প্ৰৱন্ধঃ সাম্যবাদ আৰু পৰিয়াল / আলেকজেণ্ড্ৰা কলন্তাই

সাম্যবাদ আৰু পৰিয়াল

মূল: আলেকজেণ্ড্ৰা কলন্তাই
অনুবাদ: বিশ্বজিৎ বৰা

প্ৰথম প্ৰকাশ: ৰুছ ভাষাত Komuinstka, নং ২, ১৯২০, আৰু ইংৰাজী ভাষাত The Worker, ১৯২০;

উৎস: “Communism and the Family.” Selected Writings of Alexandra Kollontai. Allison & Busby, ১৯৭৭;

ইংৰাজী অনুবাদ: এলিক্স হল্ট (Alix Holt) (https://www.marxists.org/archive/kollonta/1920/communismfamily.htm)।

[অনুবাদকৰ টোকা: বিংশ শতিকা জোকাৰি যোৱা ৰুছদেশৰ সমাজবাদী আন্দোলনৰ এগৰাকী অন্যতম লেখত ল’বলগীয়া মাৰ্ক্সবাদী বিপ্লৱী আৰু তাত্ত্বিক আলেকজেণ্ড্ৰা মিখাইলভনা কলন্তাইৰ এই ৰচনাখন অনুবাদ কৰাৰ বেলিকা ভাষিক উৎপত্তিৰ ভিন্ন ইতিহাস থকা ইংৰাজী আৰু অসমীয়া ভাষাৰ গাঁথনি আৰু প্ৰকাশভংগীৰ বৈসাদৃশ্যৰ মাজত এক সমতা স্থাপনৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰা হৈছে। তদুপৰি, সংজ্ঞামূলক তথা ধাৰণামূলক শব্দৰ ভাষান্তৰৰ ক্ষেত্ৰত এক সংগতি বৰ্তাই ৰাখিবলৈ আৰু লিংগ-ভিত্তিক ভাষিক বৈষম্য দূৰ কৰিবলৈ যতদূৰ সম্ভৱ প্ৰয়াস কৰা হৈছে। এই ৰচনাখন এলিক্স হল্টে ইংৰাজীলৈ অনুবাদ কৰা আলেকজেণ্ড্ৰা কলন্তাইৰ নিৰ্বাচিত ৰচনাৱলীত সন্নিৱিষ্ট আৰু মাৰ্ক্সবাদী ইণ্টাৰনেট মহাফেজখানাত উপলব্ধ (লিংক ওপৰত) “Communism and the Family”-শীৰ্ষক ৰচনাখনৰ পৰা অনূদিত।]

উৎপাদনত মহিলাৰ ভূমিকা: পৰিয়ালত ইয়াৰ প্ৰভাৱ

সাম্যবাদৰ অধীনত পৰিয়াল থাকিবনে? বৰ্তমানৰ ৰূপতে পৰিয়াল থাকিবনে? এইবোৰ প্ৰশ্ন শ্ৰমিক শ্ৰেণীৰ বহু মহিলাৰ লগতে আৰু পুৰুষৰ মনতো উদয় হৈছে। আমাৰ চকুৰ আগতে জীৱন সলনি হৈছে – পুৰাতন অভ্যাস আৰু পৰম্পৰাৰ অৱসান ঘটিছে, আৰু সৰ্বহাৰা পৰিয়ালৰ সমগ্ৰ জীৱন এনেদৰে বিকশিত হৈছে যে ই নতুন আৰু আচহুৱা, কোনো কোনোৰ মতে আনকি উদ্ভট। সন্দেহাতীতভাৱেই শ্ৰমজীৱী মহিলাই এইবোৰ প্ৰশ্নৰ উত্তৰৰ অন্বেষণত মূৰ ঘমাইছে। আমাৰ মনোযোগ দাবী কৰা আন এক প্ৰসংগ হৈছে যে ছোভিয়েট ৰুছিয়াত বিবাহ-বিচ্ছেদ সহজসাধ্য কৰা হৈছে। জন প্ৰতিনিধি পৰিষদে (Council of People’s Commissars) ১৯১৭ চনৰ ১৮ ডিচেম্বৰ তাৰিখে জাৰি কৰা ফৰমান অনুসৰি বিবাহ-বিচ্ছেদ কেৱল ধনিক শ্ৰেণীৰে বিলাসিতা হৈ থকা নাই – এতিয়াৰে পৰা এগৰাকী শ্ৰমজীৱী মহিলায়ো তেওঁক মাৰ-কিল কৰি জীৱনটো নৰক কৰি তোলা মদাহী আৰু অসভ্য পতিৰ পৰা আঁতৰি বেলেগে জীয়াই থকাৰ অধিকাৰ বিচাৰি মাহ কি বছৰ ধৰি আবেদন কৰি থাকিব নালাগে। পাৰস্পৰিক সন্মতিসাপেক্ষে বিবাহ-বিচ্ছেদৰ কাৰণে এতিয়া এসপ্তাহ বা দুসপ্তাহতকৈ বেছি সময় নালাগে। নিজৰ বৈবাহিক জীৱনত অসন্তুষ্ট মহিলাই এই সহজসাধ্য বিচ্ছেদ ব্যৱস্থাক স্বাগতম জনাইছে। কিন্তু সেইসকল মহিলা যিসকলৰ কাৰণে তেওঁলোকৰ গিৰিয়েকেই হৈছে পৰিয়ালৰ জীৱিকা-আৰ্জক, তেওঁলোকৰ পেটতে হাত-ভৰি লুকাইছে। তেওঁলোকে এতিয়ালৈকে এই কথা উপলব্ধি কৰা নাই যে এগৰাকী মহিলাই সহায় আৰু আশ্ৰয়ৰ কাৰণে স্বতন্ত্ৰ (individual) পুৰুষৰ ঠাইত গোট (collective) আৰু সমাজৰ ওপৰত ভৰসা কৰিবলৈ অভ্যস্ত হ’ব লাগিব।

