গল্পঃ এটা মধ্যবিত্ত কুকুৰ / হৰিশংকৰ পৰসাই


এটা মধ্যবিত্ত কুকুৰ
মূল: হিন্দী
লেখক: হৰিশংকৰ পৰসাই
অনুবাদ ঃ তাম্ৰলিপি ৰাজকোঁৱৰ
Harishankar Parsai 


বন্ধুজনৰ গাড়ী আহি তেওঁৰ ঘৰৰ সন্মুখত ৰ'লহি৷ মই গাড়ীৰপৰা নমাৰ আগতে বন্ধুজনক কুকুৰ আছে নেকি সুধি চালো৷

"তুমি কুকুৰলৈ বৰ ভয় কৰা নেকি?"
"মানুহৰূপী কুকুৰলৈ ভয় নকৰো৷ কিন্তু আচল কুকুৰ জীৱবিধলৈ ভয় বহুত৷"

    হয়, ঠিকেই বুজিছে৷ পোহনীয়া কুকুৰ থকা মানুহৰ ঘৰলৈ যোৱাটো মই মুঠেই পছন্দ নকৰো৷ তেনেকুৱা এখন ঘৰলৈ আলহী হৈ গ'লে গৃহস্থতকৈ আগতে কুকুৰেহে প্ৰথমে সম্ভাষণ জনায়৷ মানুহে সম্ভাষণ জনোৱাৰ আগত  কুকুৰৰ ভুক-ভুকনি আৰম্ভ হৈ যায়৷ মোৰ সেই ভু্ক-ভুকনি শুনিলে ', ইয়ালৈ কিয় আহিছ? তোৰ বাপেৰৰ ঘৰ নেকি?" এনেকৈ  গালি পৰা নিচিনা অনুভৱ  হয়৷

    তদুপৰি কুকুৰ ৰুষ্ট হ'লে কামুৰিবলৈ খেদি অহা কথাটোও আছে৷ কুকুৰে লাগিলে মোক কেবাবাৰো কামোৰক, সেইটো চিন্তাৰ কাৰণ নহয়৷ কিন্তু কামোৰাৰ পিছত ল'বলগীয়া ইনজেকশ্যন কেইটাহে  মোৰ ত্ৰাসৰ কাৰণ৷

    কুকুৰলৈ ভয় কৰোঁ যদিও মোৰ মতে কিছুমান মানুহ কুকুৰতকৈও বেছি ভয়ংকৰ৷ মাৰ্ক টোৱেইনে কোৱা কথা এষাৰ মই সম্পূৰ্ণ বিশ্বাস কৰো৷ তেওঁৰ মতে তুমি যদি ভোকাতুৰ কুকুৰ এটাক খাবলৈ দিয়া তেন্তে সি তোমাক কেতিয়াও নাকামোৰে৷  মানুহ আৰু কুকুৰৰ মাজত এইটো বৃহৎ অন্তৰায় ৷

   এবাৰ এজন বন্ধুক কুকুৰে কামুৰিলে৷ সকলোৱে তেওঁৰ খবৰ লোৱা দেখি মই ক'লো, "তেওঁ ভালে থাকিব৷ কুশল বাৰ্তা ল'ব খোজে যদি  কুকুৰটোৰহে লওক ৷ ইনজেকশ্যনো কুকুৰকহে বেছি প্ৰয়োজন বুলি মোৰ ধাৰণা হয়৷ "

