গল্পঃ এজন ভোকাতুৰ কলাকাৰ/ ফ্ৰান্স কাফকা


 এজন ভোকাতুৰ কলাকাৰ (A Hunger Artist)

মূল: ফ্ৰান্স কাফকা
অনুবাদক : বাৎস্যায়ন

Jon Levin in A Hunger Artist, (Photo by Kelly Stuart)


"ভোকাতুৰ হৈ জীয়াই থকাটো অসম্ভৱ যেতিয়ালৈকে আমাক চাই থকা নাযায়"- ম’ড ইলমেন

শতিকাৰ শেষৰ দশকৰ ফালে ভোকাতুৰ কলাকাৰৰ প্ৰতি মানুহৰ আগ্ৰহ কমিল৷ পূৰ্বে উপাৰ্জিত হোৱাৰ সমান উপাৰ্জন প্ৰায় অসম্ভৱ হৈ পৰিল৷ সেইবোৰ সঁচাই বৰ ভাল সময় আছিল। তেতিয়া গোটেই মহানগৰৰ আকৰ্ষণ আছিল কেৱল কলাকাৰ৷ উপবাস চলি থকাৰ দিনকেইটাত মানুহ বাঢ়িছিল, তাক এবাৰ চাবলৈ ব্যাকুল হৈ পৰিছিল৷ শেষৰ দিনবোৰত তাক চাবলৈ ৰাতিও আহিছিল মানুহ৷ তাৰে কিছুমান মানুহৰ হাতত অংশগ্ৰহণৰ টিকেট আছিল যাৰ বাবে তেওঁলোকে গোটেই দিনটো সৰু সঁজাটোৰ সন্মুখত বহি থাকিব পাৰিছিল আৰু গোটেই ৰাতি টৰ্চলাইটৰ পোহৰত৷ পঞ্চমদিনা শিশুসকলৰ প্ৰদৰ্শনৰ বাবে তেওঁক টানি অনা হৈছিল৷ যদিও ডাঙৰ মানুহবোৰৰ বাবে এই কলাকাৰ আছিল কেৱল এটা কৌতুক, সেইসময়ৰ কেৱল জনপ্ৰিয় ঢৌ কিন্তু শিশুসকলৰ আশ্বৰ্যত মুখ মেল খাই গৈছিল৷ হাতে হাত ধৰি থকা শিশুবোৰে উৎফুল্লিত নয়নেৰে পৰ্যবেক্ষণ কৰিছিল কলাকাৰক৷ সি বহি আছিল সিঁচৰতি তুঁহৰ মাজত! কেনেকুৱা আছিল এই কলাকাৰ- ক’লা কাপোৰ পৰিধান কৰা শেঁতা মানুহটোৰ স্পষ্ট হাড়ে উত্তৰ দিয়াৰ লগতে জোৰকৈ এটি হাঁহি মাৰিছিল, কেতিয়াবা মূৰ দুপিয়াইছিল৷ সঁজাৰ বাৰাংকাৰে মানুহক অনুভৱ কৰাব বিচাৰিছিল কিমান দুৰ্বল সি! নিজৰ ভিতৰতে ডুবি থকা মানুহটোৱে একোতে মনোযোগ দিয়া নাছিল, কেৱল বৰ্তমানক জীয়াই ৰাখিবলৈ সঁজাটোৰ ভিতৰত একমাত্ৰ সজুঁলি আছিল ঘড়ীটো৷ শুকাই যোৱা ওঁঠটো তিয়াই প্ৰায়ে চকুমুদিয়ে আছিল৷

