টোবা টেক সিং
মূলঃ চাদাত হাসান মান্টো
অনুবাদঃ কৃষ্ণা দাস
দেশ বিভাজনৰ দুই তিনি বছৰৰ পিছত পাকিস্তান আৰু হিন্দুস্তান চৰকাৰৰ মনলৈ আহিল, সাধাৰণ কয়দীবোৰৰ দৰে কয়দীৰূপে থকা পাগলবোৰৰো অদল বদল হোৱা উচিত৷ অৰ্থাত যিবোৰ মুছলমান পাগল হিন্দুস্তানৰ পগলাফাটেকত আছে, সিহঁতক পাকিস্তানলৈ ওভতাই পঠিয়াব লাগে আৰু যিবোৰ হিন্দু আৰু শিখ পাকিস্তানৰ ফাটেকত আছে সিহঁতক হিন্দুস্তানলৈ আনিব লাগে৷
![]() |
mANTO |
এই সিদ্ধান্ত ঠিক আছিল নে নাই কʼব নোৱাৰি৷ সকলো আনুষ্ঠানিক সিদ্ধান্ত শেষত পাগল কয়দীবোৰৰ অদল বদল দিন শীঘ্ৰেই আহিল৷ সকলোবোৰ চোৱা-চিতা হোৱাৰ পিছত সকলো কয়দীক সীমালৈ ৰাওনা কৰা হʼল৷ যিবোৰ মুছলমান কয়দীৰ অভিভাৱক হিন্দুস্তানত আছে, সিহঁতক তাতেই থাকিবলৈ দিয়া হল৷ সিফালৰ কথা কʼব নোৱাৰি কিন্তু এইফালে লাহোৰৰ পগলাফাটেকত যেতিয়া এই সাল সলনিৰ খবৰ পোৱা গʼল, বহুতো হৃদয়স্পৰ্শী আৰু কৌতুকপূৰ্ণ কথা আলাপ হবলৈ ধৰিলে- এক মুছলমান পাগল, যি বাৰ বছৰে সদায় জমীন্দাৰ পঢিছিল, তাক যেতিয়া বন্ধু এজনে সুধিলে, -‘‘মৌলবী চাহাব, এই পাকিস্তান কি বস্তু?” সি বহুতো ভাবি চিন্তি উত্তৰ দিলে- হিন্দুস্তানত এনেকুৱা এক ঠাই আছে যʼত ক্ষুৰ বনোৱা হয়৷
এই উত্তৰ শুনি বন্ধুজন সন্তুষ্ট হল৷
এনেদৰেই এজন শিখ কয়দীয়ে আন এজনক সুধিলে, ‘‘ চৰদাৰজী, আমাক হিন্দুস্তান কিয় পঠিয়াব ওলাইছে? আমিটো তাৰ ভাষাও কব নোৱাৰো৷ “
আনজনে হাঁহি মাৰি কলে, ’’ মই হিন্দুস্তানী ভাষা জানো- হিন্দুস্তানীয়ে দৈত্যৰ দৰে গম্ভীৰকৈ খোজ পেলায়৷ “
এজন মুছলমান কয়দীয়ে গা ধুই ধুই ‘‘পাকিস্তান জিন্দাবাদ” শ্লোগান ইমান জোৰেৰে মাতিলে যে পিছলি পৰিল আৰু অচেতন হৈ গ’ল৷ আন কিছুমান পাগল এনেকুৱা আছিল যিয়ে পূৰ্বতে পাগল নাছিল৷ ইয়াৰ ভিতৰত অধিক সংখ্যকেই হত্যাকাৰী আছিল, যাৰ সম্পৰ্কীয় লোকসকলে অফিচাৰবোৰক ঘোচ দি পগলা ফাটেকত থোৱাইছিল, যাতে ফাঁচী হোৱাৰ পৰা ৰক্ষা পৰে৷