সত্যৰ সন্মুখীন নোহোৱাৰ কোনো কথা নাই – সেই পুৰণা পৰিয়াল ব্যৱস্থা য’ত পুৰুষেই সৰ্বেসৰ্বা আৰু মহিলা সদাতুচ্ছ, সেইধৰণৰ পৰিয়াল য’ত মহিলাৰ নিজাববীয়া কোনো মত থাকিব নোৱাৰে, নিজৰ বাবে কোনো সময় বা ধনৰাশি থাকিব নোৱাৰে, এয়া আমাৰ চকুৰ আগতে সলনি হৈছে। কিন্তু শংকাৰ কোনো কাৰণ নাই। এয়া কেৱল আমাৰেই অজ্ঞতা যিয়ে আমাক এইবুলি ভাবিবলৈ বাধ্য কৰায় যে আমাৰ চৌপাশৰ পৃথিৱীখন, যিখনৰ লগত আমি অভ্যস্ত, সেইখন কেতিয়াও সলনি হ’ব নোৱাৰে। “যেনেকৈয়ে আছিল, তেনেকৈয়ে চিৰদিন থাকিব” বুলি লেটিন ভাষাত থকা কথাষাৰতকৈ মিছা একো হ’ব নোৱাৰে। আমি কেৱল অতীতত মানুহ কিদৰে জীয়াই আছিল সেই বিষয়ে অধ্যয়ন কৰিলেই জানিম যে সবেই পৰিবৰ্তনশীল আৰু কোনো প্ৰথা বা পৰম্পৰা, ৰাজনৈতিক সংগঠন বা নৈতিক আদৰ্শই চিৰস্থায়ী আৰু অলংঘনীয় নহয়। ইতিহাসৰ সোঁতত পৰিয়ালৰ বিন্যাস বহুবাৰ সলনি হৈছে; এসময়ত ই আজিৰ পৰিয়ালতকৈ সম্পূৰ্ণ বেলেগ আছিল। এসময়ত কুটুম্বিতা-কেন্দ্ৰিক (kinship) পৰিয়ালকে সাধাৰণ নিয়ম বুলি মানি লোৱা হৈছিল – মাকেই তেওঁৰ ল’ৰা-ছোৱালী, নাতি-নাতিনী আৰু আজো-নাতি-নাতিনীৰে গঠিত পৰিয়ালৰ দায়িত্ব আৰু তত্ত্বাৱধান লৈছিল, আৰু সকলো একেলগেই থাকিছিল আৰু কাম কৰিছিল। পৰৱৰ্তী এসময়ত পুৰুষতান্ত্ৰিক পৰিয়াল নিয়ম হৈ পৰিল। এই পৰিয়াল বিন্যাসত বাপেকৰ মতেই হৈছে পৰিয়ালৰ সকলো সদস্যৰ কাৰণে আইনসদৃশ – আজিৰ দিনতো ৰুছদেশৰ গাঁৱে-ভূঞে কৃষিজীৱী লোকৰ মাজত এনে পৰিয়ালৰ উদাহৰণ দেখিবলৈ পোৱা যাব। তেনে পাৰিবাৰিক জীৱনৰ নৈতিক মূল্যবোধ আৰু ৰীতি-নীতি নগৰীয়া সৰ্বহাৰাৰ লগত নিমিলে। গ্ৰাম্যাঞ্চলত এনে নিয়ম পালন কৰা হয় যি শ্ৰমিকসকলে কেতিয়াবাই পাহৰিছে। পৰিয়ালৰ বিন্যাস তথা পাৰিবাৰিক ৰীতি-নীতি জাতি অনুসৰিও সলনি হয়। তুৰস্ক, আৰব বা পাৰস্যৰ লোকসকলৰ মাজত এজন পুৰুষৰ একাধিক পত্নী থকাত কোনো বাধা নাই। এনে জাতিও আছিল বা এতিয়াও আছে য’ত এগৰাকী মহিলাৰো একাধিক পতি থাকিব পাৰে। আমাৰ প্ৰচলিত সামাজিক প্ৰথা মতে এগৰাকী অবিবাহিতা যুৱতী বিবাহ পৰ্যন্ত অক্ষতযোনি (virgin) হৈ থকাটো বাঞ্ছনীয়; কিন্তু এনে জাতিও আছে যাৰ কাৰণে বিবাহৰ আগতে বহুতো প্ৰেমিক থকাটো গৌৰৱৰ কথা আৰু মহিলাসকলে প্ৰেমিকৰ সংখ্যানুযায়ী হাতত খাৰু আৰু ভৰিত নূপূৰ পিন্ধে। আমাক বিস্ময়াভিভূত কৰিব পৰা আনকি বৰং অনৈতিক যেনো বোধ হ’ব পৰা বহুতো আচৰণ তথা ৰীতি-নীতি আন মানুহৰ বাবে নিতান্তই সাধাৰণ আৰু তেওঁলোকৰ বাবে হয়তো আমাৰ বহুতো আইন-কানুন তথা ৰীতি-নীতিয়েই কলূষিত বা পাপময়। সেইবুলি এই কথাত শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই যে পৰিয়ালৰ বিন্যাস এতিয়া সলনি হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু আওপুৰণি আৰু অনাৱশ্যকীয় বিধি-ব্যৱস্থা দলিয়াই পেলোৱাৰ লগতে মহিলা আৰু পুৰুষৰ মাজত নতুন সম্পৰ্ক বিকশিত হৈছে। আমাৰ কৰণীয় হৈছে পৰিয়াল ব্যৱস্থাৰ আওপুৰণি প্ৰথাবোৰ চিহ্নিত কৰা আৰু নতুন শ্ৰমিকৰ এই ৰুছদেশত জীৱনাৱস্থাৰ সৈতে শ্ৰমিক-কৃষক শ্ৰেণীৰ মহিলা আৰু পুৰুষৰ মাজত তথা অধিকাৰ আৰু কৰ্তব্যৰ মাজত কেনেধৰণৰ বা কি সম্পৰ্ক সমন্বয়পূৰ্ণ হ’ব, সেয়া ঠাৱৰ কৰাটো। এই নতুন জীৱনৰ সৈতে জড়িত সকলোবোৰ উপাদান আমি ধৰি ৰখা উচিত, কিন্তু সৰ্বহাৰা আৰু দুখীয়াৰ সকলো শত্ৰুৰ লগতে পুৰাতন আৰু এলান্ধুকলীয়া আৰু সৰ্বসাধাৰণৰ দাসত্ব তথা ভূস্বামী আৰু পুঁজিবাদীৰ প্ৰভুত্বৰ অভিশপ্ত সময়ৰ সকলোবোৰ উপাদান দলিয়াই পেলাব লাগে।

নগৰীয়া আৰু গ্ৰাম্য সৰ্বহাৰাই উত্তৰাধিকাৰসূত্ৰে লাভ কৰা পৰিয়াল ব্যৱস্থাটো হৈছে এনেধৰণৰ এক অতীতৰ বোজা। এসময়ত ভগৱানক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হৈ গঠন কৰা নিকট আৰু দৃঢ়ভাৱে বান্ধোনৰত পৃথক পৰিয়ালৰ প্ৰাসংগিকতা আছিল। পৰিয়াল নথকা হ’লে সন্তানৰ ভৰণ-পোষণ-প্ৰতিপালনৰ দায়িত্ব কোনে ল’লেহেঁতেন? সন্তানক উপদেশ কোনে দিলেহেঁতেন? অতীতত মাউৰা সন্তানতকৈ ফুটা কপাল কাৰো হ’ব নোৱাৰিছিল। পুৰণিকলীয়া পৰিয়াল ব্যৱস্থাত ঘৈণীয়েক আৰু সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব গিৰিয়েকৰ আছিল। আনহাতে, ঘৈণীয়েকৰ দায়িত্ব আছিল ঘৰৰ কাম-বন আৰু সন্তানৰ লালন-পালন কৰা। কিন্তু যোৱা শতিকাৰে পৰা পুঁজিবাদ-প্ৰধান দেশসমূহ য’ত শ্ৰম ভাৰাত নিয়োগ কৰিব পৰা কল-কাৰখানা আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে সেইবোৰ দেশত এনে প্ৰথাগত পৰিয়াল বিন্যাস থানবান হৈ পৰিছে। জীৱনৰ সাধাৰণ অৱস্থাৰ পৰিবৰ্তনৰ লগে লগে পাৰিবাৰিক জীৱনৰো ৰীতি-নীতি আৰু নৈতিক মূল্যবোধ সলনি হৈছে। পাৰিবাৰিক জীৱনৰ এই আমূল পৰিবৰ্তনৰ ঘাই কাৰণ হৈছে মহিলাৰ শ্ৰমৰ সাৰ্বজনীন বিস্তাৰ। আগতে কেৱল পুৰুষেহে পৰিয়ালক পোহপাল দিব পাৰে বুলি ভবা গৈছিল। কিন্তু ৰুছদেশত মহিলাই যোৱা পঞ্চাছ-ষাঠি বছৰ ধৰি (আন কিছুমান পুঁজিবাদী দেশত তাতোকৈও অধিক সময় ধৰি) পৰিয়াল আৰু ঘৰৰ বাহিৰত মজুৰি-ভিত্তিক কাম বিচাৰিবলৈ বাধ্য হৈছে। পৰিয়ালৰ প্ৰয়োজন পূৰাব পৰাকৈ পোহপাল দিওঁতাৰ মজুৰি পৰ্যাপ্ত নোহোৱাৰ কাৰণে মহিলাই নিজেই মজুৰি বিচাৰি কলঘৰৰ দুৱাৰত টুকুৰিয়াবলৈ বাধ্য হৈছে। প্ৰত্যেক বছৰে ঘৰৰ বাহিৰত দিন-হাজিৰা কৰ্মী, সামগ্ৰী বেচোঁতা, কেৰাণী, ধুবুনী, আৰু চাকৰণী হিচাপে কাম কৰা মহিলাৰ সংখ্যা বৃদ্ধি পাইছে। পৰিসংখ্যাই দেখুৱায় যে ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ আগে আগে ইউৰোপ আৰু আমেৰিকাৰ দেশবোৰত প্ৰায় ৬ কোটি মহিলাই নিজাববীয়াকৈ উপাৰ্জন কৰি আছিল আৰু বিশ্বযুদ্ধৰ সময়ত এই সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছিল। ইয়াৰে প্ৰায় আধাসংখ্যক মহিলায়েই বিবাহিত। তেওঁলোকৰ পাৰিবাৰিক জীৱন কেনেকুৱা সেয়া সহজেই অনুমেয়। এয়া কেনেকুৱা পাৰিবাৰিক জীৱন য’ত ঘৈণীয়েক আৰু মাকগৰাকী কামৰ কাৰণে দৈনিক অন্ততঃ আঠ ঘণ্টাৰ কাৰণে, আৰু যাত্ৰাৰ সময় সাঙুৰিলে প্ৰায় দহ ঘণ্টাৰ কাৰণে ঘৰৰ বাহিৰত থাকিবলগীয়া হয়? তেওঁৰ ঘৰৰ আলৈ-আথানি হোৱাৰ উপৰিও সন্তানো ডাঙৰ-দীঘল হ’বলগীয়া হয় মাতৃৱৎ আলপৈচানৰ অবিহনেই – চৌপাশৰ পৰিস্থিতিৰ সকলোবোৰ বিপদৰ পৰা অসুৰক্ষিত হৈ ৰাস্তাতে বেছিভাগ সময় পাৰ কৰি। সেইগৰাকী মহিলা যি একে সময়তে পত্নী, মাতৃ, আৰু শ্ৰমিক, তেওঁ এই সকলোবোৰ দায়িত্ব পালন কৰিবলৈ সমস্ত শক্তি নিয়োগ কৰিবলগীয়া হয়। কোনোবা কাৰখানা, ছপাশাল বা বাণিজ্যিক প্ৰতিষ্ঠানত তেওঁ তেওঁৰ গিৰিয়েকৰ সমান সময়েই কাম কৰিবলগীয়া হয়, আৰু তাৰোপৰি তেওঁ ঘৰৰ কাম-বন আৰু সন্তানৰ চোৱা-চিতাও কৰিবলৈও সময় উলিয়াব লগীয়া হয়। পুঁজিবাদে মহিলাৰ কান্ধৰ ওপৰত অত্যন্তই মেটমৰা বোজা জাপি দিছে – গৃহিণী আৰু মাক হিচাপে তেওঁলোকৰ পৰিচৰ্যাৰ বোজা নকমোৱাকৈয়ে ই তেওঁলোকক মজুৰি-শ্ৰমিক (wage-labourer) হ’বলৈ বাধ্য কৰিছে। এই ত্ৰিমাত্ৰিক বোজাৰ হেঁচাত মহিলা কুঁজা হৈ পৰিছে। তেওঁলোক এনেদৰে ভুক্তভোগী হৈ পৰিছে যে অনবৰতে তেওঁলোকৰ গাল চকুলোৰে তিতি থাকে, চকু উখহি থাকে। মহিলাৰ কাৰণে জীৱন কেতিয়াও সহজ নাছিল, কিন্তু কলঘৰৰ উৎপাদন তুংগত থকা এই সময়ত পুঁজিবাদৰ যুৱলিৰ ভৰত কোঙা হোৱা কৰ্মৰত লাখ লাখ মহিলাতকৈ মহিলাৰ ভাগ্য কেতিয়াও কঠিন আৰু নিৰাশাজনক নাছিল।

