কবিতাঃ কেইটামান যুদ্ধ বিষয়ক কবিতা


কেইটামান যুদ্ধ বিষয়ক কবিতা

অসমীয়া ভাঙনি ঃ সমুদ্ৰ কাজল শইকীয়া


গাজাত যুদ্ধ হৈ থকাৰ সময়ৰ ফটো
অনুবাদকৰ টোকাঃ ইয়াৰে প্ৰথম পাঁচটা পেলেষ্টাইনৰ সম্পৰ্কীয়। ৫ চেপ্তেম্বৰ, ২০১৪ তাৰিখে 'সাদিন' কাকতত 'এন্ধাৰে গৰকা দিনৰ কবিতা' শিৰোনামেৰে এইলানি কবিতা প্ৰকাশ হৈছিল। পেলেষ্টাইনৰ গাজাত ঘটি থকা ইজৰাইলৰ বোমাবৰ্ষণৰ অমানৱীয়তাৰ প্ৰতিক্ৰিয়া হিচাপে এইখিনি কবিতাৰ ভাঙনি কৰা হৈছিল। কিণ্ডল (Kindle) নামৰ আলোচনীখনত আমি এটা 'Art and the Public' শীৰ্ষক কলম লিখি আহিছিলোঁ। সেই বছৰতে গাজাত ঘটি থকা অপ্ৰীতিকৰ ঘটনাৰাজিৰ প্ৰতিক্ৰিয়া হিচাপে শিল্পী সাহিত্যিক সকলৰ সমাবেশত ছফদৰ হাছমী মেমৰিয়েল ট্ৰাষ্টৰ (SAHMAT) ফালৰ পৰা আয়োজিত কিছু কাৰ্য কলাপৰ কথা লিখিছিলোঁ। অসমীয়া ভাষাতো এটা প্ৰতিবেদন সাদিন কাকতত লিখিছিলোঁ। ইয়াৰে 'মোৰ জোতাপাত' কবিতাটো পাছলৈ গল্পকাৰ বিপাশা বৰাই নিজৰ লেখাত ব্যৱহাৰ কৰে


১)

যিদিনা তুমি মোক হত্যা কৰিবা

- চামিহ অল কাজিম (পেলেষ্টাইন)


যিদিনা তুমি মোক হত্যা কৰিবা
মোৰ জেপত তুমি
যাত্ৰাৰ টিকট পাবা
শান্তিলৈ বুলি,
পথাৰৰ ফালে, বৰষুণৰ বাটেৰে
- মানুহৰ চেতনাৰ দিশে।
টিকটবোৰ অথলে যাবলৈ নিদিবা।

[চামিহ অল কাজিম (Samīħ al-Qāsim) আৰবীক ভাষাত লেখা মেলা কৰা পেলেষ্টাইনী কবি। তেওঁ কবিতাবোৰ তেওঁৰ জীৱনৰ দুটি প্ৰাথমিক পৰিক্ৰমাৰে প্ৰভাৱিত - Six-Day Warৰ আগৰ আৰু পাছৰ । মূলতঃ ১৯৬৭ চনৰ আৰৱ জাতীয়তাবাদলৈকে। ১৯৬৭ তেওঁ ইজৰাইল কমিউনিষ্ট পাৰ্টিত আৰু ৰাকাহ যোগদান কৰে । শেষলৈ তেওঁ Hadash ৰ লগত যুক্ত হৈ পৰে।]




২)

মোৰ জোতা পাত

- মুছাব ইকবাল

মোৰ জোতা পাত কাইলৈৰ বাবে সাঁচি ৰাখা।
যতনাই ৰাখিবা মোৰ জোতা
ক্ষত বিক্ষত হৈ মৰিবলৈ ধৰা এটা কাইলৈৰ বাবে
মোৰ জোতা পাত যতনাই ৰাখিবা।
ক্ষয়ক্ষতিৰ যাদুশালাৰ বাবে।
সেই যাদুশালাৰ বাবেই মই তোমাক দিছোঁ
মোৰ জোতা - মোৰ তেজেৰে ধোৱা জোতা
- হতাশাই শুহি লোৱা মোৰ শব্দবোৰ
- আশাৰে সানমিহলি মোৰ চকুপানীবোৰ
- নৈ:শব্দত জাগি উঠা মোৰ যন্ত্ৰণাবোৰ...।
ফুটবলটোও বুটলি ল'বা সাগৰ তীৰৰ পৰা।
যদি সম্ভৱ তেজৰ চেকুৰা নলগা
অথচ উচ্চ ক্ষমতাৰ কাপুৰুষালিৰে ভিজা কিছু অংশ যদি পোৱা।
মোৰ সোঁৱৰণি সেই বোমাৰ খোলাতে সোমাই আবদ্ধ হৈ আছে।
প্ৰতিধ্বনিত উচুপনিত, চিৰবিদায়ৰ চুমাৰ পৰশত,
জীৱনৰ সকলো ৰঙেই বিষময় হ',
আৰু সকলো সপোনেই মাৰাত্মক ৰসায়নিকেৰে ভৰা
কলীয়া ডাৱৰৰে ঢাকি পেলোৱা হ'ল।
তোমালোকক ৰাতি ৰাতি আহি আমনি কৰা দৃশ্যবোৰ যে-
আৰু দিনত (অৱসৰৰ বেলা) আমাৰ বিষয়ে পঢ়িবলৈ পোৱা কথাবোৰ যে-
সেই দৃশ্যবোৰে আমাক আমনি নিদিয়ে, একোৱেই আমনি নিদিয়ে আৰু
কিন্তু যিয়ে আমাক আমনি কৰিছে আজি সেয়া হ'
তোমাৰ মৌনতা, তোমাৰ ধৈৰ্য,
তোমাৰ ভাবাকুল চাৱনি, তোমাৰ পাপভৰা প্ৰতীক্ষা।
ক্ৰোধ আজি নিজগুণে মহীয়ান,
আমাৰ ৰূপান্তৰিত ধৈৰ্য হওক আমাৰ প্ৰতিৰোধ।