এওঁলোকে কিছু কিছু বুজিব পাৰিছিল যে হিন্দুস্তান বিভাজন আৰু পাকিস্তানৰ জন্ম কিয় হ’ল৷ কিন্তু ঘটি থকা সকলোবোৰ ঘটনা জ্ঞাত নাছিল৷ বাতৰিকাকতৰ পৰাও কোনোধৰণৰ কথা গম পোৱা নগৈছিল, চিপাহীবোৰো জধলা আৰু নিৰক্ষৰ আছিল, সেয়ে তেওঁলোকৰ কথা-বতৰাৰ পৰাও কোনো তথ্যৰ ইংগিত পোৱা নগৈছিল৷ তেওঁলোকৰ মাত্ৰ এটাই জ্ঞাত যে এজন মানুহ মহম্মদ আলী জিন্না আছে যাক কায়দে আজম বোলে৷ তেওঁ মুছলমানৰ বাবে বেলেগ দেশ তৈয়াৰ কৰিছে, যাৰ নাম পাকিস্তান৷
এইটো ক’ত আছে? ইয়াৰ স্থিতি কি? এইবিষয়ে তেওঁলোকে একো জনা নাছিল৷ এইটোৱেই একমাত্ৰ কাৰণ আছিল, যি সম্পূৰ্ণৰূপে পাগল নহয়, সিহঁত দোমোজাত আছিল যে- সিহঁত পাকিস্তানত আছে নে হিন্দুস্তানত? যদি সিহঁত থকাতেই পাকিস্তান আছে, তেন্তে হিন্দুস্তান ক’ত? আৰু যদি সেয়া পাকিস্তানেই৷ হিন্দুস্তাননো ক’ত, যদি পাকিস্তানতেই আছে তেন্তে ই কেনেকৈ হব পাৰে, যে কিছু পলকৰ আগতে ইয়াত থাকিও হিন্দুস্তানত আছিল৷ তাৰে এটা পাগলে পাকিস্তান আৰু হিন্দুস্তানৰ মাজত এনেকৈ সোমাোই পৰিল যে আগতকৈ বেছি পাগল হ’ল৷ এদিন সি এজোপা গছৰ ওপৰত উঠি গৈ ডালত বহি ল’লে আৰু দুই ঘণ্টা ধৰি তাৰ ভাষণ দি থাকিল, যিবোৰ কথা পাকিস্তান আৰু হিন্দুস্তানৰ বাবে স্পৰ্শকাতৰ আছিল৷ চিপাহীয়ে তাক যিমানেই তললৈ নামি অহাৰ কথা ক’লে সি সিমানেই ওপৰলৈ উঠি গ’ল৷ চিপাহীয়ে দাবী-ধমকি দিয়াত সি কলে, ‘‘ মই না হিন্দুস্তানত থাকিব বিচাৰো, না পাকিস্তানত৷ মই এই গছজোপাৰ ওপৰতেই থাকিম৷ “
বহুত কষ্টৰ মূৰত তাৰ উত্তেজনা সাম কটাত তললৈ নামি আহি নিজৰ হিন্দু-শিখ বন্ধুবোৰক সাৱটি কান্দিবলৈ ধৰিলে-তাৰ মনত এটাই ভাৱ হ’ল যে সকলোৱে তাক এৰি হিন্দুস্তানলৈ গুছি যাব৷
এজন এম.এচ.চি. পাছ ৰেডিঅ ইঞ্জিনিয়াৰ, যি মুছলমান আছিল আৰু আন পাগলৰ দৰে নাছিল৷ সি দিনটো মন মাৰি বহি থাকে আৰু প্ৰায়ে উলংগ হৈ বাগিচাত ঘূৰি ফুৰে৷
এজন শকত মুছলমান পাগল আছিল, যি মুছলীম লীগৰ সক্ৰিয় কাৰ্যকৰ্তা আছিল আৰু দিনত পোন্ধৰ-ষোল্লবাৰ গা-ধুইছিল৷ নাম তাৰ মুহম্মদ আলী৷ সি এদিন নিজৰ হাবিত নিজকে কায়দে-আজম মহম্মদ আলী জিন্না বুলি ঘোষণা কৰিলে৷ তেনেতেই তাৰ দেখা-দেখি ঘটিল শিখ পাগল মাষ্টৰ তাৰাসিংৰ লগত আৰু দুয়োৰে মাজত মাৰ-ধৰ হোৱাৰ পৰা কোনোমতেহে ৰক্ষা পৰিল কিন্তু দুয়োকে ভয়ানক পাগল সজায় বেলেগে বেলেগে সুমুৱাই থ’লে৷