মহিলাই যিমানে ঘৰৰ বাহিৰত কাম কৰিবলৈ যাবলৈ বাধ্য হ’ব, সিমানেই পৰিয়াল ব্যৱস্থা ভাগি পৰিব। যেতিয়া গিৰিয়েক আৰু ঘৈণীয়েক দুয়ো সুকীয়াকৈ বেলেগ বেলেগ সময়ত কাম কৰিবলৈ বাধ্য, যেতিয়া মাকে নিজৰ সন্তানৰ কাৰণে আহাৰ ৰান্ধিবলৈও সময় নাপায়, তেনেস্থলত পাৰিবাৰিক জীৱনৰ কথা ভাবিব পাৰি জানো! মাক-বাপেকৰ কথা কিদৰে পাতিব পাৰি যেতিয়া মাক আৰু বাপেক দুয়ো দিনৰ দিনটো কামৰ খাতিৰত ঘৰৰ বাহিৰত থাকিব লাগে আৰু নিজৰ সন্তানৰ কাৰণে কেইমিনিটমান খৰছ কৰিবলৈও সময় উলিয়াব নোৱাৰে! আগৰ দিনত পৰিস্থিতি এনে বিষম নাছিল। মাক ঘৰতে আছিল আৰু ঘৰৰ কাম-বন কৰিছিল; তেওঁৰ সন্তান তেওঁৰ কাষতে, চকুৰ আগতে আছিল। এতিয়া কৰ্মৰত মহিলাই কলঘৰে ৰাতিপুৱা উকি মৰাৰ আগতেই ঘৰৰ পৰা ওলাব লাগে। সন্ধিয়া লাগোতে কলঘৰে আকৌ উকি মৰাৰ লগে লগে ঘৰৰ কাম-বন কৰিবলৈ তেওঁ ঘৰলৈ দৌৰিব লাগে। তেওঁ ভালকৈ এঘুমটি মাৰিবলৈও সময় নাপায়, অথচ পাছদিনাও সেই একেই কৰ্মসূচী। বিবাহিত কৰ্মৰত মহিলাৰ কাৰণে জীৱনটো এটা কলঘৰৰ দৰেই কঠিন আৰু নিষ্ঠুৰ। গতিকে এইটো নিশ্চিত যে এনে পৰিস্থিতিত পাৰিবাৰিক সম্পৰ্ক ঢিলা হোৱাৰ উপৰিও পৰিয়াল ব্যৱস্থাও থানবান হ’ব। পৰিয়াল এটা বচাই ৰাখিব পৰা পৰিস্থিতি এতিয়া নাই। ইয়াৰ সদস্যৰ কাৰণেই হওক বা সামগ্ৰিকভাৱে গোটেই জাতিটোৰ কাৰণেই হওক, প্ৰচলিত পৰিয়াল ব্যৱস্থা ক্ৰমাৎ নিষ্প্ৰয়োজনীয় হৈ পৰিছে। পুৰণিকলীয়া পৰিয়াল বিন্যাস এতিয়া এক সমস্যাহে। এই পুৰণিকলীয়া পৰিয়াল ব্যৱস্থাটো কিহে শক্তিশালী কৰি ৰাখিছিল? প্ৰথমতে, গিৰিয়েক আৰু বাপেকে পৰিয়াল পোহপাল দিয়াৰ দায়িত্ব লৈছিল; দ্বিতীয়তে, পাৰিবাৰিক অৰ্থনীতি পৰিয়ালৰ সকলোৰে কাৰণে প্ৰয়োজনীয় আছিল; আৰু তৃতীয়তে, সন্তানৰ লালন-পালনৰ দায়িত্ব আছিল মাক-বাপেকৰ। অতীতৰ এই পৰিয়াল বিন্যাসৰ কি বাকী আছে এতিয়া? আমি দেখিছো যে পৰিয়াল পোহপাল দিয়াৰ দায়িত্ব কেৱল গিৰিয়েকৰ হাততে সীমাবদ্ধ হৈ থকা নাই। কাম কৰিবলৈ যোৱা ঘৈণীয়েকেও এতিয়া উপাৰ্জন কৰে। তেওঁ এতিয়া নিজাববীয়াকৈ উপাৰ্জন কৰিবলৈ আৰু নিজৰ সন্তানৰ ভৰণ-পোষণৰ লগতে সঘনাই গিৰিয়েকৰো দায়িত্ব ল’বলৈ শিকিছে। পৰিয়াল ব্যৱস্থাই বৰ্তমান কেৱল সমাজৰ প্ৰাথমিক অৰ্থনৈতিক একক (unit) আৰু সন্তানৰ সৰুকালৰ প্ৰতিপালক আৰু শিক্ষাদাতাৰ ভূমিকাহে পালন কৰে। এই প্ৰসংগকে বিতংভাৱে আলোচনা কৰা যাওক, গমি চোৱা যাওক অচিৰেই এইবোৰ ভূমিকা পালন কৰাৰ পৰাও পৰিয়াল ব্যৱস্থাই ৰেহাই পাবনে নাপায়।

গৃহকৰ্মৰ ক্ৰমবৰ্ধমান নিষ্প্ৰয়োজনীয়তা

এসময়ত নগৰ আৰু গ্ৰাম্যাঞ্চলৰ দুখীয়া শ্ৰেণীৰ মহিলাই নিজৰ গোটেই জীৱন ঘৰৰ চাৰিবেৰৰ মাজতেই পাৰ কৰিছিল। ঘৰৰ দুৱাৰডলিৰ বাহিৰৰ একো কথাই এনে মহিলাসকলে নাজানিছিল, আৰু জানিবলৈও প্ৰায়ে কোনো ইচ্ছা প্ৰকাশ নকৰিছিল। কিয়নো নিজৰ ঘৰতে তেওঁলোকৰ কৰণীয় দেধাৰ কাম-বন আছিল, আৰু এই কাম কেৱল নিজা পৰিয়ালৰ কাৰণেই নহয়, বৰং ৰাষ্ট্ৰৰ কাৰণেও সামগ্ৰিকভাৱে অতিকৈ অপৰিহাৰ্য আছিল। বৰ্তমানৰ শ্ৰমিক আৰু কৃষক মহিলাই কৰিবলগীয়া সকলোবোৰ কাম তেওঁলোকে কৰিছিল, কিন্তু ৰন্ধা-বঢ়া, ধোৱা-পখলা, সৰা-মচা আৰু মেৰামতি কৰাৰ উপৰিও তেওঁলোকে কাপোৰ বৈছিল, চোলা চিলাইছিল, উল গুঁঠিছিল আৰু – দক্ষতা আৰু সাধন অনুযায়ী – আচাৰ, মোৰাব্বা আদি বনোৱাৰ লগতে মমবাতিও বনাইছিল। তেওঁলোকে যিমানবোৰ কাম কৰিছিল, আঁতি-গুৰি মাৰি তাৰ এখন সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰাটো সহজ নহয়। আমাৰ মা আৰু আইতাহঁতে তেনেদৰেই জীৱন নিৰ্বাহ কৰিছিল। আজিও হয়তো ৰে’লপথ আৰু নদীবোৰৰ পৰা বহু দূৰৈত আমি এনে দিকচৌ গাঁও দেখিবলৈ পাম য’ত এইধৰণৰ জীৱন প্ৰণালী বৰ্তি আছে, য’ত এতিয়াও এই সকলোবোৰ কামৰ বোজা ঘৰৰ গৃহিণীগৰাকীয়েই কঢ়িয়াবলগীয়া হয় যিবোৰৰ বিষয়ে চিন্তা কৰিবলৈ মহানগৰ আৰু জনাকীৰ্ণ ঔদ্যোগিক অঞ্চলবোৰৰ শ্ৰমজীৱী মহিলাই কেতিয়াবাই বাদ দিছে।

