গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ সাক্ষাৎকাৰ

গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ এটা সাক্ষাৎকাৰ


অনুবাদঃ অৰ্পিতা বৰদলৈ



১৯২৭ চনত কলম্বিয়াৰ আৰাকাটাকা গাঁৱত জন্মলাভ কৰা গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজে ১৯৬৭ চনত চিয়েন এনোচ ডি চোলেদাদনামৰ উপন্যাসখন প্ৰকাশ কৰি আধুনিক উপন্যাস সাহিত্যৰ এগৰাকী দক্ষ ব্যক্তি ৰূপে পৰিগণিত হয় (ইংৰাজীত এই উপন্যাসখনেই ১৯৭০ চনত ওৱান হানড্ৰেড ইয়াৰ্চ অৱ চলিটিউডনামেৰে প্ৰকাশিত হৈছিল)৷ তেখেতৰ খ্যাতিত ১৯৮৭ চনত সাহিত্যৰ নবেল পুৰস্কাৰ সংযোজিত হয়৷ এই সাক্ষাৎকাৰত তেখেতে লেটিন আমেৰিকাৰ ওপৰত তেখেতৰ নিজস্ব দৃষ্টিভংগী আৰু নিজৰ কৰ্মৰ কেইটামান মুখ্য বিষয় সম্বন্ধে অৱগত কৰিছে, ত গতানুগতিক বাস্তৱতাৰ লগত কল্পনাৰ উপাদানসমূহৰ বিস্ময়কৰ সংমিশ্ৰণে দৈনন্দিন জীৱনক কাল্পনিক আৰু সৰ্বজনীন মাত্ৰা প্ৰদান কৰে৷

(এই সাক্ষাৎকাৰ পেৰুভীয় সাংবাদিক মেনুৱেল ওচৰিঅৰ দ্বাৰা লোৱা হৈছিল)

 

প্ৰশ্নঃ লেটিন আমেৰিকাক নতুন আৰু সমৃদ্ধশীল কৰি তুলিবলৈ বিভিন্ন সংস্কৃতি একত্ৰিত হৈছে৷ এই আন্ত: সংযোজন সম্বন্ধে লেটিন আমেৰিকা জ্ঞাত নে?

উত্তৰঃ নিজৰ বিষয়ে কবলৈ গলে, মই এই বিষয়ে কেইবছৰমানৰ আগতেহে জ্ঞাত হৈছোঁ, যদিও লেখক হিচাপে মোৰ অভিজ্ঞতা আৰু বিভিন্ন সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাৰ লগত মোৰ নিয়মিত যোগাযোগে লেটিন আমেৰিকাৰ সংস্কৃতিৰ আন দিশ সম্বন্ধেও মোৰ উপলব্ধি বঢ়াইছে৷ যেতিয়া মই আফ্ৰিকা ভ্ৰমণ কৰি আছিলোঁ, তেতিয়া মই তাৰ কিছুমান জনপ্ৰিয় কলা-ৰীতি আৰু কেৰিবিয়ান দেশৰ কলা-ৰীতিৰ মাজত সামঞ্জস্য লক্ষ্য কৰিছিলোঁ৷ এইবোৰে মোক আমাৰ সাংস্কৃতিক পৰিস্থিতি সম্বন্ধে এটা স্পষ্ট উপলব্ধি প্ৰদান কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক উপাদানবোৰৰ মাজৰ সাধাৰণ সম্পৰ্কৰ বিষয়েও জ্ঞাত কৰি তুলিছিল৷

এই ধৰণৰ অন্ত:দৃষ্টিৰে আপুনি কোনবোৰ একক আৰু কোনবোৰ সাৰ্বজনীন তাক আৱিষ্কাৰ কৰিব পাৰে৷ জনসাধাৰণৰ মাজত এখন সম্পূৰ্ণ সংযোগী অন্তৰ্জাল থাকে যি সম্বন্ধে তেখেতসকল সচেতন হোৱাটো বাধ্যতামূলক নহয়৷

প্ৰশ্নঃ এইটোৱেই আপোনাৰ উপন্যাসৰ সূচনাবিন্দু নহয় জানো? আনকি মূল বিষয়বস্তুও?