লাহোৰৰ এজন যুৱক হিন্দু উকীল আছিল, যিয়ে প্ৰেমত পৰি পাগল হৈছিল৷ অমৃতসৰ হিন্দুস্তানত সোমাই পৰা শুনি সি অধিক দু: খিত হল৷ সেই চহৰৰে এজনী হিন্দু ছোৱালীৰ লগত তাৰ প্ৰেম আছিল, তাই তাক এৰিলেও সি আজিও তাইক এৰিব নোৱাৰে৷ অত: সি সেই সকলো মুছলীম নেতাক গালি দি থাকে, যিয়ে লগহৈ হিন্দুস্তানক দুভাগ কৰিলে৷ প্ৰেমিকা হিন্দুস্তানী আৰু সি পাকিস্তানী হ’ল৷
ভাগ-বতৰাৰ কথা আৰম্ভ হোৱাত উকীলক পাগলবোৰে বুজালে তাক সেই হিন্দুস্তানলৈ পঠিয়াই দিয়া হʼব যʼত তাৰ প্ৰেমিকা থাকে, সি দুখ কৰাৰ কাৰণ নাই৷ সেয়ে হ’লেও সি লাহোৰ এৰিব বিচৰা নাই, কিয়নো অমৃতসৰত সি অভ্যাসৰত কামবোৰ কৰিব নোৱাৰিব৷ ইউৰোপিয়ান বৰ্ডত দুজন এংলো-ইণ্ডিয়ান পাগল আছিল সিহঁত দুখত ভাগি পৰিল এই কথা শুনি যে ভাৰতক স্বাধীনতা দি ব্ৰিটিছ গুচি গৈছে৷ ফাটেকত সিহঁতক কোনটো ভাগত থৈছে, ইউৰোপীয়ান বৰ্ড থাকিবনে যাবগৈ, ব্ৰেকফাষ্ট দিবনে নিদিয়ে, সি লুকাই লুকাই ঘণ্টাৰ পিছত ঘণ্টা এই সমস্যাৰ ওপৰত ভাবি থাকিলে৷
এজন শিখ আছিল যি ফাটেকত থকা পোন্ধৰ বছৰ হৈ গল৷ সকলো সময়তে তাৰ মুখৰ পৰা আচৰিত কিছু শব্দ শুনা গৈছিল-” উপৰ দি গৰ গৰ দী এনেক্স দী বেধ্যানা দী মুগঁ দী দেল অফ দী লালটেন৷ “ সি দিনতটো শোৱা নাছিলেই, ৰাতিও শোৱা নাছিল৷ ছিপাহীবোৰৰ মুখত কেৱল এই কথাই পোন্ধৰ বছৰৰ কালছোৱাত তেওঁ এক ক্ষণৰ বাবেও শোৱা নাই, বিছনাত বাগৰাও নাই, সকলো সময়তে থিয় হৈ থকাত ভৰি ক্ষীণাকায় হৈ পৰিছে৷ ফুলি গৈছে৷ ইমান শাৰীৰিক অশান্তি থকা স্বত্বেও বিশ্ৰামৰ কথাই মনত ঠাই পোৱা নাছিল৷ হিন্দুস্তান, পাকিস্তান আৰু পাগলবোৰৰ বিভাজনৰ বিষয়ে যেতিয়াই সিহঁতৰ মাজত আলোচনা হয় তেতিয়াই মনোযোগেৰে শুনিছিল৷ বিভাজনৰ ওপৰত আনৰ প্ৰশ্নৰ উত্তৰত গম্ভীৰভাৱে কৈছিল--” অফৰ দি গৰ গৰ দি এনেক্স দি বেধ্যানা দি মুগঁ দি দাল অফ দি পাকিস্তান গৱৰ্ণনমেণ্ট৷” পৰৱৰ্তী সময়ত “ অফ দি পাকিস্তান গৱৰ্ণমেণ্ট ” ৰ ঠাই “অফ দি টোবা টেক সিং” য়ে লৈ ল’লে আৰু সি আন পাগলক সোধা আৰম্ভ কৰি দিলে যে ‘টোবা টেক সিং’ ক’ত আছে, এতিয়া ক’ত থাকে? কিন্তু নিজে পাকিস্তানত আছে নে হিন্দুস্তানত আছে সেই বিষয়েই কোনেও গমেই