প্ৰৱন্ধঃ থেছিছ অন ফয়াৰবাখ / কার্ল মার্ক্স

থেছিছ অন ফয়াৰবাখ - কার্ল মার্ক্স

অনুবাদঃ ময়ূৰ চেতিয়া


কাৰ্ল মাৰ্ক্স


মার্ক্সৰ এই পাঠটো লিখা হৈছিল ১৮৪৫ চনত কিন্তু ১৯২৪ চনতহে ই প্রথমবাৰৰ বাবে ছপাশালৰ মুখ দেখিছিল; মস্কোস্থিত ইনষ্টিট্যুট অফ মার্ক্সিজিম লেনিনিজিমৰ দ্বাৰা ৰাছিয়ান আৰু জার্মান ভাষাত পাঠটো প্রথমবাৰ প্রকাশ কৰা হৈছিল। ইংৰাজীত প্রথমবাৰৰ বাবে পাঠটো প্রকাশ কৰা হৈছিল জার্মান আইডিয়লজীগ্রন্থখনৰ অংশ হিচাপে, ১৯৩৮ চনত। 

 

(১)

আজিলৈকে অস্তিত্বমান সকলো ভৌতিকবাদৰ (যাৰ ভিতৰত ফয়াৰবাখৰ ভৌতিকবাদো অন্তর্ভুক্ত) মূল সমস্যা আছিল এই যে ই বস্তু, বাস্তৱ তথা ইন্দ্রিয়গ্রাহ্যতাক কেৱল বস্তু বা চিন্তনৰ বস্তু বুলি গণ্য কৰিছিল; ই সিবিলাকক মানৱীয় ইন্দ্রিয়গ্রাহ্য(sensuous) কার্যকলাপ বা অনুশীলন হিচাপে অর্থাৎ বিষয়ীগতভাৱে গণ্য কৰা নাছিল। ফলত সক্রিয় দিশটো ভৌতিকবাদৰ বিপৰীতে ভাৱবাদেই বিকশিত কৰিছিল কিন্তু এই বিকাশ কেৱল বিমূর্তভাৱেহে সম্ভৱপৰ হৈছিল কিয়নো ভাৱবাদে বাস্তৱিক ইন্দ্রিয়গ্রাহ্য কার্যকলাপক চিনিব নোৱাৰে। ফয়াৰবাখে ইন্দ্রিয়গ্রাহ্য বস্তুবোৰক চিন্তনৰ বস্তুৰ পৰা পৃথককৈ চাব খোজে কিন্তু তেওঁ স্বয়ং মানৱীয় কার্যকলাপক বস্তুগত কার্যকলাপ হিচাপে গণ্য নকৰে। সেয়েহে তেওঁ The Essence of Christianity গ্রন্থখনত কেৱল তাত্ত্বিক দৃষ্টিভংগীকেই একমাত্র সঠিক মানৱীয় দৃষ্টিভংগী বুলি অভিহিত কৰিছে আৰু আনহাতে অনুশীলনক কেৱল পৰিঘটনাৰ স্তৰত সূত্রায়িত কৰিছে। সেয়েহে তেওঁ বৈপ্লৱিক কার্যকলাপ বা ব্যৱহাৰিক-সমালোচনামূলক কার্যকলাপৰ তাৎপর্য বুজিব পৰা নাই। 

 

(২)

মানৱ চিন্তনক বস্তুগত সত্য বুলি গণ্য কৰিব পাৰিনে নাই এই প্রশ্নটো তত্ত্বগত প্রশ্ন নহয়, বৰং ই হৈছে এটা ব্যৱহাৰিক প্রশ্ন। মানুহে তেওঁৰ সত্যক অর্থাৎ তেওঁৰ চিন্তনৰ বাস্তৱতা, শক্তি তথা একপক্ষীয়তাক অনুশীলনৰ জৰিয়তে প্রমাণিত কৰিব লাগিব। চিন্তন বাস্তৱ হয়নে নহয় - এই বিষয়ক সমস্ত প্রশ্নবোৰ যি অনুশীলনৰ পৰা নিজকে আঁতৰাই ৰাখে বিশুদ্ধ বিদ্যায়তনিক প্রশ্নৰ বাহিৰে আন একো নহয়।

