গল্পঃ অসাধাৰণ / প্ৰফুল্ল ৰায়

অসাধাৰণ

মূল বাংলা: প্ৰফুল্ল ৰায়

অসমীয়া অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই


দুই মহলাৰ বিশাল বেলকনিৰ প্ৰকাণ্ড চোফাখনত বহি আছে আশালতা। তেওঁৰ কোলাত এখন কিতাপ- ‘উইমেন ইন ব্ৰিটিছ ইণ্ডিয়া’। আশালতাৰ বয়স পঞ্চাছৰ উচৰাউচৰি হ’ব। কিন্তু এতিয়াও তেওঁৰ শৰীৰত বয়সে কোনো ভাঁজ পেলাব পৰা নাই। এই বয়সত এনে সুন্দৰ স্বাস্থ্য কাচিৎহে চকুত পৰে। গাৰ বৰণ উজ্জ্বল শ্যাম ৰঙী। নিমজ ছালখনৰ ক’তো কোনো ভাঁজ নাই। কুন্দত কটা নাক মুখ। চকুত মোটা ফ্ৰেমৰ চচমা। পঞ্চাছ বছৰ বয়সতো আশালতাৰ গাল বা থুতৰিৰ তলত অনাৱশ্যক চৰ্বিৰ কোনো ৰেশ নাই। সেওতাৰ দুই কাষে ঘন ক’লা চুলিৰ মাজত দুই এডাল চুলিয়ে ৰূপালী ৰং সলোৱাৰ বাদে বয়সৰ কোনো চিন তেওঁৰ মাজত পোৱা নাযায়। তেওঁৰ সুশ্ৰীৰ চেহেৰাটোক এক বিশাল ব্যক্তিত্বই আৱৰি ৰাখিছে। আশালতাই চাউথ কলকতাৰ এখন কলেজত ইতিহাস পঢ়ায়। সাতাইছ বছৰৰ পূৰ্বে যেতিয়া তেওঁৰ বয়স আছিল প্ৰায় পঁচিছ, তেওঁ স্বামীক হেৰুৱায়। দুবছৰীয়া সন্তান ৰাজাক লৈ তেওঁ বৈধৱ্যৰ সাঁজ পিন্ধিবলগীয়া হয়। তেওঁৰ দেউতাক নাছিল যদিও ককায়েক আছিল। শহুৰেক নাছিল, দেওৰ তথা ভনীজোঁৱাই আছিল। তেওঁলোক খুবেই ভাল মানুহ, সুহৃদয়। সকলোৱে আশালতাক নিজৰ লগত ৰাখিবলৈ বিচাৰিছিল। কিন্তু তেওঁ কাৰোৰে ওপৰত নিৰ্ভৰশীল হ’ব নুখুজিলে। নিজৰ ভৰিত নিজে থিয় দিব বিচাৰিলে। কোনোজনকে ক্ষুণ্ণ নকৰি হাঁহি মুখে ক’লে, ‘আপোনালোক সকলো লগত আছেই; ময়ো অলপ নিজে চেষ্টা কৰি চাওঁচোন’। 