আমাৰ আইতাহঁতৰ দিনত এই সকলোবোৰ ঘৰুৱা কাম অপৰিহাৰ্য আৰু হিতকৰ আছিল – ইয়াৰ জৰিয়তে পৰিয়াল সুকলমে পৰিচালিত হৈছিল। ঘৰৰ গৃহিণীগৰাকীয়ে যিমানেই কাম কৰিছিল, সিমানেই কৃষক বা কাৰুশিল্পীৰ পৰিয়ালটো ভালকৈ চলিছিল। আনকি ৰাষ্ট্ৰীয় অৰ্থনীতিও গৃহিণীৰ কামৰ পৰা উপকৃত হৈছিল, কাৰণ মহিলাৰ কাম কেৱল চুৰুহা বনোৱা বা আলু সিজোৱাতে (অৰ্থাৎ পৰিয়ালৰ তাৎক্ষণিক প্ৰয়োজন পূৰোৱাতে) সীমাবদ্ধ নাছিল, মহিলাই কাপোৰ বৈছিল, সূতা কাটিছিল, আৰু মাখন আদিও বনাইছিল যিবোৰৰ পণ্য হিচাপে মূল্য আছিল আৰু সেইবোৰ বজাৰত বেচিব পৰা গৈছিল। আৰু কৃষকেই হওক বা শ্ৰমিকেই হওক, প্ৰত্যেকজন পুৰুষেই এনে এগৰাকী ঘৈণী বিচাৰিছিল যাৰ হাতত সোণৰ পৰশ থাকে, কিয়নো পুৰুষজনে বুজিছিল যে এই ঘৰুৱা শ্ৰমৰ অবিহনে পৰিয়াল এটা চলাটো অসম্ভৱ। সমগ্ৰ ৰাষ্ট্ৰৰে স্বাৰ্থ ইয়াত জড়িত হৈ আছিল, কিয়নো যিমানেই মহিলা আৰু পৰিয়ালৰ আন সদস্যই কাপোৰ বোৱা, চামৰা প্ৰস্তুত কৰা, ঊল গুঁঠা আদি কামত হাত উজান দিছিল (যাতে ইয়াৰ ওপৰঞ্চি [surplus] অংশটো ওচৰৰ বজাৰত বেচিব পাৰে), সিমানেই সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতি জয়জয় ময়ময় হৈছিল।

কিন্তু পুঁজিবাদে এই সকলোবোৰ সলনি কৰিলে। আগতে পৰিয়ালৰ বক্ষত উৎপাদিত সকলোবোৰ সামগ্ৰী এতিয়া কলঘৰ আৰু ঔদ্যোগিক প্ৰতিষ্ঠানত বৃহৎ মাত্ৰাত উৎপাদিত হয়। যন্ত্ৰই ইতিমধ্যে গৃহিণীক চেৰ পেলাইছে। কোনগৰাকী গৃহিণীয়ে এতিয়া মমবাতি বনাবলৈ, ঊল গুঁঠিবলৈ বা কাপোৰ ব’বলৈ মন কৰিব? এই সকলোবোৰ এতিয়া ওচৰৰ দোকানখনতে উপলব্ধ। আগতে সকলো ছোৱালীয়েই দীঘল মোজা (stockings) চিলাবলৈ শিকিছিল, কিন্তু এতিয়া কোনগৰাকী শ্ৰমজীৱী মহিলাই এইবোৰ নিজে চিলাবলৈ মন কৰিব? কিয়নো প্ৰথমতেই তেওঁৰ ওচৰত সময় নাই। সময়েই ধন, আৰু কোনেও অবাবত অনুৎপাদক (unproductive) আৰু বৃথা কামত সময় নষ্ট কৰিবলৈ নিবিচাৰে। এতিয়া যিহেতু দোকানৰ পৰাই এইবোৰ কিনিব পাৰি, সেয়ে কোনো শ্ৰমজীৱী মহিলাই আচাৰ বা মোৰাব্বা বনাবলৈ নিবিচাৰিব। দোকানত বেচা বস্তুবোৰ যদি নিম্ন মানদণ্ডৰো হয় বা সেইবোৰ ঘৰতে বনোৱাৰ দৰে নহয়ো, তেতিয়াও এইবোৰ ঘৰুৱা কাম কৰিবলৈ শ্ৰমজীৱী মহিলাৰ সময় আৰু শক্তি দুয়োটাৰে অভাৱ। প্ৰথমতেই, তেওঁ এগৰাকী ভেৰোণীয়া শ্ৰমিক। আৰু এইদৰেই পাৰিবাৰিক অৰ্থনীতি ক্ৰমাৎ ঘৰুৱা কামৰ বান্ধোনৰ পৰা মুক্ত হৈ পৰিছে, যিবোৰৰ অবিহনে আমাৰ আইতাহঁতে পৰিয়ালৰ কথা কল্পনাই কৰিব নোৱাৰিলেহেঁতেন। আগতে যিবোৰৰ উৎপাদন পৰিয়াল ব্যৱস্থাই চম্ভালিছিল, সেই সকলোবোৰ এতিয়া শ্ৰমজীৱী মহিলা আৰু পুৰুষৰ সামূহিক শ্ৰমৰ মূল্যত উদ্যোগ প্ৰতিষ্ঠানত উৎপাদিত হয়।

পৰিয়াল ব্যৱস্থাই এতিয়া উৎপাদন নকৰে – বৰ্তমান ই কেৱল উপভোক্তাহে। এতিয়াও গৃহকৰ্ম হৈ থকা কামবোৰ হৈছে সৰা-মচা (ঘৰ-চোতাল সৰা-মচা, পানী গৰম কৰা, চাকি-বাতিৰ যতন লোৱা, ইত্যাদি), দিনৰ আৰু ৰাতিৰ আহাৰ ৰন্ধা-বঢ়া, কাপোৰ ধোৱা আৰু পৰিয়ালৰ কাৰোবাৰ কাপোৰ ফাটিলে চিলোৱা বা ৰিপু মৰা। এইবোৰ কষ্টকৰ আৰু ক্লান্তিকৰ কাম, যি শ্ৰমজীৱী মহিলাৰ আজৰি সময় আৰু শক্তি সকলো শুহি পেলায়। এই কথা পাহৰা উচিত নহয় যে শ্ৰমজীৱী মহিলাই দৈনিক বেলি ওলোৱাৰ পৰা বেলি পৰালৈকে কলঘৰত এক বিশেষ সময়ৰ কাৰণে নিজৰ শ্ৰম বেচিবলৈ বাধ্য। কিন্তু এই চাৰিটা কাম – সৰা-মচা, ৰন্ধা-বঢ়া, কাপোৰ ধোৱা আৰু কাপোৰ ফাটিলে চিলোৱা বা ৰিপু মৰা – আমাৰ আইতাহঁতে কৰা কামতকৈ এক বিশেষ কাৰণত পৃথক: যদিও এই চাৰিটা কামে এটা পৰিয়ালক একলগে বান্ধি ৰাখে, ৰাষ্ট্ৰ আৰু জাতীয় অৰ্থনীতিৰ কাৰণে এইকেইটা কামৰ কোনো মূল্য নাই, কিয়নো এইকেইটা কামে না নতুন কিবা মূল্যৰ সৃষ্টি কৰিব পাৰে বা দেশৰ উন্নয়নৰ কাৰণে কিবা বৰঙণি আগ বঢ়াব পাৰে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে গৃহিণীগৰাকীয়ে গোটেই দিনটোও যদি ঘৰটো সাৰি-মচি থাকে, দৈনিক যদি কাপোৰ ধোৱে আৰু ইস্ত্ৰি দিয়ে, নিজৰ কাপোৰবোৰ ভালদৰে ৰাখিবলৈ সম্ভৱপৰ সকলো প্ৰয়াস কৰে, আৰু তেওঁৰ সীমিত সাধনেৰে যি মন যায় তাকে ৰান্ধে, তথাপিও দিনটোৰ শেষত তেওঁ কোনো মূল্যৰ সৃষ্টি কৰিব নোৱাৰে। তেওঁৰ সমস্ত প্ৰয়াস সত্ত্বেও পণ্য হিচাপে গণ্য কৰিব পৰা কিবা স্ৰজাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ। কোনো শ্ৰমজীৱী মহিলা যদি এহেজাৰ বছৰো জীয়াই থাকে, তথাপিও প্ৰতিটো দিনেই তেওঁ শূন্যৰ পৰাই আৰম্ভ কৰিবলৈ বাধ্য। মেজত সদায়ে ধূলিৰ নতুন আৱৰণ এটা থাকিবই, তেওঁৰ গিৰিয়েক সদায় ভোকাতুৰ হৈয়ে ঘৰলৈ আহিব আৰু তেওঁৰ সন্তানৰ জোতাত বোকা লাগি আহিবই।