 

(৩) 

এই ভৌতিকবাদী ধাৰণাটো যে মানুহ হৈছে পৰিস্থিতি আৰু লালন-পালনৰ উৎপাদ আৰু সেয়েহে পৰিস্থিতি আৰু লালন-পালন পৰিবর্তিত হলে মানুহৰো পৰিবর্তন ঘটিব এই ধাৰণাটোৱে পাহৰি যায় যে স্বয়ং মানুহেই পৰিস্থিতিও সলনি কৰে; অর্থাৎ শিক্ষকসকল নিজেও শিক্ষিত হৈ লব লাগিব। ফলত এই ধাৰণাটোৱে সমাজখনক দুটা ভাগত বিভক্ত কৰে যাৰ এটা ভাগক সমাজখনতকৈ শ্রেষ্ঠ বুলি কোৱা হয়। পৰিবর্তিত পৰিস্থিতি আৰু মানুহৰ স্ব-পৰিবর্তন (অর্থাৎ মানৱীয় কার্যকলাপ) এই দুয়োৰে সংযোগ(coincidence) কেৱল বিপ্লৱী অনুশীলনৰ ৰূপতহে চিত্রায়িত তথা বুজিব পৰা যায়।

 

(৪)

ফয়াৰবাখে ধর্মীয় আত্ম-বিচ্ছেদৰ পৰিঘটনাটোৰ পৰা আৰম্ভ কৰিছে; এই পৰিঘটনাটোৱে পৃথিৱীখনক দুখন পৃথিৱীলৈ পৰিণত কৰে - এফালে এখন ধর্মীয় তথা কাল্পনিক পৃথিৱী, আনফালে এখন চেকুলাৰ পৃথিৱী। ফয়াৰবাখে ধর্মীয় পৃথিৱীখনৰ ৰহস্যৰ সন্ধান চেকুলাৰ পৃথিৱীখনৰ মাজতেই কৰিছে। কিন্তু ফয়াৰবাখে মন কৰা নাই যে এয়া কামৰ আৰম্ভণিহে মাত্র; এতিয়াও মূল কামফেৰা কৰিবলৈ বাকী আছে। এই যে চেকুলাৰ পৃথিৱীখনে নিজকে আকাশলৈ [ধর্মীয় পৃথিৱীখনৰ ৰূপত] প্রক্ষেপ কৰে আৰু ডাৱৰৰ মাজত লুকাই ৰহস্যঘন হৈ পৰে, তাৰ অর্থ হৈছে এই পৰিঘটনাটোৰ কাৰণ চেকুলাৰ পৃথিৱীখনৰ আভ্যন্তৰীণ সংঘাত তথা অন্তর্নিহিত অন্তর্বিৰোধবোৰৰ মাজতেই লুকাই আছে। চেকুলাৰ পৃথিৱীখনৰ অন্তর্বিৰোধবোৰ প্রথমে বুজি লব লাগিব আৰু সিবিলাকক আঁতৰাই পেলাব লাগিব অর্থাৎ চেকুলাৰ পৃথিৱীখনৰ বৈপ্লৱিক পৰিবর্তন সাধন কৰিব লাগিব। অর্থাৎ উদাহৰণস্বৰূপে কবলৈ গলে - পবিত্র পৰিয়ালৰ ৰহস্যৰ উৎস লৌকিক পৰিয়াল বুলি বুজি পোৱাৰ পাছত এই লৌকিক পৰিয়ালক তত্ত্বগত তথা প্রায়োগিকভাৱে নির্মূল কৰিব লাগিব। 

 

(৫)

ফয়াৰবাখ বিমূর্ত চিন্তনত সন্তুষ্ট নহয় আৰু তেওঁ ইন্দ্রিয়গ্রাহ্য চিন্তন বিচাৰে। কিন্তু তেওঁ এই ইন্দ্রিয়গ্রাহ্যতাক ব্যৱহাৰিক, মানৱীয়-ইন্দ্রিয়গ্রাহ্য কার্যকলাপ হিচাপে চিহ্নিত কৰিব পৰা নাই।

