সুনীল গঙ্গোপাধ্যায়ৰ দুটা কবিতা
অসমীয়া ভাঙনি : ড০ ৰীতা শৰ্মা
![]() |
Sunil Gangopadhyay |
ভালপাওঁ
ভালপাওঁ
ধৰা কাইলৈ তোমাৰ পৰীক্ষা, ৰাতি উজাগৰে পঢ়াৰ টেবুলত বহি আছা, টোপনি অহা নাই তোমাৰ
হঠাৎ ভয়াৰ্ত কণ্ঠেৰে মই সুধিলোঁ - ভালপোৱা?
তুমি কি খং কৰিবা? নে উঠি আহি সাৱটি ধৰি ক’বা,
ভালপাওঁ, ভালপাওঁ
ধৰা ক্লান্ত তুমি, অফিচৰ পৰা আহি পাইছা,
ক্ষুধাৰ্ত, তৃষ্ণাৰ্ত, পীড়িত...
খোৱা টেবুলত একোৱেই ৰান্ধি থোৱা নাই, ৰান্ধনিঘৰৰ পৰা ওলাই ঘামি-জামি থকা মই তোমাৰ হাতত ধৰি যদি সোধো - ভালপোৱা?
তুমি কি বিৰক্ত হ’বা? নে মোৰ হাতখনত আৰু অলপ জোৰৰে হেচুকি দি ক’বা
ভালপাওঁ ভালপাওঁ ...
ধৰা দুয়ো শুই আছো ওচৰা-ওচৰিকৈ,
এইমাত্ৰ শুই পৰিছা তুমি
দুঃস্বপ্ন দেখি মই সাৰ পাই উঠিলোঁ, ব্যতিব্যস্ত হৈ তোমাক জগাই যদি সোধো - ভালপোৱা?
তুমি কি বাগৰ সলাই শুই থাকিবা?
নে হাঁহি মাৰি ক’বা - ভালপাওঁ, ভালপাওঁ
ধৰা ৰাষ্টাৰে খোজকাঢ়ি গৈ আছো দুয়োজনে, মূৰৰ ওপৰত উত্তপ্ত ৰ’দ, গাড়ী-মটৰ একো পোৱা নাই
এনে সময়তে হঠাৎ ৰাস্তাৰে তোমাক আগচি ধৰি যদি সোধো - ভালপোৱা?
তুমি কি মোক আঁতৰাই দিবা? নে ৰাষ্টাৰ সকলোৰে ফালে চাই কান্ধত হাত থৈ ক’বা
ভালপাওঁ ভালপাওঁ ...
ধৰা চেভ কৰিছা তুমি, গাল কাটি তেজ ওলাইছে, এনেতে তোমাৰ এক টোপাল তেজ হাতত লৈ যদি সোধো - ভালপোৱা?
তুমি কি গালি পাৰিবা?
নে সাৱটি ধৰি তোমাৰ গালৰ তেজ মোৰ গালত লগাই ফুৰ্তি লগা মাতটোৰে ক’বা - ভালপাওঁ, ভালপাওঁ
ধৰা খুব অসুস্থ তুমি, জ্বৰত কপাল দহি গৈছে,
মুখত নাই ৰুচি, নাই কথা কোৱাৰ অনুভূতি,
এনে সময়ত মাথাত পানী দি দি তোমাৰ মুখৰ ফালে চাই যদি সোধো - ভালপোৱা?
তুমি কি মনে মনে থাকিবা? নে তোমাৰ গৰম নিশ্বাস মোৰ নিশ্বাসৰ স’তে একাকাৰ কৰি ক’বা --- ভালপাওঁ...
ধৰা যুদ্ধৰ দাবানল বাজিছে ঘৰে ঘৰে
প্ৰচণ্ড যুদ্ধৰ তুমিও অংশীদাৰ,
শত্ৰু বাহিনীয়ে ঘেৰি পেলাইছে ঘৰ
এনে সময়ত ওচৰতে বহি পাগলী মই তোমাক সুধিলো - ভালপোৱা?
