অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ
![]() |
mary oliver |
প্ৰতি ৰাতিপুৱা
মই খবৰকাকতবোৰ পঢ়োঁ ,
মই কাকতকেইখন খুলি লওঁ আৰু ৰ’দৰ পোহৰত পৰ্যবেক্ষণ কৰোঁ ৷
কেনেকৈ ৰঙা গোলাবোৰ , ছবিবোৰৰ ,
তৰাৰ দৰে চহৰকেইখনলৈ ধেনু-ভিৰীয়া পথেৰে
নামি আহে , কেনেকৈ মৃত্যুৱে
সকলোবোৰ ধোঁৱা-বৰণীয়া ধ্বংসাৱশেষত সামৰি লয়
কেমেৰাবোৰ অহাৰ আগতেই ৷
মোৰ বুকুৰ কোন এন্ধাৰ অংশ
কঁপি উঠে: সেই বিষয়ে তুমি
বেছি
জানিব নোখোজা ৷ আৰু তেতিয়া: তুমি একোৱেই নাজানা
যদিহে তুমি জানিব নোখোজা ৷ কেনেকৈ নিদ্ৰিতসকলে সাৰ পায়
আৰু সিহঁতৰ ভূগৰ্ভৰ আশ্ৰয় কক্ষলৈ ধপলিয়ায় ,
কেনেকৈ শিশুবোৰে আৰ্তনাদ কৰে , সিহঁতৰ জিভাই
সাঁতুৰি পাৰ হ’বলৈ আপ্ৰাণ চেষ্টা কৰে -
কেনেকৈ ৰাতিপুৱাটোৱেই আহি ওলায়
এটি মন্থৰ গোলাপৰ দৰে
যেতিয়া ছাঁবোৰে ওখ হৈ অহা সীমাবোৰ বগাই আহে ,
ঘূৰি ফুৰে বিধ্বস্ত গাড়ীবোৰৰ মাজত, সেই পথবোৰত
য’ত কৰ্কশ শব্দৰ এম্বুলেন্সবোৰ গোটেই দিন
নৰয় কেতিয়াও - মৃত্যু আৰু মৃত্যু , বিশৃংখল মৃত্যু
মৃত্যু ইতিহাস, মৃত্যু সহজ আৰু সুলভ,
কেনেকৈ কেতিয়াবা কেমেৰাটো স্থিৰ হয় যেতিয়া এটা
পৰিয়ালে নিজকে গণি লয়, আৰু সিহঁতৰ প্ৰত্যেকজন জীৱিত,
সিহঁতৰ ওঁঠবোৰ শব্দহীনতাৰ শুকান গুহা
সিহঁতৰ মুখৰ অপৰিচ্ছন্ন জোনবোৰত
এক চেতনাহীনতা যাৰ কোনো নাম আমাৰ ওচৰত নাই -
এই সকলোবোৰ মই খবৰ-কাকতত পঢ়োঁ,
একাঁচলি ৰ’দত,
মই মোৰ শীতল, তীক্ষ্ণ চকুৰে পঢ়োঁ ৷
সৰগৰ দূত
আপুনি এজন সৰগৰ দূত লগ পাব পাৰে
যিকোনো সময়তে আৰু যিকোনো ঠাইতেই ৷
অৱশ্যেই আপুনি চকুযুৰি মেলিব লাগিব
দ্বিতীয় এক স্তৰলৈ , কিন্তু
এয়া
আচলতে সিমান টান নহয় ৷ সত্য কি আৰু
মায়া কি এই সকলো কথাবোৰৰ উত্তৰ
কেতিয়াও নাছিল আৰু সম্ভৱত
কেতিয়াও পোৱা নাযাবও ৷ গতিকে মই বৰ বেছি
মূৰ নঘমাওঁ কোনো বিষয়ে অতি নিশ্চিত হবলৈ ৷
মোৰ এনেকুৱা বহুতো সম্ভৱতঃ বুলিব পৰা দিশ
আছে আৰু প্ৰায় একোকেই আপুনি সম্পূৰ্ণ
নিশ্চয় বুলি ক’ব
নোৱাৰে ৷ মোৰ কাৰণে,
কিন্তু বেলেগৰ কাৰণে নহয় ৷ এখন ঠাই
য’লৈ আপোনাৰ যোৱাটো সম্ভৱপৰ
নহয় ,
সম্পূৰ্ণতাৰে অৱশ্যেই নহয়, সেয়া
হ’ল অন্য
মানুহ এজনৰ মস্তিষ্ক ৷
মই ইয়াতেই এৰিছোঁ আপোনাক ৷
মই মুঠেই গুৰুত্ব নিদিওঁ কিমানজন সৰগৰ
দূতে বেজী এটিৰ মূৰত নাচিব পাৰে ৷ এইখিনি
জনাটোৱেই যথেষ্ট যে কিছুমান মানুহৰ কাৰণে
সিহঁতৰ অস্তিত্ব আছে, আৰু সিহঁতে নাচে ৷
আজি
আজি মই উৰি নুফুৰোঁ আৰু
মই এটি শব্দও নকওঁ
মই আকাংক্ষাৰ সকলো তন্ত্ৰকেই শুবলৈ দিম ৷
