গল্পঃ দ্য ডায়মণ্ড নেকলেচ/ গ্যী দ্যঁ মোপাছাঁ

“দ্য ডায়মণ্ড নেকলেচ

মূলঃ গ্যী দ্যঁ মোপাছাঁ

অনুবাদঃ গীতিকা শইকীয়া


তেওঁ এগৰাকী অত্যন্ত সুন্দৰী, মৰমলগা যুৱতী, যাৰ জন্ম বিধাতাৰ কিবা ভুলতহে যেন কেৰাণীৰ ঘৰত হৈছিল। তেওঁৰ বিবাহৰ সময়ত কোনো যৌতুক নিব পৰাকৈ সক্ষম নাছিল, অথবা বিবাহক লৈ তেনে কোনো বিশেষ আশাও নাছিল, নাছিল সমাজৰ কোনো ধনী, খ্যাতি সম্পন্ন বিশিষ্ট ব্যক্তিৰ লগত চা-চিনাকি, নাছিল কাৰোবাৰ লগত প্ৰেম-ভালপোৱাৰ কোনো সম্বন্ধ, বিবাহ কৰাৰো কোনো আশা, তথা বিশেষ কিবা অৰ্থই নাছিল। তাৰ পৰিৱৰ্তে শিক্ষা বোৰ্ড কাৰ্যালয়ৰ এজন সাধাৰণ বৰ্গৰ কেৰাণীৰ লগতেই তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল।

তেওঁ নিজকে আকৰ্ষণীয়কৈ সজাব পৰাৰ সাধন নোহোৱাৰ বাবে একেবাৰেই সাধাৰণভাৱে জীৱন-যাপন কৰিছিল, অৱশ্যে তাতকৈ বেছি কিবা কৰাৰো তেওঁৰ সামৰ্থ্য নাছিল। কিন্তু তেওঁ ভিতৰি ভিতৰি খুবেই অসুখী আছিল, নিজকে নিজৰ শ্ৰেণীতকৈ অলপ বেলেগ অনুভৱ কৰিছিল,  ভাৱি থাকিছিল যে তেওঁ যেন ভুলক্ৰমেহে স্বৰ্গৰ পৰা কক্ষচ্যুত হৈ পৃথিৱীলৈ আহিছিল। অথচ তেওঁৰ এনে এটা পৰিয়ালত বিয়া হৈছিল যত নাৰীৰ ৰূপ-লাৱণ্য, তথা সৌন্দৰ্যৰ তেনে কোনো আদৰ নাছিলেই, মৰ্যাদাও নাছিল। নাৰীৰ প্ৰয়োজন কেৱল মাত্ৰ সন্তান জন্ম দিয়া, সন্তানৰ লালন-পালন কৰা তথা ঘৰখনৰ দায়িত্ব লোৱাই এনেবোৰ পৰিয়ালৰ নাৰীৰ কাম আছিল। তেওঁৰ মতে প্ৰকৃততে নাৰীৰ কমনীয়তা, অতুলনীয় সৌন্দৰ্য, আৰু প্ৰখৰ প্ৰজ্ঞাইহে নাৰীৰ মৰ্যাদাৰ প্ৰকৃত পৰিচয় হব পাৰে। এইধৰণৰ গুণবোৰে কোনোবা বস্তিৰ ছোৱালীকো সমাজত সকলোতকৈ সন্মানীয় কোনো মহিলাৰ সমতুল্য কৰি তুলিব পাৰে।

তেওঁ এক অপৰিসীম যন্ত্ৰণাৰ মাজতে দিনবোৰ পাৰ কৰি থাকে, ভাৱি থাকে যে তেওঁৰ জন্ম কেৱল আভিজাত্য আৰু বিলাসিতাৰ মাজত জীৱন কটোৱাৰ বাবেইহে হৈছিল। তেওঁ থকা এপাৰ্টমেণ্টটোৰ দাল-দৰিদ্ৰ অৱস্থা, বিবৰ্ণ ৱাল, কোঠাত সিঁচৰতি হৈ থকা লাম-লাকটুবোৰ, ভঙা-ছিঙা চকী, আৰু আওপুৰণি হৈ যোৱা পৰ্দাবোৰৰ বাবে তেওঁ মৰি যোৱাৰ সমান দুখ আৰু খং অনুভৱ কৰিছিল। এই সকলোবোৰেই প্ৰতিদিনেই তেওঁক মনোকষ্ট দিছিল, ক্ষণে ক্ষণে অপমানিত অনুভৱ কৰিছিল, অথচ তেওঁৰ সম-পৰ্যায়ৰ আন বহুতো ছোৱালীয়েই হয়তো এই সকলোবোৰ কথাৰ প্ৰতি বৰ বিশেষ লক্ষ্য নকৰিলেহেঁতেন, অথবা নিজকে কষ্ট নিদিলেহেঁতেন আৰু নিজৰ ওপৰতে খঙো নুঠিলেহেঁতেন! তেওঁলোক থকা সেই সাধাৰণ ঘৰটো নিৰ্মাণ কৰা চুটি- চাপৰ বৃটিছ মানুহজনক দেখিলেই তেওঁৰ মনত আহি থকা দুখ-অনুসূচনাত দগ্ধ হৈ উঠে আৰু জীৱনৰ সপোনবোৰে মৰোঁ জীওঁকৈ পুনৰ মূৰ দাঙি উঠে। তেওঁ কল্পনাতে একোটা শান্ত সমাহিত সু-সজ্জিত বৈঠকখানাৰ কথা ভাৱে, যিটোলৈ সোমাই যাওঁতে থকা দীঘলীয়া কৰিডোৰটোৰ মজিয়াখন প্ৰাচ্যদেশীয় ৰঙীণ কাৰ্পেটেৰে ঢকা থাকিব, কৰিডোৰটোত কেইবাটাও চাকি থকা প্ৰদীপ অথবা ঝাৰত লগোৱা ব্ৰঞ্জৰ টৰ্চলাইটবোৰ উগ্ৰ পোহৰেৰে আলোকিত হৈ থাকিব আৰু সেই পোহৰৰ ফলত উত্তপ্ত হৈ পৰা বতাহত আৰাম লাগি দ্বাৰৰক্ষী দুজন নিজৰ বহি থকা চকীতে টোপনিৰ আৱেশত থাকিব। তেওঁৰ কল্পনাৰ বৈঠকখানাত বিভিন্ন কাৰুকাৰ্য খচিত সুন্দৰ ডিজাইনৰ ৱাল থাকিব, অত্যন্ত মূল্যৱান আচবাব-পত্ৰ আৰু সুন্দৰ চিল্কৰ পৰ্দা থাকিব আৰু বৈঠক খানাৰ বিভিন্ন স্থানত সুন্দৰকৈ অঁকা ফুলদানি, প্লাষ্টিকৰ ফুলৰ থোপা, সুন্দৰ ডিজাইনৰ মূৰ্তি, মূল্যৱান চিত্ৰ আদিৰে ভৰি থাকিব। তাৰ লগতে সন্ধিয়াৰ সময়ছোৱাত সুগন্ধিযুক্ত পাৰফিউমেৰে মলমলাই থকা আন এটা সুসজ্জিত সৰু কোঠাত সমাজত গুৰুত্ব থকা ঘনিষ্ঠ পুৰুষ বন্ধু, যিসকলৰ সান্নিধ্য পাবলৈ প্ৰায় সকলো নাৰীয়েই কামনা কৰে, সেইসকলৰ বাবে সৰু সৰু পাৰ্টিৰ আয়োজন কৰিব, আৰু এইদৰে থকাৰ ফলত তেওঁক আন সকলো নাৰীয়েই হিংসা কৰিবলৈ ধৰিব।