উত্তৰঃ লিখি থকাৰ সময়ত মই বহু সাংস্কৃতিক প্ৰভাৱ সম্পৰ্কে সঁচাকৈয়ে সচেতন নাছিলোঁ৷ ই মোলৈ স্ব-ইচ্ছাই আহিছিল৷ এয়া পৰৱৰ্তী সময়তহে অনুভৱ হৈছিল যে আমাৰ কৰ্মৰাজীৰ মাজতো অজানিতেই এই সাংস্কৃতিক মিশ্ৰণৰ উপাদানে স্থান পাইছে, যিবোৰে হয়তো লিখি থকাৰ সময়ত অলক্ষিতভাৱেই ক্ৰমান্বয়ে প্ৰৱেশ কৰিছিল৷

লেটিন আমেৰিকাত বহুতো প্ৰভাৱ মিশ্ৰিত হৈ আছে আৰু ই সমগ্ৰ মহাদেশজুৰি বিস্তৃত: পশ্চিমীয়া সংস্কৃতি, আফ্ৰিকানসকলৰ উপস্থিতি, আনকি কিছুমান প্ৰাচ্য উপাদান, যিবোৰ ইয়াৰ স্থানীয়, প্ৰাক-কলম্বিয়ান সংস্কৃতিৰ লগত সংযোজিত হৈছে৷ সেইবাবেই কোনোবাই মেক্সিকান বা কলম্বিয়ান সংস্কৃতিৰ কথা তেনেদৰে কব পাৰিব বুলি মই নাভাবোঁ৷ ব্যক্তিগতভাৱে কবলৈ গলে, মই নিজকে অকল কলম্বিয়ান বুলি নাভাবোঁ, সৰ্বপ্ৰথমে মই এগৰাকী লেটিন আমেৰিকান, আৰু তাক লৈ মই গৰ্বিত৷

এইখিনিতেই মই সংযোজন কৰিম যে লেটিন আমেৰিকাৰ ইতিহাস স্পেনিচ বিজয়ৰ লগত আৰম্ভ হোৱা বুলি ভবাতো ভুল৷ সেইটো এটা ঔপনিবেশিক দৃষ্টিভংগীহে৷ আমি কেতিয়াও পাহৰি যোৱাটো উচিত নহয় যে স্পেনিছ ভাইচৰয়ৰ দ্বাৰা গঠিত হোৱা দেশবোৰ বাহিৰৰ পৰা লোৱা কিছুমান যাদৃচ্ছিক বিচাৰৰ ফলশ্ৰুতিহে আছিল, আমাৰ নিজস্ব প্ৰয়োজনৰ হকে নহয়৷

আমাৰ বৰ্তমানৰ সমস্যাসমূহ ভালদৰে বুজিবলৈ, আমি সেই বিজয়ৰ প্ৰাকক্ষণলৈ যাব লাগিব৷ লেটিন আমেৰিকাৰ দেশসমূহৰ মাজত অংকিত সীমাৰেখাবোৰ কেৱল আমাক প্ৰতাৰিত কৰাৰ বাবেহে অংকিত হৈছিল, আৰু এতিয়াও, যেতিয়াই প্ৰয়োজনীয়তা অনুভৱ হয়, জাতীয়তাবাদে হাহাকাৰ কৰি উঠে৷ নিশ্চয়কৈ, ই কেৱল আমাক ইজনে-সিজনৰ লগত বিৰোধী কৰি তোলে, আমাক আমাৰ মাজত প্ৰচলিত সমস্যাসমূহ চোৱা আৰু অনুভৱ কৰাৰ পৰা বিৰত ৰাখে৷ প্ৰত্যেক দেশৰে নিজস্ব একোটা পৰিস্থিতি আছে, কিন্তু ইয়াৰ মাজতো আটাইতকৈ যি প্ৰয়োজনীয় সেয়া হল আমাৰ অন্তৰ্নিহিত সাধাৰণ সত্তা৷

প্ৰশ্নঃ তেন্তে লেটিন আমেৰিকাৰ সংস্কৃতি বুলি বিশেষ কিবা আছেনে ?