সামগ্ৰিকভাৱে সমাজৰ কাৰণেও মহিলাৰ কামৰ উপযোগিতা হ্ৰাস পাইছে। মহিলাৰ কাম উৎপাদন-কেন্দ্ৰিক নোহোৱা হৈছে। স্বতন্ত্ৰ পৰিয়াল ব্যৱস্থাৰ নায্যতা এতিয়া লোপ পাইছে। আমাৰ সমাজত এতিয়া সামূহিক পৰিয়াল ব্যৱস্থাহে অপৰিহাৰ্য। শ্ৰমজীৱী মহিলাই নিজৰ ঘৰ সৰাৰ সলনি সাম্যবাদী সমাজত ৰাতিপুৱা সকলোৰে ঘৰ সৰা-মচা কৰিবলৈ পুৰুষ আৰু মহিলা কৰ্মীৰ ব্যৱস্থা কৰিব লাগে। ধনিক শ্ৰেণীৰ ঘৈণীয়েকহঁতে কেতিয়াবাই এইবোৰ বিৰক্তিদায়ক আৰু ক্লান্তিদায়ক কামৰ পৰা মুক্তি লাভ কৰিছে। তেনেস্থলত শ্ৰমজীৱী মহিলাৰ কান্ধত এই বোজা কিয় থাকিব লাগে? ছোভিয়েট ৰুছিয়াত শ্ৰমজীৱী মহিলাৰ পৰিচয় সিমানেই সৰলতা, জেউতি, স্বচ্ছতা আৰু সৌন্দৰ্যৰে পৰিপূৰ্ণ হ’ব লাগে যি আগতে কেৱল ধনিক শ্ৰেণীৰ মহিলাইহে উপভোগ কৰিব পাৰিছিল। শ্ৰমজীৱী মহিলাই যি কেইঘণ্টামানৰ কাৰণে প্ৰাতিষ্ঠানিক কামৰ পৰা আজৰি পায়, সেইখিনি সময়তো তেওঁলোকৰ ওপৰত দিনৰ আৰু ৰাতিৰ আহাৰ ৰন্ধা-বঢ়া কৰাৰ দায়িত্ব জাপি দিয়াৰ পৰিৱৰ্তে সাম্যবাদী সমাজত সাৰ্বজনীন ভোজনালয় আৰু সামূহিক পাকঘৰৰ ব্যৱস্থা কৰিব লাগে।

পুঁজিবাদৰ অধীনতো এনে ব্যৱস্থাপনাই মূৰ দাঙি উঠিছে। দৰাচলতে যোৱা অৰ্ধশতিকাজুৰি ইউৰোপৰ বহুতো মহানগৰত ভোজনালয় বা কফিঘৰৰ সংখ্যা দৈনিক ভিত্তিত বাঢ়ি আহিছে, শৰতৰ বৰষুণৰ পাছত কাঠফুলাই পোখা মেলাৰ দৰে। কিন্তু পুঁজিবাদী ব্যৱস্থাত কেৱল পকেটৰ জোৰ থকাসকলেহে ভোজনালয়ত আহাৰ গ্ৰহণ কৰাৰ কথা ভাবিব পাৰে। আনহাতে সাম্যবাদী ব্যৱস্থাত সামূহিক পাকঘৰ আৰু খোৱাঘৰৰ দুৱাৰ সকলোৰে বাবেই খোলা। শ্ৰমজীৱী মহিলাই কাপোৰ ধোৱাৰ নামত গেবাৰি খাটিব নালাগে বা মোজা আৰু চোলা চিলোৱাৰ নামত নিজৰ চকু নষ্ট কৰিব নালাগে – কেন্দ্ৰীয় ধুবীঘৰে এই দায়িত্ব পালন কৰিব। বিশেষ কাপোৰ চিলোৱা কেন্দ্ৰই ফটা কাপোৰ চিলোৱা বা ৰিপু মৰাৰ নামত ঘণ্টাই ঘণ্টাই সময় খৰচ কৰাৰ পৰা শ্ৰমজীৱী মহিলাক মুক্ত কৰিব, যাৰ ফলত তেওঁলোকে সেইখিনি সময়ত পঢ়া-শুনা কৰিবলৈ আৰু সভা-সমিতি বা সংগীতানুষ্ঠানত যোগদান কৰিবলৈ সুযোগ পাব। এনেদৰে সাম্যবাদৰ বিজয়ৰথে এই চাৰিধৰণৰ গৃহকৰ্মক মহতিয়াই নি বিলুপ্তি ঘটাব। আৰু নিশ্চয়কৈ শ্ৰমজীৱী মহিলাৰ কাৰণে ইয়াত অভিযোগ কৰিবলৈ একো নাথাকিব। সাম্যবাদে মহিলাক তেওঁলোকৰ ঘৰুৱা দাসত্বৰ পৰা মুক্ত কৰিব আৰু তেওঁলোকৰ জীৱন সমৃদ্ধিশালী আৰু ৰঙালী কৰি তুলিব।

সন্তান প্ৰতিপালনৰ দায়িত্ব ৰাষ্ট্ৰৰ

গৃহকৰ্মৰ বিলুপ্তি ঘটিলেও সন্তানৰ ভৰণ-পোষণৰ দায়িত্বৰ প্ৰসংগটো উত্থাপিত হোৱাটো স্বাভাৱিক। কিন্তু এইক্ষেত্ৰতো শ্ৰমিকৰ ৰাষ্ট্ৰই পৰিয়ালৰ স্থান গ্ৰহণ কৰিব – বিপ্লৱৰ আগেয়ে স্বতন্ত্ৰ মাক-বাপেকৰ যিবোৰ দায়িত্ব আছিল, সেই সকলোবোৰ ক্ৰমান্বয়ে সমাজে গ্ৰহণ কৰিব। বিপ্লৱৰ আগেয়েও সন্তানৰ শিক্ষাৰ দায়িত্ব মাক-বাপেকৰ হৈ থকা নাছিল। সন্তানৰ বিদ্যালয়লৈ যোৱাৰ বয়স হোৱাৰ লগে লগে মাক-বাপেকে স্বস্তিৰ নিশ্বাস পেলাব পাৰিছিল, কিয়নো সন্তানৰ বৌদ্ধিক বিকাশৰ কাৰণে তেওঁলোকৰ আৰু বিশেষ একো কৰণীয় নাছিল। তথাপিও মাক-বাপেকৰ দায়িত্ব একেবাৰে শেষ হোৱা নাছিল। সন্তানক খুওৱা-বোওৱা, সিহঁতৰ জোতা-কাপোৰৰ ব্যৱস্থা কৰাৰ লগতে এই কথাৰ প্ৰতিও মনোযোগ দিবলগীয়া হৈছিল যাতে কৰ্মক্ষম হোৱাৰ পাছত সিহঁত যাতে সুদক্ষ আৰু সৎ শ্ৰমিক হৈ উঠে যি নিজৰ খৰচ নিজে বহন কৰিবলৈ সমৰ্থ হোৱাৰ উপৰিও বুঢ়াকালত মাক-বাপেকৰ ভৰণ-পোষণৰো দায়িত্ব ল’ব। পিছে এই সকলোবোৰ দায়িত্ব বহন কৰিবলৈ শ্ৰমজীৱী পৰিয়াল সক্ষম নাছিল বুলিলেও বঢ়াই কোৱা নহয়। তাকৰীয়া মজুৰিৰ কাৰণে মাক-বাপেকে সন্তানৰ কাৰণে পৰ্যাপ্ত পুষ্টিকৰ আহাৰৰ যোগান ধৰিব নোৱাৰিছিল, আৰু আজৰি সময়ৰ অভাৱৰ কাৰণে উঠি অহা প্ৰজন্মৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় মনোযোগ দিব নোৱাৰিছিল। সন্তান ডাঙৰ-দীঘল কৰাৰ দায়িত্ব আছিল পৰিয়ালৰ, কিন্তু প্ৰকৃতাৰ্থত সৰ্বহাৰা সন্তান ডাঙৰ হৈছিল পথত। আমাৰ পূৰ্বজসকলে পাৰিবাৰিক জীৱন নামেৰে কিবা এটা আছে বুলি অলপ হ’লেও জানিছিল, কিন্তু সৰ্বহাৰাৰ সন্তানে এইবোৰ একো নাজানে। তদুপৰি, মাক-বাপেকৰ যৎকিঞ্চিত আয় আৰু পৰিয়ালৰ অনিশ্চয়তাপূৰ্ণ অৰ্থনৈতিক অৱস্থাৰ কাৰণে দহ বছৰমানো নৌ হঁওতেই স্বতন্ত্ৰ শ্ৰমিক হ’বলৈ সন্তান বাধ্য হৈছিল। আৰু নিজে উপাৰ্জন কৰাৰ লগে লগে সন্তানে নিজকে নিজৰ ভাগ্যদ্ৰষ্টা বুলি ভাবিবলৈ লৈছিল আৰু মাক-বাপেকৰ উপদেশ সিহঁতৰ আগত মূল্যহীন হৈ পৰিছিল – মাক-বাপেকৰ কৰ্তৃত্ব ঢিলা হৈ পৰাৰ লগে লগে সন্তানৰ আনুগত্যৰো ওৰ পৰিছিল।