একেৰাহে তিনিদিন ধৰি ব্যৱহাৰ কৰা লেতেৰা টেবুলক্লথখনেৰে ঢাকি ৰখা গোল টেবুলখনৰ সন্মুখত থকা পুৰণি চকীখনত নিশাৰ আহাৰৰ বাবে বহি যেতিয়া তেওঁৰ স্বামীয়ে চ্যুপৰ বাটিটোৰ ঢাকনিখন খুলি খুব উছ্বাসেৰে কবলৈ আৰম্ভ কৰে,-“আঃ বঢ়িয়া পটপাই! মই ইয়াতকৈ ভাল কিবা পাব পাৰি বুলি নাজানোৱেই!”, তেতিয়া স্বামীৰ ঠিক সন্মুখত বহি থাকি তেওঁ বিভিন্ন পৌৰাণিক নায়ক-নায়িকাসকলৰ কাহিনী তথা আপুৰুগীয়া চৰাই-চিৰিকটিৰ অংকনেৰে সমৃদ্ধ কাৰুকাৰ্য থকা পৰ্দাৰে আৱৰি থকা এক সুন্দৰভাৱে সজ্জিত ডাইনিং হলত এক ৰাজকীয় আড়ম্বৰপূৰ্ণ সন্ধিয়াৰ ভোজনৰ কল্পনা কৰি থাকেসে্ই ৰাজকীয় ভোজনত জিলমিলাই থকা ৰূপৰ বাচনত পৰিবেশন কৰা বিভিন্ন সুস্বাদু আহাৰৰ সুগন্ধই মলমলাই থাকিব। আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত সকলোৱে মিহি মিহিকৈ কথা-বতৰা পাতিব,  সামান্যকে হাঁহি হাঁহি বাজি থকা সংগীত শুনি থাকি গুলপীয়া ৰঙৰ দৰে হৈ পৰা ট্ৰাউটৰ মঙহ অথবা কুকুৰাৰ ঠেং খাই থকাৰ এক ৰুচিবোধসম্পন্ন নৈশ ভোজৰ কথা ভাবি ভাবি তেওঁ কোনোবাফালে চাই থাকে।

তেওঁৰ পিছে কোনো ভাল সাজ-পোছাক অথবা গহনা-গাঁথৰি একোৱেই নাছিল। অথচ তেওঁ কেৱল সেইবোৰ বস্তুহে আটাইতকৈ বেছি ভাল পাইছিল। তেওঁ অনুভৱ কৰিছিল যে সেইবোৰ বস্তু কেৱল তেওঁৰ বাবেইহে বনোৱা হৈছে। তেওঁ কেৱল আনক আনন্দ দিবৰ বাবে, আনে তেওঁক, কেৱল তেওঁকেই কামনা কৰাৰ বাবে, তেওঁৰ বুদ্ধিমত্তাৰ আৰু সুন্দৰী হোৱাৰ বাবে আনে তেওঁৰ প্ৰতি ঈৰ্ষা কৰাৰ বাবে আৰু সকলো অনবৰতে তেওঁৰেই প্ৰণয়প্ৰাৰ্থী হওক বুলি কামনা কৰি থাকিছিল।

স্কুলত পঢ়ি থকাৰ পৰাই তেওঁৰ এগৰাকী ধনী ঘৰৰ বান্ধৱী আছিল, বান্ধৱীজনীয়ে নিজৰ ঘৰলৈ তেওঁক নিমন্ত্ৰণ জনালে তেওঁ বিভিন্ন অজুহাত দেখুৱাই নোযোৱাকৈ থাকিছিল, কিয়নো বান্ধৱীৰ নিমন্ত্ৰণ ৰক্ষা কৰি গৈ বান্ধৱীৰ ঘৰৰ পৰা উলটি অহাৰ পিছত তেওঁ কিবা এক অসহনীয় যন্ত্ৰণা অনুভৱ কৰিছিল। প্ৰচণ্ড হতাশা,  দুখ,  অনুতাপ আৰু যন্ত্ৰণাৰ ভৰ ইমান বেছিকৈ তেওঁ অনুভৱ কৰিছিল যে তাৰ ফলত গোটেই দিনটো কেৱল উচুপিয়েই কটাইছিল। 

********

এদিন আবেলি তেওঁৰ স্বামীয়ে হাতত এটা এনভেলপ লৈ খুবেই উল্লাসিত হৈ ঘৰলৈ আহিল,-

এইয়া চোৱা,”- তেওঁ কলে, -“এয়া তোমাৰ বাবে বিশেষ কিবা এটা।

তেওঁ লগে লগেই খামটো খুলিলে আৰু এখন ছপা কাৰ্ড পালে যত এই কথাখিনি লিখা আছিল,-

অহা জানুৱাৰী মাহৰ ১৮ তাৰিখ, সোমবাৰে আবেলি দি মিনিষ্টাৰ অৱ পাব্লিক ইন্সট্ৰাকছন এণ্ড মেডাম জৰ্জ ৰেমপননিউয়ে তেওঁলোকৰ ঘৰত হব লগা সন্ধিয়াৰ মেহফিললৈ মিষ্টাৰ এণ্ড মেডাম লইজেলক আমন্ত্ৰণ জনাইছে আৰু তেওঁলোকৰ উপস্থিতি কামনা কৰিছে।''

কিন্তু তেওঁৰ স্বামীয়ে আশা কৰাৰ দৰে আনন্দত উল্লাসিত হৈ পৰাৰ বিপৰীতে তেওঁ এক খঙাল মুখাৱয়ৱেৰে নিমন্ত্ৰণী পত্ৰখন টেবুললৈ দলিয়াই দি ভোৰভোৰাই উঠিল,-

এইটোৰে মই কি কৰিম কোৱাচোন?”

কি হল ডাৰ্লিং, মই ভাবিছিলোঁ এই নিমন্ত্ৰণী পত্ৰখন পঢ়ি তুমি অত্যন্ত আনন্দিত হৈ উঠিবা। ইমান ডাঙৰ এখন অভ্যৰ্থনা থলীলৈ আগতে তুমি কেতিয়াও গৈ পোৱা নাই। এই নিমন্ত্ৰণৰ চিঠিখন পোৱাৰ বাবে মই কিমান যে কষ্ট স্বীকাৰ কৰি আহিছো। অফিচৰ প্ৰায় সকলোৱেই এই সুবিধাটো লব বিচাৰিছিল, কিন্তু এই সুবিধাটো কেৱল নিৰ্দিষ্ট কিছু সংখ্যক মানুহৰ বাবেহে ৰখা হৈছিল, অফিচৰ মোৰ সহকৰ্মীসকলৰ ভিতৰতো মাথো কেইজনমানেহে এই নিমন্ত্ৰণ পাবলৈ সক্ষম হল। আমি গলে সমাজৰ বিশিষ্ট ব্যক্তিসকলক লগ পোৱাৰ সৌভাগ্য হব।

তেওঁ স্বামীৰ ফালে কিবা এক বিৰক্তিৰে চাই থাকিল আৰু অধৈৰ্য হৈ চিঞৰি উঠিল,- “তুমি কিবা বুজি পোৱানে যে মই এনে এক অনুষ্ঠানলৈ কি পিন্ধি যাম?”

স্বামীয়ে এইবিষয়ত বিশেষ একো ভবাই নাছিল, সেয়ে কিছুপৰিমাণে খোনাই খোনাই কবলৈ ললে,-

কিয়, তুমি যে সেই সাজযোৰ পিন্ধি থিয়েটাৰ চাব গৈছিলা সেইযোৰকে পিন্ধিব পাৰা দেখোন! তোমাক সেই সাজযোৰত খুউব ধুনীয়া দেখোঁ।''

পত্নীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ লোৱা দেখি স্বামীয়ে থতমত খাই কিছুদেৰি মনে মনে থাকিল। নিজকে কিবা বুৰ্বক যেনো অনুভৱ হৈছিল, সেয়ে তেওঁ কি বুলি পত্নীক সান্ত্বনা দিব ধৰিব পৰা নাছিল। কিবা এক অসহায়তাত তেওঁৰ চকুৰ কোণেদি দুধাৰি লোতক বৈ আহিল। কিছু খোনাই খোনাই তেওঁ সুধিলে,-

কি হৈছে তোমাৰ?  কি হৈছে?”

