোপোৰাৰ দৰে বহি গ'ল বিৰিখৰ মাজৰ জেপেতীয়া মাটিত । গাঁতত গোজ
হোৱা সৈনিকবোৰে অচিৰেই
প্ৰথম তুষাৰপাতৰ উমান পালে । সিহঁতৰ দুভৰি বৰফ হ'ল ।
প্ৰথম তুষাৰপাতৰ উমান পালে । সিহঁতৰ দুভৰি বৰফ হ'ল ।
পুৱা প্ৰ্থম গোলা সৰিল আৰু ফুটিল ।
গোলা-বাৰুদৰ বৰ্ষণে মহটিয়াই পেলালে হিমাবৃত বননি ।
এনেকৈ বহুদিন । চৌপাশে ফুটছাই বৰফ ।
তেজৰঙা হেলমেটেৰে শ-বোৰ ঠৰঙা লাগিল ।
গোলা-বাৰুদৰ বৰ্ষণে মহটিয়াই পেলালে হিমাবৃত বননি ।
এনেকৈ বহুদিন । চৌপাশে ফুটছাই বৰফ ।
তেজৰঙা হেলমেটেৰে শ-বোৰ ঠৰঙা লাগিল ।
এতিয়াও ফটফটীয়াকৈ মনত আছে মোৰ
চকুবোৰৰ ক্লান্তি , খিনমিন হাতবোৰত কথমপি
এটা চিগাৰেট , আৰু সেই পকা আঙঠা
সমস্ত জীৱনৰ শোহাৰে উমি উমি জ্বলি উঠা ।
চকুবোৰৰ ক্লান্তি , খিনমিন হাতবোৰত কথমপি
এটা চিগাৰেট , আৰু সেই পকা আঙঠা
সমস্ত জীৱনৰ শোহাৰে উমি উমি জ্বলি উঠা ।
0 Comments