কবিতাঃ এলিজাবেথ বিশ্বপৰ পাঁচটা কবিতা


অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ



এটি শিল্প

হেৰোৱাৰ শিল্প আয়ত্ব কৰাটো কঠিন নহয় ;
বহুত কিবা-কিবিয়েই হেৰাই যোৱাৰ ইমান সম্ভাৱনাৰে পূৰ্ণ যে
সেই সকলোবোৰ হেৰুৱাই পেলোৱাটো কোনো বিপৰ্যয় নহয় ৷

প্ৰতিদিনেই কিবা-কিবি হেৰুৱাবা ৷ আপোন কৰি লোৱা তোমাৰ
দুৱাৰৰ চাবিকাঠি হেৰোৱাৰ দুৰ্যোগ, ভালদৰে কটাব নোৱাৰা মুহূৰ্তবোৰ ৷
হেৰোৱাৰ শিল্প আয়ত্ব কৰাটো কঠিন নহয় ৷

তেতিয়া অনুশীলন কৰা আৰু বেছি হেৰোৱাৰ, আৰু বেছি তীব্ৰতাৰে হেৰোৱাৰ :
ঠাইবোৰ, নামবোৰ, আৰু যলৈ তোমাৰ ভ্ৰমণৰ হেঁপাহ আছিল ৷
এইবোৰৰ একোৱেই কোনো বিপৰ্যয় কঢ়িয়াই নানে ৷

মই মাৰ ঘড়ীটো হেৰুৱাইছিলোঁ ৷ আৰু চোৱা ! মোৰ মৰমৰ তিনিটা ঘৰৰ,
শেষৰটো, নাইবা শেষৰটোৰ আগৰটো গুচি গল ৷
হেৰোৱাৰ শিল্প আয়ত্ব কৰাটো কঠিন নহয় ৷

মই দুখন নগৰ হেৰুৱাইছিলোঁ, সুন্দৰ দুখন নগৰ ৷ আৰু, বেছি পৰিৰৰ বহুতো,
মোৰ কেইখনমান ৰাজ্য, দুখন নদী, এখন মহাদেশ ৷
সেই সকলোবোৰলৈ মনত পৰে ৷ কিন্ত এয়া একো বিপৰ্যয় নাছিল ৷

-- আনকি তোমাক হেৰুওৱাটোও (সেই ধেমেলীয়া কণ্ঠ, মই ভাল পোৱা
এটি ভঙ্গিমা ) মই মিছা কব নেলাগিছিল ৷ এইটো পৰিষ্কাৰ যে
হেৰোৱাৰ শিল্প আয়ত্ব কৰাটো খুব কঠিন নহয়
যদিও এয়া এক বিপৰ্যয়ৰ দৰে দেখা যাব (লিখি লোৱা !) পাৰে ৷



এলিজাবেথ বিশ্বপ





পৰ্বত


সন্ধিয়া পৰত, মোৰ পাছত কোনোবা ৷
মই এটি মুহূৰ্তৰ কাৰণে আগবাঢ়োঁ, উচপ খাই উঠোঁ,
নাইবা অস্থিৰ হৈ থমকি ৰওঁ আৰু দগ্ধ হওঁ ,
মই মোৰ বয়স নাজানোঁ ৷

ৰাতিপুৱা এয়া অলপ বেলেগ ধৰণৰ ৷
এখন খোলা কিতাপে মোক আগচি ধৰে ,
ভালকৈ পঢ়িবলৈ খুবেই ওচৰত কিতাপখন ৷
মোক কোৱা মোৰ বয়স কিমান ৷

আৰু তাৰপাছত উপত্যকাবোৰে
মোৰ কাণত অভেদ্য কঁপাহৰ দৰে
ঘন কুঁৱলিবোৰ হেঁচি ধৰে ৷
মই মোৰ বয়স নাজানোঁ ৷

মই অভিযোগ কৰিব খোজা নাই ৷
সিহঁতে কয় এইটো মোৰ দোষ ৷
কোনেও মোক একো নকয় ৷
মোক কোৱা মোৰ বয়স কিমান ৷

গভীৰতম সীমাৰেখাবোৰো
যিকোনো ধূসৰ টাটুৰ দৰে লাহে লাহে
বিয়পি হেৰাই যাব পাৰে ৷
মই মোৰ বয়স নাজানোঁ ৷

ছায়াবোৰ সৰি পৰে ; পোহৰে আৰোহণ কৰে ৷
ওপৰলৈ বগাই যোৱা পোহৰ , শিশুসকল !




ষেষ্টিনা

চেপ্তেম্বৰৰ বৰষুণজাক ঘৰটোৰ ওপৰত পৰিছিল ৷
অনুজ্বল হৈ অহা পোহৰত, বুঢ়ী আইয়ে
সৰু মাৰ্ভেল ষ্টভটোৰ কাষত
সৰু লৰাটোৰ সতে জুহালত বহে,
আৰু পঞ্জিকাৰ কৌতুকবোৰ পঢ়ে
আৰু চকুলোবোৰ ঢাকিবলৈ হাঁহে আৰু গল্প কৰে ৷

তেওঁ ভাবে যে সেই বিষুৱীয় চকুলোবোৰ
আৰু ঘৰৰ চালত পৰা বৰষুণবোৰ
দুয়োটাৰেই পঞ্জিকাখনে আগতেই ভৱিষ্যত-বাণী কৰিছিল,
কিন্তু মাত্ৰ এজনী বুঢ়ী আয়েহে কথাটো জানিছিল ৷
চাহৰ কেটলিটোৱে ষ্টভৰ ওপৰত গান গায় ৷
তেওঁ ৰুটীৰ টুকুৰা এটা কাটে আৰু লৰাটোক কয়,

