জামু গছজোপা
মূল গল্পঃ জামুন কা পেড়
গল্পকাৰঃ কৃষণ চন্দৰ
অনুবাদঃ সঞ্জীৱ মজুমদাৰ
যোৱানিশা প্ৰবল ধুমুহা আহিছিল। ৰাজ্যিক সচিবালয়ৰ আগফালে থকা বাগানখনৰ পুৰণি প্ৰকাণ্ড জামু গছজোপা উভালি পৰিল। ৰাতিপুৱা বাগানৰ মালীজনে লক্ষ্য কৰিলে যে গছজোপাৰ তলত চেঁপা খাই মানুহ এজন পৰি আছে। কথা বিষম দেখি মালীজন দৌৰি দৌৰি চাপ্ৰাছীৰ ওচৰলৈ, চাপ্ৰাছীজন দৌৰি দৌৰি ক্লাৰ্কৰ ওচৰলৈ, ক্লাৰ্কজন দৌৰি দৌৰি চুপাৰিটেণ্ডেন্টৰ ওচৰলৈ গ'ল। চুপাৰিটেণ্ডেন্টজন দৌৰি দৌৰি বাগানলৈ আহিল। বেচ কিছুসময়ৰ ভিতৰতেই গছৰ চেপাত পৰি থকা মানুহজনৰ আশেপাশে বহু মানুহ একত্ৰিত হ'ল।
"ইছ্ ৰাম, গছ জোপাত যে কিমান জামু লাগিছিল।" এজন ক্লাৰ্কে কলে।
"জামুবোৰ কিন্তু বৰ ৰসাল আছিলদেই।" অইন এজন ক্লাৰ্কে কলে।
"ফলৰ বতৰত কিমানবাৰ যে মোনা ভৰাই ভৰাই নিছিলো। মোৰ ল'ৰা-ছোৱালীকেইটাই জামু বুলি কলেই কব নোৱাৰা হৈ পৰে।" এইবুলি কওতেই আন এগৰাকী ক্লাৰ্কৰ ডিঙিটো সোপামাৰি ধৰিলে।
"কিন্তু মানুহজনৰ কি হব?"
মালীজনে গছৰ চেপাত পৰি থকা মানুহজনৰ ফালে চাই ইঙ্গিত দিলে।
"উম্ মানুহজন!" এইবুলি চুপাৰিটেণ্ডেন্টজন চিন্তান্বিত হৈ পৰিল।
"জানো, মৰিলে নে জীয়াই আছে এতিয়াও?" এজন চাপ্ৰাছীয়ে সুধিলে।
"মৰিল চাগৈ। ইমান গধূৰ গছজোপা পৰাৰ পিছত জীয়াই থকাটো সম্ভৱ হব জানো?" অইন এজন চাপ্ৰাছীয়ে কলে।
"নাই মই জীয়াই আছো।"
গছৰ চেপাঁত পৰি থকা মানুহজনে কেঁকাই কেঁকাই কোনোৰকম কলে।
"জীয়াই আছে?" এজন ক্লাৰ্কে বৰ আচৰিত হৈ কলে।
"গছজোপা অঁতৰাই ইয়াক উলিয়াই আনিব লাগে।" মালীয়ে মত দিলে।
"কামটো মস্কিল আছে, বৰ সহজে নহব।" এজন ভাগৰুৱা আৰু পেটুৱা চাপ্ৰাছীয়ে কলে।
"গছজোপাৰ ডালবোৰ শকত আৰু বৰ ভাৰীও হব।"
"কিনো মস্কিল আছে?" মালীয়ে কলে।
"চুপাৰিটেণ্ডেন্ট চাহাবে অনুমতি দিলে আমি পোন্ধৰ-বিছজন মালী, চাপ্ৰাছী আৰু ক্লাৰ্ক, সকলোৱে মিলি বল দিলে, গছজোপাৰ তলৰ পৰা মানুহজনক উলিয়াব নিশ্চয় পাৰিম।"
"হয়, মালীয়ে ঠিক কথা কৈছে।"কেবাজনো ক্লাৰ্কে একেলগে কলে। "জোৰ লগা, আমি আছো।"
একেলগে কেবাজনেও গছজোপা কটাৰ বাবে সাজু হৈ পৰিল।
"এক মিনিট ৰবা।" চুপাৰিটেণ্ডেন্টে ক'লে- "মই আগতে আণ্ডাৰ চেক্ৰেটাৰী চাহাবৰ সতে কথাটো এবাৰ আলোচনা কৰি লওঁ।"