সলনি হৈ থকা দৰ্শকৰ গোটৰ বাদেও ৰাইজে কিছু পৰ্যবেক্ষকক দায়িত্ব দিছিল৷ কিছুমান আছিল তাৰে ভিতৰত কচাই যাৰ কৰ্তব্য হ’ল কলাকাৰক তিনিবাৰকৈ পৰ্যবেক্ষণ কৰা, সি যাতে গোপনে একো খাব নোৱাৰে৷ সেয়া আছিল কেৱল আনুষ্ঠানিকতাহে, এইসকলোবোৰ আচলতে ৰাইজৰ বিশ্বাসৰ কাৰণেহে৷ কলাকাৰে কিন্তু সৰু টুকুৰা এটাও খোৱা নাছিল৷ তাৰ নিজৰ কলাৰ প্ৰতি সন্মান আছে, সেইটো কিন্তু তাক চাই থকা মানুহবোৰে বুজি নাপায়৷ কেতিয়াবা ৰাতি অহা কিছুমান গোটে তাক পৰ্যবেক্ষণ কৰা সময়বোৰ তাছ খেলি পাৰ কৰে, কলাকাৰকো অনুমতি প্ৰদান কৰে মুক্ত হাৱা সেৱনৰ বাবে৷ এইশ্ৰেণীৰ মতে সি গোপনে খাদ্যলাভ কৰে৷ সিহঁতে তাক হতাশ কৰে৷ সিহঁতে তাৰ উপবাস জটিল কৰি পেলায়৷
কেতিয়াবা সি নিজৰ দুৰ্বলতাৰ পৰা মুক্ত হয় আৰু মুক্তিৰ গান গায়৷ সি অনুধাৱন কৰাব বিচাৰে কিমান ভুল কৰিছে মানুহবোৰে তাক সন্দেহ কৰি৷ কিন্তু তাৰপাছতো সিহঁতে নিজৰ কল্পনাৰ মাজতে ভাবি উলিয়াই গান গাই থাকোতেওঁতো মানুহে খাব পাৰে৷ সি সেইকাৰণে বিচাৰে পৰ্যবেক্ষকসকল তাৰ সঁজাটোৰ কাষতেই বহি থাকক, পোহৰাই ৰাখক ইলেকট্ৰিক লাইটেৰে৷ পোহৰে তাক একো দিগদাৰ নিদিয়ে, সি এনেও শুবই নোৱাৰে, কেৱল পোহৰত চিপিয়াই থাকে পৰিপূৰ্ণ উত্তাল প্ৰেক্ষাগৃহটো৷ কিছুমান পৰ্যবেক্ষকৰ লগত সি গোটেই ৰাতি সুখেৰে কটাই দিব পাৰে, সিহঁতৰ লগত কৌতুক কৰি, কাহিনীবোৰৰ পুনৰাবৃত্তি কৰি, সিহঁতৰ কাহিনীবোৰ শুনি শুনি! তেওঁলোকক সি সাৰে ৰাখিব বিচাৰে কেৱল এইটো প্ৰমাণ কৰিবলৈ যে সি একো খোৱা নাই ৰাতি আৰু তাৰ বাদে এয়া কোনেও নোৱাৰে৷

সি আটাইতকৈ সুখী হয়৷ সি ৰাতিপুৱা নিজৰ খৰছত সুস্বাদু ভোজনৰ যোগান কৰে তেওঁলোকৰ বাবে৷ আগদিনাৰ টোপনি ক্ষতিৰ পাছত তেওঁলোকক এটা ভাল ব্ৰেকফাষ্টেৰে কৃতজ্ঞতা জ্ঞাপন কৰিব খোজে৷ তাৰপাছত এনেকুৱা কিছুমান মানুহ ওলাই যি ৰাতিপুৱাৰ বেকফাষ্টটোকো ঘোচ হিচাপে গণ্য কৰে৷ কিন্ত সেইখিনি মানুহক যদি উজাগৰী ৰাতিৰ দায়িত্ব অৰ্পণ কৰা হয়, তেন্তে তেওঁলোকে তাৰপৰা ফালৰি কাটে৷ তাতকৈ তেওঁলোকে নিজৰ সন্দেহ নিজৰ মাজত ৰখাটোহে পছন্দ কৰে৷ তাৰ উপবাসৰ লগত জড়িত এই সন্দেহবোৰ অবিচ্ছিন্ন৷ কিন্তু কোনো এনেকুৱা স্থানত নাছিল যে প্ৰত্যকদিনা কলাকাৰক নিৰীক্ষণ কৰি থাকিব৷ কলাকাৰে কেৱল নিজেহে জানিছিল আৰু বুজিছিল, কিন্তু নিজৰ ব্যতিক্ৰমিতাক লৈ সুখী নাছিল৷ কেৱল উপবাসৰ বাবে দুৰ্বল হোৱা নাছিল, অনুশোচনাৰ বাবে হৈছিল৷ সি প্ৰদৰ্শিত হোৱাটো সিহঁতে পছন্দ কৰা নাছিল, সেইকাৰণে আঁতৰিও থাকিবলগা হৈছিল নিজৰ প্ৰদৰ্শনকামিতাৰ পৰা৷ কিন্তু অসুখী হৈ উঠে বেলেগ এটা কাৰণত সি নিজে জানে যে উপবাসে থকাটো কিমান সহজ, পৃথিৱীৰ আটাইতকৈ সহজ কাম৷ সেইবুলি সি কথাটো কাকো জনোৱা নাই এনে নহয়, সি মানুহক জনাইছে উপবাসে থকাটো সহজ৷ মানুহে বিশ্বাস নকৰে৷ সিহঁতৰ বেছিসংখ্যকে ভাবে তাক পাব্লিচিটি লাগে, সি এটা মস্ত ভণ্ড৷ উপবাসটো সহজ আছিল তাৰ বাবে কিয়নো সি জানিছিল ইয়াক কেনেকৈ কৰা যায়৷ অভ্যাস হোৱাৰ পাছতো অসুখী অনুভৱ এটা তাৰ ভিতৰত সকলো সময়তে আছিল৷ ব্ৰত শেষ হোৱাৰ পাছতো সি মুক্ত হ’ব পাৰিছিল জানো সেই সঁজাটোৰ পৰা?