[মুছাব ইকবালে Diversity and the Media বিষয়ত লণ্ডনৰ University of Westminster-ত স্নাতকোত্তৰ গৱেষণা কৰিছে। 'নিউজফাৰ্ষ্ট মিডিয়া'ৰ ভূতপূৰ্ব মূখ্য সম্পাদক।]


৩)

মই পঢ়া সুন্দৰ কিতাপবোৰৰ নামত

-আহাৰণ শাবটাই (ইজৰাইলী কবি)

মই পঢ়া সুন্দৰ কিতাপবোৰৰ নামত
মই খোৱা চুমাবোৰৰ নামত
সৈন্যবাহিনী পৰাজিত হওক।

[আহাৰণ শাবটাই (Aharon Shabtai)য়ে জেৰুজালেম, চৰ্বন আৰু কেম্ব্ৰিজত গ্ৰীক আৰু দৰ্শন অধ্যয়ণ কৰে আৰু Tel Aviv University-ত সাহিত্য পঢ়ায়। হিব্ৰু ভাষাত তেওঁৰ বিশখনমান কবিতাৰ কিতাপ প্ৰকাশ পায় আৰু অনুবাদিত কবিতা the American Poetry Review, the London Review of Books, আৰু Parnassus: Poetry in Review আদিত সংকলিত হয়।]


৪)

তোমাৰ যুদ্ধৰ ঢোলৰ ছেৱত মই নানাচোঁ

- সুহেইৰ হাম্মাদ

তোমাৰ যুদ্ধৰ ঢোলৰ ছেৱত মই নানাচোঁ।
মোৰ আত্মা কিম্বা মোৰ হাড়-মঙহ, একো বিসৰ্জন নিদিওঁ তোমাৰ যুদ্ধৰ ঢোলত।
সেই ছেওটোত মই নানাচোঁ।
মই জানো সেই ছেও।
ই প্ৰাণহীন।
যি চামৰাখনত তুমি কোবাই আছা তাক মই আন্তৰিকতাৰে চিনি পাওঁ।
এসময়ত ই জীয়াই আছিল, চিকাৰ কৰা হ', চুৰি কৰা হ', টনোৱা হ'ল।
ছেও তুলি জগাই তোলা যুদ্ধৰ ঢোলত মই নানাচোঁ।
তোমাৰ বাবে মই হাত নেমেলোঁ, দুবাহু নোতোলোঁ, টাকুৰি ঘূৰাদি নুঘূৰোঁ।
তোমাৰ বাবে মই ঘিণ কৰিবলৈ নিশিকোঁ, তোমাকো ঘিণ নকৰোঁ।
তোমাৰ বাবে মই খুন নকৰোঁ।
বিশেষকৈ মই তোমাৰ বাবে মৰিবলৈ সাজু নহওঁ।
হত্যাৰে কিম্বা আত্মহত্যাৰে, মৃতকৰ বাবে দুখ-বিলাস মই নকৰোঁ।
মাত্ৰ বাকী সকলোৱে নাচিছে বুলিয়েই মই
তোমাৰ পক্ষত মই থিয় নিদিওঁ, বোমাৰ শব্দত নাচি নুঠোঁ।
সকলোবোৰেই ভুল হ'ব পাৰে।
জীৱন এটা অধিকাৰ, নিশ্চিতি যেনেকৈ নাই, তেনেকৈয়ে ই ধেমালি নহয়।
'ৰ পৰা মোৰ আগমন মই নাপাহৰোঁ।
মই মোৰ নিজৰ ঢোল নিজে সাজিম।
ভালপোৱা জনক কাষলৈ আনিম, আৰু আমাৰ মন্ত্ৰেৰে আমি নাচিম।
আমাৰ গুণগুণনিৰে আমি নাচিম।
মই আনৰ দ্বাৰা বাদিত নহওঁ।