 

(৬)

ফয়াৰবাখে ধর্মৰ সাৰমর্মৰ সমাধান মানৱ সাৰমর্মৰ [মানৱ চৰিত্রৰ] মাজত বিচাৰি পাইছে। কিন্তু মানৱ সাৰমর্ম কোনো বিমূর্তকৰণ নহয় যে ই প্রতিজন ব্যক্তিৰ মাজত অন্তর্নিহিত হৈ থাকিব। আচলতে মানৱ সাৰমর্ম হৈছে সামাজিক সম্পর্কবোৰৰ সমাহাৰ (ensemble) মাথো। ফয়াৰবাখে এই প্রকৃত সাৰমর্মৰ কোনো সমালোচনা বিকশিত নকৰাৰ ফলত তেওঁ আন কেইটামান কাম কৰিবলৈ বাধ্য হৈছেঃ

ক) তেওঁ ঐতিহাসিক প্রক্রিয়াটোৰ পৰা বিচ্ছিন্ন কৰি ধর্মীয় ভাৱাবেগক এটা সুকীয়া বস্তু হিচাপে দাঙি ধৰিছে আৰু প্রতিজন ব্যক্তিক একোটাহঁত বিমূর্ত তথা বিচ্ছিন্ন সত্ত্বা হিচাপে প্রক্ষেপ কৰিছে। 

খ) মানৱ সাৰমর্মক সেয়েহে তেওঁ এক জীৱসত্তামাত্র হিচাপে সংজ্ঞায়িত কৰিবলৈ বাধ্য হৈছে; ই হৈছে এনে এক জীৱসত্তা, যি বিভিন্ন ব্যক্তিক একেবাৰে স্থূল সাধাৰণীকৰণৰ জৰিয়তে প্রাকৃতিক স্তৰতহে ঐক্যৱদ্ধ কৰে। 

 

(৭)

ফয়াৰবাখে সেয়েহে বুজিব পৰা নাই যে স্বয়ং ধর্মীয় ভাৱাবেগোহৈছে এক সামাজিক উৎপাদ আৰু তেওঁ বিশ্লেষণ কৰা বিমূর্ত ব্যক্তিসকল হৈছে একোখন বিশিষ্ট সমাজৰ ব্যক্তি।

 

(৮) 

সকলো সামাজিক জীৱন হৈছে মূলতঃ ব্যৱহাৰিক জীৱন। এনে সমস্ত ৰহস্য -যি তত্ত্বক অতীন্দ্রিয়বাদৰ দিশেৰে লৈ যায় সিবিলাকৰ যুক্তিসিদ্ধ সমাধানৰ পথ মানৱীয় অনুশীলন তথা এই অনুশীলনৰ অনুধাৱনৰ মাজতেই লুকাই আছে। 

 

(৯)

মননসর্বস্ব ভৌতিকবাদে অর্থাৎ এনে ভৌতিকবাদে যি ইন্দ্রিয়গ্রাহ্যতাক ব্যৱহাৰিক কার্যকলাপ হিচাপে গণ্য নকৰে একক ব্যক্তি আৰু নাগৰিক সমাজৰ চিন্তনৰ মাজতেই সি সীমাৱদ্ধ হৈ ৰবলৈ বাধ্য; এয়াই হৈছে এনে ভৌতিকবাদে লাভ কৰিব পৰা চৰম উপলব্ধি। 

 

(১০)

পুৰণা ভৌতিকবাদৰ দৃষ্টিকোণ হৈছে নাগৰিক সমাজ; নতুন ভৌতিকবাদৰ দৃষ্টিকোণ হৈছে মানৱ সমাজ বা সামাজিকৃত মানৱজাতি। 

 

(১১)

দার্শনিকসকলে আজিলৈকে কেৱল পৃথিৱীখনৰ ব্যাখ্যাহে কৰি আহিছে; কিন্তু আচল কথাটো হল পৃথিৱীখন সলনি কৰা।

 


Post a Comment

0 Comments