সুনিশ্চিতভাৱে মই কব নোৱাৰিম যে লেটিন আমেৰিকাৰ সমজাতিক সংস্কৃতি থকা বুলি কোনোৱে কব পাৰিব৷ উদাহৰণস্বৰূপে, মধ্য আমেৰিকাৰ, কেৰিবিয়ান অঞ্চলত থকা আফ্ৰিকান প্ৰভাৱে মেক্সিকো আৰু পেৰু আদিৰ থলুৱা লোকসকলৰ সংস্কৃতিত প্ৰভেদ আনিছে৷ অন্যান্য লেটিন আমেৰিকাৰ দেশসমূহৰ মাজতো আপুনি এইধৰণৰ মন্তব্যই আগবঢ়াব পাৰিব৷

দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলা আৰু কলম্বিয়াৰ লগত এণ্ডিয়ান ইণ্ডিয়ানতকৈ কেৰিবিয়ানৰ লগতহে যথেষ্ট মিল আছে, যদিও দুয়োখন দেশতেই ভাৰতীয় অধিবাসীৰ উপস্থিতি দেখা পোৱা যায়৷ পেৰু আৰু একুৱাডৰৰ উপকূল আৰু পাহাৰৰ মাজত এক বৈষম্য বিৰাজ কৰে৷ একেধৰণৰ পৰিৱেশ সমগ্ৰ মহাদেশজুৰি বিস্তৃত৷

এই বিচিত্ৰতাৰ মাজতো থকা একতাই পৃথিৱীৰ আন সংস্কৃতিৰ তুলনাত লেটিন আমেৰিকাৰ সভ্যতাতত এক অনন্য আস্বাদন প্ৰদান কৰিছে৷

প্ৰশ্নঃ এই ক্ষেত্ৰত স্পেনিচৰ প্ৰভাৱে কিদৰে ভূমিকা পালন কৰিছে ?

উত্তৰঃ লেটিন আমেৰিকাত স্পেনীচ আৰু পৰ্টুগীজত ব্ৰাজিলৰ প্ৰভাৱৰ শক্তি নুই কৰাৰ কোনো প্ৰশ্নই নাহে৷ আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই ইয়াৰ প্ৰভাৱ বিস্তৃত৷ আমি আনকি ক্যাষ্টিলিয়ান স্পেনীচ ভাষাহে কওঁ৷

ই এক খুবেই সমৃদ্ধশালী প্ৰভাৱ, বিতৰ্কিত হলেও তাক অৱজ্ঞা কৰাটো সম্ভৱ নহয়৷ যদিও এই ঐতিহ্য আমাৰ সাংস্কৃতিক ব্যক্তিত্বৰ এটা অংশ, তথাপি লেটিন আমেৰিকাৰ স্পেনীচৰ ওপৰত এটা অবিশ্বাস সদায়ে আছে যিয়ে সকলো জটিল কৰি তুলিছে আৰু ই মোৰ বোধেৰে অতিৰিক্ত আৰু বিপদজনক৷ মই যিমানখিনিলৈ সজাগ, এই সংস্কৃতিৰ উত্তৰাধিকাৰী হিচাপে মই গৌৰবান্বিত, ইয়াকলৈ কোনো ক্ষেত্ৰতেই মই লজ্জাবোধ নকৰোঁ৷ স্পেনিচৰ ঔপনিৱেশিকতা এতিয়া কোনোপধ্যেই সমস্যা নহয়৷ এইটো সত্য যে আমি যি পথেৰে আহিছোঁ, তাত ইউৰোপীয়ানৰ আধিক্যতা বেছি, কিন্তু আমি ইউৰোপৰ কেৱল ইউৰোপীয়ানৰ অনুলিপি নহয়৷ গতিকে লেটিন আমেৰিকা এই আটাইবোৰতকৈ নিশ্চিতভাৱেই ভিন্ন৷