চুপাৰিটেণ্ডেন্ট আণ্ডাৰ চেক্ৰেটাৰীৰ ওচৰলৈ গ'ল। আণ্ডাৰ চেক্ৰেটাৰী ডেপুটী চেক্ৰেটাৰীৰ ওচৰলৈ গ'ল। ডেপুটী চেক্ৰেটাৰী জইন্ট চেক্ৰেটাৰীৰ ওচৰলৈ গ'ল। জইন্ট চেক্ৰেটাৰী চীফ্ চেক্ৰেটাৰীৰ ওচৰলৈ গ'ল।চীফ্ চেক্ৰেটাৰীয়ে জইন্ট চেক্ৰেটাৰীক কিবা কলে। জইন্ট চেক্ৰেটাৰীয়ে ডেপুটী চেক্ৰেটাৰীক কিবা কলে। ডেপুটী চেক্ৰেটাৰীয়ে আণ্ডাৰ চেক্ৰেটাৰীক কিবা কলে। এইদৰেই ফাইল চলি থাকিল। এইদৰেই দিনটোৰ আধা পাৰেই হ'ল।
দুপৰীয়া খোৱাৰ সময়ত চেপাঁত পৰি থকা মানুহজনৰ আশে পাশে মানুহৰ ভীৰ লাগি গৈছিল। মানুহবোৰে নানাধৰণৰ কথা কবলৈ ধৰিলে। কেইজনমান অত্যুৎসাহী ক্লাৰ্কে বিষয়টো নিজেই হাতত লৈ নিষ্পত্তি কৰিব বিচাৰিলে। তেওঁলোকে চৰকাৰী আদেশৰ বাবে অপেক্ষা নকৰি গছজোপা অতঁৰাও বুলি সাজু হওঁতেই চুপাৰিটেণ্ডেন্ট চাহাবে ফাইল হাতত লৈ ঢাপলি মেলি আহিল। "আমি গছজোপা নিজে এই ঠাইৰ পৰা অতঁৰাব নোৱাৰো। আমি বাণিজ্য বিভাগৰ কৰ্ম্মচাৰী আৰু যিহেতু এইটো গছৰ সতে জড়িত ঘটনা আৰু গছ আহে কৃষি বিভাগৰ অধীনত। গতিকে মই 'আৰ্জেন্ট' মাৰ্ক কৰি এই ফাইলটো কৃষি বিভাগলৈ পঠাম এতিয়া। তাৰ পৰা উত্তৰ আহিলেই গছজোপা অঁতৰাই দিয়া হব।
দ্বিতীয় দিনা কৃষি বিভাগৰ পৰা উত্তৰ আহিল যে গছজোপা অঁতৰোৱাৰ সম্পূৰ্ণ দায়িত্ব বাণিজ্য বিভাগৰ হে। এই কথা শুনাৰ পিছত বাণিজ্য বিভাগৰ খং উঠিল। তেওঁলোকে তৎক্ষণাৎ লিখি দিলে যে গছজোপা অঁতৰোৱা বা নঅঁতৰোৱাৰ সম্পূৰ্ণ দায়িত্ব কৃষি বিভাগৰ। এই সন্দৰ্ভত বাণিজ্য বিভাগৰ কোনো সম্বন্ধ নাই।
দ্বিতীয় দিনাও ফাইল পূৰামাত্ৰাই চলিল। পিছবেলা উত্তৰ আহি গ'ল।
"আমি বিষয়টো হৰ্টিকালচাৰ্ বিভাগক অৱগত কৰাইছো কাৰন বিষয়টো ফলৰ গছৰ, আনহাতে কৃষি বিভাগে শাক-পাচলি আৰু খেতি-বাতিৰ বিষয়েহে ৰায়দান কৰে। জামু যিহেতু ফলৰ গছ গতিকে এইটো হৰ্টিকালচাৰ্ বিভাগৰ দায়িত্বৰ অধীনত পৰিব।
নিশালৈ মালীয়ে চেপাঁত পৰি থকা মানুহজনক দাইল-ভাত খুৱালে। গছজোপাৰ চাৰিওফালে পুলিচৰ পহৰা নিযুক্ত আছিল যাতে কোনোবাই আইন হাতত তুলি গছ জোপা অতঁৰোৱাৰ অপচেষ্টা নকৰে। কিন্তু এজন পুলিচ কনষ্টেবলৰ দয়া ওপজাত তেখেতে মালীক চেপাঁত পৰি থকা মানুহজনক ভাত খুৱাবলৈ অনুমতি দিলে। মালীয়ে চেপাঁত পৰি থকা মানুহজনক কলে, "তোমাৰ ফাইল চলি আছে, আশা কৰিছো কাইলৈৰ ভিতৰত কিবা এটা সিদ্ধান্ত হবগৈ।" চেপাঁত পৰি থকা মানুহজনে মুখেৰে একো নামাতিলে। মালীয়ে গছজোপা ভালদৰে নিৰীক্ষণ কৰি কলে, "গছজোপা তোমাৰ ককাঁলৰ ওপৰত হে পৰিছে, পিঠিত পৰা হলে মেৰুদণ্ড ভাগিল হয়।"