ক্ৰুব্ধস্বৰে তুমি কি ক’বা - যোৱা? নে চিন্তিত মোক আশ্বাস দিবা, ক’বা
ভালপাওঁ ভালপাওঁ ...
ধৰা দূৰণিৰ ক’ৰবালৈ যাবা তুমি, দেৰি হৈ গৈছে, ওলাই যাবলৈ
হঠাৎ বাধা দি ক’লো - ভালপোৱা?
কটাক্ষ কৰিবা? নে চুটকেছ পেলাই থৈ চুলিত হাত বুলাই বুলাই ক’বা - ভালপাওঁ, ভালপাওঁ...
ধৰা প্ৰচণ্ড বতাহ, উৰি গৈছে ঘৰ-বাৰী, আশ্ৰয় নাই
বিধাতাৰ দান এই পৃথিৱীত বাস কৰিছো দুয়োজনে
চিন্তিত তুমি
এনেতে তোমাৰ বুকুত মূৰ থৈ যদি সোধো - ভালপোৱা?
তুমি কি আতৰাই পঠাবা?
নে মোৰ মূৰত হাত থৈ ক’বা
ভালপাওঁ, ভালপাওঁ ...
ধৰা সকলো এৰি থৈ গুছি গৈছা বহুদূৰ
আঢ়ৈ হাত মাটিৰ তলত শুই আছা
হতভম্ব মই যদি চিৎকাৰ কৰি সোধো - ভালপোৱা?
মনে মনে থাকিবা? নে তাৰ পৰাই ক’বা
ভালপাওঁ, ভালপাওঁ...
যলৈকে যোৱা, যেনেকৈয়ে থাকা, নাথাকিলেও দূৰৰ পৰাই ধ্বনি তুলিবা
ভালপাওঁ, ভালপাওঁ, ভালপাওঁ
দূৰৈৰ পৰাই শুনিম তোমাৰ কণ্ঠস্বৰ, বুজিম
তুমি আছা, তুমি আছা
ভালপাওঁ, ভালপাওঁ
ইচ্ছা
কাঁচৰ চুৰি ভঙাৰ দৰে মাজে মাজে ইচ্ছা হয়
দুই-চাৰিটা নিয়ম-কানুন ভাঙি পেলাও
ভৰিৰ তলত আছাৰি পেলাও মাথাৰ মুকুট
যাৰ ভৰিৰ তলত আছোঁ , সিহঁতৰ মূৰত উঠি বহোঁ
কাঁচৰ চুৰি ভঙাৰ দৰে ইচ্ছা হয় এলাহতে
ধৰ্মতলাত দিন দুপৰতে পথৰ মাজত পেচাব কৰোঁ
ইচ্ছা হয় দুপৰীয়াৰ ৰ'দত ব্লেক আউটৰ হুকুম দিয়াৰ
ইচ্ছা হয় বিবৃতি দিওঁ ভাওনা সভাত জনসেৱাৰ
ইচ্ছা হয় ভাৱৰীয়া নেতাৰ মুখত চূণ-ছাই সানো
ইচ্ছা হয় অফিচলৈ যোৱাৰ নাম কৰি বেলুড় মঠলৈ যাও
ইচ্ছা হয় ধৰ্মাধৰ্ম নিলাম কৰোঁ মুৰ্গীৰ বজাৰত
বেলুন কিনি বেলুন ফুটাও, কাঁচৰ চুৰি দেখিলে ভাঙোঁ
ইচ্ছা হয় লণ্ড-ভণ্ড কৰোঁ এবাৰ পৃথিৱীখন
মনুমেণ্টৰ ভৰিৰ কাষত ৰৈ কওঁ
মোৰ একো ভাল নালাগে।
0 Comments