পোৱা নাছিল৷ যিয়ে ক’বলৈ চেষ্টা কৰে সিয়েই দোমোজাত পৰি যায় যে স্যালকোট প্ৰথমে হিন্দুস্তানত আছিল, কিন্তু এতিয়া শুনা গৈছে ই পাকিস্তানত আছে৷ কি ঠিক লাহোৰ যি এতিয়া পাকিস্তানত আছে, কাইলৈ হিন্দুস্তানত গুচি যাব, নহ’লে সম্পূৰ্ণ হিন্দুস্তানেই পাকিস্তান হৈ যাব বা এইটো কোনে কলিজাত হাত থৈ ক’ব পাৰে যে হিন্দুস্তান পাকিস্তান দুয়োটাই এদিন নোহোৱা হৈ যাব নোৱাৰে৷
এজন শিখ পাগলৰ চুলি ধূলিময় হৈ থিয় হৈ গৈছিল৷ তাৰ ভয়ানক অৱস্থাৰ কাৰণ আছিল সি বহুত কমকৈ গা ধুইছিল আৰু ডাঢি, চুলি সমানে দীঘল হৈ পৰিছিল৷ কিন্তু সি কাৰো অপকাৰ কৰা নাছিল, পোন্ধৰবছৰ সি কাৰো লগত কাজিয়া কৰা নাছিল৷ ফাটেকত থকা পুৰণি কামলাবোৰে জানিছিল য়ে টোবা টেক সিংত তাৰ বহতো মাটি আছিল আৰু ভাল এজন জমীদাৰ হোৱা স্বত্বেও ভাবিব নোৱাৰাকৈয়ে তাৰ জীৱনৰ গতি সলনি হ’ল৷ সম্বন্ধীয়সকলে লোহাৰ শিকলিৰে বান্ধি তাক ফাটেকলৈ লৈ আহিল৷
মাহত এবাৰ চাবৰ বাবে পৰিয়ালৰ লোক যি দুই এবাৰ আহে এতিয়া পাকিস্তান, হিন্দুস্তানৰ বিভেদ আৰম্ভ হোৱাত সিয়ো বন্ধ হ’ল৷
নাম তাৰ বিশন সিং, কিন্তু সকলোৱে তাক টোবা টেক সিং বুলি মাতে৷ তাৰ একেবাৰে এই কথাৰ উমান নাছিল যে কোনটো দিন চলি আছে কি মাহ চলি আছে তথা কিমান বছৰ পাৰ হৈ গ’ল কিন্তু প্ৰতিটো মাহত যেতিয়া তাক লগ কৰিবলৈ সম্বন্ধীয়বোৰ আহে, তেতিয়া সি নিজে নিজেই সকলো গম পায় যায়৷ তাক লগ কৰিবলৈ কোনোবা অহাৰ খবৰ পালে গাত চাবোনেৰে গা ধুৱে, তেল লগায়৷ কোনোদিন কাপোৰ ব্যৱহাৰ নকৰাজনে সাজি-কাজি পিন্ধি সম্বন্ধীয়ক লগ কৰে আৰু সিহঁতে তাক কিবাকিবা সুধিলে মনে মনে থাকে, কেতিয়াবা কয়-” অফৰ দি গৰ গৰ দি এনেক্স দি বেধ্যানা দি মুগঁ দি দাল অফ দি লালটেন৷ “
তাৰ এজনী ছোৱালী আছিল যি ডাঙৰ হৈ এতিয়া পোন্ধৰ বছৰীয়া হ’ল৷ বিশনসিং য়ে তাইক চিনিয়েই পোৱা নাছিল, যেতিয়া সৰু আছিল তেতিয়াৰ পৰাই নিজৰ দেউতাকক দেখি কান্দিছিল৷ গাভৰু হ’ল এতিয়াও তাইৰ চকুৰ পৰা চকুপানী ওলায়৷