প্ৰশ্নঃ লিখাৰ প্ৰেৰণা কৰ পৰা আহে, এই যে গল্প লিখাৰ প্ৰেৰণা যিয়ে আমাক ওৱান হাণ্ড্ৰেড ইয়াৰচ অৱ চলিটিউদ”, “দ অটম অৱ পেট্ৰিয়াৰ্ক”, “ক্ৰনিকেল অৱ এ ডেড ফৰ্টল্ড’, “লাভ ইন দা টাইম অৱ কলেৰাৰ দৰে সম্পদ দিলে?

উত্তৰঃ মই ভাবোঁ এই আটাইবোৰ স্মৃতিৰ ফলশ্ৰুতি৷

প্ৰশ্নঃ আপোনাৰ শৈশৱৰ স্মৃতি? আপোনাৰ দেশৰ বাবে?

উত্তৰঃ এই স্মৃতি মোৰ দেশ আৰু মোৰ জীৱন দুয়োটাৰেই লগত জড়িত৷ মই এটা অসাধাৰণ শৈশৱৰ গৰাকী, যি অত্যধিক কল্পনাপ্ৰৱণ আৰু অন্ধবিশ্বাসী লোকৰ দ্বাৰা আৱেষ্টিত আছিল, সেই মানুহবোৰে অপচ্ছায়াৰ আৱৰ্তত জীৱন নিৰ্বাহ কৰিছিল৷ উদাহৰণ স্বৰূপে, মোৰ আইতাই আত্মসচেতন নোহোৱাকৈ মোক এনেদৰে ৰাতি সাধু শুনাইছিল যে মই ভয়তে বিতত হৈছিলোঁ৷

প্ৰশ্নঃ আপোনাৰ ককাদেউতা আপোনাৰ পৰিয়ালৰ কিংবদন্তী পুৰুষ আছিল৷ আপোনাৰ শৈশৱৰ কালছোৱাত তেখেতৰ প্ৰভাৱ আছিলনে?

উত্তৰঃ তেখেত এগৰাকী প্ৰকাণ্ডকায় বৃদ্ধ ব্যক্তি আছিল যি সময় আৰু স্মৃতিৰ মাজত নিমজ্জিত হৈ থাকিছিল, আৰু মই তেখেতক খুবেই ভাল পাইছিলোঁ৷ মই যেতিয়া আঠবছৰীয়া আছিলোঁ, তেখেতৰ মৃত্যু হৈছিল, আৰু মই গভীৰ ভাৱে শোকাতপ্ত হৈছিলোঁ৷ তেখেতে মোক তেখেতৰ জীৱনৰ কথাবোৰ কৈছিল আৰু অতীজৰ পৰা চলি থকা তেখেতৰ গাঁও আৰু কাষৰ জিলাবোৰত চলি অহা ঘটনাবোৰ কৈছিল৷ তেখেতে যুঁজা যুদ্ধবোৰৰ বৰ্ণনা দিছিল আৰু মোৰ জন্ম বছৰত কলগছৰ খেতিডৰাৰ মাজত হোৱা ভয়ানক গণ-হত্যাকাণ্ডৰ বিষয়েও মোক জনাইছিল৷ কলম্বিয়াৰ ইতিহাসত সেই গণহত্যাকাণ্ডৰ ঘটনা চিৰস্থায়ী৷

প্ৰশ্নঃ আপোনাৰ মাতৃয়ে আপোনাক এগৰাকী সাহিত্যিক হোৱাত কিদৰে প্ৰেৰণা জগাইছে?