আশালতাই প্ৰথমে স্কুলত চাকৰি কৰিছিল। কিছুবছৰৰ পাছত কলেজৰ চাকৰিটো পায়। কলেজত পঢ়োৱা আৰু ৰাজাক মানুহ বনোৱা এইবোৰৰ মাজতে বছৰবোৰ বাগৰি গ’ল। অৱশ্যে এইবোৰৰ লগতে কেইবাটাও মহিলা অৰ্গেনাইজেচনৰ তেওঁ সক্ৰিয় সদস্য। যেনে, ‘নাৰী জাগৰণ সমিতি’, ‘উইমেনছ ওয়েলফেয়াৰ ছছাইটি’ ইত্যাদি। যি ৰাজাই দুবছৰ বয়সতে দেউতাকক হেৰুৱাইছিল সি এতিয়া ছাবিশ বছৰীয়া চফল ডেকা। এটা নামজ্বলা বেংকৰ জুনিয়ৰ অফিচাৰ। এবছৰৰ আগেয়ে আশালতাই তাৰো বিয়াখন পাতি দিছে। বোৱাৰী ৰঞ্জাই এইবাৰ ইংৰাজীত এম.এ. পাছ কৰিছে। যিটো ঘৰৰ দ্বিতীয় মহলাৰ বেলকনিত এই মুহূৰ্তত আশালতা বহি আছে সেইটোক ধৰি মুঠ আঠটা ফ্লেট আছে। তেওঁলোকৰ কলেজৰ আঠজন অধ্যাপক অধ্যাপিকাই কো-অপাৰেটিভ কৰি গভৰ্মেণ্টৰ পৰা লোন লৈ ঘৰটো সাজিছে। তেওঁ পাইছে দ্বিতীয় মহলাৰ এই ফ্লেটটো। জীৱনটোকলৈ কোনো ক্ষোভ নাই আশালতাৰ। ভাৰতবৰ্ষৰ দৰে এখন দেশত কাৰোৰ সাহায্য নোলোৱাকৈ তেওঁ যি কৰিছে সেইয়া অভাৱনীয়। গৰ্ব নহয়, নিজৰ পিনে চাই এক পৰম তৃপ্তি লাভ কৰে। 

জানুৱাৰী মাহ শেষ হ’বলৈ বেছিদিন নাই। আজি কোনো কাৰণত ষ্টুডেণ্টৰ ষ্ট্ৰাইক। সেইবাবে আশালতাই আজি আকস্মিকভাৱে ছুটী পালে। দুপৰীয়াৰ সময়। কলকতাৰ ওপৰেৰে শীতল বতাহজাক বয় গৈছে। কোমল, শেঁতা মায়াবী ৰ’দৰ ঢল নামিছে চৌদিশে। দুপৰীয়া শুৱাৰ অভ্যাস আশালতাৰ নাই। দুপৰীয়াৰ আহাৰ খাই কিতাপ এখন লৈ বেলকনিত আহি বহিছেহি। কিন্তু কিতাপখনৰ পিনে তেওঁৰ লক্ষ্য নাই। দুই এক পৃষ্ঠাৰ অধিক পঢ়াও হোৱা নাই। আশালতাৰ ঘৰৰ সন্মুখেৰে এটা ৰাস্তা পাৰ হৈ গৈছে। তাৰ সিটো পাৰে এখন সুবিশাল পাৰ্ক। তাত কিছু গছ পুলিও ৰোৱা হৈছে। ৰাস্তাটোত বৰ বেছি গাড়ীৰ আহ যাহ নাই। নিৰ্জন নিদ্ৰাৰত এটা দুপৰীয়া শৰীৰত শীতৰ আৰামদায়ক ৰ’দ মেৰিয়াই পাৰ্কখনৰ পিনে অন্যমনস্কভাৱে চাই থাকি ভাল লাগিছে আশালতাৰ। 