অনুষ্ঠানৰ সংগঠকে উপবাসৰ সময় চল্লিশদিনহে ৰাখে। তেওঁক তাতকৈ বেছিদিনৰ উপবাস ৰখাৰ অনুমতি দিয়া নাছিল, আন মহানগৰবোৰতো দিয়া নাছিল৷ তাৰ এটা ভাল কাৰণো আছে৷ তেওঁৰ অভিজ্ঞতা মতে মানুহৰ আৰ্কষণ চল্লিশদিনৰ পাছত কমি যায়, সেয়ে এয়াই যথেষ্ট সময়৷

চল্লিশ দিনৰ পাছত ফুলেৰে সজ্জিত দুৱাৰ খোলা হৈছিল৷ ৰঙ্গভূমি মানুহেৰে ভৰ্তি, গান-বাজনাৰ সুমধুৰ পৰিৱেশৰ অন্তত দুজন ডাক্তৰ সোমাই গ’ল, ফলাফল ঘোষণা হয় অডিটৰিয়ামত মেগাফ’নৰ জৰিয়তে আৰু শেষত দুগৰাকী গাভৰু ছোৱালী আহিল, নিৰ্বাচিত ব্যক্তি হিচাপে, তেওঁলোকে কলাকাৰক উলিয়াই আনিছিল আৰু সৰু টেবুল এখনত সযতনে যুগুতাই দিছিল খাদ্য৷ কলাকাৰৰ ভিতৰত পুনৰ যুদ্ধ আৰম্ভ হ’ল৷ সঁচাকৈয়ে সি সেইসময়ত থিয় হ’ব খোজা নাছিল৷ সি বিচাৰিছিল বেছিদিনলৈকে বাঢ়ক উপবাস, শেষ নোহোৱা সময়লৈকে৷ কিয় তাক ৰখাই দিয়া হ’ল উপবাসে থকাৰ পৰা, সি এটা ভাল অৱস্থালৈ আহিছিলহে, উপবাসৰ বাবে সৰ্বোত্তম আকাৰলৈ যোৱাই নাই৷ কিয় মানুহে তাৰ পৰা কাঢ়ি ল’ব খোজে সেই সন্মান যাৰ দ্বাৰা সি হ’ব পাৰিলেহেঁতেন সময়ৰ আটাইতকৈ ডাঙৰ কলাকাৰ, যিটো বৰ্তমানো হয়, তথাপিও সি কল্পনাৰ সীমা অতিক্ৰম কৰিব খুজিছিল৷ সি ভাবিছিল তাৰ যোগ্যতা সীমাহীন আছিল উপবাসে থকাৰ ক্ষেত্ৰত৷ সি বুজি নাপায় কিয় জনতাক কয় তাক খুব ভালপায় কিন্তু তাৰ বাবে ইমান কম ধৈৰ্য! যদি সি উপবাস অব্যাহত ৰাখিব বিচাৰে কিয় তেওঁলোকৰ সহ্য নহয়৷ তেতিয়া সি ভাগৰুৱা হৈ পৰে৷