উত্তৰঃ তেখেত এগৰাকী আকৰ্ষণীয় ব্যক্তি৷ যেতিয়াই কোনোবাই তেখেতক মোৰ বিষয়ে সুধিছিল যে তেখেতে পুত্ৰৰ প্ৰতিভাক কিদৰে বিশষণ দিব, তেখেতে তৎক্ষণাত উত্তৰ দিছিল স্কটচ ইমালচন” (এটা শিশুৰ শক্তিবৰ্ধক ঔষধ)৷ তাত আন এটা কবলগীয়া কাহিনীও আছে৷ মোৰ ভাই-ককাই কেইবাজনো আছিল৷ বাৰু, যেতিয়াই আমাৰ কোনোৱে কিবা এটা পৰিকল্পনা কৰোঁ, তেখেতে মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে যাতে সকলো ভালদৰে হৈ যায়৷ কিন্তু এতিয়া আমি ঘৰৰ পৰা আঁতৰত থাকোঁ, আৰু শেষৰ বাৰৰ বাবে যেতিয়া মই তেখেতক লগ পাইছিলোঁ, তেখেতে কৈছিল, “আজিকালি মই সদায়ে মমবাতি এডাল জ্বলাই ৰাখোঁ, কিজানিবা তোমালোকৰ কোনোবাই মোৰ অজানিতেই কিবা পৰিকল্পনা কৰা

মোৰ গোটেই পৰিয়ালবৰ্গই মোৰ বাবে প্ৰয়োজনীয়, আৰু প্ৰত্যেকেই কোনোবা নহয় কোনোবা প্ৰকাৰে মোৰ লিখনিবোৰৰ মাজত সোমাই আছে৷ মই কেতিয়াও নাপাহৰোঁ যে মই এগৰাকী আৰাকাটাকাৰ ডাক-কৰ্মীৰ পুত্ৰ৷

প্ৰশ্নঃ আপুনি মূলত: কেৰিবিয়ান অঞ্চলৰ পৰা অহা, আৰু আপোনাৰ কিতাপবোৰে অতি উত্তেজিত, উচ্ছ্বসিত ধাৰ্মিক জীৱনবোৰ প্ৰতিফলিত কৰে৷ তাতেই আপোনাৰ সেই যাদুকৰি উপলব্ধি অন্তৰ্নিহিত হৈ আছে নেকি যিয়ে আপোনাৰ কৰ্মৰাজিক বিশ্ববিখ্যাত কৰি তুলিছে?

উত্তৰঃ কেৰিবিয়ানত এটা নিভাঁজ পাৰস্পৰিক সম্বন্ধৰ উপস্থিতি দেখা পোৱা যায়- বাৰু, যদি ইয়াৰ আন এক সুপষ্ট উদাহৰণ দিয়া হয় যি আন ঠাইৰ জনসাধাৰণ, দৈনন্দিন জীৱন আৰু প্ৰাকৃতিক পৃথিৱীৰ মাজত দেখা পোৱা নাযায়৷ মই উত্তৰ তীৰৰ প্ৰচ্ছন্ন জলাশয় আৰু আদিম অৰণ্যৰ মাজত ডাঙৰ-দীঘল হৈছোঁ৷ তাৰ বনৰ নিৰ্যাস আপোনাক অসুস্থ কৰি তোলাৰ বাবে যথেষ্ট৷

 ই এনে এক ঠাই যত সাগৰৰ নীলাই প্ৰত্যেক কল্পনাপ্ৰসূত পথেৰে ছাঁয়া দি যায়, ত ঘূৰ্ণিবতাহে ঘৰ উৰুৱাই লৈ যায়, ত গাঁওবোৰ ধূলিৰ মাজত পোত গৈ থাকে আৰু বতাহে হাওঁফাওঁ পুৰি নিয়ে৷ কেৰিবিয়ান মানুহৰ বাবে, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ দুৰ্যোগ দৈনন্দিন জীৱনৰ একো একোটা অংশ৷