পত্নীয়ে চকুৱেদি বৈ অহা লোতক মচি খুব কষ্টেৰে শান্ত হবলৈ চেষ্টা কৰি উত্তৰ দিলে,-

নাই, মোৰ একো হোৱা নাই। যিহেতু মোৰ কোনো ভাল সাজ নায়েই, সেয়ে পাৰ্টিলৈ নাযাওঁ দিয়া। তুমি এই নিমন্ত্ৰণী পত্ৰখন তোমাৰ কোনো বন্ধুক, যাৰ পত্নীয়ে মোতকৈ ভালকৈ সাজি-কাছি যাব পাৰিব তেওঁকে দি দিয়া।''

পত্নীৰ উত্তৰ শুনি তেওঁৰ হৃদয় কিবা এক দুখত ম্ৰিয়মান হৈ উঠিল,  সেয়ে পত্নীক সুধিলে,-

এটা কথা কোৱাচোন মাটিল্ডা, তুমি যাতে অন্য কোনো অনুষ্ঠানতো পিন্ধিব পাৰা তেনে এক সাধাৰণ তথা ধুনীয়া সাজত কিমান মান দাম পৰিব বাৰু?”

মাটিল্ডাই কিছু সময় চিন্তা কৰি মনতে হিচাব কৰি চাবলৈ ধৰিলে তেনে এক সাজত কিমান দাম পৰিব পাৰে, আৰু লগতে দামৰ অংকটো বেছি হৈ গলে হিচাব-নিকাচেৰে জীৱন চলোৱা কেৰাণীয়ে সেই দামটো শুনি সাজযোৰ কিনিবলৈ সন্মতি নিদিবও পাৰে বুলিও ভয়ে ভয়ে ভাবি থাকিল।

সেযে কিছু দ্বিধাজড়িত কণ্ঠেৰে তেওঁ উত্তৰ দিলে,-

মই খুব ভালদৰে নাজানো, তথাপিও অন্ততঃ চাৰিশ ফ্ৰাংকমান হব যেন লাগে।''

মিষ্টাৰ লইজেলৰ মুখখন কেহেঁৰাজ বৰণীয়া হৈ উঠিল, কাৰণ এই সম পৰিমাণৰ ফ্ৰাংক তেওঁ বন্দুক এটা কিনাৰ বাবে বহুদিন ধৰি জমা কৰি ৰাখিছিল, ভাবিছিল অহা গ্ৰীস্মকালত বন্ধুবৰ্গৰ সৈতে নাঁটেৰ উপত্যকাৰ সমভূমিত চিকাৰ কৰিবলৈ যাব। তেওঁৰ বন্ধুসকলে প্ৰায় দেওবাৰে তাত চিকাৰ কৰিবলৈ যায়।

তথাপিও তেওঁ কলে,-“ঠিক আছে, মই তোমাক চাৰিশ ফ্ৰাংক দিম। এই টকাৰে তুমি খুব সুন্দৰ সাজ এযোৰ কিনি লবা।

********

কিন্তু পাৰ্টিৰ দিন চমু চাপি অহাৰ লগে লগে মেডাম লইজেলক যথেষ্ট অস্থিৰ আৰু মনমাৰি থকা দেখা গল। অৱশ্যে তেওঁৰ সাজযোৰ তেওঁৰ পচন্দমতেই কিনি অনা হৈছিল। এদিন সন্ধিয়া তেওঁৰ স্বামীয়ে সুধিলে,-

তোমাৰ হৈছে কি কোৱাচোন?  যোৱা তিনিদিন ধৰি তোমাক খুবেই বিষন্ন হৈ থকা যেন লাগিছে?”

তেওঁ লাহেকৈ উত্তৰ দিলে,-“মোৰ দুখৰ কথানো কি ক, নতুন সাজযোৰৰ লগত মিলাই পিন্ধিবলৈ মোৰ কোনো অলংকাৰ নাই, নাই যে নাই নেকলেচ এডালো নাই। মোক যে কিমান দৰিদ্ৰ যেন দেখাব, কোনেও ঘূৰিয়েই নাচাব! মই পাৰ্টিত নোযোৱাই ভাল হব নেকি?”

স্বামীয়ে উত্তৰ দিলে,- “তুমি দেখোন ধুনীয়া ফুল পিন্ধি লব পাৰা। বছৰৰ এই সময়ছোৱাত ফুলবোৰ দেখিও বৰ ভাল লাগে। দহটা ফ্ৰাংক খৰচ কৰিলেই দুই তিনিটা খুব ধুনীয়া গোলাপ পাই যাবা।''

মাটিল্ডাক বুজোৱাটো ইমান সহজ নাছিল। নাই তেওঁ কলে,-“ইমান ধনী মহিলাসকলৰ মাজত নিজকে দাল-দৰিদ্ৰ হিচাবে দেখুৱাম, ইয়াতকৈ লজ্জাজনক আৰু একো নাই।''

হঠাতে আচৰিত হোৱা যেন দেখুৱাই তেওঁৰ স্বামীয়ে কলে,- “আমি যে কিমান বুৰ্বক! তুমি তোমাৰ বান্ধৱী মেডাম ফৰেষ্টিয়াৰৰ ঘৰলৈ গৈ তেওঁৰ পৰা কিছু অলংকাৰ খুজি আনিব পাৰা দেখোন! তোমাৰ তেওঁৰ লগত ইমান ভাল সম্পৰ্ক, তুমি এদিনৰ কাৰণে বিচাৰিলে তেওঁ নিদিয়াকৈ নাথাকে।''

বান্ধৱীৰ কথা মনত পৰি মাটিল্ডাৰ মন আনন্দত নাচি উঠিল।

তুমি ঠিকেই কৈছা। তেওঁ কলে,-“মই এই কথাটো আগতে ভবাই নাছিলোঁ।''

পাছদিনা দিনৰ ভাগতে তেওঁ বান্ধৱীৰ ঘৰলৈ গৈ নিজৰ সমস্যাটোৰ কথা জনালে। মেডাম ফৰেষ্টিয়াৰে তেওঁৰ ৰুমৰ গ্লাছৰ দুৱাৰ থকা ৱাৰ্ড্ৰৱটো খুলি এটা ডাঙৰ গহনাৰ বক্স হাতত লৈ মেডাম লইজেলৰ ওচৰলৈ আনি সেইটো খুলি দি কলে,-“তোমাক যি লাগে ইয়াৰ পৰা বাছি লোৱা।''

প্ৰথমে তেওঁ দুডালমান ব্ৰেছলেট চালে, তাৰপিছত সুন্দৰ ৰত্নখচিত সোণৰ ভেনিছীয় ক্ৰছ থকা এডাল মুক্তাৰ হাৰ উলিয়াই ললে। অলংকাৰখিনি পিন্ধি আয়নাত নিজকে কেনে দেখাইছে চালে, কিছু দ্বিধাগ্ৰস্ত হৈ পৰিল তেওঁ, অলংকাৰখিনি পিন্ধিবলৈ লবনে নলব সেইটোও ঠিৰাং কৰিব নোৱাৰিলে। তথাপিও সেইবোৰ খুলি বক্সটোত থৈ থৈ সুধিলে,-

এইবোৰৰ বাহিৰে আন একো নাই নেকি?”