এতিয়া সি চিধাকৈ থিয় হ’ব আৰু খাবলৈ যাব৷
সেইমুহূৰ্তত সি যেতিয়া অনুভৱ কৰিলে তাৰ বমি বমি ভাৱ এটা আহিছে৷ সি সেয়া কষ্টৰে দমাই থ’লে বমি নহাকৈ কেৱল মহিলাৰ উপস্থিতিৰ বাবে৷ আৰু সেই মহিলাসকলৰ চকুলৈ চালে, যদিও দেখাত বন্ধুত্বসুলভ কিন্তু ভিতৰি কদৰ্য আৰু তাৰ দুৰ্বল ডিঙিটোৰ ওপৰত থকা গধুৰ মূৰটো জোৰকৈ জোকাৰি দিলে৷ তেতিয়া ঘটিল যিটো সদায়ে ঘটে৷

সংগঠক আহিল আৰু সংগোপনে সংগীতে কথা পতাটো অসম্ভৱ কৰি তুলিলে আৰু তেওঁ কলাকাৰৰ বাহুত হাত থৈ সকলোকে আমন্ত্ৰিত কৰে তেওঁৰ কৃতিত্ব চাবলৈ আৰু কলাকাৰৰ খীন কঁকালত ধৰি মানুহক বুজাবলৈ ধৰে যে তেওঁ এটা খুব আলফুল কিবা এটাৰ লগত জড়িত৷ তাৰপাছত গতাই দিয়া যায় অলপো জোকাৰ খাবলৈ নিদিয়াকৈ, তেতিয়াহে কলাকাৰৰ শৰীৰৰ ওপৰ অংশ আৰু ভৰি ঘূৰ্ণিমান হৈ আগবাঢ়ি যায় নিয়ন্ত্ৰণহীনভাৱে মহিলাগৰাকীৰ ফালে৷ তেওঁ সেইসময়ত মৃতকৰ দৰে শেঁতা হৈ পৰিছিল৷ ইয়াৰ পাছতে কলাকাৰে সকলোবোৰ ভুগিব লগা হয়৷ তাৰ মূৰটো বুকুৰ ওপৰত পৰি যায় ঠিক যেন ঘূৰি থকা কিবা এটা ৰৈ গ’ল৷ সি নিজক বচাবলৈ চেষ্টা কৰে৷ কিন্তু মাটিত টানি ধৰোতে শৰীৰৰ সমস্ত শক্তি সেই মানুহগৰাকী বিপক্ষত যায় যি বিভ্ৰান্ত হৈ সহায় বিচাৰে৷ তেওঁ চাগে সপোনতো কল্পনা কৰা নাছিল তেওঁৰ দৰে মানুহ এগৰাকীৰ এই গতি হ’ব৷ তেতিয়া তেওঁ ডিঙিটো টানে যিমান পাৰি সিমান কলাকাৰৰ মুখৰ লগত সম্পৰ্ক কম হোৱাকৈ, যেতিয়া তেওঁ সফল নহ’ল তেওঁৰ ভাগ্যশালী  বান্ধৱী নাহিল সহযোগিতাৰ বাবে, কিন্তু কলাকাৰৰ হাতত ধৰি কঁপিছিল আৰু কান্দোনত ভাগি পৰিছিল৷ প্ৰেক্ষাগৃহত হাঁহিৰ গুঞ্জন উঠিছিল৷ তাৰপাছতে খাদ্য আহিল৷ সংগঠকে কলাকাৰক অলপ খুৱাই দিলে, তাৰপাছতেই কলাকাৰৰ অৰ্দ্ধচেতন অৱস্থাৰ পৰা মানুহবোৰক লৈ যোৱা হ’ল পোহৰ আৰু গীতৰ লয়ৰ মাজে মাজে৷ তাৰপাছতে সংগঠকৰ কাণত কলাকাৰে ফুচফুচালে, আৰু গুৰুত্বপূৰ্ণ ঘোষণাটো হ’ল, কাৰোৰে এই অনুষ্ঠানটোক লৈ অসুখী হোৱাৰ অধিকাৰ নাই,কলাকাৰৰ বাদে৷

