কবিতাঃ ভিয়েটনামৰ কবি টো হূৰ দুটা কবিতা


ভিয়েটনামৰ কবি টো হূৰ কবিতা


সমীয়া ভাঙনি : খগেশ সেন ডেকা




আক্ৰান্ত দক্ষিণ (Invaded South)

ইংৰাজী অনুবাদ : এলেন পামাৰ আৰু ল'ৰেইন চালমন

যদি তুমি আত্মবিশ্বাসৰ গভীৰ প্ৰত্যয়েৰে, মোক সোধা
বন্ধু, মানুহৰ মুখেৰে নিৰ্গত হাজাৰ-বিজাৰ শব্দৰ মাজৰ
কোনটো শব্দই তোমাক সবাতো অধিক দুখ দিয়ে ?
মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা এটাই মাথোঁ উত্তৰ ওলাই আহিব
দক্ষিণ : মোৰ আক্ৰান্ত দক্ষিণ
যদি তুমি সৌজন্যৰ উমাল দৃষ্টিৰে, মোক সোধা
হে মোৰ প্ৰিয়, তুমি জনা শত-সহস্ৰ শব্দৰ
কোনটোৱে তোমাক গভীৰ বিশ্বাস আৰু ভালপোৱাৰ প্ৰেৰণা যোগায়,
মোৰ হৃদয়ৰ গভীৰৰ পৰা এটাই উত্তৰ ওলাব
দক্ষিণ, মোৰ আক্ৰান্ত দক্ষিণ
কণমানি, তুমি মোক সোধাচোন ক'ত আছে সবাতোকৈ ধুনীয়া দেশ ?
'ত নীল বৰণীয়া পানীত প্ৰতিবিম্বিত হয় তাল আৰু নাৰিকলৰ গছ
আৰু ধাননিয়ে সিঁচি দিয়ে সেউজীয়া ৰং আদিগন্ত জুৰি :
এয়াই দক্ষিণ দেশমোৰ আক্ৰান্ত দক্ষিণ
প্ৰিয় দক্ষিণ দেশ, হিয়া মোৰ কিয় জিকাৰ খাই উঠে
যেতিয়া সাঁজ লগাৰ পৰত চৰাই এটি বাহলৈ উৰি যোৱা দেখোঁ,
অথবা বান্ধি লোৱা সুৰ এটি 'দান বাও'ৰ ওপৰত দোভাগ ৰাতিৰ বতাহত গুমগুমাই উঠা শুনো,
অথবা কোনোবা নাৱৰীয়াৰ কণ্ঠত নদীৰ বুকুৰ পৰা ভাঁহি অহা ভাটিয়ালী সুৰ শুনো৷
কিয় মোৰ আনন্দৰ দিনবোৰ ভয় আৰু সন্ত্ৰাসেৰে ভৰি পৰে
কিয় মই চিৰকাল বিভ্ৰান্ত, কিয় মই আজিও মান্যতা নোপোৱা
এটা প্ৰতিজ্ঞাৰ দ্বাৰা আহত হওঁ, ভাতৰ পাতত বহিলে কিয় মোৰ ডিঙিটো ঠেক হৈ যায় ?
কাৰণ তুমি মোৰ দেশ,
অকলেই দুৰ্ভোগ ভোগা, অকলেই সংগ্ৰাম কৰা মোৰ আক্ৰান্ত দক্ষিণ৷
চোৱা মোৰ বন্ধু, কণ কণ শিশুহঁতৰ গোল গোল চকুবোৰলৈ চোৱা৷