পাকিস্তান হিন্দুস্তানৰ কাহিনী আৰম্ভ হোৱাৰ পৰাই সি আন আন পাগলবোৰক সুধিবলৈ আৰম্ভ কৰিলে টোবা টেক সিং ক’ত আছে? যেতিয়াই সন্তোষজনক উত্তৰ পোৱা নাছিল তেতিয়াই তাৰ চিন্তা আৰু বাঢ়ি গৈছিল৷ এতিয়া সম্বন্ধীয় লোকো নাহে৷ প্ৰথমতেটো তাৰ হৃদয়ৰ ধপধপনিয়েই বন্ধ হৈ গৈছিল, যিয়ে সম্বন্ধীয়বোৰ অহাৰ খবৰ দিছিল৷
তাৰ বহুতো ইচ্ছা আছিল যে তেওঁলোক আহক, যিয়ে তাৰ কাৰণে সহানুভূতি দেখুওৱাইছিল, ফল আনিছিল মিঠাই আনিছিল আৰু কাপোৰ আনিছিল৷ সি তেতিয়াই সিহঁতক সুধি উমান পালে হয় যে টোবা টেক সিং কʼত আছে, সিহঁতে নিশ্চিত ৰূপত ক’ব পাৰিলে হয় পাকিস্তানত নে হিন্দুস্তানত আছে৷ কিয়নো সিহঁতে টোবা টেক সিং ৰ পৰাই আহিছিল, যʼত তাৰ মাটি সম্পত্তি আছে৷
পাগলখানাত এটা পাগল এনেকুৱা আছিল, যিয়ে নিজকে ‘‘খোদা” বুলিছিল তাক যেতিয়া এদিন বিশন সিং এ সুধিলে টোবা টেক সিং হিন্দুস্তানত আছে নে পাকিস্তানত আছে, সি তেতিয়া সি নিজৰ আচৰণ অনুসৰি আগতে কোৱাৰ দৰে ক’লে- “ই ন পাকিস্তানত আছে ন হিন্দুস্তানত আছে, কিয়নো মই এতিয়ালৈ হুকুম দিয়া নাই৷ ”
বিশনসিং য়ে সেইজন খুদাক বহুতবাৰ মিনতি কৰি ক’লে যে তেওঁ নিজৰ হুকুম দি দিয়ে যাতে সকলো খেলি-মেলি শেষ হয়, কিন্তু আন বহুতো হুকুম দিবলৈ থকাৰ বাবে তেওঁ ব্যস্ত আছিল৷ এদিনাখন খংৰ ভমকত বিশনসিঙে কৈ দিলে- “ উপৰ দি গৰ গৰ দী এনেক্স দী বেধ্যানা দী মুগঁ দী দেল অফ ৱাহে গুৰুজী দি ফতহ- জো ব’লে সো নিহাল-সত্ৰ শ্ৰী অকাল৷ ”
ইয়াৰ অৰ্থ সম্ভৱ এইটোৱে আছিল যে – তুমি মুছলমানৰহে খুদা-শিখবোৰৰ ভগৱান হেৱা হয় নিশ্চয় মোৰ কথা শুনিলা হয়৷
অদল-বদলৰ কেইদিনমান আগত টোবা টেক সিংৰ এজন মুছলমান বন্ধুয়ে দেখা কৰিবলৈ আহিছিল৷ আগতে সি কেতিয়াও অহা নাছিল৷ বিশনসিঙে তাক দেখি অলপ আঁতৰি গ’ল কিন্তু চিপাহীয়ে তাক ৰাখি ক’লে যে - ‘‘ই তোমাক লগ কৰিবলৈ আহিছে- তেমাৰ বন্ধু ফজলুদ্দীন৷”
বিশনসিঙে তালৈ চায় ভুৰভুৰাবলৈ ধৰিলে৷ ফজলুদ্দীনে তাৰ কান্ধত হাত থৈ ক’লে- “মই বহুত দিনৰ পৰাই তোমাক লগ কৰিবলৈ বিচাৰি আছো যদিও সময় পোৱা নাছিলো৷ তোমাৰ সকলো মানুহ নিজ খুচি মতেই হিন্দুস্তানলৈ গুচি গৈছে, মই যিমান পাৰো সহায় কৰিছো-তোমাৰ জী ৰূপকৌৰ…….৷ ”
সি কিবা ক’বলৈ বিচাৰি ৰৈ গ’ল৷ বিশনসিঙে কিবা মনত পেলাবলৈ ধৰিলে, ‘ মোৰ জী ৰূপকৌৰ? ’