এইখিনিতে সংযোজন কৰিম যে এই ঠাইখন গোলামে কঢ়িওৱা অতিকথাবোৰৰ মাজত সিক্ত, যি ভাৰতীয় লোককাহিনী আৰু এণ্ডেলুচিয়ানৰ কল্পনাৰে মিশ্ৰিত৷ ফলশ্ৰুতিত ইয়াত কথাবোৰ বিশেষভাৱে চোৱা হয়, বা কব পাৰি ই এক এনে জীৱন-ধাৰণা, যিয়ে প্ৰতিটো কথাকেই বিস্ময়কৰ কৰি তোলে৷ আপুনি এইটো অকল মোৰ উপন্যাসবোৰৰ মাজতেই নহয়, গুৱাটেমালাৰ মিগেল এঞ্জেল এস্তুৰিয়াচ আৰু কিউবাৰ এলেজকাৰ্পেণ্টিয়াৰৰ কৰ্মৰাজিৰ মাজতো দেখা পাব৷ কথাবোৰৰ এক অপাৰ্থিব দিশ আছে, বাস্তৱৰ এনে এক প্ৰকাৰ যিয়ে যুক্তিৰ আইনবোৰ উপেক্ষা কৰে, ঠিক সপোনৰ দৰেই৷

মই এবাৰ এটা গল্প লিখিছিলোঁ, এগৰাকী ধৰ্মযাজকে এখন দূৰৱৰ্তী কলম্বিয়াৰ গাঁও পৰিদৰ্শন কৰিছিল, যি সেই সময়ৰ বাবে প্ৰায় অসম্ভৱ আছিল৷ যিয়েই নহওক, কেইবছৰমানৰ পিছত সঁচাকৈ ধৰ্মযাজকে কলম্বিয়া পৰিদৰ্শন কৰিছিল৷

প্ৰশ্নঃ আপুনি আপোনাৰ অনুপ্ৰেৰণাবোৰ বৰ্ণোৱা ধৰণে, যে আপোনাৰ কৰ্মৰাজিৰ মাজত বিস্ময়তাই স্থান পায়, আপুনি ভাৱে নে সমালোচকসকলে আপোনাক কাল্পনিক লেখক হিচাপে অভিহিত কৰাৰ ক্ষেত্ৰত ন্যায়প্ৰদান কৰিছে, “বাৰৰ দৰে?

উত্তৰঃ কেৰিবিয়ান বা সাধাৰণত: লেটিন আমেৰিকাত, আমি তথাকথিত ঐন্দ্ৰজালিক পৰিস্থিতিবোৰ আন বাস্তৱিক দৃষ্টিভংগীৰ দৰেই,  দৈনন্দিন জীৱনৰ অংশ বুলি গণ্য কৰোঁ৷ পূৰ্বালক্ষণ, টেলিপেথি, পূৰ্ববোধ, অন্ধবিশ্বাসৰ বাহকবোৰ আৰু বাস্তৱৰ লগত জড়িত যিকোনো কাল্পনিক পথকেই বিশ্বাস কৰাটো আমাৰ বাবে খুবেই সাধাৰণ যেন লাগে৷ মই সেইধৰণৰ ঘটনাবোৰক বুজাব বা ন্যায় প্ৰদান কৰিবলৈ মোৰ কিতাপবোৰত কেতিয়াও চেষ্টা কৰা নাই৷ মই নিজকে বাস্তৱবাদী হিচাপে দেখোঁ, নিভাঁজ আৰু সহজ৷

প্ৰশ্নঃ লেটিন আমেৰিকা আৰু ইউৰোপৰ মাজৰ সম্পৰ্কত সদায়েই কিছুমান অপ্ৰয়োজনীয় ভুল বুজা-বুজি চলি আহিছে৷ আপুনি এই সম্পৰ্কৰ শুধৰণি হোৱাটো বিচাৰেনে আৰু উত্তৰ আৰু দক্ষিণৰ মাজত এক ভাৰসাম্যতাৰ সৃষ্টি কৰিবলৈ সকলো কু-ভাৱ পাহৰি নতুনকৈ আৰম্ভ কৰাটো?