কাঁইটীয়া তাঁৰৰ সিপাৰে জিকমিকাই থকা ক'লা ক'লা চকুৰ মণিবোৰ
চকুৰ পানীৰে তিৰবিৰাই উঠে, যেতিয়া সিহঁতে চৌপাশে দেখে জুইৰ লেলিহান শিখা৷
কোনে জানে, তোমালোকৰ কিমানৰ মূৰ মাটিত পৰিল
বিগত তিনি হাজাৰ নিশাত ? কোন কিমান সজাগ ?
কোনে জানে কিমানবোৰ নদী তেজেৰে ভৰি গ',
দক্ষিণৰ তেজ, মোৰ দেশ, বিচ্ছিন্ন আৰু দুৰ্ভোগৰ জ্বালা
দহ বছৰ ধৰি, প্ৰায়
সৌ মোহময়ী গাভৰুহঁতলৈ চকু দিয়া, সম্প্ৰতি যৌৱনদীপ্ত,
সিহঁতৰ উপবৃত্তাকাৰ মুখবোৰ প্ৰেম আৰু আশাৰে উজ্জীৱিত৷
অচিৰেই কোনো এক সুন্দৰ বাসন্তী প্ৰভাতত, সিহঁত জাগ্ৰত হ'
আক্ৰমণকাৰীৰ বোমাৰ আঘাতত ছাই হ'বলৈ!
শুনা, মোৰ বন্ধু, আক্ৰান্ত দক্ষিণৰ পৰা
সিহঁতৰ চিকাৰী 'উৰন্ত ঈগল'ৰ বিকট চিঞৰ!
আৰু শুনা ৰাং কুকুৰবোৰৰ চিকাৰৰ উল্লাস
সিহঁত আহিছে মানুহৰ যকৃৎ নেফানেফ কৰিবলৈ আৰু তেজ পিবলৈ
শুনা, মোৰ বন্ধু, জীৱিতসকলৰ কণ্ঠস্বৰ,
বিশাল মহাসাগৰৰ পৰ্বত প্ৰমাণ ঢৌৰ দৰে প্ৰচণ্ড শব্দ কৰা
মৃতসকলৰ কণ্ঠস্বৰো শুনা
তাল আৰু নাৰিকল গছবোৰৰ মাজত বলা বতাহৰ সোঁ-সোঁৱনিৰ দৰে অবিৰাম, নিৰন্তৰ
তেওঁলোক সকলোকে এটাই বস্তু লাগে : স্বাধীনতা !
দক্ষিণক ৰক্ষা কৰাআমাৰ দক্ষিণ দেশ ! তুমি দক্ষিণক ৰক্ষা কৰিবই লাগিব !
ক্ৰোধে আনকি বুদ্ধৰ বচনকো আলোড়িত কৰিছে,
ভিক্ষুগণ জাগি উঠিছে, তেওঁলোকে নিজকে জুইত জ্বলিবলৈ দিছে
স্বাধীনতা আৰু জীৱনৰ বাবে তেওঁলোকক জোৰৰ পোহৰৰ দৰে আলোকিত কৰা৷
মোৰ দেশ! পৰ্বত আৰু নদীবোৰ, মহৎ আৰু ৰাজসিক
বীৰত্বৰ দেশ, বিংশ শতিকাৰ সুগন্ধি কুসুম,
শেষ সাম্ৰাজ্যৰ বিৰুদ্ধে হোৱা অন্তিম যুঁজত তোমাৰ স্থানক লৈ গৰ্বিত হোৱা,
উঠা, আক্ৰান্ত দক্ষিণৰ সততাৰ প্ৰতিমূৰ্তি লোকগণ!
বোমাৰ আঘাতত এতিয়াও বিধ্বস্ত, আক্ৰান্ত দক্ষিণ৷