ফজলুদ্দীনে কিছু সময় ৰৈ ক’লে, ‘অ’…তাই..য়ো ঠিকেই আছে৷ …সিহঁতৰ লগতে গুচি গৈছিল৷ ’
বিশনসিঙে ৰৈ গ’ল৷ ফজলুদ্দীনে ক’বলৈ আৰম্ভ কৰিলে, ‘তেওঁলোকে মোক তোমাৰ খা-খবৰ ৰাখিবলৈ কৈছিল৷ এতিয়া মই শুনিছো তুমি হেনো হিন্দুস্তানলৈ যাবা-বলবৰসিঙ, ৱধাৱাসিঙ আৰু ভণ্টি অমৃতকৌৰকো মোৰ প্ৰণাম জনাবা৷ বলবৰসিঙক ক’বা- ফজলুদ্দিন কুশলে আছে৷ সেই যে গাভিনী ম’হ দুজনী, এজনীয়ে মতা পোৱালি দিছে আৰু আনজনীয়ে মাইকী পোৱালি দিলে কিন্তু ছয়দিন থাকিয়েই পোৱালিজনী মৰি থাকিল৷ ….আৰু..আৰু যদি মোৰ যোগ্য় যিকোনো কাম থাকিলে ক’বা মই সদায় ৰাজি আছো৷ …আৰু এয়া তোমালৈ অলপ মিঠা ভাত আনিছো(bharunde)৷
বিশনসিঙে ভাতৰ টোপোলাটো ওচৰত থকা চিপাহীজনক দি ফজলুদ্দিনক সুধিলে, ’টোবা টেক সিঙ ক’ত আছে? ’
‘টোবা টেক সিঙ’ আচৰ্য্য হৈ ক’লে, ‘ক’ত আছে? তাতেই আছে, য’ত আছিল৷’
বিশনসিঙে সুধিলে, ‘পাকিস্তানত নে হিন্দুস্তানত? ’’
‘হিন্দুস্তানত- নহয়-নহয়, পাকিস্তানত৷ ‘ ফজলুদ্দিন থত-মত খালে৷
বিশনসিঙে ভুৰভুৰাই গুচি গ’ল, “ অফৰ দি গৰ গৰ দি এনেক্স দি বেধ্যানা দি মুগঁ দি দাল অফ দি পাকিস্তান এণ্ড হিন্দুস্তান অফ দি দুৰ ফিট্টে মুহ৷”
সালসলনিৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হʼল৷ ইফালৰ পৰা সিফাললৈ অহা পাগলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সিহঁতৰ তালিকাও প্ৰকাশ পালে, আৰু সাল সলনিৰ তাৰিখো ঠিক হʼল৷ বহুত ঠাণ্ডাৰ দিন আছিল৷ লাহোৰৰ পাগল খানাৰ পৰা হিন্দু শিখ পাগলৰ শাৰী পুলিচৰ সৈতে ৰাওনা হʼল৷ পুলিচ অফিচাৰো সিহঁতৰ সৈতে আছিল৷ বাগাহৰ বৰ্ডাৰত দুয়ো পক্ষৰ চুপাৰেণ্টেটৰ লগা লগি হʼল আৰু প্ৰাৰম্ভিক কাৰ্য শেষ হোৱাৰ পিছত ভাগ বতৰা আৰম্ভ হʼল, যি ৰাতিলৈকে হৈ থাকিল৷
পাগলবোৰক শাৰীৰ পৰা উলিওৱা আৰু সিহঁতক আন অফিচাৰৰ দায়িত্বলৈ পঠিওঁৱাটো কঠিন কাম আছিল৷ কিছুমান বাহিৰলৈ অহা নাছিল আৰু যিয়ে আহিবলৈ বিচাৰিছিল, সিহঁতক চম্ভলা কঠিন হৈছিল৷ কিয়নো সিহঁতে ইফালে-সিফালে দৌৰিছিল৷ যিবোৰ উলংগ, সিহঁতক কাপোৰ পিন্ধোৱা হৈছিল কিন্তু সিহঁতে সেইবোৰ ফালি পেলাইছিল৷ কোনোৱে গালি দি আছিল যদি কোনোৱে গান গাই আছিল, ইটোৱে সিটোৱে কাজিয়া কৰি আছিল আৰু কোনোৱে কান্দি আছিল৷ ভালদৰে একো শুনা পোৱা নগৈছিল৷ পাগল স্ত্ৰীৰ হুলস্থূলবোৰ শুনিবলৈ বেলেগ লাগিছিল আৰু ঠাণ্ডা ইমানেই পৰিছিল যে দাঁতত দাঁত লাগি শব্দ হৈছিল৷