উত্তৰঃ আমাৰ মহাদেশে সন্মুখীন হোৱা সমস্যাবোৰ ইমানেই বেছি যে ইহঁতে আমাক কথাবোৰ স্পষ্টকৈ ভবাত বাধা দিয়ে, আনকি তেতিয়াও যেতিয়া আমি কোনো পৰিস্থিতিৰ ঠিক মাজভাগত পদাৰ্পণ কৰোঁ৷ গতিকে নিজৰ সংস্কৃতিৰ মাজেৰে আমাক শোষণ কৰাটো অথবা আমাক বুজি পোৱাৰ ক্ষেত্ৰত পৰ্যাপ্ত দিশৰ অভাৱত ভুগাটো ইউৰোপৰ ক্ষেত্ৰত আশ্চৰ্যজনক নহয়৷ ইউৰোপীয়ানসকলে এটা বৃহৎ যুক্তিসংগত ঐতিহ্য বহন কৰে, আৰু আন অক্ষাংশত কেনেধৰণৰ ভিন্নতা বিদ্যমান কৰে সেয়া নভবাকৈয়ে, তেওঁলোকে যে আমাক সদায় কেৱল নিজৰ নিৰ্নয়েৰে বিচাৰ কৰিব, সেইটোহে আশা কৰা উচিত৷ যদিহে তেওঁলোকে সমৃদ্ধিৰ প্ৰয়োজনীয়তা অদৃশ্য কৰে, সেয়াও আশ্চৰ্যজনক নহয়৷ এসময়ত ইউৰোপত থকাৰ দৰে, বা যি আজিও বিদ্যমান, সেই পৰিচয়বোধ লেটিন আমেৰিকা, বা আফ্ৰিকা আৰু এচিয়ায়ো গভীৰভাৱে অনুভৱ কৰিছে৷ পৃথিৱীৰ এটা অংশ আন এটা অংশৰ অনুমাপকেৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলে ভুল বুজা-বুজি হোৱাটো নিশ্চিত, আৰু ই কেৱল মানুহক গভীৰভাৱে উন্মত্ত, একাকিত্ব আৰু বিচ্ছিন্নহে কৰি তোলে৷

ইউৰোপে আমাক তেওঁলোকৰ নিজৰ অতীতৰ দৃষ্টিৰে চোৱা উচিত৷ এনে লাগে যেন বৰ্তমানৰ ভাৰসাম্যহীনতাই তেওঁলোকৰ নিজৰ ইতিহাস পৰ্যবেক্ষণ কৰাৰ দৃষ্টিশক্তিয়েই নোহোৱা কৰিছে৷ কাৰ মনত আছে যে লণ্ডনৰ চাৰিওফালে দেৱাল গঢ়োতে ৩০০ বছৰ সময়ৰ প্ৰয়োজন হৈছিল? যে ৰোম এদিনতেই গঢ়ি উঠা নাছিল, ত কেইবাশতিকাযোৰা প্ৰচেষ্টা নিহিত হৈ আছিল, বা সেইগৰাকী এগৰাকী এট্ৰুস্কান সম্ৰাটহে আছিল, যিয়ে ৰোমক ইতিহাসৰ মজিয়ালৈ আনিছিল? টেনক্তিটলান বা এজটেকৰ ৰাজধানী পেৰিচতকৈ ডাঙৰহে আছিল, যেতিয়া বিজয়ীসকলে তাত পদাৰ্পণ কৰিছিল৷

দূৰদৰ্শী ইউৰোপীয়ানসকলে, ন্যায় আৰু মানৱীয়তাৰ বাবে মহাদেশখনৰ চুকে-কোণে নিজৰ সৰ্ব্বোচ্চ দি আহিছে, আৰু যদিহে আমাক বিচাৰ কৰাৰ পথবোৰ তেওঁলোকে সলনি কৰে, তেন্তে আমাক নিশ্চয় সহায় কৰিব পাৰিব৷ কেৱল নিজস্ব উচ্চাকাংক্ষাত জীয়াই থকা সেই মানুহবোৰে আমাৰ সপোন আৰু আশাবোৰক সহানুভূতিৰ দৃষ্টিৰে চালেই কিছুপৰিমাণে আমাৰ বাবে সহায়ৰ হাত আগবঢ়োৱা হ, এতিয়া যত পৃথিৱীখনত মানৱীয় ভাতৃত্ববোধৰ কোনো প্ৰকৃত অৰ্থই নাই৷

