কবিতাঃ ধৰ্ম / শ্ৰীজাত

ধর্ম

মূল : শ্রীজাত

অসমীয়া ভাঙনি : মুনমুন সৰকাৰ শইকীয়া


  

এতিয়াও নতুন কিবা লিখিব পৰা হৈ আছোঁ , মগজুৰ পৰা  বহু শব্দ ওঁঠলৈ বাট বুলে।

এতিয়াও মোৰ মূৰৰ বিকৃতি, যেন এটা তীব্ৰবেগী ঘোঁৰাই যেনি তেনি ঢাপলি মেলে।

 

'ৰা ছোৱালী কেইটাক গান শিকাও, ছাত্ৰ প্ৰতি মাত্ৰ ডেৰশ টকাকৈ পাওঁ।

পদূলিশুঙা হৈ ঘূৰি ফুৰো , কৰ'বাত  কিবা কাম ওলায় নেকি চাওঁ।

 

ভোটৰ নামত আকৌ এটা বন্ধবাৰ, চুবুৰীখন সজাই পৰাই লওঁ।

গান্ধীজীৰ হাঁহি থকা নোটত ভোটটো কিন্তু কোনেও নিদিওঁ।

 

 

এতিয়াও জমি উঠে ক্ৰিকেট খেল, উত্তেজনাত মানুহে নখ কামোৰে

ডিঙিত টেপা মাৰি ধৰিলেই কথাবোৰ ডিচেণ্ট্ৰিৰ দৰে ওলাই লৰ মাৰে।

 

এতিয়াও মানুহে ফোপায়, জেঠীয়ে  টিকটিকায় দেৱালত

প্ৰেম এতিয়াও জনপ্ৰিয়, গোলাপ এতিয়াও ফুলে টাবত

 

তোমাৰ কথা ভাবিলে এতিয়াও লিঙ্গটোৱে গা কৰি উঠে।


Post a Comment

0 Comments