সি তেনেকৈ আছিল, প্ৰায়ে সৰু সুৰা বিৰতি লৈছিল৷ বহুবছৰ ধৰি সন্মানিত হৈও তাৰ মনতো আন্ধাৰ হৈ আছিল, সকলো সময়তে দুখী৷ কোনেও জনা নাছিল কেনেকৈ তাক ছিৰিয়াছলি ল’ব লাগে৷ কিন্তু সি বা কেনেকৈ পাব তাৰ উদগনি? কি থাকিল তাৰ পাবলৈ? এদিন কোনোবা সৎ মানুহ এজনে তাৰ প্ৰতি দুখ অনুভৱ কৰি তাক বুজাব খুজিছিল তাৰ দুখৰ কাৰণ প্ৰকৃততে তাৰ উপবাস৷ কলাকাৰে ৰুদ্ৰমূৰ্তি ধৰিছিল আৰু বাংকাৰা কেইডাল জোকাৰি জন্তুৰ দৰে আচৰণ কৰি সকলোকে ভয় খুৱাইছিল৷ সংগঠকে তেওঁৰ হৈ ক্ষমা বিচাৰিছিল ৰাইজৰ সন্মুখত আৰু কৈফিয়ৎ দিছিল উপবাসে থকাৰ বাবে তেওঁ এনে আচৰণ কৰিছে সেয়া নিশ্চয় সময়মতে খাই থকা সমাজখনে বুজি পাব৷

তেতিয়াৰ পৰাই তেওঁ ক’বলৈ আৰম্ভ কৰিছিল যে তেওঁৰো বুজিবলৈ কষ্ট হৈছে কিয় কলাকাৰে আগতে যিমানদিন কৰিছিল তাতোকৈ বেছিসময়ৰ বাবে উপবাসে থকাৰ পণ লৈছিল৷ তেওঁ যদিও সেই উপবাসৰ প্ৰশংসা কৰিছিল লগতে কিছুমান চল্লিশদিনৰ উপবাসৰ পাছৰ অৰ্দ্ধমৃত অৱস্থাৰ ফটো দেখুৱাইছিল, বিক্ৰী কৰিছিল৷ কলাকাৰে ভালকৈয়ে বুজিছিল সত্যক গাপ দিয়া কাহিনী৷ কি ফলাফল আছিল আধাতে শেষ হোৱা উপবাসৰ, এতিয়া মানুহে ইয়াৰ কাৰণ বিচাৰিছে! অবুজন পৃথিৱীত বুজি নোপোৱাটোৰ বিপক্ষে যুঁজাটো অসম্ভৱ! ভাগ্যক্ৰমে সি সংগঠকৰ কথা সদায় অতি আশাৰে শুণিছিল, ভাবিছিল ৰাইজ পুনৰ আহিব তাক চাবলৈ৷ কিন্তু এদিন কলাকাৰে অনুভৱ কৰিলে সি পৰিত্যক্ত হৈ পৰিছে ৰাইজৰ বুকুৰ পৰা, তাৰ ঠাই ইতিমধ্যে দখল কৰিছে অন্য আৰ্কষণে৷ তথাপিও সংগঠকে তাক লৈ সমগ্ৰ ইউৰোপ ঘূৰে কিজানি পুনৰ উত্তেজনা জগাই তুলিবই পাৰে৷ কিন্তু সকলোবোৰ অৰ্থহীন হৈ পৰিল৷

