গল্পঃ পঞ্চ পৰমেশ্বৰ / প্ৰেমচান্দ

পঞ্চ পৰমেশ্বৰ

মূল : প্ৰেমচান্দ

অনুবাদ: তৃষ্ণা শৰ্মা

 

জুমন ছেঠ আৰু অলমুল চৌধুৰীৰ ধৰ্ম একে নাছিল কিন্ত সৰুৰে পৰা দুয়োজন বন্ধু আছিল৷

জুমনৰ এগৰাকী পেহীয়েক আছিল, পেহীয়েকৰ জুমনৰ বাদে আপোন কোনো নাছিল৷ তেওঁ জুমনৰ লগতে আছিল৷ প্ৰথমে পেহীয়েকৰ বহুত আপডাল কৰিছিল, কিন্ত যেতিয়া পেহীয়েকৰ সকলো সম্পত্তি জুমনৰ নিজৰ নামত কৰি ললে তেতিয়াৰে পৰা পেহীয়েকৰ কিন্ত ৰুটিৰ লগত চব্জিৰ সলনি জুমন আৰু তাৰ পত্নীৰ পৰা তিতা কথা শুনিবলৈ পায়৷ কিছুদিন পেহীয়েকে সহি আছিল কিন্তু কিছুদিন যোৱাৰ পাছত পঞ্চায়ত বহুৱাৰ কথা নিৰ্নয় লয়৷

পেহীয়েকে নিজৰ কুঁজা পিঠিৰে মানুহৰ ঘৰে ঘৰে গৈ পঞ্চায়তৰ বাবে নিমন্ত্ৰণ দি ফুৰিছিল৷ অলমুল চৌধুৰীক বহুত আগ্ৰহেৰে মাতিছিল৷ সকলো এজোপা গছৰ তলত একেলগ হল৷


পঞ্চায়তৰ কাম আৰম্ভ হল৷ পেহীয়েকে পঞ্চায়তৰ পক্ষ ৰাখি কলে, “ মই তিনি বছৰৰ আগতে মোৰ সকলো সম্পত্তি জুমনৰ নামত কৰি দিলো, জুমনে জীৱন ভৰ মোক ৰুটি কাপোৰ দিম বুলি কথা দিছিল৷ এতিয়া সদায় মোক কেটকেটাই থাকে, মই সহিব পৰা নাই৷ পেটৰ বাবে ৰুটি আৰু পিন্ধিবলৈ কাপোৰো পোৱা নাই৷ মোৰ কিবা ভুল হল যদি জনাওক, মই পঞ্চায়তৰ ওপৰতে নিৰ্ভৰ কৰিম৷

জুমনয়ে পঞ্চায়তৰ কাক মুখ্য বিচাৰক বনাব তাক জনাবলৈ কলে, জুমনে সেই দায়িত্ব পেহীয়েক দিলে৷

পেহীয়েকে অলমুল চৌধুৰীৰ কথা কলে৷ অলমুল চৌধুৰীয়ে আপত্তি কৰিছিল কাৰণ জুমন তাৰ বন্ধু আছিল৷

কোৱা হয় যে পঞ্চায়তত পাচজন পৰমেশ্বৰ থাকে, তাত কোনো শত্ৰু বা মিত্ৰ নাথাকে, অলমুল তেনে পৰিস্থিতিত বিচাৰকৰ আসন লব লগা হল৷ অলমুলে দুয়ো পক্ষৰ কথা শুনি নিজৰ মতামত আগবঢ়ালে, পেহীয়েকে সকলো সুবিধা পাব লাগে পেহীয়েকৰ সম্পত্তিৰ লাভো দিব লাগে৷

নহলে জুমনে পেহীয়েকৰ সকলো সম্পত্তি ঘূৰাই দিব লাগে৷

মতামত শুনি জুমন আছৰিত হল, অলমুলৰ লগত তাৰ বন্ধুত্ব যেন কমি গল, সি মনতে অলমুলৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিলে, আৰু অতি শীঘ্ৰে তাক প্ৰতিশোধ লোৱাৰ সুবিধাও পালে৷

অলমুলৰ লগত বহুত সুন্দৰ, ডাঙৰ ডাঙৰ শিং থকা এজোৰা বলধ গৰু আছিল৷ দব্যক্ৰমে এটা বলধ পঞ্চায়ত হৈ যোৱাৰ এমাহৰ পিছতে মৰি থাকিল৷ এটা বলধে কি কাম কৰিব অনমুলে জোৰা মিলাব নোৱাৰি গাৱৰে চাহুকে বেছি দিয়াৰ কথা ভাবিলে৷ চাহুৰ ওচৰত এখন গাড়ী আছিল সেই গাড়ীখনত গাৱৰ পৰা গুৰ, মৌ, ময়দা আদি বাহিৰৰ বজাৰত বিক্ৰী কৰি আৰু গাৱলৈ ঘূৰি আহোঁতে নিমখ, তেল আদি কিনি বিক্ৰী কৰে৷