মোৰ কথাবোৰ মনত ৰাখিবা [Remember My Words (Dang the Binh)]

উৎস গ্ৰন্থ : Allan Bold সম্পাদিত The Penguin Book of Socialist Verse.


এনে কিছু মুহূৰ্ত যি ইতিহাস হৈ যায়
এনে কিছু মৃত্যু যি অমৰ
গীততকৈয়ো মধুৰ হয় শব্দবোৰ
আৰু মানুহ জন্মেভাবিব পাৰিসত্যৰ গৰ্ভৰ পৰা৷
নুৱেন ভান ত্ৰয়
তুমি আৰু নাই
নহয়, তুমি চিৰকাল থাকিবা
মৃত অথবা জীৱিতভাৱে, বীৰত্বেৰে, মহানতাৰে৷
মৃত্যুৱে তোমাৰ দুয়োটি ওঁঠ জাপ খুৱাই থ'লে
কিন্তু তোমাৰ সেই চিঞৰটো—'মোৰ কথাবোৰ মনত ৰাখিবা'—
আজিও কাণত বাজে৷ আৰু তোমাৰ চকুৰ জ্যোতিয়ে
দলৰ কাকত আলোকিত কৰে৷
এতিয়াৰ পৰা সহস্ৰ বছৰৰ পাছত, মানুহে তেতিয়াও মনত ৰাখিব
সেই শাৰদীয় পুৱাটোৰ কথা, চি হোৱাৰ চোতালত
তুমি খোজকাঢ়ি গৈছিলা
দুয়োকাষে আছিল দুজন কাৰাৰক্ষী
পিছে পিছে গৈছিল এজন পাদ্ৰী
তোমাৰ দুভৰি যন্ত্ৰণাত থৰ থৰকৈ কঁপিছিল
কিন্তু তোমাৰ উন্নত শিৰ আছিল গৌৰৱেৰে উদ্ভাসিত৷
পৱিত্ৰতাৰ প্ৰতীক তোমাৰ শুধ বগা কাপোৰ সাজ,
আৰু তোমাৰ খীনকায় চেহেৰা, মৃত্যুতকৈয়ো শক্তিশালী৷
ভেৰোণীয়া ঘাতক, কিনি লোৱা প্ৰচাৰক
দুটা ক'লা শাৰী, বেয়নেটযুক্ত ৰাইফল
তুমি আগুৱাই গৈছিলা, শান্ত আৰু স্থিৰ দৃষ্টিৰে
যেন তুমিয়েই বিচাৰক৷
তোমাৰ ভৰিৰ তলৰ ঘাঁহবোৰ সজীৱ হৈছিল
সেউজীয়া পাতবোৰলৈ উভতি আহিছিল নতুন জীৱন৷
'
মোৰ অপৰাধ কি ?' তুমি চিঞৰিছিলা
সিহঁতে তোমাক এটা খুঁটাত ৰচিৰে কটকটীয়াকৈ বান্ধিছিল
দহোটা বন্দুকৰ নলী, চকুত পটিৰ বান্ধ
তুমি চিঞৰিছিলা : 'ইয়াংকীহঁতহে অপৰাধী'!
তুমি ক'লা কাপোৰৰ পটি ফালি-ছিৰি পেলাই দিছিলা
তোমাৰ চকুৰ জুয়ে পৈশাচিক উল্লাসত মত্ত দুৰ্বৃত্তহঁতক পুৰি পেলাইছিল
মুখা মুখিকৈ, মৃত্যুক তুমি তেনেকৈয়ে আঁকোৱালি লৈছিলা
তোমাৰ সমগ্ৰ নিজেই যেন একুৰা কাহানিও নুনুমুৱা জুই৷
ভয়ত কঁপি কঁপি সিহঁতে ৰচীবোৰ আতি আতি আৰু টানকৈ বান্ধিছিল
প্ৰচণ্ড ঘৃণাত শুকাই গৈছিল তোমাৰ দুয়োটা ওঁঠ :
প্ৰত্যেকেই একোগৰাকী সাম্যবাদীৰ দৰে যুঁজিব লাগে৷
জুয়ে আৱৰা হৃদয়ক বন্দুকে কি কৰিব পাৰে ?
'প্ৰথম শাৰী আঠু কাঢ়া'—কথমপি মুখেৰে ওলাইছিলহে মাত্ৰ
তোমাৰ চিঞৰ পুনৰ শুনা গৈছিল—'মোৰ কথাবোৰ মনত ৰাখিবা!
আমেৰিকান সাম্ৰাদ্যবাদ মূৰ্দাবাদ!
নুৱেন খাঁ মূৰ্দাবাদ!
হো চি মিন জিন্দাবাদ!
হো চি মিন জিন্দাবাদ!
হো চি মিন জিন্দাবাদ!'
সেই পৱিত্ৰ ক্ষণত হো খুৰাক তুমি তিনিবাৰ মাতিছিলা৷
এজাউৰি গুলীৰ শব্দ৷ দহোটাকৈ মাৰ্কিন বন্দুকৰ গুলী৷
তুমি বাগৰি পৰিছিলা৷ কিন্তু পুনৰ উঠিছিলা৷
তোমাৰ কণ্ঠেৰে নিৰ্গত হৈছিল—'ভিয়েটনাম জিন্দাবাদ!'
তেজত ডুবি গৈছিল তোমাৰ মাটিৰ শেতেলী৷ তোমাৰ বুকুৰ পৰা যন্ত্ৰণা-কাতৰ এটা গেঙনিও ওলোৱা নাছিল৷
তোমাৰ মৃত্যু হৈছিল এক দেৱদূূতৰ যেন জিৰণিৰ শয়ন৷
পাদ্ৰীয়ে দুই হাতেৰে তোমাৰ কাষত দলিয়াই থৈ যোৱা অসাৰ ক্ৰছডালৰ আৱশ্যকতাই বা আছিল কি !
তুমি মৃত, ভাই ত্ৰয়, জানা তুমি
সেই সংগত আপ্তবাক্যষাৰ তেজৰ সলনি তেজ,
তোমাৰ অনুৰাগীসকলে ৰাজধানীত এটা মাৰ্কিন দস্যুক বন্দী কৰিছে৷
তুমি মৃত, তোমাক কাহানিও আৰু দেখিবলৈ নাপাম৷
জুয়ে মাতে জুই৷ সেই জুইত জ্বলিছে দক্ষিণ৷
কিন্তু কোনো জুই তোমাৰ হৃদয়ৰ সমকক্ষ নহয়
প্ৰচণ্ড উল্কাপিণ্ডৰ দৰে তোমাৰ অন্তিম উশাহ৷
'
মোৰ কথাবোৰ মনত ৰাখিবা!'
নুৱেন ভান ত্ৰয়, ভাই
তোমাৰ কথাবোৰ আমি মনত ৰাখিম
জীৱন আৰু মৃত্যু দুয়োটাই গৌৰৱময় হ'ব লাগে
শত্ৰুৰ সমুখত ভয়াতুৰ হোৱা অনুচিত
মানুহে পিতৃভূমিৰ বাবে সকলো ত্যাগ কৰিব পাৰিব লাগে
তুমি কৰিলা, তুমি, এজন শ্ৰমিক৷*