গোপন অভিসন্ধি ৰচা হৈছিল উপবাসে থকাৰ বিপক্ষত৷ কিন্তু তাৰ বিপক্ষে যুঁজিবলৈ যথেষ্ট পলম হৈ গৈছিল৷ এইটো কথাটো নিশ্চিত যে উপবাসৰ জনপ্ৰিয়তা পুনৰ ঘূৰি আহিব আকৌ৷ কিন্তু এতিয়া কলাকাৰে কি কৰিব? এজন মানুহ যাক হাজাৰ মানুহে উৎসাহিত কৰি ৰাখিছিল দিনে ৰাতিয়ে, সি নিজক মানুহৰ সন্মুখত প্ৰদৰ্শন কৰিব নোৱাৰিব৷ বেলেগ এটা বৃত্তি গ্ৰহণ কৰিবলৈ কলাকাৰ কেৱল বৃদ্ধই হোৱা নাছিল, সি উপবাস পালনেই তাৰ জীৱন আছিল৷ তাৰ অস্তিত্ব তাতেই আছিল৷ সংগঠকৰ সৈতে বিদায়ৰ মুহূৰ্তত সি অনুৰোধ জনালে তাক যাতে ডাঙৰ চাৰ্কাচৰ বাবে লৈ যায়৷ চুক্তিপত্ৰখনতো এবাৰো চকু নুফুৰালে৷

এখন ডাঙৰ চাৰ্কাচত তাক লোৱা হ’ল, য’ত বিভিন্ন জন্তু, মানুহ, আশ্বৰ্যকৰ কৌশলৰ সমাহাৰ দেখা পোৱা যায়৷ সি জনালে পূৰ্বৰ দৰেই সি উপবাসে থাকিব পাৰিব, যদি মানুহে বিচাৰে তাতকৈও বেছি৷ কিন্তু সি সাক্ষী হৈ পৰিছিল অন্য এটা কথাৰ, তাৰ সঁজাটো মাজভাগত মুখ্য আৰ্কষণ হিচাপে নসজায় জন্তুৰ সঁজাৰ কাষত থোৱা হৈছিল৷

মুখ্য অনুষ্ঠানৰ মাজৰ বিৰতিবোৰত মানুহবোৰে জন্তুবোৰ দৰ্শন কৰিছিল, তেওঁলোকে কিঞ্চিত সময় কলাকাৰক চাইছিল৷ আগৰ দিনবোৰত সি কেতিয়াও অনুষ্ঠানৰ বিৰতিলৈ অপেক্ষা কৰিবলগা হোৱা নাছিল৷ এতিয়াৰ অভিজ্ঞতা নিজক ফাঁকি দিও আঁতৰাব নোৱাৰি যে মানুহবোৰ বাৰে বাৰে কেৱল জন্তুবোৰক চাবলৈহে আহিছিল৷ তথাপিও দূৰৈৰ পৰাই চাই থকা মানুহবোৰ তাৰবাবে আছিল আটাইতকৈ ধুনীয়া সময়! যেতিয়া সেই মানুহবোৰ তাৰফালে আহিছিল, দুটা পক্ষৰ চিঞৰ বাখৰ বাঢ়িছিল, এটা পক্ষই একো নুবুজাকৈ কেৱল তাক চাই আছিল৷ ইটো পক্ষই কেৱল জন্তুৰ ফালে যোৱাটোৰ দাবী জনাইছিল৷

আৰু পৰিয়ালটোৰ দেউতাকজনে যেতিয়া নিজৰ সন্তানক আঙুলিয়াই কলাকাৰক দেখুৱাইছিল আৰু পুৰণি কথাবোৰ কৈছিল, বুজাইছিল তাত কি হৈ আছে, তেতিয়া সিহঁতৰ চকুত পোহৰ নাছিল৷ সিহঁতৰ চকুয়ে বিচাৰি আছিল নতুন সময়ৰ আশ্বৰ্য৷ কেতিয়া কলাকাৰে নিজে নিজক কৈছিল অলপ হ’লেও বেলেগ হ’লহেঁতেন যদিহে স্থানতো জন্তু সঁজাৰ পৰা আতঁৰত হ’লহেঁতেন৷