অইন চিনাকি মানুহ এজনে এবাৰ মোক তেওঁৰ ঘৰলৈ মাতিছিল৷ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ ঘৰৰ গেটৰ সন্মুখত উপস্থিত হৈও ভিতৰ নোসোমোৱাকৈয়ে  উভতিলো,  কাৰণ গেটত  ফলক এখনত ডাঙৰ ডাঙৰ হৰফত লিখা আছিল "কুকুৰপৰা সাৱধান৷"
কেইদিনমান পাছত সেইজনক পুনৰ লগ পালোঁ। তেওঁ চাহৰ নিমন্ত্ৰণ ৰক্ষা নকৰাৰ বাবে আক্ষেপ কৰাত মই ক'লো, "ক্ষমা কৰিব৷, মই সেইদিনা আপোনাৰ ঘৰলৈ  সময়মতেই গৈ পাইছিলো  কিন্তু নাম ফলকত লিখা কথাখিনিয়ে মোক ঘৰত প্ৰবেশ কৰাত বাধা দিলে৷ মই ভাবিছিলো  ঘৰখনত  মানুহ থাকে৷ কিন্তু ফলকখনত কুকুৰৰ কথাহে লিখা আছিল৷ "

বহুদিনৰ মূৰত আমি দুজন বন্ধুৱে লগৰ এটাৰ ঘৰলৈ থকাকৈ যোৱাৰ নিমন্ত্ৰণ পালোঁ।  কলিং বেল টিপাৰ লগে লগে  ভৌ ভৌ শব্দহে উফৰি আহিল৷ গৃহস্থই টাইগাৰ, টাইগাৰ বুলি চিঞৰি তাৰ মাত বন্ধ কৰিলতহে ৰক্ষা৷ সেই মুহূৰ্তটোত মোৰ এনে ভাব হ'  লগৰটোৱে  কৈছে , "টাইগাৰ,  টাইগাৰ, মনে মনে থাক৷ ইমানকৈ চিঞৰাৰ প্ৰয়োজন নাই৷ এয়া কোনো চোৰ, ডকাইত নহয়৷ তই ইমান বিশ্বস্ত হৈ নেদেখুৱালেও হ'ব।"
  
 কুকুৰটো শিকলিৰে বান্ধ খাই আছিল৷  মালিকে সাদৰেৰে ঘৰৰ ভিতৰলৈ মাতি নিয়া  দেখিও  সি ভুকিয়ে থাকিল৷ মই তাৰপৰা পাৰ্যমানে দূৰত্ব বজাই ৰাখি দৌৰি ভিতৰ সোমালোগৈ৷ কুকুৰটোৰ গঢ় গতি ভালদৰে পৰ্যবেক্ষণ কৰি মই বুজিলো যে ই এক উচ্চবৰ্গীয় কুকুৰ৷ এইখিনিতে কৈ থওঁ,
  "উচ্চবৰ্গ শ্ৰেণীটোৰ প্ৰতি মোৰ যথেষ্ট ভাল ভাব আছে৷ সেয়া  কুকুৰেই নহওক লাগিলে!"

    কিন্তু তাৰ ঘৰত  কুকুৰটোৱে  মোৰ ফালে এনে এক  হীন দৃষ্টিৰে চালে যে মোৰ মনতো অহমিকাবোধৰ সৃষ্টি হ'ল৷ সি যেন  যেন কৈছে - "'ত তই  এটা নিঃকিন মানুহ আৰু ক'ত মই এটা উচ্চ বৰ্গীয় কুকুৰ!

    এদিন সন্ধিয়া আমি তিনি বন্ধুৱে মিলি চোতালত বহি আড্ডা দি আছিলো৷  বনকৰা ল'ৰাটোৱে  কুকুৰটোক লৈ চোতালৰ সিটো মূৰত ব্যস্ত আছিল৷ তেনেতে বাটৰ কুকুৰ দুটামানে আহি  গেটৰ ওচৰত ৰ'ল৷ মই সিহঁতলৈ চাওঁতে মন কৰিলো সিহঁতে সেইডোখৰ ঠাইতে ইফাল সিফাল কৰি  থকাৰ মাজে মাজে উচ্চবৰ্গীয় কুকুৰটোলৈ চাই আছে৷ সিহঁতে তাক দেখি ভুকিবলৈ চেষ্টা কৰা নাই৷ বৰঞ্চ উচ্চবৰ্গীয় কুকুৰটোৱেহে সিহঁতক দেখি ভুকি আছে৷