কিয়, আছেতো আৰু বহুতো। তুমি নিজেই চাই লোৱানা!  কোনডাল তোমাৰ অতিকে বেছি পচন্দ হব সেইটো মই নাজানো।''

মাটিল্ডাই হঠাতে কলা ৰেশমী কাপোৰেৰে মেৰিয়াই থোৱা এটা বক্সত অত্যন্ত সুন্দৰ এডাল হীৰাৰ নেকলেচ বিচাৰি পালে, নেকলেচডাল দেখি তাক পিন্ধাৰ বাবে এক তীব্ৰ আকাংক্ষা অন্তৰত অনুভৱ কৰিবলৈ ধৰিলে। সেইডাল হাতত লোৱাৰ সময়তো তেওঁৰ হাতখন কঁপিবলৈ ধৰিলেনেকলেচডাল ডিঙিত পিন্ধি লৈ আইনাত নিজকে দেখি তেওঁ আনন্দিত হৈ উঠিল।

অলপ সময়ৰ পিছত তেওঁ কিছু সংকোচ আৰু উদ্বেগেৰে সেই হাৰ ডাল লবলৈ সুধিলে,-

তুমি এইডালকেই মোক পিন্ধিবৰ বাবে ধাৰলৈ দিব পাৰিবানে বাৰু?”

একো কথা নাই। লৈ যোৱা...

মাটিল্ডাই আনন্দতে উৎফুল্লিত হৈ বান্ধৱীক সজোৰে সাৱটি ধৰিলে আৰু অলংকাৰ লৈ ঘৰলৈ উভতি আহিল।

********

পাৰ্টিৰ দিন পালেহি। মেডাম লইজেল আনন্দত আত্মহাৰা হৈ পৰিল। পাৰ্টিত উপস্থিত নাৰীসকলৰ মাজত তেওঁকেই অত্যন্ত সুন্দৰী, ৰুচিসম্পন্ন, মাৰ্জিত তথা হাঁহি-তামাছা আৰু আনন্দৰ মাজত থকা যেন লাগিছিল। সকলো পুৰুষেই তেওঁৰ ফালে অপলক নেত্ৰেৰে চাই থাকিছিল, তেওঁৰ নাম জানিব বিচাৰিছিল, তথা তেওঁৰ লগত চিনাকি হব খুজিছিল। উপস্থিত আন মন্ত্ৰীসকলেও তেওঁৰ লগত নাচিবলৈ আগ্ৰহ কৰা দেখা গৈছিল। অভ্যৰ্থনা আগবঢ়োৱা স্বয়ং শিক্ষা মন্ত্ৰীজনেও তেওঁকেই বিশেষভাৱে গুৰুত্ব দি থাকিল।

মাটিল্ডাই এই সকলোবোৰ পাই কব নোৱাৰা হৈ পাগলৰ দৰে নাচিবলৈ ধৰিলে, মনৰ আনন্দৰ আতিশৰ্য ইমান বেছিকৈ উপভোগ কৰিলে যে আন কাৰোৰে কথা ভাবিবলৈ আহৰি নাই, তেওঁৰ নিজৰ ৰূপ-লাৱণ্যৰ বাবে পোৱা সকলোৰে আকৰ্ষণক বিজয়োল্লাসৰ দৰে অনুভৱ হ, এই সফলতাৰ অহংকাৰ, সুখৰ আৱেশত ভাঁহি যোৱাৰ আনন্দ, এই সকলোবোৰেই তেওঁক এক অদ্ভূত মানসিক আনন্দ দিলে, তেওঁৰ মনৰ সকলো সপোন, বাসনা আজি যেন পূৰ্ণ হল তেনে অনুভৱ হল। নাৰীৰ হৃদয়ৰ এইদৰে সম্পূৰ্ণ জয়ী হোৱাৰ উল্লাস যেন জীৱনৰ অত্যন্ত এক মধুৰতম ক্ষণ তেওঁৰ এনে অনুভৱ হল।

পুৱা প্ৰায় চাৰিটামান বজাত মাটিল্ডাই পাৰ্টি ৰুমৰ পৰা ওলাই আহিল। তেওঁৰ স্বামী আৰু তিনিজনমান বন্ধু, বন্ধু পত্নীসকলেও আনন্দ-স্ফূৰ্তিতে সময় পাৰ কৰি থাকি এটা সৰু ৰুমত মাজৰাতিলৈকে তেওঁলৈ অপেক্ষা কৰি ইতিমধ্যেই শুই পৰিছিল।

ঘৰলৈ উভতি আহিবৰ বাবে মাটিল্ডাই লগত লৈ অনা অতি সাধাৰণ শ্বলখন পাৰ্টিত পিন্ধা সাজযোৰৰ ওপৰতে মেৰিয়াই ললে, কিন্তু সেই সাধাৰণ শ্বলখনৰ লগত পাৰ্টিত পিন্ধা সাজযোৰৰ আকাশ-পাতাল প্ৰভেদ আছিল। ধনী ঘৰৰ মহিলাসকলে তেওঁলোকৰ দামী পোছাকৰ ওপৰত মূল্যৱান কোট পিন্ধাটো লক্ষ্য কৰি মাটিল্ডা এইক্ষেত্ৰত আগতীয়াকৈ সচেতন হৈ আছিল যাতে তেওঁলোকে মাটিল্ডাক এই শ্বলখনেৰে মেৰিয়াই থকা দেখা নাপায় সেয়ে তেওঁ খুব সোনকালে ঘৰলৈ উভতি যাবলৈ উদ্বিগ্ন হৈ পৰিছিল।

মিষ্টাৰ লইজেলে তেওঁক ৰখাই দিলে,-

অকনমান ৰোৱাচোন! তেওঁ কলে,- “মুকলি ঠায়েদি খোজকাঢ়ি গৈ থাকোঁতে তোমাৰ ঠাণ্ডা লাগি যাব। মই টেক্সি এখন বিচাৰি আনোঁ।

কিন্তু মাটিল্ডাই তেওঁৰ কথা নুশুনাৰ দৰে কৰি দ্ৰুতগতিৰে চিৰিয়েদি নামি গল। ৰাস্তাত গৈ তেওঁলোকে কোনো টেক্সি বিচাৰি নাপালে, ইফালে-সিফালে চাই কিছু দূৰৈত দেখা পোৱা টেক্সি চালকক লক্ষ্য কৰি তেওঁলোকে চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে।

একো নাপায় হতাশ হৈ তেওঁলোকে চেইন নদীৰ পাৰৰ ৰাস্তাইদি খোজ দিবলৈ ধৰিলে, আৰু ঠাণ্ডাত ঠকঠককৈ কঁপিবলৈ ধৰিলে। অৱশেষত জাহাজঘাটৰ ওচৰত তেওঁলোকে এখন পুৰণি গাড়ী পালে, যিবোৰ গাড়ী পেৰিছত সাধাৰণতে কেৱল ৰাতিৰ আন্ধাৰৰ সময়তহে দেখা পোৱা যায়। এনে লাগে যেন দিনৰ পোহৰত নিজৰ জৰাজীৰ্ণ ৰূপ দেখুৱাবলৈ এই পুৰণি গাড়ীবোৰে লাজ পায়!

গাড়ীখনে তেওঁলোকৰ এপাৰ্টমেণ্ট থকা মাৰ্টিয়াছ ষ্ট্ৰীটৰ সন্মুখত নমাই দিলে, আৰু তাৰ পৰা তেওঁলোকে ভাগৰুৱা হৈ নিজৰ এপাৰ্টমেণ্টৰ ফালে যাবলৈ ধৰিলে। মাটিল্ডাৰ বাবে এয়া আছিল এক সফল সমাপ্তি। কিন্তু স্বামীৰ মনলৈ আহিল যে তেওঁ পুৱা দহ বজাৰ ভিতৰতে অফিচ পাবগৈ লাগিব।

মাটিল্ডাই আইনাৰ সন্মুখত ৰৈ তেওঁৰ কান্ধলৈকে ঢাকি ৰখা শ্বলখন আঁতৰাই পাৰ্টিত পিন্ধা সাজযোৰত শেষবাৰৰ বাবে কিছুদেৰি নিজকে চাই চাই নিজৰ ৰূপতেই মনোমুগ্ধ হৈ থাকিল। কিন্তু হঠাতেই তেওঁ আৰ্তনাদ কৰি উঠিল। তেওঁৰ ডিঙিত নেকলেচডাল নাই।

মিষ্টাৰ লইজেলে ইতিমধ্যে তেওঁৰ পোছাক আধা খুলি পেলাইছিল। মাটিল্ডাৰ ওচৰলৈ আহি সুধিলে,-

কি হল কোৱাচোন, কিয় চিঞৰিছা?”