চেপাঁত পৰি থকা মানুহজনে এইবাৰো মুখেৰে একো নামাতিলে।
মালীয়ে পুনৰ কলে, "তোমাৰ এই অঞ্চলত কোনোবা আত্মীয় স্বজন আছে যদি নাম ঠিকনা কোৱা। মই তেওঁলোকক খবৰ দিবলৈ চেষ্টা কৰিম।"
"মোৰ এই দুনিয়াত কোনো নাই।"
চেপাঁত পৰি থকা মানুহজনে বৰ কষ্টেৰে ক'লে।
মালীয়ে কথাষাৰ শুনি বৰ আফচোচ কৰি তাৰ পৰা আঁতৰি গ'ল।
তৃতীয় দিনাখন হৰ্টিকালচাৰ্ বিভাগৰ পৰা জবাব আহি গ'ল। বৰ কাঢ়া জবাব দিলে। বহুতো সমালোচনা সহ জবাব দিছে। হৰ্টিকালচাৰ্ বিভাগৰ সচিবজন সাহিত্যিক মেজাজৰ হব নিশ্চয়। লিখিছে - " অতিশয় আশ্চৰ্য্যজনক কথা, যিটো সময়ত "অধিক বৃক্ষৰোপণ কৰক" আঁচনি চলি আছে, আমাৰ দেশৰ চৰকাৰী বিষয়াই গছ কটাৰ পৰামৰ্শ দিছে, তাকো এজোপা ফলৰ গছ! তাকো এজোপা জামু গছ! ৰাইজে খাই ভাল পোৱা এজোপা ফলৰ গছ।যিকোনো পৰিস্থিতিত আমাৰ বিভাগৰ তৰফৰ পৰা এই ফলৰ গছজোপা কটাবলৈ অনুমতি দিয়া নহব।"
"এতিয়া কি কৰা যায়?" অত্যুৎসাহী এজনে কলে - " যদি গছজোপা কাটিব নিদিয়ে, তেনেহলে মানুহজনকে কাটি উলিয়াই অনা যাওঁক। যদি এখেতৰ দেহৰ মাজডোখৰত কটা হয়, তেনেহলে মানুহজন আধা ইফালে আৰু আধা আনফালে ওলাই যাব।"
"কিন্তু তেনেকুৱা কৰিলে মইচোন মৰি থাকিম।" চেপাঁত পৰি থকা মানুহজনে আপত্তি কৰি কলে।
"ই কথাটো ঠিকেই কৈছে।" ক্লাৰ্ক এজনে ক'লে।
মানুহজনক কাটি উলিউৱাৰ অদ্ভূত পৰামৰ্শ দিয়াজনে পুনৰ আত্মপক্ষ সমৰ্থনৰ দলিল দিলে।
"আপোনালোকে নাজানে। আজিকালি প্লাষ্টিক চাৰ্জাৰীৰ সহায়ত সকলো বস্তু জোৰা লগোৱা সম্ভৱ হৈ পৰিছে। এই মানুহজনৰ দেহটোও জোৰা লগাব পৰা যাব।"
এইবাৰ ফাইলটো মেডিকেল ডিপাৰ্টমেন্টলৈ পঠিয়াই দিয়া হ'ল। মেডিকেল ডিপাৰ্টমেন্টে অনতিপলমে এগৰাকী সুদক্ষ প্লাষ্টিক চাৰ্জনক ঘটনাৰ বুজ লবলৈ, ঘটনাস্থলীলৈ পঠাই দিলে।
প্লাষ্টিক চাৰ্জনজনে চেপাঁত পৰি থকা মানুহজনৰ স্বাস্থ্যৰ বুজ লবলৈ পৰীক্ষা-নিৰীক্ষা কৰিলে। ব্লাড প্ৰেছাৰ, শ্বাস-প্ৰশ্বাসৰ স্বাভাবিকতা, 'হাৰ্ট' আৰু 'লাং' ৰ পৰীক্ষা কৰি ৰিপোৰ্ট দিলে।
"এই মানুহজনৰ ওপৰত প্লাষ্টিক অপাৰেশ্বন কৰিব পৰা যাব, অপাৰেশ্বন সফলো হব কিন্তু মানুহজন জীয়াই নাথাকিব।"
অৱশেষত এই পৰামৰ্শ স্থগিত ৰখা হ'ল।