পৃথিৱীখন চলি থাকিব যেনেকৈ সদায় চলিয়েই থাকিব
লাগিব ,
বাগিচাৰ মৌ-মাখিবোৰে অলপ গুণ-গুণাইছে ,
মাছবোৰে জপিয়াইছে, সৰু
পতংগবোৰ ক’ৰবাত জাহ গৈছে ৷
আৰু এনেকুৱা কিবাকিবি হৈ আছে ৷
কিন্তু আজি মই জিৰণি ল’ম
৷
পাখি এটিৰ দৰে নিৰল-নিঃশব্দ হৈ ৷
মই প্ৰায় একে ঠাইতেই যদিও প্ৰকৃততে
মই সাংঘাতিক দূৰত্বলৈ ভ্ৰমণৰত ৷
নীৰৱতা ৷ এটি প্ৰৱেশ-পথ
মন্দিৰলৈ যোৱা ৷
বনৰীয়া হাঁহ
তুমি মহান হোৱাৰ দৰকাৰ নাই
অনুতাপত দগ্ধ হৈ উত্তপ্ত মৰুভূমিৰ মাজেৰে
আঁঠু কাঢ়ি এশ মাইল খোজ কঢ়াৰো প্ৰয়োজন নাই ৷
তুমি মাত্ৰ তোমাৰ শৰীৰৰ সেই আলসুৱা জন্তুটোক
ভাল পাবলৈ দিয়া যিবোৰ সি ভাল পায় ৷
মোক হতাশাৰ কথা কোৱা, তোমাৰ, মই
তোমাক মোৰবোৰ ক’ম ৷
আৰু এইফালে পৃথিৱীখন আগবাঢ়ি যায় ৷
এইফালে সূৰ্য্য আৰু বৰষুণে ধোৱা সৰু সৰু
স্বচ্ছ শিলবোৰ
সুদৃশ্য উপত্যকাৰ মাজেৰে
সুবিস্তীৰ্ণ ঘাঁহনি আৰু গভীৰ অৰণ্য ,
পৰ্বত আৰু নদীৰ ওপৰেৰে আগবাঢ়ি গৈ থাকে ৷
আৰু এইফালে বনৰীয়া হাঁহবোৰ, নিৰ্মল
নীলা আকাশৰ উচ্চতাৰে,
ঘৰলৈ আকৌ উভতিব আহিবলৈ ধৰিছে ৷
তুমি যিয়েই নোহোৱা, যিমানেই
নিঃসংগ নোহোৱা কিয় ,
পৃথিৱীখন তোমাৰ হেঁপাহৰ আকাশলৈ আগবাঢ়ি আহে ,
তোমাক বনৰীয়া হাঁহবোৰৰ দৰে ৰিঙিয়ায় , কঠিন
আৰু আনন্দময় ,
বাৰে বাৰে তোমাক সোঁৱৰাই দিয়ে তোমাৰ অস্তিত্ব
পৃথিৱীৰ সকলো আচনিৰ মাজত ৷
উপহাৰ
শান্ত হোৱা, মোৰ হৃদয়, আৰু দৃঢ় হোৱা ৷
পৃথিৱী আৰু সৰগ দুয়োৱেই এতিয়াও চাই আছে
যদিও সময় ঘড়ীটোৰ পৰা টোপা-টোপে সৰি পৰিছে
আৰু তোমাৰ খোজবোৰ, যি
দৃঢ়তাপূৰ্ণ আৰু তীব্ৰ আছিল ,
এতিয়া মন্থৰ হ’ল
৷
গতিকে ,
মন্থৰ হোৱা যদি সেয়া হ’বই
লাগে , কিন্তু
বুকুখনক তাৰ সঁচা কামবোৰ কৰিবলৈ দিয়া ৷
আৰু ভাল পোৱা যেনেকৈ তুমি এসময়ত ভাল পাইছিলা, গভীৰভাবে
আৰু অকণো হিচাপ নকৰাকৈ ৷ ঈশ্বৰ আৰু জগতক
জানিবলৈ দিয়া যে তুমি
কৃতজ্ঞ , আৰু উপহাৰটো প্ৰদান কৰা হ’ল
৷
প্ৰাৰ্থনা
এটি নীলা পদুম নহ’লেও
হ’ব, সেই খালি ঠাইত গজি উঠা
বনবোৰ, নাইবা কেইটামান
সৰু সৰু শিলেৰেই হ’ব ; মাত্ৰ
মনটো থিৰ কৰা, আৰু তেতিয়া
একেলগে কোৱা কেইটামান শব্দ আৰু
তাক সুগভীৰ কৰিবলৈ চেষ্টা নকৰিবা ,
কোনো প্ৰতিযোগিতা
নহয় এয়া মাত্ৰ
এক প্ৰৱেশ-পথ কৃতজ্ঞতালৈ
, আৰু এক
নীৰৱতালৈ য’ত অন্য এটি
কণ্ঠই ক’ব পাৰে বহু কথা ৷
কবি
পৰিচিতিঃ মেৰী অ’লিভাৰ হৈছে এগৰাকী এমেৰিকান কবি। তেওঁ ন্যেচনেল বুল
এৱাৰ্ড আৰু পালিটজাৰ বঁটা পাইছিল। ১৯৩৫ চনত জন্ম গ্ৰহণ কৰা এই গৰাকী কবিয়ে ২০১৯
চনত মৃত্যুবৰণ কৰে।
0 Comments