মাটিল্ডাই চৰম হতাশাৰে তেওঁৰ ফালে চালে,-

ম..ম...মই মেডাম ফৰেষ্টিয়াৰৰ নেকলেচডাল বিচাৰি পোৱা নাই।''

লইজেলে চকু ডাঙৰ কৰি ভীষণ আশ্বৰ্যৰে মাটিল্ডাৰ ফালে চাই সুধিলে,-

কি? কি কথা কৈছা?  এয়া অসম্ভৱ!

তেওঁলোক দুয়োয়ে মাটিল্ডাৰ সাজযোৰ জোকাৰি, ভাঁজে ভাঁজে, পকেটত তথা সকলোতে তন্ন তন্নকৈ বিচাৰি চালে। নেকলেচডাল কতো নাই।

মিষ্টাৰ লইজেলে কলে,-“তুমি বাৰু সঠিককৈ মনত পেলাব পাৰানে যে বলৰূমৰ পৰা ওলাই অহাৰ সময়ত নেকলেচডাল তোমাৰ ডিঙিতে আছিল বুলি!

হয়, বলৰুমৰ পৰা ওলাই আহি তোমালোকে আৰাম কৰি থকা কোঠাটোলৈ আহোঁতে নেকলেচডাল মই চুই চাইছিলোঁ।”

কিন্তু নেকলেচডাল যদি তুমি ৰাস্তাত হেৰুৱাইছিলা, তেন্তে সেইডাল পৰি যোৱাৰ শব্দ আমি শুনিলোহেঁতেন!

হয়, ব পাৰে! অথবা কিবা প্ৰকাৰে গাড়ীখনৰ নম্বৰটো তোমাৰ মনত আছে নে বাৰু?”

নাই! তুমি মন কৰিছিলা নেকি? মোৰ দেখোন মনত পৰা নাই।''

নাই..

দুয়োজনে ভীষণ হতাশাত একো ভাৱি নাপাই ইজনে সিজনলৈ চাই থাকিল। শেষত, মিষ্টাৰ লইজেলে পোছাকযোৰ পুনৰ পিন্ধি কলে,-

মই বাহিৰলৈ যাওঁ, যিবোৰ ঠায়েদি আমি খোজকাঢ়ি আহিছিলো, সেইবোৰ ঠাইত বিচাৰি চাওঁ, কিজানিবা নেকলেচডাল পাওঁৱেই!

মিষ্টাৰ লইজেল বাহিৰলৈ গল। মাটিল্ডাই সন্ধিয়াৰ পাৰ্টিলৈ পিন্ধি যোৱা পোছাকযোৰেই পিন্ধি থাকিল, বিছনাত গৈ শুই পৰাৰ সমান শক্তিকণো যেন তেওঁ হেৰুৱাই পেলাইছিল, নিৰুত্তাপ আৰু চিন্তাশূণ্য হৈ তেওঁ নিমাতে চকীতে বহি থাকিল।

তেওঁৰ স্বামী পুৱা সাতমান বজাত ঘৰলৈ উভতি আহিল। তেওঁ নেকলেচডাল কতোৱেই বিচাৰি নেপালে।

মিষ্টাৰ লইজেলে পুলিচ থানালৈ গ, টেক্সীবোৰৰ অফিচত গৈ পুৰণি গাড়ীখনৰ বিষয়ে খবৰ-বাতৰি কৰিলে, আৰু বাতৰি কাকতৰ অফিচলৈও গৈ নেকলেচডাল বিচাৰি উভতাই দিওঁতাজনক পুৰস্কাৰ দিয়া হব বুলি ঘোষণা কৰি এটা বিজ্ঞাপনো দিলে, তেওঁৰ দ্বাৰা যিমানখিনি সম্ভৱ সেই সকলোখিনি কৰিলে। নেকলেচডাল বিচাৰি পাবলৈ যিমানখিনি সম্ভৱ চেষ্টা কৰা বুলি জানি মাটিল্ডাৰ মনলৈ সামান্য আশাৰ সঞ্চাৰ হল।

মাটিল্ডাই গোটেই দিনটো এই ভয়ানক বিপৰ্যয়ৰ বাবে সেই আগৰ দৰে একো নথকাৰ হতাশাত বিহ্বল হৈ পৰাৰ দৰেই একেই ধৰণেৰে বিহ্বল, আতংকিত হৈয়েই কটালে সন্ধিয়াৰ ফালে অত্যন্ত বিষণ্ণ আৰু মলিন বদনেৰে মিষ্টাৰ লইজেল ঘৰলৈ উভতি আহিল, আৰু তেওঁ নেকলেচডাল কতোৱেই বিচাৰি নাপালে,-

এইটো খুবেই জৰুৰী হৈ পৰিছে“,-তেওঁ কলে,-“তুমি এতিয়াই তোমাৰ বান্ধৱীলৈ চিঠি এখন লিখা, এইবুলি উল্লেখ কৰিবা যে তেওঁৰ নেকলেচডালৰ ভাঁজ এটা ভাঙি গল আৰু সেয়ে নেকলেচডাল মেৰামতি কৰিবলৈ দিব লাগিব। এইদৰে চিঠি এখন দিলে ইয়াৰ পিছত কি কৰিব পৰা যায় সেইটো ভাবিবলৈ আমাৰ হাতত অন্ততঃ কিছু সময় পোৱা যাব।

মাটিল্ডাই তেওঁৰ স্বামীৰ কথামতেই চিঠিখন লিখিলে।

*******

কিন্তু সপ্তাহটোৰ শেষলৈকে তেওঁৰ নেকলেচডাল বিচাৰি পোৱাৰ সকলো আশা শেষ হৈ গল। আৰু বয়সত মাটিল্ডাতকৈ পাঁচ বছৰৰ ডাঙৰ মিষ্টাৰ লইজেলে ঘোষণা কৰিলে,-

নেকলেচডাল কেনেকৈ উভতাই দিয়া যায়, আমি এতিয়া সেইটো কথা ভাবিবৰ হল।''

পিছদিনা তেওঁলোকে নেকলেচডাল থোৱা বক্সৰ ভিতৰত লিখা থকা অলংকাৰৰ দোকানৰ ঠিকনামতে দোকানখন বিচাৰি উলিয়ালেগৈ! নেকলেচডালৰ বক্সটো দেখুৱাই সেইধৰণৰ নেকলেচৰ বিষয়ে জানিব বিচৰাত দোকানীয়ে ৰছিদ পত্ৰ চাই কলে,-

মেডাম, এই নেকলেচডাল আমি বিক্ৰী কৰা নাছিলো। কেৱল এই বাকচটোহে আমাৰ পৰা কিনা হৈছিল।''

ইয়াৰ পিছত তেওঁলোকে এখনৰ পিছত এখনকৈ কেইবাখনো অলংকাৰৰ দোকানত গ, হেৰুৱা নেকলেচডালৰ দৰে নেকলেচ বিচাৰিলে, মনত পৰাখিনিলৈকে নেকলেচডালৰ বৰ্ণনা দি দোকানীৰ পৰামৰ্শ বিচাৰিলে, এইদৰে কৰি থকাৰ সময়ছোৱাত তীব্ৰ অনুসূচনা আৰু মনোকষ্টৰ বাবেই দুয়োজনকে যথেষ্ট অসুস্থ দেখা গৈছিল।