ফ্লেটটোত এতিয়া তেওঁ আৰু ৰঞ্জাৰ বাদে কোনো নাই। ৰাজা নবজাতে অফিছলৈ ওলাই গৈছে। ৰঞ্জাই চাগে নিজৰ কোঠাত শুইছে নহ’লে ৰেডিঅ’ত গান শুনিছে। হঠাৎ কলিংবেলৰ শব্দত আশালতা চমকি উঠিল। এই দুপৰ বেলিকা কোন আহিব পাৰে? ৰাজা ঘূৰি আহিল নেকি? কিন্তু ৰাতিপুৱা যোৱাৰ সময়ত আজি উভতি আহোঁতে পলম হ’ব বুলি কৈ গৈছিল। আশালতাৰ ডাঙৰ আৰু মাজু ককায়েক ওচৰতে থাকে। দুয়োগৰাকী বৌয়েক বন্ধৰ দিনৰ দুপৰীয়া প্ৰায়ে আহে। কিন্তু আজি কলেজৰ ষ্ট্ৰাইক বুলি তেওঁলোকে কেনেকৈ জানিলে? কেতিয়াবা ফেৰিৱালাবোৰো সোমাই আহে নতুবা মাৰ্কেট ছাৰ্ভে কৰাৰ উদ্দেশ্যে বিভিন্ন কোম্পানীৰ এজেণ্টবোৰ। আশালতা বহাৰ পৰা উঠিবলৈ লওঁতেই দুৱাৰ খোলাৰ শব্দ শুনা গ’ল। ৰঞ্জা তেনেহ’লে টোপনি যোৱা নাছিল। বুজা গ’ল তায়ে দুৱাৰ খুলিছে। ৰঞ্জা বুদ্ধিমতী। হকাৰ আদিৰ লগত কেনেকৈ মকামিলা কৰিব লাগে তাই ভালদৰে জানে। আশালতা আৰু উঠি নগ’ল। পুনৰ পাৰ্কখনৰ ফালে চাই বহি ৰ’ল। বহুতো চৰাই উৰি আছে। কলকতা চহৰৰ আন অংশত এনেদৰে ইমানবোৰ চৰাই দেখা পোৱা নাযায়। অন্যমনস্কভাৱে চৰাই, শীতৰ ৰ’দ বা পাৰ্কৰ গছবোৰলৈ চাই থকিলেও আশালতাই বাহিৰৰ দুৱাৰখনৰ প্ৰতি কাণ উনাই থাকিল। সেইখন খোলাৰ শব্দ হৈছিল যদিও বন্ধ কৰা হ’ল নে নাই বুজা নগ’ল। বৌহঁত আহিলে ইমান সময়ে হৈছৈ কৰি বেলকনি পালেহিহেঁতেন। আশালতাৰ দুয়োগৰাকী বৌয়েক যথেষ্ট আমোদপ্ৰিয় আৰু কথকী। সেইপিনৰ পৰা কোনো শব্দ অহা নাই। ৰঞ্জাই বাৰু দুৱাৰখন বন্ধ নকৰাকৈয়ে পুনৰ শুই পৰিল নেকি? আধা ঘণ্টাৰ পাছত কোলাৰ কিতাপখন সন্মুখৰ টেবুলখনত থৈ আশালতা লাহেকৈ উঠিল। বেলকনিৰ বাওঁফালেৰে এটা কৰিড’ৰ চিধা বাহিৰৰ দুৱাৰখনলৈকে গৈছে। কৰিড’ৰটোৰে আহিয়ে আশালতাৰ চকুত পৰিল যে বাহিৰৰ দুৱাৰখন বন্ধ কৰা হোৱা নাই, মাত্ৰ কপাট দুটা লগাই থোৱা হৈছে। ৰঞ্জা খুবেই সাৱধান ছোৱালী। আশালতা কলেজলৈ আৰু ৰাজা বেংকলৈ ওলাই যোৱাৰ পাছত তাই অকলেই ফ্লেটটোত থাকে। দুৱাৰখনত গ্লাছৰ প্লেট এখন লগোৱা আছে। কোনোবা আহিলে প্ৰথমে তাৰ মাজেৰে চাই লয়। চিনাকি কোনো নহ’লে ভিতৰলৈ সোমাবলৈ নিদিয়ে। তদুপৰি এক মুহূৰ্তৰ বাবেও তাই দুৱাৰ খোলা নাৰাখে। সেই ৰঞ্জাই এনেকুৱা এটা ভুল কেনেকৈ কৰিলে। আশালতাই ভাবিলে, টোপনিৰ জালতে চাগে দুৱাৰখন বন্ধ নোহোৱাৰ কথাটো তাই মনেই নকৰিলে। দুৱাৰৰ হুকটো লগাবলৈ লওঁতেই এটা অচিনাকি মাতত আশালতা থমকি ৰ’ল। চমকি উঠিল। 