প্ৰশ্নঃ দক্ষিণৰ দেশসমূহে কিয় ইউৰোপৰ ইউৰোপীয়ানসকলে আদৰি লোৱা সমাধানবোৰৰ নকল কৰাৰ চেষ্টা কৰাটো উচিত নহয়, যদিওবা পৰিৱেশ আৰু পদ্ধতি বেলেগ হৈ পৰে? সমস্যাবোৰ ভিতৰৰ পৰা নে বাহিৰৰ পৰা উদ্ধৱ হৈছে?

উত্তৰঃত হাজাৰ কিলোমিটাৰ দূৰত উদ্ভৱ হোৱা চক্ৰান্তই এতিয়াও লেটিন আমেৰিকাক শোষণ কৰি আছে, সেইক্ষেত্ৰত মই ভাবোঁ যে আমি আমাৰ মাজৰ হিংস্ৰতা, দুৰ্দশা বা মতবিৰোধক বন্ধ কৰিবলৈ চেষ্টা কৰা উচিত নহয়, আৰু গোলকীয় শাসকৰ অনুকম্পাত শাসিত হৈ থকাত বাহিৰে যে আমাৰ আন কোনো ভৱিষ্যত নাই, তাক স্বীকাৰ কৰাটোও অনুচিত৷

বৈষম্যতা, নিপীড়ন, শোষণ আৰু অৱহেলাৰে মুখামুখি হোৱাৰ পিছত আমাৰ উত্তৰ নিশ্চয়কৈ আমাৰ জীৱনতেই আছে৷ যুদ্ধ-বিগ্ৰহ কমি অহাৰ অবাধ্য বিবৃত কথনৰ এশটা বছৰো হোৱা নাই৷ চল্লিশ বছৰৰ আগত, উইলিয়াম ফকনেৰে মানুহৰ অন্তিম সময় সমাগত বুলি সাম্ভাৱ্য কথাষাৰ মানি লবলৈ অস্বীকাৰ কৰিছিল৷ আজি আমি জানো যে, তেওঁ যি ভয় কৰিছিল, সেয়া এক অকপট বৈজ্ঞানিক সম্ভাৱনাহে আছিল৷ সেই ভয়ানক সত্যক, আৰু দেশবোৰক সংযোগ কৰা জ্ঞানবোৰ আগতকৈও শক্তিশালী বুলি ধৰিলে বুজিব পাৰি যে এক নতুন যুগৰ সূচনা হৈছে, মই বিশ্বাস কৰোঁ যে এখন নতুন ইউটোপিয়া গঢ়িবলৈ এতিয়াও পলম হোৱা নাই, আৰু ই এনে এখন পৃথিৱী গঢ়িব যত কোনোৱে আনৰ বাবে নিৰ্ণয় নল, আৰু যত প্ৰান্তত থকা মানুহবোৰেও অভিনৱ সুযোগ লাভ কৰিব৷ এখন পৃথিৱী যত সংহতি বাস্তৱলৈ ৰূপান্তৰিত হব৷

ই এক উচ্চাকাংক্ষা যি আপোনাৰ কৰ্মৰাজীৰ মাজতো প্ৰকাশ পায়, যি লেটিন আমেৰিকাৰ লগত বান্ধ খাই আছে আৰু ইয়াৰ ভৱিষ্যতলৈ সচেতনতা আনিছে৷

সেইটো শুদ্ধ৷ মই নাভাবোঁ যে কোনোৱে এনে এক স্মৃতি লৈ জীয়াই থাকিব খোজে, ত তেওঁ নিজৰ দেশ বা মহাদেশৰ লগত কোনো গভীৰ সংযোগ অনুধাৱন নকৰাকৈয়ে নিজৰ ঠাইৰ বৰ্ণনা দিব বা বুজিবলৈ চেষ্টা কৰিব আৰু তাৰ জৰিয়তে সমগ্ৰ বিশ্বকে৷

 


Post a Comment

0 Comments