অৱশেষত পেৰিছৰ পালাই ৰয়েল পথত থকা এখন অলংকাৰৰ দোকানত সেই হেৰুৱা হীৰাৰ নেকলেচডালৰ দৰে এডাল বিচাৰি পোৱা গ,  দেখাত ঠিক তেওঁলোকে বিচাৰি থকা আগৰডালৰ দৰেই! নেকলেচডালৰ মূল্য আছিল চল্লিশ হাজাৰ ফ্ৰাংক। অৱশ্যে দোকানীজনে তেওঁলোকক নেকলেচডাল ছত্ৰিশ হাজাৰ ফ্ৰাংকত বিক্ৰি কৰিবলৈ ৰাজী হল।

তেওঁলোকে দোকানীজনক এইবুলি অনুৰোধ কৰিলে যে দোকানীজনে যেন অহা তিনিদিনলৈ নেকলেচডাল কাকো বিক্ৰী নকৰে। আৰু লগতে তেওঁলোকে দোকানীজনৰ লগত এনে এক চৰ্ততো উপনীত হল যে ফেব্ৰুৱাৰী মাহটো শেষ হোৱাৰ আগতেই  যদি তেওঁলোকৰ হেৰুওৱা নেকলেচডাল বিচাৰি পাই, তেন্তে দোকানীজনে এতিয়া তেওঁলোকে কিনিব লগা নেকলেচডাল অন্ততঃ চৌত্ৰিশ হাজাৰ ফ্ৰাংকত পুনৰ কিনি লব।

মিষ্টাৰ লইজেলৰ হাতত তেওঁৰ পিতৃয়ে সাঁচি থৈ যোৱা ওঠৰ হাজাৰ ফ্ৰাংক জমা আছিল। তেওঁ ভাবিলে, বাকীখিনি তেওঁ কাৰোবাৰ পৰা ধাৰে বিচাৰিব।

তেওঁ সেইমতেই ধাৰ কৰিলে, এজনৰ পৰা এক হাজাৰ ফ্ৰাংক, অন্য এজনৰ পৰা পাঁচশ ফ্ৰাংক, এঠাইৰ পৰা পাঁচ লুই আৰু আন এঠাইৰ পৰা তিনি লুই ধাৰ ললে। লগতে সুদৰ কাৰবাৰ কৰাসকলৰ ওচৰত চুক্তি কৰি আৰু মহাজনৰ ওচৰত ঘৰৰ সম্পত্তিৰ দলিলো জমা কৰি ঋণ লবলগাত পৰিল। তেওঁ তেওঁৰ সমস্ত জীৱনটোকেই বন্ধকীত থব লগীয়া হ, ঋণ পৰিশোধ কৰিব পাৰিব নে নোৱাৰে সেইটো নজনাকৈয়ে দলিলত চুক্তি স্বাক্ষৰ কৰিবলগীয়া হোৱাৰ ক্ষণটোত কিবা এক গভীৰ যন্ত্ৰণাই তেওঁক আৱৰি ধৰিলে, কষ্টকৰ তথা অন্ধকাৰ ভৱিষ্যতৰ কথা ভাবি তেওঁ ভয়ত শিঁয়ৰি উঠিল, গভীৰ দুৰ্দশাত পৰিব লগা হোৱাৰ আশংকাত, সকলো ধৰণৰ শাৰিৰীক বঞ্চনা আৰু মানসিক পীড়াৰ সম্ভাৱনাৰ কথা ভাবি ভাবি তেওঁলোকে হীৰাৰ নতুন নেকলেচডাল কিনিবলৈ গল। অলংকাৰৰ দোকানৰ কাউণ্টাৰত তেওঁলোকে ছত্ৰিশ হাজাৰ ফ্ৰাংক জমা দি নেকলেচ ডাল লৈ আহিল।

যেতিয়া মেডাম লইজেলে নেকলেচডাল মেডাম ফৰেষ্টিয়াৰক উভতাই দিবলৈ গ, মেডাম ফৰেষ্টিয়াৰে সামান্য টানকৈয়ে কলে,-“তুমি নেকলেচডাল কিছুদিন আগতেই উভতাই দিব লাগিছিল, মাজতে মোৰ এইডাল পিন্ধিবলৈ মন গৈছিল।''

মাটিল্ডাই বান্ধৱীৰ ওচৰত কিবা প্ৰকাৰে ধৰা পৰি যোৱাৰ আশংকা কৰিছিল যদিও বান্ধৱীয়ে নেকলেচডাল থোৱা বক্সটো খুলি চোৱা নাছিল। তেওঁ ভাৱিছিল যদি বান্ধৱীয়ে নেকলেচ ডাল বদলি হল বুলি ধৰিব পাৰে তেতিয়া কি হ? তেওঁ কি ক বাৰু?  বান্ধৱীয়ে তেওঁক চোৰ বুলি ভাবিব নেকি?

*******

মেডাম লইজেলে দৰিদ্ৰতাৰ এক শোচনীয় পৰিস্থিতিৰ লগত পৰিচয় হবলৈ ধৰিলে। এইবাৰ প্ৰথমৰে পৰাই তেওঁ ঘৰৰ দায়িত্বখিনি সাহসেৰে পালন কৰিবলৈ চেষ্টা কৰিলে। এই ভয়ংকৰ ঋণ যেনেতেনে পৰিশোধ কৰিবই লাগিব। পৰিশোধ কৰিবই-তেওঁ ভাবিলে। সেয়ে ঘৰৰ কাম কৰা মানুহক আঁতৰোৱা হল। তেওঁলোকৰ থকা ফ্লেটটো সলাই পেলালে,  ছাদৰ ওপৰৰ ফালে থকা সৰু ঘৰ এটা ভাড়ালৈ লৈ থাকিবলৈ ললে।

তেওঁ ঘৰৰ ডাঙৰ ডাঙৰ কাম-কাজবোৰৰ লগত পৰিচয় হবলৈ ললে, ৰান্ধনীঘৰৰ ৰন্ধা-বঢ়াৰ লগতে সকলো লেতেৰা কামো কৰিবলৈ ললে। তেওঁ কাঁহি-বাতিবোৰ ধুবলৈ ললে,  তেওঁৰ আঙুলীৰ ধুনীয়া গুলপীয়া নখবোৰেৰে কেৰাহীবোৰৰ তেলীয়া তৰপবোৰ আৰু তলৰ লেতেৰাবোৰ চাফা কৰিবলৈ ধৰিলে। লেতেৰা বিছনা চাদৰ, অন্তৰ্বাস,  মোজা, চাৰ্ট আৰু অন্যান্য কাপোৰ আদি নিজে ধুই শুকাবলৈ ছাদৰ ওপৰত মেলি দিয়ে,  তেওঁ প্ৰতিদিনে পুৱাই চিৰিৰে বগাই তলৰ ৰাস্তালৈ গৈ ডাষ্টবিনৰ লেতেৰা বস্তু পেলায় আৰু পানী ভৰোৱা ডাঙৰ বাচনবোৰ ডাঙি ওপৰলৈ উঠোঁতে প্ৰতিটো চিৰিৰ ঢাপতে অলপ ৰৈ উশাহ লব লগা হয়। সাধাৰণ দুখীয়া মহিলাৰ দৰে সাজ-পোছাক পিন্ধি তেওঁ হাতত টোপোলা লৈ ঘৰৱা বয়-বস্তুৰ দোকানত,  মাংসৰ দোকানী আৰু ফলবিক্ৰেতাৰ দোকানত যায়,  অপমানিত অনুভৱ কৰিলেও তেওঁলোকৰ কষ্টোপাৰ্জিত প্ৰতিটো পেনি,  আধা-পেনি বচাবলৈ দৰদাম মাৰিহে বস্তু কিনিবলৈ চায়।