বাহিৰৰ দুৱাৰখনৰ বাওঁফালে ড্ৰয়িংৰুমটো। মাতটো তাৰপৰাই ভাঁহি আহিছে। কিছুসময় থমকি ৰ’ল আশালতা। তাৰপাছত লাহে লাহে ড্ৰয়িংৰুমৰ ফালে আগবাঢ়িল। কোঠাটোৰ দুৱাৰখনৰ এখন কপাট বন্ধ আৰু আনখন আধা খোলা আছিল। লুকাই চুৰকৈ আনৰ কথা শুনা কামটো আশালতাই একেবাৰে পছন্দ নকৰে। ব্যক্তিৰ স্বাধীনতাত হস্তক্ষেপ কৰাটো তেওঁৰ বাবে অত্যন্ত ঘৃণাৰ বিষয়। কিন্তু তীব্ৰ কৌতূহল আৰু বিস্ময়ে আশালতাক ড্ৰয়িংৰুমটোৰ কাষত আনি থিয় কৰালেহি। আধা খোলা দুৱাৰখনৰ ফাঁকেৰে ভিতৰৰ কিছু অংশ চকুত পৰে। তাতে এখন চোফাত ৰঞ্জা আৰু এজন অচিনাকি যুৱক বহি আছে। তেওঁলোকৰ বহাৰ ভংগীমাৰ বাবে তেওঁলোকৰ মুখৰ এটা অংশহে চকুত পৰে। আশালতাই থিয় দি থকা অংশটোৰ পৰা ৰঞ্জাক দেখা পোৱা যায় কিন্তু ৰঞ্জাই আশালতাক দেখা নাপায়। যুৱকে ক’লে, ‘কিবা এটা ক’ম্পেছেছ্ন লাগে মোক। তোমাকতো নাপালোৱেই, চাকৰিয়াল মক্কেল ফচালা। বেংকৰ অফিচাৰক বাদ দি মোৰ দৰে বেকাৰ এটাক কোনে বৰমালা পিন্ধাব। ভালেই কৰিছা। লাইফত প্ৰেক্টিকেল হোৱাতো ইম্পৰ্টেণ্ট। কিন্তু মোৰ কথাও তুমি ছিম্পেথেটিকেলি ভবা উচিত। ’ ৰঞ্জাৰ মুখৰ যিটো অংশ চকুত পৰিছে তাক দেখিলে ভাৱ হয় তাই যথেষ্ট ভয় খাইছে। সন্ত্ৰস্তভাৱে সুধিলে, ‘কি বিচৰা তুমি’? তাইৰ মাতটো কঁপিছে। যুৱকে ক’লে, ‘বেকাৰ মানুহ, মই আৰু কি বিচাৰিম? টকা পইছাৰ অভাৱ। গতিকে শ-পাঁচশ যি আছে দিয়া’। 

‘মই-মই ক’ত পাম পইচা’? 

‘তোমাৰ শাহু প্ৰফেছৰ, হাজবেণ্ড বেংকৰ বিগ বছ। তোমাৰ কিহৰ পইছাৰ অভাৱ? কুইক কুইক। সোমাই আহোঁতে সেইফালে বেলকনিত এগৰাকী মহিলাক বহি থকা দেখিছিলো। সম্ভৱত: তোমাৰ শাহু। হঠাৎ এইফালে আহি ওলালে দিগদাৰ হ’ব। মইতো সাৰি যাম, কিন্তু তুমি ভয়ংকৰ বিপদত পৰি যাবা’। 

‘বিশ্বাস কৰা সমীৰ, মোৰ লগত একো নাই। টকা-পইছা সব মাৰ আলমাৰিত আছে’। 

‘বিশ্বাস নকৰো। যি কৈছো পটাপট লৈ আন। আৰু এটা কথা, দুমাহৰ পাছত পুনৰ আহিম। পাঁচশ ৰেডি কৰি থ’বি’। 

দুহাতেৰে মুখ ঢাকি কান্দি পেলালে ৰঞ্জাই। জোৰেৰে মূৰটো জোকাৰি গেঙৰি তুলি ক’লে, ‘মোৰ ইমান ডাঙৰ ক্ষতি নকৰিবা সমীৰ। প্লিজ, তুমি গুছি যোৱা। মই তোমাৰ ভৰিত ধৰিছো-’