এতিয়া চাহৰ সময় হ; কিন্তু লৰাটোৱে
উত্তপ্ত কলা ষ্টভটোৰ ওপৰত বলিয়াৰ দৰে নৃত্যৰত,
ঠিক যেনেকৈ বৰষুণে ঘৰটোৰ ওপৰত নাচে,
চাহৰ কেটলিটোৰ সৰু কঠিন চকুপানীবোৰ লক্ষ্য কৰিছে,
পৰিপাটী কৰি, বুঢ়ী আয়ে
চতুৰ পঞ্জিকাখন আৰি থয়

তাৰ ৰচীডালেৰে ৷ চৰাই এটিৰ দৰে পঞ্জিকাখনে
আধাখোলা হৈ লৰাটোৰ ওপৰত ওলমি ৰ,
বুঢ়ী আইৰ আৰু ডাঠ মুগা চকুপানীৰে ভৰা
চাহকাপটোৰ ওপৰত ওলমি ৰয় ৷
তেওঁ কঁপে আৰু কয় যে ঘৰটো ঠাণ্ডা যেন
লাগিছে, আৰু  ষ্টভটোত খৰি ভৰাই দিয়ে ৷

মই হব লগা আছিল , মাৰ্ভেল ষ্টভটোৱে কয় ৷
মই জানোঁ মই কি জানোঁ , পঞ্জিকাখনে কয় ৷
ক্ৰেয়নেৰে লৰাটোৱে দৃঢ় ঘৰ এটি আৰু
একা-বেঁকা পথ এটি আঁকে ৷ তাৰ পাছত লৰাটোৱে
তাত চকুপানীৰ দৰে বুটাম থকা মানুহ এজন বহুৱাই দিয়ে
আৰু সেইটো গৰৱেৰে বুঢ়ীমাকক দেখুৱায় ৷

কিন্তু গোপনে, যেতিয়া বুঢ়ী আয়ে
নিজকে ষ্টভটোৰ লগত ব্যস্ত কৰি তোলে,
সৰু লৰাটোৱে ঘৰৰ সম্মুখত সযতনে
পাৰি থোৱা ফুলৰ বিচনাখনলৈ
সৰু সৰু জোনবোৰ চকুপানীৰ দৰে সৰি পৰে
পঞ্জিকাখনৰ মাজৰ পৃষ্ঠাবোৰৰ পৰা ৷

চকুপানী ৰোপন কৰাৰ সময়, পঞ্জিকাখনে কয় ৷
বুঢ়ী আয়ে আশ্বৰ্য্যপূৰ্ণ ষ্টভটোলৈ গান গায়,
আৰু সৰু লৰাটোৱে আৰু এটা ৰহস্যময় ঘৰ আঁকে ৷



মেকুৰীটোলৈ এটি নিচুকণি গীত

হেৰা ক্ষুদ্ৰ প্ৰাণী , শুবলৈ যোৱা আৰু সপোন দেখা,
তোমাৰ ডাঙৰ বহল চকুযুৰি মুদা ;
তোমাৰ বিচনাখনৰ চাৰিওফালে সময়ে
ৰচিব আটাইতকৈ সুন্দৰ বিস্ময় ৷

মৰমৰ ক্ষুদ্ৰ প্ৰাণী , তোমাৰ ভ্ৰুকুটি সামৰি লোৱা ,
মাত্ৰ সহযোগ কৰা  ,
কোনো মেকুৰীৰ পোৱালিয়ে ডুবি নমৰিব
সাম্যবাদৰ এই প্ৰদেশত ৷

আনন্দ আৰু ভালপোৱা তোমাৰ দুহাতত হ;
হেৰা ক্ষুদ্ৰ প্ৰাণী , বেদনাকাতৰ নহবা ৷
হাঁহিভৰা দিনবোৰ সোনকালেই আহিব --
শোৱা , আৰু সিহঁতক আহিবলৈ দিয়া



কথোপকথন

বুকুৰ প্ৰচণ্ড ধুমুহাজাকে
প্ৰশ্ন কৰি থাকে সদায় ৷
আৰু তেতিয়া ই থমকে আৰু উত্তৰ দিবলৈ সাজু হয়
কণ্ঠৰ সেই একেটা সুৰত
আৰু কোনেও বৈসাদৃশ্যটো ধৰিব নোৱাৰে ৷

কথোপকথনৰ সূচনা হয়, নিষ্পাপ নোহোৱাকৈয়ে
আৰু ভবা-নভবাকৈয়ে
তেতিয়া অনুভূতিবোৰক নিমগ্ন কৰে ৷
আৰু তাৰ পাছত ইচ্ছা-অনিচ্ছাৰ কথা নেথাকে ,
আৰু তাৰ পাছত তাত কোনো অনুভূতি নেথাকে ;

যেতিয়ালৈকে এটি নাম
আৰু তাৰ সকলো তাৎপৰ্য্যৰ কোনো পাৰ্থক্য নৰয় ৷



কবি পৰিচিতিঃ এলিজাবেথ বিশ্বপ এগৰাকী এমেৰিকান কবি-গল্পকাৰ । তেওঁৰ জন্ম ১৯১১ চনত । 

Post a Comment

0 Comments