কম্বোডিয়াই
গণতন্ত্ৰ বিচাৰে!
মানৱ অধিকাৰ
কৰ্মী ড০ থিয়াৰী
চেঙৰ সৈতে পোন্ধৰ মিনিটৰ এটা সাক্ষাৎকাৰ
সাক্ষাৎ গ্ৰহণঃ
নিকু দুৱৰা (কাৰিকৰী সহযোগীঃ কালিকাব শইকীয়া)
মূল ইংৰাজীঃ Cambodia seeks
for democracy, Niku Duwarah
কম্বোডিয়া দক্ষিণ-পূব এছিয়াৰ এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ। ভূ-ৰাজনৈতিকভাৱেও এই ৰাষ্ট্ৰখনৰ গুৰুত্ব অপৰিসীম। যোৱা বহুকেইটা দশক ধৰি কম্বোডিয়া আৰু ইয়াৰ সাধাৰণ নাগৰিকে গণতন্ত্ৰৰ হকে এখন নিৰলস সংগ্ৰাম অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কম্বোডিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপ্ৰধান শ্ৰীযুত হান চেনে একধৰণৰ একনায়কত্ববাদী শাসন চলাই আছে আৰু জনগণৰ মৌলিক গণতান্ত্ৰিক অধিকাৰসমূহ খৰ্ব কৰি আহিছে। হান চেনৰ চৰকাৰে জনগণক বাক স্বাধীনতা আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ অধিকাৰক নস্যাৎ কৰিছে আৰু ইতিমধ্যে সকলো বিৰোধী ৰাজনৈতিক নেতা আৰু প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি ৰাখিছে। কিন্তু ইমানৰ পাছতো গণতন্ত্ৰৰ হকে সংগ্ৰাম অব্যাহত আছে।
মই ড০ থিয়াৰী
চেঙক গুৱাহাটীত লগ পাইছিলোঁ। তেওঁ কম্বোডিয়াৰ এগৰাকী সংগ্ৰামী মানৱ অধিকাৰ কৰ্মী, যাক নিজৰ দেশৰ পৰা নিৰ্বাসিত কৰা হৈছিল। তেওঁ সদ্যহতে আমেৰিকাত বসবাস
কৰি আছে আৰু কম্বোডিয়াৰ বাবে সমগ্ৰ বিশ্বজুৰি এক জনমত গঢ়িবলৈ চেষ্টা কৰি আছে। মই
মোৰ বিভাগৰ ভাতৃ কালিকাব শইকীয়াৰ সৈতে ড০ চেঙৰ
এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ। আমাৰ কথা-বতৰাৰ মূল উদ্দেশ্য আছিল কম্বোডিয়াৰ
সাম্প্ৰতিক ৰাজনীতিৰ গতিবিধিৰ সম্পৰ্কে আলোচনা কৰা।
![]() |
ড০ চেঙৰ সৈতে নিকু দুৱৰা আৰু কালিকাব |
নিকুঃ বাইদেউ
আপোনাৰ ইমান ব্যস্ততাৰ মাজতো আমাৰ সৈতে পোন্ধৰ মিনিট সময় কটাবলৈ সন্মত হোৱাৰ বাবে
অশেষ ধন্যবাদ জনাইছোঁ। আমি আপুনি কালি প্ৰদান কৰা বক্তৃতাৰ পৰা উপলব্ধি কৰিলো যে
সাম্প্ৰতিক পৰিস্থিতিত কম্বো়ডিয়াৰ আভ্যন্তৰীণ ৰাজনীতি অতিশয় অশান্ত হৈ আছে।
কম্বোডিয়াৰ সামৰিক শাসকে জনগণক কোনোধৰণৰ নাগৰিক অধিকাৰ প্ৰদান কৰা নাই। আমি প্ৰথমতেই
আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে কম্বোডিয়াৰ ৰাজনৈতিক পৰিস্থিতি দৰাচলতে কেনেকুৱা হৈ
আছে?
