অসমীয়া অনূদিত কবিতা
নিকানোৰ পাৰৰাৰ তিনিটা কবিতাঃ
অনুবাদকঃ বংশী
বৰা
মূল কবিতাঃ Before I go
I’m supposed to get a last wish
মোৰ চিতা সজোৱা আছে।
মোৰ উশাহৰ বাটছোৱাত
মোৰ হৃদয়ৱান পাঠকসকলক কৈ যাওঁ—
পুৰি পেলোৱা। জ্বলি জ্বলি শেষ হওঁক
মোৰ এই পুথিখন।
মোৰ এইয়া শেষ ইচ্ছা
প্ৰিয় পাঠক,
এনেকৈ ক’ম বুলি মুঠেই সাজু নাছিলোঁ। যদিওবা
তেজৰ আখৰেৰে লিখা মোৰ কিতাপখন।
উন্মুখ নাছিলোঁ এনেকৈয়ে ক’ম বুলি
(যিখিনি কথা শুনাবলৈ বিচৰা নাছিলোঁ)
এনে এজন ক’তো নোলাব
মোৰ দুখৰ সংলাপ শুনা। বোধহয়
দুখেৰে লিপা মোৰ কপাল। কাৰণ
মোৰ ছাঁ মোৰ প্ৰতিপক্ষ। পৰাস্ত হৈছোঁ মই।
আচৰিত। মোৰ পোতক তুলিলে। হোৰ তুলিলে,
আত্মজ তেজাল শব্দবোৰে
হেঁপেহুৱা উমাল বুকুত সাৱটি লৈ (যদি)
তোমালোকক বিদায় দিব নোৱাৰোঁ
শেঁতা হাঁহিৰে আৰু তপত চকুলোৰে
বিদায় দিওঁ তোমালোকক
আজি মই। কেৱল ময়েই
শ্ৰদ্ধেয় পাঠককুল, মোৰ জীৱনৰ শেষবাণী শুনাহঁত
সূৰ্যময় শইচ বুটলি আনিছোঁ জগতৰ।
যত মান-অভিমান কলুষ কালিমা
নাশি-বিনাশি
মই শেষবাৰলৈ কওঁ এইয়াই সকলো। এইয়াই
(যিখিনি তোমালোকক দিলোঁ)
বুটলি আনিছোঁ। ওপচাই আনিছোঁ। হিয়া ভৰাই
সকলো।
সকলোৱেই....
মূল কবিতাঃ Write as you will
বতাহ অথবা পাৰ ভঙা নৈৰ দৰেই
তোমালোকৰ ইচ্ছা। তোমালোকৰ সপোন
লিখা আৰু লিখি যোৱা। তোমালোকে লিখি যোৱা
সজাই লোৱা কবিতাৰ ঘৰ। বাছকবনীয়া
কবিতাই নিৰ্মাণ কৰে একো একোখন দলং
যি দলঙৰ তলিয়েদি প্ৰবাহিত হয়
মানুহৰ তেজ। অন্তহীন সোঁতত
সেই পথটি নিৰ্বাচন কৰা যিটোত
তোমালোকৰ বিশ্বাস অটল। যিটো পথ
সত্য, নিকা আৰু শুদ্ধ। যি বাটেৰে
মানুহ আহে আৰু যায়।
ভূমিয়ে ভাৰ বহন কৰাৰ দৰেই
কবিতাত সকলো সম্ভৱ। সকলো আদৰণীয়
হুকুম নামানে কবিতাই। কাৰোৰেই
হে কাব্যৰসিকসকল, কবিতাৰ এই বাটটিত
শিৰত ল’বলগীয়া এষাৰ কথা
উকা কাগজৰ তেজস্বী মনটো সজাই তোলা
নবীন হোৱা
চিৰ নতুন
মূলঃ Whether we live it or not
আহে আৰু যায়, সময়। সেয়েহে
অনন্ত প্ৰবাহময়। গতিশীল সময়
আমাৰ মন যাওঁকেই বা নাযাওঁকেই
আমাৰ মনোনীত তিনিকালৰ সকীয়নি
কালি, আজি আৰু কালিলৈ
একেখন আসনতে মনে নবহুৱায় তিনিওকে।
মন অবিশ্বাসী। কাৰণ
জ্ঞানী লোকে কয়— গ’ল কালি গ’লেই।
ধেনুৰ গুণে এৰা কাঁড়ৰ দৰে। কেৱল
সোঁৱৰণি। সোঁৱৰণিৰ লগৰীয়া, লহৰি।
লাহৰিৰ কালি শুনা সুৰ
(আৰু) দুটা তাচপাটৰ খেল
বৰ্তমান আৰু ভৱিষ্যত
(আজি আৰু কাইলৈ)
কিন্তু আজি!
অতীতৰ দাঁতিত হেলনীয়াকৈ ৰয় বৰ্তমান।
যৌৱন কালৰ দৰেই
আহক, আমি অশেষ ভৱিষ্যতক আদৰোঁ।
কথা পাতোঁ। সপোনৰে সজাওঁ।
এখন আয়নাত চাই লওঁ এটা সোণালী পুৱা
(যদিওবা) আজিৰ অন্ততহে কাইলৈ
ইচ্ছাধীন আমাৰ ভৱিষ্যত
ভৱিষ্যতৰ সাজন-কাচন।
(সম্পাদকীয় সংযোজনঃ নিকানোৰ পাৰৰাক চিলিৰ দ্বিতীয়জন
জাতীয় কবি বুলি কোৱা হয়। তেওঁ নিজৰ কবিতাক Anti-Poems বুলি ঘোষণা
কৰিছিল। তেওঁৰ কবিতাসমূহত বাস্তৱৰ কঠোৰ ছবি প্ৰকাশ পাইছিল।)
0 Comments