কবিতাঃ আমাৰ শিশুসকললৈ উপদেশ / নাজিম হিকমত

আমাৰ শিশুসকললৈ উপদেশ 

(Advice to our Children)

মূল কবি : নাজিম হিকমত

অসমীয়া ভাঙনি : খগেশ সেন ডেকা

nazim hikmet

 

তোমালোক দুষ্ট হোৱা, তাত কোনো ক্ষতি নাই৷

সুউচ্চ দেৱালবোৰ,

ওখ ওখ গছবোৰ বগাই যোৱা৷

এক অভিজ্ঞ দলপতিৰ দৰে দুয়োখন হাতক নিৰূপণ কৰিবলৈ দিয়া

তোমাৰ চাইকেলৰ গতি৷

আৰু ধৰ্মগুৰুৰ কাৰ্টুন অঁকা কাঠ-কলমডালেৰে,

ধ্বংস কৰি পেলোৱা কোৰানৰ পৃষ্ঠাবোৰ৷

তুমি নিশ্চয়কৈ জানিব লাগিব এই উৰ্বৰা মাটিত নিজৰ অময়াপুৰী কিদৰে নিৰ্মাণ কৰিব লাগে৷

তুমি তোমাৰ ভূতত্ত্বৰ পাঠ্যপুথিৰে

সেইজন মানুহক স্তব্ধ কৰিব লাগিব

যিয়ে তোমাক শিকাইছে

আদমতে হৈছিল সৃষ্টিৰ পাতনি৷

তুমি উপলব্ধি কৰিব লাগিব পৃথিৱীৰ গুৰুত্ব,

তুমি বিশ্বাস কৰিবই লাগিব

এই পৃথিৱী চিৰন্তন বুলি৷

নাৰাখিবা কোনো ভেদ জননী আৰু আই বসুমতীৰ মাজত৷

মাতৃলৈ তোমাৰ যিমান মৰম

আই বসুমতীকো দিবা সিমান মৰম৷


Post a Comment

0 Comments