ড০ চেঙঃ
তোমাৰ সৈতে এইখিনি কথা পাতিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ। তুমি যিহেতু কম্বোডিয়াৰ
ইতিহাস অলপ-অচৰপ জানা, গতিকে তোমাক বহলাই কোৱাৰ প্ৰয়োজন নহব
যে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী এজন প্ৰাক্তন সৈনিক বিষয়া আছিল। যেতিয়া ভিয়েটনামে
কম্বোডিয়া দখল কৰি ইয়াৰ ৰাজতন্ত্ৰ ওফৰাই দিছিল, ঠিক
সেইসময়ছোৱাতে শ্ৰীযুত হান চানে সামৰিক অভ্যুত্থান ঘটাই নিজকে প্ৰধানমন্ত্ৰী হিচাপে
প্ৰক্ষেপ কৰে আৰু এইদৰে আজিলৈকে প্ৰায় ৪৫ বছৰ ধৰি তেওঁ শাসনত আছে। তেওঁৰ
শাসনব্যৱস্থাক আমি আফ্ৰিকাৰ স্বেচ্ছাচাৰী শাসক মবুটুৰ সৈতে তুলনা কৰিব পাৰোঁ। এই
সামৰিক
ড০ চেঙঃ
গণতন্ত্ৰক নিৰ্মাণ কৰিবলা বা প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন পৰ্যায়ৰ কামৰ প্ৰয়োজন।
নিশ্চিতভাৱে আন্তঃগাঁথনি, ৰাজনৈতিক আৰু ব্যৱস্থাগত পৰিৱৰ্তন
লাগিবই, কিন্তু তাৰ লগতে আমি কম্বোডিয়াৰ জনসাধাৰণক
শিক্ষিত কৰি তোলোটোও প্ৰয়োজন হ’ব। গতিকে মোৰ বোধেৰে আমাক
দুটা সমান্তৰাল ধাৰাৰ পৰিৱৰ্তনৰ প্ৰয়োজন— ৰাজনৈতিক আৰু
ব্যৱস্থাগত আৰু তাৰ সমান্তৰালকৈ শিক্ষা ব্যৱস্থা, যাতে
কম্বোডিয়াৰ সাধাৰণ নাগৰিকসকলে গণতন্ত্ৰৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰিব পাৰে। মই ভাবো
যে গণতন্ত্ৰত কেৱল অধিকাৰেই নাথাকে, বৰং দায়বদ্ধতাও থাকে
আৰু সেয়া কম্বোডিয়াই বুজি উঠাটো প্ৰয়োজন। মই ভাবো যে এই উপলব্ধিয়েই কম্বোডিয়ালৈ
গণতন্ত্ৰ লৈ আনিব পাৰিব যিহেতু অধিকাৰ আৰু দায়িত্ব একেটা মুদ্ৰাৰে দুটা পিঠি। সমাজ
আৰু নাগৰিক সমাজৰ, শিক্ষানুষ্ঠানসমূহৰ আৰু ৰাজনৈতিক
গোটসমূহৰ ভূমিকাও আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আজিৰ একৈশ শতিকাত বাক স্বাধীনতা
এটা বিশ্বজনীন অধিকাৰ হৈ পৰিছে আৰু ই গণতন্ত্ৰৰ মূলভূত এটা দৰ্শন। মই ভাবো যে
কথাবোৰ অত্যন্ত জটিল নকৰাকৈ এক কথাত ক’বলৈ গ’লে গণতন্ত্ৰ হৈছে দায়িত্ব আৰু অধিকাৰৰ এটা সুষম সংমিশ্ৰণ।
নিকুঃ
কম্বোডিয়াত চলি থকা স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে কেনেধৰণৰ আৰু কি পৰ্যায়ৰ প্ৰতিৰোধ
চলি আছে?