সমীৰে ক’লে, ‘মই খালী হাতেৰে উভতি যাবলৈ অহা নাই। আৰু দেৰি নকৰিবা’। 

বাহিৰত ৰৈ থকা আশালতাৰ ওচৰত গোটেই বিষয়টো পৰিষ্কাৰ হৈ পৰিল। বিয়াৰ আগেয়ে সমীৰৰ লগত ৰঞ্জাৰ নিশ্চয় সম্বন্ধ গঢ়ি উঠিছিল। তাৰেই সূত্ৰ ধৰি আজি আহি ইয়াত হাজিৰ হৈছেহি। আশালতাৰ মুখখন নিজৰ অজানিতে কঠোৰ হৈ পৰিল। 

ভগ্ন আৰু অস্পৃষ্ট মাতেৰে ৰঞ্জাই ক’লে, ‘কাহিনীবাতে কিবা এটা আছিল, তাৰবাবে মোৰ সৰ্বনাশ নকৰিবা’। 

সমীৰে ক’লে, ‘আজে বাজে কথা বন্ধ কৰ আৰু পটাপট কেছ লৈ আন’। 

‘সঁচাই কৈছো, মোৰ হাতত টকা পইছা নাই’। 

‘ঠিক আছে তেনেহ’লে তিনিখন যে চিঠি লিখিছিলি সেইকেইখনো লগতে লৈ আনিছো। শাহুয়েৰাক দেখুৱাও গৈ নেকি’? 

ৰঞ্জা আতংকিত হৈ উঠিল। দুয়োখন হাত আৰু মুৰটো প্ৰবলভাৱে জোকাৰি ক’বলৈ ধৰিলে, ‘নাই নাই, প্লিজ-’

আশালতাই ইমানখিনি শুনাৰ পাছত যেনেদৰে আহিছিল তেনেদৰে নি: শব্দে বাহিৰৰ দুৱাৰ খুলি তললৈ নামি গ’ল। ঘৰটোৰ গেটখনৰ কাষত প্ৰকাণ্ড চেহেৰাৰ পাঞ্জাৱী দাৰোৱানে সৰ্বক্ষণ পহৰা দিয়ে। নাম মঙ্গল সিং। 

আশালতাক দেখা পাই সসম্ভ্ৰমে উঠি থিয় হ’ল। ক’লে, ‘মা’জী। কিবা দৰকাৰ আছিল নেকি’? বহু বছৰ ধৰি কলকাতাত থকাৰ বাবে সি বেছ সুন্দৰ বাংলা ক’ব পাৰে। 

আশালতাই ক’লে, ‘উম। মোৰ লগত আহ’। 

দ্বিতীয় মহলাৰ নিজৰ ফ্লেটলৈ উঠি আহি মঙ্গল সিঙক বাহিৰতে অপেক্ষা কৰিবলৈ ক’লে। তাৰপাছত ড্ৰয়িংৰুমৰ কাষত গৈ ৰ’ল। এইবাৰ তেওঁৰ চকুত পৰিল ৰঞ্জাই নিজৰ হাতৰ আঙুঠি খুলি খুলি কৈছে, ‘এইটোৰ বাদে মোৰ হাতত আৰু একো নাই’। 

সমীৰে ক’লে, ‘দে দে সেইটোকে দে’। 

ৰঞ্জাই আঙুঠিটো খুলি দিবলৈ ধৰোঁতেই অবিচলিত ভংগীত দুৱাৰখন সম্পূৰ্ণকৈ খুলি আশালতা সোমাই গ’ল। ‘বোৱাৰী, আঙুঠিটো পিন্ধি লোৱা’। 

উচপ খাই ৰঞ্জাই পিছলৈ ঘূৰি চালে। মুহূৰ্তৰ বাবে তাইৰ মুখখন বিৱৰ্ণ হৈ পৰিল। তাৰপাছত দুহাতেৰে মুখ ঢাকি মজিয়াত বাগৰি পৰিল। 

হঠাৎ আশালতাক দেখা পাই সমীৰ নাৰ্ভাছ হৈ থিয় হ’ল। তাৰ ধাৰণা আছিল চুপচাপ কাম কৰি সি পলাব পাৰিব। 

আশালতাই ৰঞ্জাৰ পিনে ঘূৰি নাচালে। সমীৰ চকুলৈ চিধাচিধিকৈ চাই কঠিন স্বৰত ক’লে, ‘মোৰ লগত আহা’। 

কম্পিত মাতেৰে সমীৰে সুধিলে, ‘ক’লৈ’? 

