কবিতাঃ সৰু ল’ৰাটো আৰু বুঢ়া মানুহজন/ চেল চিলভাৰ্চষ্টেইন



সৰু ল’ৰাটো আৰু বুঢ়া মানুহজন ( The Little Boy and The Old Man)

কবি : চেল চিলভাৰ্চষ্টেইন (Shel Silverstein)

অসমীয়া ভাঙনি : মেঘনা চৌধুৰী
Shel Silverstein

সৰু লৰাটোৱে কলে, "কেতিয়াবা মোৰ চামুচখন পৰি যায়৷"
বুঢ়া মানুহজনে কলে, "মোৰো পৰি যায়৷"
"
মই কাপোৰ তিয়াওঁ নহয়," সৰু লৰাটোৱে কলে কাণে-কাণে৷
"
ময়োতো তিয়াওঁ," হাঁহিলে সৰু বুঢ়া মানুহজনে৷
সৰু লৰাটোৱে কলে, "মই কান্দি থাকো প্ৰায়ে৷"
"
ময়ো জানানে?", বুঢ়া মানুহজনে মূৰ দুপিয়ায়৷
"
এনে লাগে ডাঙৰ মানুহবোৰে মোক অকণো গুৰুত্ব নিদিয়ে৷ আটাইতকৈ সেইটোৱে দুখলগা কথা৷"
এই বুলি কওঁতেই লৰাটোক চুলে
উমেৰে ভৰা আৰু সোঁতোৰা পৰা
পুৰণি হাত এখনে৷
"
তোমাৰ সকলোবোৰ কথাই মই বুজি পাওঁ৷"
এই বুলি কলে সৰু বুঢ়া মানুহজনে৷

কবি পৰিচিতি ঃ ১৯৩০ চনত জন্মগ্ৰহণ কৰা চেল চিলভাৰ্চষ্টেই (Shel Silverstein) এজন আমেৰিকান লেখক। তেওঁ কাৰ্টুন, গান আৰু শিশু সাহিত্যৰ বাবে বিখ্যাত। ১৯৯৯ চনত তেখেতৰ মৃত্যু হয়।

Post a Comment

0 Comments