ড০ চেঙঃ
কম্বোডিয়াত ঘাইকৈ গণতন্ত্ৰৰ সপক্ষে আৰু স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে একধৰণৰ
অহিংসাত্মক প্ৰতিৰোধ চলি আছে। আমি ভাৰতৰ স্বাধীনতা বিপ্লৱ আৰু মহাত্মা গান্ধীৰ
অহিংসাত্মক আন্দোলনৰ অভিজ্ঞতাৰ পৰা যথেষ্ট শিকিছোঁ। গান্ধীৰ অহিংসাত্মক প্ৰতিৰোধ
পদ্ধতিক আমি গ্ৰহণ কৰিছো আৰু উপলব্ধি কৰিছো যে স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে
অহিংসাত্মক পদ্ধতিয়েই আটাইতকৈ সফল পদ্ধতি। আমি মাৰ্টিল লুথাৰ কিং (জুনিয়ৰ) আৰু
নেলচন মেণ্ডেলাৰ অভিজ্ঞতাকো গ্ৰহণ কৰিছোঁ আৰু সমূহীয়া শক্তিৰ গুৰুত্ব বা
প্ৰয়োজনীয়তাক উপলব্ধি কৰিছোঁ। কিন্তু বৰ্তমানে অতি আচৰিতভাৱে এই অহিংস
আন্দোলনসমূহকো হান চানৰ চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে। বৰ্তমানে কম্বোডিয়াত ন-জনতকৈ
অধিক মানুহ একেলগে গোট খাবও নোৱাৰে। এয়া আচৰিত কথা নহয়নে?
নিকুঃ এইকনতে
মোৰ মনলৈ আহিছে সোণালী ত্ৰিভুজ বা Golden Triangleৰ বিষয়ে। মই এইকেইদিনতে ৰাষ্ট্ৰসংঘৰ এটা প্ৰতিবেদন পঢ়িছিলো যে লাওচ,
ভিয়েটনাম, ম্যানমাৰ আদি দেশৰ লগতে
কম্বোডিয়াও এই ত্ৰিভূজৰ সৈতে জড়িত। এইবিষয়ে আপুনি কি ক’ব?
ড০ চেঙঃ
থাইলেণ্ড,
ম্যানমাৰ আৰু লাওচত আটাইতকৈ বেছি পৰিমাণে ড্ৰাগচৰ খেতি কৰা হয়।
কম্বোডিয়াতো প্ৰচুৰ পৰিমাণে ড্ৰাগচৰ খেতি কৰা হয় আৰু ইবোৰক ৰপ্তানি কৰা হয়।
ড্ৰাগচৰ খেতিয়ে কম্বোডিয়াৰ সাধাৰণ জনসাধাৰণক শোষণ কৰি আহিছে। এইটো এটা খুবেই ভয়ংকৰ
আৰু বিপদজনক কাৰবাৰ আৰু কম্বোডিয়াৰ কৃষক শ্ৰেণীটোয়েই ইয়াৰ মূল্য ভৰিবলগীয়া হৈছে।
নিকুঃ বাইদেউ, বৰ্তমান সময়ত কম্বোডিয়াৰ সমাজ-গাঁথনি কেনেধৰণৰ?