‘মই য’লৈকে লৈ যাওঁ। আহা-’

‘কি বিচাৰে আপুনি’? 

‘আহ্-’

আশালতাৰ অদমনীয় ব্যক্তিত্বৰ আগত তেওঁৰ আদেশ অমান্য কৰাৰ সাহস সমীৰৰ নাছিল। অগত্যা নত শিৰেৰে বাহিৰৰ কৰিড’ৰটোৰ পিনে আগবাঢ়িল। বেলকনিলৈ গৈ থাকোঁতে আশালতাই মঙ্গল সিঙক ভিতৰলৈ মাতিলে, ‘মঙ্গল সোমাই আহ’। 

‘আহিছো মা’জী’। দুৱাৰ খুলি কৰিড’ৰটোলৈ সোমাই গ’ল মঙ্গল। 

চকুৰ ঠাৱৰে মঙ্গল সিঙক তেওঁৰ লগত আহিবলৈ ইংগিত দিলে। 

ইয়াৰ পাছত তিনিওজন বেলকনি পালেগৈ। আশালতাই মঙ্গল সিঙক একাষে ৰ’বলৈ কৈ সমীৰৰ ফালে চালে। এখন বেতৰ চেয়াৰ দেখুৱাই ক’লে, ‘বহা’। 

যন্ত্ৰচালিতভৱে বহি পৰা সমীৰৰ মুখামুখিকৈ বহিল আশালতা। ক’লে, ‘তোমাৰ নাম চাগে সমীৰ। সমীৰ কি’? 

ইমান সময়ে সমীৰৰ প্ৰাথমিক ভয় যথেষ্টখিনি শাম কাটিছিল। ৰূঢ়ভাৱে ক’লে, ‘যদি নকওঁ’? 

‘ক’-’

এনে আদেশৰ আগত শিৰ নত হৈ পৰে। সমীৰে ক’লে, ‘সান্যাল’। 

‘দেউতাৰ নাম’? 

‘মনোতোষ সন্যাল’। 

‘ঠিকনা’? 

এইবাৰ অবাধ্য হৈ উঠিল সমীৰ। ক’লে, ‘মোৰ ঠিকনা লৈ কি কৰিব’। 

কঠোৰ মাতেৰে আশালতাই ক’লে, ‘সোনকালে ক’-’

সমীৰে বেৰকপুৰৰ এটা ৰাস্তাৰ নাম আৰু নম্বৰ ক’লে। তাৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। 

ৰঞ্জাৰ ঘৰ বেৰকপুৰত। আশালতাৰ বুজি পালে সমীৰহঁতৰ ৰাস্তাটো ৰঞ্জাৰ দেউতাকৰ ঘৰৰ ওচৰতে হ’ব। হাতখন আগুৱাই ক’লে, ‘চিঠি তিনিখন লৈ যে ব্লেকমেইল কৰিবলৈ আহিছিলি সেইকেইখন মোক দে। ’

সমীৰৰ চকুৱে মুখে উগ্ৰতা ফুটি উঠিল। কৰ্কশ মাতেৰে ক’লে, ‘নিদিওঁ। ’

‘সঁচাই নিদিয়। ’

‘কৈছো নহয়। ’

