ভৰ্ৎসনা (ADMONITION)
কবি : ছিলভিয়া প্লেথ (SYLVIA PLATH)
অসমীয়া ভাঙনি : কিশোৰ দাস
![]() |
sylvia plath |
যদি তুমি ব্যৱচ্ছেদন কৰা এটি চৰাইৰ
আঁকিবলৈ জিভাখন
আঁকিবলৈ জিভাখন
কটা যাব তাঁৰডাল
সংগীত সাধন কৰা
সংগীত সাধন কৰা
যদি তুমি ছাল বখলিয়াই দিয়া এটা জন্তুৰ
জানিবলৈ কেশৰৰ আশ্চৰ্য
মুচৰিব লাগিব তাত
য'ৰ পৰা আৰম্ভ হৈছে নোমাল ছালছটা
জানিবলৈ কেশৰৰ আশ্চৰ্য
মুচৰিব লাগিব তাত
য'ৰ পৰা আৰম্ভ হৈছে নোমাল ছালছটা
যদি তুমি আজুৰি উলিয়াই আনা হৃদপিণ্ডটো
জানিবলৈ কিদৰে ধপধপাই আছে ই
বিৰতি দিব লাগিব ঘড়ীটোক
যিয়ে জীয়াই ৰাখিছে অবিৰামভাৱে আমাৰ প্ৰেমক।
জানিবলৈ কিদৰে ধপধপাই আছে ই
বিৰতি দিব লাগিব ঘড়ীটোক
যিয়ে জীয়াই ৰাখিছে অবিৰামভাৱে আমাৰ প্ৰেমক।
0 Comments