তোমাৰ ছেৱত মোৰ নাম কিম্বা মোৰ ছন্দ- জাহ যাবলৈ নিদিওঁ।
মই নাচিম আৰু প্ৰতিৰোধেৰে নাচিম,
মই নাচিম আৰু নেৰানেপেৰাকৈ নাচিম,
নাচি থাকিম আৰু নাচি থাকিম।

বুকুৰ এই ধপধপনিৰ শব্দ মৃত্যুৰ পদধ্বনিতকৈ ডাঙৰ।
যুদ্ধৰ ঢোল-ডগৰ এই উশাহৰ শব্দতকৈ ডাঙৰ নহয়।

[পেলেষ্টাইনৰ শৰণাৰ্থীৰ জীয়ৰী সুহেইৰ হাম্মাদ এগৰাকী কবি, লেখিকা, পৰিবেশক আৰু ৰাজনৈতিক এক্টিভিষ্ট। গাজাত ঘটি থকা অপ্ৰীতিকৰ ৰাজনৈতিক ঘটনাৰাজিৰ সঁহাৰি হিচাপে এই কবিতাটো অনুবাদ কৰা হৈছিল আৰু 'সাদিন' কাকতৰ পাছত গুৱাহাটীৰ লোকবাদ্যৰ সমাবেশৰ এটা অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা 'দামামা' নামৰ এখন সংকলনতো অন্তৰ্ভুক্ত হয়।]


৫)

প্রশ্নবোৰ

- বব ডিলান

বাৰু কিমান দূৰ বাটকুৰি বাই
মানুহে পায় পৰিচয় নিজৰ?
এধানি জিৰণিৰ আগে পাৰ হয়
পক্ষীটি বা কিমানখন সাগৰ?
আগুৰিব কিমান বাৰুদৰ ধোঁৱাই
শেষ হ'ব নে বাৰু হিংসাৰ?
কাক সুধিবা, মোৰ বন্ধু হে'ৰা, নক'বা পিছে উত্তৰ যে নাই।
বতাহত পাবা, উশাহত পাবা, পাবা নিজেই নিজকে ধিয়াই।।

সাগৰে আহি বুৰাই পেলাবৰ বাবে
পৰ্বতে জানো থাকে বাট চাই?
মুকুতিৰ উশাহ নেপালেও কাৰো
জীৱনৰ তৃষা জানো নাই?
আৰু কিমান দিন তুমি মুখ লুকুৱাই
'বা তুমি একো দেখা নাই?
কাক সুধিবা, মোৰ বন্ধু হে'ৰা, নক'বা নক'বা উত্তৰ নাই।
বতাহত পাবা, উশাহত পাবা, পাবা নিজেই নিজকে ধিয়াই।।

বাৰু কিমান বাৰ মূৰ তুলি চাই
সঁচা আকাশ দেখা পোৱা যায়?
বাৰু কিমানখন কাণেৰে উনাই
মানুহৰ কান্দোন শুনা যায়?
পাবলে' মানুহে মানুহৰ দাম,
লাগে কিমান মত্যুৰ বিনিময়?
কাক সুধিবা, মোৰ বন্ধু হে'ৰা, নক'বা নক'বা উত্তৰ নাই।
বতাহত পাবা, উশাহত পাবা, পাবা নিজেই নিজকে ধিয়াই।।

(টোকা- ডিলানৰ এই গীত/কবিতা ইতিমধ্যেই বহুধৰণেৰে বহুবাৰ অসমীয়ালৈ অনুবাদ হৈ গৈছে। অসমীয়াকৰণ কৰাৰ পিছতো তাক প্ৰায় একেধৰণৰ সুৰ-বিন্যাসেৰে গাব পৰা যায় নেকি বুলি অলপ খেলৰ ছলেৰে এই অনুবাদটো কৰা হৈছিল)।


৬)

জেনেৰেল

- বাৰ্টোল্ট ব্ৰেখট

জেনেৰেল, আপোনাৰ টেঙ্ক এক শক্তিশালী বাহন।
ই নিমিষতে মোহাৰি পেলায় হাবি-বন আৰু মহতিয়াই নিয়ে শ শ মানুহ।
কিন্তু ইয়াৰ এটা আসোঁৱাহ আছে-
ইয়াক চলাবলৈ এজন চালক লাগে।

জেনেৰেল, শক্তিশালী আপোনাৰ বোমাৰু বিমানখন।
ই ধুমুহাতকৈয়ো বেগেৰে উৰে আৰু হাতীতকৈয়ো বেছি বহন কৰে ভৰ।
কিন্তু ইয়াৰ এটা আসোঁৱাহ আছে-
ইয়াক এজন মেকানিক লাগে।

জেনেৰেল, মানুহ বহুত কামত আহে।
ই উৰিব পাৰে, ই মাৰিব পাৰে।
কিন্তু ইয়াৰ এটা আসোঁৱাহ আছে-
ই চিন্তা কৰিব পাৰে।

(টোকা- উক্ত আটাইকেইটা ভাঙনিয়েই ডিছপোজেবল সূৰ্য আৰু অন্যান্য পদ্যত সন্নিবিষ্ট হৈছিল)

Post a Comment

0 Comments