গৃহকৰ্ম লোপ পোৱাৰ লগে লগে সন্তানৰ প্ৰতি থকা মাক-বাপেকৰ দায়িত্বও ক্ৰমান্বয়ে হ্ৰাস পাব যেতিয়া সমাজে সেই সমস্ত দায়িত্ব মূৰ পাতি ল’ব। পুঁজিবাদৰ অধীনত সৰ্বহাৰা পৰিয়ালৰ কাৰণে সন্তান প্ৰায়েই হৈছে এক গধুৰ আৰু ব’ব নোৱৰা বোজা। এইক্ষেত্ৰত সাম্যবাদী সমাজহে মাক-বাপেকৰ সহায়ৰ কাৰণে আগ বাঢ়ি আহিব। ছোভিয়েট ৰুছিয়াত সাৰ্বজনীন শিক্ষা আৰু সমাজ কল্যাণৰ প্ৰতিনিধিবৰ্গই ইতিমধ্যে পৰিয়ালৰ সহায়ৰ অৰ্থে বহুখিনি কাম কৰিছে। ছোভিয়েট ৰুছিয়াত এতিয়া কেঁচুৱাৰ কাৰণে ওমলা ঘৰ আছে, বাল্য ভৱন আছে, শিশু বিদ্যালয় আছে, বাসগৃহ আছে; অসুখীয়া সন্তানৰ কাৰণে চিকিৎসালয় আৰু স্বাস্থ্যশিবিৰ আছে; বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিনামূলীয়া আহাৰৰ লগতে বিনামূলীয়াকৈ পাঠ্যপুথি, গৰম কাপোৰ আৰু জোতা বিতৰণৰ ব্যৱস্থা আছে। এই সকলোবোৰে ইয়াকে প্ৰমাণ কৰে যে সন্তানৰ দায়িত্ব পৰিয়ালৰ কান্ধৰ পৰা সমাজৰ হাতলৈ ক্ৰমান্বয়ে হস্তান্তৰ হৈছে।

সন্তানৰ প্ৰতি থকা মাক-বাপেকৰ দায়িত্ব তিনিভাগত ভগাব পাৰি: ক) কেঁচুৱাৰ লালন-পালন আৰু যতন লোৱা, খ) সন্তানক ডাঙৰ-দীঘল কৰা, আৰু গ) সন্তানৰ শিক্ষা। পুঁজিবাদী সমাজতো সন্তানৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ দায়িত্ব চৰকাৰী শিক্ষানুষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰই বহন কৰে। পুঁজিবাদী সমাজত আংশিকভাৱে হ’লেও ওমলা ঘৰ, শিশু বিদ্যালয়, খেলপথাৰ আদি সুবিধাৰ জৰিয়তে শ্ৰমিকৰ প্ৰয়োজন পূৰ হয়। নিজৰ অধিকাৰক লৈ শ্ৰমিক যিমানেই সচেতন আৰু সংগঠিত হ’ব, সিমানেই সমাজে পৰিয়ালক সন্তানৰ প্ৰতিপালনৰ দায়িত্বৰ পৰা ৰেহাই দিবলৈ বাধ্য হ’ব। কিন্তু বুৰ্জোৱা সমাজব্যৱস্থাই শ্ৰমিক শ্ৰণীৰ এনেবোৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ নিবিচাৰে যাতে বৰ্তমানৰ যি পৰিয়াল গাঁথনি সেইটো ভাঙি নপৰে। এই কথা পুঁজিবাদী মহলৰ ভালদৰেই জ্ঞাত যে পুৰণা পৰিয়াল ব্যৱস্থা – য’ত মহিলাগৰাকী এগৰাকী চাকৰণীৰ বাদে একো নহয়, আৰু নিজৰ ঘৈণী আৰু সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব কেৱল গিৰিয়েকৰ – হৈছে বুৰ্জোৱা সমাজব্যৱস্থাৰ বাবে এনে এক অস্ত্ৰ যি বান্ধোনৰ শিকলি দলিয়াই পেলাবলৈ শ্ৰমিক শ্ৰেণীৰ বিপ্লৱী হাবিয়াস চেপি-খুন্দি ধৰিবলৈ তথা শ্ৰমজীৱী মহিলা আৰু পুৰুষৰ বিপ্লৱী সত্তা নিশকতীয়া কৰিবলৈ আটাইতকৈ ফলপ্ৰসূ। পৰিয়ালৰ যতন লোৱাৰ নামত শ্ৰমিকৰ ৰাজহাড় কুঁজা হৈ পৰে আৰু পুঁজিৰ সৈতে আপোচ কৰিবলৈ বাধ্য হয়। নিজৰ সন্তান যেতিয়া ভোকত থাকে, মাক-বাপেকে যিকোনো আপোচ কৰিবলৈ বাধ্য। শিক্ষাক সঁচা অৰ্থত এক সামাজিক আৰু ৰাষ্ট্ৰীয় ৰূপ দিবলৈ পুঁজিবাদী সমাজব্যৱস্থা ব্যৰ্থ, কিয়নো সম্পত্তিৰ মালিক, বুৰ্জোৱা শ্ৰেণীতো ইয়াৰ চিৰ-বিৰোধী।

সাম্যবাদী সমাজব্যৱস্থাৰ কাৰণে উঠি অহা প্ৰজন্মৰ সামাজিক শিক্ষা হৈছে নৱজীৱনৰ এক অন্যতম বুনিয়াদ। তুচ্ছ আৰু ঠেক গণ্ডীৰ পুৰণা পৰিয়াল ব্যৱস্থা – য’ত মাক-বাপেকে সঘনে কাজিয়া কৰাৰ লগতে কেৱল নিজৰ সন্তানৰ ভৱিষ্যতক লৈহে চিন্তা কৰে – নৱ প্ৰজন্মক শিক্ষাদান কৰিবলৈ সক্ষম নহয়। আনহাতে, সাম্যবাদী সমাজত যোগ্য শিক্ষাদাতাৰ তত্ত্বাৱধানত সুযোগ-সুবিধা অনুযায়ী দিনটোৰ বেছিভাগ সময় খেলপথাৰ, বাগিচা, ঘৰ বা আন ব্যৱস্থাপনাত কটোৱাৰ ফলত সন্তানে এনে এক পৰিবেশ লাভ কৰিব য’ত সন্তানে সাম্যবাদী আদৰ্শেৰে উদ্বুদ্ধ এক ব্যক্তি হ’বলৈ তথা একতা, মিত্ৰতা, পাৰস্পৰিক সহায়-সহযোগিতা আৰু সমাজৰ প্ৰতি আনুগত্যৰ মোল বুজিবলৈ আৰু স্বীকাৰ কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰিব। সন্তানক ডাঙৰ-দীঘল কৰা আৰু শিক্ষা দিয়াৰ দায়িত্ব শেষ হোৱাৰ পাছত সন্তানৰ প্ৰতি মাক-বাপেকৰ কৰণীয় কি থাকিল? এই প্ৰশ্নৰ উত্তৰ এনে হ’ব পাৰে যে খোজ কাঢ়িবলৈও নিশিকা সৰু কেঁচুৱাটিক মাকৰ প্ৰয়োজন হয়। কিন্তু ইয়াতো সাম্যবাদী ৰাষ্ট্ৰই শ্ৰমজীৱী মাকৰ সহায়ৰ কাৰণে আগ বাঢ়ি আহিব। এনে সমাজব্যৱস্থাত কোনো মহিলাই অকলশৰীয়া, নিঃসহায় হৈ নাথাকে। শ্ৰমিকৰ ৰাষ্ট্ৰই বিবাহিত বা অবিবাহিত সকলো মাকৰে প্ৰতি সন্তানক গাখীৰ খুওৱা পৰৰে পৰা সাহায্য আগ বঢ়াব আৰু প্ৰত্যেক গাঁৱে-চহৰে প্ৰসূতিগৃহ, দিনজোৰা শিশু পৰিচৰ্যা প্ৰতিষ্ঠান আদি প্ৰতিষ্ঠা কৰিব যাতে সমাজত মহিলাই কৰ্ম আৰু মাতৃত্বৰ ক্ষেত্ৰত কোনো বোজা অনুভৱ নকৰে।