     মোক তেনেকৈ চাই থকা দেখি বন্ধুৱে ক'লে,  এইবোৰ নিত্য নৈমিত্তিক ঘটনা৷ এনেদৰে সদায় বাটৰ কুকুৰকেইটাই মোৰ কুকুৰটো বাহিৰলৈ অহাৰ লগে লগে ইয়ালৈ  আহি তালৈ চাই ইফাল সিফাল কৰি থাকে৷ আৰু সিহ‍ঁতক দেখিলেই ই ভুকিবলৈ আৰম্ভ কৰে৷"

তেতিয়া মই ক'লো, " সিহঁতক দেখি ইয়াৰ ভুকিবলৈ কি দৰকাৰনো? ই শিকলিবদ্ধ সুবিধাবাদী কুকুৰ৷ সিহঁত ভোকাতুৰ আৰু অঘৰী কুকুৰ৷ গতিকে ইয়াত প্ৰত্যাহ্বান দিয়াৰ প্ৰশ্নই নুঠে৷"
ৰাতি আমি খাই বৈ শুব ললো৷ কুকুৰটোও আমাৰ বিছনাৰ কাষতে তাৰ কাৰণে থোৱা দলিচাখনত শুই পৰিল৷ মাজনিশা তাৰ ভুক-ভুকনি শুনি সাৰ পালোঁ। মই মন কৰিলো, যেতিয়াই বাটৰ কুকুৰকেইটাই ভুকিবলৈ আৰম্ভ কৰে সিও ভুকিবলৈ ধৰে৷ সিহঁতে ভুকিবলৈ এৰিলে ই মনে মনে ৰয়৷ সিহঁতৰ সমান্তৰালভাৱে চিঞৰি সি যেন  আশ্বাস দি ক'ব বিচাৰে ময়ো  আছোঁ তোমালোকৰ সৈতে।

কুকুৰটোৰ শ্ৰেণীটোক লৈ মোৰ সন্দেহ উপজিল৷ ই উচ্চ বৰ্গীয় কুকুৰ হ'বই নোৱাৰে৷ কাৰণ মোৰ চুবুৰীত থকা বন্ধুজনৰ দুটাকৈ উচ্চবৰ্গীয় কুকুৰ আছে৷ সিহঁতে কেতিয়াও বাটৰ কুকুৰক দেখি নুভুকে৷ পিছফালৰপৰা আহি গাতো নালাগেহি৷ যিয়ে সন্মুখেদি পাৰ হৈ নাযাওক, মুকলিকৈ থাকিলেও বা বন্দী হৈ থাকিলেও , বিশেষ  প্ৰতিক্ৰিয়া নিদিয়ে৷  সিহঁত নিজতেই মগন, অহংকাৰী কুকুৰ৷

কিন্তু নিজকে উচ্চবৰ্গীয় বুলি ভবা এই কুকুৰটোৱে সৰ্বহাৰা কুকুৰবিলাকক দেখিও  ভুকে আৰু  সমানেই চিঞৰে৷ এইবঝৰ মধ্যবিত্তৰ স্বভাৱ৷ গতিকে নিশ্চিতভাৱে ই মধ্যবিত্ত কুকুৰ৷ মধ্যবিত্ত শ্ৰেণীৰ দৰে ই উচ্চবৰ্গীয় মিছা আভিজাত্যৰ ভেমো দেখায় আকৌ বিপদত পৰা সৰ্বহাৰাৰ বাবে মাতো মাতে ।
  সেইদিনা অকণমান বাহিৰলৈ ফুৰিবলৈ ওলাই গৈছিলো৷ আহি দেখো কুকুৰটো দলিচাখনত পৰি আছে৷ আমাক দেখিও সি উঠিবলৈ চেষ্টা নকৰিলে৷ মূৰটো তুলি সৰুকৈ গেঙনি এটা মাৰিলে ,  তাৰপিছতেই আকৌ মূৰটো পেলাই শুই পৰিল৷ বাটৰ কুকুৰকেইটাই ভুকাৰ শব্দ শুনিও সি কোনো প্ৰত্যুত্তৰ নিদিলে৷ মই বন্ধুজনক সুধিলো, আজি ই  বহুত শান্ত হৈ আছেচোন? কথা কি?