এইবাৰ মঙ্গল সিঙৰ পিনে চাই ক’লে, ‘এই অবাধ্য ল’ৰাটোৰ ওপৰত চকু ৰাখ। মই পুলিচলৈ ফোন কৰি আহো। ’ আশালতা উঠি যাবলৈ লওঁতেই সমীৰে পকেটত হাত ভৰাই চিঠি তিনিখন উলিয়াই টেবুলৰ ওপৰত থৈ ক’লে, ‘এইয়া লওক। ’ প্ৰচণ্ড ভয়ত এইবাৰ সি কঁপিবলৈ আৰম্ভ কৰিলে। আশালতাই চিঠি তিনিখন উঠাই লৈ চকু ফুৰালে। ফুকলীয়া প্ৰেমৰ লাগ বান্ধ নোহোৱা কথাবোৰৰ বাহিৰে তেওঁৰ আন একো চকুত নপৰিল। এটা সময়ত চিঠিকেইখন টেবুলৰ ওপৰত কিতাপেৰে হেঁচা দি ৰাখি মঙ্গল সিঙক ক’লে, ‘এই অভদ্ৰ ল’ৰাটোক ডিঙিত ধৰি ঘৰৰ বাহিৰ কৰি দে। আকৌ কেতিয়াবা ইয়াত সোমাবলৈ চেষ্টা কৰিলে পুলিচক গতাই দিবি। ’

মঙ্গল সিঙে অৱশ্যে ডিঙিত নধৰিলে। প্ৰকাণ্ড হাতখনেৰে খামোছ মাৰি টানি লৈ গ’ল। 

কিছুসময়ৰ পাছত চিঠি তিনিখন হাতত লৈ আশালতা ড্ৰয়িংৰুমলৈ সোমাই গ’ল। 

মজিয়াত জোটৰ কাৰ্পেটখনৰ ওপৰত উবুৰি খাই ৰঞ্জাই তেতিয়াও কান্দি আছিল। গম্ভীৰ মাতেৰে আশালতাই ক’লে, ‘বোৱাৰী এনেকৈ কান্দে নে? উঠা-’

মুখখন সামান্য তুলি এপলক আশালতালৈ চাই ব্যাকুলভাৱে ৰঞ্জাই তেওঁৰ দুভৰি সাৱটি ধৰিলে। তাইৰ কান্দোনৰ তীব্ৰতা বাঢ়ি গ’ল। জঠৰ, অস্পষ্ট কণ্ঠেৰে ক’লে, ‘মোৰ এতিয়া কি হ’ব মা? ’

ৰঞ্জাক তুলি ধৰি চোফা এখনত নিজৰ কাষত বহুৱাই ক’লে, ‘কি হ’ব আৰু? কেতিয়াবা কাৰোবালৈ কিবা লিখিছিলা, তাৰ বাবে বাকী জীৱন নষ্ট হৈ যাব নেকি? সেই বদমাছ ল’ৰাটোৰ পৰা চিঠিকেইখন ৰাখি থৈছো। এইকেইখনেই নহয় জানো? ’

তললৈ চাই থাকিয়েই ৰঞ্জাই মুৰ লৰালে। 

‘দাৰোৱানকো কৈ দিছো এই ঘৰত আকৌ সোমোৱাৰ চেষ্টা কৰিলে পুলিচক গতাই দিবলৈ। ’

ৰঞ্জাই ক’লে, ‘কিন্তু এওঁ যদি গম পায়। ’

চিঠিকেইখন চিৰাচিৰিকৈ ফালি আশালতাই ক’লে, ‘ৰাজাৰ কথা কৈছা নহয় জানো? ’

‘উম। ’

‘মই ৰাজাক সকলো বুজাই ক’ম। কম বয়সৰ ভুল। সেই কথাটো যিমান দূৰ সত্য, এতিয়া ৰাজাক খুব ভালপোৱা সেইটোও কম সত্য নহয়। আশা কৰিছো মোৰ ল’ৰা যেতিয়া সি বুজি পাব। ’ এই বুলি ৰঞ্জাক নিজৰ বুকুৰ মাজলৈ টানি ল’লে। অভিভূত, কৃতজ্ঞ ৰঞ্জাই এগৰাকী অসাধাৰণ মহিলাৰ বুকুত মুখ গুজি কান্দি উঠিল। আশালতাই গভীৰ স্নেহেৰে তাইৰ মুৰত হাত বুলাই থাকিল। 

****

 


Post a Comment

0 Comments