বেছিভাগ পাগল কয়দীয়েই এই সালসলনি বিচৰা নাছিল৷ কিয়নো সিহঁতক মূলৰ পৰা উঠাই নি কʼত পেলাই দিব বিচাৰিছিল, সেয়া সিহঁতে বুজি পোৱা নাছিল৷ যি কিছু বুজিব পাৰিছিল, তাৰে ''পাকিস্তান জিন্দাবাদ '' শ্লʼগানেৰে হুলস্থূল কৰি ফুৰিছিল৷ কিন্তু দুই তিনিবাৰ দবাদল কাজিয়া হোৱাৰ পৰা কেনেবাকৈহে ৰক্ষা পৰিছে, কিয়নো শ্লʼগান শুনি কিছুমান হিন্দু আৰু শিখৰ তেজ গৰম হৈ গৈছিল৷
যেতিয়া বিশন সিংৰ পাল পৰিল আৰু তাক আনফালে পঠিওৱাৰ ব্যৱস্থা কৰিলে, তেতিয়া সি অধিকাৰীক সুধিলে, -‘‘টোবা টেক সিং কʼত আছে? ’’ অধিকাৰীজনে হাঁহিলে আৰু কʼলে, ’পাকিস্তানত’৷ এই কথা শুনি সি জাঁপ মাৰি আঁতৰি গʼল আগৰ বন্ধুবোৰৰ ওচৰৰলৈ কিন্তু পাকিস্তানী চিপাহীয়ে তাক ধৰি লৈ আনফালে নিয়াৰ চেষ্টা কৰিলে, তথাপি সি যাবলৈ বাধ্য নহʼল৷ “ টোবা টেক সিং কʼত আছে? ’’ - আৰু চিঞৰি চিঞৰি কʼলে - “অফৰ দি গৰ গৰ দি এনেক্স দি বেধ্যানা দি মুগঁ দি দাল অফ টোবা টেক সিং এণ্ড পাকিস্তান৷”
তাক বহুত বুজনি দিয়া হʼল, ''চোৱা, টোবা টেক সিং এতিয়া হিন্দুস্তানত সোমাল আৰু যদি সোমোৱাও নাই অতি সোনকালে পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ব৷'' কিন্তু সি নামানিলে আৰু যেতিয়া তাক জুৰ-জুলুমকৈ আনফালে নিয়াৰ চেষ্টা কৰা হʼল, তেতিয়া সি নিজৰ ভৰি দুখনক এনেদৰে ভাঁজ কৰি ৰৈ গʼল যেন এতিয়া আৰু কোনো শক্তিয়ে তাক তাৰ পৰা আঁতৰাব নোৱাৰে৷ সেয়ে তাক তাতেই থাকিবলৈ দিয়া হʼল৷
সূৰ্য উদয় হোৱাৰ পূৰ্বেই বিশন সিংৰ কণ্ঠৰ পৰা চিঞৰ ওলাল৷ ইফাল-সিফালৰ পৰা অফিচাৰবোৰ ওলাই আহিল আৰু দেখিলে পোন্ধৰ বছৰ ধৰি যিজনে নিজৰ ভৰি ওপৰত দিনে ৰাতিয়ে থিয় হৈ আছিল, তেওঁ আজি তলমূৰ কৰি বাগৰি আছে৷ ইফালে কাটাতাঁৰৰ পিছত হিন্দুস্তান আছিল আকৌ একেই কাটাতাঁৰৰ পিছত আনফালে পাকিস্তান আছিল, মাজতেই সেই টুকুৰা মাটিত, যাৰ কোনো নাম নাছিল, টোবা টেক সিং পৰি আছিল৷
0 Comments