চৌধুৰী লগত কথা পাতি এমাহৰ পাছত বলধৰ দাম দিব বুলি বলধটো ঘৰলৈ লৈ আহিল৷ নতুন বলধ পাই সমজু চাহুয়ে কাম আৰু বেছিকৈ কৰিবলৈ ধৰিলে দিনে তিনি, চাৰি বাৰকে অহা যোৱা কৰি বলৈ ধৰিলে৷ কেনেবাকৈ বলধ দুটাই দিগদাৰ কৰিলে মৰিয়াবলৈ ধৰিলে৷ বলধ গৰুটোৱে চৌধুৰীৰ ঘৰত ভালকৈ খাবলৈ পাইছিল৷ এতিয়া খাবলৈ নাপায় বলধটো খিনাই যাবলৈ ধৰিলে৷

এদিন চাৰিবাৰ অহা যোৱা কৰিল, অলপ ৰলেই বলধক মাৰিবলৈ ধৰে৷ দিনভৰ মাৰ খাই খাই বলধৰ ভৰি নছলা হল, বোজাও আছিল অধিক৷ এসময়ত বলধটো মাটিত পৰি গল, চাহুৱে ভৰিৰ তলুৱাত খুচিছে তথাপিও বলধ উঠা নাই৷ বলধটো মৰি থাকিল৷ ইমান দূৰ যাব লাগিব লগতে বোজাও আছে সি ঘৰলৈ কেনেকৈ যাব, সেই ৰাতি সি তাতেই থকাৰ কথা ভাবিলে৷ বহুত সময় সাৰে আছিলে যদিও ৰাতি গভীৰ হলত তাতে টোপনি গল৷ সাৰ পায় দেখে তাৰ তেলখিনি আৰু জেপৰ টকাখিনি নাই৷ সি মূৰে কপালে হাত দি যেনে তেনে ঘৰ পালেহি৷

কেইবাটাও মাহ পাৰ হৈ গল অলমুলে চাহুক বলধৰ দাম খুজিলে, চাহুতে গালি পাৰিবলৈ ধৰে৷ কথা বহুত বেয়ালৈ যোৱাত গাৱবাসীয়ে পঞ্চায়ত বহাবলৈ কলে৷ পঞ্চায়ত বহিল৷ অলমুলে চাহুক পঞ্চায়তৰ বিচাৰক বাচিবলৈ কলে৷

চমজু চাহুৱে থিয় হৈ কলে মোৰ ফালৰ পৰা জুমন চেঠে বিচাৰ কৰিব৷ জুমনৰ নাম শুনিয়েই অলমুলৰ বুকুখন হেঁচা মাৰি ধৰিলে৷ কিন্ত জুমনৰ সপক্ষে হয়ভৰ দিলে৷ আৰু জুমন চেঠ বিচাৰপতি নিযুক্ত হল৷

মনত প্ৰতিশোধৰ ভাৱ আছিল যদিওঁ যেতিয়াই পঞ্চায়ত ৰ বিচাৰকৰ দায়িত্ব চম্ভালিব লগা হল জুমনৰ দায়িত্বৰ বোধ আহিবলৈ ধৰিল, সেইসময়ত জুমনৰ সন্মুখত কেৱল ন্যায় আছিল৷ দুয়ো পক্ষৰ মতামত শুনি নিজৰ মতামত ডাঙি ধৰিল৷ ভালদৰে বিচাৰ কৰি পঞ্চায়তৰ পৰা এই কথা শুনাল যে চমজুৱে বলধৰ সম্পূৰ্ণ মূল্য দিব লাগে, যি সময়ত বলধটো কিনিছিল সেই সময়ত বলধৰ বেমাৰ নাছিল, তেতিয়াই বলধৰ দাম দি দিয়া হলে ইমান বেছি কাজিয়া নহল হয়৷ বলধৰ মৃত্যুৰ কাৰণ অধিক পৰিশ্ৰম, ভাল খাদ্য দিয়া হোৱা নাছিল৷ মতামত অলমুলেও শুনিলে সুখী হৈ পঞ্চায়ত ৰ পৰা উঠি জোৰেৰে কলে পঞ্চ পৰেমশ্বৰৰ কি জয়! চাৰিওফালৰ পৰা পঞ্চ পৰমেশ্বৰ জয় কি জয় প্ৰতিধ্বনি শুনিবলৈ পোৱা গল৷

অলপ দেৰি পাছত জুমন আহি অলমুলৰ গলত সাবটি ধৰিলে আৰু কলে মই জানিয়েই তোমাৰ শত্ৰু হৈ পৰিছিলো, কিন্ত আজি পঞ্চায়তত বহি অনুভৱ কৰিছো সেই সময়ত বিচাৰ ন্যায়ৰ বাদে কৰিবলৈ একো নাছিল৷ মোক ক্ষমা কৰি দে মোৰ ভাই৷ অলমুলে কান্দিবলৈ ধৰিলে৷ অশ্ৰুধাৰা ববলৈ ধৰিল আৰু সেই পানীয়ে দুয়োজনৰ মনৰ মলিনতা ধুই নিলে৷ সিহঁতৰ মাজত আকৌ প্ৰেমভাৱ উদয় হল৷


Post a Comment

0 Comments