হতাশগ্ৰস্ত কলাকাৰে নিজৰ অসুবিধাৰ কথা কৰ্তৃপক্ষক জনোৱা নাছিল, কোৱা নাছিল জন্তুৰ সঁজাৰ দুৰ্গন্ধই আমনি কৰে, সিহঁতলৈ অনা কেঁচা মাংসৰ কেচেমা কেচেম গোন্ধই অতিষ্ঠ কৰে, খোৱাৰ সময়ত সিহঁতৰ গৰ্জনে অশান্তি কৰে৷ কাৰণ সি ভয় কৰিছিল৷ তাৰ সলনি সি কৃতজ্ঞ হৈছিল জন্তুবোৰৰ প্ৰতি৷ সিহঁতৰ বাবেই মানুহবোৰ আহিছিল, তাকো চাইছিল৷ কোনে জানে যদি সি মনত পেলাই দিয়ে তাৰ অস্তিত্বৰ কথা, তাক বা ক’ত লুকুৱাই দিয়ে৷ সি কেৱল এটা বাধাহে ৰাস্তাৰ৷ এটা সৰু বাধাই যিকোনোপ্ৰকাৰে বাৰেপতি কমাই থাকে বাধা৷

তাৰ উপবাস চলি থাকিল৷ মানুহবোৰ তাৰ কাষেৰে পাৰ হৈ যোৱা হ’ল৷ সি তাৰ কলা সম্পৰ্কে বুজাবলৈ যত্ন কৰিছিল, মানুহবোৰে নুবুজিলে বুজিবলৈ চেষ্টাও কৰা নাছিল৷ সিও পৰা নাছিল বুজাব৷ প্ৰথম কেইসপ্তাহমানৰ পাছত কাৰো তাৰ উপবাস পালনৰ হিচাপ নাছিল৷ সি আগতে সপোন দেখাৰ দৰে কোনেও তাৰ উপবাসৰ হিচাপ নৰখা হ’ল৷ কলাকাৰৰ নিজৰো মনত নথকা হ’ল কিমান মহৎ হ’ল তাৰ সাফল্য!

তেওঁৰ বুকুখন গধুৰ হৈ পৰিছিল৷ আৰু এবাৰ এজন মানুহ তাত থিয় হ’ল, পুৰণি সংখ্যাক লৈ কৌতুক কৰিলে আৰু ভণ্ডামীৰ নাম দিলে- ক’লে এটা বুৰ্বকৰ মিছা কথা, সমাজৰ বাবে ই কেৱল ঘাটক৷ কলাকাৰ ঠগ নাছিল৷ সততাৰে নিজৰ কাম কৰিছিল৷ কিন্তু সমাজে তেওঁক পুৰস্কাৰ দিয়াৰ সময়ত বেয়াকৈ ঠগিছিল৷

অৱশেষত সেই সঁজাটোৱে পুনৰ দৃষ্টি আকৰ্ষণ কৰিলে চুপাৰভাইজাৰৰ, তেওঁ চোৱাচিতা কৰা মানুহবোৰক ক’লে ইমান প্ৰয়োজনীয় সঁজাটো সিহঁতে কিয় ব্যৱহাৰ কৰা নাই৷ কাৰোৰে মনত নাছিল৷ সিহঁতে তুঁহবোৰ জোকাৰি দিয়াত কলাকাৰ ওলাই পৰিল- "তই এতিয়াও নোখোৱাকৈ আছ’?" চুপাৰভাইজাৰে সুধিলে- "তই কেতিয়াকৈ বন্ধ কৰিবি?" "মোক ক্ষমা কৰিব সকলোবোৰৰ বাবে"-ফুচফুচাই কলাকাৰে ক’লে, চুপাৰভাইজাৰে ক’লে- "নিশ্চিতভাৱে"
"আমি ক্ষমা কৰি দিছো তোমাক"
"মই সদায় বিচাৰিছিলো যে তোমালোকে মোৰ উপবাস পালনৰ প্ৰতি সমীহ কৰা" কলাকাৰে ক’লে৷
চুপাৰভাইজাৰে ক’লে- "আমি সমীহ কৰোয়েই; কিন্তু তুমি কিয় সমীহ নকৰা?"
"কাৰণ মই উপবাসে থাকিবই লাগিব আৰু মই একো কৰিব নোৱাৰো৷"কলাকাৰে উত্তৰ দিলে৷
"নিজক চোৱা কিয় তুমি একো কৰিব নোৱাৰা?" চুপাৰভাইজাৰে ক’লে৷
"কাৰণ"কলাকাৰে মূৰটো বেঁকা কৰি ওঁঠটো চুপাৰভাইজাৰৰ কাণৰ কাষলৈ নি ক’লে- "কাৰণ মই আজিলৈকে এনেকুৱা খাদ্য পোৱাই নাই যিটো মই আনন্দেৰে গ্ৰহণ কৰিব পাৰোঁ৷ বিশ্বাস কৰক মই যদি পালোহেঁতেন মই পেট ভৰাই খালোহেঁতেন আপোনালোকৰ নিচিনাকৈ, সকলোৰে নিচিনাকৈ৷"