বন্ধুৱে ক'লে," কথা বিষম৷ সন্ধিয়া বনকৰা ল'ৰাটোৱে ইয়াক  বাগিচাত ফুৰাই আছিল৷ গেটখনো খোলা আছিল৷ কেনেকৈনো সি শিকলিডাল চিঙি গেটৰ বাহিৰ হ'ল! তাতে সদায় ৰৈ থকা বাটৰ কুকুৰ কেইটাতো আছিলেই৷ তাক দেখাৰ লগে লগে তাৰ ওপৰত জঁপিয়াই পৰিল৷ কামুৰি আঁচুৰি অৱস্থা নাইকিয়া কৰিলে৷ বনকৰা ল'ৰাটোৱে যেনেতেনে বচালে গৈ।  সেইকাৰণে এতিয়া এনেকৈ লেবেজান হৈ পৰি আছে৷ কাইলৈ ইনজেকশ্যন দিয়াব লাগিব৷

মই কুকুৰটোলৈ চালোঁ। গোটেইটো ক্ষত বিক্ষত হৈ পৰি আছে৷ মই বন্ধুৱে কোৱা কথাখিনি মানিবলৈ টান পালো৷ মোৰ মতে ঘটনাটো হয়তো এনেদৰে সংঘটিত হৈছিল-  শিকলিডাল কোনোমতে চিঙি সি  বাহিৰ ওলাল৷ তাৰপিছত বাটৰ কুকুৰকেইটাক দেখি সি হয়তো ভুকিবলৈ আৰম্ভ কৰিলে৷ তাৰ ভুক-ভুকনি শুনি ইহঁতকেইটাই তাক চাগে ভালকৈ কথা শুনালে৷

" উচ্চবৰ্গৰ ভেম দেখুওৱা ভণ্ড কুকুৰ৷ ভুকিবলৈ আহিছ৷ আমাক দেখিলেও ভুকিবি আৰু বিপদ দেখিলে আমাৰ লগত সমানে ভুকিলেও আহিবি৷ কোনো স্থিতি নথকা কুকুৰ৷ বাহাদুৰি দেখুওৱা কুকুৰ৷ আৰামত শুবলৈ, খাবলৈ পোৱা কুকুৰ৷  ডিঙিত বেল্ট, শিকলি বন্ধা কুকুৰ৷ তই যদি আমাৰদৰে একেই তেন্তে সেই শিকলি, বেল্ট চিঙি আমাৰ মাজলৈ ওলাই আহ৷ ৰাস্তাত পৰি থকা খাদ্য খা৷ চুৰ কৰি খা৷ গাত ধূলি লগাই আমাৰ দৰে ঘূৰি ফুৰিবলৈকে ওলাই আহ৷"

  উচ্চবৰ্গীয় কুকুৰটোৱে চাগে সিমানতো ভুকিবলৈ বন্ধ কৰা নাছিল৷ তাকে দেখি  বাটৰ কুকুৰকেইটাই  মনে মনে ভাবিলে, ৰহ আজি তোক শিক্ষা দিম, তোৰ অহংকাৰ  ভাঙি চূৰমাৰ কৰিম। এইবুলি কৈ তাৰ ওপৰত জঁপিয়াই পৰিল আৰু তাৰ অৱস্থা এনেকুৱা কৰিলে৷ আৰু এতিয়া ই নিজৰ জাত কি সেয়া ভাবি এনেকৈ অৱশ হৈ পৰি আছে৷

Post a Comment

0 Comments