অসমীয়া অনূদিত কবিতাঃ পিঠা সনা মাছ
অনুবাদঃ বিজিত লাহন
তেওঁ যতনাইছিল কেইটামান
পিঠা সনা মাছ*;
আনকি জোৰকৈ
মোৰ মুখত গুজি দিছিল
এটা ভোটা মূৰৰ ছালমন!
আৰু মোৰ অৱস্থা দেখি
তেওঁ দুখ পাইছিল--মই বহি
থাকিবও পৰা নাছিলোঁ, মাছটো
গিলা দূৰৈৰ কথা--কেনেকৈনো গিলোঁ?
গৰম হিটাৰৰ ৰঙা কইলৰ দৰে
স্মৃতিয়ে মোৰ চকুৰ মণিত
ফেঁট তুলি নাচিছিল:
ক'লা আধা-নাঙঠ এটা
মৃত নাৰী দেহ
পৰি আছিল সাগৰ তীৰত,
শুকান দেহটোত এচিকুট কাপোৰ;
সাগৰৰ ঢৌৱে ঠেলাঠেলি কৰিছিল দেহটোক--
আৰু গোটেই গা-টো
বালিৰে লেও দিয়া যেন দেখাইছিল--
ঠিক এই পিঠাগুৰি সনা মাছটোৰ দৰে।
মই মাছটো পেলাই
সাগৰৰ পাৰলৈ দৌৰিলোঁ,
মোৰ কলিজাটো ধপধপাই
মুখেৰে ওলাই যাব খুজিছে!
[টোকা: *পিঠা সনা মাছ: এটা পশ্চিমীয়া প্ৰকৰণ, breaded
fish--পিঠাগুৰিৰে মাছটোত লেও দি তৈয়াৰ কৰা হয়।]
অনুবাদকৰ টোকাঃ A. K. Ramanujan এজন
ভাৰতীয় কবি। কেৱল তিনিটি সংকলনেৰে তেখেতে ইংৰাজী ভাষাৰ সম-সাময়িক কবিসকলৰ ভিতৰত
প্ৰভাৱশালী আসন দখল কৰিছে। একোটি দীঘল বাক্যক চুটি চুটি টুকুৰাৰে গাঁঠি ৰাখি কবিয়ে
পাঠকক এক ব্যতিক্ৰমী সোৱাদ দিছে কবিতাসমূহত।। এইটো এটা বহুল-পঠিত আৰু চৰ্চিত
কবিতা।
0 Comments