নিশালৈ মালীয়ে চেপাঁত পৰি থকা মানুহজনৰ মুখত খিছিৰি অকণমান দি ক'লে, "এতিয়া কেছটো আৰু ওপৰলৈ গৈছে। শুনিবলৈ পাইছো সচিবালয়ৰ সকলোবোৰ সচিবৰ মাজত, এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হব। তাত তোমাৰ কেছটো আলোচনা হব। আশা ৰাখিছো এইবাৰ কিবা এটা হেস্ত-নেস্ত হব।"
চেপাঁত পৰি থকা মানুহজনে হুমুনিয়াহ এটা এৰি লাহেকৈ ক'লে, "হে জীৱন তুমি সচাকৈয়ে বিষ্ময়কৰ, ধূলিৰ সতে মিলি যাম, তুমি তেতিয়াও গমেই নাপাবা। ৰব মাথো প্ৰতিবিম্বৰ ফুল।"
মালীয়ে চেপাঁত পৰি থকা মানুহজনৰ মুখত শ্বায়েৰী/ কবিতা শুনি আশ্চৰ্য্যচকিত হৈ সুধিলে, "কি! তুমি শ্বায়ৰ মানে কবি নেকি?"
চেপাঁত পৰি থকা মানুহজনে লাহেকৈ মূৰ দুপিয়ালে।
পিছদিনাখন মালীয়ে চাপ্ৰাছীক, চাপ্ৰাছীয়ে ক্লাৰ্কক, ক্লাৰ্কে হেড্ ক্লাৰ্কক। কিছুসময়ৰ ভিতৰত সচিবালয়ৰ সকলোৱে গম পালে যে চেপাঁত পৰি থকা মানুহজন এগৰাকী কবি। তাৰপিছত আৰু কি লাগে! মানুহবোৰ দল বান্ধি কবিজনাক চাবলৈ আহিব ললে। খবৰ ইতিমধ্যে চহৰৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিল। চহৰৰ অলীয়ে-গলিয়ে থকা কবিসকলে জুম বান্ধিলে। চাওঁতে চাওঁতে সচিবালয়ৰ প্ৰাঙ্গণ কবি সমাজেৰে ভৰি পৰিল। সচিবালয়ৰ কেবাজনো ক্লাৰ্ক আৰু আণ্ডাৰ চেক্ৰেটাৰী যিসকলে কবিতা ভাল পায়, তেওঁলোকো তাতেই ৰৈ গ'ল। কিছুমান কবিয়ে চেপাঁত পৰি থকা মানুহজনক নিজে লিখা কবিতাৰ পংক্তি শুনাবলৈ লাগি গ'ল আৰু কেইজনমান ক্লাৰ্কে নিজে লিখা কবিতাৰ ওপৰত মন্তব্য তথা পৰামৰ্শ বিচাৰিলে।
যেতিয়া গম পোৱা গ'ল যে চেপাঁত পৰি থকা মানুহজন আচলতে এগৰাকী কবি গতিকে সচিবালয়ৰ চাব-কমিটীয়ে সিদ্ধান্ত ললে যে যিহেতু মানুহজন এগৰাকী কবি গতিকে তেখেতৰ কেছটো কৃষি বা হৰ্টিকালচাৰ্ বিভাগৰ হব নোৱাৰে বৰং এইটো সুকীয়াকৈ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ কেছ। সেয়ে এতিয়া সাংস্কৃতিক সঞ্চালকালয়ৰ ওচৰত আবেদন জনোৱা হ'ল যাতে অতি সোনকালে সিদ্ধান্ত গ্ৰহণ কৰি দূৰ্ভগীয়া কবিজনক গছৰ চেঁপাৰ পৰা মুক্তি প্ৰদান কৰে।
ফাইলটো সাংস্কৃতিক সঞ্চালকালয়ৰ বিভিন্ন শাখা-প্ৰশাখা পৰিক্ৰমা কৰি সাহিত্য অকাডেমীৰ সচিবৰ টেবুল পালেগৈ। বেচেৰা সচিবজন নিজেই নিজৰ গাড়ী লৈ সচিবালয়ত উপস্থিত হ'লহি আৰু চেপাঁত পৰি থকা মানুহজনৰ ইন্টাৰভিউ ললে।
"তুমি হেনো কবি?" সচিবজনে সুধিলে।
"হয়।" চেপাঁত পৰি থকা মানুহজনে উত্তৰ দিলে।
"ছদ্মনামত লিখা? কি নাম?"
