কবিতাঃ কি দুঃখ ৷ আমি আছিলোঁ ইমান ভাল এক আৱিস্কাৰ / য়েহুদা আমিখাই

কি দুঃখ ৷ আমি আছিলোঁ ইমান ভাল এক আৱিস্কাৰ


মূল : য়েহুদা আমিখাই

অনুবাদ : হৰেকৃষ্ণ ডেকা


সিঁহতে কাটি পেলালে
মোৰ নিতম্বৰ পৰা তোমাৰ কৰঙন ৷
মোৰ কাৰণে সিঁহত সকলোৱেই
একোজন শৈলবিষাৰদ ৷ সিঁহত সকলোৱেই ৷

সিঁহতে আমাক ভাঙি পেলালে
এজনৰ পৰা আনজনক খুলি-মেলি ৷
মোৰ কাৰণে সিঁহত সকলোৱেই
একোজন যন্ত্র-বিষাৰদ ৷ সিঁহত সকলোৱেই ৷

কি দুঃখ ৷ আমি যে আছিলোঁ কি ভাল
এক মৰমলগা আৱিস্কাৰ ৷
পতি-পত্নীৰে সজা এখন উৰাজাহাজ ৷
---
দুখন ডেউকা আৰু সকলোখিনিৰে---
আমি মাটিৰ ওপৰত ক্ষন্তেক ভাঁহি আছিলোঁ ৷

আমি আনকি অলপ উৰাও মাৰিছিলোঁ ৷

 



য়েহুদা আমিখাই ইজৰায়েলৰ কবি। মূল কবিতা লিখা হৈছিল হিব্রু ভাষাত ৷ অসমীয়ালৈ কেইবাটাও ইংৰাজী অনুবাদৰ সহায় লৈ কৰা হৈছে ৷

টোকা : এই কবিতটোৱে উত্তৰ ভাৰতৰ খাপ পঞ্চায়তবোৰৰ নিষ্ঠুৰতালৈ মনত পেলায়। প্রথাৰ বাহিৰত বিবাহ পাশত আৱদ্ধ হোৱা ডেকা-গাভৰুক মধ্যযুগীয় নিষ্ঠুৰতাৰে শাস্তি দিয়া হয় এই পঞ্চায়তবোৰৰ একপক্ষীয় আদালতত ৷ কিন্তু য়েহুদা আমখাই ইজৰাইৰ কবি আৰু কবিতাটোৰ ক্ষেত্রত তাৰ ৰাজনৈতিক আৰু ধর্মীয় পৰিৱেশহে প্রাসঙ্গিক ৷ হিব্রু ভাষাৰ মূল কবিতাটোত মাত্র ৩৫টা শব্দ আছে আৰু এইখিনি তিনিটা স্তবকত এঘাৰটা শাৰীত প্রকাশিত ৷ হিব্রু ভাষাৰ কালিকাত সেয়ে অনুভূতি বেছি ঘনীভূত অৱস্থাত পোৱা যায় ৷ কবিতাটোত নিভৃত সহবাসত আত্মমগ্ন এহাল নৰ-নাৰীৰ জীৱনত আন কিছুমান মানুহে (ৰাজনৈতিক বা ধর্মীয়) নিষ্ঠুৰতাৰে হস্তক্ষেপ কৰিছে আৰু মিলনত বাধা দিছে ৷ প্রথম আৰু দ্বিতীয় স্তবকৰ চিত্রকল্পত এই নির্যাতনৰ দুই ধৰণৰ উৎপ্রেক্ষা পোৱা যায় ৷ যি ধৰণৰ নির্যাতন হৈছে সি মধ্যযুগীয় শাস্তিৰ তুলনীয় ৷ সঁচাসঁচিকৈ হোৱা হলে পুৰুষজন নাৰীগৰাকীক সম্বোধন কৰিবলৈ জীয়াই নাথাকিলহেতেন ৷ দুয়োটা চিত্রকল্পতে গভীৰ পৰিহাস প্রকাশ পাইছে ৷ শৈলবিষাৰদে অস্ত্রোপচাৰ কৰে ৰোগৰ আৰোগ্যৰ বাবে আৰু যন্ত্রবিষাৰদে যন্ত্র তৈয়াৰ কৰে নির্মাণৰ বাবে ৷ ইয়াত তাৰ ওলোটা হৈছে ৷ যিসকল হব লাগিছিল প্রতিপালক, সেইসকলে ভূমিকা লৈছে বর্বৰৰ ৷ ক্ষোভ ইয়াত উদ্গীৰিত হৈ পৰা নাই, গভীৰ বেদনাৰে সিক্ত আৰু তাৰ মর্মন্তুদ কাৰুণ্য গোটেই কবিতাটোতে ব্যাপ্ত হৈ পৰিছে

 


Post a Comment

0 Comments