শ্ৰমজীৱী মহিলা শংকিত হোৱাৰ কোনো কাৰণ নাই – সাম্যবাদী সমাজব্যৱস্থাই সন্তানক মাক-বাপেকৰ কোলাৰ পৰা বা কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি নিবলৈ বিচৰা নাই বা প্ৰচলিত পৰিয়ালব্যৱস্থাক ধ্বংস কৰিবলৈ উগ্ৰ পদ্ধতি অৱলম্বন কৰিবলৈও বিচৰা নাই। সাম্যবাদী সমাজব্যৱস্থাৰ লক্ষ্য সম্পূৰ্ণ বেলেগ। সাম্যবাদী সমাজব্যৱস্থাই এই কথা উপলব্ধি কৰিব পাৰিছে যে পুৰণা পৰিয়াল বিন্যাস ভাঙি পৰিছে আৰু পৰিয়ালক সামাজিক একক হিচাপে বৰ্তাই ৰখা পুৰণা স্তম্ভবোৰ হালি পৰিছে – ঘৰুৱা অৰ্থনীতি ডুবিছে, আৰু শ্ৰমিক শ্ৰেণীৰ মাক-বাপেক আজিৰ দিনত সন্তানৰ যতন ল’বলৈ বা সন্তানক জীৱিকা আৰু শিক্ষা প্ৰদান কৰিবলৈ অসমৰ্থ হৈ পৰিছে। এনে পৰিস্থিতিত মাক-বাপেক আৰু সন্তান সকলোৱেই সমানে ভুক্তভোগী। শ্ৰমজীৱী মহিলা আৰু পুৰুষৰ প্ৰতি সাম্যবাদী সমাজব্যৱস্থাৰ ক’বলগীয়া এয়াই: “তোমালোক ডেকা-গাভৰু, তোমালোকে পৰস্পৰক ভাল পোৱা; সকলোৰে সুখী হ’বলৈ অধিকাৰ আছে। গতিকে তোমালোকে যিমান পাৰা জীৱনৰ আনন্দ লোৱা। সুখক লৈ চিন্তা নকৰিবা। বিবাহৰ কাৰণে ভয় নকৰিবা, যদিও পুঁজিবাদৰ অধীনত বিবাহ এডাল দুখৰ শিকলিৰ বাদে আন একো নহয়। সন্তান জন্ম দিয়াক লৈ সংকোচ নকৰিবা। সমাজত যিহেতু শ্ৰমিকৰ প্ৰয়োজন শেষ হোৱা নাই, সেয়ে প্ৰতিটো শিশুৰ জন্মতে সমাজ আনন্দিত হয়। তোমালোকৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে তোমালোকে মূৰ ঘমোৱাৰ দৰকাৰ নাই; ভোক-পিয়াহ কি বা জাৰনো কি, সেয়া কেতিয়াও তোমালোকৰ সন্তানক অনুভৱ কৰিবলৈ সুযোগ দিয়া নহ’ব।” প্ৰতিটো শিশুৰে যতন ল’বলৈ আৰু প্ৰত্যেক সন্তান আৰু মাকৰ প্ৰতি বস্তুগত আৰু নৈতিক সহায়তা আগ বঢ়াবলৈ সাম্যবাদী সমাজ বদ্ধপৰিকৰ। সমাজেই সন্তানক খুৱাব, ডাঙৰ-দীঘল কৰিব আৰু শিক্ষা দিব। একে সময়তে সেইসকল মাক-বাপেক যি সন্তানৰ শিক্ষাদানৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিব খোজে তেওঁলোকক কোনোধৰণৰ বাধা দিয়া নহ’ব। সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত থকা সকলো দায়িত্ব সাম্যবাদী সমাজে বহন কৰিব, কিন্তু মাতৃত্ব বা পিতৃত্বৰ আনন্দ কাৰোৱে পৰা কাঢ়ি লোৱা নহ’ব। সাম্যবাদী সমাজব্যৱস্থাৰ পৰিকল্পনা এনে যে ইয়াক প্ৰচলিত পৰিয়ালব্যৱস্থাক বলপূৰ্বকভাৱে নিৰ্মূল কৰিবলৈ ওলোৱা বা মাকৰ পৰা সন্তানক বলপূৰ্বকভাৱে কাঢ়ি নিবলৈ কৰা পৰিকল্পনা বুলি কোৱাটো মুঠেই ভুল হ’ব।