"অক্স"
"অক্স" অৰ্থাৎ প্ৰতিবিম্ব! তুমিয়েই সেইজন নে যাৰ 'মই আৰু মোৰ প্ৰতিবিম্ব' কিছুদিন আগতে প্ৰকাশ পাইছিল।
চেপাঁত পৰি থকা মানুহজনে লাহেকৈ মূৰ দুপিয়ালে।
"তুমি আমাৰ অকাডেমীৰ সভ্য নে?" সচিবে সুধিলে।
"নহয়"
"আচৰিত কথা" সচিবগৰাকী প্ৰায় চিঞৰি উঠিল। ইমান ডাঙৰ কবি, 'প্ৰতিবিম্বৰ ফুল' ৰ ৰচয়িতা অথচ আমাৰ অকাডেমীৰ সদস্য নহয়। ইছ্ কেনেকৈ ইমান ডাঙৰ ভুল হ'ল আমাৰ! ইমান ডাঙৰ কবি অথচ অখ্যাতিৰ আন্ধাৰৰ চেপাঁত পৰি আছে।
"আন্ধাৰৰ চেপাঁত নহয়, গছৰ চেপাঁতহে পৰি আছো.... ভগবানৰ দোহাই, মোক চেপাঁৰ পৰা উলিয়াওক।"
"ৰবা এতিয়াই ব্যৱস্থা কৰিছো।" সচিবজনে তৎক্ষণাৎ কলে আৰু তৎক্ষণাৎ গৈ ৰিপোৰ্ট দাখিল কৰিলে।
পিছদিনাখন সচিবজন প্ৰায় দৌৰি দৌৰি আহি কলে,
"অভিনন্দন গ্ৰহণ কৰা, মিঠাই খুৱাব লাগিব কিন্তু! আমাৰ চৰকাৰী অকাডেমীৰ তৰফৰ পৰা তোমাক সাহিত্য সমিতিৰ সদস্য হিচাবে নিৰ্বাচন কৰা হৈছে। এইয়া লোৱা অফিচ অৰ্ডাৰৰ কপি।"
"কিন্তু মোক এই গছৰ চেপাঁৰ পৰা উলিয়াওক।" চেপাঁত পৰি থকা মানুহজনে কোনোৰকম কলে। মানুহজনে ভালদৰে নিশ্বাস লব পৰা নাছিল আৰু চকুজুৰি দেখিলে এনে লাগিছিল যেন তেখেতে বৰ কষ্ট পাই আছিল।
"এই কামটো আমি কৰিব নোৱাৰিম।" সচিবজনে কলে। "যিটো কাম আমি কৰিব পৰা বিধৰ আছিল, সেইটো কৰিলোৱেই। আৰু প্ৰয়োজন হলে, তোমাৰ মৃত্যু হলে তোমাৰ পত্নীক পেঞ্চন দিয়াৰ ব্যৱস্থাও কৰিব পাৰিম। তুমি আবেদন কৰিলে আমি এই কামটো কৰি দিম।"
"কিন্তু মই এতিয়াও জীৱিত।" কবিয়ে ৰৈ ৰৈ কলে। "অনুগ্ৰহ কৰি মোক জীয়াই থাকিবলৈ দিয়ক।"
"আচলতে সমস্যাটো হৈছে।" চৰকাৰী অকাডেমীৰ সচিবজনে হাত দুখন মোহাৰি মোহাৰি কলে, "আমাৰ বিভাগটো কেৱল সংস্কৃতিৰ সতে জড়িত। আপোনাৰ বাবে আমি বন বিভাগলৈ লিখিছো। কেছটো আৰ্জেন্ট বুলিও লিখিছো।"
আবেলি মালী আহি গছৰ চেপাঁত পৰি থকা মানুহজনক কলেহি যে কাইলৈ বন বিভাগৰ মানুহ আহি গছজোপা কাটিব আৰু মানুহজন বাঁচি যাব।
কথাটো ভাবিয়েই মালীজন বৰ আনন্দিত হৈ পৰিল। যদিও চেপাঁত পৰি থকা মানুহজনৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল। কিন্তু জীয়াই থাকিবলৈ আপ্ৰাণ যুঁজি আছিল। কাইলৈ.... কাইলৈ ৰাতিপুৱালৈ যিকোনোপ্ৰকাৰে জীয়াই থাকিবই লাগিব।