প্ৰতি মাহেই ঋণৰ কিস্তি পৰিশোধ কৰিবই লাগিব,  নহলে সময়মতে কিস্তি নিদিয়াৰ বাবে নতুনকৈ ঋণ লগাই দিয়া হয়।

তেওঁৰ স্বামীয়ে অফিচৰ পৰা আহি প্ৰতি সন্ধ্যাই কেইবাজনো ব্যৱসায়ীৰ হিচাব নিকাচৰ খাটা চায়। প্ৰায় ৰাতিয়েই প্ৰতি পৃষ্ঠাতে দুই পেনি, আধা পেনি হিচাবে মূল্য লৈ তেওঁ খাতাবোৰৰ নকল কৰাৰ কাম কৰে।

এইদৰেই জীৱনৰ দহটা বছৰ পাৰ হৈ গল।

দহবছৰৰ শেষৰ ফালে তেওঁলোকৰ সকলো ধাৰ-ঋণ পৰিশোধ কৰা হলগৈ! মহাজনৰ, সুদৰ কাৰবাৰৰ টকা,  তাৰ লগত জমা হোৱা চক্ৰবৃদ্ধি সুদকে আদি কৰি সকলোবোৰ ঋণেই পৰিশোধ কৰা হল।

মেডাম লইজেলক এতিয়া যথেষ্ট বৃদ্ধা দেখা যায়। তেওঁ অন্যান্য দুখীয়া পৰিয়ালৰ মহিলাসকলৰ দৰে যথেষ্ট শক্তিশালী,  পেশীবহুল আৰু মেদবহুল হৈ পৰিছে। তেওঁৰ চুলিখিনি খেলি-মেলি,  অপৰিপাটি হৈ থাকে,  পিন্ধি থকা স্কাৰ্ট ফিচিকি যোৱা, হাতদুখন ৰঙা হৈ উঠিছে,  তেওঁৰ কথা-বতৰাবোৰো ককৰ্ষ হৈ পৰিছিল আৰু প্ৰায়ে এগালমান পানী পেলাই মজিয়াবোৰ অকাৰণতে পৰিষ্কাৰ কৰি থকা দেখা গৈছিল কিন্তু কেতিয়াবা কেতিয়াবা যেতিয়া তেওঁৰ স্বামী অফিচত থাকে, তেতিয়া তেওঁ খিৰিকীৰ কাষত বহি বহুবছৰৰ আগৰ সেই সন্ধ্যাটোৰ কথা ভাৱে, সেই বলৰুম যত তেওঁক অত্যন্ত সুন্দৰী দেখা গৈছিল, আৰু কিদৰে তেওঁৰ ৰূপমুগ্ধসকলে তেওঁক আৱৰি ৰাখিছিল।

কি যে হলহেঁতেন যদিহে সেই নেকলেচডাল সেইদিনা তেওঁ নেহেৰুৱালেহেঁতেন! কোনে জানে? কোনেনো জানে বাৰু?  জীৱনটোযে কিমান বিস্ময়কৰ, কিমান যে পৰিৱৰ্তনশীল! এটা অতি সামান্য ঘটনা বা কথাই কেনেদৰে একো একোটা জীৱন  ধ্বংস কৰি দিব পাৰে অথবা কেতিয়াবা বচাবও পাৰে!

********

গোটেই সপ্তাহটোৰ অহৰ্নিশ পৰিশ্ৰমৰ পিছত নিজৰ মনটোক স্বাভাৱিক কৰাৰ উদ্দেশ্যে এদিন ৰবিবাৰে তেওঁ চ্যেম্প্চ এলিচিজৰ ফালে খোজ কাঢ়ি যাবলৈ ধৰিলে। হঠাতে তেওঁ লক্ষ্য কৰিলে যে এটি শিশুক হাতত ধৰি এগৰাকী মহিলাই খোজ কাঢ়ি আহি আছে। তেওঁ দেখোন মেডাম ফৰেষ্টিয়াৰ, এতিয়াও ইমান কম বয়সীয়া যেন লাগিছে, ইমান ৰূপৱতী তথা তেওঁক খুবেই আকৰ্ষণীয় দেখা গৈছে। মেডাম লইজেল কিবা এক দুখত আক্ৰান্ত হৈ পৰিল। অলপ সময় নিজৰ মাজতেই কথা কটা-কটি কৰি থাকিল। তেওঁ কি মেডাম ফৰেষ্টিয়াৰক মাত দিয়া উচিত?  হয়, নিশ্চয়কৈ! আৰু যিহেতু তেওঁ সকলোবোৰ ধাৰ-ঋণ মাৰি শেষ কৰিলে,  তেওঁ সেই সকলোবোৰ কথা মেডাম ফৰেষ্টিয়াৰক কোৱা উচিত। কিয়নো নক?

মেডাম লইজেলে তেওঁৰ ফালে আগবাঢ়ি গ,-

গুড মৰ্ণি, জীয়েন...।

মেডাম ফৰেষ্টিয়াৰে তেওঁক চিনিব নোৱাৰিলে, এগৰাকী খুবেই সাধাৰণ মহিলাই প্ৰথম অভিবাদনতেই ইমান অন্তৰংগতাৰে তেওঁৰ নাম ধৰি সম্বোধন কৰা দেখি তেওঁ অলপ আচৰিতো হল। তেওঁ অলপ ইতস্ততঃ কৰি কৈ উঠিল,-

কিন্তু, মেডাম-মই আপোনাক একেবাৰে চিনি পোৱা নাই। আপুনি নিশ্চয় মোক আন কোনোবা বুলি ভুল কৰিছে।

নহয়, মই মাটিল্ডা লইজেল।

তেওঁৰ বান্ধৱীয়ে আচৰিত হৈ চিৎকাৰ কৰি উঠিল,-

অহ! মাটিল্ডা, মোৰ মৰমৰ বান্ধৱী, তুমি যে কেনেকৈ ইমান সলনি হৈ গলা?”

হয়, তোমাক শেষবাৰৰ বাবে লগ কৰাৰ সময়ৰ পৰা আমি এক কঠিন সময়ৰ মাজেদি পাৰ কৰি আহিছো। বহুত বেছি দুখ-কষ্ট পালোঁ, আৰু তুমি জানানে যে সেই সকলোবোৰ দুখ তোমাৰ বাবে ভোগ কৰিবলগা হল।

মোৰ বাবে?  সেইটো কেনেকৈ সম্ভৱ,  কি হৈছিল?”

তোমাৰ মনত আছে নে সেই যে মন্ত্ৰণালয়ৰ বলৰুমৰ পাৰ্টিত পিন্ধাৰ বাবে মই তোমাৰ সেই হীৰাৰ নেকলেচডাল আনিছিলোঁ!

হয়, মনত পৰিছে,  কিন্তু তাৰ পিছত কি হ?”

আচলতে মই সেইডাল হেৰুৱাই পেলাইছিলোঁ।

তুমি কি কোৱা?  তুমি দেখোন সেই নেকলেচডাল মোক উভতাই দিছিলা!

মই তোমাক ঠিক সেই নেকলেচডালৰ দৰেই বেলেগ এডালহে উভতাই দিছিলো। আৰু যোৱা দহবছৰে সেইডালৰ বাবে আমি মূল্য দি থাকিবলগীয়া হৈছে। তুমি বুজিব পাৰিবা নিশ্চয় যে সেইটো আমাৰ বাবে কাহানিও সহজসাধ্য নাছিল, আমাৰ বিশেষ কিবা টকা-পইচা, সম্পত্তিও নাছিল। তথাপিও অৱশ্যে সেই সকলোবোৰ ধাৰ-ঋণ মাৰিবলৈ যে সক্ষম হলো আমাৰ সেইটোৱেই পৰম আনন্দ।

মেডাম ফৰেষ্টিয়াৰে তেওঁক মাজতে ৰখালে। তেওঁ সুধিলে,-

তুমি কৈছা যে মোৰ সেই নেকলেচডালৰ পৰিৱৰ্তে তুমি হীৰাৰ নেকলেচ কিনিছিলা?”