এই কথাৰ পৰা হাত সৰাটো সম্ভৱ নহয় যে পুৰণা পৰিয়াল ব্যৱস্থাৰ সময় এতিয়া উকলি গৈছে। পৰিয়াল ব্যৱস্থা বিলুপ্তিৰ দিশত এইকাৰণে নহয় যে ৰাষ্ট্ৰই এই ব্যৱস্থাক বলপূৰ্বকভাৱে নিৰ্মূল কৰিব খুজিছে; বৰং এইকাৰণেহে যে বৰ্তমান প্ৰচলিত পৰিয়াল ব্যৱস্থাৰ প্ৰয়োজনীয়তা প্ৰায় নোহোৱা হৈ পৰিছে। ৰাষ্ট্ৰক পৰিয়ালৰ কোনো প্ৰয়োজন নাই, কিয়নো ঘৰুৱা অৰ্থনীতি এতিয়া লাভজনক হৈ থকা নাই – পৰিয়ালে শ্ৰমিকক বৰঞ্চ অধিক ব্যৱহাৰোপযোগী (useful) আৰু উৎপাদন-কেন্দ্ৰিক (productive) শ্ৰমত মনোনিবেশ কৰাৰ ক্ষেত্ৰত বাধাহে প্ৰদান কৰে। পৰিয়ালৰ সদস্যৰ কাৰণেও পৰিয়ালৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰিছে, কিয়নো সন্তানৰ লালন-পালন ভৰণ-পোষণৰ যি দায়িত্ব আগতে পৰিয়ালৰ সদস্যৰ আছিল, সেয়াও বৰ্তমান সমাজৰ হাতলৈ হস্তান্তৰ হ’বলৈ ধৰিছে। মহিলা আৰু পুৰুষৰ মাজত আগতে যি সম্পৰ্ক আছিল, তাৰ ঠাইত এতিয়া এক নতুন সম্পৰ্ক গঢ়ি উঠিছে, যি সম্পৰ্ক হৈছে মৰম-চেনেহ, ভালপোৱা আৰু মিত্ৰতাৰ সম্পৰ্ক, সাম্যবাদী সমাজৰ দুই সদস্যৰ মিলন, য’ত দুয়োৱেই মুক্ত, স্বতন্ত্ৰ আৰু য’ত দুয়োৱেই শ্ৰমিক। এই সমাজব্যৱস্থাত মহিলা ঘৰুৱা দাসত্বৰ বলি নহয়। পৰিয়ালৰ মাজতো কোনো বৈষম্য নাথাকে। কাৰো সহায় নোহোৱাকৈ জীয়াই থাকিব লাগিব বুলি বা সন্তান ডাঙৰ-দীঘল কৰাৰ সমস্ত বোজা মূৰ পাতি ল’ব লাগিব বুলি কোনো মহিলাই ভয় কৰাৰ প্ৰয়োজন নাই। সাম্যবাদী সমাজৰ মহিলা তেওঁৰ গিৰিয়েকৰ ওপৰত নহয়, তেওঁৰ কৰ্মৰ ওপৰতহে নিৰ্ভৰশীল। নিজৰ গিৰিয়েকৰ পৰা নহয়, নিজৰ কৰ্মক্ষমতাৰ পৰাহে মহিলাই সহায়তা লাভ কৰিব। নিজৰ সন্তানৰ কাৰণে মহিলাই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই – শ্ৰমিকৰ ৰাষ্ট্ৰই সন্তানৰ সকলো দায়িত্ব মূৰ পাতি ল’ব। পাৰিবাৰিক জীৱন কোঙা কৰি পেলোৱা সকলো বস্তুগত হিচাপ-নিকাচৰ পৰা বিবাহ মুক্ত হ’ব। বিবাহ হৈ পৰিব দুই এনে ব্যক্তিৰ মিলন যি পৰস্পৰে পৰস্পৰক ভাল পায় আৰু বিশ্বাস কৰে। দুয়ো দুয়োকে আৰু নিজৰ চৌপাশৰ জগতখন বুজি পোৱা শ্ৰমজীৱী মহিলা আৰু পুৰুষক এনে বিবাহব্যৱস্থাই সম্পূৰ্ণ সুখ আৰু পৰিতৃপ্তি প্ৰদান কৰিবলৈ সমৰ্থ হ’ব। অতীতৰ বৈবাহিক দাসত্বৰ ঠাইত সাম্যবাদী সমাজব্যৱস্থাই মহিলা আৰু পুৰুষক এক মুক্ত মিলনৰ প্ৰতিশ্ৰুতি দিয়ে যি বন্ধুত্বৰ বান্ধোনেৰে অনুপ্ৰাণিত আৰু দৃঢ়। শ্ৰমৰ চৰ্তবোৰ সলনি হোৱাৰ লগে লগে আৰু শ্ৰমজীৱী মহিলাৰ বস্তুগত নিৰাপত্তা বৃদ্ধি পোৱাৰ লগে লগে আৰু সাম্যবাদী সমাজৰ দুই প্ৰেমাস্পদ আৰু কমৰেডৰ মাজত হোৱা মুক্ত আৰু সৎ বিবাহব্যৱস্থাই পূৰ্বতে ভগৱানক সাক্ষী কৰি সম্পাদিত হোৱা বিবাহব্যৱস্থাৰ – যি দৰাচলতে এক ঠগবাজিহে মাত্ৰ – স্থান দখল কৰাৰ লগে লগে বেশ্যাবৃত্তিৰো ওৰ পৰিব। মানৱতাৰ এক চেকা আৰু ভোকাতুৰ শ্ৰমজীৱী মহিলাৰ পিঠিৰ ওপৰত এক চাবুকৰ কোবসদৃশ এই দুৰ্ভাগ্যৰ গুৰিতে হৈছে পণ্য উৎপাদন আৰু ব্যক্তিগত সম্পত্তি ব্যৱস্থা। অৰ্থনীতিৰ এনে ৰূপ অতিক্ৰম কৰিব পাৰিলে মহিলাৰ শৰীৰক লৈ হোৱা ব্যৱসায়ৰ ওৰ পৰিব। শ্ৰমিক শ্ৰেণীৰ মহিলাই সেয়ে কোনো শংকা কৰিব নালাগে যে প্ৰচলিত পৰিয়াল ব্যৱস্থা বিলুপ্তিৰ পথত। বৰং তেওঁলোকে এই নতুন সমাজৰ উদয়ক স্বাগতমহে জনোৱা উচিত যি তেওঁলোকক সাংসাৰিক দাসত্বৰ পৰা মুক্তি দিব, মাতৃত্বৰ বোজা লঘু কৰিব আৰু বেশ্যাবৃত্তিৰ অভিশাপৰো ওৰ পেলাব।

শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ সংগ্ৰামৰ পথত আগ বঢ়া মহিলাই এই কথা বুজি পোৱাটো উচিত যে আগৰ স্বত্বাধিকাৰী-সুলভ দৃষ্টিভংগীৰ কাৰণে বৰ্তমান কোনো ঠাই নাই যি কয় যে “ইহঁত মোৰ সন্তান, মোৰ সমস্ত মাতৃৱৎ যতন আৰু মৰম ইহঁতৰ প্ৰাপ্য; সিহঁত তোমাৰ সন্তান, সিহঁতৰ খেয়াল লোৱাটো মোৰ দায়িত্ব নহয়, লাগিলে সিহঁত ভোকতেই থাকক বা জাৰত কঁপি থাকক – আনৰ সন্তানৰ কাৰণে মোৰ হাতত সময় নাই।” শ্ৰমিক-মাকে এই কথা হৃদয়ংগম কৰিব লাগিব যে তোমাৰ বা মোৰ বুলি, ইহঁত বা সিহঁত বুলি কোনো পাৰ্থক্য নাই – সকলোবোৰেই আমাৰ সন্তান, ৰুছদেশৰ সাম্যবাদী শ্ৰমিকৰ সন্তান।

মাকৰ নিজৰ সন্তানৰ প্ৰতি থকা ঠেক গণ্ডীৰ আৰু আছুতীয়া মৰম-চেনেহ যিদৰে বৃহত্তৰ সৰ্বহাৰা পৰিয়ালৰ সন্তানৰ কাৰণে প্ৰসাৰিত হ’ব লাগিব, মহিলাৰ দাসত্বৰ ওপৰত ভেঁজা দি প্ৰচলিত একালৰ অলংঘনীয় বিবাহব্যৱস্থাৰ স্থান যিদৰে প্ৰেম আৰু পাৰস্পৰিক সন্মানেৰে একত্ৰিত শ্ৰমিক ৰাষ্ট্ৰৰ দুই সাম্যবাদী সদস্যৰ মুক্ত মিলনে দখল কৰিব লাগিব, সেইদৰেই শ্ৰমিকৰ ৰাষ্ট্ৰত দুই লিংগৰ মাজতো নতুন সম্পৰ্কৰ প্ৰয়োজন হ’ব। স্বতন্ত্ৰ আৰু স্বাৰ্থপৰ পৰিয়ালৰ ঠাইত শ্ৰমিকৰ এক বৃহত্তৰ সাৰ্বজনীন পৰিয়াল বিকশিত হ’ব য’ত সকলো শ্ৰমিকেই – লাগিলে মহিলাই হওক বা পুৰুষেই হওক – হ’ব পৰস্পৰৰ বন্ধু আৰু কমৰেড। সাম্যবাদী সমাজব্যৱস্থাত মহিলা আৰু পুৰুষৰ মাজৰ সম্পৰ্ক এনেধৰণৰেই হ’ব। এই নতুন সম্পৰ্কই মানৱ সমাজৰ মাজত বাণিজ্যিক সমাজে নজনা এনে এক আনন্দ বিয়পাই দিব যি মুক্ত আৰু দুই সংগীৰ সঁচা সামাজিক সমতাৰ ওপৰত আধাৰিত।

সাম্যবাজী সমাজব্যৱস্থাই বুদ্ধিমান আৰু স্বাস্থ্যৱান সন্তান তথা শক্তিশালী, সুখী যুৱ প্ৰজন্ম বিচাৰে যি নিজৰ অনুভূতি আৰু মৰম-চেনেহক লৈ মুকলি। সমতা, স্বাধীনতা আৰু নতুন বিবাহব্যৱস্থাৰ বন্ধুভাবাপন্ন প্ৰেমৰ নামত আমি সকলো শ্ৰমিক আৰু কৃষক, মহিলা আৰু পুৰুষকে মানৱ সমাজ ন-কৈ গঢ়াৰ কামত সাহসিকতাৰে আৰু বিশ্বাসৰ সৈতে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছো যাতে এই নতুন সমাজ অধিক নিখুঁত আৰু অধিক ন্যায়পৰায়ণ হয় আৰু সমাজৰ সকলোৰে কাৰণে তেওঁলোকৰ প্ৰাপ্য সুখানুভূতি সুনিশ্চিত কৰিব পৰাকৈ অধিক সক্ষম হয়। ৰুছদেশৰ আকাশত উৰি থকা আৰু এতিয়া আন দেশেও উত্তোলন কৰিবলৈ লোৱা সামাজিক বিপ্লৱৰ ৰঙা পতাকাই মানৱ সমাজৰ চিৰ আকাংক্ষিত মৰতকে সৰগ কৰাৰ ইস্তাহাৰ উচ্চকণ্ঠে প্ৰকাশ কৰে।



উৎস ঃ https://obtusesubjectivity.wordpress.com/2020/05/17/fidel-castro-19262016-by-mike-gonzalez/

Post a Comment

0 Comments