সেয়াই আছিল তাৰ শেষ কথা৷ তেতিয়া তাৰ চকুত উপবাসৰ সময়ত থকা সেই আত্মভিমান নাছিল৷
"তেতিয়াহ’লে সঁজাটো ঠিক কৰা" ছুপাৰভাইজাৰে ক’লে৷

তেওঁলোকে কলাকাৰক তাতে পুতি দিলে তুহঁৰ মাজত৷ তাৰ সঁজাটোৰ ভিতৰত এটা ঘোং ভৰাই দিলে৷ দেহৰক্ষীসকলে একো নভবাকৈ তাক কেঁচা মাংসৰ যোগান ধৰিলে৷ ঘোঙটোৱে খাই ভালেই পালে, অনুভৱ কৰিব পৰা নগ’ল যে জন্তুটোৰ নিজৰ স্বাধীনতা হেৰোৱাৰ দুখ আছে৷ এই শৰীৰটোৰ সকলোবোৰেই আছে৷ এনেকুৱা লাগে স্বাধীনতা নিজৰ ভিতৰতে কঢ়িয়াই ফুৰে৷ তাৰ ধাৰ থকা দাঁতকেইটাৰ শক্তিশালী উদ্যম চাই থকাটো পৰ্যবেক্ষকৰ কাৰণে সহজো নহয়৷ কিন্তু তেওঁলোকে নিজক সম্বৰণ কৰে, আকৰ্ষিত হয় সঁজাটোলৈ বাৰে বাৰে আৰু কোনো হেপাঁহ নাথাকে তাৰ পৰা আঁতৰি যাবলৈ৷

গল্পকাৰৰ পৰিচয়: কাফকা এজন জাৰ্মান ভাষাৰ উপন্যাসিক, গল্পকাৰ৷ তেওঁৰ লেখাত অপৰাধবোধ, অস্তিত্বৰ কান্দোন, জীৱনৰ অন্তঃসাৰশূণ্যতা, নিসংগতাৰ প্ৰতিফলন দেখা যায়৷ তেওঁৰ উল্লেখযোগ্য অৱদানসমূহ হ’ল: মেটাম’ৰফচিচ, ড্য ট্ৰাইল, ড্য জাজমেন্ট ইত্যাদি৷

অনুবাদকৰ টোকা: হাংগাৰ আৰ্টিষ্ট বা ষ্ট্ৰাৰভে’ইচন কলাকাৰ আছিল ইউৰোপ আৰু আমেৰিকাৰ এনেকুৱা কিছুমান শিল্পী যিয়ে দৰ্শকৰ সন্তুষ্টিৰ বাবে ভোকত থাকিছিল৷ এয়া হ’ল বুৰঞ্জী! এতিয়া কাফকাৰ গল্পটোৰ প্ৰসংগত: আমি অনুভৱ কৰিলো এইটো শিল্পীৰ ভিতৰত অহৰহ চলি থকা অস্থিৰতা আৰু ধুমুহাৰ বৰ্হিপ্ৰকাশ৷ কাফকাৰ দৰে মহান গল্পকাৰৰ গল্পৰ অনুবাদৰ ক্ষেত্ৰত জটিলতা বহুত৷ সৃষ্টিও হৃদয়ৰ এক অদ্ভুত বেমেজালি: সেয়া কাফকাৰ পৰা শিকিলোঁ৷ গল্পটোৰ ভাষা সৰল, অনুভূতি গধুৰ, প্ৰতীকে অন্য মাত্ৰা প্ৰদান কৰিছে৷

Post a Comment

0 Comments