ড০ চেঙঃ
কম্বোডিয়াৰ সমাজ ব্যৱস্থাত শ্ৰেণীৰ ধাৰণাটো আছে, কিন্তু ইয়াত
জাতিৰ ধাৰণা নাই। এটা খুবেই আচৰিত কথা যে কম্বোডিয়াত শ্ৰেণীৰ ধাৰণাটোক ব্যক্তিজনে
পিন্ধা কাপোৰৰ পৰা নিৰ্ণয় কৰিব পাৰি। যদিও আমাৰ সমাজ-গাঁথনিত জাতিৰ ধাৰণা নাই,
কিন্তু এই শ্ৰেণীৰ ধাৰণাটো অত্যন্ত শক্তিশালীৰূপত পোৱা যায়।
কম্বোডিয়াৰ সমাজব্যৱস্থাটো পৰিয়ালকেন্দ্ৰিক। আমাৰ সমাজত পৰিয়ালৰ ধাৰণাক
এতিয়াও খুব বেছি গুৰুত্ব আৰোপ কৰা হয়। কিন্তু বৰ্তমান সময়ত এই পৰিয়ালৰ গাঁথনিবোৰ
ভাগি যোৱাৰ উপক্ৰম ঘটিছে, কিয়নো প্ৰাপ্তবয়স্ক আৰু
অভিভাৱকসকলৰ বেছিসংখ্যকেই প্ৰবজিত শ্ৰমিক হিচাপে দেশৰ পৰা আঁতৰি গৈছে। তুমি যদি
কম্বোডিয়াৰ এখন গাঁৱলৈ যোৱা দেখিবলৈ পাবা যে প্ৰায়বোৰ ঘৰতে সৰু-সৰু ল’ৰা-ছোৱালী আৰু বয়সস্থ মানুহবোৰহে থাকে। অভিভাৱকসকল থাইলেণ্ড, মালয়েছিয়াৰ দৰে দেশলৈ কামৰ সন্ধানত আঁতৰি যাবলৈ আৰম্ভ কৰিছে।
নিকুঃ যিহেতু
আমাৰ সময়ো শেষ হৈ আহিছে, গতিকে সামৰণিত আপোনাক সুধিব খুজিছো যে
আপুনি কম্বোডিয়াৰ ভৱিষ্যতক লৈ কিমান আশাবাদী?
ড০ চেঙঃ
কম্বোডিয়াৰ বৰ্তমানক লৈ মই অত্যন্ত চিন্তিত হৈ আছো, কিন্তু
তৎসত্বেও ভৱিষ্যতৰ সংগ্ৰামখনকলৈ আশাবাদী। আমি ইতিহাসৰ এটা ক’লা অধ্যায়ৰ মাজেৰে পাৰ হৈ আহিছোঁ আৰু বৰ্তমানেও খুবেই এছোৱা কঠিন সময় পাৰ কৰি আছোঁ। আমাৰ সমূখলৈ প্ৰতিদিনে কেতবোৰ
নতুন-নতুন সমস্যা আহি পৰিছে আৰু আমি ইবোৰৰ সৈতে মুখামুখি হোৱাৰ কোনো পথ বিচাৰি
পোৱা নাই। চীন আৰু ভিয়েটনামে ইতিমধ্যেই যথেষ্টখিনি আহুকালৰ সৃষ্টি কৰিছে আৰু
ইয়াতকৈও ভয়ংকৰ ৰূপত আমাক গ্ৰাস কৰিছে দৰিদ্ৰতাই। তাৰোপৰি কম্বোডিয়াত অধ্যয়নৰ
সংস্কৃতিও কমি আহিছে আৰু বৰ্তমানে প্ৰায় নাই বুলিবই পাৰি। গতিকে পঢ়া-শুনা নকৰা
সাধাৰণ জনগণক গণতন্ত্ৰৰ প্ৰয়োজনীয়াতাৰ সম্পৰ্কে বুজোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়,
কিয়নো গণতন্ত্ৰত সজাগ নাগৰিকৰ খুবেই প্ৰয়োজন। কিন্তু তাৰ পাছতো
আমি নিৰলসভাৱে জনসাধাৰণক কথাবোৰ বুজাবলৈ চেষ্টা কৰি আহিছোঁ। কিন্তু কম্বোডিয়াৰ
জনসাধাৰণক দৰিদ্ৰতাই এনেধৰণে চেপিবলৈ আৰম্ভ কৰিছে যে তাত পঢ়া-শুনা কৰাটো এটা
বিলাসিতাৰ কাৰবাৰহে হৈ পৰিছে!
(অনুবাদকৰ টোকাঃ এই সাক্ষাৎকাৰটো নৰ্থ লখিমপুৰ কলেজ আলোচনীৰ বাবে লোৱা হৈছিল। মূল ইংৰাজী অনুবাদটোৰ মৌখিক কপিৰাইট নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ হাতত আছে। ড০ অৰবিন্দ ৰাজখোৱা আৰু ৰাতুল কুমাৰ লাহন ছাৰলৈ বিশেষ ধন্যবাদ- অনুবাদক)
0 Comments