টোকা
 :

*নুৱেন ভান ত্ৰয়: ভিয়েটনামত আমেৰিকাৰ আগ্ৰাসন আৰু তাৰ বিৰুদ্ধে হো চি মিনৰ নেতৃত্বত বিপ্লৱৰ সময়ৰ কথা৷ এই সময়তে ভিয়েটনামৰ এগৰাকী ২৪ বছৰীয়া যুৱকবিদ্যুৎকৰ্মী নুৱেন ভানত্ৰয়ক তৎকালীন মাৰ্কিন সাম্ৰাজ্যবাদৰ বহতীয়া চৰকাৰে ১৯৬৪ চনৰ ১৫ অক্টোবৰ তাৰিখে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ সচিব ৰবাৰ্ট মেকনামাৰাক বোমাৰে উৰুৱাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ সন্দেহত চাইগনত ফায়াৰিং স্কোৱাডৰ জৰিয়তে মৃত্যুদণ্ড দিছিল৷ কবিতাটো এইগৰাকী বিপ্লৱীক লৈ ৰচনা কৰা হৈছে৷




কবি পৰিচিতি : ভিয়েটনাম বিপ্লৱৰ সময়ৰ এগৰাকী উল্লেখযোগ্য কবি টো হূৰ জন্ম হৈছিল ১৯২০ চনত, কেন্দ্ৰীয় ভিয়েটনামৰ হুৱেত৷ এই গৰাকী কবিক মাৰ্কিন সাম্ৰাজ্যবাদৰ সমৰ্থক তৎকালীন চৰকাৰে চৰকাৰ বিৰোধী লেখা-মেলাৰ বাবে ১৯৪২ চন পৰ্যন্ত কাৰাবন্দী কৰি ৰাখিছিল৷ ১৯৪৫ চনত তেওঁ 'হুৱে ইন্ছাৰেকশ্যনেল কমিটি'-ৰ সভাপতি হৈছিল আৰু ১৯৫১ চনত শ্ৰমিক পাৰ্টিৰ কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হৈছিল৷ William Zac-এ ১৯৬১ চনত তেওঁক L' Europe -ত প্ৰকাশিত এটা নিবন্ধত 'ভিয়েটনাম বিপ্লৱৰ কবি' আখ্যা দিছিল৷


Post a Comment

0 Comments