হয়, তুমি কি সেইটো ইমান বছৰেও লক্ষ্য কৰা নাই। অৱশ্যে দুয়োডাল নেকলেচ দেখাত প্ৰায় একেই আছিল।'' মেডাম লইজেলে কিবা এক আত্মতৃপ্তি পোৱাৰ দৰে মিহিকৈ হাঁহিলে, কিবা যেন এক নিৰ্মল সুখৰ আভাস আছিল সেই হাঁহিত। তাকে দেখি মেডাম ফৰেষ্টিয়াৰ যথেষ্ট গহীন হৈ পৰিল, মেডাম লইজেলৰ হাতদুখন নিজৰ হাতৰ মুঠিত লৈ তেওঁ কবলৈ ধৰিলে,-

হে ভগৱান! মাটিল্ডা, কি যে তুমি! কিন্তু মোৰ সেই নেকলেচডাল হীৰাৰ নাছিল। সেইডালৰ মূল্য খুব বেছি যদি হয় মাত্ৰ পাঁচশ ফ্ৰাংকৰহে আছিল।

 

গল্পকাৰ পৰিচিতিঃ ফৰাচী গল্পকাৰ গ্যী দ্যঁ মোপাছাঁ (৫ আগষ্ট ১৮৫০  ৬ জুলাই ১৮৯৩)(Guy de Maupassant) বিশ্বৰ গল্প সাহিত্য জগতৰ এক নমস্য নাম। গল্পৰ লগতে মোপাছাঁ কবি আৰু উপন্যাসিক হিচাবেও জনপ্ৰিয় আছিল। আধুনিক গল্প সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা মোপাছাঁৰ গল্পত সাধাৰণতেই মানুহৰ জীৱন ধাৰা আৰু কপালৰ লিখন তথা সামাজিক নিয়ম-কানুনৰ প্ৰতি ভৎসনা আৰু প্ৰায়েই জীৱনৰ প্ৰতি নিৰাশাবাদী ভাৱধাৰাৰ প্ৰকাশ দেখা পোৱা গৈছিল।

১৮৫০ চনত ফ্ৰান্সৰ নৰমাণ্ডিত জন্মগ্ৰহণ কৰা মোপাছাঁই ১৮৬৯ ত পেৰিচলৈ আহি আইন বিষয়ত পঢ়া-শুনা আৰম্ভ কৰে যদিও সেই সময়ত চলি থকা ফ্ৰান্স-প্ৰুশিয়া যুদ্ধৰ ফলত সেনাবাহিনীত যোগদান কৰিবলগীয়া হয়। সেয়ে মোপাছাঁৰ প্ৰায়বোৰ লিখনিতেই যুদ্ধৰ ফলত সাধাৰণ মানুহে ভুগিবলগীয়া হোৱা অৱস্থাৰ, পৰিস্থিতিৰ হৃদয়স্পৰ্শী বৰ্ণনা পোৱা যায়। তেওঁৰ শ্ৰেষ্ঠ গল্প ৰূপে অভিহীত ব্যুল দ্য সুইফ নামৰ গল্পটোত ফ্ৰান্স-প্ৰুশিয়া যুদ্ধৰ পটভূমিত এগৰাকী বেশ্যাৰ জীৱনক লৈ ৰচনা কৰা হৈছিল।

সেইসময়ৰ ফৰাচী সাহিত্যৰ পুৰোধা ব্যক্তি গুস্তাভ ফ্লবেয়াৰৰ উত্তৰসুৰী হিচাবে পৰিচিত মোপাছাঁৰ বিশ্ব প্ৰসিদ্ধ গল্পবোৰৰ ভিতৰত অন্যতম দি ডায়মণ্ড নেকলেচ”, “মাদামোয়াজেল ফিফি”, “ইউজলেছ বিউটি”, চুইচাইদ”, দি ফল্চ জেম্চ  ইত্যাদি। মাত্ৰ তিৰাল্লিশ বছৰ বয়সতে ইহসংসাৰৰ পৰা মেলানি মাগা মহান গল্পকাৰ, কবি, উপন্যাসিক গ্যে দ্যা মোপাছাঁই কেৱল এক দশকৰ বাবেহে সাহিত্য চৰ্চা কৰা সময়খিনিৰ ভিতৰতে সৰ্বমুঠ ৩০০ টা চুটি গল্প,  ছয়খন উপন্যাস,  তিনিখন ভ্ৰমণমূলক গ্ৰন্থ,  তিনিটা খণ্ডৰ কথা-কবিতাৰে ফঁৰাচী সাহিত্য তথা বিশ্ব সাহিত্যক চহকী কৰি থৈ গৈছিল।

অনুবাদকৰ টোকাঃ দ্য ডায়মণ্ড নেকলেচ গল্পটোৰ ফঁৰাচী নাম “La Parure”  ১৮৮৪ চনত La Gaulois নামৰ আলোচনীখনত এই গল্পটি প্ৰথম প্ৰকাশ পায়। সেই বছৰেই গল্পটো ইংৰাজীলৈ অনুবাদ কৰা হয়। গল্পটো মোপাছাঁৰ এক অনন্য সাহিত্যিক কৃতিৰূপে অভিহীত হৈ আহিছে।

গল্পটিৰ জৰিয়তে জীৱনত বিচৰা ধৰণেৰে সকলো নোপোৱাৰ বাবে দুখী হৈ মানুহে কি ধৰণৰ দুৰ্দশাপূৰ্ণ জীৱন কটাবলগীয়া হয় সেয়া খুব সুন্দৰকৈ প্ৰকাশ কৰিছে। গল্পটোৰ আটাইতকৈ আকৰ্ষণীয় ভাগটো হল অপ্ৰত্যাশিতভাৱে হোৱা গল্পটিৰ সমাপ্তি। গল্পটোৰ আৰম্ভণিৰছোৱা পঢ়ি যাওঁতে কিছু স্থবিৰতা আহে যেন লাগিলেও কাহিনীটো আগবঢ়াৰ লগে লগে ঘটনাই গুৰুত্ব লাভ কৰে। শেষলৈকে পঢ়াৰ বাবে পাঠকক লৈ যাব পাৰে। আৰু শেষত হঠাতে গোটেই কাহিনীটোৰে টুইষ্ট আহি শেষ হয়। গল্পটোৰ পৰিসমাপ্তিয়ে পাঠকক আচৰিত কৰি তুলিব পাৰেলগতে এটা শিকনিও হয় যে সকলো দেখা বস্তুৱেই সঁচা হব নোৱাৰে। তথাকথিত মধ্যবিত্তীয় সমাজত নিজতকৈ ওপৰৰ কিবা এটা এসন্ধ্যাৰ বাবে খুজি অনাৰ ফলত কোনোবাই বহুবছৰৰ দুখ-কষ্টৰ জীৱন-যাপন কৰিবলগীয়া হৈ যাব পাৰে। মোপাছাঁই ঊনৈশ শতিকাৰ শেষৰফালে লিখা এই গল্পটোৰ কাহিনীৰ গুৰুত্ব বৰ্তমান সময়তো আছে। গল্পটোৰ পৰা শিকিবলগীয়া কথাখিনি হল সমাজত মিছা আভিজাত্য দেখুৱাবলৈ গলে মানুহে বহুতো কিবা হেৰুৱাবলগীয়া হব পাৰে। মানুহৰ দেখাৰ সৌন্দৰ্য, ধন-সম্পত্তি সকলোবোৰ এসময়ত অসাৰ হৈ পৰে। 


Post a Comment

0 Comments