পিছদিনাখন বন বিভাগৰ মানুহ দা, কৰত, কুঠাৰ আদি লৈ আহি উপস্থিত হ'ল যদিও তেওঁলোকক গছ কাটিবলৈ দিয়া নহ'ল। খবৰ আহিল যে বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা গছজোপা নাকাটিবলৈ হুকুম জাৰী কৰা হৈছে।
কাৰন দহ বছৰ আগতে পিটোনিয়াৰ প্ৰধানমন্ত্ৰীয়ে এই গছজোপা সচিবালয়ৰ প্ৰাঙ্গণত ৰুইছিল। যদিহে গছজোপা কাটি পেলোৱা হয় তেনেহলে পিটোনিয়া চৰকাৰৰ সতে থকা কূটনেতিক সম্বন্ধত চিৰদিনলৈ ঘূণে ধৰাৰ সম্ভাৱনা আছে।
"কিন্তু এইয়া এজন ব্যক্তিৰ জীৱন আৰু মৰণৰ প্ৰশ্ন।" এজন ক্লাৰ্কে খঙত গৰজি উঠিল।
"কিন্তু দুখন দেশৰ মাজত থকা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰো প্ৰশ্ন আছে।" বেলেগ এজন ক্লাৰ্কে প্ৰথমজনক বুজালে।
"আৰু এইটোও পাহৰি গলে নহব পিটোনিয়া চৰকাৰে আমাৰ চৰকাৰক পদে পদে কিধৰণে সহায় কৰি আহিছে। প্ৰয়োজন হলে দুইখন দেশৰ বন্ধুত্ব ৰক্ষাৰ খাতিৰত এজন মানুহৰ জীৱন উছৰ্গা দিব লগাও হব পাৰে।"
"তাৰমানে কবিজনক মৰিবলৈ দিব লাগিব?"
"নিশ্চয়"
আণ্ডাৰ চেক্ৰেটাৰীয়ে চুপাৰিটেণ্ডেন্টক কলে। আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী বিদেশযাত্ৰাৰ পৰা উভতি আহিছে। আবেলি চাৰি বজাত বৈদেশিক মন্ত্ৰণালয়ে গছজোপাৰ ফাইলটো তেখেতৰ সন্মুখত পেছ কৰিব। তেখেতে যি নিৰ্ণয় দিব সেইয়া সকলোৰে বাবে গ্ৰহণযোগ্য হব। আবেলি চাৰি বজাত স্বয়ং চুপাৰিটেণ্ডেন্টে ফাইলটো নি তেখেতৰ সন্মুখত ৰাখিলে।
"হেৰা শুনিছা নে?" আহিয়েই আনন্দত ফাইলটো লৰাই চৰাই চিঞৰি কলে, "প্ৰধানমন্ত্ৰীয়ে গছজোপা কটাৰ হুকুম দি দিলে আৰু সকলোধৰনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ দায়িত্ব নিজেই মূৰ পাতি ললে। গতিকে কাইলৈ গছজোপা কটা হব আৰু তুমি সকলো বিপত্তিৰ পৰা মুক্ত হবা।"
"হেৰা শুনিছা নে নাই তোমাৰ ফাইল সম্পূৰ্ণ হৈ গ'ল।" চুপাৰিটেণ্ডেন্টে কবিজনৰ বাহুত ধৰি জোকাৰি কলে। কিন্তু কবিজনৰ হাতখন নিৰ্জীৱ হৈ পৰিছিল। চকুৰ মণিদুটাও নিষ্প্ৰাণ আৰু মাটিৰ পৰা দীঘলকৈ শাৰী পাতি অহা এলানি পৰুৱা, মুখৰ ভিতৰলৈ সোমাই গৈ আছিল।
ইতিমধ্যে মানুহজনৰ জীৱনৰ ফাইলটো সম্পূৰ্ণ হৈ স্তব্ধ হৈ পৰিছিল।
গল্পকাৰৰ পৰিচয়ঃ কৃষণ চন্দৰ চোপ্ৰা ভাৰতীয় সাহিত্যজগতৰ এক প্ৰথিতযশা নাম। ১৯১৪ চনত অবিভক্ত ভাৰতবৰ্ষৰ ৱজিৰাবাদত (বৰ্তমান পাকিস্থান) জন্মগ্ৰহণ কৰা কৃষণ চন্দৰ এগৰকী উৰ্দু আৰু হিন্দী সাহিত্যৰ উজ্জ্বল ভোটাতৰা। বৃটিছ ভাৰত তথা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাক তীব্ৰ ক্ষুৰধাৰ সমালোচনা কৰিবলৈ তেওঁ লিখিছিল ৰাজনৈতিক আৰু সামাজিক প্ৰহসন সাহিত্য। পৰৱৰ্তী কালত তেখেতৰ বেছিভাগ ৰচনাই বহু দশক ধৰি পাঠকৰ মন-মগজুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এক কথাত তেখেতক ভাৰতৰ মাৰ্ক টোৱেন বুলিব পাৰি। আশীৰ দশকত, স্কুলীয়া ছাত্ৰাৱস্থাত থাকোতে,
চৰকাৰী কাম-কাজৰ শামুকীয়া গতি, ৰঙা ফিটাৰ মেৰপাক আদি সকলো দিশ সামৰি লিখা "জামুন কা পেড়" নামৰ গল্পটো পঢ়িছিলো। এই গল্পটোৱে মোৰ কুমলীয়া বয়সৰ বিবেকক জোকাৰি যোৱা বাবেই হয়তো পৰৱৰ্তী কালত ২০০০ চনত এই গল্পটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ "বিড়ম্বনা" নামৰ এখন একাঙ্কিকা নাটক ৰচনা কৰিছিলো। নাটকখন ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত এখন নাট প্ৰতিযোগিতালৈ বুলি নিৰ্বাচিত হৈছিল। মোৰ নাটকখন চোৱাৰ পিছত এজন দৰ্শকৰ পৰা গম পাইছিলো যে যশস্বী নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰেও এই গল্পটোৰ ছাঁ লৈ "সেই গছজোপা" নামৰ নাটক এখন লিখিছিল। পিছলৈ দূৰদৰ্শন আৰু 'চব' টিভিত প্ৰদৰ্শিত আৰু পংকজ কাপূৰে মূচুদ্দিলাল নামৰ চৰিত্ৰ এটাত অভিনয় কৰা "অফিচ অফিচ" নামৰ টিভি চিৰিয়েলখনৰ আত্মাটো আছিল কৃষণ চন্দৰৰ "জামুন কা পেড়"।
শ্বেইক্সপীয়েৰৰ "কমেডী অব্ এৰৰছ্" নাটকখনে হলীউড, হিন্দী আৰু দক্ষিনৰ চিনেমাত ডাবল্ ৰোলৰ চিনেমাক আজিও সফলতাৰে প্ৰভাবিত কৰাৰ দৰেই কৃষণ চন্দৰৰ প্ৰহসনমূলক গল্প আৰু উপন্যাস সমূহে সামাজিক বাৰ্তা বহন কৰা ভাৰতীয় উপ মহাদেশৰ ছবি আৰু চিৰিয়েল সমূহক প্ৰভাবিত কৰি আহিছে।
"জামুন কা পেড়" গল্পটোৰ ৰচনাকাল জানিব নোৱাৰিলো যদিও আনুমানিক পঞ্চাশ বা ষাঠিৰ দশকৰ হব। কিন্তু এই গল্পটোৰ যথাৰ্থতা আজিৰ তাৰিখতো সময় সাপেক্ষিক, পঢ়ি চালে গম পাব।
0 Comments